ভাৰত বনাম নিউজিলেণ্ডৰ এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ’ল ৱাশ্বিংটন সুন্দৰ। বিচিচিআইয়ে ঘোষণা কৰিলে…
ভাৰত বনাম নিউজিলেণ্ডৰ শৃংখলাৰ প্ৰথমখন খেলৰ পিছতে বৃহৎ বিপৰ্যয়ৰ সন্মুখিন হৈছে টীম ইণ্ডিয়া। টীম ইণ্ডিয়াই যদিও এই খেলখনত জয় লাভ কৰিলে, কিন্তু দলটোৰ তাৰকা খেলুৱৈ ৱাশ্বিংটন সুন্দৰ আঘাটপ্ৰাপ্ত হয়।
এতিয়া তেওঁ শৃংখলাৰ বাকী দুখন মেচ খেলিব নোৱাৰিব। বিচিচিআইয়েও এই কথা নিশ্চিত কৰিছে,তেওঁৰ ঠাইত আন এজনৰ নামো ঘোষণা কৰিছে। অহা ১৪ জানুৱাৰীত এই শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব।
ভাৰতীয় দলটোৱে জয়েৰে ২০২৬ বৰ্ষৰ আৰম্ভণি কৰিছে।বড়োদৰাত খেলা প্রথমখন খেলত টিম ইণ্ডিয়াই প্রথমখন এদিনীয়াত নিউজিলেণ্ডক চাৰিটা উইকেটত পৰাস্ত কৰে ৷
কিন্তু প্ৰথমখন মেচতে আঘাতপ্ৰাপ্ত হয় খেলুৱৈ গৰাকী। যাৰ বাবে শৃংখলাটোৰ পৰা বাহিৰ হয় ৱাশ্বিংটন সুন্দৰ। বিচিচিআই এ সোমবাৰে ৱাশ্বিংটন সুন্দৰৰ স্থানত আয়ুষ বদোনীক দলৰ সদস্য হিচাপে ঘোষণা কৰে।
লগতে পঢ়ক: ‘ভগৱানৰ ওচৰত কৃতজ্ঞ, আশা কৰাতকৈ বেছি দিছে…’; জয়ৰ পিছত বিৰাট কোহলীৰ আৱেগিক মন্তব্য









