বিজয় হাজাৰেত বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰণ… ৰানৰ বৰষুণেৰে গঢ়িলে এই অভিলেখ

বিজয় হাজাৰেত বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰণ… ৰানৰ বৰষুণেৰে গঢ়িলে এই অভিলেখ

ভাৰতীয় ক্ৰিকেটৰ উদিত সুৰুজ বৈভৱ সূৰ্যবংশীয়ে চলিত বিজয় হাজাৰে ট্ৰফীত বিস্ফোৰক প্ৰদৰ্শন আগবঢ়োৱাৰ লগতে গঢ়িছে এক অনন্য অভিলেখ । মাত্ৰ ১৪ বছৰীয়া এইগৰাকী ক্ৰিকেট প্ৰতিভা এতিয়া কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । চলিত বিজয় হাজাৰে ট্ৰফীৰ এখন মেচত উদীয়মান ক্ৰিকেট প্ৰতিভা

ভাৰতীয় ক্ৰিকেটৰ উদিত সুৰুজ বৈভৱ সূৰ্যবংশীয়ে চলিত বিজয় হাজাৰে ট্ৰফীত বিস্ফোৰক প্ৰদৰ্শন আগবঢ়োৱাৰ লগতে গঢ়িছে এক অনন্য অভিলেখ । মাত্ৰ ১৪ বছৰীয়া এইগৰাকী ক্ৰিকেট প্ৰতিভা এতিয়া কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

চলিত বিজয় হাজাৰে ট্ৰফীৰ এখন মেচত উদীয়মান ক্ৰিকেট প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে অৰ্জন কৰিলে আন এক কৃতিত্ব । এই মেচত তেওঁ ৰানৰ ধুমুহা নমাই গঢ়ে এক চিৰস্মৰণীয় অভিলেখ । ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাজয় পাহৰি ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে বিজয় হাজাৰে ট্ৰফীত বিস্ফোৰক অভিষেক ঘটায় । অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে মাত্ৰ ৩৬টা বলত শতক অৰ্জন কৰি সকলোকে আচৰিত কৰি তোলে ১৪ বছৰীয়া এইগৰাকী ক্ৰিকেটাৰে । তেওঁৰ ইনিংছ ছয় আৰু চাৰিৰে ভৰি আছিল । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এই মেচখন মহেন্দ্ৰ সিং ধোনীৰ ঘৰুৱা খেলপথাৰত হৈছিল য’ত নিজৰ বিস্ফোৰক ইনিংছ প্ৰদৰ্শন কৰে বৈভৱে ।

৩৬ বলত বিস্ফোৰক শতক-

বিহাৰৰ হৈ বিজয় হাজাৰে ট্ৰফী ২০২৫-২৬ৰ প্ৰথমখন মেচত অ’পেনিং কৰি বৈভৱ সূৰ্য্যবংশীয়ে অৰুণাচল প্ৰদেশৰ বলাৰক নিৰ্দয় প্ৰহাৰ কৰি দিশহাৰা কৰি পেলাই । মাত্ৰ ৩৬টা বলত ১০টা চাৰি আৰু ৮টা ছয়ৰ সহায়ত তেওঁ শতক অৰ্জন কৰে । অৱশ্যে সেয়া তেওঁৰ শতকৰ আৰম্ভণিহে আছিল, তাৰ পিছতো দুৰন্ত গতিত চলি থাকে বৈভৱৰ ইনিংছ । উল্লেখ্য যে, বিজয় হাজাৰে ট্ৰফীত এয়া বৈভৱ সূৰ্যবংশীৰ প্ৰথমটো শতক ।

বিজয় হাজাৰে ট্ৰফীত বৈভৱ সূৰ্যবংশীৰ অভিলেখ-

বৈভৱ সূৰ্যবংশীয়ে যোৱা বছৰ এই ট্ৰফীত অভিষেক ঘটাইছিল । ১৩ বছৰ বয়সত তেওঁ প্ৰতিযোগিতাখনত খেলা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় । যোৱা ছিজনত নিজৰ বয়সৰ সৈতে ইতিহাস ৰচনা কৰা বৈভৱে এইবাৰ বেটিঙেৰে ইতিহাস সৃষ্টি কৰে । তেওঁ এতিয়া বিজয় হাজাৰে ট্ৰফীত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হৈছে ।

বিজয় হাজাৰে ট্ৰফীত বৈভৱৰ সৰ্বোচ্চ স্ক’ৰ-

এইখন বৈভৱ সূৰ্যবংশীৰ বিজয় হাজাৰে ট্ৰফীত সপ্তমখন খেল । ইয়াৰ পূৰ্বে তেওঁ প্ৰতিযোগিতাখনৰ পূৰ্বৰ ছিজনত ৬খন মেচ খেলিছিল । সেই ৬খন মেচত তেওঁ মাত্ৰ ১৩২ ৰানহে সংগ্ৰহ কৰিছিল, য’ত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৭১ । অৱশ্যে এইবাৰ ইতিমধ্যে তেওঁ প্ৰথমখন মেচত পূৰ্বৰ ৬ খন মেচতকৈ অধিক ৰান সংগ্ৰহ কৰিছে ।

ডি ভিলিয়াৰ্ছক অতিক্ৰম-

ইয়াৰ লগে লগে পুৰুষৰ এ তালিকাভুক্ত ক্ৰিকেটত ইতিহাস ৰচনা কৰিছে বৈভৱ সূৰ্য্যবংশীয়ে । এই মেচত মাত্ৰ ৫৯টা বলত তেওঁ ১৫০ ৰান সংগ্ৰহ কৰে, যিটো এতিয়ালৈকে দ্ৰুততম ১৫০ ৰান । এই অভিলেখেৰে তেওঁ এ বি ডি ভিলিয়াৰ্ছ (৬৪ বল, ২০১৫ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে) আৰু জোছ বাটলাৰ (৬৫ বল, ২০২২ চনত নেদাৰলেণ্ডৰ বিৰুদ্ধে)ৰ দৰে কিংবদন্তিক অতিক্ৰম কৰে । ইমান কম বয়সতে এ তালিকাভুক্ত ক্ৰিকেটত এই বিশ্ব অভিলেখ গঢ়া বৈভৱ সূৰ্য্যবংশী এতিয়া কেৱল ঘৰুৱা ক্ৰিকেটেই নহয়, বিশ্ব ক্ৰিকেটত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

লগতে পঢ়ক : বিজয় হাজাৰেত ৰোহিত-কোহলীৰ দুৰ্দান্ত শতক… ব্যৰ্থ ঋষভ পন্ট