ভয়ংকৰ তুষাৰ ধুমুহাত পতিত আমেৰিকা… ১৪ হাজাৰ উৰণ বাতিল, হাহাকাৰ পৰিস্থিতি

ভয়ংকৰ তুষাৰ ধুমুহাত পতিত আমেৰিকা… ১৪ হাজাৰ উৰণ বাতিল, হাহাকাৰ পৰিস্থিতি

ষাৰ ধুমুহাই আমেৰিকাত ভয়ংকৰ ৰূপ লৈছে । ইয়াৰ ফলত বাতিল কৰিবলগীয়া হৈছে প্ৰায় ১৪ হাজাৰ বিমান । আমেৰিকাত ভয়ংকৰ তুষাৰ ধুমুহাৰ বাবে সপ্তাহৰ শেষৰ ফালে প্ৰায় ১৪ হাজাৰ বিমান বাতিল কৰা হয় । এই ধুমুহাই দেশখনৰ বহু অংশত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ।

ষাৰ ধুমুহাই আমেৰিকাত ভয়ংকৰ ৰূপ লৈছে । ইয়াৰ ফলত বাতিল কৰিবলগীয়া হৈছে প্ৰায় ১৪ হাজাৰ বিমান ।

আমেৰিকাত ভয়ংকৰ তুষাৰ ধুমুহাৰ বাবে সপ্তাহৰ শেষৰ ফালে প্ৰায় ১৪ হাজাৰ বিমান বাতিল কৰা হয় । এই ধুমুহাই দেশখনৰ বহু অংশত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে । এই ধুমুহাৰ ফলত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে ডাঙৰ ডাঙৰ পথসমূহত যাতায়তত ব্যাঘাত জন্মিব বুলি আশাংকা কৰা হৈছে ।

আমেৰিকাত চলি থকা তুষাৰপাতৰ ফলত প্ৰায় ১৪ কোটি লোক অৰ্থাৎ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ লোক আক্ৰান্ত হৈছে । তুষাৰ ধুমুহাৰ ফলত নিশাৰ ভিতৰতে আবদ্ধ হৈ পৰিছে ২ লাখ ৩০ হাজাৰ লোক । শনিবাৰৰ পৰা ১৪ হাজাৰৰো অধিক বিমান বাতিল কৰা হৈছে । বৰফ আৰু ঠাণ্ডা বৰষুণৰ বাবে ট্ৰাম্পে ১২খন ৰাজ্যত ফেডাৰেল জৰুৰীকালীন অৱস্থাৰ অনুমতি দিছে ।

বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে যে সমগ্ৰ সপ্তাহটোত দেশৰ পূব অঞ্চলৰ দুই তৃতীয়াংশত তুষাৰপাত, শিলাবৃষ্টি, বৰষুণ আৰু বিপজ্জনকভাৱে ঠাণ্ডা বতাহে আঘাত কৰিব পাৰে । এই ধুমুহাক ঐতিহাসিক বুলি অভিহিত কৰি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে দক্ষিণ কেৰ’লিনা, ভাৰ্জিনিয়া, টেনেচি, জৰ্জিয়া, উত্তৰ কেৰ’লিনা, মেৰিলেণ্ড, আৰ্কান্ সাছ, কেন্টাকি, লুইজিয়ানা, মিচিচিপি, ইণ্ডিয়ানা আৰু পশ্চিম ভাৰ্জিনিয়াত ফেডাৰেল জৰুৰীকালীন অৱস্থাৰ অনুমতি প্ৰদান কৰে । ছ’চিয়েল মিডিয়াত ট্ৰাম্পে লিখিছে, “আমি এই ধুমুহাৰ পথত থকা সকলো ৰাজ্যৰ সৈতে নিৰীক্ষণ আৰু যোগাযোগত থাকিম । সুৰক্ষিত থাকক ।”

গৃহ নিৰাপত্তা বিভাগে জনোৱা মতে, ১৭খন ৰাজ্য আৰু ডিষ্ট্ৰিক্ট অৱ কলম্বিয়াই বতৰৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে । নিউ মেক্সিকোৰ পৰা নিউ ইংলেণ্ডলৈকে এই হিমশীতল ধুমুহাৰ প্ৰভাৱ পৰিছে । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰা মতে, দক্ষিণ দিশৰ মাজেৰে পাৰ হোৱাৰ পিছত ধুমুহা উত্তৰ-পূব দিশলৈ গতি কৰিব । ফলত ৱাশ্বিংটনৰ পৰা নিউয়ৰ্ক আৰু বষ্টনলৈ এক ফুট বা ৩০ চেণ্টিমিটাৰ পৰ্যন্ত তুষাৰপাতৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ভাৰতত উপস্থিত গণৰাজ্য দিৱসৰ মুখ্য অতিথি… গাৰ্ড অব্ অনাৰেৰে আদৰণি

শেহতীয়া প্ৰৱন্ধসমূহ