UPPL-এ প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

UPPL-এ প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা

UPPL-এ ২০২৬ চনৰ ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা ঘোষণা কৰিছে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল চমুকৈ UPPL-এ ২০২৬ চনৰ ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা ঘোষণা কৰিছে । দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি আৰু ক’ৰ কমিটীৰ

UPPL-এ ২০২৬ চনৰ ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা ঘোষণা কৰিছে

ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল চমুকৈ UPPL-এ ২০২৬ চনৰ ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা ঘোষণা কৰিছে । দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি আৰু ক’ৰ কমিটীৰ পৰামৰ্শৰ পাছত দলৰ সভাপতি প্ৰমোদ বড়োৱে এই তালিকাখনত অনুমোদন জনাইছে । দলটোৱে প্ৰকাশ কৰা অনুসৰি, এই পৰ্যায়ত চাৰিজন প্ৰাৰ্থীক টিকট প্ৰদান কৰা হৈছে ।

৪২ নং বাক্সা (ST) সমষ্টিৰ পৰা ৰাকেশ ব্ৰহ্ম, ৭২ নং গহপুৰৰ পৰা নিত্যানন্দ বসুমতাৰী, ৬৬ নং বৰচলাৰ পৰা বাবুৰাম বসুমতাৰী আৰু ২৮ নং বকো-ছয়গাঁও (ST) সমষ্টিৰ পৰা মনোজ বসুমতাৰীক প্ৰক্ষেপ কৰা হৈছে ।

এই দ্বিতীয়খন তালিকাৰ সৈতে UPPL-এ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক : ক্ষন্তেক পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

শেহতীয়া প্ৰৱন্ধসমূহ