‘শিৱসাগৰৰ পৰা মিঞাক খেদিব নোৱাৰিব’; ৰংঘৰৰ বাকৰিত থিয় হৈ অসমীয়াক চেলেঞ্জ মিঞাৰ

‘শিৱসাগৰৰ পৰা মিঞাক খেদিব নোৱাৰিব’; ৰংঘৰৰ বাকৰিত থিয় হৈ অসমীয়াক চেলেঞ্জ মিঞাৰ

সামাজিক মাধ্যমত এটা ভিভিঅ’ ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে। য’ত ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিয়ে ‘শিৱসাগৰৰ পৰা মিঞাক খেদিব নোৱাৰিব’ বুলি অসমীয়াক চেলেঞ্জ কৰিছে। উজনি অসমত চলি থকা মিঞা বিৰোধী অভিযানৰ মাজতে এটা ভিডিঅ’ এ সামাজিক মাধ্যমত তোলপাৰ লগাইছে।এই ভিডিঅ’টোত ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিয়ে

সামাজিক মাধ্যমত এটা ভিভিঅ’ ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে। য’ত ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিয়ে ‘শিৱসাগৰৰ পৰা মিঞাক খেদিব নোৱাৰিব’ বুলি অসমীয়াক চেলেঞ্জ কৰিছে।

উজনি অসমত চলি থকা মিঞা বিৰোধী অভিযানৰ মাজতে এটা ভিডিঅ’ এ সামাজিক মাধ্যমত তোলপাৰ লগাইছে।এই ভিডিঅ’টোত ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিয়ে ৰংঘৰৰ বাকৰিৰ পৰা অসমীয়াক চেলেঞ্জ কৰিছে।

ৰফিকুল ইছলামে বাংলা ভাষাতে কৈছে যে, ‘তোমালোকৰ ৰংঘৰৰ বাকৰিৰ পৰা কৈছো, শিৱসাগৰৰ পৰা কেতিয়াও মিঞা খেদিব নোৱাৰিব। এই দুনিয়া তোমালোকে সৃষ্টি কৰা নাই, যে তোমালোকে যি কৰিবা তাকে হ’ব’।

‘বাংলা ভাষা বুজি পোৱানে। তোমালোকৰ ঐতিহাসিক ৰংঘৰৰ পৰাই কৈছো। এটা কথা জানি লোৱা এই পৃথিৱীত কোনো চিৰস্থায়ী নহয়’।

‘ এই ৰংঘৰৰ যিজন ৰজা আছিল তেওঁ আজি নাই,তোমালোকেও এৰি যাব লাগিব। গতিকে নিৰিহ যি বিলাক মিঞা লোক আছে, তেওঁলোকৰ ওপৰত অত্যাচাৰ নকৰিবা’।

 ৰংঘৰত প্ৰৱেশ কৰি ভিডিঅ’ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰাক লৈ এতিয়া গুজৰি উঠিছে অসমৰ খিলঞ্জীয়া দল-সংগঠন।বাৰে বাৰে টাই আহোম আৰু খিলঞ্জীয়া অসমীয়াক তুচ্ছ-তাচ্ছিল্য কৰা সহ্য নহ’ব বুলিও মন্তব্য কৰিছে তেওঁলোকে।

এই লোকজনক অতি শীঘ্ৰেই কৰায়ত্ব কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ DGPলৈ টাইপাকে ধৰি সকলো দল-সংগঠনে দাবী উত্থাপন কৰিছে।

লগতে পঢ়ক: ‘বেদখলকাৰীৰ বাবে কোনো সকাহ নাই, অসমত উচ্ছেদ চলি থাকিব’; মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ