“মই সদায় অনুভৱ কৰিছিলোঁ তেওঁ ডাঙৰ কিবা এটা কৰিব”; মুখ্যমন্ত্ৰী বিজয়ক সাক্ষাৎ কৰি আৱেগিক সামন্থা প্ৰভু

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ক সাক্ষাৎ কৰি সামন্থা ৰুথ প্ৰভুৱে তেওঁক প্ৰশংসা কৰে। সামন্থাই কয় যে তেওঁ সদায় অনুভৱ কৰিছিল যে বিজয় কেৱল পৰ্দাৰ নায়ক হৈ থাকিব নোৱাৰে।

অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে বুধবাৰে তেওঁৰ প্ৰাক্তন সহ-অভিনেতা তথা তামিলনাডুৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী বিজয়ক সাক্ষাৎ কৰে। এই সময়ছোৱাত অভিনেত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী বিজয়ৰ প্ৰশংসা কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে নিজৰ কিছুমান ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি তেওঁ লিখিছে, “আজি যেতিয়া মই চেন্নাইত উপস্থিত হ’লোঁ, তেতিয়া মই অপৰিসীম আনন্দ অনুভৱ কৰিলোঁ। মই আমাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈ আছিলোঁ। মই সদায় অনুভৱ কৰিছিলোঁ যে বিজয় ছাৰ কেৱল পৰ্দাৰ নায়ক হৈ থাকিব নোৱাৰে। তেওঁৰ শক্তি, তেওঁৰ ব্যক্তিত্ব আৰু মানুহে তেওঁৰ দ্বাৰা যিদৰে প্ৰভাৱিত হয়, তাৰ পৰা সদায় এনে লাগিছিল যে তেওঁ কিবা এটা ডাঙৰ কাম কৰিবলৈকে সৃষ্টি হৈছিল।”

সামন্থাই আৰু লিখিছে, “মোক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰা কথাটো হ’ল এটা একেবাৰে নতুন ক্ষেত্ৰত ভৰি দিবলৈ যি সাহসৰ প্ৰয়োজন, সেয়া তেওঁৰ মাজত আছে।তেওঁ এতিয়ালৈকে অৰ্জন কৰা  জ্ঞানক পিছফালে এৰি থৈ এনে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা, য’ত বিপদাশংকা বহুত বেছি। এনেকুৱা এইবাবেই নহয় যে ই সহজ, বৰঞ্চ এইবাবেই যে আপোনাৰ বিশ্বাস আছে যে আপুনি পৰিৱৰ্তন আনিব পাৰে।”

অভিনেত্ৰী গৰাকীয়ে লিখিছে মই ভাবো আমি সকলোৱে জীৱনৰ কোনোবা নহয় কোনোবা মুহূৰ্তত কিবা ডাঙৰ কাম কৰাৰ প্ৰেৰণা পাওঁ। প্ৰয়োজন হৈছে নিজৰ উৰ্ধলৈ গৈ চিন্তা কৰা যে আমি কেনেকৈ অৱদান আগবঢ়াব পাৰোঁ। অতি কম সংখ্যক মানুহেহে প্ৰকৃততে সেই প্ৰেৰণাক গ্ৰহণ কৰে। বিজয় ছাৰৰ এই অনুভৱ তেওঁৰ পদবীৰ বাবে হোৱা নাই, বৰঞ্চ কামৰ প্ৰতি তেওঁৰ উৎসৰ্গিত মনোভাৱৰ বাবেহে হৈছে।

পোষ্টটোৰ শেষত সামন্থাই লিখিছে যে তেওঁ শক্তি, জ্ঞান আৰু নিজৰ লক্ষ্যত অটল থকাৰ সাহস পাওক, এয়াই মোৰ কামনা। আৰু এইয়া চাই থকা প্ৰতিগৰাকী যুৱক-যুৱতীৰ বাবে এটা বাৰ্তা হওক যে জীৱন আপোনাৰ প্ৰাৰম্ভিক সপোনতকৈ বহু ডাঙৰ হ’ব পাৰে।

লগতে পঢ়ক: ‘কুমকুম ভাগ্য’ৰ অভিনেত্ৰী সঞ্চিতা উগলেৰ আত্মহত্যা; ২০ ঘণ্টাৰ পূৰ্বে দিছিল হাঁহি থকাৰ ষ্টেটাছ

দ্বিতীয়বাৰলৈ কইনা হ’ল সামন্থা প্ৰভু; ৰাজ নিদিমোৰুৰ সৈতে গোপন বিবাহ!

দ্বিতীয়বাৰলৈ কইনা হ’ল সামন্থা প্ৰভু

দক্ষিণৰ অভিনেত্ৰী সামন্থা প্ৰভুৱে নিজৰ কৰ্মৰ লগতে ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে।

প্ৰথমে অভিনেত্ৰী গৰাকীয়ে নাগাৰ্জুনৰ পুত্ৰ নাগা চৈতন্যৰ লগত বিয়া হৈছিল যদিও দুয়োৰে বিবাহ বিচ্ছেদ হয়।নগা চৈতন্যই জীৱনত আগবাঢ়ি গৈ সোভিতা ধূলিপালাক বিয়া কৰোৱাৰ সময়তে সামন্থাৰ জীৱনত প্ৰেমেও দ্বিতীয়বাৰৰ বাবে টোকৰ মাৰিলে।

বহুদিন ধৰি দ্য ফেমিলি মেনৰ পৰিচালক ৰাজ নিদিমোৰুৰ সৈতে সামান্থাৰ প্ৰেমৰ কথা চৰ্চা চলি আহিছে।এতিয়া তেওঁলোকৰ বিবাহ সন্দৰ্ভত এক খবৰ ওলাইছে।

জানিব পৰা মতে ৰাজ নিদিমোৰু আৰু সামান্থাই আজি গোপনে বিবাহ পাশত আৱদ্ধ হয়। অৰ্থাৎ ১ ডিচেম্বৰত দুয়োজনে গোপনে বিবাহপাশত আবদ্ধ হয় য’ত,তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু সকল হে উপস্থিত আছিল।

সোমবাৰে লিংগ ভৈৰৱ মন্দিৰত অনুষ্ঠিত হ’ব সামন্ত আৰু ৰাজৰ বিয়া। বিয়াত প্ৰায় ৩০ জন অতিথি উপস্থিত থকাৰ সম্ভাৱনা আছে।জানিব পৰা মতে সামান্থাই এখন ৰঙা শাৰী পৰিধান কৰিব।

লগতে পঢ়ক: বিতৰ্কৰ মাজত ৰণবীৰ সিং; ‘কান্তৰা’ত দেখুওৱা ‘দেৱী’ক ‘ভূত’ আখ্যা