ভাৰতসহ ৬০ খনকৈ দেশত পুনৰ নতুন শুল্ক আৰোপ কৰাৰ পৰিকল্পনা ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ বিশ্বৰ ওপৰত “টেৰিফ বোমা” নিক্ষেপ কৰাৰ প্ৰস্তুতি চলাইছে। উচ্চতম ন্যায়ালয়ত হোৱা গুৰুতৰ পৰাজয়ৰ পিছত এতিয়া আমেৰিকাই নতুন শুল্ক পৰিকল্পনা প্ৰস্তুত কৰিছে।

এফালে ভাৰত আৰু আমেৰিকাই অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ গাঁথনি (ফ্ৰেমৱৰ্ক) তৈয়াৰ কৰাৰ কথা ঘোষণা কৰিছে, আনহাতে আনফালে ড’নাল্ড ট্ৰাম্পৰ চৰকাৰে পুনৰ এবাৰ ‘টেৰিফ বোমা’ ফুটাবলৈ সাজু হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প চৰকাৰে ভাৰতকে ধৰি কেইবাখনো বৃহৎ বাণিজ্যিক অংশীদাৰ দেশৰ সামগ্ৰীৰ ওপৰত ১০% বা তাতকৈ অধিক অতিৰিক্ত আমদানী শুল্ক আৰোপ কৰাৰ এক প্ৰস্তাৱ আনিছে। এই পদক্ষেপ গ্ৰহণ কৰাৰ আঁৰত আমেৰিকাই অভিযোগ উত্থাপন কৰিছে যে এই দেশসমূহৰ পৰা অহা কিছুমান সামগ্ৰী বলপূৰ্বক শ্ৰম (ফৰ্চড লেবাৰ) বা বাধ্যতামূলক শ্ৰমিকৰ দ্বাৰা নিৰ্মিত হ’ব পাৰে।

বুধবাৰ, ৩ জুনৰ পুৱা আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে জাৰী কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে কানাডা, মেক্সিকো, টাইৱান, যুক্তৰাজ্য (ব্ৰিটেইন) আৰু আন কিছুমান দেশৰ ওপৰত ১০% অতিৰিক্ত শুক্ল আৰোপ কৰা হ’ব। অভিযোগ অনুসৰি, এই দেশসমূহে বলপূৰ্বক শ্ৰমৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ আমদানীৰ ওপৰত থকা নিষেধাজ্ঞা সঠিকভাৱে কাৰ্যকৰী কৰাত ব্যৰ্থ হৈছে। প্ৰতিবেদন অনুসৰি চীন, জাপান, ভাৰত, দক্ষিণ কোৰিয়া, ব্ৰাজিল আৰু চুইজাৰলেণ্ডকে ধৰি আন কেইবাখনো দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ট্ৰাম্পে ১২.৫ শতাংশ শুল্ক আৰোপ কৰিব পাৰে।

ইউএছ ট্ৰেড ৰিপ্ৰেজেণ্টেটিভৰ ৰাষ্ট্ৰদূত জেমীচন গ্ৰীয়াৰে এক বিবৃতিত কয়, “আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্যিক অংশীদাৰ দেশসমূহে বলপূৰ্বক শ্ৰমেৰে নিৰ্মিত সামগ্ৰীৰ আমদানী ৰোধ কৰাত ব্যৰ্থ হোৱাটো গ্ৰহণযোগ্য নহয়। ইয়াৰ ফলত এনে এক পৰিস্থিতিৰ সৃষ্টি হয়, য’ত আমেৰিকাৰ শ্ৰমিকসকলে বিশ্ব বজাৰত এক অসমান আৰু অন্যায় প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হয়।”

তেওঁ লগতে কয়, “বিশ্বব্যাপী বাণিজ্যে যাতে অজ্ঞাতসাৰে বলপূৰ্বক শ্ৰমক প্ৰসাৰিত আৰু শক্তিশালী নকৰে, সেয়া নিশ্চিত কৰিবলৈ আমাৰ প্ৰতিখন অংশীদাৰ দেশে অধিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব।”

উল্লেখযোগ্য যে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আৰোপ কৰা পাৰস্পৰিক শুল্ক বন্ধ কৰি দিছিল।এতিয়া ট্ৰাম্পে সেই শুল্ক পুনৰ আৰোপ কৰাৰ চেষ্টা কৰিছে।

লগতে পঢ়ক: “আপুনি পাগল হৈছে!মই নহ’লে আপুনি জেলত থাকিলহেঁতেন…”; নেতান্যাহুক তিৰস্কাৰ ট্ৰাম্পৰ

বিপদত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; শুল্কক অবৈধ ঘোষণা আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিশ্বব্যাপী শুল্কক অবৈধ ঘোষণা কৰি তেওঁৰ অৰ্থনৈতিক এজেণ্ডাত বৃহৎ আঘাত কৰিছে।

শুকুৰবাৰে (২০২৬ চনৰ ২০ ফেব্ৰুৱাৰী) আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক মোক্ষম আঘাত দিয়ে।ট্ৰাম্পে আন দেশৰ ওপৰত আৰোপ কৰা শুল্কক অবৈধ বুলি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে।

আদালতে নিজৰ সিদ্ধান্তত কয় যে ট্ৰাম্পে ইমানবোৰ দেশৰ ওপৰত শুল্ক আৰোপ কৰি নিজৰ অধিকাৰক্ষেত্ৰ উলংঘা কৰিছে।

এই সিদ্ধান্তত কোৱা হৈছে যে ট্ৰাম্পে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত ব্যৱহাৰৰ বাবে ডিজাইন কৰা আইন অনুসৰি এই শুল্ক আৰোপ কৰিছে।

আদালতৰ ৬-৩ ৰ সিদ্ধান্তই আমেৰিকাৰ অৰ্থনীতি, গ্ৰাহক, আৰু ৰাষ্ট্ৰপতিৰ বাণিজ্য নীতিৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

ট্ৰাম্প প্ৰশাসনে কয় যে,উচ্চতম ন্যায়ালয়ত পৰাজয়ৰ ক্ষেত্ৰত চৰকাৰে অন্য দেশৰ সৈতে কৰা বাণিজ্যিক চুক্তি প্ৰত্যাহাৰ কৰিবলগীয়া হ’ব পাৰে আৰু আমদানিকাৰকসকলেও হয়তো বৃহৎ পৰিমাণৰ ধন ঘূৰাই দিব লাগিব।

ট্ৰাম্প হৈছে প্ৰথমজন ৰাষ্ট্ৰপতি যিয়ে ১৯৭০ চনৰ জৰুৰীকালীন আইন এখনৰ উদ্ধৃতি দি, য’ত ‘শুল্ক’ শব্দটো ক’তো উল্লেখ কৰা হোৱা নাই,কংগ্ৰেছৰ অনুমোদন অবিহনে একপক্ষীয়ভাৱে শুল্ক আৰোপ কৰাৰ দাবী কৰিছে।

সংখ্যাগৰিষ্ঠতাৰ বাবে এই সিদ্ধান্ত লিখি মুখ্য ন্যায়াধীশ জন জি ৰবাৰ্টছ জুনিয়ৰে কয় এই আইনখনে ৰাষ্ট্ৰপতিক শুল্ক আৰোপ কৰাৰ কৰ্তৃত্ব প্ৰদান নকৰে।

লগতে পঢ়ক: থেংক ইউ ইণ্ডিয়া… ভাৰত ভ্ৰমণক স্মৰণীয় আখ্যা দি দেশলৈ উভতিল ৰাষ্ট্ৰপতি মেক্ৰন

‘মেক্সিকোৰ সিদ্ধান্ত সম্পূৰ্ণ একপক্ষীয়…’, শুল্ক বৃদ্ধিৰ বিৰুদ্ধে ভাৰতৰ তীব্ৰ আপত্তি

মেক্সিকোৱে গ্ৰহণ কৰা আমদানি শুল্কৰ বিৰুদ্ধে তীব্ৰ আপত্তি দাখিল কৰিছে ভাৰতে । মেক্সিকোৰ এই সিদ্ধান্ত একপক্ষীয় বুলি অভিহিত কৰিছে ভাৰতে ।

মেক্সিকান চৰকাৰে এনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ বিৰুদ্ধে ভাৰতে তীব্ৰ আপত্তি কৰিছে । মেক্সিকোৱে মুক্ত বাণিজ্য চুক্তি নথকা দেশসমূহৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰিছে । ভাৰতো এই তালিকাত অন্তৰ্ভুক্ত আছে । নতুন শুল্ক নিয়মৰ অধীনত কিছুমান সামগ্ৰীৰ শুল্ক ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব পাৰে, আনহাতে বেছিভাগ সামগ্ৰীৰ ওপৰত প্ৰায় ৩৫ শতাংশ শুল্ক হোৱাৰ সম্ভাৱনা আছে ।

ভাৰত চৰকাৰে কৈছে যে মেক্সিকোৱে এই সিদ্ধান্ত লোৱাৰ পূৰ্বে নিজৰ অংশীদাৰসকলৰ সৈতে আলোচনা কৰা নাছিল । ইয়াৰ মিত্ৰ দেশসমূহৰ পৰামৰ্শ নোলোৱাকৈ লোৱা সিদ্ধান্তসমূহ অৰ্থনৈতিক সম্পৰ্ক আৰু বিশ্ব বাণিজ্য নিয়মৰ মনোভাৱৰ বিৰুদ্ধে ।

এটা চৰকাৰী সূত্ৰই স্পষ্টভাৱে উল্লেখ কৰিছে যে ভাৰতে বুজি পাইছে যে এই পদক্ষেপ প্ৰত্যক্ষভাৱে ভাৰতক লক্ষ্য কৰি লোৱা হোৱা নাই, কিন্তু তথাপিও আলোচনা অবিহনে এম এফ এন (Most Favored Nation) শুল্ক বৃদ্ধি কৰাটো সঠিক পন্থা নহয় ।

মেক্সিকান চৰকাৰৰ শুল্ক পৰিৱৰ্তনে মুঠ ১৪৬৩টা সামগ্ৰীৰ শিতানত প্ৰভাৱ পেলাব । ভাৰতৰ উপৰিও চীন, দক্ষিণ কোৰিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া আদি এছিয়াৰ দেশসমূহ এই শুল্কৰ দ্বাৰা প্ৰভাৱিত হ’ব ।

মেক্সিকান চৰকাৰে কয় যে ঘৰুৱা ব্যৱসায়ক প্ৰসাৰিত কৰাৰ লগতে বাণিজ্যিক ঘাটি হ্ৰাস কৰাৰ বাবে শুল্ক নিয়ম সলনি কৰিছে ।

মেক্সিকোৱে স্থানীয় উৎপাদনক সমৰ্থন কৰা আৰু বাণিজ্যিক ঘাটি হ্ৰাস কৰাটো এই পদক্ষেপৰ প্ৰধান কাৰণ হিচাপে উল্লেখ কৰিলেও আমেৰিকাৰ হেঁচা আৰু চীনৰ সামগ্ৰীৰ অৱৰোধৰ বাবে মেক্সিকোৱে নিজৰ শুল্ক নীতি কঠোৰ কৰা বুলিও ধাৰণা কৰা হৈছে ।

মেক্সিকান চৰকাৰৰ এই সিদ্ধান্তত গভীৰভাৱে বিচলিত হৈ পৰিছে ভাৰত । এই বিষয়ত মেক্সিকোৰ উপ-অৰ্থনৈতিক মন্ত্ৰী লুইছ ৰ’জেণ্ডোৰ সৈতে বাণিজ্য সচিব ৰাজেশ আগৰৱালে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হৈছে ।

আগন্তুক সময়ত আৰু অধিক কাৰিকৰী পৰ্যায়ৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে ৩০ ছেপ্টেম্বৰত মেক্সিকোত থকা ভাৰতীয় দূতাবাসে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি ভাৰতৰ বাবে সকাহ বিচাৰিছিল ।

ভাৰতৰ মতে দুয়োখন দেশৰ মাজত সুদৃঢ় বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয় । ভাৰতে স্পষ্টকৈ কৈছে যে ভাৰতে ৰপ্তানিকাৰকৰ স্বাৰ্থ সুৰক্ষিত কৰিব আৰু তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু দুয়োপক্ষৰ বাবে সুষম বাণিজ্যিক পৰিৱেশ সুনিশ্চিত কৰিবলৈ আলোচনাৰ জৰিয়তে সমাধান বিচাৰিব ।

লগতে পঢ়ক : আমেৰিকাৰ পাছত এতিয়া এইখন দেশৰ শুল্ক আক্ৰমণ, ভাৰতকে ধৰি বহু দেশৰ ওপৰত ৫০% শুল্ক !