আই পি এল ২০২৭ত এইটো দলৰ মুখ্য প্ৰশিক্ষক হ’ব পাৰে যুৱৰাজ সিং

ভাৰতৰ প্ৰাক্তন অল ৰাউণ্ডাৰ যুৱৰাজ সিঙে আই পি এল ২০২৭ৰ পৰা দিল্লী কেপিটেলছৰ সহায়ক কৰ্মচাৰীৰ সৈতে যোগদান কৰিব পাৰে।

আই পি এল ২০২৭ ৰ পূৰ্বে দিল্লী কেপিটেলছে নিজৰ চাপৰ্ট ষ্টাফ দলত এক ডাঙৰ পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে। খবৰ অনুসৰি, ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙক এতিয়া ফ্ৰেঞ্চাইজীটোৰ সৈতে এক নতুন ভূমিকাত দেখা পোৱা যাব পাৰে। যদি এনেকুৱা হয়, তেন্তে ই দিল্লী কেপিটেলচৰ বাবে এক ডাঙৰ টাৰ্ণিং পইণ্ট বুলি প্ৰমাণিত হ’ব পাৰে।

এক প্ৰতিবেদন অনুসৰি, ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিং আই পি এলৰ পৰা দিল্লী কেপিটেলছৰ চাপৰ্ট ষ্টাফত অন্তৰ্ভুক্ত হ’ব পাৰে। আনহাতে, সৌৰভ গাংগুলীয়ে পুনৰ ফ্ৰেঞ্চাইজীটোৰ নিয়ন্ত্ৰণ হাতলৈ লোৱাৰ লগে লগে তেওঁক চাপৰ্ট ষ্টাফৰ প্ৰধান হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।

৪৪ বছৰীয়া যুৱৰাজ সিং যুৱ খেলুৱৈসকলৰ মাজত অতি জনপ্ৰিয়। তেওঁ অভিষেক শৰ্মা, শুভমন গিল আৰু প্ৰভচিমৰন সিঙৰ দৰে খেলুৱৈসকলক কোনোবা নহয় কোনোবা স্তৰত প্ৰশিক্ষণ দিছে। এই বাবেই দিল্লী কেপিটেলছে এই বিস্ফোৰক বেটছমেন আৰু কাৰ্যকৰী লেফট্-আৰ্ম স্পিনাৰজনক নিজৰ সৈতে জড়িত কৰাৰ সিদ্ধান্ত লৈছে। এটা সূত্ৰই কয়, “যুৱৰাজ সিঙৰ দৰে খেলুৱৈ এজন ডাগআউটত থকাটো কোনে নিবিচাৰিব? তেওঁৰ কেইবাজনো প্ৰাক্তন সতীৰ্থ যেনে আশীষ নেহৰা, জহীৰ খান আৰু বীৰেন্দ্ৰ সেহৱাগে ইতিমধ্যে আইপিএলত কোচিং কৰাইছে। যুৱৰাজে অলপ পলমকৈ হ’লেও যুৱ খেলুৱৈসকলৰ সৈতে বহুত সময় কটাইছে আৰু এই ভূমিকাৰ প্ৰয়োজনীয়তা ভালদৰে বুজি পাইছে।”

জানিব পৰা মতে, তেওঁ কেৱল প্ৰশিক্ষণেই নিদিয়ে, বৰঞ্চ খেলুৱৈসকলক মেণ্টৰশ্বিপো কৰে। এইয়া কেৱল ফোনকল বা ভাৰ্চুৱেল অধিবেশনতে সীমাবদ্ধ নহয়; তেওঁ খেলপথাৰত ঘণ্টাৰ পিছত ঘণ্টা সময় কটায় আৰু ৰ’দৰ মাজতে নেটৰ পিছফালে থিয় হৈ খেলুৱৈসকলৰ সৈতে কাম কৰে। তেওঁৰ এই বাস্তৱিক পদ্ধতি বহু খেলুৱৈৰ বাবে লাভজনক প্ৰমাণিত হৈছে।

যুৱৰাজ সিঙৰ আইপিএল কেৰিয়াৰ ১১ বছৰ দীঘলীয়া আছিল, য’ত তেওঁ ১৩২ খন মেচত ২৭৫০ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ গড় আছিল ২৪.৭৭ আৰু ষ্ট্ৰাইক ৰেট আছিল ১২৯। তেওঁ ১৩ টা অৰ্ধশতক অৰ্জন কৰিছিল, আনহাতে তেওঁৰ সৰ্বাধিক স্ক’ৰ আছিল ৮৩ ৰান। এতিয়া তেওঁৰ এই অভিজ্ঞতাই দিল্লী কেপিটেলছৰ পতনমুখী স্থিতি উন্নত কৰিব পাৰে। অক্ষৰ পেটেলৰ নেতৃত্বাধীন দলটোৱে আই পি এল ২০২৬ত আশা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিলে। দলটো গুৰুত্বপূৰ্ণ মুহূৰ্তত বেটিং ব্যৰ্থ হৈছিল, আনহাতে বলিং বিভাগো দুৰ্বল দেখা গৈছিল। বৰ্তমান দলটোৰ কোচিং ষ্টাফত ক্ৰিকেট ডাইৰেক্টৰ হিচাপে ভেনুগোপাল ৰাও, হেড কোচ হিচাপে হেমাং বদানী, এছিষ্টেণ্ট কোচ হিচাপে ইয়ান বেল আৰু বলিং কোচ হিচাপে মুনাফ পেটেল অন্তৰ্ভুক্ত হৈ আছে। এতিয়া যুৱৰাজ সিং এই ছেটআপৰ সৈতে জড়িত হ’লে দিল্লী কেপিটেলছক এক নতুন দিশ দিব পাৰিবনে নাই, সেয়া চোৱাটো আকৰ্ষণীয় হ’ব।

লগতে পঢ়ক: চলিত ফিফা বিশ্বকাপত দ্বিতীয়টো হেটট্ৰিকঃ কাটাৰক ৬-০ ব্যৱধানত ধূলিস্যাৎ আয়োজক কানাডাৰ

‘ না সন্মান পালো না সমৰ্থন…’; যুৱৰাজ সিঙে প্ৰকাশ কৰিলে ক্ৰিকেট এৰাৰ প্ৰকৃত কাৰণ

বহু বছৰ পিছত ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ আঁৰৰ কাৰণ উদঙালে যুৱৰাজ সিঙে। ক’লে কৰ্কট ৰোগৰ পিছত অহা সমস্যাৰ কথা।

যুৱৰাজ সিঙক ভাৰতৰ মহান অলৰাউণ্ডাৰৰ ভিতৰত গণ্য কৰা হয়। যুৱৰাজ সিঙে নিজৰ উজ্জ্বল প্ৰদৰ্শনেৰে বহুবাৰ টিম ইণ্ডিয়াক জয়ৰ সোৱাদ দিছিল।

কিন্তু এই যুৱৰাজ সিঙে ২০১৯ চনৰ জুন মাহত এদিনীয়া বিশ্বকাপৰ মাজতে অৱসৰৰ কথা ঘোষণা কৰিছিল আৰু অৱসৰৰ বহু বছৰৰ পাছত এতিয়া তেওঁ নিজৰ সিদ্ধান্তৰ আঁৰৰ কাৰণৰ পৰা পৰ্দা আতৰাইছে।

যুৱৰাজে কয় যে তেওঁ সেই সময়ত নিজকে বিচ্ছিন্ন অনুভৱ কৰিছিল। যুৱৰাজ সিঙে অনুভৱ কৰিছিল যে তেওঁৰ খেলক কোনেও সন্মান কৰা নাই।

২০১৯ চনত আই পি এল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট দুয়োটাৰে পৰা যুৱৰাজ সিঙে অৱসৰ গ্ৰহণ কৰিছিল।২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত খেলিছিল যদিও পৰৱৰ্তী সময়ত তেওঁক বাদ দিয়া হৈছিল।

এটা সাক্ষাৎকাৰ যুৱৰাজ সিঙে কয় যে, “সঁচা কথা ক’বলৈ গ’লে সেই সময়ত মোৰ খেল উপভোগ কৰা নাছিলোঁ। মই নিজকে সুধিলোঁ যে মই কিয় খেলি আছো।তেতিয়া মই না কাৰোৰে পৰা সমৰ্থন পাইছিলো না সন্মান”।

” তেতিয়া ভাবিলোঁ যেতিয়া মই আগবাঢ়িব পৰা নাই তেনেহলে নিজকে কিয় জোৰ কৰিম।আনহাতে এই খেলখনে মোক বহুত দিছে।যিটো কাম কৰি আনন্দ পোৱা নাই সেইটোত কিয় লাগি থাকো”।

“মই কিয় খেলিব লাগে। মই কি প্ৰমাণ কৰিব লাগিব? মই শাৰীৰিক আৰু মানসিকভাৱে ইয়াতকৈ বেছি কৰিব নোৱাৰো।এই কথাত মোৰ অশান্তি লাগিছিল। আৰু যিদিনা মই ৰৈ দিলোঁ, সেইদিনা মই নিজকে অনুভৱ কৰিবলৈ ধৰিলোঁ”।

যুৱৰাজ সিঙে কয় যে যেতিয়া তেওঁ অনুভৱ কৰিছিল যে সেয়া আৰু সম্ভৱ নহয়, তেতিয়াই তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছিল।

ক্ৰিকেটৰ পিছত গলফ খেলাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি যুৱৰাজে কয় যে এই খেল তেওঁৰ বাবে স্বাধীনতাৰ দৰে।যিটো তেওঁ কেৱল নিজৰ বাবে খেলে।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ পূৰ্বে মেচ ফিক্সিং ; এৰন জ’নছক নিষিদ্ধ ICC ৰ

এটা অভাৰত ৬টা ছয়, সৰ্বাধিক হেট্ৰিক আৰু… ক্ৰিকেট জগতে সদায়ে মনত ৰাখিব যুৱৰাজৰ এই ৫টা অভিলেখ

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম বৃহৎ মেচ বিজয়ী ভাৰতীয় প্ৰাক্তন অল ৰাউণ্ডাৰ যুৱৰাজ সিঙে আজি ৪৩ সংখ্যক জন্মদিন উদযাপন কৰিছে । বিধ্বংসী বেটিঙেৰে কিংবদন্তি বলাৰকো নিৰ্দয় প্ৰহাৰ কৰা যুৱৰাজে এনে বহু অভিলেখ গঢ়িছিল, যিবোৰ ক্ৰিকেট জগতে সদায় মনত ৰাখিব । খেলুৱৈগৰাকীৰ জন্মদিনত ৫টা এনে ৰেকৰ্ডৰ বিষয়ে জানক…

এটা অভাৰত ৬টা ছয় কোবোৱা প্ৰথমজন বেটছমেন-

যেতিয়াই এটা অভাৰত ৬টা ছয় কোবোৱা বেটছমেনৰ কথা আহে, তেতিয়াই যুৱৰাজ সিঙৰ কথা উল্লেখ কৰা হ’ব । ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ সময়ত ইংৰাজ পেচাৰ ষ্টুৱাৰ্ট ব্ৰডৰ বিৰুদ্ধে ৬টা ছয় কোবোৱা যুৱৰাজে ৰেকৰ্ড বুকত নিজৰ নাম পঞ্জীয়ন কৰে । মেচখনত যুৱৰাজৰ জুই জ্বলি উঠিছিল আৰু এণ্ড্ৰু ফ্লিনটফৰ সৈতে হোৱা বাকযুদ্ধই তেওঁৰ উগ্ৰ ফৰ্ম প্ৰদৰ্শনত ডাঙৰ ভূমিকা পালন কৰিছিল ।

দ্ৰুততম অৰ্ধশতকৰ অভিলেখ-

২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে খেলা মেচখনত যুৱৰাজে মাত্ৰ ১২টা বলত অৰ্ধশতক অৰ্জন কৰিছিল, যিটো টি-২০ বিশ্বকাপৰ বেটছমেনৰ সৰ্বাধিক দ্ৰুততম অৰ্ধশতক । তাৰ পাছত ১৫ বছৰ পাৰ হৈ গ’ল কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই অভিলেখ এতিয়াও ভংগ হোৱা নাই ।

অধিকাংশ এদিনীয়া শতক-

নিম্ন ক্ৰমত বেটিং কৰাৰ বাবে পৰিচিত সেই বেটছমেনসকলৰ ভিতৰত যুৱৰাজ সিং অন্যতম । তথাপিও তেওঁৰ আক্ৰমণাত্মক স্থিতি আৰু খেলৰ শৈলীৰ বাবে বেটৰ সৈতে অবিশ্বাস্য অৱদান আগবঢ়োৱাত সদায় আগবাঢ়ি আছিল । ৫ নম্বৰত বেটিং কৰি যুৱৰাজে ৭টা আন্তঃৰাষ্ট্ৰীয় শতক আৰু সমগ্ৰ কেৰিয়াৰত ১৫০ ৰানৰ সৰ্বোত্তম স্ক’ৰেৰে টিম ইণ্ডিয়াৰ হৈ ১৭টা শতক অৰ্জন কৰে । ৫ নম্বৰত বেটিং কৰি সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰাৰ অভিলেখ যুৱৰাজ সিঙৰ নামত আছে ।

আই পি এলৰ এটা ছিজনত সৰ্বাধিক হেট্ৰিক-

আই পি এলৰ এটা ছিজনত সৰ্বাধিক হেট্ৰিক লোৱাৰ অভিলেখ আছে যুৱৰাজ সিঙৰ নামত । ২০১২ চনত পুনেলৈ অহাৰ পূৰ্বে যুৱৰাজ আই পি এলৰ প্ৰাৰম্ভিক পৰ্যায়ত পঞ্জাৱ ফ্ৰেঞ্চাইজিৰ অংশ আছিল । ২০০৯ চনৰ আই পি এলৰ সময়ত একেটা ছিজনতে দুটা হেট্ৰিক কৰা কিংবদন্তিগৰাকী মাৰাত্মক ফৰ্মত আছিল । ইয়াৰ লগে লগে তেওঁ হৈ পৰে আই পি এলৰ ছিজনত সৰ্বাধিক দুটা হেট্ৰিক অৰ্জন কৰা ক্ৰিকেটাৰ । তেওঁৰ এই অভিলেখ আজিও অটুট হৈ আছে ।

৩টা আই চি চি ইভেণ্টত প্লেয়াৰ অৱ দ্য মেচ লাভ কৰা প্ৰথমজন খেলুৱৈ-

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰম্ভ হোৱাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আই চি চিৰ তিনিটা ইভেণ্ট আছিল । তিনিওটা ইভেণ্টৰ নকআউট খেলত যুৱৰাজ সিঙে এক উৎকৃষ্ট অভিলেখ গঢ়ি তুলিছিল । তেওঁ চেম্পিয়নছ ট্ৰফী, ৫০ অভাৰৰ বিশ্বকাপ আৰু টি-২০ বিশ্বকাপ নকআউটত প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে । তিনিওটা আই চি চিৰ ইভেণ্টৰ নকআউটত এই বঁটা লাভ কৰা প্ৰথম খেলুৱৈ হিচাপে পৰিগণিত হয় যুৱৰাজ ।