সীমান্তত অব্যাহত গুলীচালনাঃ দেশৰ বাবে শ্বহীদ হ’ল বি এছ এফ বিষয়া মহম্মদ ইমতিয়াজ

শনিবাৰে জম্মুৰ আৰ এছ পুৰা খণ্ডত পাকিস্তানে কৰা প্ৰচণ্ড গোলাবৰ্ষণত সীমান্ত সুৰক্ষা বাহিনী তথা বি এছ এফৰ ৮ জন জোৱান আহত হয় । ইয়াৰে এজন উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজ শ্বহীদ হৈছে । আন সাতজন জোৱানৰ চিকিৎসা এতিয়াও চলি আছে । মহম্মদ ইমতিয়াজক প্ৰণাম জনাই বি এছ এফে কয় যে সীমান্ত চকী নেতৃত্ব দিয়াৰ সময়ত তেওঁ সন্মুখৰ পৰা সাহসেৰে নেতৃত্ব দিছিল । DG BSF আৰু সকলো ৰেংকে শ্বহীদগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । দেওবাৰে ​​ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় জম্মুত শ্বহীদগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ।

পাকিস্তানৰ কাপুৰুষালি-

উল্লেখ্য যে, সীমান্তৰ সিপাৰে অব্যাহত আছে পাকিস্তানৰ কাপুৰুষালি । এইবাৰ পাকিস্তানে অন্যধৰণে কাপুৰুষোচিত আক্ৰমণ আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে পাকিস্তানৰ আক্ৰমণ সীমান্ত অঞ্চলত সীমাবদ্ধ আছিল যদিও এইবাৰ চহৰৰ আৱাসিক অঞ্চলত অধিক গুৰুত্ব দিছে । ব্ৰিগেডিয়াৰ হৰচৰণ সিঙে (অৱসৰপ্ৰাপ্ত) কয় যে যুদ্ধৰ এই পৰিৱৰ্তনে পাকিস্তানৰ হতাশাৰ পৰিচয় দিয়ে ।

শনিবাৰে বিয়লি ভাৰতৰ সন্মুখত তিষ্ঠিব নোৱাৰি পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মত হৈছিল যদিও এই সিদ্ধান্তৰ চাৰি ঘন্টা পাৰ নহৌতেই পুনৰ যুদ্ধবিৰতি উলংঘা কৰে দেশখনে । যুদ্ধবিৰতি উলংঘা কৰি বৰ্তমান পাকিস্তানে কেইবাটাও প্ৰান্তত পুনৰ গোলাবৰ্ষণ কৰাৰ লগতে ড্ৰোন আক্ৰমণ চলাইছে । ইতিমধ্যে ভাৰতীয় সেনাবাহিনীয়েও পাকিস্তানৰ এই আক্ৰমণৰ উচুত প্ৰত্যুত্তৰ দিছে ।

আই পি এলৰ বাবে মুকলি হ’ল খেলপথাৰ… যুদ্ধবিৰতিৰ পিছত নতুন তাৰিখ ঘোষণা কৰিব পাৰে বি চি চি আইয়ে

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । ভাৰতৰ পৰাক্ৰমৰ আগত নতশিৰ হৈ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়ে পাকিস্তানে । ইয়াৰ পাছতে ভাৰতে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে । এই কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰথমে নিশ্চিত কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । এনে পৰিস্থিতিত এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শীঘ্ৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব পাৰে ।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ বাবে শুকুৰবাৰে এসপ্তাহৰ বাবে আই পি এল স্থগিত ৰখা হৈছিল । অৱশ্যে এই প্ৰতিযোগিতাখন পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নগ’ল । কিন্তু এতিয়া শেহতীয়া পৰিস্থিতিৰ পিছত অনুমান কৰা হৈছে যে বি চি চি আইয়ে অতি সোনকালে এই সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিব পাৰে ।

৫৭ খন মেচ খেলা হৈছে, ৫৮ সংখ্যক মেচ মাজভাগত স্থগিত-

২০২৫ চনৰ আই পি এলত মুঠ ৫৭খন মেচ অনুষ্ঠিত হয় । ৮ মে’ত ধৰমশালাত পঞ্জাব কিংছ (পি বি কে এছ) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ মাজত ৫৮ সংখ্যক মেচখন অনুষ্ঠিত হৈছিল যদিও মাত্ৰ ১০.১ অভাৰৰ অন্তত খেলখন বন্ধ হৈ পৰে । এই মেচখন পুনৰ অনুষ্ঠিত হ’ব নে নহয় সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । ৮ মে’ত যেতিয়া মেচখন বন্ধ হৈছিল তেতিয়া পঞ্জাব কিংছে ১০.১ অভাৰত ১ উইকেট হেৰুৱাই ১২২ ৰান সংগ্ৰহ কৰিছিল । প্ৰিয়ংশ আৰ্য্যই ৫টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৩৪টা বলত ৭০ ৰান সংগ্ৰহ কৰে । প্ৰভসিমৰণ সিঙে ২৮টা বলত ৫০ ৰান আৰু শ্ৰেয়াছ আয়েৰে ০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছিল ।

এতিয়া লীগ পৰ্যায়ত মাত্ৰ ১২খন মেচ বাকী আছে, তাৰ পিছত প্লে অফৰ ৪খন মেচ থাকিব । পূৰ্বৰ সূচী অনুসৰি কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ হায়দৰাবাদত অনুষ্ঠিত হ’ব, আনহাতে কোৱালিফায়াৰ ২ আৰু ফাইনেল কলকাতাত অনুষ্ঠিত হ’ব ।

ৰাজনাথ সিঙৰ অধ্যক্ষতাত আজি ১১ বজাত সৰ্বদলীয় বৈঠক…

অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতীয় সেনাই মাত্ৰ ২৫ মিনিটতে এক নিৰ্দিষ্ট আক্ৰমণ সংঘটিত কৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদকে ধৰি ৯টা সন্ত্ৰাসবাদী প্ৰশিক্ষণ কেন্দ্ৰ ধ্বংস কৰে । এই আক্ৰমণৰ পিছত আজি পুৱা ১১ বজাত সৰ্বদলীয় বৈঠক আহ্বান কৰিছে চৰকাৰে । এই বৈঠকৰ অধ্যক্ষতা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুও উপস্থিত থাকিব । ইয়াৰ মাজতে বিৰোধী দলৰ নেতাসকলক প্রতিক্রিয়া আৰু ভৱিষ্যতৰ প্রস্তুতিৰ বিষয়ে অৱগত কৰা হ’ব ৷

বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণৰ দাবী-

ইফালে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে আমি প্ৰধানমন্ত্ৰীক ২৪ এপ্ৰিলৰ বৈঠকত উপস্থিত থাকিবলৈ আহ্বান জনাইছিলো, কিন্তু তেওঁ নাহিল । অন্ততঃ এইবাৰ তেওঁ আহিব লাগে । তেওঁ কয় যে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ পৰা নিৰ্গত সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ ৰাষ্ট্ৰীয় নীতি স্পষ্ট আৰু শক্তিশালী । ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই বৈঠকত অংশ ল’ব বুলি কয় ।

কংগ্ৰেছে বাতিল কৰিলে নিৰ্ধাৰিত সকলো কাৰ্যসূচী-

কংগ্ৰেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰক সম্পূৰ্ণ সমৰ্থন আৰু সেনাবাহিনীৰ সৈতে সংহতি প্ৰদৰ্শন কৰি ‘সংবিধান সমাৱেশ বচাওক’কে ধৰি দলৰ সকলো নিৰ্ধাৰিত কাৰ্যসূচী বন্ধ কৰি দিছে ।

তিনিখন দেশ ভ্ৰমণ কাৰ্যসূচী স্থগিত প্ৰধানমন্ত্ৰীৰ-

এই উত্তেজিত পৰিবেশত তিনিখন দেশ ভ্ৰমণ বাতিল কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ১৩ মে’ৰ পৰা ১৭ মে’লৈ নৰৱে, ক্ৰ’ৱেচিয়া আৰু নেদাৰলেণ্ড ভ্ৰমণৰ কথা আছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি সেনাৰ-

অপাৰেচন সিন্দুৰৰ পাছত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাৰ কাৰ্যকলাপৰ সন্দৰ্ভত স্থানীয় বাহিনীৰ সৈতে অহৰহ যোগাযোগত আছে । পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী লঞ্চ পেডত নিখুঁত আক্ৰমণৰ পিছত পাকিস্তানে যুদ্ধবিৰতি উলংঘাৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে । বুধবাৰে প্ৰতিৰক্ষা বিষয়াসকলে কয় যে পাকিস্তানৰ যিকোনো সম্ভাৱ্য আক্ৰমণৰ বাবে সেনা আৰু নিৰাপত্তা বাহিনী হাই এলাৰ্টত আছে ।

‘দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত…’, অপাৰেচন সিন্দুৰক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীক ‘অপাৰেচন সিন্দুৰ’ৰ বাবে প্ৰশংসা কৰে । উল্লেখ্য যে, ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰে । এই সময়ছোৱাত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰা হয় । পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিবলৈ ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ পিছতে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হয় ।

কেবিনেটক অপাৰেচন সিন্দুৰৰ বিষয়ে অৱগত কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । ইয়াৰ পিছত সমগ্ৰ কেবিনেটে প্ৰধানমন্ত্ৰীৰ এই কাৰ্য আৰু নেতৃত্বক শলাগ লয় । অনুমান কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়েও কয় যে তেওঁৰ চৰকাৰৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা থাকিব । জানিব পৰা মতে প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা মন্ত্ৰী আৰু এন এছ এ অজিত ডোভালক পৃথকে পৃথকে সাক্ষাৎ কৰি সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় ।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত মঙলবাৰ আৰু বুধবাৰৰ মাজ নিশা ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই । ইয়াৰ ভিতৰত বাহাৱালপুৰৰ জয়ছ-ই-মহম্মদৰ শিবিৰ আৰু মুৰিদকেৰ লস্কৰ-ই-তৈবাৰ আত্মগোপন স্থানো আছে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ উদ্দেশ্য, পদ্ধতি আৰু সময় সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল ।

যুদ্ধৰ পূৰ্বেই নেগুৰ পেলালে পাকিস্তানে… প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ক’লে- আমি একো নকৰো

পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত বুধবাৰে নিশা আক্ৰমণ চলাই ভাৰতে । অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতে জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়কে ধৰি ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে । ভাৰতীয় সামৰিক বাহিনীৰ এই আক্ৰমণত ৯০টা সন্ত্ৰাসবাদী নিহত হৈছে । অৱশ্যে পাৰমাণৱিক আক্ৰমণ আৰু তীব্ৰ প্ৰতিশোধৰ ভাবুকি দি অহা পাকিস্তান এতিয়া বেকফুটলৈ যোৱা পৰিসক্ষিত হৈছে ।

ভাৰতৰ এই আক্ৰমণক দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ চিন হিচাপে দেখা গৈছে । কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ আগতেই পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰিছে । পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে আমি নিজকে ৰক্ষা কৰিম । পাকিস্তানৰ ভূখণ্ডত ভাৰতে আক্ৰমণ কৰাৰ পিছত এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অধিক পদক্ষেপ নল’লে আমিও একো নকৰো ।

উল্লেখযোগ্য যে ভাৰতৰ সামৰিক অভিযানৰ পাছত খোৱাজা আছিফে আৱাসিক এলেকাক লক্ষ্য কৰি লোৱা বুলি কৈছিল ৷ তেওঁ লগতে কয় যে ভাৰতে নিজৰ আকাশমাৰ্গৰ পৰাই পাকিস্তানী অঞ্চলত এই আক্ৰমণ সংঘটিত কৰিছিল । খোৱাজা আছিফে কৈছিল যে আমি ইয়াৰ উপযুক্ত উত্তৰ দিম । কিন্তু পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ উপযুক্ত উত্তৰ দিয়াৰ অহংকাৰ কেইঘণ্টামানৰ ভিতৰতে অন্তৰ্ধান হয় । এতিয়া তেওঁ ক’বলৈ আৰম্ভ কৰিছে যে ভাৰতে অন্য কোনো ব্যৱস্থা নোলোৱালৈকে পাকিস্তানে একো নকৰে ।

Loitering Munition : কি হয় ‘চুইচাইড ড্ৰ’ন’… যিয়ে ঈগলৰ দৰে আক্ৰমণ কৰি ধ্বংস কৰিলে ভাৰতৰ শত্ৰুক

বুধবাৰে ভাৰতে অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লয় । অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতে লয়টাৰিং মিউনিচন (loitering munition) বা ছুইচাইড ড্ৰ’ন ব্যৱহাৰ কৰিছিল । ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাই সমন্বয়ৰে সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত সম্পূৰ্ণ নিখুঁতভাৱে আক্ৰমণ চলায় । ভাৰতীয় চোৰাংচোৱা সংস্থাই আক্ৰমণৰ বাবে সন্ত্ৰাসবাদী আত্মগোপন স্থানৰ তথ্য প্ৰদান কৰে । এই সমগ্ৰ অভিযান ভাৰতীয় সীমান্তৰ পৰাই সংঘটিত হৈছিল ।

কি হয় এই আত্মঘাতী ড্ৰোন ?

লয়টাৰিং মিউনিচনক আত্মঘাতী বা কামিকাজে ড্ৰোন বুলিও কোৱা হয় । এইবোৰ হৈছে মানৱবিহীন আকাশী অস্ত্ৰ । ইয়াৰ বিশেষত্ব হ’ল এই ড্ৰোনে নিজৰ লক্ষ্যৰ ওপৰত আকাশত উৰি থাকে আৰু আদেশ পোৱাৰ লগে লগে শত্ৰুৰ স্থান ধ্বংস কৰে । এইবোৰ সঠিক তথা নিৰ্ভুল লক্ষ্যত আঘাতৰ বাবে জনাজাত । আত্মঘাতী ড্ৰ’নৰ আকাৰ, পেলোড আৰু ৱাৰহেডৰ ভিন্নতা থাকিব পাৰে । লয়টাৰিং মিউনিচন একক আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়,  যি ঠাইতে বিস্ফোৰণ ঘটি নিজৰ লক্ষ্য ধ্বংস কৰে । আশীৰ দশকত প্ৰথমবাৰৰ বাবে ছুইচাইড ড্ৰোন ব্যৱহাৰ কৰা হৈছিল যদিও ১৯৯০ আৰু ২০০০ চনত ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছিল । য়েমেন, ইৰাক, ছিৰিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত এই ড্ৰ’নসমূহৰ ব্যাপক ব্যৱহাৰ হৈছে । ২০২১ চনত বাণিজ্যিক জাহাজকো আত্মঘাতী ড্ৰ’নে লক্ষ্য কৰি লৈছে ।

অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লয়, য’ত বাহাৱালপুৰত জইছ-ই-মহম্মদৰ আত্মগোপন স্থান, মুৰিদকেৰ লস্কৰ-ই-তৈবা আত্মগোপন স্থান আৰু চক আমৰু, শিয়ালকোট, ভীম্বাৰ, গুলপুৰ, কোটলি, বাগ আৰু মুজাফ্ফৰাবাদৰ অঞ্চলসমূহো আছে । এই সময়ছোৱাত পাকিস্তানৰ সামৰিক ঘাটিত কোনো ধৰণৰ আক্ৰমণ কৰা হোৱা নাই । বুধবাৰে পুৱা ১.৪৪ বজাত প্ৰতিৰক্ষা মন্ত্ৰালয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত তথ্য প্ৰদান কৰে ।

পাকিস্তানত ১০০ কিলোমিটাৰ ভিতৰলৈ আক্ৰমণ… জানক ভাৰতৰ বিমান আক্ৰমণত ধ্বংস হোৱা ৯ টা স্থান কি কি ?

সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰি ভাৰতে মঙলবাৰে নিশা ১.৩০ বজাত ৯টা পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায় । এই আক্ৰমণৰ নাম দিয়া হৈছে ‘অপাৰেচন সিন্দুৰ’ । এই অভিযান আছিল তিনিওটা সেনাৰ যৌথ অভিযান । ভাৰতৰ শক্তিশালী বাহিনীয়ে পাকিস্তানৰ ৪টা স্থান আৰু PoKৰ ৫টা স্থানক লক্ষ্য কৰি লয় । ভাৰতীয় চোৰাংচোৱা সংস্থা RAW-এ সকলো লক্ষ্য চিনাক্ত কৰিছিল, তাৰ পিছত সম্পূৰ্ণ পৰিকল্পনাৰে লস্কৰ আৰু জৈছৰ ঘাটিত আক্ৰমণ কৰা হৈছিল । ভাৰতে কোন কোন ঠাই আক্ৰমণ কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা কিমান দূৰত আছে জানক ।

বাহাৱালপুৰ– আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত, জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় আছিল, যি ভাৰতে ধ্বংসস্তুপত পৰিণত কৰে ।

মুৰিদকে- আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই স্থান সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান । ২৬/১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত লস্কৰ-ই-তৈবা শিবিৰৰ আছিল ইয়াত ।

গুলপুৰ- এই সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান LoC (পুঞ্চ-ৰাজৌৰী)ৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ।

লস্কৰ কেম্প ছাৱাই– এই সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান পি অ’ কে টাংধৰ ছেক্টৰৰ ভিতৰত ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ।

বিলাল কেম্প- জয়ছ-ই-মহম্মদৰ লঞ্চপেড, এই আত্মগোপন স্থানৰ সহায়ত সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী প্ৰেৰণ কৰা হৈছিল ।

কোটলি– LoC ৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত লস্কৰ শিবিৰ । এইটো আছিল ৫০টাতকৈ অধিক সন্ত্ৰাসবাদীক ৰখাৰ ক্ষমতা থকা আত্মগোপনৰ স্থান ।

বৰনালা কেম্প- এই সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান LoC ৰ পৰা ১০ কিলোমিটাৰ দূৰত আছিল ।

চৰজাল কেম্প- সাম্বা-কথুৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত জয়ছৰ প্ৰশিক্ষণ কেন্দ্ৰ ।

৯ মেহমুনা কেম্প (শিয়ালকোটৰ ওচৰত)–  ই হিজবুল মুজাহিদীনৰ প্ৰশিক্ষণ শিবিৰ আছিল আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত আছিল ।

লক্ষ্য বাছনি কৰাৰ ক্ষেত্ৰত ভাৰতে সংযম প্ৰয়োগ কৰিলেঃ প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতৰ বিমান আক্ৰমণৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ‘কিছু সময়ৰ আগতে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পি অ’ কেত অৱস্থিত সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰিছিল, য’ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰা হৈছিল ।’ লগতে কোৱা হৈছে যে এই আক্ৰমণত মুঠ ৯ টা স্থানক লক্ষ্য কৰি লোৱা হৈছিল ।

ইয়াত স্পষ্টকৈ কোৱা হৈছে যে আমাৰ কাৰ্য্য অপ্ৰৰোচনামূলক । কোনো পাকিস্তানী সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হোৱা নাই । ভাৰতে নিজৰ লক্ষ্য বাছনি কৰাৰ ক্ষেত্ৰত সংযম অব্যাহত ৰাখিছে ।

এই অভিযানৰ বাবে কিয় নাম দিয়া হ’ল, ‘অপাৰেচন সিন্দুৰ’…?

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি হত্যা কৰিছিল নিৰীহ ভাৰতীয় পৰ্যটকক । এই সন্ত্ৰাসবাদী আক্ৰমণত বহু মহিলাই নিজৰ স্বামীক চিৰদিনৰ বাবে হেৰুৱাই । এই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতে ১৫ দিন পিছত নিখুঁত আক্ৰমণৰ জৰিয়তে পাকিস্তান অধিকৃত কাশ্মীৰত (POK) ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে । ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এই অভিযানৰ নাম ‘অপাৰেচন সিন্দুৰ’ ৰাখিছে । এয়া সেইসকল মহিলাৰ প্ৰতীক, যিসকলে সন্ত্ৰাসবাদী আক্ৰমণত নিজৰ স্বামী হেৰুৱাইছিল ।

ধৰ্ম সুধি ২৬ গৰাকী পৰ্যটকক গুলীয়াই হত্যা-

উল্লেখ্য যে ২২ এপ্ৰিলত পহলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰি নিৰীহ পৰ্যটকক হত্যা কৰিছিল । এই আক্ৰমণত ২৫ জন ভাৰতীয় আৰু এজন নেপালৰ যুৱক নিহত হয় । আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ধৰ্ম সুধি কেৱল পুৰুষকহে হত্যা কৰিছিল । এই আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত আছিল । পাকিস্তানক পাঠ শিকাবলৈ ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পৰা আৰম্ভ কৰি পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰালৈকে কেইবাটাও বাধা আৰোপ কৰিছিল । এই আক্ৰমণক বিশ্ব পৰ্যায়তো গৰিহণা দিয়া হৈছিল ।

সীমান্তত বায়ুসেনাৰ অনুশীলনৰ বাবে প্ৰস্তুতি-

ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিছে যেতিয়া ভাৰতীয় বায়ুসেনাই ইতিমধ্যে পাকিস্তান সীমান্তত পহলগামৰ দোষী আৰু ষড়যন্ত্ৰকাৰীক শিক্ষা দিবলৈ এক বৃহৎ যুদ্ধ অনুশীলন কৰিবলৈ ওলাইছে । ইয়াত ৰাফেল, মিৰাজ-২০০০, তেজছ আৰু চুখই-৩০ৰ দৰে সকলো ফ্ৰণ্টলাইন যুদ্ধ বিমান অন্তৰ্ভুক্ত হ’ব । একে সময়তে আজি দেশৰ ২৫৯খন স্পৰ্শকাতৰ জিলাত অসামৰিক নিৰাপত্তা পৰীক্ষাৰ বাবে মক ড্ৰিল অনুষ্ঠিত কৰা হ’ব ।

স্থল আৰু আকাশত শত্ৰুৰ লক্ষ্য ধ্বংস কৰাৰ ক্ষমতা পৰীক্ষা কৰিব বায়ুসেনাই-

বায়ুসেনাৰ এই অনুশীলনত এৱাকছৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও জড়িত হ’ব । এই সময়ছোৱাত বায়ুসেনাই স্থল আৰু আকাশত শত্ৰুৰ লক্ষ্য ধ্বংস কৰাৰ ক্ষমতা পৰীক্ষা কৰিব । কেন্দ্ৰীয় চৰকাৰে সীমান্ত অনুশীলনৰ বাবে এয়াৰমেনলৈ জাননী (NOTEM) জাৰি কৰিছে । কোনো বিশেষ অঞ্চলত বিমান চলাচলৰ সন্দৰ্ভত সাৱধানতা অৱলম্বন কৰিবলৈ এই জাননী জাৰি কৰা হৈছে ।

অনুশীলনৰ সময়ত যাত্ৰীবাহী বিমান চলাচল নিষিদ্ধ-

নোটামৰ তথ্য অনুসৰি আজি বিয়লি ৩:৩০ বজাৰ পৰা ৮ মে’ৰ নিশা ৯:৩০ বজালৈ চলিব বায়ুসেনাৰ অনুশীলন । এই সময়ছোৱাত যাত্ৰীবাহী বিমান চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হ’ব । ভাৰতীয় বায়ুসেনাৰ যুদ্ধ প্ৰস্তুতিৰ অংশ হিচাপে যুদ্ধ বিমান, চোৰাংচোৱা বিমান আৰু অন্যান্য আকাশী অভিযান মোতায়েনকে ধৰি বিভিন্ন কাৰ্যকলাপৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এই আকাশমাৰ্গ নিষেধাজ্ঞাৰ ব্যৱস্থা কৰা হৈছে ।

যুদ্ধ হ’বই ! পাকিস্তান সীমান্তত ভাৰতে কৰিব যুদ্ধাভ্যাস… ঘোষণা কৰা হ’ল NOTAM

পাকিস্তান সীমান্তত যুদ্ধাভ্যাসৰ বাবে ভাৰতে NOTAM অৰ্থাৎ Air Mission System লৈ জাননী জাৰি কৰিছে । দেশৰ ২৪৪খন জিলাত ৭ মে’ত মক ড্ৰিল অনুষ্ঠিত হ’ব । আচলতে NOTAM হৈছে এনে এখন জাননী য’ত যিকোনো বিমান পৰিবহণৰ সুবিধা, সেৱা, প্ৰক্ৰিয়া বা বিপদৰ প্ৰতিষ্ঠা, অৱস্থা বা পৰিৱৰ্তনৰ সৈতে জড়িত তথ্য থাকে । ৭ মে’ত পাকিস্তানৰ সীমান্তৱৰ্তী বহু জিলাতো মক ড্ৰিল হোৱাৰ সম্ভাৱনা আছে, এনে পৰিস্থিতিত ভাৰতে ইতিমধ্যে NOTAM জাৰি কৰিছে । বুধবাৰে যদি এয়াৰ ড্ৰিল কৰা হয় তেন্তে পাকিস্তান সীমান্তৰ সমীপৰ বিমানবন্দৰত বিমান সেৱা বন্ধ হৈ থাকিব পাৰে ।

সমগ্ৰ দেশতে মক ড্ৰিলৰ প্ৰস্তুতি-

পহলগামত ২৬ জন নিৰীহ লোকক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ পিছতে সমগ্ৰ দেশতে ক্ষোভৰ জুই বিয়পি পৰিছে । লগতে সমগ্ৰ বিশ্বই এই ঘটনাক তীব্ৰ গৰিহণা দিছে । এই ঘটনাৰ পিছৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে আৰু ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পাছতে গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক ম’ক ড্ৰিল কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ ভিতৰত থাকিব বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন, নিয়ন্ত্ৰণ কক্ষ, বায়ুসেনাৰ সৈতে হটলাইন, আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহ পৰীক্ষা কৰা ।

এই মক ড্ৰিলত ব্লেকআউট আৰু বিমান আক্ৰমণৰ ক্ষেত্ৰত জৰুৰীকালীন খালী কৰাৰো অভ্যাস কৰা হ’ব । দিল্লী, মুম্বাই, বেংগালুৰু আদি বহু সৰু-বৰ চহৰত বিদ্যুৎ কেন্দ্ৰ, কাৰখানা আৰু ৰাজহুৱা পৰিকাঠামো লুকুৱাই ৰখাৰ অনুশীলন অনুষ্ঠিত হ’ব । উল্লেখ্য য়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনাক প্ৰতিশোধ ল’বলৈ স্বাধীনতা প্ৰদান কৰিছে ।