বিজয় হাজাৰে ট্ৰফী : ব্যৰ্থ ৰোহিত শৰ্মা, পুনৰ গৰজিল বিৰাট কোহলীৰ বেটে

চলিত বিজয় হাজাৰে ট্ৰফীত আজি প্ৰত্যেটো দলে নিজৰ দ্বিতীয়খন মেচ খেলে । পূৰ্বৰ মেচত শতৰান সংগ্ৰহ কৰা ৰোহিত শৰ্মা আজি চূড়ান্ত ব্যৰ্থ হয় ।

শুকুৰবাৰে ২০২৫-২৬ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীৰ সকলো দলৰ দ্বিতীয়খন খেল আছিল । পূর্বৰ খেলখনত শতক অর্জন কৰা বিৰাট কোহলীয়ে আন এক উজ্জ্বল ইনিংছ খেলে যদিও হিটমেন ৰোহিত শর্মা ব্যৰ্থ হয় । পূর্বৰ খেলখনত শতক অর্জন কৰা ৰোহিতে আজি প্রথম বলতে আউট হয় ৷ ইফালে প্ৰথম আৰু দ্বিতীয় দুয়োখন খেলতে শতক অৰ্জন কৰে দেৱদত্ত পাদিক্কাল আৰু ধ্ৰুৱ শ্বোৰেই ।

বিৰাট কোহলী-

দিল্লীৰ খেলুৱৈ বিৰাট কোহলীয়ে পূর্বৰ খেলখনত অন্ধ্রৰ বিৰুদ্ধে ১৩১ ৰান সংগ্ৰহ কৰিছিল । আজি তেওঁ বি চি চি আই চেণ্টাৰ অৱ এক্সেলেন্সত গুজৰাটৰ বিৰুদ্ধে ৭৭ ৰানৰ ইনিংছ খেলে । ৬১টা বলৰ এই ইনিংছত কোহলীয়ে এটা ছয় আৰু ১৩টা চাৰি কোবাই । উল্লেখ্য যে, এই টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ পূৰ্বে কোহলীয়ে মাত্ৰ দুখন মেচ খেলিব বুলি খবৰ ওলাইছিল ।

ৰোহিত শৰ্মা-

কোহলীৰ দৰেই ৰোহিত শৰ্মাইয়ো মুম্বাইৰ হৈ বিজয় হাজাৰে ট্ৰফীৰ প্ৰথম দুখন মেচ খেলিব বুলি খবৰ প্ৰকাশ পাইছিল । আজি দ্বিতীয়খন মেচ আছিল, য’ত ৰোহিতে তেওঁৰ প্ৰথমটো বলতে উইকেট বিসৰ্জন দিয়ে । পূর্বৰ খেলখনত ছিকিমৰ বিৰুদ্ধে ৯৪টা বলত ১৫৫ ৰান সংগ্ৰহ কৰা ৰোহিতে তেওঁ এই ইনিংছত ৯টা ছয় আৰু ১৮টা চাৰি কোবাই । খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল ৰোহিত ।

ঋষভ পন্ট-

দিল্লীৰ অধিনায়ক ঋষভ পন্টে আজি গুজৰাটৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি ৭৯টা বলত দুটা ছয় আৰু ৮টা চাৰিৰ সহায়ত ৭০ ৰান সংগ্ৰহ কৰে । ছিকিমৰ বিৰুদ্ধে পূর্বৰ খেলখনত পণ্টে মাত্ৰ ৫ ৰানহে কৰিছিল ৷

ৰিংকু সিং-

উত্তৰ প্ৰদেশৰ অধিনায়ক ৰিংকু সিঙে আজি চণ্ডীগড়ৰ বিৰুদ্ধে ১০৬ ৰানৰ অপৰাজিত ইনিংছ খেলে । এই বিস্ফোৰক ইনিংছত ৰিংকুৱে ১৭৬.৬৭ ষ্ট্ৰাইক ৰেটত খেলি চাৰিটা ছয় আৰু ১১টা চাৰি কোবাই । পূৰ্বৰ খেলখনত হায়দৰাবাদৰ বিৰুদ্ধে ৬৭ ৰান সংগ্ৰহ কৰিছিল ৰিংকুৱে ।

দেৱদত্ত পাদিক্কাল আৰু ধ্ৰুৱ শ্বোৰেৰ দ্বিতীয়টো শতক-

কৰ্ণাটকৰ হৈ খেলা দেৱদত্ত পাদিক্কালে ঝাৰখণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত ১৪৭ ৰান সংগ্ৰহ কৰিছিল । আজি কেৰালাৰ বিৰুদ্ধেও তেওঁ শতক অৰ্জন কৰে । ৩টা ছয় আৰু ১২টা চাৰিৰ সহায়ত ১৩৭টা বলত ১২৪ ৰান সংগ্ৰহ কৰে পাদিক্কালে । দুখনকৈ মেচ খেলাৰ পিছত তেওঁ চলিত বিজয় হাজাৰে ট্ৰফীৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । তেওঁ দুখন মেচত ২৭১ ৰান সংগ্ৰহ কৰিছে ।

ইফালে বিদৰ্ভৰ বেটছমেন ধ্ৰুৱ শ্বোৰেই আজি হায়দৰাবাদৰ বিৰুদ্ধে অপৰাজিত ১০৯ ৰান সংগ্ৰহ কৰে । পূৰ্বৰ খেলখনত তেওঁ বংগৰ বিৰুদ্ধে ১৩৬ ৰান সংগ্ৰহ কৰিছিল । চলিত বিজয় হাজাৰে ট্ৰফীত তেওঁ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী ।

কৰুণ নায়াৰ-

কৰ্ণাটকৰ বেটছমেন কৰুণ নায়াৰে আজি কেৰালাৰ বিৰুদ্ধে ১৩০ ৰানৰ অপৰাজিত ইনিংছ খেলে, যাৰ বাবে তেওঁ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে । ইয়াৰ পূৰ্বে ঝাৰখণ্ডৰ বিৰুদ্ধে খেলখনত তেওঁ মাত্ৰ ২৯ ৰানহে কৰিছিল ।

দীপৰাজ গৌনকাৰ-

আজি হিমাচলৰ বিৰুদ্ধে গোৱাৰ অলৰাউণ্ডাৰ দীপৰাজ গৌনকাৰে ৭১ ৰান আৰু ৫টা উইকেট দখল কৰে । গোৱাই ৮ উইকেটত জয়লাভ কৰে আৰু দীপৰাজে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে । ইয়াৰোপৰি ছত্তীশগড়ৰ বিৰুদ্ধে পূর্বৰ খেলখনত ৪টা উইকেট দখল কৰিছিল তেওঁ ৷ বৰ্তমান তেওঁ চলিত সংস্কৰণৰ বিজয় হাজাৰে ট্ৰফীৰ আগশাৰীৰ উইকেট দখলকাৰী ।

মহম্মদ ছামী-

আজি বিজয় হাজাৰে ট্ৰফীত বংগই বৰোদাৰ বিৰুদ্ধে খেলিছিল । প্ৰথমে বেটিং কৰি বংগই মাত্ৰ ২০৫ ৰানহে কৰিবলৈ সক্ষম হয় । লক্ষ্য সৰু আছিল যদিও মহম্মদ ছামীয়ে তৃতীয় অভাৰত এটা উইকেট দখল কৰি দলটোক ভাল আৰম্ভণি দিয়ে । তেওঁ মিতেশ পেটেলক ১১ ৰানত আউট কৰে যদিও তাৰ পাছত ছামীয়ে কোনো উইকেট ল’ব নোৱাৰিলে । তেওঁ ৯ অভাৰত ১/৪২ত নিজৰ স্পেলৰ অন্ত পেলায় ।

লগতে পঢ়ক : ২০২৫ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইসকল বেটছমেনে বিস্তাৰ কৰিলে আধিপত্য…

বিজয় হাজাৰে ট্ৰফীৰ প্ৰথম দিনটোতে ভংগ হ’ল এই ১০ টা অভিলেখ… জিলিকিল ৰোহিত-কোহলী

আজিৰে পৰা অনুষ্ঠিত হোৱা বিজয় হাজাৰে ট্ৰফীৰ প্ৰথম দিনটোতেই ভংগ হয় কেইবাটাও অভিলেখ…

বুধবাৰৰ পৰা আৰম্ভ হৈছে ২০২৫-২৬ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফী । এই প্ৰতিযোগিতাৰ প্ৰথম দিনাই বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই শতক অৰ্জন কৰাৰ বিপৰীতে ওড়িশাৰ স্বস্তিক সমলে দ্বি শতক অৰ্জন কৰে । অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে বিহাৰে ৫৭৪ ৰান সংগ্ৰহ কৰি কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয় । বিহাৰৰ হৈ তিনিজন বেটছমেন (বৈভৱ সূৰ্যবংশী, ছাকিবুল গণি আৰু আয়ুষ আনন্দ) শতক অৰ্জন কৰে । প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোত হোৱা ১০টা ডাঙৰ অভিলেখ জানক…

ৰোহিত শৰ্মাৰ বিশেষ অভিলেখ-

ছিকিমৰ বিৰুদ্ধে মুম্বাইৰ খেলুৱৈ ৰোহিত শৰ্মাই ১৫৫ ৰান সংগ্ৰহ কৰে । ৯৪ বলৰ এই ইনিংছত তেওঁ ৯টা ছয় আৰু ১৮টা চাৰি কোবাই । বিজয় হাজাৰে ট্ৰফীত শতক অৰ্জন কৰা দ্বিতীয়গৰাকী জ্যেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয় ৰোহিত । বৰ্তমান তেওঁৰ বয়স ৩৮ বছৰ ২৩৮ দিন । এই অভিলেখত তেওঁক অতিক্ৰম কৰিছে মাত্ৰ ৩৯ বছৰ সম্পূৰ্ণ কৰাৰ পিছত শতক অৰ্জন কৰা বংগৰ অনুষ্টুপ মজুমদাৰে ।

অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে-

দিল্লীৰ বেটছমেন বিৰাট কোহলীয়ে অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে ১০১টা বলত ১৩১ ৰানৰ বিস্ফোৰক ইনিংছ খেলে যদিও তেওঁ মাত্ৰ এটা ৰান সংগ্ৰহ কৰাৰ লগে লগে উল্লেখযোগ্য অভিলেখ গঢ়িবলৈ সক্ষম হয় । তেওঁ পুৰুষৰ লিষ্ট এ ক্ৰিকেটত দ্ৰুততম ১৬ হাজাৰ ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হয় । কোহলীয়ে ৩৩০ ইনিংছত এই কৃতিত্ব অৰ্জন কৰে আৰু ৩৯১ ইনিংছত লিষ্ট এ ক্ৰিকেটত শচীন টেণ্ডুলকাৰৰ ১৬ হাজাৰ ৰান অতিক্ৰম কৰে ।

স্বস্তিক সমলে ৰচিলে ইতিহাস-

আজি ওড়িশাৰ স্বস্তিক সমলে বিজয় হাজাৰে ট্ৰফীত সৰ্বোচ্চ ব্যক্তিগত ইনিংছ খেলি সৌৰাষ্ট্ৰৰ বিৰুদ্ধে দ্বি শতক অৰ্জন কৰে । ১৬৯টা বলত ২১২ ৰান সংগ্ৰহ কৰি লিষ্ট এ ক্ৰিকেটত ওড়িশাৰ হৈ দুটা শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় । অৱশ্যে এই ঐতিহাসিক ইনিংছৰ পিছতো তেওঁৰ দলটো খেলখনত পৰাস্ত হয় ।

দ্বিতীয় বৃহৎ জয়-

বিহাৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৩৯৭ ৰানৰ বৃহৎ জয় লাভ কৰে । লিষ্ট এ ক্ৰিকেটত ৰানৰ হিচাপত এয়া দ্বিতীয় বৃহত্তম জয় । ২০২২-২৩ চনত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৪৩৫ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰা তামিলনাডু প্ৰথম স্থানত আছে ।

ছাকিবুল গণিৰ দ্ৰুততম শতক-

বিহাৰৰ অধিনায়ক ছাকিবুল গণিয়ে ৩২টা বলত শতক অৰ্জন কৰে, যিটো পুৰুষৰ তালিকা এ ক্ৰিকেটত এজন ভাৰতীয়ৰ দ্ৰুততম শতক । ২০২৪ চনত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৩৫টা বলত শতক অৰ্জন কৰা অনমলপ্ৰীত সিঙৰ অভিলেখ ভংগ কৰে তেওঁ ।

ইতিহাসত প্ৰথমবাৰৰ বাবে-

বিজয় হাজাৰে ট্ৰফীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিজন বেটছমেনে এটা ইনিংছত শতক অৰ্জন কৰিছে । বিহাৰৰ হৈ বৈভৱ সূৰ্যবংশী, অধিনায়ক ছাকিবুল গণি আৰু আয়ুষ আনন্দে শতক অৰ্জন কৰে । তিনিওজনে ৫০টাতকৈও কম বলত শতক অৰ্জন কৰিছিল ।

সৰ্বোচ্চ ইনিংছ-

বিহাৰ ক্ৰিকেট দলটোৱে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫৭৪ ৰান সংগ্ৰহ কৰি পুৰুষৰ তালিকা এ ক্ৰিকেটৰ সৰ্বাধিক মুঠ ৰান সংগ্ৰহ কৰে । ইয়াৰ পূৰ্বে কেৱল এটা ইনিংছহে ৫০০ ৰান অতিক্ৰম কৰিছে, ২০২২-২৩ চনত তামিলনাডুৱে ৫০৬ ৰান সংগ্ৰহ কৰিছিল ।

বৈভৱ সূৰ্য্যবংশীৰ অভিলেখ-

বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ৮৪টা বলত ১৯০ ৰান সংগ্ৰহ কৰে । মাত্ৰ ১০ ৰানৰ বাবে তেওঁ দ্বি শতকৰ পৰা বঞ্চিত হয় । ৫৯টা বলত ১৫০ ৰান সংগ্ৰহ কৰি লিষ্ট এ ক্ৰিকেটত আটাইতকৈ কম বলত ১৫০ ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হয় বৈভৱ ।

বংগৰ সৰ্ববৃহৎ জয়-

প্ৰথমে বেটিং কৰি বিদৰ্ভই ৩৮২ ৰান সংগ্ৰহ কৰে । এই বিশাল লক্ষ্যক অনুসৰণ কৰি শ্বাহবাজ আহমেদ (৭১), অভিমন্যু ইশ্বৰন (৭১) আৰু সুদীপ কুমাৰে (৬৮) শক্তিশালী ইনিংছ খেলি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ৩৮৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি বংগই ৩ উইকেটত জয়লাভ কৰি এদিনীয়া ক্ৰিকেটত বংগৰ সৰ্বোচ্চ সফল ৰান চেজ কৰে ।

এটা ইনিংছত সৰ্বাধিক ছয়-

বিহাৰ ক্ৰিকেট দলৰ ৫৭৪ ৰানৰ ইনিংছত মুঠ ৩৮টা ছয়, বিজয় হাজাৰে ট্ৰফীৰ ইতিহাসত একক ইনিংছত সৰ্বাধিক ছয় । বৈভৱ সূৰ্য্যবংশীয়ে ১৫টা ছয়  আৰু ছাকিবুল গণিয়ে ১২ টা ছিক্স কোবাই ।

লগতে পঢ়ক : বিজয় হাজাৰেত বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰণ… ৰানৰ বৰষুণেৰে গঢ়িলে এই অভিলেখ

বিজয় হাজাৰেত ৰোহিত-কোহলীৰ দুৰ্দান্ত শতক… ব্যৰ্থ ঋষভ পন্ট

বিজয় হাজাৰে ট্ৰফীৰ বুধবাৰে অনুষ্ঠিত হোৱা মেচত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে নিজ নিজ দলৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই । দুয়োগৰাকী তাৰকাই বিস্ফোৰক শতক অৰ্জন কৰে ।

২৪ ডিচেম্বৰ বুধবাৰৰ দিনটো ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে বিশেষ দিন আছিল । এই দিনটোত টিম ইণ্ডিয়াৰ দুই ডাঙৰ তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক পুনৰবাৰ ঘৰুৱা ক্ৰিকেট খেলা দেখা গ’ল । দুয়োগৰাকী কিংবদন্তিয়ে বিজয় হাজাৰে ট্ৰফী ২০২৫ত নিজ নিজ দলৰ হৈ খেলপথাৰত নামি নিজৰ বেটিং দক্ষতা প্ৰদৰ্শন কৰে । অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে দিল্লীৰ হৈ বিৰাট কোহলীয়ে শতক অৰ্জন কৰাৰ বিপৰীতে ছিকিমৰ বিৰুদ্ধে মুম্বাইৰ জাৰ্চি পিন্ধা ৰোহিত শৰ্মাই বিস্ফোৰক শতক অৰ্জন কৰে ।

কোহলীৰ শতকেৰ সহায়ত অন্ধ্ৰপ্ৰদেশক পৰাস্ত কৰিলে দিল্লীয়ে-

বি চি চি আই চেণ্টাৰ অৱ এক্সেলেন্সত অনুষ্ঠিত হয় দিল্লী আৰু অন্ধ্ৰ প্ৰদেশৰ মাজৰ খেলখন । দিল্লীয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । চলিত বিজয় হাজাৰেত বিৰাট কোহলী দিল্লী দলৰ অংশ কিন্তু দলটোৰ অধিনায়ক ঋষভ পন্ট । এই মেচখন প্ৰথমে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তত খেলৰ স্থান সলনি কৰা হয় । ঘৰুৱা ক্ৰিকেটত কোহলীৰ উপস্থিতিয়ে যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিছে । অন্ধ্ৰ প্ৰদেশে ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ২৯৮ ৰান সংগ্ৰহ কৰে ।

ইয়াৰ উত্তৰত দিল্লীয়ে ৩৭.৪ অভাৰত ৬টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় । ১৫ বছৰৰ পাছত বিজয় হাজাৰে ট্ৰফীলৈ ঘূৰি অহা কিং কোহলীয়ে ৮৪টা বলত শতক অৰ্জন কৰে । ১৪টা চাৰি আৰু তিনিটা ৬ৰ সহায়ত ১০১টা বলত ১৩১ ৰান সংগ্ৰহ কৰি আউট হয় কোহলী । তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১২৯.৭০ । কোহলীয়ে এবিজয় হাজাৰেত শেষবাৰৰ বাবে ২০০৯/১০ ছিজনত অংশগ্ৰহণ কৰিছিল । ইয়াৰ উপৰিও প্ৰিয়ংশ আৰ্য্যই ৪৪টা বলত ৭৪ ৰানৰ ইনিংছ খেলে । নীতিশ ৰাণাই ৯টা চাৰি আৰু দুটা ৬ৰ সহায়ত ৫৫টা বলত ৭৭ ৰান সংগ্ৰহ কৰে । অধিনায়ক ঋষভ পন্ট ব্যৰ্থ হয় । তেওঁ মাত্ৰ পাঁচ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

ছিক্কিমৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ বিস্ফোৰক শতক-

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হয় মুম্বাই আৰু ছিকিমৰ মাজত খেলখন । ছিকিমে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় । চলিত বিজয় হাজাৰেত মুম্বাই দলৰ অংশ ৰোহিত শৰ্মা, দলটোৰ অধিনায়কৰ দায়িত্বত আছে শ্বাৰ্দুল ঠাকুৰ । ৰোহিতে বহুদিনৰ মূৰত ঘৰুৱা ক্ৰিকেট খেলিছে, অনুৰাগীয়ে তেওঁৰ পৰা এটা ডাঙৰ ইনিংছ আশা কৰিছিল । অৱশ্যে অনুৰাগীৰ আশা পূৰ্ণ কৰে হিটমেনে । ছিকিমে ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৩৬ ৰান সংগ্ৰহ কৰে ।

প্ৰত্যুত্তৰত মুম্বাইয়ে ৩০.৩ অভাৰত দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় । ৰোহিত শৰ্মাই আগ্ৰাসী বেটিং কৰে । ৮টা চাৰি আৰু আঠটা ৬ৰ সহায়ত ৬২টা বলত শতক অৰ্জন কৰে ৰোহিতে । ইয়াৰ পিছত তেওঁ ৯১টা বলত ১৫০ ৰান সম্পূৰ্ণ কৰে । ১৮টা চাৰি আৰু ৯টা ৬ৰ সহায়ত ৯৪টা বলত ১৫৫ ৰান সংগ্ৰহ কৰি আউট হয় ৰোহিত শৰ্মা । অংকৃশ ৰঘুবংশীয়ে ৫৮টা বলত ৩৮ ৰানৰ ইনিংছ খেলে । ইফালে, মুছিৰ খানে ২৬টা বলত ২৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে আৰু ছৰফৰাজ খানে ৫ বলত ৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

কিয় ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি আহিল বিৰাট-ৰোহিত ?

কেন্দ্ৰীয় চুক্তিবদ্ধ খেলুৱৈসকলে এই ছিজনত কমেও দুখন ঘৰুৱা মেচ খেলাটো বাধ্যতামূলক কৰিছে বি চি চি আইয়ে । এই নিয়মৰ অধীনত বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি আহিছে । সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সীমাবদ্ধ এই দুজন খেলুৱৈয়ে এতিয়া ঘৰুৱা মঞ্চত যুৱসকলৰ সৈতে খেলি আছে, যিটো অনুৰাগীৰ বাবে এক বিৰল আৰু বিশেষ সুযোগ ।

লগতে পঢ়ক : স্মৃতি মন্ধানাই হেৰুৱালে প্ৰথম স্থান; দীপ্তি শৰ্মাই ৰচিলে ইতিহাস… আইচিচিৰ ৰেংকিঙত ডাঙৰ পৰিৱৰ্তন

বিজয় হাজাৰে ট্ৰফীত খেলপথাৰত অনুৰাগীয়ে দেখা নাপাব বিৰাট কোহলীৰ বেটিং…

চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হবলগা বিজয় হাজাৰে ট্ৰফীৰ মেচত অনুৰাগীয়ে হয়তো দেখা নাপাব পাৰে বিৰাট কোহলীৰ বেটিং… জানক কাৰণ

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত বিৰাট কোহলীৰ বহু প্ৰত্যাশিত প্ৰত্যাৱৰ্তন হয়তো ষ্টেণ্ডত থকা দৰ্শকে দেখা নাপাব । খবৰ অনুসৰি এই বিজয় হাজাৰে ট্ৰফী মেচখন নিৰাপত্তাজনিত চিন্তাৰ বাবে বন্ধ দুৱাৰৰ আঁৰত অনুষ্ঠিত হ’ব পাৰে ।

খবৰ অনুসৰি চিন্নাস্বামী ষ্টেডিয়ামত বিজয় হাজাৰে ট্ৰফীৰ খেলসমূহ দৰ্শক নোহোৱাকৈ অনুষ্ঠিত কৰিবলৈ কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাক নিৰ্দেশ দিবলৈ সাজু হৈছে কৰ্ণাটক চৰকাৰ । যদিও কে এছ চি এই দুটা ষ্টেণ্ড জনসাধাৰণৰ বাবে মুকলি কৰাৰ বিকল্পৰ সন্ধান কৰিছিল, যাৰ ফলত প্ৰায় ২০০০ৰ পৰা ৩০০০ দৰ্শকৰ প্ৰৱেশৰ সুবিধা আছিল, এই প্ৰস্তাৱে ৰাজ্য চৰকাৰৰ বিৰোধিতাৰ সন্মুখীন হৈছিল । বিশেষকৈ চলিত বন্ধৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষা, নিয়ম মানি চলা, ভিৰ নিয়ন্ত্ৰণৰ সন্দৰ্ভত বিষয়াসকলে আপত্তি উত্থাপন কৰিছে ।

চিন্তাৰ মূল কাৰণ হৈছে জড়িত খেলুৱৈসকলৰ জনপ্ৰিয়তা । দিল্লী দলৰ প্ৰথম দুখন মেচৰ বাবে বিৰাট কোহলী আৰু ঋষভ পন্’ৰ উপলব্ধতাৰ বাবেই কে এছ চি এয়ে লজিষ্টিক অসুবিধাৰ পৰা হাত সাৰিবলৈ আলুৰৰ পৰা চিন্নাস্বামী ষ্টেডিয়ামলৈ স্থান স্থানান্তৰিত কৰে । কিন্তু এই সিদ্ধান্তই বেংগালুৰুৰ কেন্দ্ৰীয় ব্যৱসায়িক জিলাত যানজঁট আৰু আইন-শৃংখলাৰ বিষয়ে আৰু অধিক উদ্বেগ প্ৰকাশ কৰে ।

কে এছ চি এৰ আনুষ্ঠানিক অনুৰোধৰ পিছতে সোমবাৰে চৰকাৰে নিযুক্তি দিয়া এখন কমিটীয়ে ষ্টেডিয়ামখন পৰিদৰ্শন কৰে । মঙলবাৰে বিশদ প্ৰতিবেদন দাখিল হোৱাৰ সম্ভাৱনা আছে যদিও ইয়াৰ তথ্যই চৰকাৰৰ বৰ্তমানৰ চিন্তাধাৰা সলনি কৰাৰ সম্ভাৱনা নাই বুলি সূত্ৰই প্ৰকাশ কৰিছে, কিয়নো প্ৰশাসনে দৰ্শকক অনুমতি দিয়াৰ ক্ষেত্ৰত সতৰ্ক হৈ আছে ।

সোমবাৰে গভীৰ নিশা বেংগালুৰুত উপস্থিত হোৱা বিৰাট কোহলী আৰু ঋষভ পণ্টে ২৪ ডিচেম্বৰত অন্ধ্ৰপ্ৰদেশৰ বিৰুদ্ধে দিল্লীৰ প্ৰথমখন বিজয় হাজাৰে ট্ৰফী খেলৰ পূৰ্বে দলটোৰ সৈতে অনুশীলন কৰাৰ সম্ভাৱনা আছে । ৪ জুনত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ পিছত চিন্নস্বামী ষ্টেডিয়ামত কোহলীৰ এইখন প্ৰথমখন খেল হ’ব । এই ঘটনাত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এলৰ খিতাপ জয়ত অনুষ্ঠিত কৰা সমাৰোহত পদপিষ্ট হৈ ১১জন লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক : বিজয় হাজাৰে ট্ৰফীৰ এই দুখন মেচত খেলিব ৰোহিত শৰ্মাই ! থাকিব এইগৰাকী কিংবদন্তিও

বিজয় হাজাৰে ট্ৰফীৰ এই দুখন মেচত খেলিব ৰোহিত শৰ্মাই ! থাকিব এইগৰাকী কিংবদন্তিও

আগন্তুক বিজয় হাজাৰে ট্ৰফীত খেলা দেখা যাব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা । কেতিয়া আৰু কোন কেইখন মেচ খেলিব তেওঁ…

ৰোহিত শৰ্মা সন্দৰ্ভত এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে । শেহতীয়া খবৰ অনুসৰি বিজয় হাজাৰে ট্ৰফীত মুম্বাইৰ প্ৰথম দুখন খেলৰ বাবে ভাৰতীয় প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা নিৰ্বাচনৰ বাবে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে । ২৪ আৰু ২৬ ডিচেম্বৰত ছিকিম আৰু উত্তৰাখণ্ডৰ বিৰুদ্ধে মেচৰ বাবে ৰোহিত মুম্বাইৰ দলৰ অংশ হ’ব পাৰে ।

ইয়াৰ পূৰ্বে কোৱা হৈছিল যে মুম্বাইয়ে তেওঁলোকৰ এজন ডাঙৰ তাৰকা অবিহনে বিজয় হাজাৰে ট্ৰফী অভিযান আৰম্ভ কৰিব, কিয়নো ৰোহিতে প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত অংশ ল’ব নোৱাৰিব । তেওঁৰ অনুপস্থিতিয়ে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় বিৰতিৰ সময়ত ভাৰতীয় জ্যেষ্ঠ খেলুৱৈক ঘৰুৱা ক্ৰিকেট খেলা দেখিবলৈ আগ্ৰহী অনুৰাগীসকলৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছিল ।

গুৰুত্বপূৰ্ণ কথাটো হ’ল বা ৰাষ্ট্ৰীয় দল পৰিচালনাৰ কৰ্মবোজা ব্যৱস্থাপনাৰ বাবেও নহয় । এদিনীয়া প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ত যুৱ খেলুৱৈক সুযোগ দি মেচৰ চাপত মূল্যায়ন কৰিব বিচৰা মুম্বাইৰ নিৰ্বাচক দলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

১১ জানুৱাৰীৰ পৰা নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলা-

অৱশ্যে শেহতীয়াকৈ এক প্ৰতিবেদনে অনুৰাগীসকলৰ আশা পুনৰ জগাই তুলিছে যে তেওঁলোকে হয়তো প্ৰথম দুখন মেচত ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীক খেলা দেখিবলৈ পাব । ইয়াৰ পিছত ৰোহিত শৰ্মাৰ গুৰুত্ব ২০২৬ চনৰ ১১ জানুৱাৰীৰ পৰা নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলালৈ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে ।

যশস্বীও হ’ব এই প্ৰতিযোগিতাৰ অংশ-

প্ৰতিযোগিতাখনত ৰোহিত শৰ্মাৰ উপৰিও যশস্বী জয়ছোৱালে মুম্বাইৰ হৈ কেইখনমান মেচ খেলাৰ সম্ভাৱনা আছে । জয়ছোৱালে এই ছিজনত মুম্বাইৰ হৈ এখন ৰঞ্জি ট্ৰফী মেচ খেলিছিল আৰু চৈয়দ মুস্তাক আলী ট্ৰফীৰ অংশ আছিল যদিও গেষ্ট্ৰাইটিছৰ বাবে তেওঁৰ অভিযান চুটি হৈছিল ।

ভাৰতৰ টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু শিৱম ডুবেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ৩-১ ব্যৱধানত জয়লাভ কৰা দলটোৰ অংশ হিচাপে থকা দুয়োগৰাকী খেলুৱৈয়ে ৬ আৰু ৮ জানুৱাৰীত জয়পুৰত ক্ৰমে হিমাচল প্ৰদেশ আৰু পঞ্জাৱৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে বুলি এম চি এৰ বিষয়াই জনায় । ২১ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া নিউজীলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰো অংশ হ’ব সূৰ্যকুমাৰ আৰু ডুবে ।

বিজয় হাজাৰে ট্ৰফীৰ বাবে মুম্বাইক গ্ৰুপ চিত স্থান দিয়া হৈছে, য’ত পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম, ছত্তীশগড়, মহাৰাষ্ট্ৰ আৰু গোৱা আছে ।

লগতে পঢ়ক : মহিলা ক্ৰিকেটৰ বাবে ডাঙৰ উপহাৰ… বৃদ্ধি হ’ল ঘৰুৱা মহিলা খেলুৱৈৰ মেচ মাচুল

বিজয় হাজাৰে ট্ৰফীত কেতিয়া কেতিয়া খেলিব ৰোহিত-বিৰাটে ? জানক সম্পূৰ্ণ সূচী

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত বিজয় হাজাৰে ট্ৰফীত খেলিবলৈ সাজু হৈছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই । এই ট্ৰফীৰ বাবে এতিয়া অনুৰাগীয়ে আশাৰে বাট চাইছে । জানক এই প্ৰতিযোগিতাত কেতিয়া কেতিয়া মেচ খেলিব ৰোহিত-বিৰাটে…

বিজয় হাজাৰে ট্ৰফী হৈছে বি চি চি আইৰ উদ্যোগত আয়োজিত এ তালিকাভুক্ত প্ৰতিযোগিতা । অনুৰাগীসকলে এই ঘৰুৱা প্ৰতিযোগিতাখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, কিয়নো দীৰ্ঘদিনৰ বিৰতিৰ অন্তত বিৰাট কোহলী আৰু ৰোহিত শৰ্মায়ো এই প্ৰতিযোগিতাত খেলিব । কোহলীয়ে শেষবাৰৰ বাবে ২০১০ চনত, যেতিয়া তেওঁ কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত আছিল তেতিয়া এই প্ৰতিযোগিতাত খেলিছিল । বহু বছৰৰ পাছত বিজয় হাজাৰে ট্ৰফীত খেলিব ৰোহিত শৰ্মায়ো । বিজয় হাজাৰে ট্ৰফী ২০২৫-২৬ত বিৰাট আৰু ৰোহিতে কেতিয়া কেতিয়া মেচ খেলিব জানক ।

বিৰাট কোহলীয়ে ১৫ বছৰৰ পাছত বিজয় হাজাৰে ট্ৰফীত খেলিব আৰু ৭ বছৰৰ পাছত ৰোহিত শৰ্মাই । দুয়োগৰাকী প্ৰবীণ খেলুৱৈয়ে টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈ এতিয়া এদিনীয়া ফৰ্মেটতহে খেলি আছে । বিজয় হাজাৰে ট্ৰফীও এদিনীয়া ফৰ্মেটত খেলা হয় । এই প্ৰতিযোগিতাখন নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে দুয়োগৰাকী খেলুৱৈৰ বাবে বিশেষ প্ৰতিযোগিতা হ’ব যদিও পূৰ্বৰ শৃংখলাত দুয়োগৰাকী ভাল ফৰ্মত আছিল । বিজয় হাজাৰে ট্ৰফীত বিৰাট কোহলী আৰু ঋষভ পন্টে উপলব্ধতা নিশ্চিত কৰা বুলি ইতিমধ্যে ডি ডি চি এই নিশ্চিত কৰিছে আৰু প্ৰথম দুখন মেচৰ বাবে এছ’চিয়েশ্যনে দলো ঘোষণা কৰিছে ।

বিজয় হাজাৰে ট্ৰফীত কেতিয়া কেতিয়া মেচ খেলিব বিৰাট কোহলীয়ে ?

২০২৫-২০২৬ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীৰ বাবে দিল্লীক গ্ৰুপ ডিত স্থান দিয়া হৈছে, লগতে অন্ধ্ৰ প্ৰদেশ, গুজৰাট, হাৰিয়ানা, ওড়িশা, ৰেলৱে, সৌৰাষ্ট্ৰ আৰু চাৰ্ভিচেছৰ দলসমূহো আছে । প্ৰথম দুখন খেলৰ বাবে ডি ডি চি এৰ দল ঘোষণা কৰা হৈছে । ঋষভ পন্ট অধিনায়ক, আয়ুষ বদোনী উপ-অধিনায়ক । বিৰাট কোহলীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ডি ডি চি এই তেওঁৰ উপলব্ধতা নিশ্চিত কৰিছে । খবৰ অনুসৰি বিৰাটে প্ৰথম দুখন মেচ খেলিব । উল্লেখ্য যে ভাৰত বনাম নিউজীলেণ্ডৰ এদিনীয়া শৃংখলা ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ।

দিল্লীৰ সূচী-

২৪ ডিচেম্বৰ, ২০২৫ : বনাম অন্ধ্ৰ প্ৰদেশ (বেংগালুৰুত)

২৬ ডিচেম্বৰ, ২০২৫: বনাম গুজৰাট (বেংগালুৰুত)

২৯ ডিচেম্বৰ, ২০২৫: বনাম সৌৰাষ্ট্ৰ (আলুৰত)

৩১ ডিচেম্বৰ, ২০২৫: বনাম ওড়িশা (আলুৰত)

৩ জানুৱাৰী, ২০২৬: বনাম সেৱা (বেংগালুৰুত)

৬ জানুৱাৰী, ২০২৬: বনাম ৰেলৱে (আলুৰত)

৮ জানুৱাৰী, ২০২৬: বনাম হাৰিয়ানা (বেংগালুৰুত)

প্ৰথম দুখন মেচত খেলিব ৰোহিত শৰ্মাই-

২০২৫-২৬ বিজয় হাজাৰে ট্ৰফীত ছিকিম, উত্তৰাখণ্ড, ছত্তীশগড়, গোৱা, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদে  আৰু পঞ্জাৱৰ সৈতে মুম্বাই গ্ৰুপ চিত স্থান লাভ কৰিছে । খবৰ অনুসৰি ৰোহিত শৰ্মাই প্ৰথম দুখন মেচ খেলিব । চাওক মুম্বাইৰ গ্ৰুপ ষ্টেজৰ সূচী-

২৪ ডিচেম্বৰ, ২০২৫: বনাম ছিকিম (জয়পুৰত)

২৬ ডিচেম্বৰ, ২০২৫: বনাম উত্তৰাখণ্ড (জয়পুৰত)

২৯ ডিচেম্বৰ, ২০২৫: বনাম ছত্তীশগড় (জয়পুৰত)

৩১ ডিচেম্বৰ, ২০২৫: বনাম গোৱা (জয়পুৰত)

৩ জানুৱাৰী, ২০২৬: বনাম মহাৰাষ্ট্ৰ (জয়পুৰত)

৬ জানুৱাৰী, ২০২৬: বনাম হিমাচল প্ৰদেশ (জয়পুৰত)

৮ জানুৱাৰী, ২০২৬: বনাম পঞ্জাৱ (জয়পুৰত)

বিজয় হাজাৰে ট্ৰফীত ৰোহিত-বিৰাটৰ ৰেকৰ্ড-

এই প্ৰতিযোগিতাত এতিয়ালৈকে বিৰাট কোহলীয়ে ১৩খন খেলত ৬৮.২৫ গড়ে ৮১৯ ৰান সংগ্ৰহ কৰিছে । কোহলীৰ ষ্ট্ৰাইক ৰেট ১০৬.০৮ আৰু তেওঁৰ নামত আছে চাৰিটা শতক । ৰোহিতে ১৮খন খেলত ৩৮.৭ গড়ে ৫৮১ ৰান সংগ্ৰহ কৰিছে । বিজয় হাজাৰে ট্ৰফীত ৰোহিত শৰ্মাৰ নামত এটা শতক আৰু তিনিটা অৰ্ধশতক আছে ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ’ল ভাৰতীয় দল, জানক নিৰ্বাচিত খেলুৱৈসকলৰ বিগত এটা বছৰৰ প্ৰদৰ্শন