মহিলা ক্ৰিকেটৰ বাবে আশাপ্ৰদ খবৰ । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ডাঙৰ ঘোষণা কৰিছে ।
মহিলা ক্ৰিকেটৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ডাঙৰ ঘোষণা কৰিছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘৰুৱা মহিলা ক্ৰিকেটাৰ আৰু মেচ অফিচিয়েলৰ মেচ মাচুল বৃদ্ধিত অনুমোদন জনাইছে । ভাৰতৰ ঐতিহাসিক প্ৰথম মহিলা এদিনীয়া বিশ্বকাপ জয়ৰ পিছত লোৱা এই সিদ্ধান্তৰ লক্ষ্য হৈছে ঘৰুৱা ক্ৰিকেটত অধিক ন্যায্য আৰু সমতাপূৰ্ণ মাচুল গাঁথনি গঢ়ি তোলা । ব’ৰ্ডৰ এপেক্স কাউন্সিলে এই প্ৰস্তাৱত অনুমোদন জনায় ।
মহিলা ক্ৰিকেটাৰৰ মাচুল দুগুণতকৈয়ো অধিক বৃদ্ধি-
নতুন দৰমহাৰ গাঁথনিৰ অধীনত জ্যেষ্ঠ মহিলা ঘৰুৱা ক্ৰিকেটাৰসকলে এতিয়া প্ৰতিদিনে ৫০ হাজাৰ লাভ কৰিব, যিটো পূৰ্বে ২০ হাজাৰ আছিল । ৰিজাৰ্ভ খেলুৱৈয়ে এতিয়া প্ৰতিদিনে ২৫ হাজাৰ (পূৰ্বতে ১০ হাজাৰ ) লাভ কৰিব ।
ছিনিয়ৰ মহিলাৰ এদিনীয়া আৰু বহুদিনীয়া প্ৰতিযোগিতা
মূল একাদশ : প্ৰতিদিনে ৫০,০০০
ৰিজাৰ্ভ খেলুৱৈ: প্ৰতিদিনে ২৫,০০০
ৰাষ্ট্ৰীয় মহিলা টি-২০ প্ৰতিযোগিতা-
মূল একাদশ : প্ৰতিখন মেচত ২৫,০০০
ৰিজাৰ্ভ খেলুৱৈ : প্ৰতিখন মেচত ১২,৫০০
বি চি চি আইৰৰ মতে, এগৰাকী শীৰ্ষ ঘৰুৱা মহিলা ক্ৰিকেটাৰে গোটেই ছিজনটো সকলো ফৰ্মেটতে খেলিলে ১২ৰ পৰা ১৪ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰিব পাৰিব ।
জুনিয়ৰ মহিলা খেলুৱৈও লাভৱান-
২৩ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধ শাখাৰ মহিলা খেলুৱৈৰ মাচুলো বৃদ্ধি কৰা হৈছে ।
খেলুৱৈ : প্ৰতিদিনে ২৫,০০০
ৰিজাৰ্ভ খেলুৱৈ : প্ৰতিদিনে ১২,৫০০
মেচৰ অফিচিয়েলৰো উপাৰ্জন বৃদ্ধি-
এই সিদ্ধান্তই মেচ অফিচিয়েল যেনে আম্পায়াৰ আৰু মেচ ৰেফাৰীকো যথেষ্ট লাভৱান কৰিব ।
ঘৰুৱা লীগৰ খেল : প্ৰতিদিনে ৪০,০০০
নকআউট মেচ : প্ৰতিদিনে ৫০,০০০ ৰ পৰা ৬০,০০০ (মেচৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি)
ফলত এতিয়া ৰঞ্জী ট্ৰফী লীগ মেচত আম্পায়াৰসকলে প্ৰতিখন খেলত প্ৰায় ১.৬০ লাখ টকা উপাৰ্জন কৰিব, আনহাতে নকআউট মেচত ২.৫ৰ পৰা ৩ লাখ ₹ লাভ কৰিব ।
বি চি চি আইৰ পৰিকল্পনা-
বি চি চি আইৰ মতে এই সংশোধিত দৰমহা গাঁথনিয়ে মহিলা ক্ৰিকেটাৰ আৰু ঘৰুৱা মেচ বিষয়াসকলক উন্নত আৰ্থিক সুৰক্ষা প্ৰদান কৰিব, যাৰ ফলত দেশৰ ঘৰুৱা ক্ৰিকেটৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী হ’ব ।
লগতে পঢ়ক : বিজয় হাজাৰে ট্ৰফীত কেতিয়া কেতিয়া খেলিব ৰোহিত-বিৰাটে ? জানক সম্পূৰ্ণ সূচী









