মহিলা ক্ৰিকেটৰ বাবে ডাঙৰ উপহাৰ…  বৃদ্ধি হ’ল ঘৰুৱা মহিলা খেলুৱৈৰ মেচ মাচুল

মহিলা ক্ৰিকেটৰ বাবে আশাপ্ৰদ খবৰ । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ডাঙৰ ঘোষণা কৰিছে ।

মহিলা ক্ৰিকেটৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ডাঙৰ ঘোষণা কৰিছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘৰুৱা মহিলা ক্ৰিকেটাৰ আৰু মেচ অফিচিয়েলৰ মেচ মাচুল বৃদ্ধিত অনুমোদন জনাইছে । ভাৰতৰ ঐতিহাসিক প্ৰথম মহিলা এদিনীয়া বিশ্বকাপ জয়ৰ পিছত লোৱা এই সিদ্ধান্তৰ লক্ষ্য হৈছে ঘৰুৱা ক্ৰিকেটত অধিক ন্যায্য আৰু সমতাপূৰ্ণ মাচুল গাঁথনি গঢ়ি তোলা । ব’ৰ্ডৰ এপেক্স কাউন্সিলে এই প্ৰস্তাৱত অনুমোদন জনায় ।

মহিলা ক্ৰিকেটাৰৰ মাচুল দুগুণতকৈয়ো অধিক বৃদ্ধি-

নতুন দৰমহাৰ গাঁথনিৰ অধীনত জ্যেষ্ঠ মহিলা ঘৰুৱা ক্ৰিকেটাৰসকলে এতিয়া প্ৰতিদিনে ৫০ হাজাৰ  লাভ কৰিব, যিটো পূৰ্বে ২০ হাজাৰ  আছিল । ৰিজাৰ্ভ খেলুৱৈয়ে এতিয়া প্ৰতিদিনে ২৫ হাজাৰ (পূৰ্বতে ১০ হাজাৰ ) লাভ কৰিব ।

ছিনিয়ৰ মহিলাৰ এদিনীয়া আৰু বহুদিনীয়া প্ৰতিযোগিতা

মূল একাদশ : প্ৰতিদিনে ৫০,০০০

ৰিজাৰ্ভ খেলুৱৈ: প্ৰতিদিনে ২৫,০০০

ৰাষ্ট্ৰীয় মহিলা টি-২০ প্ৰতিযোগিতা-

মূল একাদশ : প্ৰতিখন মেচত ২৫,০০০

ৰিজাৰ্ভ খেলুৱৈ : প্ৰতিখন মেচত ১২,৫০০

বি চি চি আইৰৰ মতে, এগৰাকী শীৰ্ষ ঘৰুৱা মহিলা ক্ৰিকেটাৰে গোটেই ছিজনটো সকলো ফৰ্মেটতে খেলিলে ১২ৰ পৰা ১৪ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰিব পাৰিব ।

জুনিয়ৰ মহিলা খেলুৱৈও লাভৱান-

২৩ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধ শাখাৰ মহিলা খেলুৱৈৰ মাচুলো বৃদ্ধি কৰা হৈছে ।

খেলুৱৈ : প্ৰতিদিনে ২৫,০০০

ৰিজাৰ্ভ খেলুৱৈ : প্ৰতিদিনে ১২,৫০০

মেচৰ অফিচিয়েলৰো উপাৰ্জন বৃদ্ধি-

এই সিদ্ধান্তই মেচ অফিচিয়েল যেনে আম্পায়াৰ আৰু মেচ ৰেফাৰীকো যথেষ্ট লাভৱান কৰিব ।

ঘৰুৱা লীগৰ খেল : প্ৰতিদিনে ৪০,০০০

নকআউট মেচ : প্ৰতিদিনে ৫০,০০০ ৰ পৰা ৬০,০০০ (মেচৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি)

ফলত এতিয়া ৰঞ্জী ট্ৰফী লীগ মেচত আম্পায়াৰসকলে প্ৰতিখন খেলত প্ৰায় ১.৬০ লাখ টকা উপাৰ্জন কৰিব, আনহাতে নকআউট মেচত ২.৫ৰ পৰা ৩ লাখ ₹ লাভ কৰিব ।

বি চি চি আইৰ পৰিকল্পনা-

বি চি চি আইৰ মতে এই সংশোধিত দৰমহা গাঁথনিয়ে মহিলা ক্ৰিকেটাৰ আৰু ঘৰুৱা মেচ বিষয়াসকলক উন্নত আৰ্থিক সুৰক্ষা প্ৰদান কৰিব, যাৰ ফলত দেশৰ ঘৰুৱা ক্ৰিকেটৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী হ’ব ।

লগতে পঢ়ক : বিজয় হাজাৰে ট্ৰফীত কেতিয়া কেতিয়া খেলিব ৰোহিত-বিৰাটে ? জানক সম্পূৰ্ণ সূচী