বাংলাদেশত অথন্তৰঃ জুই আৰু ক’লা ধোঁৱাই আৱৰি ধৰিলে ঢাকা বিমানবন্দৰ

জুই আৰু ক’লা ধোঁৱাই আৱৰি ধৰিলে ঢাকা বিমানবন্দৰ

শনিবাৰে বিয়লি বাংলাদেশৰ ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই ঘটনাৰ ফলত কৰ্তৃপক্ষই বিমানবন্দৰটোৰ সকলো বিমানৰ উৰণ বন্ধ কৰি দিবলৈ বাধ্য হয় । দুপৰীয়া প্ৰায় ২:৩০ বজাত সংঘটিত হয় এই ঘটনা । আমদানিকৃত সামগ্ৰী মজুত কৰি ৰখা ঢাকা বিমানবন্দৰৰ কাৰ্গো ভিলেজত সংঘটিত হয় এই অগ্নিকাণ্ড ।

বাংলাদেশৰ কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিমানবন্দৰৰ কাৰ্যবাহী সঞ্চালক মহম্মদ মছুদুল হাছান মাছুদে বিয়লি ৩:৪৫ বজাত পৰিস্থিতি নিশ্চিত কৰি জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা বুলি আশ্বাস দিয়ে । প্ৰকাশিত এক তথ্য অনুসৰি বাংলাদেশ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষ, অগ্নিনিৰ্বাপক সেৱা আৰু বাংলাদেশ বায়ুসেনাৰ অগ্নিনিৰ্বাপক টেণ্ডাৰ্ছৰ যুটীয়া প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণলৈ অনা হয় ।

অগ্নিনিৰ্বাপক বাহিনীৰ মুখপাত্ৰ তালহা বিন জাছিমে জনোৱা মতে, জুই নিৰ্বাপনৰ বাবে ২৮টা অগ্নিনিৰ্বাপক টেণ্ডাৰ্ছ ইউনিট নিয়োগ কৰা হৈছে, আন কেইবাটাও ইউনিট ষ্টেণ্ডবাইত আছে । হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সকলো লেণ্ডিং আৰু টেক অফ বন্ধ কৰা হৈছে আৰু বিষয়াসকলে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । অগ্নিকাণ্ডৰ কাৰণ আৰু ক্ষতিৰ পৰিমাণ এতিয়াও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক : ডনাল্ড ট্ৰাম্পৰ দাবীৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ; প্ৰেৰণ কৰিলে কঠোৰ বাৰ্তা !

‘আমিও টিম ইণ্ডিয়াকো পৰাস্ত কৰিব পাৰো…’; বাংলাদেশক পৰাস্ত কৰি পাকিস্তানী অধিনায়ক ছলমানৰ প্ৰত্যাহ্বান

বাংলাদেশক পৰাস্ত কৰি পাকিস্তানী অধিনায়ক ছলমানৰ প্ৰত্যাহ্বান

ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ ছুপাৰ-৪ মেচত বাংলাদেশক ১১ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে পাকিস্তানে।

এই ৰোমাঞ্চকৰ জয়ৰ পিছত অধিনায়ক ছলমান আলী আঘাই এটা ডাঙৰ বিবৃতি দি কয় যে তেওঁলোকৰ দলৰ যিকোনো প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাৰ ক্ষমতা আছে,আনকি ভাৰতকো।

এতিয়া এছিয়া কাপৰ ফাইনেলত ভাৰত আৰু পাকিস্তানৰ মাজত ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহাযুদ্ধ নিশ্চিত কৰা হৈছে।মুঠতে এছিয়া কাপ ২০২৫ৰ খিতাপ দখলৰ বাবে এই প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে মুখামুখি হ’ব পাকিস্তান আৰু ভাৰত।

মেচখনৰ পিছত ছলমানে কয়-যদি আপুনি এনে মেচত জয়ী হয় তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি এটা বিশেষ দল,সকলোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়।আমাৰ বেটিঙৰ কিছু উন্নতিৰ প্ৰয়োজন, কিন্তু আমি ইয়াৰ ওপৰত কাম কৰিম।

ছুপাৰ-৪ মেচখনত পাকিস্তানে বাংলাদেশক ১৩৫ ৰানৰ লক্ষ্য দিছিল।ইয়াৰ পিছত বাংলাদেশ ১২৪ ৰানত সীমাবদ্ধ হৈ পৰে।বলাৰসকলে উজ্জ্বল প্ৰদৰ্শন কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়।

ছলমানে আৰু কয় যে-আমি জানো আমি কি কৰিব লাগিব।আমাৰ দলটোৱে যিকোনো ব্যক্তিক পৰাস্ত কৰিব পাৰে।আমি দেওবাৰে খেলপথাৰত উঠি ভাৰতক পৰাস্ত কৰাৰ চেষ্টা কৰিম।

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ঘোষণা টিম ইণ্ডিয়া… দেৱদত্ত পাডিক্কালৰ প্ৰৱেশ, বাহিৰ কৰুণ নায়াৰ

২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত… নিৰ্বাচন আয়োগৰ ঘোষণা

২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত বাংলাদেশে প্ৰথমবাৰৰ বাবে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে । বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম  নাছিৰ উদ্দিনে শনিবাৰে ঘোষণা কৰে যে দেশখনত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । তেওঁ স্বীকাৰ কৰে যে ভোটদান প্ৰক্ৰিয়াক মুক্ত, ন্যায্য আৰু স্বচ্ছ কৰি তোলাটো এতিয়াও নিৰ্বাচন আয়োগৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । অৱশ্যে নিৰ্বাচনৰ সঠিক তাৰিখ আৰু সময়সূচী ঘোষণা কৰা নাই । আনুষ্ঠানিক ঘোষণাৰ দুমাহ পূৰ্বে মুকলি কৰা হ’ব বুলিও তেওঁ কয় ।

চৰকাৰী সংবাদ সংস্থা বাংলাদেশ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি উত্তৰ-পশ্চিম ৰংপুৰ জিলাত এক কাৰ্যসূচীৰ সময়ত উদ্দিনে কয় যে নিৰ্বাচনী ব্যৱস্থা, দেশৰ নিৰ্বাচন আয়োগ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰশাসনিক যন্ত্ৰৰ প্ৰতি দেশৰ জনসাধাৰণৰ বিশ্বাস সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে । এই হেৰুৱা আস্থা পুনৰ ঘূৰাই অনাৰ বাবে নিৰ্বাচন আয়োগে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ঘোষণা কৰাৰ কিছুদিন পিছতে নিৰ্বাচন আয়ুক্তৰ এই বক্তব্য প্ৰকাশ পাইছে, য’ত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীয়ে অহা বছৰৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা কৈছিল । মহম্মদ ইউনুছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামি লীগ চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণৰ প্ৰথম বৰ্ষপূৰ্তিৰ দিনাই এই ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে; ১৫ আগষ্টত হ’ব বৈঠক

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দিয়াই জ্বলি উঠিল বায়ুসেনাৰ বিমান

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা

সোমবাৰে দিনৰ প্ৰায় ১:৩০ বজাত (ভাৰতীয় সময় অনুসৰি ১:০০ বজাত) ঢাকাৰ উত্তৰা অঞ্চলৰ দিয়াবাৰী অঞ্চলত বাংলাদেশ বায়ুসেনাৰ এখন এফ-৭ প্ৰশিক্ষক বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এই বিমানখন মাইলষ্টোন কলেজৰ নৰ্থ কেম্পাছৰ ভিতৰত অৱস্থিত বিদ্যালয়ৰ ওপৰত বাগৰি পৰে । এই দুৰ্ঘটনাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে জীৱন ৰক্ষাৰ বাবে ইফালে সিফালে দৌৰি থকা দেখা গৈছে ।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এফ-৭ প্ৰশিক্ষক বিমানখনে নিশা ১:০৬ বজাত উৰা মাৰিছিল আৰু ২৪ মিনিট পিছত দুপৰীয়া ১:৩০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় । হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা নিশ্চিত কৰে যদিও দুৰ্ঘটনাৰ কাৰণ বা হতাহতিৰ বিষয়ে ততাতৈয়াকৈ কোনো তথ্য প্ৰদান কৰা নাই । লাভ কৰা তথ্য অনুসৰি এফ-৭ চীনৰ এখন বিমান ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি সেনা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, ঢাকাৰ উত্তৰ উত্তৰা অঞ্চলৰ এখন বিদ্যালয় চৌহদত বাংলাদেশ বায়ুসেনাৰ প্ৰশিক্ষক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও ১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হয় । আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে নেশ্যনেল ইনষ্টিটিউট অৱ বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰীৰ সঞ্চালকে জানিবলৈ দিয়া মতে, ঘটনাস্থলীৰ পৰা কমেও ৩০ জন লোকক চিকিৎসালয়লৈ অনা হৈছে ।

দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে বাংলাদেশ সেনাৰ জোৱান আৰু অগ্নিনিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষাৰ আঠটা ইউনিট সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । এজন বিষয়াই জনোৱা মতে, বিমান দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পিছত তিনিটা ইউনিটে ঠাইতে কাম কৰি থকাৰ বিপৰীতে আন দুটা ইউনিট সাজু হৈছে ।

অৱশ্যে হতাহতৰ সংখ্যা বা দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই । স্থানীয় একাংশ মিডিয়া আৰু ছ’চিয়েল মিডিয়া পোষ্টত পাইলটৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে যদিও এই কথা নিশ্চিত হোৱা নাই ।

লগতে পঢ়ক : হামাছৰ কামাণ্ডাৰ বশৰ থাবেটক হত্যা ইজৰাইলৰ; ৭৫টা সন্ত্ৰাসবাদীৰ স্থানত আক্ৰমণ

বাংলাদেশত শ্বেখ হাছিনা আৰু ইউনুছ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষ; ৪ জন নিহত

বাংলাদেশত শ্বেখ হাছিনা আৰু ইউনুছ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষ

বাংলাদেশৰ পৰিস্থিতি পুনৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে । বুধবাৰে গোপালগঞ্জ অঞ্চলত শ্বেখ হাছিনাৰ দল আৱামি লীগৰ ছাত্ৰ শাখা আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষৰ সূত্ৰপাত হয় । এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ডজনৰো অধিক লোক আহত হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি সেনাই টেংকেৰে ৰাজপথত টহল দি অঞ্চলটোৰ দায়িত্ব লয় । উল্লেখ্য যে, বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবৰ ৰহমানৰ জন্মস্থান গোপালগঞ্জ ।

তথ্য অনুসৰি নেশ্যনেল চিটিজেন পাৰ্টিয়ে গোপালগঞ্জত এক সমাৱেশৰ আয়োজন কৰিছিল, য’ত পৰিস্থিতিয়ে হিংসাত্মক ৰূপ ধাৰণ কৰে । হিংসাত্মক পৰিস্থিতিৰ পিছতে অঞ্চলটোত জাৰি কৰা হৈছে কাৰ্ফিউ । আৰক্ষীৰ উপৰিও অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হয় । ভাৰতত আশ্ৰয় লৈ থকা শ্বেখ হাছিনাৰ দল আৱামী লীগে ইউনুছ চৰকাৰে দুষ্কৃতিকাৰীৰ জৰিয়তে ৰক্তপাত কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

গোপালগঞ্জৰ হিন্দু অধ্যুষিত অঞ্চলত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত মহম্মদ ইউনুছ চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । হিংসাত্মক অঞ্চলটোত সান্ধ্য আইনৰ মাজতে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । ইউনুছ চৰকাৰে এই ৰক্তপাতৰ বাবে আৱামী লীগক দোষাৰোপ কৰিছে । আনহাতে শ্বেখ হাছিনাৰ সমৰ্থকসকলে কয় যে ইউনুছ চৰকাৰে দলীয় কৰ্মীক আক্ৰমণ কৰিছে ।

অভিযোগ অনুসৰি শ্বেখ হাছিনা দলৰ সমৰ্থকে এন চি পিৰ সমাৱেশত আক্ৰমণ চলাইছিল । আৱামী লীগৰ ছাত্ৰ শাখা বাংলাদেশ ছাত্ৰ লীগৰ বিৰুদ্ধে হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পিছতে সংঘৰ্ষৰ সৃষ্টি হয় । মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে শ্বেখ হাছিনাৰ সমৰ্থকে বিক্ষোভ আৰম্ভ কৰে । আৰক্ষীৰ গুলীত নিহত হৈছে ৪ জন ।

লগতে পঢ়ক : সত্যজিৎ ৰায়ৰ বাংলাদেশস্থিত পূৰ্বপুৰুষৰ ঘৰ সংৰক্ষণৰ আহ্বান ভাৰত চৰকাৰৰ…

সত্যজিৎ ৰায়ৰ বাংলাদেশস্থিত পূৰ্বপুৰুষৰ ঘৰ সংৰক্ষণৰ আহ্বান ভাৰত চৰকাৰৰ…

সত্যজিৎ ৰায়ৰ বাংলাদেশস্থিত পূৰ্বপুৰুষৰ ঘৰ সংৰক্ষণৰ আহ্বান ভাৰত চৰকাৰৰ

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ বাংলাদেশস্থিত পূৰ্বপুৰুষৰ ঘৰ ভাঙি পেলোৱাৰ প্ৰস্তুতিৰ মাজতে ভাৰত চৰকাৰে ইয়াক ৰক্ষা কৰাৰ উদ্যোগ লৈছে । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে বাংলাদেশ প্ৰশাসনে ঢাকাত নিৰ্মিত এই ঘৰটো ভাঙি পেলাবলৈ সাজু হৈছে । এতিয়া কেন্দ্ৰীয় চৰকাৰে উদ্যোগ লৈ বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰি ঘৰটো মেৰামতি আৰু পুনৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে ।

সত্যজিৎ ৰায়ৰ এই ঘৰটো ঢাকাৰ হৰিকিশোৰ ৰায় চৌধুৰী পথত অৱস্থিত । শতিকা পুৰণি এই ঘৰটো সত্যজিৎ ৰায়ৰ ককাদেউতাক প্ৰসিদ্ধ সাহিত্যিক উপেন্দ্ৰ কিশোৰ ৰায় চৌধুৰীৰ । এই পূৰ্বপুৰুষৰ ঘৰটো প্ৰায় এশ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল । ১৯৪৭ চনৰ বিভাজনৰ পিছত এই সম্পত্তি চৰকাৰে দখল কৰে ।

ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক কৈছে যে এই ঘৰটোৰ ঐতিহাসিক গুৰুত্ব বিবেচনা কৰি এই ঘৰটো ভাঙি পেলোৱাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাটো ভাল হ’ব । এই পুৰণি সম্পত্তিটো মেৰামতি কৰি সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰিব পাৰি । এনে কৰিলে ই ভাৰত আৰু বাংলাদেশৰ মাজত সাহিত্যৰ এক ভাগ-বতৰা প্ৰতীক হিচাপে প্ৰতিষ্ঠা হ’ব । এই কামত ভাৰত চৰকাৰে সহযোগ কৰিবলৈ ইচ্ছুক বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ।

ইয়াৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মহম্মদ ইউনুছৰ বাংলাদেশ চৰকাৰক সত্যজিৎ ৰায়ৰ পূৰ্বপুৰুষৰ সম্পত্তি সংৰক্ষণৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনাইছিল । মমতাই ভাৰত চৰকাৰকো এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছিল ।

সত্যজিত ৰায়ৰ ককাদেউতাক উপেন্দ্ৰ কিশোৰ ৰায় চৌধুৰীৰ এই পূৰ্বপুৰুষৰ ঘৰটো ভাঙি নতুন পকী গঠন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে । পূৰ্বতে ইয়াক মিমনসিং শিশু একাডেমী হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিও পিছত বছৰ বছৰ ধৰি কৰ্তৃপক্ষৰ অৱহেলাৰ পিছত উক্ত ঘৰটো জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হৈছে ।

লগতে পঢ়ক : ‘মই কন্যা সন্তান বিচাৰিছো..’; তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে ৰিহানা

সীমিত অভাৰৰ শৃংখলাৰ বাবে টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ; চৰকাৰে দিছে নিৰ্দেশ!

টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ

টীম ইণ্ডিয়াই চলিত বৰ্ষত সীমিত অভাৰৰ শৃংখলাৰ বাবে বাংলাদেশ ভ্ৰমণ কৰাৰ কথা আছে যদিও দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক মতানৈক্যৰ বাবে ভাৰতে বিপদত পৰিছে।

চৰকাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক এই ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে। এনে হ’লে টীম ইণ্ডিয়াইৰ বাংলাদেশ ভ্ৰমণ বাতিল হ’ব পাৰে।

ভাৰত আৰু বাংলাদেশৰ মাজত অব্যাহত আছে বাণিজ্যিক উত্তেজনা। ১৭ মে’ত ভাৰত চৰকাৰে বাংলাদেশৰ পৰা ৰেডিমেড গাৰ্মেণ্টকে ধৰি সামগ্ৰী আমদানি কৰাৰ ক্ষেত্ৰত বৃহৎ পথৰ নিষেধাজ্ঞা ঘোষণা কৰিছিল।

এই ভ্ৰমণ সন্দৰ্ভত কোৱা হৈছে যে, “বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি সুস্থিৰ নহয় আৰু কূটনৈতিক অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে বিচিচিআইক এই ভ্ৰমণৰ সৈতে আগবাঢ়ি নাযাবলৈ পৰামৰ্শ দিছে।” অৱশ্যে এই ভ্ৰমণ সন্দৰ্ভত বিচিচিআইয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।

বৰ্তমানটীম ইণ্ডিয়াই ইংলেণ্ড ভ্ৰমণত আছে য’ত পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলি আছে। ভাৰতৰ ইংলেণ্ড ভ্ৰমণ অহা ৪ আগষ্টলৈ চলিব।

১৭ আগষ্টৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু বাংলাদেশৰ মাজত এদিনীয়া আৰু টি-২০ মেচ শৃংখলা।সূচী অনুসৰি ভাৰতে প্ৰথমে তিনিখন এদিনীয়া মেচ খেলিব।

তাৰ পিছত দুয়োটা দলৰ মাজত তিনিখন মেচৰ টি-২০ শৃংখলা খেলিব। বাংলাদেশ ভ্ৰমণৰ পিছত অক্টোবৰত ভাৰতে ৱেষ্ট ইণ্ডিজক আয়োজন কৰিব লাগিব।

যদি ভাৰতৰ বাংলাদেশ ভ্ৰমণ বাতিল বা পিছুৱাই দিয়া হয় তেন্তে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অনুৰাগীসকলৰ বাবে ই এক আঘাত হ’ব।

আচলতে ৰোহিত আৰু কোহলীয়ে এতিয়া ভাৰতৰ হৈ কেৱল এদিনীয়া মেচত হে খেলিব কাৰণ দুয়োজনেই টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

তেওঁলোকৰ অনুৰাগীসকলে বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৰোহিত-কোহলী যুটিক দেখাৰ আশা কৰিছে যদিও ভাৰতে যদি এই ভ্ৰমণলৈ নাযায়, তেন্তে খেলপথাৰত ৰোহিত আৰু কোহলীক চাবলৈ অধিৰ অপেক্ষা কৰিব লাগিব।

লগতে পঢ়ক: শুভমান গীলৰ দুৰ্দান্ত প্ৰদৰ্শন; অৰ্জন কৰিলে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বৈত শতক

‘কয় এটা আৰু কৰে এটা…’; লণ্ডনত বহি ভাৰতক লৈ বিতৰ্কিত মন্তব্য মহম্মদ ইউনুছৰ

লণ্ডনত ভাৰতক লৈ বিতৰ্কিত মন্তব্য মহম্মদ ইউনুছৰ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰত সন্দৰ্ভত পুনৰ বিতৰ্কিত বিবৃতি দিছে।তেওঁ কৈছে যে ভাৰতে কিবা এটা কয় আৰু আন কিবা এটা কৰে।ব্ৰিটিছ থিংক টেংক চাথাম হাউছত এক আলোচনাৰ সময়ত ইউনুছে এই কথা কয়।

কেৱল এয়াই নহয় মহম্মদ ইউনুছে কৈছে যে ভাৰত আমাৰ প্ৰতিবেশী ।আমি তেওঁলোকৰ লগত কোনো ধৰণৰ সমস্যা হোৱাটো নিবিচাৰো।

বাংলাদেশত যেতিয়া শ্বেখ হাছিনাৰ চৰকাৰৰ পতন হয় আৰু ইউনুছৰ শাসন চলে, তেতিয়াৰ পৰাই বাংলাদেশ চীনৰ ওচৰ চাপিছে, যাৰ বাবে ভাৰতৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিল।

বহুত বেছি খং উঠে: ইউনুছ

বাংলাদেশৰ ভাৰপ্ৰাপ্ত নেতাই কয়, ‘মই ভাৰতৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ, কিন্তু কিবা প্ৰকাৰে প্ৰতিবাৰেই কথাবোৰ ভুল হয় কাৰণ ভাৰতীয় সংবাদ মাধ্যমে ভুৱা বাতৰি প্ৰচাৰ চলাই।এইটোৱেই বাংলাদেশক অশান্তি দিছে। ইয়াৰ বাবে  তেওঁলোকৰ ওপৰত বহুত বেছি খং উঠে।

‘কয় এটা আৰু কৰে এটা’: ইউনুছ

লণ্ডনত কাহিনী বৰ্ণনা কৰি থকা ইউনুছে কয়, “আমি কথা বতৰাৰে আগবাঢ়িবলৈ চেষ্টা কৰো, কিন্তু একে সময়তে বহু ঘটনা ঘটি থাকে।আমি তাৰ পৰা আঁতৰি যাব নোৱাৰো”।

“যদিও মই শান্তিত থাকিবলৈ চেষ্টা কৰো আৰু হঠাতে তেওঁলোকে কিবা এটা কয়, কিবা এটা কৰিলেও খংটো ঘূৰি আহে”।

” গতিকে আমি অন্ততঃ শান্তিপূৰ্ণ জীৱন যাপন কৰিব পৰাটো আমাৰ এতিয়া ডাঙৰ কাম, আমি সপোন দেখি অহা জীৱনটো সৃষ্টি কৰক।’

চৰকাৰত থাকিব বিচাৰে নেকি ইউনুছ? ইয়াৰ উত্তৰ কি আছিল

এই সময়ছোৱাত অৰ্থনীতিবিদ ইউনুছে কয় যে তেওঁ নিৰ্বাচিত চৰকাৰত যোগদান কৰিবলৈ আগ্ৰহী নহয়।

লগতে পঢ়ক: ঘোষণা কৰা হ’ল UPSC প্ৰিলিমছৰ ফলাফল; এই লিংকত গৈ কৰিব পাৰিব ডাউনলোড

বাংলাদেশে লাভ কৰিব নতুন নিৰ্বাচিত চৰকাৰ; ঘোষণা নিৰ্বাচনৰ তাৰিখ !

বাংলাদেশে লাভ কৰিব নতুন নিৰ্বাচিত চৰকাৰ

বাংলাদেশে লাভ কৰিব নতুন নিৰ্বাচিত চৰকাৰ । বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে । ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বাংলাদেশত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হ’ব । শুকুৰবাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে অহা বছৰৰ এপ্ৰিল মাহত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । ঈদ-উল-আজহাৰ প্ৰাকক্ষণত দেশবাসীক দিয়া টেলিভিছন ভাষণত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে, “মই দেশবাসীক ক’ব বিচাৰো যে পৰৱৰ্তী ৰাষ্ট্ৰীয় নিৰ্বাচন ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথমাৰ্ধত অনুষ্ঠিত হ’ব ।” নিৰ্বাচন আয়োগে উপযুক্ত সময়ত নিৰ্বাচনৰ বিশদ ৰোডমেপ দাখিল কৰিব বুলিও কয় তেওঁ ।

ভাষণত ইউনুছে বিগত ১০ মাহত অন্তৱৰ্তীকালীন চৰকাৰখনৰ “সাফল্য”ৰ ওপৰত আলোকপাত কৰি কয় যে চৰকাৰে ন্যায়, সংস্কাৰ আৰু নিৰ্বাচনৰ তিনি দফীয়া কাৰ্যসূচীৰ ওপৰত কাম কৰি আছে । ইউনুছে কয়, “আমি বিচাৰো যে পৰৱৰ্তী নিৰ্বাচনত অধিক সংখ্যক ভোটাৰ, প্ৰাৰ্থী আৰু দলে অংশগ্ৰহণ কৰক । দেশে ইয়াক আটাইতকৈ মুক্ত আৰু নিকা নিৰ্বাচন হিচাপে মনত ৰখা উচিত ।”

বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ স্থায়ী সমিতিৰ সদস্য ছালাহুদ্দিন আহমেদে চলিত সপ্তাহৰ আৰম্ভণিতে কয় যে দেশত ডিচেম্বৰৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্পূৰ্ণ সম্ভৱ কাৰণ সহমতৰ ভিত্তিত প্ৰয়োজনীয় সংস্কাৰ সম্পূৰ্ণ কৰিবলৈ এমাহতকৈও কম সময় লাগিব পাৰে ।

মঙলবাৰে গনো অধিকাৰ পৰিষদে আয়োজন কৰা এক আলোচনাত স্থানীয় সংবাদ মাধ্যমে ছালাহুদ্দিনৰ উদ্ধৃতি দি কয় যে, “ডিচেম্বৰলৈকে বহু দপলম হ’ব, তাৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ । সংবিধান সংশোধনীৰ সৈতে জড়িত সংস্কাৰৰ প্ৰস্তাৱসমূহ যদি ৰাষ্ট্ৰীয় সহমতৰ দ্বাৰা গ্ৰহণ কৰা হয়, তেন্তে এমাহতকৈও কম সময়ৰ ভিতৰতে কাৰ্যকৰী কৰিব পৰা যাব ।”

লগতে পঢ়ক : ট্ৰাম্প আৰু মাস্কৰ মাজত মুকলি যুদ্ধ; ১৪% হ্ৰাস পালে টেছলাৰ শ্বেয়াৰ