আজি বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত অভিযোগৰ শুনানি… চৰকাৰী টিভিত হ’ব লাইভ

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত অভিযোগৰ শুনানি

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগৰ শুনানি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই শুনানি বাংলাদেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় টেলিভিছন (বিটিভি)ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । যোৱা বছৰৰ ৫ আগষ্টত ছাত্ৰ নেতৃত্বাধীন ব্যাপক প্ৰতিবাদৰ পিছত ক্ষমতাৰ পৰা অপসাৰণ কৰা হাছিনা কেইবাটাও গোচৰৰ সন্মুখীন হৈছে, যাৰ শুনানি এতিয়ালৈকে কেমেৰাৰ পৰা আঁতৰত ৰখা হৈছে । আই চি টি-বি ডিৰ এই সিদ্ধান্তই এই পৰম্পৰা ভংগ কৰিবলৈ সাজু হৈছে ।

১৮ ফেব্ৰুৱাৰীত তিনিজনীয়া ন্যায়াধিকৰণে হাছিনাৰ বিৰুদ্ধে তদন্ত এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল । ৰাষ্ট্ৰীয় সংবাদ সংস্থা বি এছ এছৰ মতে, দেওবাৰে আই চি টি-বিডিত ২০২৪ চনৰ জুলাই-আগষ্ট বিদ্ৰোহৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ দাখিল কৰিব বিচাৰ বিভাগে । আই চি টি-বিডিৰ অভিযোজক গাজী এম এইচ তামিমে কয় যে শুনানি স্থানীয় সময় অনুসৰি পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু বিটিভিক লাইভ সম্প্ৰচাৰ কৰিবলৈ কোৱা হৈছে । ষ্টুডেণ্টছ এগেইনষ্ট ডিচক্ৰিমিনেচন (এছ এ ডি)ৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ পিছত ২০২৪ চনৰ ৫ আগষ্টত হাছিনাৰ আৱামি লীগ চৰকাৰক উৎখাত কৰা হয় ।

ইতিমধ্যে আই চি টি-বিডিয়ে হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ বিপৰীতে অন্তৱৰ্তীকালীন চৰকাৰে তেওঁক প্ৰত্যাৰ্পণৰ বাবে ভাৰতলৈ কূটনৈতিক নোট প্ৰেৰণ কৰিছে । ২০২৪ চনৰ জুলাই-আগষ্টৰ হিংসাত্মক ঘটনাৰ সময়ত শ শ লোকৰ মৃত্যুৰ পিছত হাছিনা চৰকাৰৰ অধিকাংশ জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল । ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি যোৱা বছৰৰ ১৫ জুলাইৰ পৰা ১৫ আগষ্টৰ ভিতৰত প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছিল । চৰকাৰৰ পতনৰ পাছতো হিংসাত্মক পৰিস্থিতি অব্যাহত আছিল ।

লগতে পঢ়ক : ‘মই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ গলো…’ পাকিস্তানৰ ৰেলিত পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ডৰ স্বীকাৰোক্তি

সাধাৰণ নিৰ্বাচনৰ দাবীত বাংলাদেশৰ ৰাজপথত জনতা… অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে বাঢ়িছে অসন্তুষ্টি

সাধাৰণ নিৰ্বাচনৰ দাবীত বাংলাদেশৰ ৰাজপথত প্ৰতিবাদ

বুধবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নেতৃত্বত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি (বি এন পি)ৰ সৈতে জড়িত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়ে সমদল বাহিৰ কৰে । কটকটীয়া নিৰাপত্তাৰ মাজতে দলৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত ৰাজপথত সমবেত হৈ বি এন পিৰ সৈতে জড়িত তিনিটা গোটৰ কৰ্মীসকলে দেশখনত ডিচেম্বৰ মাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায় । বিগত আগষ্ট মাহত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত নিযুক্তি দিয়া মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে এয়া ক্ৰমবৰ্ধমান অসন্তুষ্টিৰ ফল ।

কেইবাবছৰ ধৰি স্বাস্থ্যৰ অৱনতি ঘটা জিয়াই শেহতীয়াকৈ লণ্ডনত চাৰি মাহৰ চিকিৎসাৰ অন্তত দেশলৈ উভতি আহিছে । ইয়াৰ ফলত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ওপৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ হেঁচা বাঢ়িছে । বুধবাৰে লণ্ডনৰ পৰা ভিডিঅ’ লিংকৰ জৰিয়তে বি এন পিৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু জিয়াৰ জ্যেষ্ঠ পুত্ৰ তাৰিক ৰহমানে এই সমাৱেশক সম্বোধন কৰে ।

শেহতীয়াকৈ বি এন পিয়ে ইউনুছক সাক্ষাৎ কৰি ডিচেম্বৰ মাহত নিৰ্বাচনৰ দাবী পুনৰবাৰ উল্লেখ কৰি কয় যে যদি ইউনুছে পদত্যাগ কৰে তেন্তে দেশে বিকল্প নেতা পাব । কিন্তু ইউনুছৰ মিত্ৰসকলে পিছত কয় যে তেওঁ থাকিব । হাছিনাৰ আৱামি লীগৰ অনুপস্থিতিত বি এন পিয়ে পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ আশা কৰিছে । বি এন পিয়ে কয় যে সংস্কাৰ এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু সংস্কাৰ ৰূপায়ণৰ গতি নিৰ্বাচনত বিলম্ব কৰাৰ অজুহাত হ’ব নালাগে ।

উল্লেখ্য যে বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী ইউনুছ আৰু সামৰিক প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল । ইউনুছে ২০২৬ চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত আছে যদিও সামৰিক মুৰব্বী জামানে ২০২৫ চনৰ ডিচেম্বৰ মাহত নিৰ্বাচনৰ পোষকতা কৰিছিল যদিও পিছত দুয়োপক্ষই দাবী কৰিছিল যে তেওঁলোকৰ মাজত কোনো বিবাদ নাই ।

লগতে পঢ়ক : ‘মোক গুলীয়াই বংগভৱনত সমাধিস্থ কৰক…; শ্বেখ হাছিনাৰ বিস্ফোৰক মন্তব্য

বাংলাদেশ সেনা আৰু ইউনুছ চৰকাৰৰ মাজত সংঘাত ?  সেনাই দিলে স্পষ্টীকৰণ…

বাংলাদেশ সেনাৰ স্পষ্টীকৰণ

বাংলাদেশ সেনাই সংবাদমেলযোগে সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামান আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ মাজত মতানৈক্যৰ খবৰ নাকচ কৰি কয় যে প্ৰতিটো পদক্ষেপতে সেনা চৰকাৰৰ সৈতে একত্ৰিত হৈ আছে । চৰকাৰ আৰু সেনাৰ মাজত সমন্বয় আছে । গণতান্ত্ৰিক ব্যৱস্থাত সেনাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে । চৰকাৰৰ লগত কোনো মতানৈক্য নাই, সকলো ফ্ৰণ্টতে একেলগে কাম কৰি আছে ।

সেনা মুখ্য কাৰ্যালয়ত সংবাদমেল-

সোমবাৰে সেনা মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰা হয় । সংবাদমেলত ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদ নাজিম-উদ-দৌলাই কয় যে সেনা আৰু চৰকাৰে একেলগে কাম কৰি আছে । দুয়ো ইজনে সিজনৰ পৰিপূৰক হিচাপে কাম কৰি আছে । দেশৰ সাৰ্বভৌমত্ব দুয়োটাৰে দায়িত্ব । দুয়ো একেলগে দেশক আগুৱাই নিব লাগিব ।

সংবাদ মাধ্যমত চলি থকা জল্পনা-কল্পনা খাৰিজ-

ব্ৰিগেডিয়াৰ জেনেৰেল মহম্মদে ৱাকাৰ আৰু ইউনুছৰ মাজত থকা মতানৈক্যৰ বিষয়ে সংবাদ মাধ্যমত কৰা দাবী নাকচ কৰে । চৰকাৰ আৰু সেনাৰ মাজত কোনো সংঘাত চলি থকা নাই বুলিও তেওঁ কয় । দুয়োজনে একেলগে দেশৰ প্ৰগতিৰ বাবে কাম কৰি আছে । দুয়োৰে মাজত বিবাদ হৈছে বুলি ক’লে ভুল হ’ব ৷ কেতিয়াবা যদি কোনো সংঘাত বা মত বিৰোধ বা মতানৈক্য হয়, তেন্তে সেয়া পৰিয়ালৰ দৰে সমাধান কৰা হয় বুলি কয় তেওঁ ।

লগতে পঢ়ক : ‘আমেৰিকাৰ ওচৰত বাংলাদেশ বিক্ৰী কৰিছে ইউনুছে’… গুৰুতৰ অভিযোগ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

‘বাংলাদেশৰ যুৱতীক বিয়া কৰাৰ আগতে সাৱধান হওক’; চীনৰ নাগৰিকৰ বাবে নিৰ্দেশনা জাৰি

চীনৰ নাগৰিক

বৰ্তমান বাংলাদেশত ৰাজনৈতিক অস্থিৰতা।অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে পদত্যাগ কৰাৰ ভাবুকি দিয়াৰ পিছতে বাংলাদেশৰ ৰাজনৈতিক পৰিঘটনা দ্ৰুতগতিত সলনি হৈছে।

ইফালে বাংলাদেশত থকা চীনৰ দূতাবাসে নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰিছে। চীনৰ দূতাবাসে নিজৰ নাগৰিকৰ সুৰক্ষাৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে।

বাংলাদেশত থকা চীনৰ দূতাবাসে চীনৰ নাগৰিকক বিদেশীক বিয়া কৰাবলৈ প্ৰাসংগিক আইন কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিছে।

তেওঁ লোকে কৈছে যে, বাংলাদেশী পুৰুষ বা মহিলাক বিয়া কৰাবলৈ অবৈধ মেচমেকিং এজেণ্টৰ পৰা সাৱধান হওক আৰু ভিডিঅ’ প্লেটফৰ্মত সীমা অতিক্ৰম কৰি ডেটিং কন্টেন্টৰ সৈতে বিভ্ৰান্ত নহ’ব।

দূতাবাসে চীনৰ নাগৰিকসকলক বিদেশী পত্নী ক্ৰয় নকৰিবলৈ সকীয়াই দিয়ে আৰু  চীনৰ নাগৰিকে বাংলাদেশত বিয়া কৰাৰ আগতে দুবাৰ চিন্তা কৰিব লাগে।

উল্লেখ্য যে বাংলাদেশত বৰ্তমান ৰাজনৈতিক অস্থিৰতাৰ পৰিৱেশে বিৰাজ কৰিছে। চৰকাৰ আৰু সামৰিক বাহিনীৰ সৈতে মহম্মদ ইউনুছৰ মাজত তৰ্কযুদ্ধ চলি আছে।

বাংলাদেশৰ ম্যানমাৰ সীমান্তত মানৱীয় কৰিডৰ নিৰ্মাণৰ পৰিকল্পনাক লৈ মুখামুখি হৈছে সেনা আৰু চৰকাৰ।ইউনুছ নেতৃত্বাধীন চৰকাৰে গোপনে বাংলাদেশ-ম্যানমাৰ সীমান্তৰ সিপাৰে মানৱীয় কৰিডৰ নিৰ্মাণৰ বাবে আমেৰিকাৰ সৈতে চুক্তিবদ্ধ হৈছিল,কিন্তু বাংলাদেশৰ সেনা প্ৰধানগৰাকীয়ে এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছিল।

বাংলাদেশত অবিৰতভাৱে প্ৰতিবাদ চলি আছে। ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি বিৰোধী দললৈকে চৌদিশে ঘেৰি আছে মহম্মদ ইউনুছ।

লগতে পঢ়ক: মহম্মদ ইউনুছে কেতিয়া এৰিব আসন? নিজেই ঘোষণা কৰিলে তাৰিখ

‘আমেৰিকাৰ ওচৰত বাংলাদেশ বিক্ৰী কৰিছে ইউনুছে’… গুৰুতৰ অভিযোগ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

শ্বেখ হাছিনাৰ অভিযোগ

বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ মাজতে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । শ্বেখ হাছিনাই কয় যে ইউনুছে সন্ত্ৰাসবাদীৰ সহায়ত বাংলাদেশত ক্ষমতা দখল কৰিছে আৰু এই সন্ত্ৰাসবাদী সংগঠনসমূহৰ বহুতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিষিদ্ধ কৰা সংগঠন ।

বাংলাদেশৰ কাৰাগাৰ এতিয়া খালী-

তেওঁৰ ফেচবুক পোষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে ইউনুছে ক্ষমতা দখল কৰিবলৈ নিষিদ্ধ লোকৰ সহায় লৈছে, যাৰ পৰা আমি এতিয়ালৈকে বাংলাদেশৰ নাগৰিকক সুৰক্ষা দি আহিছিলো । মাত্ৰ এটা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলোঁ । বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও এতিয়া বাংলাদেশৰ জেল খালী । ইউনুছে এনে সকলো মানুহক মুকলি কৰি দিলে আৰু এতিয়া সেই সন্ত্ৰাসবাদীয়ে বাংলাদেশত শাসন কৰে ।

শ্বেখ হাছিনাই কয় যে আমাৰ মহান বাঙালী ৰাষ্ট্ৰৰ সংবিধান যি আমি দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু মুক্তিযুদ্ধৰ জৰিয়তে লাভ কৰিছো । অবৈধভাৱে ক্ষমতা দখল কৰা এই উগ্ৰপন্থী নেতাক সংবিধান স্পৰ্শ কৰাৰ অধিকাৰ কোনে দিলে ? তেওঁলোকৰ হাতত ৰাইজৰ আদেশ নাই, তেওঁলোকৰ কোনো সাংবিধানিক ভিত্তি নাই । তেওঁ কয় যে ইউনুছ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত হোৱাৰ কোনো ভিত্তি নাই আৰু ইয়াৰ অস্তিত্বও নাই । এনে পৰিস্থিতিত সংসদ অবিহনে তেওঁ কেনেকৈ আইন সলনি কৰিব, এইটো অবৈধ । তেওঁ দেশত আৱামি লীগ নিষিদ্ধ কৰিছে ।

আমি এক ইঞ্চি মাটিও দিব নোৱাৰো-

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পিতৃৰ সময়ৰ কথা উল্লেখ কৰি কয় যে যেতিয়া আমেৰিকাই ছেইণ্ট মাৰ্টিন দ্বীপ বিচাৰিছিল, তেতিয়া মোৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানে এই কথাত সন্মতি দিয়া নাছিল । তেওঁ প্ৰাণ আহুতি দিব লগা হৈছিল আৰু সেয়াই আছিল মোৰ ভাগ্য । কাৰণ দেশখন বিক্ৰী কৰি ক্ষমতাত থাকিব লাগে বুলি মোৰ মনলৈ কেতিয়াও নাহিল আৰু জাতিৰ পিতা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ আহ্বানত অস্ত্ৰ তুলি লোৱা দেশৰ জনসাধাৰণে ৩০ লাখ মানুহক মুক্ত কৰিবলৈ যুঁজ দি প্ৰাণ আহুতি দিলে । সেই দেশৰ এক ইঞ্চি মাটিও কাকো দিয়াটো কাৰো উদ্দেশ্য হ’ব নোৱাৰে । কিন্তু আজি ইউনুছে আমেৰিকাক বাংলাদেশ বিক্ৰী কৰিছে ।

শ্বেখ হাছিনাই আৰু কয় যে আজি কি দুৰ্ভাগ্য, এনে এজন ব্যক্তি ক্ষমতালৈ আহিল, সমগ্ৰ দেশৰ জনসাধাৰণে বহুত ভালপোৱা এজন ব্যক্তি, সমগ্ৰ বিশ্বই ভালপোৱা এজন ব্যক্তি আৰু আজি যেতিয়া তেওঁ ক্ষমতালৈ আহিল, তেতিয়া সেইজন ব্যক্তিৰ কি হ’ল ?

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক অপসাৰণৰ প্ৰস্তুতি চলি আছে । ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে সেনা আৰু বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে । এই সন্দৰ্ভত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে কৈছে যে যদি তেওঁৰ ওপৰত নিৰ্বাচন বা আন কোনো বিষয়ত অপ্ৰয়োজনীয় হেঁচা প্ৰয়োগ কৰা হয় তেন্তে তেওঁ জনসাধাৰণৰ সৈতে লগ লাগি প্ৰত্যুত্তৰ দিব ।

লগতে পঢ়ক : বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী পদত বাহাল থাকিব মহম্মদ ইউনুছ…

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী পদত বাহাল থাকিব মহম্মদ ইউনুছ…

মহম্মদ ইউনুছ

শেহতীয়াকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী তথা উপদেষ্টা পৰিষদৰ মুৰব্বী অধ্যাপক মহম্মদ ইউনুছে এখন বৈঠকত দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, বৈষম্য আৰু প্ৰশাসনিক প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্বসহকাৰে আলোচনা কৰে ।

পৰামৰ্শদাতা সমিতিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে মহম্মদ ইউনুছ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হৈ থাকিব ।

উপদেষ্টা সমিতিৰ এক এক্স-পোষ্টৰ জৰিয়তে জানিব পৰা মতে, শনিবাৰে ৰাজধানীৰ শ্বেৰ-ই-বাংলা নগৰৰ পৰিকল্পনা আয়োগৰ ভৱনত ৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিষদ গৃহত এই বৈঠক অনুষ্ঠিত হয় । হঠাৎ আয়োজন কৰা বৈঠকত নিৰ্বাচন, সংস্কাৰ আৰু ন্যায়ৰ দৰে তিনিটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় ।

দেশৰ স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মিছে- ইউনুছ

বৈঠকত অধ্যাপক ইউনুছে কয় যে দেশৰ স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মিছে । বিভিন্ন ৰাজনৈতিক দলৰ অসংলগ্ন দাবী, অবৈধ বক্তব্য আৰু কাৰ্যসূচীয়ে দেশত সন্দেহ আৰু বিভ্ৰান্তিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । তেওঁ স্পষ্ট কৰি দিয়ে যে এই সমস্যাসমূহৰ মাজতো চৰকাৰে নিজৰ দায়িত্ব পালন কৰি আছে আৰু ইয়াক কৰ্তনৰ যিকোনো প্ৰচেষ্টা নাকচ কৰে ।

দেশৰ স্থিতিশীলতা, আগন্তুক নিৰ্বাচন, সংস্কাৰ আৰু ন্যায়িক ব্যৱস্থা শক্তিশালী কৰাৰ বাবে সকলো ৰাজনৈতিক দলকে ঐক্যৰ বাবে পৰামৰ্শদাতা পৰিষদে আবেদন জনাই তেওঁ । দেশত যিকোনো ধৰণৰ একনায়কত্ববাদৰ আগমন স্থায়ীভাৱে বন্ধ কৰিব লাগিব বুলি তেওঁ সকীয়াই দিয়ে ।

বিবৃতি অনুসৰি, জুলাইৰ অভ্যুত্থানৰ পিছত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰখনে বৰ্তমান দেশৰ প্ৰত্যাশাৰ ওপৰত কাম কৰি আছে । ৰাজনৈতিক দলসমূহৰ মতামত শুনিবলৈ সাজু হৈ থকা চৰকাৰখনে স্থিতি স্পষ্ট কৰাৰ ক্ষেত্ৰত সতৰ্ক । যদিহে পৰাজিত দলৰ প্ৰভাৱ বা বিদেশী ষড়যন্ত্ৰৰ বাবে চৰকাৰে কাম সম্পূৰ্ণ কৰাত বাধা প্ৰদান কৰে, তেন্তে সমগ্ৰ পৰিস্থিতি জনসাধাৰণৰ সন্মুখত ৰাখি চৰকাৰে অধিক পদক্ষেপ গ্ৰহণ কৰিব ।

ইউনুছে কয় যে ন্যায্য নিৰ্বাচন, ন্যায়িক প্ৰক্ৰিয়া আৰু সংস্কাৰ বিঘ্নিত কৰাৰ কোনো প্ৰচেষ্টা চৰকাৰে সহ্য নকৰে । প্ৰয়োজন হ’লে জনসাধাৰণৰ সহযোগত কঠিন সিদ্ধান্ত গ্ৰহণ কৰা হ’ব যাতে দেশখনে উন্নয়ন আৰু সুস্থিৰতাৰ পথত আগবাঢ়িব পাৰে ।

লগতে পঢ়ক : যি কোনো মূহুৰ্ততে পদত্যাগ কৰিব পাৰে মুৰব্বী মহম্মদ ইউনুছে! বাংলাদেশৰ চৰকাৰত অস্থিৰতা

‘বাংলাদেশত কাম কৰা মোৰ বাবে সম্ভৱ নহয়’; শান্তি নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ পদত্যাগ!

বাংলাদেশ

বাংলাদেশ পুনৰবাৰ নেতৃত্বৰ সংকটৰ সন্মুখীন হৈছে।কিছুদিন পূৰ্বে বাংলাদেশত অতি নাটকীয় ৰূপত ক্ষমতালৈ অহা অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী তথা শান্তি নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ পদত্যাগক লৈ ব্যাপক চৰ্চা চলি আছে ।

তাৰ পিছতে ঢাকাৰ ৰাজনীতি স্পৰ্শকাতৰ সন্ধিক্ষণত উপনীত হৈছে। ২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ আন্দোলনৰ পিছত ক্ষমতা দখল কৰা ইউনুছে নিজেই স্বীকাৰ কৰিছে যে তেওঁ বৰ্তমানৰ পৰিস্থিতিত কাম কৰিবলৈ অক্ষম।

দেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড০ মহম্মদ ইউনুছে এতিয়া নিজকে ক্ৰমাৎ বৃদ্ধি পোৱা হেঁচাত আগুৰি থকা দেখা গৈছে।

সেনাধ্যক্ষ জেনেৰেল ৱাকাৰ-উজ-জামানৰ মুখ ফুটাই সতৰ্কবাণী দিয়াৰ পিছত ইউনুছে পদত্যাগ কৰাৰ কথা চিন্তা কৰিছে, আৰু প্লেন বিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

বিগত বছৰ বাংলাদেশত জনসাধাৰণৰ প্ৰতিবাদৰ পিছত ক্ষমতা অভ্যুত্থান ঘটিছিল আৰু ক্ষমতা ৮৪ বছৰীয়া ইউনুছৰ হাতত অৰ্পণ কৰা হৈছিল।

বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে কৈছিল যে, যেতিয়ালৈকে অন্তৱৰ্তীকালীন চৰকাৰ থাকিব তেতিয়ালৈকে ইয়াৰ আঁৰত সেনাই কাম কৰিব।ইউনুছে দেশত চলি থকা সংস্কাৰ সম্পূৰ্ণ নকৰালৈকে এই কাম চলি থাকিব।

কিয় হ’ল বিতৰ্ক

দৰাচলতে সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে ইউনুছৰ সংস্কাৰৰ কাৰ্যসূচী নাকচ কৰি ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে।

জেনেৰেল ৱাকাৰ-উজ-জামানে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে কয় যে অন্তৱৰ্তীকালীন চৰকাৰৰ কাম কেৱল নিৰ্বাচন অনুষ্ঠিত কৰা, নীতিগত সিদ্ধান্ত লোৱা নহয়।সামৰিক বিষয়ত হস্তক্ষেপ, আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত একপক্ষীয় সিদ্ধান্ত আৰু বহিঃশক্তিৰ হেঁচা আৰু সহ্য কৰা নহ’ব।

প্ৰতিটো কৌশলগত আৰু নিৰাপত্তা নীতিত সামৰিক বাহিনীক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত কৰা উচিত। এই বক্তব্যক ইউনুছৰ ক্ষমতাক মুকলি প্ৰত্যাহ্বান হিচাপে দেখা গৈছিল।

জামানে এই কথাও জোৰ দি কয় যে অন্তৱৰ্তীকালীন চৰকাৰে এনে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব নালাগে, যাৰ ফলত বাংলাদেশৰ স্থিতিশীলতা আৰু সাৰ্বভৌমত্বত প্ৰভাৱ পৰিব।

বুধবাৰে সেনা প্ৰধানে স্পষ্ট কৰি দিলে যে আৰু কোনো পলম নহ’ব।সেনাবাহিনীক আওকাণ কৰি কৌশলগত সিদ্ধান্ত ল’ব নোৱাৰিব।

সেনা প্ৰধানগৰাকীয়ে বাৰে বাৰে স্পষ্ট কৰি দিছে যে তেওঁ সামৰিক অধিগ্ৰহণৰ বিৰোধী।ইউনুছৰ পৰা তেওঁলোকে আশা কৰে যে মুক্ত, নিকা আৰু সৰ্বাংগীন নিৰ্বাচন অনুষ্ঠিত কৰা যাতে নিৰ্বাচিত চৰকাৰলৈ ক্ষমতা মসৃণ আৰু শান্তিপূৰ্ণ হস্তান্তৰ হয়, ইয়াৰ পিছত সেনাই পুনৰ নিজৰ বেৰেকলৈ যাব পাৰে।

বুধবাৰে তেওঁ স্পষ্ট কৰি দিয়ে যে সেনাই আৰু মবোক্ৰেচি আৰু অৰাজকতা, সামৰিক বিষয়ত অন্তৱৰ্তীকালীন চৰকাৰৰ কোনো হস্তক্ষেপ আৰু বাংলাদেশৰ পতন সহ্য নকৰে, আৰু স্থিতিশীলতাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্তত সামৰিক বাহিনীক বাইপাছ কৰাৰ কোনো প্ৰচেষ্টা সহ্য নকৰে।

লগতে পঢ়ক: ‘ভালেই হ’ল পৰাজয় হ’লো কাৰণ…’; পৰাস্ত হোৱাৰ পিছত কিয় এই কথা ক’লে আৰ চি বিৰ অধিনায়কে?

যি কোনো মূহুৰ্ততে পদত্যাগ কৰিব পাৰে মুৰব্বী মহম্মদ ইউনুছে! বাংলাদেশৰ চৰকাৰত অস্থিৰতা

অস্থিৰ বাংলাদেশ

পুনৰ অস্থিৰ বাংলাদেশ। ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশে দীৰ্ঘদিন ধৰি ৰাজনৈতিক অস্থিৰতাৰ মাজেৰে পাৰ হৈ আহিছে। শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পিছত বাংলাদেশ এতিয়াও সুস্থিৰ হ’ব পৰা নাই।

বৰ্তমান বাংলাদেশৰ কামাণ্ড অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ হাতত। কিন্তু ইয়াৰ পিছতো অস্থিৰ বাংলাদেশ।

এনে পৰিস্থিতিত বাংলাদেশৰ অন্তৱৰ্তীকালীন মুৰব্বী মহম্মদ ইউনুছে শীঘ্ৰে পদত্যাগ কৰিব পাৰে বুলি খবৰ আহিছে।

কিয় পদত্যাগ কৰাৰ কথা ভাবিছে মহম্মদ ইউনুছে?

বাংলাদেশত ফলপ্ৰসূভাৱে কাম কৰাটো মহম্মদ ইউনুছৰ বাবে ক্ৰমান্বয়ে কঠিন হৈ পৰিছে।ৰাজনৈতিক দলসমূহৰ মাজত কোনো একমত নহয়।

ৰাজনৈতিক অচলাৱস্থাক লৈ ক্ৰমাৎ হতাশাৰ সৃষ্টি হোৱাৰ বাবেই ইউনুছে পদত্যাগ কৰাৰ কথা চিন্তা কৰিছে বুলি জানিব পৰা গৈছে।

কিন্তু শেহতীয়াকৈ মহম্মদ ইউনুছ আৰু বাংলাদেশৰ সেনাধ্যক্ষৰ মাজত সংঘাতৰো খবৰ আহিছে। এনে পৰিস্থিতিত ইউনুছৰ পদত্যাগ এক ডাঙৰ পদক্ষেপ হ’ব পাৰে।

জানিব পৰা মতে মহম্মদ ইউনুছে এই বিষয়ে চিন্তা কৰি আছে।কাৰণ তেওঁ অনুভৱ কৰে যে বৰ্তমানৰ পৰিস্থিতি এনেকুৱা যে তেওঁ কাম কৰি যাব নোৱাৰে।”

লগতে পঢ়ক: ‘আপোনালোকে পানী বন্ধ কৰিলে, আমি উশাহ বন্ধ কৰিম’; PAK জেনেৰেলৰ ভাৰতলৈ ভাবুকি

শ্বেখ হাছিনাৰ দলৰ ওপৰত নিষেধাজ্ঞা আৰোপ ইউনুছ চৰকাৰৰ… আৱামী লীগে এনেদৰে দিলে উত্তৰ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে । কোৱা হৈছে যে বাংলাদেশ চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে । আৱামী লীগে ইউনুছ চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে । চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত আৱামী লীগেও এক বিবৃতি প্ৰকাশ কৰিছে ।

চৰকাৰৰ এই সিদ্ধান্ত দমনমূলক আৰু অগণতান্ত্ৰিক বুলি কৈছে আৱামী লীগে । তেওঁলোকে কয় যে, আমি এই সিদ্ধান্তৰ বিৰোধিতা কৰোঁ । আনহাতে, ইউনুছ চৰকাৰে নিজৰ সিদ্ধান্ত সন্দৰ্ভত কয় যে আৱামী লীগ নিষিদ্ধ কৰাৰ সিদ্ধান্ত সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত লোৱা হৈছে । আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত আৱামী লীগৰ নেতাৰ বিৰুদ্ধে বিচাৰ সম্পূৰ্ণ নোহোৱালৈকে আৱামী লীগৰ ওপৰত এই নিষেধাজ্ঞা অব্যাহত থাকিব ।

উল্লেখ্য যে মহম্মদ ইউনুছৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আৱামী লীগ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই বৈঠকত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ আইনৰো সংশোধন কৰা হৈছে । ইয়াৰ অধীনত এতিয়া যিকোনো ৰাজনৈতিক দল আৰু ইয়াৰ নেতাৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি দিয়া হৈছে ।