বাংলাদেশ আদালতৰ ডাঙৰ সিদ্ধান্ত; ইস্কনৰ প্ৰাক্তন নেতা চিন্ময় কৃষ্ণ দাসে লাভ কৰিলে জামিন

বাংলাদেশৰ উচ্চ ন্যায়ালয়ে আজি দেশদ্ৰোহৰ গোচৰত ইস্কনৰ প্ৰাক্তন নেতা চিন্ময় কৃষ্ণ দাসক জামিন মঞ্জুৰ কৰে।বাংলাদেশত দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ইস্কনৰ সাধু চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক।

দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ ছমাহৰ পাছত বুধবাৰে বাংলাদেশৰ উচ্চ ন্যায়ালয়ে ইস্কনৰ প্ৰাক্তন পুৰোহিত চিন্ময় কৃষ্ণ দাসক জামিন মঞ্জুৰ কৰে।

ক্ষমতা পৰিবৰ্তনৰ পিছৰে পৰা তাত সংখ্যালঘু হিন্দুসকলৰ ওপৰত সংঘটিত হিংসাৰ বিৰুদ্ধে চিন্ময়ে এক কণ্ঠস্বৰ হিচাপে ওলাই আহিছিল।

চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ অনুগামীসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছিল।ভাৰতে বিষয়টো সন্দৰ্ভত বাংলাদেশৰ সংখ্যালঘুসকলৰ প্ৰতিও উদ্বেগ প্ৰকাশ কৰিছিল।

চন্দন কুমাৰ ধৰ, যাক  চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী নামেৰেও পৰিচিত,সনাতন জাগৰণ মঞ্চৰ মুখপাত্ৰ আৰু চট্টগ্ৰাম ইস্কনৰ নেতা হয় তেওঁ।

ইস্কন চিটাগঙে প্ৰকাশ কৰিছে যে ৩৭ বছৰীয়া চিন্ময় কৃষ্ণৰ ঘৰ চিটাগঙৰ সাটকনিয়া মহকুমাৰ বাসিন্দা। ইস্কন চিটাগঙে প্ৰকাশ কৰিছে যে ৩৭ বছৰীয়া চিন্ময় কৃষ্ণৰ ঘৰ চিটাগঙৰ সাটকনিয়া মহকুমাৰ।

তেওঁ ধৰ্মীয় ভাষণৰ বাবে পৰিচিত। এই ভাষণবোৰৰ বাবেই তেওঁ কম বয়সতে ধৰ্ম প্ৰচাৰক হিচাপে পৰিচিত হৈছিল।ইয়াৰ বাবেই তেওঁ ‘শিশু বকটা’ উপনামো পাইছিল।

বিপদ বাঢ়িব শ্বেখ হাছিনাৰ ? ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে বাংলাদেশে

বিপদ বাঢ়িব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ । সংবাদ মাধ্যমৰ খবৰ অনুসৰি বাংলাদেশ আৰক্ষীয়ে ১২জন লোকৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিবলৈ ইন্টাৰপ’লক অনুৰোধ জনাইছে । বাংলাদেশ আৰক্ষীৰ ৰাষ্ট্ৰীয় কেন্দ্ৰীয় ব্যুৰোৱে প্ৰকাশ কৰা এই তালিকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । বাংলাদেশ আৰক্ষীয়ে ইন্টাৰপ’লৰ সৈতে যোগাযোগ কৰি হাছিনাৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নটিচ জাৰি কৰিবলৈ অনুৰোধ কৰা বুলি জানিবলৈ দিছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে এই আবেদনসমূহ তদন্তৰ সময়ত বা চলি থকা যিকোনো গোচৰৰ প্ৰক্ৰিয়াত উত্থাপিত অভিযোগৰ সম্পৰ্কত দাখিল কৰা হয় । এজন ব্যক্তিক সাময়িকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ ইন্টাৰপলে ৰেড কৰ্ণাৰ নটিচ ব্যৱহাৰ কৰে । যাতে গ্ৰেপ্তাৰৰ পিছত তেওঁক প্ৰত্যাৰ্পণ কৰিব পৰা যায় । উল্লেখ্য যে ইন্টাৰপলে বিদেশত বাস কৰা পলাতকসকলক বিচাৰি উলিওৱাত সহায় কৰে আৰু এবাৰ নিশ্চিত হ’লে এই তথ্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতেও ভাগ-বতৰা কৰে ।

বৰ্তমানৰ চৰকাৰক সমালোচনা কৰিছিল শ্বেখ হাছিনাই-

কিছুদিন পূৰ্বে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হোৱা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰিছিল । সেই সময়ত তেওঁ ইউনুছক “আত্মকেন্দ্ৰিক ঋণী” বুলি অভিহিত কৰিছিল যিয়ে বিদেশৰ সৈতে ষড়যন্ত্ৰ কৰি ক্ষমতাৰ পিয়াহ দূৰ কৰিবলৈ দেশ ধ্বংস কৰিছিল । আঠ মিনিটৰ ভিডিঅ’ ভাষণত বিদ্ৰোহৰ মুখ হৈ পৰা ছাত্ৰ প্ৰতিবাদকাৰী আবু ছাইদৰ মৃত্যুৰ কাৰণ কি সেই সম্পৰ্কেও সন্দেহ প্ৰকাশ কৰে তেওঁ । যোৱা বছৰৰ আগষ্ট মাহত শ্বেখ হাছিনাই নিজৰ জীৱন ৰক্ষাৰ বাবে বাংলাদেশৰ পৰা ভাৰতলৈ পলায়ন কৰিছিল । কিছুদিন পূৰ্বে বাংলাদেশলৈ উভতি যোৱাৰ প্ৰতিজ্ঞা কৰি তেওঁ কৈছিল যে এই কাৰণেই আল্লাহে তেওঁক জীয়াই ৰাখিছে ।

‘প্ৰথমে নিজৰ ঘৰতে জুমি চাওঁক’; মুৰ্ছিদাবাদৰ হিংসাক লৈ জ্ঞান দিয়া বাংলাদেশক প্ৰত্যুত্তৰ ভাৰতৰ

পশ্চিম বংগত ৱাকফ আইনক লৈ হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত বাংলাদেশৰ মন্তব্যক  নাকচ কৰিছে ভাৰতে। ভাৰতে কৈছে যে এই মন্তব্য ভুৱা আৰু ইয়াৰ উদ্দেশ্য হৈছে বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত সংঘটিত হৈ থকা অত্যাচাৰৰ পৰা দৃষ্টি আতৰোঁৱা।

বৃহস্পতিবাৰে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰেছ সচিবে ভাৰতক আবেদন জনাইছিল যে শেহতীয়াকৈ বংগৰ মুৰ্ছিদাবাদ জিলাত সংঘটিত হিংসাত্মক পৰিস্থিতিত মুছলমান সংখ্যালঘুসকলক সুৰক্ষা দিব লাগে।এই হিংসাত তিনিজন লোকে প্ৰাণ হেৰুৱাৰ লগতে শতাধিক লোক আহত হয়।

বাংলাদেশৰ মন্তব্য নাকচ কৰি ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, বাংলাদেশে ভাৰতক লৈ “মিছা আৰু ভিত্তিহীন” মন্তব্য কৰাৰ সলনি আমাৰ দেশত বসবাস কৰা সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতি গুৰুত্ব দিয়া উচিত।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ‘আমি পশ্চিম বংগৰ ঘটনা সন্দৰ্ভত বাংলাদেশে আগবঢ়োৱা আখ্যান মানি ল’বলৈ অস্বীকাৰ কৰিছো”।

“এইটো ভাৰতৰ সেই চিন্তাবোৰৰ পৰা দৃষ্টি আঁতৰ কৰাৰ চেষ্টা কৰিছে যিটো বাংলাদেশত সংখ্যালঘুৰ ওপৰত সংঘটিত হৈ থকা অত্যাচাৰক লৈ।তাত এনে অপৰাধ কৰা মানুহে মুক্তভাৱে ঘূৰি ফুৰিছে।”

তেওঁ লগতে কয় যে “অপ্ৰয়োজনীয় মন্তব্য কৰি ভালপোৱা দেখুৱাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে বাংলাদেশে নিজৰ দেশৰ সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত কৰাত গুৰুত্ব দিব লাগে।”

দুৰ্নীতিৰ অভিযোগত কঠোৰ আদালত… শ্বেখ হাছিনা আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে আন এক গ্ৰেপ্তাৰী পৰোৱানা জাৰি

বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপদ কমি অহাৰ কোনো লক্ষণ দেখা পোৱা নাই । এতিয়া আৱাসিক প্লট কেলেংকাৰীৰ গোচৰত ঢাকা মেট্ৰ’পলিটান জ্যেষ্ঠ বিশেষ ন্যায়াধীশ আদালতে শ্বেখ হাছিনা, তেওঁৰ পুত্ৰ ছাজিব ৱাজেদ আৰু আন ১৬ জনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে । ইয়াৰ পূৰ্বে দেওবাৰে (১৩ এপ্ৰিল ২০২৫) ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি মাটি অধিগ্ৰহণ কৰাৰ অভিযোগত শ্বেখ হাছিনা, তেওঁৰ ভগ্নী শ্বেখ ৰেহানা আৰু ভতিজী টিউলিপ ছিদ্দিকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল ।

ঘটনাটো কি ?

পূৰ্বাঞ্চল নিউ টাউনত প্লট অধিগ্ৰহণৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়মৰ দুটা গোচৰত দুৰ্নীতি বিৰোধী আয়োগৰ অভিযোগনামা শুনানি গ্ৰহণ কৰি আদালতে এই ৱাৰেণ্ট জাৰি কৰিছে । বিচাৰ বিভাগৰ অধিবক্তাগৰাকীৰ মতে, অভিযুক্তৰ অধিকাংশই আছিল চৰকাৰী বিষয়া ।

আদালতৰ এগৰাকী বিষয়াই কয় যে ন্যায়াধীশ জাকিৰ হুছেইনে ৰাজধানী ঢাকা আৰু সমগ্ৰ দেশৰ বিভিন্ন আৰক্ষী থানাক শ্বেখ হাছিনা আৰু অন্যান্য অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেই সন্দৰ্ভত ২৯ এপ্ৰিলত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । আদালতে কৰ্তৃপক্ষক এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ কয়, যাৰ উত্তৰত এ চি চিয়ে তেওঁক পলাতক বুলি কয় ।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৩ এপ্ৰিল (দেওবাৰ)ত বাংলাদেশৰ ঢাকা মেট্ৰ’পলিটানৰ জ্যেষ্ঠ বিশেষ ন্যায়াধীশ জাকিৰ হুছেইনে ষড়যন্ত্ৰ কেলেংকাৰীৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত শ্বেখ হাছিনা, তেওঁৰ ভগ্নী শ্বেখ ৰেহানা, ব্ৰিটিছ সাংসদ তথা ভতিজী টিউলিপ ৰিজোৱানা ছিদ্দিকী আৰু আন ৫০ জনৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল ।

ভাৰতত আশ্ৰয় গ্ৰহণ শ্বেখ হাছিনাৰ-

২০২৪ চনত বাংলাদেশত সংঘটিত হিংসাত্মক আন্দোলনৰ পিছত শ্বেখ হাছিনাই ভাৰতত আশ্ৰয় লৈছিল । ২০২৪ চনৰ ৫ আগষ্টৰ পৰা ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আহিছে হাছিনাই । আন্দোলন ইমানেই হিংসাত্মক আছিল যে ১৬ বছৰীয়া আৱামি লীগৰ শাসন আঁতৰাই পেলোৱা হৈছিল । মহম্মদ ইউনুছে আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক হাছিনাক প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ জনাইছে ।

কঠোৰ সিদ্ধান্ত বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰৰ… বাংলাদেশী লোকক ইজৰাইল ভ্ৰমণত বাধা

বাংলাদেশৰ নাগৰিকক ইজৰাইললৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে । চৰকাৰে পাছপ’ৰ্টত লিখিছে যে এই পাছপ’ৰ্ট ইজৰাইলৰ বাহিৰে বিশ্বৰ সকলো দেশৰ বাবে বৈধ । অন্তৱৰ্তীকালীন চৰকাৰৰ এই সিদ্ধান্তই ইজৰাইলত কাম কৰিবলৈ যোৱাসকলৰ সমস্যা বৃদ্ধি কৰিছে ।

উল্লেখ্য যে, যুদ্ধবিৰতিৰ অন্ত পেলাই গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলে । সমগ্ৰ বিশ্বতে এই ঘটনাৰ গৰিহণা দিয়া হৈছে । এই সন্দৰ্ভত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে । বাংলাদেশৰ গৃহ মন্ত্ৰালয়ে পাছপ’ৰ্ট আৰু ইমিগ্ৰেচন বিভাগক বিদেশ ভ্ৰমণ কৰা নাগৰিকসকলৰ বাবে চৰকাৰী ভ্ৰমণ অনুমতি পত্ৰত পুনৰ এটা বিবৃতি যোগ কৰিবলৈ নিৰ্দেশ দিছে য’ত উল্লেখ কৰা হৈছে যে এই পাছপ’ৰ্ট ইজৰাইলৰ বাহিৰে বিশ্বৰ সকলো দেশৰ বাবে বৈধ । গৃহ মন্ত্ৰালয়ৰ নিৰাপত্তা সেৱা বিভাগৰ উপ সচিব নীলিমা আফ্ৰজে কয় যে আমি এই পত্ৰখন জাৰি কৰিছো ।

শ্বেখ হাছিনাই আঁতৰাইছিল এই শাৰী-

ইজৰাইল সম্পৰ্কীয় এই শাৰীটো বাংলাদেশৰ পৰা জাৰি কৰা পাছপ’ৰ্টতো ইয়াৰ আগতে লিখা হৈছিল । ২০২১ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত আৱামি লীগ চৰকাৰৰ সময়ত ইয়াক আঁতৰাই পেলোৱা হৈছিল । বিষয়াসকলে ইজৰাইলৰ প্ৰতি বাংলাদেশে নিজৰ স্থিতি সলনি কৰা নাই বুলি কৈছিল যদিও পাছপ’ৰ্টৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড বজাই ৰাখিবলৈ এই বাক্যাংশ আঁতৰোৱা হৈছে । তেতিয়াৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে কৈছিল যে বাংলাদেশৰ কোনো ব্যক্তিয়ে ইজৰাইললৈ যাব নোৱাৰে আৰু যদি কোনোবাই তেনে কৰে তেন্তে সেই ব্যক্তিজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

তৃতীয় দেশৰ পৰা ল’ব লাগিব ভিছা-

বাংলাদেশৰ পৰা বৃহৎ সংখ্যক লোক কাম কৰিবলৈ ইজৰাইললৈ যায় । এতিয়া অন্তৱৰ্তীকালীন চৰকাৰৰ সিদ্ধান্তৰ পিছত তেওঁলোকৰ চিন্তা বাঢ়িছে । এনে লোকে ইজৰাইললৈ যাবলৈ তৃতীয় দেশৰ পৰা ভিছা ল’ব লাগিব ।

বাংলাদেশক ডাঙৰ আঘাত দিলে ভাৰতে, চুবুৰীয়া দেশৰ সৈতে এতিয়া কঠিন হ’ব ব্যৱসায়

বাংলাদেশত শ্বেখ হাছিনাই ক্ষমতা হেৰুৱাৰ পিছত চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতৰ সৈতে দেশখনৰ সম্পৰ্ক ক্ৰমাগতভাৱে অৱনতি ঘটিছে । শেহতীয়াকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছে ভাৰতৰ উত্তৰ-পূব অঞ্চলক ‘লেণ্ড লক’ বুলি অভিহিত কৰিছিল, যাৰ বাবে তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে । এতিয়া ভাৰতে বাংলাদেশক দিয়া গুৰুত্বপূৰ্ণ ট্ৰেন্সশ্বিপমেণ্ট সুবিধা বাতিল কৰাৰ সিদ্ধান্ত লৈছে ।

ভাৰতে বন্ধ কৰি দিলে এই সুবিধা-

এই সুবিধাৰ অধীনত বাংলাদেশৰ ৰপ্তানি সামগ্ৰী ভাৰতীয় স্থল শুল্ক ষ্টেচন (LCS), বন্দৰ আৰু বিমানবন্দৰৰ জৰিয়তে তৃতীয় দেশলৈ পৰিবহণৰ অনুমতি দিয়া হৈছিল । কিন্তু এতিয়া ভাৰতে এই সুবিধা বাতিল কৰাৰ পিছত নেপাল, ভূটান, ম্যানমাৰৰ দৰে চুবুৰীয়া দেশৰ সৈতে বাংলাদেশৰ বাণিজ্যত প্ৰভাৱ পৰিব পাৰে । ভাৰতৰ এই পদক্ষেপক মহম্মদ ইউনুছৰ বক্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে দেখা গৈছে, য’ত তেওঁ উত্তৰ-পূব অঞ্চলত চীনৰ অৰ্থনীতি সম্প্ৰসাৰণৰ পোষকতা কৰিছিল আৰু ইয়াক ‘লেণ্ডলক’ বুলি অভিহিত কৰিছিল ।

এই সিদ্ধান্ত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডে যোৱা ৮ এপ্ৰিলত জাৰি কৰা এক বিজ্ঞপ্তিযোগে লোৱা হৈছে । এই অধিসূচনাত কোৱা হৈছে যে, ‘২৯ জুন, ২০২০ তাৰিখৰ বিজ্ঞপ্তিখন তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে, য’ত উল্লেখ কৰা হৈছে যে ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰা সামগ্ৰীক সেই বিজ্ঞপ্তিটোত দিয়া পদ্ধতি অনুসৰি ভাৰতীয় ভূখণ্ডৰ পৰা ওলাই যাবলৈ দিয়া হ’ব পাৰে ।’

বাণিজ্য বিশেষজ্ঞসকলৰ মতে, এই সুবিধা প্ৰত্যাহাৰৰ ফলত বস্ত্ৰ, জোতা, ৰত্ন আৰু গহনাকে ধৰি কেইবাটাও ভাৰতীয় ৰপ্তানি খণ্ডই লাভৱান হ’ব বুলি আশা কৰা হৈছে । এইবোৰ এনে উদ্যোগ য’ত বাংলাদেশ শক্তিশালী প্ৰতিযোগী, বিশেষকৈ পোছাকৰ ক্ষেত্ৰত ।

কি কৈছিল মহম্মদ ইউনুছে ?

মহম্মদ ইউনুছে শেহতীয়াকৈ চাৰিদিনীয়া চীন ভ্ৰমণৰ সময়ত ভাৰতৰ উত্তৰ-পূব অঞ্চলক “সমুদ্ৰত প্ৰৱেশৰ কোনো সুবিধা নথকা” “ভূমি আবদ্ধ” বুলি অভিহিত কৰিছিল আৰু বাংলাদেশক এই অঞ্চলৰ মূল দুৱাৰমুখ বুলি অভিহিত কৰিছিল । দক্ষিণ এছিয়াৰ একমাত্ৰ সাগৰৰ ৰক্ষক হিচাপে ঢাকাক অভিহিত কৰি মুখ্য উপদেষ্টা ইউনুছে চীনক বাংলাদেশত অৰ্থনৈতিক উপস্থিতি বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল ।

বেইজিঙত এক উচ্চ পৰ্যায়ৰ আলোচনাত ইউনুছে কৈছিল- ‘ভাৰতৰ পূব অংশ ভাৰতৰ সাতখন ৰাজ্যক সাত ভনী বুলি কোৱা হয় । এয়া ভাৰতৰ আশে-পাশে স্থলপথত আবদ্ধ অঞ্চল । সাগৰত উপনীত হোৱাৰ কোনো বাট নাই । গতিকে ইয়াৰ দ্বাৰা এক বৃহৎ সম্ভাৱনা মুকলি হয়, ই চীনৰ অৰ্থনীতিৰ সম্প্ৰসাৰণ হ’ব পাৰে ।‘

ইউনুছৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বাংলাদেশক সমালোচনা কৰি কয় যে ভাৰতে সহযোগিতা এক সংহত পন্থা আৰু নিৰ্বাচিত বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি নহয় বুলি বিশ্বাস কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে, ‘আটাইবোৰ কথাৰ পাছতো বংগ উপসাগৰত আমাৰ আটাইতকৈ দীঘল উপকূল আছে, যিটো প্ৰায় ৬৫০০ কিলোমিটাৰ ।‘

তেওঁ কয় যে ভাৰতে কেৱল বিমষ্টেকৰ পাঁচ সদস্যৰ সৈতে সীমান্ত ভাগ-বতৰা কৰাই নহয়, ইয়াৰে অধিকাংশকে সংযোগ কৰাই নহয়, ভাৰত উপমহাদেশ আৰু আছিয়ানৰ মাজতো যথেষ্ট সংযোগ প্ৰদান কৰে । আমাৰ উত্তৰ-পূব অঞ্চলটো বিশেষকৈ বিমষ্টেকৰ বাবে সংযোগ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, য’ত পথ, ৰে’লৱে, জলপথ আৰু পাইপলাইনৰ বিশাল নেটৱৰ্ক আছে ।

‘বংগোপসাগৰত ভাৰতৰ আটাইতকৈ দীঘল উপকূল আছে…’ বিমষ্টেকত মহম্মদ ইউনুছক প্ৰত্যুত্তৰ এছ জয়শংকৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ বৰ্তমান বিমষ্টেকত অংশগ্ৰহণৰ বাবে থাইলেণ্ডত আছে । এই সময়ত জয়শংকৰে দেশখনৰ ৰাজধানী বেংককত বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে উত্তৰ-পূবক ভাৰতৰ সৈতে সংযোগ কৰা ‘চিকেন নেক’ক লৈ কৰা  মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে আৰু নিজকে এই অঞ্চলৰ সাগৰৰ একমাত্ৰ ৰক্ষক বুলি অভিহিত কৰে ।

জয়শংকৰে বাংলাদেশৰ মহম্মদ ইউনুছক সমালোচনা কৰি কয় যে বহুখণ্ডীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে বিমষ্টেক সন্দৰ্ভত ভাৰতে নিজৰ দায়িত্বৰ বিষয়ে অৱগত । বংগোপসাগৰতো ভাৰতৰ প্ৰায় ৬৫০০ কিলোমিটাৰ বিস্তৃত আটাইতকৈ দীঘল উপকূল আছে ।

তেওঁ কয় যে বংগোপসাগৰত আমাৰ প্ৰায় ৬৫০০ কিলোমিটাৰ দীঘল উপকূল আছে । আমাৰ উত্তৰ-পূব অঞ্চলটো পথ, ৰে’লৱে, জলপথ, গ্ৰীড আৰু পাইপলাইনৰ নেটৱৰ্কেৰে বিমষ্টেকৰ বাবে সংযোগ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । লগতে, ত্ৰিপাক্ষিক ঘাইপথ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ উত্তৰ-পূবক প্ৰশান্ত মহাসাগৰৰ সৈতে সংযোগ কৰা হ’ব, যিটো প্ৰকৃত গেম-চেঞ্জাৰ । আমি সচেতন যে এই বৃহৎ ভূখণ্ড সামগ্ৰী, সেৱা আৰু মানুহৰ মসৃণ প্ৰবাহৰ বাবে আমাৰ সহযোগিতা আৰু সুবিধা এক অপৰিহাৰ্য চৰ্ত । এই ভূ-কৌশলগত কাৰকটো মনত ৰাখি আমি যোৱা দশকত বিমষ্টেকক শক্তিশালী কৰাৰ বাবে বৰ্ধিত শক্তি আৰু মনোযোগ নিয়োগ কৰিছো ।

মহম্মদ ইউনুছে কি কৈছিল ?

শেহতীয়াকৈ চীন ভ্ৰমণ কৰা বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীনৰ মাটিত কৈছিল যে এই অঞ্চলৰ সাগৰৰ একমাত্ৰ ৰক্ষক ঢাকা । চীনক নিজৰ দেশত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সময়তে ইউনুছে ভাৰতৰ সীমাবদ্ধতা তালিকাভুক্ত কৰি চীনক বাংলাদেশত ব্যৱসায়ৰ বৃহৎ সুযোগ আছে বুলি কৈ প্ৰলোভিত কৰা বুলি জানিব পৰা গৈছে ।

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কথা উল্লেখ কৰি মহম্মদ ইউনুছে কৈছিল যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সাত ভনী বুলি কোৱা হয় । উত্তৰ পূৱ ভাৰতৰ স্থলপথ আৱদ্ধ দেশ, ভূ-অৱচ্ছিন্ন অঞ্চল । সাগৰেৰে এই অঞ্চলত উপনীত হোৱাৰ কোনো বাট নাই । এই সমগ্ৰ অঞ্চলতে বাংলাদেশ হৈছে সাগৰৰ একমাত্ৰ ৰক্ষক ।

খেলপথাৰতে স্বাস্থ্যৰ অৱনতি ঘটিল এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ… সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

বাংলাদেশ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তমিম ইকবালক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঢাকা প্ৰিমিয়াৰ লীগ (ডি পি এল) ২০২৫ৰ এখন মেচত ফিল্ডিং কৰাৰ সময়ত বুকুৰ বিষৰ অভিযোগ উত্থাপন কৰে তামিমে । ২৪ মাৰ্চ সোমবাৰে মহম্মদ স্প’ৰ্টিং ক্লাব আৰু শ্বিনপুকুৰ ক্ৰিকেট ক্লাবৰ মাজত হোৱা খেলৰ সময়ত সংঘটিত হয় এই ঘটনা । সূত্ৰই জনোৱা মতে, বাওঁহতীয়া বেটছমেনগৰাকীৰ অৱস্থা গুৰুতৰ । এই খেলখনত তামিমে মহম্মদ স্প’ৰ্টিং ক্লাবৰ অধিনায়কত্ব কৰিছিল ।

৩৬ বছৰীয়া তামিমে টছৰ বাবে ওলাই আহিছিল যদিও শ্বিনপুকুৰৰ ইনিংছৰ সময়ত ফিল্ডিং কৰাৰ সময়ত অস্বস্তি অনুভৱ কৰিছিল । ইয়াৰ পিছতে চিকিৎসাৰ বাবে চিকিৎসাৰ দল উপস্থিত হোৱাৰ লগতে তেওঁক ঢাকালৈ নিবলৈ এখন হেলিকপ্টাৰো অনা হয় । অৱশ্যে তামিমৰ অৱস্থা সংকটজনক হোৱাৰ বাবে হেলিকপ্টাৰত উঠিব পৰা অৱস্থা নাছিল । এনে পৰিস্থিতিত তেওঁক ঢাকাৰ সলনি স্থানীয় ফাজিল টানেছ হাস্পতাললৈ লৈ যোৱা হয় । ঢাকা সংমণ্ডলৰ অন্তৰ্গত ছাভাৰ চহৰত অৱস্থিত ফাজিল টানেছ হাস্পতাল ।

মহম্মদন স্প’ৰ্টছ ক্লাবৰ বিষয়া তাৰিকুল ইছলামে জনোৱা মতে, “তামিম বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু তেওঁৰ অৱস্থা ইমানো ভাল নহয় যে তেওঁক বিমানেৰে ঢাকালৈ লৈ যোৱা হ’ব ।” ঢাকা প্ৰিমিয়াৰ লীগৰ চলিত ছিজনত তামিম অতি উত্তম ফৰ্মত আছে আৰু এই ছিজনত তেওঁ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । বাওঁহাতৰ বেটছমেনগৰাকীয়ে ৭খন মেচত গড়ে ৭৩.৬০ আৰু ১০২.৫০ ষ্ট্ৰাইক ৰেটত ৩৬৮ ৰান সংগ্ৰহ কৰিছে, য’ত দুটা শতক অন্তৰ্ভুক্ত হৈছে ।

৬ বছৰ পুৰণি এটা হত্যাকাণ্ডৰ গোচৰৰ ৰায়দানত অনুমতি; বাংলাদেশত ২০ ছাত্ৰক মৃত্যুদণ্ড

ঢাকা উচ্চ ন্যায়ালয়ে ২০১৯ চনত বাংলাদেশত সংঘটিত এটা হত্যাৰ গোচৰত ২০ জন শিক্ষাৰ্থীৰ মৃত্যুদণ্ডৰ ৰায়দানত অনুমোদন।

এই শিক্ষাৰ্থীসকলক তেওঁলোকৰ সহকৰ্মী আব্ৰাৰ ফাহাদক প্ৰহাৰ কৰি হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।উল্লেখ্য যে ফাহাদে সেই সময়ত শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে ফেচবুকত এটা পোষ্ট পোষ্ট কৰিছিল।

যাৰ বাবে আৱামী লীগৰ ছাত্ৰ সংগঠনৰ কৰ্মীসকলে তেওঁক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল।২০২১ চনত, নিম্ন আদালতে সকলো অভিযুক্তক মৃত্যুদণ্ড প্ৰদান কৰে, যাক এতিয়া উচ্চ ন্যায়ালয়েও অনুমোদন জনাইছে।

ঢাকা উচ্চ ন্যায়ালয়ে ২০ জন শিক্ষাৰ্থীৰ মৃত্যুদণ্ডৰ লগতে আন পাঁচজন শিক্ষাৰ্থীৰ বাবে আজীৱন কাৰাদণ্ডৰ ৰায়দানত অনুমোদন জনাইছে ।ফাহাদৰ পৰিয়ালে এই সিদ্ধান্তত সন্তুষ্টি প্ৰকাশ কৰিছে।

মুন্তাছিৰ নামৰ এজন দোষী এতিয়াও এই গোচৰত কাৰাগাৰৰ পৰা পলাতাক অৱস্থাত আছে। সকলো দোষী শিক্ষাৰ্থী বাংলাদেশ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ (বিইউইটি) সৈতে জড়িত আছিল।

বাংলাদেশৰ শিক্ষাৰ্থীসকলক দিয়া শাস্তিৰ ঘটনাটোৱে ৰাজনৈতিক ৰূপ লৈছে কিয়নো সকলো দোষী শিক্ষাৰ্থী বিচিএল (বাংলাদেশ ছত্ৰ লীগ)ৰ সদস্য আছিল।

বিচিএল হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগৰ ছাত্ৰ শাখা। ঘটনাটো পোহৰলৈ অহাৰ পিছত, দলটোৱে দায়ী সকলোকে বহিষ্কাৰ কৰে।

২০২১ চনৰ ডিচেম্বৰত ঢাকাৰ নিম্ন আদালতে দোষী ছাত্ৰসকলক মৃত্যুদণ্ড প্ৰদান কৰে। সেই সময়ত, বাংলাদেশত শ্বেখ হাছিনাৰ আৱামী লীগ চৰকাৰ শাসনত আছিল।আন পাঁচজন শিক্ষাৰ্থীক আজীৱন কাৰাদণ্ড দিয়া হৈছিল।

ন্যায়াধীশ আসাদুজ্জমান আৰু ন্যায়াধীশ চয়দ এনায়াত হুছেইনৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই সিদ্ধান্তটো বজাই ৰাখিছে।

বিচাৰপীঠে কৈছিল যে তেওঁলোক উচ্চ ন্যায়ালয়ৰ ৰায়ত সন্তুষ্ট আৰু ইয়াক যিমান সম্ভৱ সোনকালে কাৰ্যকৰী কৰা উচিত।

ফাহাদৰ ভাতৃ ফৈয়াজে কৈছিল যে তেওঁ ইমান সোনকালে উচ্চ ন্যায়ালয়ৰ পৰা সিদ্ধান্ত আশা কৰা নাছিল, কিন্তু তেওঁ ইয়াত সন্তুষ্ট। অৱশ্যে, তেওঁ লগতে স্বীকাৰ কৰে যে বহুতো আইনী প্ৰক্ৰিয়া এতিয়াও বাকী আছে।

ইফালে, প্ৰতিৰক্ষা অধিবক্তা আজিজুৰ ৰহমান দুলুৱে এই ৰায়ক লৈ হতাশা ব্যক্ত কৰে। তেওঁ কৈছিল যে তেওঁলোকে আপীল বিভাগৰ ওচৰত আপীল কৰিব আৰু তাৰ পৰা ন্যায় পোৱাৰ আশা কৰিব।