“মই আপোনালোকৰ কাৰণে একো কৰা নাছিলো নেকি” ? ভাষণৰ সময়তে বাংলাদেশৰ লোকে জ্বলালে শ্বেখ হাছিনাৰ পিতৃৰ বাসগৃহ

পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ । এইবাৰ ভাঙি লণ্ড-ভণ্ড কৰিলে স্বাধীন বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহ।

বুধবাৰে নিশা এটা বৃহৎ প্ৰতিবাদকাৰীৰ দলে ঘৰটো ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে অগ্নি সংযোগো কৰে। ঘটনাটো এনে সময়ত হৈছিল যিটো সময়ত বাংলাদেশৰ বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সামাজিক মাধ্যমত বাংলাদেশৰ লোকসকলক উদ্দেশ্যি সম্বোধন কৰি আছিল।

জানিব পৰা মতে বুধবাৰে সন্ধিয়াৰ পৰাই ৰাজধানীৰ ধনমাণ্ডি অঞ্চলত অৱস্থিত ঘৰটোৰ সন্মুখত হাজাৰ হাজাৰ লোক সমবেত হৈছিল। এই ঘৰটো পূৰ্বেই এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছিল।

শ্বেখ হাছিনাই এই খবৰটো জানিব পাৰি, খঙত অগ্নি শৰ্মা হৈ পৰিছিল। সামাজিক মাধ্যমত ভাষণৰ মাজতে, তেওঁ বাংলাদেশীসকলক প্ৰশ্ন কৰিছিল যে তেওঁলোকে বাংলাদেশৰ বাবে একো কৰা নাই নেকি?

দৰাচলতে, শ্বেখ হাছিনাই তেওঁৰ পিতৃৰ ঐতিহাসিক ঘৰটো জ্বলাই দিয়া ঘটনাক লৈ যথেষ্ট খং প্ৰকাশ কৰিছিল।যাৰ বাবে ভিডিঅ' বাৰ্তাৰ জৰিয়তে তেওঁ খং প্ৰকাশ কৰিছিল।

তেওঁ সুধিছিল যে, মই বাংলাদেশৰ কাৰণে একো কৰা নাই নেকি? মই আপোনালোক সকলোৰে বাবে কাম কৰা নাছিলো নেকি?মই মোৰ লোকসকলক সুধিব বিচাৰো ইয়াৰ আঁৰত কোন আছে? মই ন্যায় বিচাৰো।শ্বেখ হাছিনাৰ সেই ভাষণ আৱামী লীগৰ বৰ্তমান ভংগ হোৱা ছাত্ৰ শাখাক উদ্দেশ্যি আছিল।
দৰাচলতে শ্বেখ হাছিনাই বুধবাৰে নিশা ৯ বজাত সামাজিক মাধ্যমত সকলোকে সম্বোধন কৰিব বুলি জানিব পাৰি বাংলাদেশৰ একাংশ লোকে সামাজিক মাধ্যমত 'বুলডোজাৰ শোভাযাত্ৰা'ৰ আহ্বান জনোৱা হৈছিল।  

ভাৰতে পুনৰ সহায় কৰিলে বাংলাদেশক…ঢাকালৈ প্ৰেৰণ কৰিলে ১৬০০০ টন চাউল

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পিছত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্ক তিক্ত হৈ পৰিছে যদিও দুয়োখন দেশৰ মাজত বাণিজ্য এতিয়াও অব্যাহত আছে । এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতে জলপথযোগে চুবুৰীয়া দেশলৈ ১৬,৪০০ টন চাউল প্ৰেৰণ কৰিছে । প্ৰতিবেদন অনুসৰি ভাৰতে প্ৰেৰণ কৰা চাউলৰ এয়া দ্বিতীয়টো কিস্তি, যি শনিবাৰে মংগলা বন্দৰত উপস্থিত হয় ।

সংবাদ সংস্থাটোৰ মতে, বাংলাদেশৰ এখন বাতৰি কাকতে পুৱা ১৬,৪০০ টন চাউল কঢ়িয়াই অনা দুখন জাহাজ বন্দৰত উপস্থিত হোৱা বুলি প্ৰকাশ কৰিছে । মংগলা খাদ্য নিয়ন্ত্ৰক কাৰ্যালয়ৰ তথ্য অনুসৰি বাংলাদেশে ভাৰতৰ পৰা তিনি লাখ টন চাউল ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে, ইয়াৰে ৪০ শতাংশ মংগলা বন্দৰত আৰু বাকীখিনি চট্টগ্ৰাম বন্দৰত নমোৱা হ’ব ।

২০ জানুৱাৰীত আহিছিল প্ৰথম কিস্তি-

পানামা পতাকাযুক্ত জাহাজ বি এম চি আলফাই উৰিষ্যাৰ ধামৰা বন্দৰৰ পৰা বাংলাদেশলৈ ৭,৭০০ টন চাউল আনিছিল, আনহাতে থাইলেণ্ডৰ পতাকাযুক্ত এম ভি চি ফৰেষ্টে কলকাতা বন্দৰৰ পৰা চুবুৰীয়া দেশলৈ ৮,৭০০ টন কঢ়িয়াই লৈ গৈছিল । বাতৰি অনুসৰি, ভাৰতৰ পৰা আমদানিৰ অধীনত প্ৰথম কিস্তি ২০ জানুৱাৰীত বাংলাদেশত উপস্থিত হৈছিল, যেতিয়া ভিয়েটনামৰ পতাকাযুক্ত জাহাজ এম ভি পুথান-৩৬-ত ৫,৭০০ টন চাউল কঢ়িয়াই নিছিল ।

ভাৰতৰ সৈতে সম্পৰ্কক লৈ বিভ্ৰান্তত বাংলাদেশ! এইবাৰ চোৰাং ব্যৱসায়ৰ অভিযোগ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ সৈতে তেওঁলোকৰ সম্পৰ্কক লৈ বিভ্ৰান্তিৰ অৱস্থাত থকা দেখা গৈছে। এতিয়া গৃহ পৰিক্ৰমা উপদেষ্টা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) মহম্মদ জাহাংগীৰ আলম চৌধুৰীয়ে এটা ডাঙৰ কথা কৈছে।

বুধবাৰে চৌধুৰীয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগ চৰকাৰৰ কাৰ্যকালত ভাৰতৰ সৈতে স্বাক্ষৰিত সকলো ‘অসমান চুক্তি’ ৰ আলোচনা কৰা হ’ব।

আগন্তুক ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষা সন্মিলন উপলক্ষে এখন সংবাদমেল সম্বোধন কৰি চৌধুৰীয়ে সীমান্ত অঞ্চলত থকা ভাৰতীয় নাগৰিকসকলক মাদক দ্ৰব্য প্ৰস্তুত কৰা আৰু তেওঁলোকক বাংলাদেশলৈ চোৰাং সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন কৰে।

তেওঁ কয় যে “তেওঁলোকে ফেঞ্চিডিল নিৰ্মাণ কৰে আৰু ইয়াক বাংলাদেশলৈ চোৰাংকৈ আনি দিয়ে। যদিও তেওঁলোকে ইয়াক ঔষধ বুলি কয়, ই প্ৰকৃততে ড্ৰাগছ হে। “

চৌধুৰীয়ে কৈছিল যে সীমান্তৰ ১৫০ গজৰ ভিতৰত যিকোনো কাৰ্যকলাপৰ বাবে দুয়োখন দেশৰ পাৰস্পৰিক অনুমোদনৰ প্ৰয়োজন আৰু দুয়োপক্ষৰ দ্বাৰা কোনো একপক্ষীয় পদক্ষেপ লোৱাৰ সুযোগ নাই।

তেওঁ কয় যে যদি কোনো উন্নয়নমূলক প্ৰকল্পৰ অধীনত মছজিদ বা মন্দিৰ নিৰ্মাণ কৰিব লগা হয়, তেন্তে দুয়োখন দেশৰ সন্মতি বাধ্যতামূলক হ’ব। ভৱিষ্যতে এই ঐকমত্য নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।

বাংলাদেশী উপদেষ্টাজনে লগতে কৈছিল যে সীমান্তত নিৰস্ত্ৰ বাংলাদেশী নাগৰিকসকলৰ ওপৰত কথিত গুলীচালনাৰ বিষয়েও সন্মিলনত আলোচনা কৰা হ’ব।

জেহাংগীৰ আলম চৌধুৰীয়ে কৈছিল যে, “সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) বা ভাৰতীয় নাগৰিকৰ দ্বাৰা বাংলাদেশী নাগৰিকক অপহৰণ বা আটক কৰাৰ অভিযোগৰ ঘটনাসমূহ বৈঠকত আলোচনা কৰা হ’ব”।

তেওঁ কয়, “সীমান্ত উলংঘন, অবৈধ প্ৰৱেশ আৰু অনুপ্ৰৱেশ প্ৰতিৰোধৰ ব্যৱস্থাৰ প্ৰতি বিশেষ মনোযোগ দিয়া হ’ব।”  লগতে, ভাৰতৰ পৰা বাংলাদেশলৈ ফেঞ্চিডিল, অস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰকৰ দৰে অবৈধ নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায় প্ৰতিহত কৰিবলৈ অগ্ৰাধিকাৰ দিয়া হ’ব।

নদীৰ পানীৰ ন্যায়সঙ্গত ভাগ-বতৰা, পানীচুক্তি ৰূপায়ণ আৰু ৰহিমপুৰ খালৰ মুখ পুনৰ খোলাৰ দৰে বিষয়সমূহো আলোচনা কৰা হ’ব, বুলি চৌধুৰীয়ে কয়।

বাংলাদেশৰ ইউনুছ চৰকাৰক ডাঙৰ আঘাত দিলে ট্ৰাম্পে! বন্ধ হ’ল আমেৰিকাৰ সাহায্য লাভৰ এই পথ

আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাই বাংলাদেশৰ সকলো সাহায্য আৰু প্ৰকল্প বন্ধ কৰাৰ নিৰ্দেশ দিছে । এই সিদ্ধান্ত বাংলাদেশৰ ইউনুছ চৰকাৰৰ বাবে এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে ।

ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত এয়া প্ৰথম বৃহৎ পদক্ষেপ, যাৰ বাবে উন্নয়নৰ কামৰ বাবে বাংলাদেশক দিয়া সাহায্য বন্ধ হৈ যাব । তেওঁলোকৰ সিদ্ধান্তত ইউ এছ এ আই ডিয়ে সকলো ধৰণৰ ৱৰ্ক অৰ্ডাৰ, চুক্তি আৰু ক্ৰয় প্ৰক্ৰিয়া স্থগিত ৰাখিছে । ইউ এছ এ আই ডিয়ে বাংলাদেশক স্বাস্থ্য, শিক্ষা, কৃষি, অৰ্থনৈতিক সংস্কাৰৰ দৰে ক্ষেত্ৰত ব্যাপক সহায় আগবঢ়াই আহিছে । এই সিদ্ধান্তই দেশখনত চলি থকা বহু গুৰুত্বপূৰ্ণ প্ৰকল্পত ব্যাঘাত জন্মাব পাৰে ।

ইউ এছ এ আই ডিয়ে জাৰি কৰিলে পত্ৰ-

ইউ এছ এ আই ডিয়ে পুঁজি নিলম্বন সন্দৰ্ভত লিখা পত্ৰখনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শেহতীয়া কাৰ্যবাহী আদেশৰ উদ্ধৃতি দি কয় যে, “”এই পত্ৰখনে আপোনাৰ ইউ এছ এ আই ডি/বাংলাদেশ চুক্তি, কৰ্ম আদেশ, অনুদান, সহযোগিতামূলক চুক্তি বা অন্যান্য সহায় বা অধিগ্ৰহণ সঁজুলি অনুসৰি যিকোনো কাম তৎক্ষণাৎ বন্ধ বা স্থগিত ৰাখিবলৈ সকলো ইউ এছ এ আই ডি/বাংলাদেশ কাৰ্যকৰী অংশীদাৰক নিৰ্দেশ দিছে ।”

বিদেশী সাহায্য বন্ধ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে-

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে ব্যাপক ক্ৰমত ইজৰাইল আৰু ইজিপ্তৰ বাহিৰে ইউক্ৰেইনলৈ দিয়া সকলো বিদেশী সাহায্য বন্ধ কৰি দিয়ে । এই আদেশে সাধাৰণ সাহায্যৰ পৰা আৰম্ভ কৰি সামৰিক সাহায্যলৈকে সকলোকে প্ৰভাৱিত কৰিব । ইজৰাইল আৰু ইজিপ্তলৈ কেৱল জৰুৰীকালীন খাদ্য সাহায্য আৰু সামৰিক সাহায্যহে ইয়াৰ পৰা ৰেহাই দিয়া হৈছে ।

কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰখনত কোৱা হৈছে, “যেতিয়ালৈকে প্ৰতিটো সমৰ্থন পুনৰীক্ষণ আৰু অনুমোদিত নহয়, নতুন সহায় বা বিদ্যমান সমৰ্থনৰ সম্প্ৰসাৰণৰ বাবে কোনো নতুন পুঁজি মুকলি কৰা নহ’ব ।” এই পদক্ষেপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ‘আমেৰিকা ফাৰ্ষ্ট’ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ, যি বিদেশত সাহাৰ্যৰ ক্ষেত্ৰত অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

ভাৰত এৰি পাকিস্তানৰ সৈতে বন্ধুত্ব বঢ়াইছে বাংলাদেশে; ঢাকাৰ পৰা ইছলামাবাদলৈ আৰম্ভ বিমান সেৱা

ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে বাংলাদেশে পাকিস্তানৰ সৈতে বন্ধুত্ব শক্তিশালী কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

পাকিস্তানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ বাংলাদেশে দুয়োখন দেশৰ মাজত ঢাকালৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

পাকিস্তানত বাংলাদেশৰ উচ্চায়ুক্তই দেওবাৰে বাংলাদেশ আৰু পাকিস্তানৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা ঘোষণা কৰে।

মহম্মদ ইকবাল হুছেইনে শনিবাৰে পেছাৱাৰত এখন সংবাদমেলৰ সময়ত দুয়োখন দেশৰ মাজত গভীৰ আৰু ঐতিহাসিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ই ভ্ৰমণ আৰু সংযোগৰ সুবিধাৰ বাবে পোনপটীয়া বিমান আৰম্ভ কৰাৰ অভিপ্ৰায়ো প্ৰকাশ কৰিছিল। তেওঁ কয় যে এই পদক্ষেপে পৰ্যটন, শিক্ষা আৰু বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত বাংলাদেশ আৰু পাকিস্তানৰ মাজত সহযোগিতা বৃদ্ধি কৰিব। অৱশ্যে, পোনপটীয়া বিমানৰ বাবে কোনো সময়সীমা ঘোষণা কৰা হোৱা নাই।

বাংলাদেশৰ উচ্চায়ুক্তগৰাকীয়ে দাবী কৰিছিল যে আগন্তুক সময়ত পাকিস্তানৰ সৈতে ঢাকাৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব।

উচ্চায়ুক্তগৰাকীয়ে বাংলাদেশ আৰু পাকিস্তানৰ মাজত বৰ্ধিত বাণিজ্যিক আৰু কূটনৈতিক সম্পৰ্কৰ ওপৰতো আলোকপাত কৰে আৰু কয় যে এই সম্পৰ্কবোৰ শক্তিশালী হৈ থাকিব।

তেওঁ মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰতি বাংলাদেশৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে।তেওঁ উল্লেখ কৰে যে কেনেদৰে সামাজিক মাদ্যমত যুৱ প্ৰজন্মক তেওঁলোকৰ অধিকাৰৰ বাবে মাত মাতিবলৈ ক্ষমতা প্ৰদান কৰিছে, দেশত মুক্ত বাক শক্তিৰ এক শক্তিশালী সংস্কৃতিত অৰিহণা যোগাইছে। ইয়াৰ ফলত বাংলাদেশত পৰিৱৰ্তন ঘটিছিল।

হুছেইনে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত, বিশেষকৈ স্বাস্থ্যসেৱা আৰু ঔদ্যোগিক খণ্ডত বিনিয়োগৰ বৃহৎ সুযোগৰ কথা উল্লেখ কৰে, যাতে ব্যৱসায়ীসকলক এই পথবোৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰা যায়।

তেওঁ পাকিস্তানত বাংলাদেশী সামগ্ৰীৰ চাহিদাৰ কথাও উল্লেখ কৰিছিল। তেওঁ কয় যে চিটাগং আৰু কৰাচীক সংযোগ কৰা জাহাজ পথৰ জৰিয়তে দুয়োখন দেশৰ মাজত বাণিজ্য চলি আছে, যদিও পৰিমাণ সামান্য হৈ আছে।

উচ্চায়ুক্তগৰাকীয়ে বাংলাদেশৰ আগন্তুক নিৰ্বাচনসন্দৰ্ভতো বক্তব্য ৰাখে আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত তেওঁৰ দেশৰ গুৰুত্বক এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হিচাপে দোহাৰে।

তেওঁ পাকিস্তানৰ বায়ু সেনাক “প্ৰতিৰক্ষা খণ্ডত ব্যতিক্ৰমী সামৰ্থ্যৰ বাবে প্ৰশংসা কৰে আৰু ইয়াৰ অংশীদাৰ হোৱাৰ কথা ঘোষণা কৰে”। শ্বেখ হাছিনা ৱাজিদৰ চৰকাৰৰ পতনৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নত হৈছে।

শেহতীয়াকৈ, বাংলাদেশসেনাৰ এজন জ্যেষ্ঠ বিষয়াই পাকিস্তান ভ্ৰমণ কৰে আৰু প্ৰতিৰক্ষা খণ্ডত সহযোগিতা বিচাৰি সেৱাৰ মুৰব্বীসকলক পৃথকে সাক্ষাৎ কৰে।

‘তেতিয়া আমি ভাৰতৰ বিৰুদ্ধে বিশ্বৰ দেশসমূহৰ পৰা সমৰ্থন বিচাৰিম…’, পুনৰ পিছলিল বাংলাদেশৰ জিভা, ভাৰতক ভাবুকি

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে মঙলবাৰে কয় যে দেশখনৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতৰ পৰা ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু প্ৰয়োজন হ’লে আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপ বিচাৰিব । ঢাকাস্থিত ‘ডেইলী ষ্টাৰ’ কাকতৰ তথ্য অনুসৰি অন্তৱৰ্তীকালীন চৰকাৰৰ আইনী পৰিক্ৰমা উপদেষ্টা আছিফ নাজৰুলে সচিবালয়ত সাংবাদিকৰ আগত কয় যে যদি ভাৰতে হাছিনাক উভতাই পঠিয়াবলৈ অস্বীকাৰ কৰে তেন্তে সেয়া বাংলাদেশ আৰু ভাৰতৰ মাজত প্ৰত্যাৰ্পণ চুক্তি উলংঘা কৰা হ’ব ।

যোৱা বছৰৰ ৫ আগষ্টৰ পৰা ভাৰতত আশ্ৰয় লৈ আছে ৭৭ বছৰীয়া হাছিনাই । ১৬ বছৰীয়া আৱামী লীগ (এ এল) চৰকাৰখন এক বৃহৎ ছাত্ৰ আন্দোলনৰ হেঁচাত পৰাৰ পিছত তেওঁ ভাৰতলৈ পলায়ন কৰিছিল ।

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনা আৰু কেইবাজনো প্ৰাক্তন কেবিনেট মন্ত্ৰী, উপদেষ্টা, সামৰিক আৰু অসামৰিক বিষয়াক “মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যাৰ” অভিযোগত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ।

বাংলাদেশে যোৱা বছৰ হাছিনাক প্ৰত্যাৰ্পণৰ দাবীত ভাৰতলৈ কূটনৈতিক নোট প্ৰেৰণ কৰিছিল । নজৰুলে কয়, আমি প্ৰত্যাৰ্পণৰ বাবে এখন পত্ৰ লিখিছো । যদি ভাৰতে শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ নকৰে তেন্তে ই বাংলাদেশ আৰু ভাৰতৰ মাজত প্ৰত্যাৰ্পণ চুক্তিৰ স্পষ্ট উলংঘা হ’ব ।

তেওঁ কয় যে সেই পৰিস্থিতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিষয়টো আন্তঃৰাষ্ট্ৰীয় সমাজৰ সন্মুখত উত্থাপন কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব । আইনী উপদেষ্টাগৰাকীয়ে কয় যে বৈদেশিক মন্ত্ৰালয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে ।

নজৰুলে কয়, “আমি সকলো কৰি আছো । শ্বেখ হাছিনাক ঘূৰাই অনাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব । প্ৰয়োজন হ’লে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন বিচৰা হ’ব ।’

ভাৰত-বাংলাদেশ প্ৰত্যাৰ্পণ চুক্তিৰ বিধান অনুসৰি অপৰাধসমূহ ‘ৰাজনৈতিক চৰিত্ৰ’ৰ হ’লে প্ৰত্যাৰ্পণ অস্বীকাৰ কৰিব পাৰি । আন এটা বিধানত কোৱা হৈছে যে যদিহে কোনো ব্যক্তিক চাৰি মাহ বা তাতকৈ অধিক সময়ৰ বাবে কাৰাদণ্ড বা অন্যান্য ধৰণৰ বন্দীত্বৰ শাস্তি প্ৰদান কৰা নহয় তেন্তে তেওঁক প্ৰত্যাৰ্পণ কৰিব নোৱাৰিব ।

বাংলাদেশক পৰাস্ত কৰি খো খো বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ

নতুন দিল্লীত অনুষ্ঠিত হৈ থকা প্ৰথম খো খো বিশ্বকাপত ভাৰতে পুৰুষ আৰু মহিলা শাখাত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে আৰু আশা অনুসৰি প্ৰতিজন প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে সহজেই জয়লাভ কৰি খিতাপ অৰ্জনৰ দিশে আগবাঢ়িছে। খো খো বিশ্বকাপ ২০২৫ত ভাৰতৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত আছে আৰু ভাৰতীয় দলে মহিলা শাখাত আচৰিত ধৰণৰ জয় পঞ্জীয়ন কৰিছে। ১৭ জানুৱাৰী শুকুৰবাৰে অনুষ্ঠিত হোৱা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত টিম ইণ্ডিয়াই একপক্ষীয়ভাৱে বাংলাদেশক ৯৬ পইণ্টৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয় মহিলা দলৰ বিৰুদ্ধে বাংলাদেশী খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত একেবাৰে থিয় দিব নোৱাৰিলে আৰু ভাৰতে ১০৯-১৬ গ’লত জয়লাভ কৰে। ইয়াৰ সৈতে দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আশা কৰা মতে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ মহিলা আৰু পুৰুষৰ শাখাত ভাৰতীয় দলসমূহৰ প্ৰদৰ্শন অতি উত্তম আছিল। ১৬ জানুৱাৰী বৃহস্পতিবাৰে দুয়োটা দলে নিজ নিজ মেচত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। শুকুৰবাৰে মালয়েছিয়াক ৮০ পইণ্টৰ বিপুল ব্যৱধানত পৰাস্ত কৰি মেচখনত প্ৰৱেশ কৰা মহিলা দলটোৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হয়।

সীমান্তত উত্তেজনাৰ মাজতে ঢাকালৈ তলব ভাৰতীয় দূত, দ্বিপাক্ষিক চুক্তি উলংঘা কৰাৰ অভিযোগ বাংলাদেশৰ

সীমান্তৰ উত্তেজনাক লৈ দেওবাৰে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক চমন কৰে । ঢাকাই ভাৰত-বাংলাদেশ সীমান্তৰ পাঁচটা স্থানত ভাৰতে দ্বিপাক্ষিক চুক্তি উলংঘা কৰি বেৰ লগোৱাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰাৰ কিছু ঘণ্টাৰ পাছতেই এই ঘটনা সংঘটিত হয় ।

বৈদেশিক সচিবৰ সৈতে বৈঠক ভাৰতীয় উচ্চায়ুক্তৰ-

বিয়লি প্ৰায় ৩ বজাত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মা বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ত প্ৰৱেশ কৰা দেখা যায় । বৈদেশিক সচিব জাছিম উদ্দিনৰ সৈতে তেওঁৰ বৈঠক প্ৰায় ৪৫ মিনিট ধৰি চলিছিল । যদিও আলোচনা সন্দৰ্ভত অন্তৱৰ্তীকালীন চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই, তথাপিও বিষয়াসকলে নিশ্চিত কৰিছে যে ভাৰতৰ ৰাষ্ট্ৰদূতজনক মাতি অনা হৈছে ।

BSF আৰু BGB-ৰ মাজত আলোচনা চলি আছে- প্ৰণয় বাৰ্মা

বৈঠকৰ পৰা ওলাই অহাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰণয় বাৰ্মাই কয় যে নিৰাপত্তাৰ বাবে সীমান্তত বেৰ দিয়াৰ সন্দৰ্ভত ঢাকা আৰু নতুন দিল্লীৰ মাজত এক চুক্তি আছে । ‘আমাৰ দুয়োটা সীমান্তৰক্ষী বাহিনী – বি এছ এফ আৰু বি জি বি (সীমা সুৰক্ষা বাহিনী আৰু সীমান্তৰক্ষী বাংলাদেশ) – এই সন্দৰ্ভত আলোচনাত মিলিত হৈছে । আমি আশা কৰোঁ যে এই সহমতি কাৰ্যকৰী হ’ব আৰু সীমান্তৰ অপৰাধৰ মোকাবিলা কৰিবলৈ সহযোগিতামূলক পন্থা গ্ৰহণ কৰা হ’ব ।

বাংলাদেশৰ নিজৰ অভিযোগত কি ক’লে ?

ইয়াৰ পূৰ্বে গৃহ পৰিক্ৰমা উপদেষ্টা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জাহাংগীৰ আলম চৌধুৰীয়ে কয় যে সীমান্তৰ বাংলাদেশ আৰু স্থানীয় ৰাইজৰ তীব্ৰ বিৰোধিতাৰ বাবে ভাৰতে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপনৰ কাম বন্ধ কৰি দিছে । সংবাদ মাধ্যমৰ ব্রিফিঙত ভাষণ দি তেওঁ কয় যে পূর্বৰ চৰকাৰৰ কার্যকালত স্বাক্ষৰিত কিছু অসমান চুক্তিৰ বাবে ‘বাংলাদেশ-ভাৰত সীমান্তত বহু সমস্যাৰ সৃষ্টি হৈছে’ ৷ কিন্তু আমাৰ জনসাধাৰণ আৰু বি জি বিৰ প্ৰচেষ্টাত ভাৰতে কাঁইটীয়া তাঁৰৰ বেৰ স্থাপনকে ধৰি কিছুমান কাম বন্ধ কৰিবলৈ বাধ্য হৈছে । তেওঁ কয় যে বাংলাদেশ আৰু ভাৰতৰ সীমান্তৰ কাম-কাজ নিয়ন্ত্ৰণৰ বাবে চাৰিখন বুজাবুজি চুক্তি আছে ।

বাংলাদেশে কিতাপত সলনি কৰিলে ইতিহাস, এতিয়াৰে পৰা ‘ৰাষ্ট্ৰপিতা’ নহয় মুজিবুৰ ৰহমান

ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশে তেওঁলোকৰ ইতিহাস সলনি কৰিব বিচাৰে।ইতিহাস সলনি এই ক্ৰমত, বাংলাদেশত ইতিমধ্যে নতুন পাঠ্যপুথি জাৰী কৰা হৈছে।

এই কিতাপসমূহত কোৱা হৈছে যে জিয়াউৰ ৰহমানে ১৯৭১ চনত দেশৰ স্বাধীনতা ঘোষণা কৰিছিল।এতিয়ালৈকে কিতাপবোৰত, বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানক এই কৃতিত্ব দিয়া হৈছিল।

এই তথ্যবোৰ পাকিস্তানৰ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত দিয়া হৈছে। জানিব পৰা মতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ্থীসকলৰ বাবে নতুন পাঠ্যপুথিত কেইবাটাও পৰিৱৰ্তন কৰা হৈছে।

পাঠ্যপুথিত মুজিবুৰ ৰহমানৰ বাবে ‘ৰাষ্ট্ৰপিতা’ উপাধিও পাঠ্যপুথিৰ পৰা আঁতৰাই দিয়া হৈছে। প্ৰতিবেদনখনত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু পাঠ্যপুথি পৰিষদৰ অধ্যক্ষ অধ্যাপক এ কে এম ৰিয়াজুল হাছানৰ উদ্ধৃতি দি কোৱা হৈছে যে ২০২৫ চনৰ শিক্ষাবৰ্ষৰ নতুন পাঠ্যপুথিত উল্লেখ কৰা হ’ব যে “১৯৭১ চনৰ ২৬ মাৰ্চত জিয়াউৰ ৰহমানে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰিছিল আৰু ২৭ মাৰ্চত তেওঁ বংগবন্ধুৰ হৈ স্বাধীনতাৰ আন এটা ঘোষণা কৰিছিল।” ”

পাঠ্যপুথি সলনি কৰাৰ প্ৰক্ৰিয়াত জড়িত এজন লেখক আৰু গৱেষক ৰাখল ৰাহাই কৈছিল যে তেওঁলোকে পাঠ্যপুথিসমূহক “উপৰুৱা, আৰোপিত ইতিহাস”ৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছে, ।

পাঠ্যপুথি সংশোধন কৰা সকলে জানিব পাৰিলে যে শ্বেখ মুজিবুৰ ৰহমানে পাকিস্তানী সেনাই গ্ৰেপ্তাৰ কৰাৰ সময়ত এটা ভাইৰেল বাৰ্তা (স্বাধীনতাৰ ঘোষণাৰ বিষয়ে) প্ৰেৰণ কৰাটো সত্য-আধাৰিত তথ্য নহয়, আৰু সেয়েহে তেওঁলোকে ইয়াক বিলোপ কৰাৰ সিদ্ধান্ত লৈছিল।

ইয়াৰ পূৰ্বে, দশম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ পাঠ্যপুথিত কোনে স্বাধীনতা ঘোষণা কৰিছিল সেই বিষয়ে তথ্য ক্ষমতাত থকা দলৰ মতে সলনি কৰা হৈছিল।

আৱামী লীগৰ সমৰ্থকসকলৰ মাজত এইটো ব্যাপকভাৱে বিশ্বাস কৰা হয় যে মুজিবুৰ ৰহমানে এই ঘোষণা কৰিছিল আৰু সেনাৰ মেজৰ জিয়াউৰ ৰহমানে কেৱল মুজিবৰ নিৰ্দেশনা অনুসৰি ঘোষণাটো পঢ়ি শুনাইছিল। ৰহমান পিছলৈ মুক্তি যুদ্ধৰ খণ্ড কমাণ্ডাৰ হৈছিল।

ইয়াৰ পূৰ্বে, বাংলাদেশে পুৰণি মুদ্ৰা নোট বোৰ প্ৰচলনৰ বাহিৰ কৰি শ্বেখ মুজিবুৰ ৰহমানৰ ছবি কাগজৰ মুদ্ৰাৰ পৰা আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল।

৫ আগষ্টত মুজিবুৰ ৰহমানৰ জীয়ৰী শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ পিছত এই পদক্ষেপ লোৱা হৈছিল।