বিপদত বাংলাদেশ, এইবাৰ ৰাছিয়াৰ তৰফৰ পৰা বাংলাদেশক সকীয়নি !

বাংলাদেশে প্ৰতিদিনে বিভিন্ন দেশৰ লগত নিজৰ শত্ৰুতা গঢ়ি তুলিছে। ভাৰতক ভাবুকি দিয়াৰ পিছত এইভাৰ ৰাছিয়াক বিবাদৰ মাজলৈ টানি বিপদত পৰিছে বাংলাদেশ।
ৰাছিয়াই বাংলাদেশৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণ কৰি আছে। ভাৰতো এই একাংশ কোম্পানীৰ লগত জড়িত হৈ আছে। এই প্ৰকল্পৰ নাম ৰূপপুৰ শক্তি পাৰমাণৱিক কেন্দ্ৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৰাছিয়া আৰু ভাৰতৰ সহযোগত বাংলাদেশত এই প্ৰকল্প আৰম্ভ কৰিছিল। ৰূপপুৰ প্ৰকল্পৰ কাম ব্যাপক গতিত চলি আছিল যদিও শ্বেখ হাছিনাক উৎখাত কৰাৰ পিছত প্ৰকল্পৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰিল।
শেহতীয়াকৈ বাংলাদেশৰ দুৰ্নীতি বিৰোধী আয়োগে অভিযোগ কৰিছে যে ,শ্বেখ হাছিনা আৰু তেওঁৰ পুত্ৰই বহু উৎকোচ লৈছে আৰু এই উৎকোচৰ মূল্য ৫ বিলিয়ন ডলাৰ হ’ব পাৰে। এনে পৰিস্থিতিত এই প্ৰকল্পৰ কাম কৰিব নালাগে। শ্বেখ হাছিনা আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিব লাগে। এনে পৰিস্থিতিত ৰূপপুৰ বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণ কৰি থকা ৰাছিয়াৰ চৰকাৰী কোম্পানী ৰোজাটমে মহম্মদ ইউনুছ চৰকাৰক লৈ ক্ষোভিত হৈ পৰিছে। বাংলাদেশৰ অভিযোগ অস্বীকাৰ কৰি বাংলাদেশৰ দুৰ্নীতি নিবাৰক আয়োগৰ মন্তব্য ৰূপপুৰ শক্তি পাৰমাণৱিক প্ৰকল্পক কলংকিত কৰাৰ প্ৰয়াস বুলি মন্তব্য প্ৰকাশ ৰাছিয়াৰ।
২.৬৫ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰূপপুৰ প্ৰকল্পটো স্বচ্ছ আৰু আদালতত গোচৰৰ পক্ষ ল’বলৈ সাজু। ৰাছিয়ান কোম্পানীটোৱে মুকলি আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ নীতিৰ প্ৰতি দায়বদ্ধ, ইয়াৰ সকলো প্ৰকল্পতে স্বচ্ছ ক্ৰয় ব্যৱস্থা বজাই ৰাখিছে। বাহ্যিক অডিটে নিয়মিতভাৱে প্ৰকল্পটোৰ ব্যৱসায়িক প্ৰক্ৰিয়াসমূহৰ মুকলিতা নিশ্চিত কৰে।

২০২৫: বাংলাদেশ-কানাডা-অষ্ট্ৰেলিয়াৰ দৰে দেশত নিৰ্বাচন…নিৰ্ণয় কৰিব ইউনুছ-ট্ৰুডো-আলবানীজৰ ভাগ্য

২০২৪ চন শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন । এই কেইটামান দিনৰ পিছতেই বহুতো উত্থান-পতনৰ সাক্ষী হোৱা ২০২৪ বৰ্ষই আমাৰ মাজৰ পৰা মেলানি মাগিব আৰু নতুন আশা-প্ৰত্যাশাৰে সকলোৱে আদৰি ল’ব নৱবৰ্ষ ২০২৫ । আন বহুতো ক্ষেত্ৰৰ দৰে নতুন বৰ্যটোত বিশ্বৰ ৰাজনীতিকো এক বেলেগ ৰঙত দেখা যাব, য’ত বহু দেশৰ সাধাৰণ নিৰ্বাচন অন্তৰ্ভুক্ত হৈছে । এক প্ৰকাৰে ২০২৫ চন হ’ব নিৰ্বাচনী বৰ্ষ । কানাডা, অষ্ট্ৰেলিয়া, জাৰ্মানী, ছিংগাপুৰ, বেলাৰুছ, বাংলাদেশৰ দৰে ডাঙৰ দেশত সাধাৰণ অনুষ্ঠিত হ’ব নিৰ্বাচন ।

বাংলাদেশঃ এছিয়াৰ দেশ বাংলাদেশত ২০২৫ বৰ্ষত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে । ৰাজনৈতিক অস্থিৰতাৰ মাজেৰে পাৰ হৈ যোৱা দেশখনৰ সাধাৰণ নিৰ্বাচনত সমগ্ৰ বিশ্বই চকু ৰাখিব । সম্প্ৰতি আৱামী লীগৰ শ্বেখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাৰ পাছত মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশত শাসন চলাই আছে । ক্ষমতা দখলৰ পিছৰে পৰা অন্তৱৰ্তীকালীন চৰকাৰক নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিবলৈ কোৱা হৈছে । ক্ৰমাৎ হেঁচা বৃদ্ধিৰ মাজতে মহম্মদ ইউনুছে ঘোষণা কৰিছে যে ২০২৫ চনৰ শেষৰ ফালে বা ২০২৬ চনৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ’ব । ২০২৪ চনৰ ৭ জানুৱাৰীত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল । এই নিৰ্বাচনত একেৰাহে চতুৰ্থবাৰৰ বাবে জয়লাভ কৰিছিল শ্বেখ হাছিনাই । অৱশ্যে এই নিৰ্বাচন বৰ্জন কৰে দেশৰ প্ৰধান বিৰোধী দল বি এন পিয়ে । ২০২৪ চনৰ জুলাই-আগষ্টত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে ৫ আগষ্টত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনাই দেশ পলায়ন কৰে ।

কানাডাঃ ২০২৫ চনত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’ব । ২০২৫ চনৰ ২০ অক্টোবৰ বা তাৰ পূৰ্বে অনুষ্ঠিত হ’ব কানাডাৰ ফেডাৰেল নিৰ্বাচন । ইয়াৰ দ্বাৰা কানাডাৰ সংসদৰ হাউছ অৱ কমনছৰ সদস্য নিৰ্বাচন কৰা হ’ব । এবছৰ ধৰি ক্ৰমাগতভাৱে সমৰ্থন হ্ৰাস পোৱাৰ পিছতো প্ৰধানমন্ত্ৰী ট্ৰুডোৱে একেৰাহে চতুৰ্থবাৰৰ বাবে ক্ষমতাত থাকিবলৈ বিচাৰিছে । ২০২৪ চনত কৰা সমীক্ষা অনুসৰি ট্ৰুডো আৰু তেওঁৰ লিবাৰেল পাৰ্টিৰ প্ৰতি জনসাধাৰণৰ ক্ষোভ স্পষ্টকৈ দেখা গৈছে । কানাডাৰ তিনি চতুৰ্থাংশ ভোটাৰে তেওঁক নাকচ কৰিছে । কম সুতৰ হাৰ, ২% ৰ ওপৰত মুদ্ৰাস্ফীতিৰ ক্ৰমাগতভাৱে হ্ৰাস  আৰু ঘৰৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱা কিছুমান ডাঙৰ সমস্যা যিয়ে ট্ৰুডোৰ সমৰ্থন ক্ৰমাগতভাৱে হ্ৰাস কৰাৰ কাৰণ ।

তেওঁৰ প্ৰতিদ্বন্দ্বী কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা লিবাৰেল দলতকৈ ২১ পইণ্টৰ বিপুল অগ্ৰগতি লাভ কৰিছে আৰু যদি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে তেওঁলোকে পৰৱৰ্তী চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত । বৰ্তমানৰ সমীক্ষাসমূহে ইংগিত দিয়ে যে তেওঁলোকে সংসদত আনুমানিক ২১৮খন আসন লৈ সহজেই সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব পাৰে । সমীক্ষা অনুসৰি লিবাৰেল দলৰ আসন ৫০খনলৈ হ্ৰাস হ’ব । কানাডাৰ ৩৩৮খন আসনৰ সংসদত সংখ্যাগৰিষ্ঠতাৰ বাবে ১৭২খন আসনৰ প্ৰয়োজন ।

অষ্ট্ৰেলিয়াঃ ২০২৫ চনৰ ২৭ ছেপ্টেম্বৰ বা তাৰ পূৰ্বে দেশখনত ফেডাৰেল নিৰ্বাচন অনুষ্ঠিত হ’ব । এই নিৰ্বাচন অষ্ট্ৰেলিয়াৰ ইতিহাসত আটাইতকৈ বেছি উপস্থিত থকা নিৰ্বাচনসমূহৰ ভিতৰত অন্যতম হ’ব, য’ত যুৱ আৰু স্থানীয় ভোটাৰে অংশগ্ৰহণ কৰিব । পৰৱৰ্তী ফেডাৰেল নিৰ্বাচনত সিদ্ধান্ত লোৱা হ’ব অষ্ট্ৰেলিয়াৰ সংসদৰ নিয়ন্ত্ৰণ কোনে ল’ব । সংসদৰ নিম্ন সদনৰ সকলো ১৫০খন আসনৰ বাবে অৰ্থাৎ প্ৰতিনিধি সদনৰ বাবে আৰু উচ্চ সদনৰ ৭৬খন আসনৰ ভিতৰত ৪০খন আসনৰ বাবে অৰ্থাৎ চেনেটৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । পিটাৰ ডাটনৰ নেতৃত্বত লিবাৰেল-নেশ্যনেল ক’লিচনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ লেবাৰ পাৰ্টিয়ে দ্বিতীয়বাৰৰ বাবে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব ।

জাৰ্মানীঃ ২০২৫ চন হ’ব ইউৰোপীয় দেশ জাৰ্মানীত নিৰ্বাচনী পৰীক্ষাৰ বছৰ । ২০২৫ চনৰ ২৩ ফেব্ৰুৱাৰীত সংসদৰ নিম্ন সদন বুণ্ডেষ্টাগৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজে তেওঁৰ এছ পি ডি নেতৃত্বাধীন মিত্ৰজোঁটৰ পতনৰ পিছত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত বুণ্ডেষ্টাগৰ বাবে নতুন নিৰ্বাচন ঘোষণা কৰিছে ।

বেলাৰুছঃ ২০২৫ চনৰ ২৬ জানুৱাৰীত ইউৰোপীয় দেশ বেলাৰুছত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব । ৰাষ্ট্ৰপতিগৰাকীক পোনপটীয়াকৈ ৰাইজে পাঁচ বছৰৰ বাবে নিৰ্বাচিত কৰে । ২০২০ চনত অনুষ্ঠিত হোৱা শেষৰটো নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজয়ী ঘোষণা কৰা হৈছিল, তাৰ পিছতে বৃহৎ পৰিসৰৰ ভোটৰ ৰিগিঙৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদৰ সৃষ্টি হৈছিল । বিৰোধী নেতা শ্বুয়াটলানাই নিৰ্বাচনত জয়ী হোৱা বুলি দাবী কৰে ।

ছিংগাপুৰঃ ২০২৫ চনৰ ২৩ নৱেম্বৰৰ পূৰ্বে এছিয়াৰ দেশ ছিংগাপুৰৰ সংসদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । ২০০৬ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে লি ছিয়েন লুঙে শাসকীয় পিপলছ একচন পাৰ্টি (পিএপি)ক নিৰ্বাচনত নেতৃত্ব নিদিয়ে । ২০২৪ চনৰ মে’ মাহত লুঙৰ ঠাইত লৰেন্স ৱঙে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ।

বিপদ আঁতৰা নাই শ্বেখ হাছিনাৰ, ভাৰত চৰকাৰলৈ পত্ৰ বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঢাকালৈ ঘূৰাই পঠিয়াবলৈ ভাৰতলৈ এটা কূটনৈতিক টোকা প্ৰেৰণ কৰিছে । বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হোছেইনে সোমবাৰে তেওঁৰ কাৰ্যালয়ত এই তথ্য প্ৰদান কৰে ।

তেওঁ কয় যে আমি ভাৰত চৰকাৰলৈ এটা নোট (কূটনৈতিক বাৰ্তা) প্ৰেৰণ কৰিছো য’ত উল্লেখ কৰা হৈছে যে বাংলাদেশে শ্বেখ হাছিনাক ন্যায়িক প্ৰক্ৰিয়াৰ বাবে ঘূৰাই বিচাৰিছে ।

ইয়াৰ পূৰ্বে গৃহ উপদেষ্টা জাহাংগীৰ আলমে কয় যে পদচ্যুত প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতৰ পৰা প্ৰত্যাৰ্পণ কৰাত সুবিধাৰ বাবে তেওঁৰ কাৰ্যালয়ে বৈদেশিক মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । এই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে । তেওঁ কয় যে ইতিমধ্যে ঢাকা আৰু নতুন দিল্লীৰ মাজত প্ৰত্যাৰ্পণ চুক্তি আছে আৰু এই সন্ধিৰ অধীনত হাছিনাক বাংলাদেশলৈ ঘূৰাই আনিব পৰা যাব ।

বাংলাদেশ উচ্চায়ুক্তৰ পৰা আমি এটা মৌখিক টোকা পাইছিলোঁ-বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

ইফালে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ অনুৰোধ সন্দৰ্ভত বাংলাদেশ উচ্চায়ুক্তৰ পৰা আমি মৌখিক টোকা লাভ কৰিছো । অৱশ্যে এই সময়ত আমাৰ এই বিষয়ত মন্তব্য কৰিবলৈ একো নাই । একে সময়তে ভাৰতে বাংলাদেশৰ অনুৰোধৰ তাৎক্ষণিক উত্তৰ নিদিয়াকৈ বিষয়টো দীঘলীয়া কৰিব পাৰে বুলিও সূত্ৰই প্ৰকাশ কৰিছে । লগতে দুয়োখন দেশৰ মাজত প্ৰত্যাৰ্পণ চুক্তিৰ বিধানৰ ভিত্তিত এই অনুৰোধ নাকচ কৰিব পাৰে ।

যোৱা মাহত ইন্টাৰপলৰ পৰা সহায় বিচৰাৰ কথাও চৰ্চা হৈছিল-

বিগত মাহৰ আৰম্ভণিতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ছাত্ৰ আন্দোলনৰ সময়ত সংঘটিত হোৱা মৃত্যুৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক বিচাৰৰ সন্মুখীন হ’বলৈ বাংলাদেশলৈ অনা হ’ব বুলি প্ৰকাশ কৰিছিল । ইয়াৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰে ইন্টাৰপলৰ সহায় ল’ব বুলি উল্লেখ কৰিছিল । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ আইনী পৰিক্ৰমা উপদেষ্টা আছিফ নাজৰুলে অতি শীঘ্ৰে ইণ্টাৰপ’লৰ জৰিয়তে ৰেড নটিচ জাৰি কৰা হ’ব বুলি কৈছিল ।

বাংলাদেশৰ নতুন বিপদ ; আৰাকান আৰ্মীয়ে দখল কৰিলে বাংলাদেশৰ বহু চহৰ  

বাংলাদেশ আৰু ম্যানমাৰ সীমান্তত বৃদ্ধি পাইছে উত্তেজনা ।ম্যানমাৰত থকা আৰাকান আৰ্মীৰ লগত বাংলাদেশী সেনাৰ সংঘাত বৃদ্ধি পোৱাৰ খবৰ পোৱা গৈছে।

এই সংঘাতৰ মাজতে আৰাকান আৰ্মীয়ে ইতিমধ্যে বাংলাদেশ-ম্যানমাৰ সীমান্ত ৰাকাইন প্ৰদেশ দখল কৰিছে। ৰাকাইন প্ৰদেশ দখলৰ পিছত এতিয়া আৰাকান আৰ্মী আগবাঢ়িছে বাংলাদেশৰ দিশে।

ইতিমধ্যে বাংলাদেশৰ তেকনাফৰ কিছু অংশ আৰাকান আৰ্মীৰ দখলত যোৱা বুলি জানিব পৰা গৈছে। ইমানেই নহয় আৰাকান আৰ্মীয়ে নাফ নদীত নাও চলাচল নিষিদ্ধ কৰিছে।

বাংলাদেশৰ কক্স বজাৰত থকা ৰোহিংগীয়া শিবিৰৰ একেবাৰে কাষ পাইছেহি আৰাকান আৰ্মী । অৱশ্যে ইউনুছৰ চৰকাৰ এইক্ষেত্ৰত সম্পূৰ্ণৰূপে নিমাত হৈ আছে।

আৰাকান আৰ্মীৰ দাবী বাংলাদেশৰ ৰোহিংগীয়া শিবিৰত আছে বহু জেহাদী। ইয়াৰ বিৰুদ্ধে আৰাকান আৰ্মীয়ে ব্যৱস্থা ল’ব। এই জেহাদীসমূহে বাংলাদেশত থকা বৌদ্ধ আৰু হিন্দুৰ ওপৰত ভয়াৱহ ঘটনা সংঘটিত কৰিছে।

এই কাৰ্য বন্ধ কৰাৰ দাবী কৰিছে আৰাকান আৰ্মীয়ে। যাৰ বাবে এতিয়া শলঠেকত পৰিছে মহম্মদ ইউনুছৰ চৰকাৰ।এদিন পূৰ্বে বাংলাদেশ চৰকাৰৰ প্ৰতিনিধিয়ে প্ৰকাশ কৰিছিলে এখন বিতৰ্কিত মানচিত্ৰ।

সেই মানচিত্ৰ অনুসৰি ত্ৰিপুৰা, অসম আৰু পশ্চিম বংগৰ এটা অংশ বাংলাদেশৰ বুলি দাবী কৰিছিল চৰকাৰৰ প্ৰতিনিধিয়ে।

শীঘ্ৰেই অসম দখল কৰিব বুলিও হুংকাৰ দিছিল বাংলাদেশৰ একাংশই। কিন্তু অসম দখল কৰিব বুলি কোৱা সেই বাংলাদেশেই এতিয়া বিপদত পৰিছে।

বাংলাদেশৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ, মহম্মদ ইউনুছে কৰিলে ঘোষণা

শ্বেখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাৰ পিছৰে পৰা অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশ শাসন কৰি আহিছে। অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিছে মহম্মদ ইউনুছে।

ক্ষমতা গ্ৰহণ কৰাৰ পিছৰে পৰা, অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ দাবী আহিছে। এতিয়া বৰ্ধিত চাপৰ মাজত, মহম্মদ ইউনুছে কৈছে যে ২০২৫ চনৰ শেষত বা ২০২৬ চনৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ’ব।

জানিব পৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নেতৃত্বত বি এন পিকে ধৰি মুখ্য ৰাজনৈতিক দলসমূহে দেশখনত আগতীয়া নিৰ্বাচন বিচাৰে।

সমালোচনা আৰু প্ৰতিবাদ স্বত্বেও, ইউনুছে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা নাই, ঘোষণা কৰিছে কেৱল সময়। নিৰ্বাচনৰ তাৰিখক লৈ, ইউনুছে কৈছিল যে তেওঁ সকলো সংস্কাৰ সম্পূৰ্ণ কৰাৰ পিছত সকলোকে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে।

তেওঁ কয়, “যদি ৰাজনৈতিক সহমত তৈয়াৰ কৰা হয়, সামান্য সংশোধন আৰু ত্ৰুটিবোৰ ভোটাৰ তালিকাৰ পৰা আঁতৰ কৰিব পাৰি, তেন্তে ২০২৫ চনৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ হ’ব পাৰে”।

তেওঁ লগতে কয়, “যদি আমি নিৰ্বাচন প্ৰক্ৰিয়াত প্ৰয়োজনীয় স্তৰৰ সংস্কাৰৰ আধাৰত আৰু নিৰ্বাচনী সংস্কাৰ আয়োগৰ পৰামৰ্শসমূহৰ সহমতৰ আধাৰত কাম কৰোঁ তেন্তে কমেও ছয় মাহ লাগিব পাৰে”।

ইফালে, বাংলাদেশ নিৰ্বাচনী প্ৰক্ৰিয়াও ভাৰতৰ লোকসভা নিৰ্বাচনৰ দৰেই। ইয়াত, সংসদ সদস্যসকল ভাৰতৰ দৰেই নিৰ্বাচিত হয়। অৰ্থাৎ অৰ্থাৎ, যিজন প্ৰাৰ্থীয়ে এটাও ভোট বেছি পাব সেই প্ৰাৰ্থীয়ে জয় লাভ কৰিব।

নিৰ্বাচনৰ ফলাফলৰ পিছত, সৰ্ববৃহৎ দল বা মিত্ৰজোঁটৰ সাংসদসকলে তেওঁলোকৰ নেতা নিৰ্বাচিত কৰে আৰু তেওঁ প্ৰধানমন্ত্ৰী হয়। সংসদত মুঠ ৩৫০ খন আসন আছে।

ইয়াৰ ভিতৰত, ৫০ খন আসন মহিলাৰ বাবে সংৰক্ষিত। সংৰক্ষিত আসনৰ বাবে কোনো নিৰ্বাচন নাই, আনহাতে ৩০০ খন আসনৰ বাবে প্ৰতি পাঁচ বছৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।  

বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ… উচ্চায়ুক্তক ঘেৰাও হাজাৰ হাজাৰ লোকৰ

বাংলাদেশৰ হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে দিল্লীত বৃহৎ বিক্ষোভ প্ৰদৰ্শন । বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত বিভিন্ন শ্লোগানেৰে এই বিক্ষোভ প্ৰদৰ্শন কৰিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদকাৰীসকলৰ ভিতৰত সাধু-সন্ত আৰু মহিলাও অন্তৰ্ভুক্ত আছে । প্ৰতিবাদত বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে, শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পিছত বাংলাদেশত সংখ্যালঘু, বিশেষকৈ হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে । যোৱা মাহত হিন্দু ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত এই আক্ৰমণ আৰু অধিক বৃদ্ধি পাইছিল ।

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী ঢাকাত থকাৰ সময়তে বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত এই বিক্ষোভ সংঘটিত হৈছে । মাত্ৰ এদিন পূৰ্বে বৈদেশিক সচিব মিশ্ৰীয়ে হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ বিষয়টো উত্থাপন কৰিছিল । বিক্ৰম মিশ্ৰীয়ে এই বিষয়টো বাংলাদেশৰ বিদেশ উপদেষ্টা মহম্মদ তৌহিদ হুছেইনৰ আগত উত্থাপন কৰিছিল । হুছেইনক সাক্ষাৎ কৰাৰ পাছত বৈদেশিক সচিব মিশ্ৰীয়ে কয়, ‘… আমিও শেহতীয়া পৰিঘটনাসমূহৰ বিষয়ে আলোচনা কৰি সংখ্যালঘুৰ সুৰক্ষা আৰু কল্যাণ সন্দৰ্ভত আমাৰ উদ্বেগ প্ৰকাশ কৰিলোঁ… সাংস্কৃতিক আৰু ধৰ্মীয় সম্পত্তিৰ ওপৰত আক্ৰমণৰ দুখজনক ঘটনাক লৈ আমি উদ্বেগ প্ৰকাশ কৰিলোঁ ।’

ইয়াৰ পূৰ্বে চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা ঘটনাক ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে গৰিহণা দিছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিজৰ বিবৃতিত উল্লেখ কৰিছিল যে সংখ্যালঘু লোকৰ ঘৰ-দোকান অগ্নিসংযোগ আৰু লুণ্ঠনৰ লগতে মন্দিৰ অপবিত্ৰ কৰাৰ কেইবাটাও গোচৰ পঞ্জীয়ন কৰা হৈছে । এই ঘটনাৰ দোষীয়ে এতিয়াও মুক্তভাৱে ঘূৰি ফুৰিছে, আনহাতে শান্তিপূৰ্ণভাৱে বৈধ দাবী উত্থাপন কৰা ধৰ্মগুৰুসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ।

বাংলাদেশত পুনৰ এটা হিন্দু মন্দিৰত আক্ৰমণ ; জ্বলাই দিলে ভগৱানৰ মূৰ্তি, ভাঙিলে ইস্কন মন্দিৰ

বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা আক্ৰমণৰ মাজতে বাংলাদেশৰ ৰাজধানী ঢাকাৰ এটা মন্দিৰত আক্ৰমণ দুৰ্বৃত্তৰ।

মৌলবাদীসকলে প্ৰথমে মন্দিৰটো ভাঙি তাৰ পিছত ভগৱানৰ মূৰ্তিবোৰ জ্বলাই দিছিল।তথ্য অনুসৰি শুকুৰবাৰে নিশা কিছুমান দুৰ্বৃত্তই বাংলাদেশৰ আন এটা ইস্কন মন্দিৰত আক্ৰমণ কৰে।

পূৰ্বেও বাংলাদেশত হিন্দু মন্দিৰৰ ওপৰত আক্ৰমণৰ খবৰ পোৱা গৈছিল। ইউনুছ চৰকাৰৰ দাবী স্বত্বেও, সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা হৈছে।

শেহতীয়াকৈ, মৌলবাদীৰ এটা দলে সুমনগঞ্জ জিলাৰ হিন্দুসকলৰ ঘৰটো আক্ৰমণ কৰিছিল।এটা ফেচবুক পোষ্টত হিন্দু যুৱকসকলক নিন্দাৰ অভিযোগ কৰি এই হিংসাত্মক ঘটনা সংঘটিত কৰা হৈছিল।

উচ্ছৃংখল জনতাই ১০০ তকৈও অধিক হিন্দুৰ ঘৰ ভাঙি দিছিল।এই দুৰ্বৃত্তৰ দলটোৱে ঘৰত বনোৱা উপাসনাস্থলীবোৰো এৰি দিয়া হোৱা নাছিল।

“শ্বেখ হাছিনাই সকলো শেষ কৰি পেলালে” ;  হিন্দুসকলৰ ওপৰত আক্ৰমণক লৈ মহম্মদ ইউনুছৰ বিস্ফোৰক মন্তব্য

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।ইউনুছে কৈছে যে “শ্বেখ হাছিনাই সকলো শেষ কৰি পেলালে। ইউনুছে এইটোও কৈছিল যে নিৰ্বাচনী সংস্কাৰৰ পিছতহে বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব।

মহম্মদ ইউনুছে এটা সাক্ষাৎকাৰত কয় যে, “নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে আমি অৰ্থনীতি, শাসন, আমোলাতন্ত্ৰ আৰু ন্যায়পালিকা সংস্কাৰ কৰা প্ৰয়োজন”।

ইউনুছে পুনৰ কৈছিল যে “আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণৰ বিচাৰ শেষ হোৱাৰ পিছত ভাৰতে শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ কৰা উচিত। বিচাৰ শেষ হোৱাৰ পিছত আৰু ৰায় প্ৰদান দিয়া পিছত, আমি শ্বেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ কৰিম।তেওঁ দৃঢ়তাৰে কয় যে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত ভাৰতে তেওঁক প্ৰত্যাৰ্পণ কৰিবলৈ বাধ্য”।

তেওঁ বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণক প্ৰচাৰ বুলি বৰ্ণনা কৰিছিল।তেওঁ কয় “ভাৰত চৰকাৰে হিন্দুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কে প্ৰকাশ কৰা উদ্বেগ, এইটো তথ্যৰ ওপৰত আধাৰিত নহয়”।

হাছিনা চৰকাৰ যোৱাৰ পিছৰে পৰা ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে।বাংলাদেশতো হিন্দুসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। শেহতীয়াকৈ হিন্দু ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত সম্পৰ্কৰ অৱনতি ঘটিছিল।

তেওঁ লগতে কয় যে “বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্বাচনী ব্যৱস্থা, সংবিধান আৰু ন্যায়পালিকাৰ সংস্কাৰৰ বাবে কেইবাটাও আয়োগ গঠন কৰিছে।এই সংস্কাৰবোৰ কাৰ্যকৰী হ’বলৈ সময় লাগিব কিয়নো আমি এখন নতুন বাংলাদেশ নিৰ্মাণ কৰি আছো।

ইউনুছে কয় “শ্বেখ হাছিনাৰ ১৫ বছৰীয়া শাসনকালত বাংলাদেশত সকলো ধ্বংস হৈ গ’ল।তেওঁৰ চৰকাৰৰ অধীনৰ প্ৰশাসনিক গাঁথনি সম্পূৰ্ণৰূপে বৰ্বাদ হৈ গৈছে”।ইউনুছে অভিযোগ কৰিছিল যে শ্বেখ হাছিনাই শ্বাম নিৰ্বাচন অনুষ্ঠিত কৰিছিল আৰু নিজকে আৰু তেওঁৰ দলৰ বিজয়ীসকলক বিনা প্ৰতিদ্বন্দিতাত ঘোষণা কৰিছিল।তেওঁ এজন ফেচিষ্ট শাসক হিচাপে শাসন কৰিছিল”।

বাংলাদেশত আদালতৰ নিজৰেই নিৰ্দেশ বাতিল, প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পুত্ৰকে ধৰি ৪৮জনক মুকলি !

বাংলাদেশ উচ্চ ন্যায়ালয়ে নিজা নিৰ্দেশ বাতিল কৰি ৪৯জন লোকক মুকলি কৰি দিছে। মুকলি হোৱাসকলৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পুত্ৰও। বাংলাদেশৰ উচ্চ ন্যায়ালয়ে ২০০৪ চনত ৰাজনৈতিক সমাৱেশত সংঘটিত হোৱা গ্ৰেনেড আক্ৰমণৰ গোচৰত দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান আৰু আন ৪৮জন লোকক দোষমুক্ত কৰি ৰায় উলংঘা কৰে।
দক্ষিণ এছিয়াৰ দেশখনে ৰাজনৈতিক উত্তেজনাৰ সৈতে যুঁজি থকাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে। শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পিছত বাংলাদেশত হিংসাত্মক পৰিস্থিতি অব্যাহত থকাৰ লগতে শ শ লোকৰ মৃত্যু হৈছে।
লণ্ডনত আত্মনিৰ্বাসিত অৱস্থাত জিয়াৰ বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে ৰহমানে আৰু তেওঁৰ দল ক্ষমতালৈ আহিলে বাংলাদেশৰ পৰৱৰ্তী নেতা হ’ব পাৰে।
২০১৮ চনত সেই সময়ত বিৰোধীৰ নেতৃত্ব দিয়া হাছিনাৰ সমৰ্থকসকলে কৰা এক সমাৱেশক লক্ষ্য কৰি ৰেহমান আৰু আন ৪৮জন লোকক দোষী সাব্যস্ত কৰা হৈছিল, য’ত দুডজন লোক নিহত হৈছিল আৰু প্ৰায় ৩০০ লোক আহত হৈছিল। ইয়াৰে ১৯ জনক আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ বিপৰীতে ৰহমানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।