আক্ৰমণৰ ৬ দিন পিছত চিকিৎসালয়ৰ পৰা মুকলি হ’ল ছেইফ আলী খান…ছাৰাৰ পৰা কৰীনা কাপুৰলৈ চিকিৎসালয়ত উপস্থিত পৰিয়াল

অৱশেষত মঙলবাৰে চিকিৎসালয়ৰ পৰা মুকলি হয় বলীউড অভিনেতা ছেইফ আলী খান । ২১ জানুৱাৰীৰ বিয়লি তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব । ইয়াৰ পূৰ্বে লীলাৱতী চিকিৎসালয়ৰ চিকিৎসকে এই তথ্য প্ৰদান কৰিছে । তেওঁৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে অভিনেতাজনক কিছুদিন জিৰণি ল’বলৈও পৰামৰ্শ দিছে ।

হাস্পতালত উপস্থিত পৰিয়াল-

ইতিমধ্যে ছেইফ আলী খান চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে । অভিনেতাজনক চিকিৎসালয়ৰ পৰা নিবলৈ তেওঁৰ সমগ্ৰ পৰিয়াল উপস্থিত হয় । ছাৰা আলী খানৰ পৰা কৰীনা কাপুৰলৈকে সকলোকে এই সময়ত চিকিৎসালয়ত দেখা যায় । উল্লেখ্য যে অভিনেতাজনক আক্ৰমণৰ ৬ দিনৰ পিছত চিকিৎসালয়ৰ পৰা ৰিলিজ কৰা হৈছে ।

১৬ জানুৱাৰীত ছেইফ আলী খানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল দুৰ্বৃত্তই । ইয়াৰ পিছতে অভিনেতাজনক লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয়, য’ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয় । তেওঁৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয় । ইয়াৰ পিছত এতিয়া তেওঁক হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছে ।

বহু লোকক সোধা-পোছা কৰা হৈছিল-

ইফালে আৰক্ষীয়ে এই আক্ৰমণৰ তদন্ত অব্যাহত ৰাখিছে । এই বিষয়ত এতিয়ালৈকে আৰক্ষীয়ে বহু লোকক জেৰা কৰিছে । ইয়াৰ পূৰ্বেও আৰক্ষীয়ে অভিনেতাগৰাকীৰ ঘৰত কৰ্মৰত দুগৰাকী ঘৰুৱা সহায়কক জেৰা কৰিছিল, তাৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল । ইয়াৰ পিছতে অভিনেতাজনৰ ঘৰত কৰ্মৰত আন লোককো জেৰা কৰে আৰক্ষীয়ে ।

ঘৰত উপস্থিত হয় আৰক্ষী-

আনহাতে, মঙলবাৰে পুৱা আৰক্ষীয়ে অভিযুক্তৰ সৈতে অভিনেতাজনৰ ঘৰত উপস্থিত হৈ সমগ্ৰ অপৰাধস্থলী পুনৰ সৃষ্টি কৰে যাতে সমগ্ৰ ঘটনাটো বুজিব পৰা যায় । এই সময়ছোৱাত আৰক্ষীয়ে অভিযুক্তৰ পৰা জানিব বিচাৰিছিল অভিনেতাজনক কেনেদৰে টাৰ্গেট কৰিছিল । ইয়াৰ পূৰ্বে আৰক্ষীয়ে নিজৰ বিবৃতিত স্পষ্ট কৰি দিছিল যে অভিযুক্তই অভিনেতাজনক যি ধৰণে আক্ৰমণ কৰিছিল, সেইটোৱে স্পষ্টকৈ দেখুৱাইছে যে তেওঁ সমগ্ৰ ঘৰৰ বিষয়ে অৱগত ।

অভিযুক্তক গ্ৰেপ্তাৰ-

ইয়াৰ পূৰ্বে ফৰেনছিক বিভাগৰ দল অভিনেতাজনৰ ঘৰত উপস্থিত হৈ এই গোচৰৰ সৈতে জড়িত সকলো প্ৰমাণ সংগ্ৰহ কৰিছিল । আৰক্ষীয়ে ছেইফক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হয়, য’ৰ পৰা তেওঁক আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হয় । এই সমগ্ৰ বিষয় সন্দৰ্ভত আৰক্ষীয়ে তেওঁক জেৰা অব্যাহত ৰাখিছে ।

দৰ্শকৰ মাজত নচলিল কংগনাৰ ইমাৰজেন্সীৰ যাদু;  ২ দিনত উপাৰ্জন মাত্ৰ…

বলীউডৰ কুউন কংগনা ৰানাৱটৰ পলিটিকেল ড্ৰামা ‘ইমাৰজেন্সী’ ৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিন্তু মুক্তিৰ পিছত, চলচ্চিত্ৰখনে ছবিগৃহত দৰ্শক একত্ৰিত কৰিবলৈ সংগ্ৰাম কৰি আছে।

বোলছবিখনৰ বক্স অফিচত বৰ ভাল ফলাফল দেখাবলৈ সক্ষম হোৱা নাই।অৱশ্যে মুক্তিৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে  ছবিখনৰ উপাৰ্জন সামান্য বৃদ্ধি হৈছে। কিন্তু তথাপিও, পৰিসংখ্যাবোৰ হতাশাজনক। 

বহুতো বিতৰ্কত আৱদ্ধ হোৱাৰ পিছত, ১৭ জানুৱাৰীত ছবিগৃহত মুক্তি পোৱা ‘ইমাৰজেন্সী’ এ শনিবাৰৰ বন্ধৰ পৰা কিছু লাভ কৰিছে। ছবিখনে শনিবাৰে ৩.৫০ কোটি টকা সংগ্ৰহ কৰিছে।

ছবিখনে প্ৰথম দিনটোতকৈ দ্বিতীয় দিনা অলপ ভাল উপাৰ্জন কৰিছিল।কিন্তু তথাপিও, উপাৰ্জনৰ পৰিমাণ হৃদয়স্পৰ্শী নহয়। 

মুক্তিৰ প্ৰথম দিনাই ছবিখনে মাত্ৰ ২.৫০ কোটি টকা উপাৰ্জন কৰিছিল। ইয়াৰ সৈতে, ছবিখনে দুদিনত মাত্ৰ ৬ কোটি টকা সংগ্ৰহ কৰিছে।

ছবিখনৰ বাজেট প্ৰায় ৬০ কোটি বুলি কোৱা হয়।কিন্তু চলচ্চিত্ৰখনে যি ধীৰ গতিত উপাৰ্জন সেই অনুসৰি   ছবিখনে বাজেট আহৰণ কৰাটোও কঠিন হ’ব পাৰে বুলি কোৱাটো ভুল নহ’ব। 

ধৰা পৰিল ছেইফ আলী খানৰ আক্ৰমণকাৰী; মহম্মদ আলিয়ান নে বিজয় দাস; প্ৰকৃত নামটো কি?

১৬ জানুৱাৰীত অভিনেতা ছেইফ আলী খানৰ ঘৰত সোমাই আক্ৰমণ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে। মুম্বাই আৰক্ষীয়ে দেওবাৰে মহাৰাষ্ট্ৰৰ থানেৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

যিয়ে স্বীকাৰ কৰিছে যে তেওঁ ছেইফৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তেওঁক আক্ৰমণ কৰিছিল। অভিযুক্তজনৰ নাম মহম্মদ আলিয়ান ওৰফে বিজে।

ধৰা পৰাৰ ভয়ত তেওঁ নিজকে মিছাকৈ বিজয় দাস বুলি পৰিচয় দি আছিল। অভিযুক্ত বিজয় দাসক বান্দ্ৰা আৰক্ষী আৰু অপৰাধ শাখাৰ যুটীয়া অভিযানৰ পিছত গ্ৰেপ্তাৰ কৰিছে।

এইটো দাবী কৰা হৈছে যে অভিযুক্তজনে থানেৰ ৰিকিচ বাৰত হাউচকিপিং কৰ্মী হিচাপে কাম কৰিছিল। আৰক্ষীয়ে তেওঁক হিৰানন্দনী ইষ্টেটৰ এটা নিৰ্মাণ স্থানলৈ অনুসৰণ কৰিছিল, য’ত তেওঁ ঘন জোপোহাৰ মাজত লুকাই আছিল।

দীঘলীয়া অনুসন্ধানৰ পিছত, তেওঁক আটক কৰা হয় আৰু বান্দ্ৰা আৰক্ষীক গতাই দিয়া হয়। তেওঁক কাইলৈ আদালতত হাজিৰ কৰোৱা হ’ব, য’ত আৰক্ষীয়ে জিম্মা বিচাৰিব। তেওঁৰ গ্ৰেপ্তাৰে গোচৰটোৰ বিষয়ে অধিক প্ৰকাশ কৰিব বুলি আশা কৰা হৈছে।

মুম্বাই আৰক্ষীয়ে আক্ৰমণকাৰীজনক ধৰিবলৈ দল গঠন কৰিছিল কিয়নো তেওঁক কেইবাটাও চিচিটিভি ফুটেজত দেখা গৈছিল, যাৰ ভিতৰত এটা ক্লিপ আছিল য’ত তেওঁক ঘটনাটোৰ পিছত দাদৰ ৰে’ল ষ্টেচনত দেখা গৈছিল।

গোচৰটোৰ সন্দৰ্ভত ছত্তীশগড়ৰ দূৰ্গত এজন সন্দেহজনক ব্যক্তিক আটক কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। সন্দেহজনক লোকজনক ৩১ বছৰীয়া আকাশ কৈলাশ কান্নোজিয়া বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ মূল অভিযুক্ত পশ্চিম বংগৰ বাসিন্দা। তদন্তটোত অভিযুক্তজনৰ নামক লৈ আশ্চৰ্যজনক তথ্য প্ৰকাশ কৰিছে।

এইটো কোৱা হৈছে যে আক্ৰমণকাৰীজনৰ এটা বা দুটা নহয়, বহুতো নাম আছে। জেৰাৰ সময়ত অভিযুক্তসকলক বিজয় দাস, মহম্মদ ইলিয়াছ আৰু বিজে বুলি চিনাক্ত কৰা হৈছে,আৰক্ষীয়ে কৈছে যে অভিযুক্তজনে বাৰে বাৰে তেওঁৰ নাম সলনি কৰি আছে। প্ৰকৃত নামটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে।    

ছেইফৰ ঘৰত কেনেকৈ প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই ? আৰক্ষীয়ে দুই অভিযুক্তক কৰিছে চিনাক্ত

অভিনেতা ছেইফ আলী খানক বৃহস্পতিবাৰে পুৱতি নিশা কোনো দুৰ্বৃত্তই চুৰিৰে আক্ৰমণ কৰিছিল। ইয়াৰ পিছত, অভিনেতাজনক সংকটজনক অৱস্থাত লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

য’ত চিকিৎসকসকলে তেওঁৰ অস্ত্ৰোপচাৰ কৰিছিল। বৰ্তমান, তেওঁৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হৈছে আৰু বিপদ মুক্ত হৈছে। জানিব পৰা মতে এজন অজ্ঞাত ব্যক্তিয়ে অভিনেতা গৰাকীৰ ঘৰত প্ৰৱেশ কৰি চুৰিৰে আক্ৰমণ কৰিছিল।

চুৰি কৰাৰ উদ্দেশ্যৰে ঘৰত প্ৰৱেশ কৰা অচিনাক্ত ব্যক্তিজনে প্ৰথমে তেওঁৰ পুত্ৰৰ কোঠাত প্ৰৱেশ কৰিছিল আৰু বনকৰা মহিলা গৰাকীৰ সৈতে হতাহতিত লিপ্ত হৈছিল।

আৰু বনকৰা মহিলাগৰাকীক বচাবলৈ অহা ছেইফ আলী খানক দুৰ্ঘটনাটোৰ আক্ৰমণ কৰে দুৰ্বৃত্তই।তেওঁ বহু ঠাইত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

ঘটনাক লৈ মুম্বাই আৰক্ষীয়ে চিচিটিভি কেমেৰাত ২ জন সন্দেহজনক লোকক দেখিছে। মুম্বাই আৰক্ষীৰ বিষয়াজনে দাবী কৰিছে যে তাৰে এজনে আক্ৰমণ কৰিছিল অভিনেতা গৰাকীক।

কিন্তু আৰক্ষীয়ে এতিয়াও কোনো সিদ্ধান্তত উপনীত হোৱা নাই।বৰ্তমান দুয়োৰে সন্ধান চলি আছে। ইয়াৰে এজন লোক চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ জনোৱা মতে সন্দেহজনক ব্যক্তিজনে ওচৰৰ অট্টালিকাৰ পৰা ছেইফ আলী খানৰ বাসগৃহত জঁপিয়াই আহিছিল। সি চিৰিৰে ঘৰটোত প্ৰৱেশ কৰিলে।

আক্ৰমণৰ সময়ত কৰীণা কাপুৰো ঘৰতে আছিল। আৰক্ষীয়ে গোচৰটো ৪-৫ ঘণ্টাৰ ভিতৰত সমাধান কৰাৰ দাবী কৰিছে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে অভিযুক্তজনে চুৰি কৰাৰ উদ্দেশ্যৰে অভিনেতাগৰাকীৰ ঘৰলৈ আহিছিল। ঘটনাৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তদন্তৰ বাবে স্থানীয় আৰু অপৰাধ শাখাৰ মুঠ ১০ টা দল গঠন কৰিছে। আৰক্ষীয়ে দাবী কৰিছে যে এই গোচৰটো ৪ ৰ পৰা ৫ ঘণ্টাৰ ভিতৰত সমাধান কৰা হ’ব।

অভিনেতা ছেইফ আলী খানৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, চিকিৎসালয়ত ভৰ্তি

অভিনেতা ছেইফ আলী খানক বান্দ্ৰাস্থিত তেওঁৰ ঘৰতে চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ । জানিব পৰা মতে তেওঁৰ ঘৰত প্ৰৱেশ কৰা এজন ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰে । ঘটনাৰ পিছতে ছেইফক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তথ্য অনুসৰি গভীৰ নিশা ছেইফৰ ঘৰত এজন অচিনাকি ব্যক্তি প্ৰৱেশ কৰিছিল । তেওঁ অভিনেতাজনক ছুৰীৰে আক্ৰমণ কৰে । এই আক্ৰমণত আহত হয় ছেইফ আলী খান । বৰ্তমান তেওঁক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

আৰক্ষীৰ তথ্য অনুসৰি বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ঘৰত চোৰ সোমাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে তেওঁক । মুম্বাইৰ এখন চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে অভিনেতাজন ।

বান্দ্ৰা ডি চি পিয়ে কয়, নিশা ২.৩০ বজাত এজন অচিনাকি ব্যক্তিয়ে ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰিছিল । এই সময়তে চোৰে ছেইফ আলী খানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । ইয়াৰ পিছতে তেওঁক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় বুলি ডি চি পিয়ে জানিবলৈ দিয়ে । অৱশ্যে এই আঘাত ইমান গুৰুতৰ নহয় । লগতে এই ঘটনাত তেওঁ ছুৰীৰে আঘাত কৰাৰ ফলত নে হতাহতিত আহত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

জিম কৰোঁতে আঘাতপ্ৰাপ্ত ৰশ্মিকা মান্দান্না;স্থগিত হ’ল মেগা বাজেট চলচ্চিত্ৰৰ শ্বুটিং

পুষ্পা’ অভিনেত্ৰী ৰশ্মিকা মান্দন্নাই ১০ জানুৱাৰীত চলমান খানৰ সৈতে তেওঁৰ আহিবলগীয়া ছবি সিকন্দৰৰ চূড়ান্ত অনুসূচী আৰম্ভ কৰিবলৈ সাজু হৈছিল।

এখন বিগ বাজেটৰ ছুপাৰহিট ছবি দিয়াৰ পিছত, তেওঁ এতিয়া আন এখন ডাঙৰ চলচ্চিত্ৰৰ বাবে সাজু হৈ আছিল। পেন-ইণ্ডিয়া তাৰকা ৰশ্মিকা মান্দন্নাই বৰ্তমানৰ বাবে শ্বুটিং বন্ধ কৰিব লগা হৈছিল।

দৰাচলতে অভিনেত্ৰীগৰাকীয়ে জিম কৰোঁতে গুৰুতৰ আঘাত পাইছে। অভিনেত্ৰীগৰাকীক চিকিৎসকসকলে সম্পূৰ্ণৰূপে আৰোগ্য হ’বলৈ অলপ বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে। ৰশ্মিকাৰ আঘাতে তেওঁৰ অনুৰাগীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে।

শেহতীয়া আপডেটবোৰে জানিব পৰা মতে তেওঁ সোনকালেই আৰোগ্য হোৱাৰ পথত আছে আৰু সোনকালেই কামলৈ উভতি আহিব।

ৰশ্মিকা মান্দান্নাৰ দলটোৱে কৈছিল যে,”ৰশ্মিকাই অলপতে জিমত আঘাত পাইছিল আৰু ভালদৰে আৰোগ্য হৈ আছে।

অৱশ্যে, ইয়াৰ বাবে, তেওঁৰ আহিবলগীয়া ছবিবোৰৰ দৃশ্যগ্ৰহণ কিছু সময়ৰ বাবে বন্ধ হৈ গৈছে। এতিয়া তেওঁ আগৰ তুলনাত বহুত ভাল অনুভৱ কৰিছে আৰু সোনকালেই ছেটলৈ উভতি আহিব’ ।

পুষ্পা ৩ ত আল্লু অৰ্জুনৰ স্থান ল’ব নেকি অৰ্জুন কাপুৰে? অনুৰাগীসকলে কৰিলে ইতিকিং

পুষ্পা-২ মুক্তিৰ লগে লগেই অনুৰাগী সকলৰ মাজত পুষ্পা-৩ৰ আলোচনা পূৰ্ণ গতিত চলি আছে। ছবিখনে বক্স অফিচত এনেদৰে ধুমুহা সৃষ্টি কৰিছিল যে অনুৰাগী সকলে ইয়াৰ তৃতীয় অংশৰ বাবে অধৈৰ্য্য হৈ পৰিছে।

এতিয়া এই ছবিখনৰ বিষয়ে সামাজিক মাধ্যমত এতিয়া বহুটো চৰ্চা দেখিবলৈ পোৱা গৈছে।সামাজিক মাধ্যমত খবৰ ওলাইছিল যে পুষ্পা ৩ত আল্লু অৰ্জুনৰ সলনি এইবাৰ অৰ্জুন কাপুৰে পুষ্পাৰ চৰিত্ৰটিত অভিনয় কৰিব।

ছবিখনৰ বাবে ইতিমধ্যে নিৰ্মাতাসকলে আল্লু অৰ্জুনৰ পৰিৱৰ্তে অৰ্জুন কাপুৰক স্বাক্ষৰ কৰিছে। এই খবৰৰ পিছতেই অনুৰাগী সকলে হাস্যকৰ মন্তব্য দিছে।

বহুতে কৈছে যে তেতিয়া “বাজেট ৩০০ কোটি আৰু বক্স অফিচ সংগ্ৰহ মাত্ৰ ৩০০ টকা হ’ব “।আন একাংশই আকৌ কৈছে যে এইটো বছৰটোৰ শীৰ্ষ কৌতুক।

অৱশ্যে এই কথা উৰাবাতৰি বুলি উল্লেখ কৰিছে নিৰ্মাতাসকলে। তেওঁলোকৰ মতে বৰ্তমান আল্লু অৰ্জুনক স্থানান্তৰিত কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই।

পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’ব অক্ষয় কুমাৰে , দেশপ্ৰেমৰ ৰঙেৰে ৰঙীন হ’ব বীৰ পাহাৰিয়া

২০২৫ বৰ্ষটো দেশপ্ৰেম আৰু সেনাৰ সৈতে সম্পৰ্কিত অনুভূতিৰে আৰম্ভ হ’ব।ইয়াৰ কাৰণ হৈছে অক্ষয় কুমাৰৰ স্কাই ফ’ৰ্চৰ ট্ৰেইলাৰ ইতিমধ্যে মুকলি কৰা হৈছে।যিয়ে অনুৰাগীসকলক আকৰ্ষণীয় কৰিছে।

ছবিখনত অক্ষয়ৰ সৈতে চাৰা আলী খান আৰু বীৰ পাহাৰিয়াইও অভিনয় কৰিছে। বীৰে এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

স্কাই ফ’ৰ্চ নামটোতেই জানিব পৰা গৈছে যে, ই এখন দেশপ্ৰেমমূলক চলচ্চিত্ৰ।ছবিখনত অক্ষয় কুমাৰে সেনাৰ সাহসী বিষয়া টাইগাৰৰ চৰিত্ৰ আৰু বীৰ পাহাৰিয়া টেবিৰ চৰিত্ৰ ৰূপায়ণ কৰিছে।

চাৰা আলী খানে বীৰৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে। গোটেই কাহিনীটো ট্ৰেইলাৰৰ পৰা প্ৰায় স্পষ্ট যে ই পাকিস্তানৰ পৰা প্ৰতিশোধ লোৱা, এজন প্ৰতিশ্ৰুতিশীল বিষয়া হেৰাই যোৱা আৰু তাৰ পিছত সেই বেদনাৰ সৈতে যুঁজি থকাৰ।কিন্তু সেই বিষয়াজনৰ পিছত কি হয় এই ছবিখন চোৱাৰ পিছত হে জানিব পাৰিব।  

ছবিখন জিঅ’ ষ্টুডিঅ’ৰ অধীনত দিনেশ বিজন, অমৰ কৌশিক আৰু জ্যোতি দেশপাণ্ডেৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে। ছবিখন ২৪ জানুৱাৰীত মুক্তি পাব।ছবিখনক লৈ এতিয়া অপেক্ষা কৰিছে অক্ষয় কুমাৰৰ অনুৰাগী সকলে।        

দৰ্শকৰ মাজত নচলিল ‘বেবী জান’ৰ যাদু; বক্স অফিচত মুখ ঠেকেচা

২০২৪ শেষ হ’বৰ বাবে মাত্ৰ দুটা দিন বাকী আছে। বছৰটোৰ শেষৰ ফালে বক্স অফিচত বহু কেইখন ডাঙৰ ছবি আহিছে।

যি সময়ত পুষ্পা ২ য়ে সমগ্ৰ ভাৰতত ১১৪১ কোটি টকা অৰ্জন কৰাৰ সময়তে কিন্তু মাত্ৰ ৪ দিন পূৰ্বে মুক্তি পোৱা বৰুণ ধাৱানৰ ‘বেবী জান’য়ে সেই ফল দেখাব নোৱাৰিলে।

বৰুণ ধাৱানৰ ‘বেবী জান’ ইতিমধ্যে বক্স অফিচত ধৰাশায়ী হৈছে।খ্ৰীষ্টমাছত মুক্তি পোৱা ছবিখন যথেষ্ট পিছত আছে। বন্ধৰ দিনত মুক্তি পোৱা স্বত্বেও, ‘বেবী জান’য়ে বিশেষ সফলতা প্ৰদৰ্শন কৰা নাছিল।

জানিব পৰা মতে ১৮৫ কোটি ৰ বাজেটত নিৰ্মিত ‘বেবী জান’য়ে শুক্ৰবাৰে তৃতীয় দিনা মাত্ৰ ৩.৬৫কোটি টকা সংগ্ৰহ কৰিছে।এদিন পূৰ্বে ই ৪.৭৫ কোটি টকা উপাৰ্জন কৰিছিল।

একে সময়তে, ছবিখনে উদ্বোধনী দিনা ১১.২৫ কোটি টকা উপাৰ্জন কৰিছিল।এনেদৰে, ছবিখনে তিনি দিনত দেশত মাত্ৰ ১৯.৬৫ কোটি টকা হে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

বৰুণ ধাৱানে ‘বেবী জান’ত আইপিএছ বিষয়া সত্য বাৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখন এটলীৰ ২০১৬ চনৰ তামিল চলচ্চিত্ৰ ‘থেৰী’ৰ ৰীমেক । য’ত বিজয় আৰু সামান্থা ৰুথ প্ৰভু আছিল।

সেই ছবিখন দৰ্শকে যথেষ্ট ভাল পাইছিল। ‘বেবী জান’ কেলিছৰ দ্বাৰা পৰিচালিত আৰু এটলীৰ দ্বাৰা প্ৰযোজিত। কীৰ্তি সুৰেশ আৰু ৱামিকা গাব্বিকো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে।