চলমান খানৰ জন্মদিনত অনুৰাগীসকলে লাভ কৰিব এটা ডাঙৰ উপহাৰ; আহি আছে ‘চিকন্দৰ’ৰ টিজাৰ

চুপাৰষ্টাৰ চলমান খানৰ অনুৰাগীসকলে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।যোৱা ৬ মাহ ধৰি, চলমানে পৰিচালক এ.আৰ. ৰহমানৰ সৈতে একেৰাহে কাম কৰি আছে।

তেওঁ মুৰুগাডছৰ ছবি ‘চিকান্দৰ’ৰ দৃশ্যগ্ৰহণ কৰি আছে। ছবিখন চাজিদ নাদিয়াদৱালাই প্ৰযোজনা কৰিছে।

চলমানৰ অনুৰাগীসকলে এই ছবিখনৰ বিষয়ে অধিক জানিবলৈ অপেক্ষা কৰি আছে। এতিয়া এই অনুৰাগীসকলৰ বাবে এটা ডাঙৰ খবৰ আছে যে ‘চিকন্দৰ’ৰ টিজাৰ শীঘ্ৰেই মুক্তি দিয়া হ’ব।  

প্ৰযোজক চাজিদ নাদিয়াদৱালাই চলমান খানৰ অনুৰাগীসকলৰ বাবে তেওঁৰ ৫৯ তম জন্মদিনত এটা ডাঙৰ উপহাৰ লৈ আহিছে। কোৱা হৈছে যে ‘দাবাং’ খানৰ জন্মদিনত নিৰ্মাতাসকলে ‘চিকন্দৰ’ৰ টিজাৰ মুকলি কৰিব।

চলমানৰ নতুন চলচ্চিত্ৰখনৰ টিজাৰ ২৭ ডিচেম্বৰত অৰ্থাৎ তেওঁৰ জন্মদিনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিব। 

জন্মদিনৰ বাবে এটা বিশেষ টিজাৰ মুকলিৰ বাবে সম্পাদনা কৰা হৈছে। চলমানৰ জন্মদিনৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই টিজাৰত, ৰাইজে কাহিনী আৰু একচনৰ সৈতে মনোৰঞ্জনও লাভ কৰিব। 

জাকিৰ হুছেইনৰ মৃত্যুত শোকস্তব্ধ বলীউড , অনুপম খেৰে ক’লে, ‘হৃদয়ে নাজানে…’

ভাৰতীয় সংগীতৰ অন্যতম আইকন ওস্তাদ জাকিৰ হুছেইনৰ সোমবাৰে পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্কোত মৃত্যু হয়। হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাৰ বাবে ৭৩ বছৰ বয়সত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

যোৱা দুসপ্তাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থকা জাকিৰ হুছেইনৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁক আইচিইউত ৰখা হৈছিল।

জাকিৰ হুছেইনৰ মৃত্যুৰ খবৰে মানুহক হতবাক কৰিছিল আৰু চেলিব্ৰিটিসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। বলীউডৰ অভিনেতা কৰীণা কাপুৰ, ৰণবীৰ সিং আৰু শ্বেতা তিৱাৰীয়ে জাকিৰ নায়েকৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

বলীউড তাৰকা অক্ষয় কুমাৰে জাকিৰ হুছেইনৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাইছে।তেওঁ সামাজিক মাধ্যমত লিখিছিল, “উস্তাদ জাকিৰ খান চাহাবৰ মৃত্যুৰ দুখজনক খবৰ শুনি বৰ দুখ লাগিছে। তেওঁ সঁচাকৈয়ে আমাৰ দেশৰ সংগীত ঐতিহ্যৰ বাবে এক উজ্জ্বল নক্ষত্ৰ আছিল। ওম শান্তি” 

কৰীণা কাপুৰ খানে ইনষ্টাগ্ৰামত এখন পুৰণি ফটো শ্বেয়াৰ কৰিছে, য’ত কৰীণাৰ সৈতে তেওঁৰ পিতৃ ৰণধীৰ কাপুৰো আছে।এই ফটোখনত, জাকিৰ হুছেইন আৰু ৰণধীৰ কাপোৰক হাঁহি থকা দেখা গৈছে। কৰীণাই ফটোখন শ্বেয়াৰ কৰিছিল আৰু লিখিছিল, ‘আপোনাক সদায় মনত ৰাখিম’।

 বলীউড তাৰকা ৰণবীৰ সিঙে ওস্তাদ জাকিৰ হুছেইনৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক তবলা বজাই থকা দেখা গৈছে।ৰণবীৰে হাত জোৰ কৰি তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ইংগিত দিছে। 

শ্বুটিঙত ষ্টাণ্টৰ সময়ত আহত অক্ষয় কুমাৰ ;  চিকিৎসালয়ত ভৰ্তি !

বলীউডৰ অভিনেতা অক্ষয় কুমাৰক লৈ এটা খবৰ পোহৰলৈ আহিছে। শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে অভিনেতা গৰাকী। জানিব পৰা মতে অক্ষয় কুমাৰে ‘হাউচফুল ৫’ৰ শ্বুটিঙৰ সময়ত চকুত আঘাত পাইছিল।

ইয়াৰ বাবে, চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণো বন্ধ কৰিব লগিয়া হৈছে। অৱশ্যে, ‘হাউচফুল ৫’ আৰু অক্ষয় কুমাৰৰ দলৰ পৰা এই বিষয়ে কোনো খবৰ প্ৰকাশ কৰা হোৱা নাই।

জানিব পৰা মতে দৃশ্যগ্ৰহণৰ সময়ত ষ্টান্ট কৰি থাকোতে এটা বস্তু উৰি আহি অক্ষয় কুমাৰৰ চকুত পৰিছিল। যাৰ পিছত এজন চকু বিশেষজ্ঞকলগে লগে ছেটত মাতি অনা হৈছিল।

যিয়ে চকুত বেণ্ডজ মাৰি দিয়াৰ লগতে  অভিনেতাজনক বৰ্তমানৰ বাবে বিশ্ৰাম ল’বলৈ কৈছে। একে সময়তে, আন অভিনেতাসকলে পুনৰ ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে।

জানিব পৰা মতে অক্ষয় কুমাৰে পুনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব বিচাৰিছে।কাৰণ তেওঁৰ কাৰণে ছবিখনৰ দৃশ্যগ্ৰহণ আধাতে ৰৈ থকাটো তেওঁ বিচৰা নাই।

বৰ্তমান, হাউচফুল ৫-ৰ শ্বুটিং অন্তিম পৰ্যায়ত আছে। সোনকালেই গোটেই দলটোৱে ইয়াক সম্পূৰ্ণ কৰিব আৰু তাৰ পিছত প্ৰযোজনাৰ পিছৰ কাম আৰম্ভ হ’ব।