দৰ্শকৰ মাজত নচলিল ‘বেবী জান’ৰ যাদু; বক্স অফিচত মুখ ঠেকেচা

২০২৪ শেষ হ’বৰ বাবে মাত্ৰ দুটা দিন বাকী আছে। বছৰটোৰ শেষৰ ফালে বক্স অফিচত বহু কেইখন ডাঙৰ ছবি আহিছে। যি সময়ত পুষ্পা ২ য়ে সমগ্ৰ ভাৰতত ১১৪১ কোটি টকা অৰ্জন কৰাৰ সময়তে কিন্তু মাত্ৰ ৪ দিন পূৰ্বে মুক্তি পোৱা বৰুণ ধাৱানৰ ‘বেবী জান’য়ে সেই ফল

২০২৪ শেষ হ’বৰ বাবে মাত্ৰ দুটা দিন বাকী আছে। বছৰটোৰ শেষৰ ফালে বক্স অফিচত বহু কেইখন ডাঙৰ ছবি আহিছে।

যি সময়ত পুষ্পা ২ য়ে সমগ্ৰ ভাৰতত ১১৪১ কোটি টকা অৰ্জন কৰাৰ সময়তে কিন্তু মাত্ৰ ৪ দিন পূৰ্বে মুক্তি পোৱা বৰুণ ধাৱানৰ ‘বেবী জান’য়ে সেই ফল দেখাব নোৱাৰিলে।

বৰুণ ধাৱানৰ ‘বেবী জান’ ইতিমধ্যে বক্স অফিচত ধৰাশায়ী হৈছে।খ্ৰীষ্টমাছত মুক্তি পোৱা ছবিখন যথেষ্ট পিছত আছে। বন্ধৰ দিনত মুক্তি পোৱা স্বত্বেও, ‘বেবী জান’য়ে বিশেষ সফলতা প্ৰদৰ্শন কৰা নাছিল।

জানিব পৰা মতে ১৮৫ কোটি ৰ বাজেটত নিৰ্মিত ‘বেবী জান’য়ে শুক্ৰবাৰে তৃতীয় দিনা মাত্ৰ ৩.৬৫কোটি টকা সংগ্ৰহ কৰিছে।এদিন পূৰ্বে ই ৪.৭৫ কোটি টকা উপাৰ্জন কৰিছিল।

একে সময়তে, ছবিখনে উদ্বোধনী দিনা ১১.২৫ কোটি টকা উপাৰ্জন কৰিছিল।এনেদৰে, ছবিখনে তিনি দিনত দেশত মাত্ৰ ১৯.৬৫ কোটি টকা হে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

বৰুণ ধাৱানে ‘বেবী জান’ত আইপিএছ বিষয়া সত্য বাৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখন এটলীৰ ২০১৬ চনৰ তামিল চলচ্চিত্ৰ ‘থেৰী’ৰ ৰীমেক । য’ত বিজয় আৰু সামান্থা ৰুথ প্ৰভু আছিল।

সেই ছবিখন দৰ্শকে যথেষ্ট ভাল পাইছিল। ‘বেবী জান’ কেলিছৰ দ্বাৰা পৰিচালিত আৰু এটলীৰ দ্বাৰা প্ৰযোজিত। কীৰ্তি সুৰেশ আৰু ৱামিকা গাব্বিকো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ