উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল চি পি ৰাধাকৃষ্ণনৰ… সংগ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল চি পি ৰাধাকৃষ্ণনৰ

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে বুধবাৰে মনোনয়ন দাখিল কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝীৰ লগতে বিজেপি আৰু এন ডি এৰ বহু নেতা উপস্থিত থাকে ।

কোন হয় চি পি ৰাধাকৃষ্ণন ?

তামিলনাডুত জন্মগ্ৰহণ কৰা চি পি ৰাধাকৃষ্ণন গৌণ্ডাৰ-কংগু ভেলালাৰ অৰ্থাৎ অ বি চি সম্প্ৰদায়ৰ । তেওঁ তামিলনাডুৰ পৰা উপ-ৰাষ্ট্ৰপতি হোৱা তৃতীয়জন নেতা হ’বলৈ গৈ আছে । ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হোৱাৰ পিছত ২০২৩ চনত ঝাৰখণ্ডৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত হয় । ৬৭ বছৰীয়া চি পি ৰাধাকৃষ্ণন বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজ্যপাল । ঝাৰখণ্ডৰ দায়িত্ব চম্ভালি থকাৰ সময়তে ৰাধাকৃষ্ণনে তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ অতিৰিক্ত দায়িত্বও গ্ৰহণ কৰিছিল । চি পি ৰাধাকৃষ্ণনে বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতক ডিগ্ৰী লাভ কৰিছে ।

মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি-

মনোনয়ন দাখিলৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী, কিৰেন ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, ধৰ্মেন্দ্ৰ প্ৰধান, ৰামমোহন নাইডু কিঞ্জাৰাপুৰ এল মুৰুগান আৰু বিজেপি নেতা বিনোদ টাউড়েৰ উপস্থিতিত সংসদ চৌহদত চি পি ৰাধাকৃষ্ণনে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত ফুল অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন-

৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সেইদিনাই ভোটগণনাও হ’ব । মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট, আনহাতে প্ৰাৰ্থীয়ে ২৫ আগষ্টলৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব । উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যসভাৰ ২৩৩ জন নিৰ্বাচিত সাংসদ, ৰাজ্যসভাৰ ১২ জন মনোনীত সাংসদ আৰু লোকসভাৰ ৫৪৩ জন সাংসদে ভোটদান কৰিব পাৰিব । মুঠ ৭৮৮ গৰাকী এনে লোকে ভোটদান কৰিব পাৰে ।

১৭ আগষ্টত বিজেপিয়ে ঘোষণা কৰিছিল প্ৰাৰ্থীৰ নাম-

এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ পাছতে বিজেপিৰ সভাপতি জে পি নাড্ডাই উপ-ৰাষ্ট্ৰপতি পদৰ বাবে চি পি ৰাধাকৃষ্ণনৰ নাম ঘোষণা কৰিছিল । জগদীপ ধনখড়ে হঠাতে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছৰে পৰা এই পদটো খালী হৈ আছে । সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই স্বাস্থ্যজনিত কাৰণত ২১ জুলাইত জগদীপ ধনখড়ে পদত্যাগ কৰিছিল ।

লগতে পঢ়ক : শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ… আই এছ এছ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় মহাকাশচাৰী

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ চীনৰ বিদেশ মন্ত্ৰীৰ… চীন-ভাৰত সম্পৰ্কৰ বিষয়ে আলোচনা

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ চীনৰ বিদেশ মন্ত্ৰীৰ

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে । ৱাং য়ীয়ে প্ৰধানমন্ত্ৰী মোদীক চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ কাৰ্যসূচী আৰু চীন-ভাৰত সম্পৰ্কৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে অৱগত কৰে । আগন্তুক চীন ভ্ৰমণৰ পূৰ্বে ৱাঙৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠক অনুষ্ঠিত হয় ।

আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে চীন আৰু ভাৰতে নিজৰ সম্পৰ্ক উন্নত কৰাৰ কাম আৰম্ভ কৰিছে । সোমবাৰে ভাৰতত উপস্থিত হয় ৱাং । প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু এন এছ এ অজিত ডোভালক সাক্ষাৎ কৰে তেওঁ । সন্ধিয়া প্ৰায় ৬:৩০ বজাত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ কনভয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসগৃহ ৭ লোক কল্যাণ মাৰ্গৰ পৰা ওলাই অহা দেখা যায় ।

ইফালে বৈঠক সন্দৰ্ভত তথ্য দি প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে, ‘বিদেশ মন্ত্ৰী ৱাং য়িক লগ পাই আনন্দিত হৈছো । যোৱা বছৰ কাজানত ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে মোৰ সাক্ষাৎৰ পিছৰে পৰা ইজনে সিজনৰ স্বাৰ্থ আৰু সংবেদনশীলতাৰ প্ৰতি সন্মান জনাই ভাৰত-চীনৰ সম্পৰ্ক ক্ৰমাগতভাৱে আগবাঢ়িছে । ভাৰত আৰু চাংহাই সহযোগিতা সংস্থা (এছ চি অ’) শীৰ্ষ সন্মিলনৰ সময়ত টিয়ানজিনত আমাৰ পৰৱৰ্তী বৈঠকৰ বাবে মই আগ্ৰহী । ভাৰত আৰু চাংহাইৰ মাজত সুস্থিৰ, নিৰ্ভৰযোগ্য আৰু গঠনমূলক সম্পৰ্ক আঞ্চলিক আৰু বিশ্ব শান্তি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত চীনে যথেষ্ট অৰিহণা যোগাব ।

চীন ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী-

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৱাঙৰ এই ভ্ৰমণৰ সহায়ত দুয়োপক্ষই চাংহাই সহযোগিতা সংস্থাৰ বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিব পাৰে । প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰৰ ভিতৰত চীন ভ্ৰমণ কৰি চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে ।

ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতাৰ প্ৰস্তাৱ-

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ ভ্ৰমণৰ মাজতে চীনে ভাৰত-পাকিস্তানৰ সম্পৰ্কত মধ্যস্থতা কৰাৰ প্ৰস্তাৱ দিছে । চীনে কয় যে দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বিচাৰে আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা ল’ব পাৰে । আনহাতে, মঙলবাৰৰ পৰা এছ জয়শংকৰে ৰাছিয়া ভ্ৰমণ আৰম্ভ কৰিছে ।

লগতে পঢ়ক : ট্ৰাম্পক সাক্ষাৎ কৰাৰ পূৰ্বে শান্তি আলোচনাৰ বাবে চৰ্ত নিৰ্ধাৰণ জেলেনস্কিৰ…

শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ… আই এছ এছ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় মহাকাশচাৰী

শুভাংশু শুক্লাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যোৱা এক্সিয়াম-৪ মহাকাশ অভিযানৰ পাইলট গ্ৰুপ কেপ্তেইন শুভাশু শুক্লাক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশ শুক্লাক এই অভিযানৰ সফলতাৰ বাবে অভিনন্দন জনায় । শুভাংশুৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰৰ ভিডিঅ’ প্ৰকাশ পাইছে ।

উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে শুভাশু শুক্লাক উষ্ম আদৰণি জনায় । শুভাংশুৰ সৈতে কৰমৰ্দন কৰি, সাৱটি ধৰি  তেওঁৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে । শুভাংশুৱে প্ৰধানমন্ত্ৰী মোদীক টেবলেটত মহাকাশ যাত্ৰাৰ ছবি দেখুৱাই । লগতে শুক্লাই প্ৰধানমন্ত্ৰীক এক্সিয়াম-৪ মিছনৰ ‘মিছন পেচ’ উপহাৰ দিয়ে । তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা তোলা ছবিও প্ৰধানমন্ত্ৰীৰ সৈতে শ্বেয়াৰ কৰে ।

ভাৰতলৈ উভতি অহাৰ লগে লগে শুভাংশু শুক্লাৰ উষ্ম আদৰণি-

মহাকাশচাৰী শুভাংশু শুক্লাক তেওঁৰ ঐতিহাসিক যাত্ৰাৰ অন্তত ভব্য আদৰণি জনোৱা হয় । ইয়াত বৃহৎ সংখ্যক লোকে ত্ৰিৰংগ জোকাৰি আৰু ঢাক-ঢোল বজাই বিমানবন্দৰত শুক্লাক আদৰণি জনায় । শুক্লাক বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে । তেওঁৰ পিতৃ শম্ভু দয়াল শুক্লা আৰু ভগ্নী শুচি মিশ্ৰও লক্ষ্ণৌৰ পৰা তেওঁক লগ কৰিবলৈ বিমানবন্দৰত উপস্থিত হয় ।

লগতে পঢ়ক : আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই…

প্ৰধানমন্ত্ৰী মোদীক ফোন ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ… আলাস্কাত ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ বিষয়ে আলোচনা

প্ৰধানমন্ত্ৰী মোদীক ফোন ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ

সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । ফোনত পুটিনে আলাস্কাত ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত এটা পোষ্ট যোগে পুটিনৰ সৈতে হোৱা কথা-বতৰাৰ তথ্য শ্বেয়াৰ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে- মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক তেওঁৰ ফোন কল আৰু শেহতীয়াকৈ আলাস্কাত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তথ্য শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ । ভাৰতে ধাৰাবাহিকভাৱে ইউক্ৰেইন বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ আহ্বান জনাই আহিছে । এই ক্ষেত্ৰত ভাৰতে সকলো প্ৰচেষ্টাক সমৰ্থন কৰে । আগন্তুক দিনবোৰতো আমাৰ অবিৰত আদান-প্ৰদানৰ বাবে আগ্ৰহী ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ১৫ আগষ্টত আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হয় । এই বৈঠকত ইউক্ৰেইন যুদ্ধৰ যুদ্ধবিৰতিৰ বিষয়ে আলোচনা কৰা হয় । কিন্তু ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো চুক্তি হোৱা নাছিল । এই বৈঠক এনে সময়ত অনুষ্ঠিত হয় যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে । ভাৰতে এই বিষয়ত তীব্ৰ আপত্তি জনাই আমেৰিকাৰ এই পদক্ষেপক অন্যায় আৰু অৰ্থহীন বুলি অভিহিত কৰিছিল । ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে কয় যে আমি আমাৰ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিম । এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত হোৱা কথা-বতৰাৰ পৰা স্পষ্ট হৈ পৰিছে যে ৰাছিয়াই আমেৰিকাৰ শুল্কৰ বিৰুদ্ধে ভাৰতৰ সৈতে থিয় দিছে ।

পুটিন-ট্ৰাম্পৰ বৈঠক নিৰ্ণায়ক নোহোৱাৰ বাবে ভাৰতত প্ৰভাৱ-

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কেইবাবাৰো কৈছে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰাটোৱে প্ৰভাৱ পেলাইছে আৰু এই কাৰণেই পুটিনে তেওঁৰ সৈতে সাক্ষাৎ কৰিবলৈ সন্মত হৈছে । ট্ৰাম্পৰ বিত্তমন্ত্ৰী স্কট বেছাণ্টে এক সাক্ষাৎকাৰত সকীয়াই দিছে যে যদি পুটিন আৰু ট্ৰাম্পৰ মাজত হোৱা আলোচনাৰ কোনো ফল পোৱা নাযায়, তেন্তে ভাৰত অধিক শুল্কৰ বাবে সাজু হোৱা উচিত । এনে পৰিস্থিতিত আলাস্কাৰ বৈঠকৰ পাছত ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি কেন্দ্ৰ (আমেৰিকা)ৰ সৈতে বাণিজ্যিক সংঘাত আৰু অধিক অব্যাহত থাকিব পাৰে । অৱশ্যে শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে এটা প্ৰশ্নৰ উত্তৰত কৈছিল যে যদি মই ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিবলগীয়া হয় তেন্তে মই নিশ্চিতভাৱে কৰিম, কিন্তু সম্ভৱ যে মোৰ তেনে কৰাৰ প্ৰয়োজন নহ’বও পাৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ…

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ…

প্ৰধানমন্ত্ৰীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে দিল্লী ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ গৈ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । উল্লেখ্য যে চিপি ৰাধাকৃষ্ণনে চাৰি দশকৰো অধিক সময় ৰাজনৈতিক, সামাজিক আৰু সাংবিধানিক জীৱনত সক্ৰিয় হৈ আছে ।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত ফটো শ্বেয়াৰ কৰি লিখিছে, ৰাধাকৃষ্ণন জীক সাক্ষাৎ কৰি এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ বাবে অভিনন্দন জনাওঁ ।

অভিজ্ঞতাই আমাৰ ৰাষ্ট্ৰক সমৃদ্ধ কৰিব-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, তেওঁৰ দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই আমাৰ ৰাষ্ট্ৰক সমৃদ্ধ কৰাত সহায় কৰিব । তেওঁ সদায় যি নিষ্ঠা আৰু দৃঢ়তাৰে ৰাষ্ট্ৰৰ সেৱা কৰি যাওক ।

বিজেপিৰ সভাপতি জে পি নাড্ডাই ঘোষণা কৰিছিল প্ৰাৰ্থীত্ব-

উল্লেখ্য যে দেওবাৰে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত অনুষ্ঠিত এন ডি এৰ বৈঠকৰ পাছতে বিজেপিৰ সভাপতি জে পি নাড্ডাই চিপি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল । তামিলনাডুৰ চি পি ৰাধাকৃষ্ণন লোকসভাৰ সাংসদো হৈ আহিছে । ২০২৪ চনৰ জুলাই মাহত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হোৱা ৰাধাকৃষ্ণনৰ বিৰুদ্ধে বিৰোধীয়ে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই । নিৰ্বাচনৰ বাবে ৯ ছেপ্টেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : চূড়ান্ত হ’ল NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম; জে পি নাড্ডাই কৰিলে ঘোষণা

আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই…

আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই

মহাকাশ জগতত ইতিহাস সৃষ্টি কৰি ভাৰতলৈ উভতি আহিছে ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা । স্বদেশত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয় । আজি কেপ্তেইন শুভাংশু শুক্লাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব । বিমানবন্দৰত বৃহৎ সংখ্যক লোকে ত্ৰিৰংগ জোকাৰি আৰু ঢাক-ঢোলেৰে শুক্লাক আদৰণি জনায় । শুক্লাক বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই-

শুভাংশু শুক্লাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত নিজৰ গৃহ চহৰ লক্ষ্ণৌলৈ যোৱাৰ সম্ভাৱনা আছে । ২২-২৩ আগষ্টত আই এছ এছৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজধানীলৈ উভতি আহিব তেওঁ । কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সসিঙে ‘এক্স’ত এটা পোষ্টত কয়, “ভাৰতৰ মহাকাশ গৌৰৱে ভাৰতৰ মাটি স্পৰ্শ কৰে… আজি পুৱা দিল্লীত উপস্থিত হয় মা ভাৰতীৰ বিশিষ্ট পুত্ৰ গগণযাত্ৰী শুভাংশু শুক্লা । তেওঁৰ লগত আছে গ্ৰুপ কেপ্তেইন প্ৰশান্ত বালকৃষ্ণন নায়াৰ, যি ভাৰতৰ প্ৰথমটো মানৱ অভিযান গগণযানৰ বাবে নিৰ্বাচিত মহাকাশচাৰীসকলৰ ভিতৰত অন্যতম আৰু আই এছ এছৰ এই অভিযানৰ বাবে ভাৰতৰ নিযুক্ত মহাকাশচাৰী আছিল ।” যদি শুভাংশু শুক্লা আৰু তেওঁ মহাকাশলৈ যাব নোৱৰা অৱস্থাত প্ৰশান্ত নায়াৰ আছিল ‘ৰিজাৰ্ভ’ মহাকাশচাৰী ।

লগতে পঢ়ক : স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা… প্ৰধানমন্ত্ৰী মোদীক কৰিব সাক্ষাৎ, লক্ষ্ণৌত অনুষ্ঠিত হ’ব ৰোড শ্ব’

স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা… প্ৰধানমন্ত্ৰী মোদীক কৰিব সাক্ষাৎ, লক্ষ্ণৌত অনুষ্ঠিত হ’ব ৰোড শ্ব’

স্বদেশলৈ উভতিছে মহাকাশচাৰী শুভাংশু শুক্লা

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণৰ অন্তত ১৭ আগষ্ট ২০২৫ দেওবাৰে ভাৰতলৈ উভতি আহিব । ইছৰোৱে ২০২৭ চনত প্ৰথম মানৱ মহাকাশ উৰণ আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে । এই অভিযানত শুভাংশু শুক্লাৰ অভিজ্ঞতাই ডাঙৰ ভূমিকা গ্ৰহণ কৰিব । ভাৰতলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে গৃহ চহৰ লক্ষ্ণৌ ভ্ৰমণ কৰিব মহাকাশচাৰীজনে ।

শুভাংশুৰ মহাকাশ যাত্ৰা

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা বিগত এবছৰ ধৰি আমেৰিকাত আছিল । তাত তেওঁ এক্সিয়াম-৪ মিছনৰ বাবে প্ৰশিক্ষণ লৈছিল । চলিত বৰ্ষৰ ২৫ জুনত ফ্ল’ৰিডাৰ পৰা স্পেচএক্স ড্ৰেগন কেপচুল উৎক্ষেপণ কৰাৰ পিছত ২৬ জুনত তেওঁ আই এছ এছত উপস্থিত হয় । ১৫ জুলাইত তেওঁ পৃথিৱীলৈ উভতি আহে । ১৮ দিনীয়া এই অভিযানৰ সময়ছোৱাত তেওঁ আন তিনিজন মহাকাশচাৰীৰ সৈতে ৬০টাতকৈও অধিক পৰীক্ষা আৰু ২০টা সজাগতা অধিবেশন সম্পন্ন কৰে ।

২৫ আগষ্টত লক্ষ্ণৌত উপস্থিত হ’ব গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা । শুভাংশুৱে পৰিয়ালৰ সৈতে বিমানবন্দৰৰ পৰা নিজৰ বাসগৃহলৈ ৰোড শ্ব’ৰ জৰিয়তে লক্ষ্ণৌবাসীক ধন্যবাদ জ্ঞাপন কৰিব । ইতিহাস ৰচনা কৰাৰ পিছত প্ৰথমবাৰৰ বাবে লক্ষ্ণৌ ভ্ৰমণ কৰি পৰিয়ালক লগ পাব শুভাংশুৱে ।

ভাৰতলৈ উভতনি-

শুভাংশুৱে ইনষ্টাগ্ৰামত  এখন ফটো শ্বেয়াৰ কৰিছে য’ত তেওঁক বিমানত হাঁহি থকা দেখা গৈছে । তেওঁ লিখিছে, ভাৰতলৈ আহিবলৈ বিমানত উঠাৰ লগে লগে মোৰ হৃদয়ত বহু আৱেগ উথলি উঠিছে । বিগত এবছৰ ধৰি মোৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ দৰে হৈ থকা আচৰিত মানুহখিনিক বিদায় দি দুখী হৈছো । লগতে প্ৰথমবাৰৰ বাবে পৰিয়াল, বন্ধু-বান্ধৱী আৰু দেশবাসীক লগ পাবলৈ গৈ আছোঁ বাবে সুখো অনুভৱ কৰিছোঁ । হয়তো এয়াই জীৱন – সকলো একেলগে ।

তেওঁ আৰু কয় যে মিছনৰ সময়ত আৰু পিছত মই ইমানেই মৰম আৰু সমৰ্থন পাইছিলোঁ যে ভাৰতলৈ আহি মোৰ অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ মই আগ্ৰহী । বিদায় কঠিন, কিন্তু জীৱনত আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ । মোৰ কমাণ্ডাৰ পেগী হুইটছনে কয় যে মহাকাশ উৰণৰ একমাত্ৰ স্থায়ী বস্তুটো হ’ল পৰিৱৰ্তন । জীৱনৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য ।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক-

ভাৰতলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শুভাংশুৱে । ২০২৫ চনৰ ১৫ আগষ্টত লালকিল্লাত ৭৯ সংখ্যক স্বাধীনতা দিৱসত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিছে । অনাগত দিনত তেওঁ ভাৰতলৈ উভতি আহিব । ইয়াৰ পিছত শুভাংশু লক্ষ্ণৌলৈ যাব, য’ত তেওঁৰ পৰিয়ালে তেওঁৰ বাবে অপেক্ষা কৰি আছে । অহা ২২-২৩ আগষ্টত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনতো অংশগ্ৰহণ কৰিব তেওঁ ।

শুভাংশু আৰু তেওঁৰ বেকআপ মহাকাশচাৰী প্ৰশান্ত নায়াৰে ১৫ আগষ্টত হিউষ্টনত থকা ভাৰতীয় কনছুলেটত স্বাধীনতা দিৱস উদযাপন কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰি শুভাংশুৰ এই কৃতিত্বৰ প্ৰশংসা কৰে ।

লগতে পঢ়ক : ডাঙৰ পদক্ষেপৰ বাবে সাজু ISRO; চেটেলাইটৰ সৈতে সংযোগ কৰিব মোবাইল ফোন

আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস; ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস

আজি দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে।ভাৰতে ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিৰ পৰা স্বাধীনতা লাভ কৰাৰ আজি ৭৯ বছৰ হ’ল ৷

১৯৪৭ চনৰ ১৫ আগষ্টত দেশখনে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে।স্বাধীনতা সংগ্ৰামৰ ত্যাগ, দেশৰ প্ৰগতি আৰু ঐক্যৰ প্ৰতীক এই দিৱস। সমগ্ৰ দেশতে আজি গৌৰৱেৰে উৰি আছে ত্ৰিৰংগা।

বহু লোকে স্বাধীন ভাৰতৰ সপোন দেখি সৰ্বস্ব ত্যাগ কৰিছিল। সেয়ে আজি স্বাধীনতা দিৱস উপলক্ষে আমি জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ লগতে সেইসকল মনষীক সোঁৱৰিছো যাৰ চৰম ত্যাগ আৰু কষ্টৰ অমৃত ফল হিচাপে আমি আজি এখন স্বাধীন দেশৰ নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰ পাইছো।

আজি দেশবাসীক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি কয়, ‘স্বাধীনতা দিৱসৰ দিনা আপোনালোক সকলোলৈ আন্তৰিক শুভেচ্ছা। এই শুভ অনুষ্ঠানটোৱে সকলো দেশবাসীৰ জীৱনলৈ নতুন উদ্যম আৰু নতুন উজ্জ্বলতা কঢ়িয়াই আনক, যাতে এখন উন্নত ভাৰতৰ নিৰ্মাণে নতুন গতি লাভ কৰে, তাৰ কামনা কৰিলোঁ। জয় হিন্দ!’

স্বাধীনতা দিৱস উপলক্ষে শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লগতে লালকিল্লাত উপস্থিত হৈ কীৰ্তিচিহ্নৰ প্ৰাচীৰৰ পৰা ১২ সংখ্যক বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক: ‘১৪০ কোটি দেশবাসীৰ বাবে সংকল্পৰ উৎসৱ’; দ্বাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ

শুল্ক যুদ্ধৰ মাজতে অহা মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

অহা মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহত আমেৰিকা ভ্ৰমণ কৰিব পাৰে । তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ (ইউ এন জি এ) বাৰ্ষিক উচ্চ পৰ্যায়ৰ অধিবেশনত ভাষণ দিব পাৰে । এই খবৰ আহিছে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা বক্তাৰ খচৰা তালিকাৰ পৰা । ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইউ এন জি এৰ ৮০ সংখ্যক অধিবেশন । উচ্চ পৰ্যায়ৰ সাধাৰণ অধিৱেশন ২৩ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ চলিব । ইয়াত পৰম্পৰাগতভাৱে ব্ৰাজিল অধিবেশনৰ প্ৰথম বক্তা হ’ব, তাৰ পিছত আমেৰিকা ।

২৬ ছেপ্টেম্বৰৰ পুৱা অধিবেশনত ভাষণ দিব পাৰে প্ৰধানমন্ত্ৰীয়ে-

২৩ ছেপ্টেম্বৰত ইউ এন জি এৰ মঞ্চৰ পৰা বিশ্বৰ নেতাসকলক সম্বোধন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । হোৱাইট হাউছত দ্বিতীয়টো কাৰ্যকালত ৰাষ্ট্ৰসংঘৰ অধিৱেশনত তেওঁৰ এইটোৱেই হ’ব প্ৰথম ভাষণ । সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনৰ উচ্চ পৰ্যায়ৰ বিতৰ্কৰ বাবে বক্তাৰ প্ৰাৰম্ভিক তালিকা অনুসৰি অহা ২৬ ছেপ্টেম্বৰৰ পুৱা ভাৰতৰ চৰকাৰৰ মুৰব্বীগৰাকীয়ে অধিৱেশনত ভাষণ দিব । ইজৰাইল, চীন, পাকিস্তান আৰু বাংলাদেশৰ চৰকাৰৰ মুৰব্বীসকলেও একেদিনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সাধাৰণ বিতৰ্কত ভাষণ দিব ।

ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিছিল-

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । এই সময়ত তেওঁ ট্ৰাম্পৰ সৈতে হোৱাইট হাউছত দ্বিপাক্ষিক বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত জাৰি কৰা এক যৌথ বিবৃতিত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে বহুখণ্ডীয় দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনাৰ পৰিকল্পনা ঘোষণা কৰে ।

লগতে পঢ়ক : জেলেনস্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে