জেলেনস্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে
জেলেনস্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
সোমবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি এই বিষয়ে অৱগত কৰে । জেলেনস্কিয়ে এক্স পোষ্টত কয় যে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক দীঘলীয়া আৰু গুৰুত্বপূৰ্ণ কথা-বতৰা হয়, য’ত দ্বিপাক্ষিক সহযোগিতা আৰু বিশ্ব কূটনৈতিক পৰিস্থিতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ।’
ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউক্ৰেইনৰ জনসাধাৰণলৈ আগবঢ়োৱা সহায়ৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে । জেলেনস্কিয়ে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শেহতীয়াকৈ ৰাছিয়াৰ আক্ৰমণৰ বিষয়ে অৱগত কৰিছিল, বিশেষকৈ জাপোৰিজিয়াৰ এটা বাছ আস্থানত হোৱা আক্ৰমণৰ বিষয়ে, য’ত কেইবা ডজন লোক আহত হৈছিল । তেওঁ কয়, ‘যি সময়ত যুদ্ধৰ অন্ত পেলোৱাৰ কূটনৈতিক সম্ভাৱনা থকা যেন লাগে, সেই সময়ত ৰাছিয়াই কেৱল নিজৰ আগ্ৰাসন আৰু হত্যাকাণ্ড অব্যাহত ৰখাৰ ইচ্ছা দেখুৱাইছে ।’
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয়, ‘ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে বাৰ্তালাপ কৰি মই সুখী আৰু শেহতীয়া পৰিস্থিতিৰ ওপৰত তেওঁৰ মতামত জানিলো । সংঘাতৰ আগতীয়া আৰু শান্তিপূৰ্ণ সমাধানৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভাৰতৰ দৃঢ় স্থিতি তেওঁৰ আগত অৱগত কৰিলোঁ । এই ক্ষেত্ৰত ভাৰতে সকলো ধৰণৰ অৱদান আগবঢ়োৱাৰ লগতে ইউক্ৰেইনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।’
জেলেনস্কিয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ শান্তি প্ৰচেষ্টাক সমৰ্থন কৰে । তেওঁ কয়, ‘ভাৰতে ইউক্ৰেইনৰ সৈতে জড়িত সকলো সিদ্ধান্তত ইউক্ৰেইনৰ অংশগ্ৰহণ বাধ্যতামূলক বুলি একমত । ইয়াৰ অবিহনে যিকোনো চুক্তি অৰ্থহীন হৈ পৰিব আৰু কোনো ফল পোৱা নাযাব । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ বিষয়েও বিতংভাৱে আলোচনা কৰে ।
জেলেনস্কিয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা আলোচনাত তেওঁ ৰাছিয়াৰ শক্তি, বিশেষকৈ তেল ৰপ্তানিৰ ওপৰত বাধা আৰোপ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যাতে ৰাছিয়াই যুদ্ধৰ বাবে পুঁজিৰ ক্ষমতা হ্ৰাস কৰিব পাৰে । তেওঁ কয়, ‘ৰাছিয়াক প্ৰভাৱিত কৰিব পৰা প্ৰতিজন নেতাই মস্কোক স্পষ্ট বাৰ্তা দিব লাগে ।’ দুয়োগৰাকী নেতাই ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সময়ত ব্যক্তিগত বৈঠক অনুষ্ঠিত কৰিবলৈ সন্মত হয় । জেলেনস্কিয়ে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীক ইউক্ৰেইন ভ্ৰমণলৈ নিমন্ত্ৰণ জনাইছে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও তেওঁক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাই । এই সন্দৰ্ভত দুয়োজন নেতাই একমত হয় ।
লগতে পঢ়ক : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে; ১৫ আগষ্টত হ’ব বৈঠক