ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, কিছু সময় পিছতে স্বাক্ষৰিত হ’ব এফ টি এ

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

দুদিনীয়া ভ্ৰমণসূচীৰে বৃটেইনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । কিছু সময় পূৰ্বে তেওঁ লণ্ডনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাত কৰে । কিছু সময় পিছতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব, য’ত মুক্ত বাণিজ্য চুক্তি (এফ টি এ) স্বাক্ষৰিত হ’ব ।

ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিব । ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তিতো সাক্ষৰ হ’ব ।

এফ টি এ কি ?

এফ টি এ হৈছে দুখন দেশৰ মাজত ব্যৱসায় সহজ কৰি তোলাৰ চুক্তি । ইয়াৰ অধীনত দুয়োখন দেশে ইখনে সিখন দেশৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা আমদানি শুল্ক, শুল্ক বা কৰ হ্ৰাস বা নাইকিয়া কৰে । তিনি বছৰ ধৰি ভাৰত আৰু ব্ৰিটেইনৰ মাজত এফ টি এৰ বাবে আলোচনা চলি আছিল ।

এই চুক্তিৰ জৰিয়তে কম হাৰত চামৰা, জোতা আৰু কাপোৰ ৰপ্তানি সম্ভৱ হ’ব আৰু ব্ৰিটেইনৰ পৰা হুইস্কি আৰু গাড়ী আমদানি সস্তা হ’ব । বুধবাৰে এফ টি এত অনুমোদন জনাই মোদী কেবিনেটে । এই চুক্তি স্বাক্ষৰ কৰাৰ পিছত ব্ৰিটিছ সংসদৰ অনুমোদন ল’ব লাগিব, তাৰ পিছত এই চুক্তি বলবৎ হ’ব ।

লগতে পঢ়ক : লণ্ডনত প্ৰধানমন্ত্ৰী মোদীক আদৰণি প্ৰৱাসী ভাৰতীয়ৰ

লণ্ডনত প্ৰধানমন্ত্ৰী মোদীক আদৰণি প্ৰৱাসী ভাৰতীয়ৰ

লণ্ডনত প্ৰধানমন্ত্ৰী মোদীক আদৰণি প্ৰৱাসী ভাৰতীয়ৰ

লণ্ডনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাই প্ৰৱাসী ভাৰতীসকলে । এই সময়ছোৱাত প্ৰবাসী ভাৰতীয় সকলে হাতত ত্ৰিৰংগা লৈ ভাৰত মাতা কি জয় শ্লোগান দিয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে এক্স প্লেটফৰ্মত কিছু ছবি শ্বেয়াৰ কৰি লিখিছে, “ব্ৰিটেইনত ভাৰতীয় সম্প্ৰদায়ে দিয়া উষ্ম আদৰণিত মই আপ্লুত হৈছো । ভাৰতৰ প্ৰগতিৰ প্ৰতি তেওঁলোকৰ মৰম আৰু আবেগ সঁচাকৈয়ে উৎসাহজনক ।”

প্ৰধানমন্ত্ৰীক আদৰণি আৰু সম্ভাষণ জনায় ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে । এই সময়ছোৱাত প্ৰবাসী ভাৰতীয় সকলে হাতত ত্ৰিৰংগ লৈ ভাৰত মাতা কি জয় আৰু মোদী-মোদী শ্লোগানেৰে উত্তাল কৰি আছিল । প্ৰধানমন্ত্ৰী মোদীয়ে নমস্কাৰ জনাই আৰু হাত মিলাই সকলোৰে শুভেচ্ছা গ্ৰহণ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণক দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ বাবে উপযোগী বুলি অভিহিত কৰিছে । ইয়াৰ দ্বাৰা কৰ্মসংস্থাপন আৰু সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি হ’ব বুলিও তেওঁ কয় ।

লণ্ডনত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এই ভ্ৰমণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । তেওঁ কয়, মই লণ্ডনত উপস্থিত হৈছোঁ ৷ এই ভ্ৰমণ দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত অতি সহায়ক বুলি প্ৰমাণিত হ’ব । আমাৰ গুৰুত্ব হ’ব আমাৰ জনসাধাৰণৰ বাবে সমৃদ্ধি, উন্নয়ন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত । বিশ্বৰ প্ৰগতিৰ বাবে ভাৰত-ব্ৰিটেইনৰ শক্তিশালী বন্ধুত্বৰ প্ৰয়োজন ।‘

এয়া ব্ৰিটেইনলৈ প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো ভ্ৰমণ । তেওঁক আমন্ত্ৰণ জনাইছিল ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে । ইয়াৰ পিছত ২ দিনৰ বাবে মালদ্বীপ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

কেইৰ ষ্টাৰমাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম ব্ৰিটেইন ভ্ৰমণ । ব্ৰিটিছ ৰজা কিং চাৰ্লছকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে । এয়া তেওঁৰ চতুৰ্থটো ব্ৰিটেইন ভ্ৰমণ । ব্ৰিটেইনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিৰক্ষা, বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক সম্প্ৰসাৰণ কৰিব । ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি আনুষ্ঠানিক হ’ব । ইয়াৰ পিছত তেওঁ মালদ্বীপলৈ যাব ।

লগতে পঢ়ক : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ…

চতুৰ্থবাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণৰ বাবে আজি ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী; কিং চাৰ্লছ আৰু ষ্টাৰমাৰক কৰিব সাক্ষাৎ

চতুৰ্থবাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণৰ বাবে আজি ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

আজি চতুৰ্থবাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণৰ বাবে ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সময়ছোৱাত বহু প্ৰত্যাশিত মুক্ত বাণিজ্য চুক্তি (এফ টি এ) চূড়ান্ত কৰাৰ সমান্তৰালকৈ তেওঁ খালিস্তানী উগ্ৰপন্থীৰ উপস্থিতিকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব ।

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ কাৰ্যসূচী সম্পৰ্কে তথ্য প্ৰদান কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে । ২৩ জুলাইৰ পৰা ২৪ জুলাইলৈ তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে আলোচনাৰ বাবে ব্ৰিটেইনলৈ আনুষ্ঠানিক ভ্ৰমণলৈ যাব বুলি কয় । ৰজা তৃতীয় চাৰ্লছকো সাক্ষাৎ কৰিব বুলি উল্লেখ কৰে তেওঁ । ভাৰত আৰু ব্ৰিটেইন উভয় দেশৰ ব্যৱসায়িক নেতাৰ সৈতেও মত বিনিময় কৰাৰ পৰিকল্পনা কৰা হৈছে । আনহাতে, দুয়োখন দেশে সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰাৰ লগতে বাণিজ্য, অৰ্থনীতি, প্ৰযুক্তি, উদ্ভাৱন, নিৰাপত্তা, জলবায়ু পৰিৱৰ্তন, স্বাস্থ্য, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ক উন্নত কৰাৰ বিষয়েও আলোচনা কৰিব । কাৰ্যভাৰ গ্ৰহণৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো ব্ৰিটেইন ভ্ৰমণ ।

ভাৰত আৰু ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ-

২৪ জুলাইত ভাৰত আৰু ব্ৰিটেইনে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব । এই সময়ছোৱাত লণ্ডনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেলো উপস্থিত থাকিব ৷ বাণিজ্য চুক্তিখনত চামৰা, জোতা আৰু কাপোৰৰ দৰে শ্ৰম নিবিড় সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত কৰ আঁতৰোৱাৰ লগতে ব্ৰিটেইনৰ পৰা হুইস্কি আৰু গাড়ী আমদানি সস্তা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, যাতে ২০৩০ চনৰ ভিতৰত দুয়োখন অৰ্থনীতিৰ মাজত বাণিজ্য দুগুণ, ১২০ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব পাৰে ।

ভাৰতৰ ষষ্ঠ বৃহত্তম বিনিয়োগকাৰী ব্ৰিটেইন-

ভাৰতৰ ষষ্ঠ বৃহত্তম বিনিয়োগকাৰী ব্ৰিটেইন, মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৩৬ বিলিয়ন ডলাৰ । ভাৰতো ব্ৰিটেইনৰ এক প্ৰধান বিনিয়োগকাৰী, মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ প্ৰায় ২০ বিলিয়ন ডলাৰ । মিশ্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰত-ব্ৰিটিছ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত এক বিস্তৃত আলোচনা কৰিব । পলাতক অপৰাধীক প্ৰত্যাৰ্পণ কৰাৰ সন্দৰ্ভত তেওঁ কয় যে আমি দুয়োখন দেশ যোগাযোগত আছো । তাহাউৰ ৰানাৰ দৰে আনকো কেনেকৈ প্ৰত্যাৰ্পণ কৰিব পাৰি সেই সন্দৰ্ভতো আলোচনা হ’ব ।

বিগত এবছৰত দুবাৰকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ-

উল্লেখ্য যে বিগত এবছৰত প্ৰধানমন্ত্ৰী মোদীয়ে দুবাৰকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰিছে । ২০২৪ চনৰ নৱেম্বৰ মাহত ব্ৰাজিলত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ সময়ত আৰু তাৰ পিছত ২০২৫ চনৰ জুন মাহত জি-৭ সন্মিলনৰ সময়ত তেওঁৰ সৈতে সাক্ষাৎ হয় । এই সময়ছোৱাত দুয়োৰে মাজত কেইবাবাৰো টেলিফোনিক কথা-বতৰাও হয় ।

মালদ্বীপ ভ্ৰমণো কৰিব-

ব্ৰিটেইনৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপলৈ আনুষ্ঠানিক ভ্ৰমণত যাব, যিটো ২০২৫ চনৰ ২৫-২৬ জুলাইলৈ হ’ব । মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মইজুৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদী মালদ্বীপলৈ যাব । এয়া হ’ব প্ৰধানমন্ত্ৰীৰ তৃতীয়টো মালদ্বীপ ভ্ৰমণ । ৰাষ্ট্ৰপতি মইজুৱে মালদ্বীপত ক্ষমতা দখল কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হ’ব বিদেশী ৰাষ্ট্ৰ প্ৰধানৰ প্ৰথম ভ্ৰমণ ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতিয়ে মঞ্জুৰ কৰিলে জগদীপ ধনখড়ৰ পদত্যাগ; সুস্বাস্থ্য কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব প্ৰধানমন্ত্ৰী মোদী; বাণিজ্যিক চুক্তিত লাগিব মোহৰ

ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব প্ৰধানমন্ত্ৰী মোদী

অহা সপ্তাহত দুখন দেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২৩ৰ পৰা ২৬ জুলাইৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে দুখন দেশৰ গুৰুত্বপূৰ্ণ ভ্ৰমণলৈ যাব । প্ৰথমে তেওঁ ব্ৰিটেইন ভ্ৰমণ কৰিব আৰু তাৰ পিছত মালদ্বীপলৈ যাব । প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰিটেইনত বাণিজ্যিক চুক্তিত মোহৰ লগাব  আনহাতে মালদ্বীপ ভ্ৰমণৰ উদ্দেশ্য হৈছে মালদ্বীপৰ সৈতে উত্তেজিত সম্পৰ্ক উন্নত কৰা ।

২৩ আৰু ২৪ জুলাইৰ পৰা ব্ৰিটেইন ভ্ৰমণত থাকিব প্ৰধানমন্ত্ৰী মোদী । দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ এক বৃহৎ উন্নয়ন হিচাপে পৰিগণিত ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব তেওঁ । এই বাণিজ্যিক চুক্তিয়ে ভাৰতীয় সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰিব, যাৰ ফলত ব্ৰিটেইনত বিক্ৰী কৰাটো সহজ হ’ব । ইয়াৰ লগতে ভাৰতত হুইস্কি আৰু গাড়ীৰ দৰে ব্ৰিটিছ সামগ্ৰী বিক্ৰী কৰাটোও সহজ হৈ পৰিব ।

ব্ৰিটেইনত বাণিজ্যিক চুক্তিত লাগিব মোহৰ-

ভাৰত আৰু ব্ৰিটেইনৰ মাজত তিনি বছৰ ধৰি বাণিজ্যিক চুক্তিৰ আলোচনা চলি আছে । ইয়াৰ লক্ষ্য আছিল বজাৰত প্ৰৱেশৰ উন্নতি আৰু দুয়োখন দেশৰ মাজত বাণিজ্য সহজতা আৰু উন্নত কৰা । ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত ব্যৱসায়িক সামগ্ৰীৰ বৈচিত্ৰ্য যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে । ভাৰত আৰু ব্ৰিটেইনৰ লক্ষ্য হৈছে বাণিজ্যিক বাধা হ্ৰাস কৰি আৰু সামগ্ৰিক সহযোগিতা বৃদ্ধি কৰি এক শক্তিশালী অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলা ।

ব্ৰিটেইনৰ পিছত আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ মালদ্বীপ ভ্ৰমণ । ২৫ জুলাইত দুদিনীয়া মালদ্বীপ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী । দেশখনত তেওঁ ৬০ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে ৰাষ্ট্ৰীয় দিৱস উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল ।

লগতে পঢ়ক : ‘পশ্চিম বংগই পৰিৱৰ্তন বিচাৰিছে…’; দুৰ্গাপুৰত মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰত্যাহ্বান

পাঁচখন দেশ ভ্ৰমণ সামৰি দেশলৈ উভতিল প্ৰধানমন্ত্ৰী মোদী; আঠদিনীয়া ভ্ৰমণত

পাঁচখন দেশ ভ্ৰমণ সামৰি দেশলৈ উভতিল প্ৰধানমন্ত্ৰী মোদী

পাঁচখন দেশ ভ্ৰমণৰ অন্তত দেশলৈ ঘূৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৃহস্পতিবাৰে পুৱা তেওঁৰ বিমানখন পালাম বিমানবন্দৰত অৱতৰণ কৰে । আঠ দিনীয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়াকে ধৰি পাঁচখন দেশ ভ্ৰমণ কৰে । ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ১৭ সংখ্যক ব্ৰিকছ সন্মিলনতো অংশগ্ৰহণ কৰে তেওঁ ।

ঘানাৰ সৰ্বোচ্চ সন্মান লাভ-

২ জুলাইত প্ৰথমবাৰৰ বাবে ঘানাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ঘানাত প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰা হয় । ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ সংসদত ভাষণ দিয়ে । উল্লেখ্য যে, যে তিনি দশকৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছিল ।

ত্ৰিনিদাদ আৰু ট’বাগো-ভাৰতৰ মাজত ৬খন চুক্তি স্বাক্ষৰিত-

ঘানালৈ সফল ভ্ৰমণৰ অন্তত কেৰিবিয়ান দেশ ট্ৰিনিদাদ এণ্ড ট’বাগোত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দেশখনৰ ৰাজধানী প’ৰ্ট অৱ স্পেইনত উপস্থিত হোৱাৰ পাছতে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয় । ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কেংগালুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্ৰিনিদাদ এণ্ড ট’বাগোৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা ‘দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো’ প্ৰদান কৰে । ইয়াত তেওঁ সংসদত সম্বোধন কৰে । ভাৰত আৰু ট্ৰিনিদাদ আৰু ট’বাগোৰ মাজত ৬খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰিনিদাদ আৰু ট’বাগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছাৰৰ মাজত হোৱা বৈঠকৰ পাছত দুয়োখন দেশে আন্তঃগাঁথনি উন্নয়ন, ঔষধ আৰু প্ৰতিৰক্ষা আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰে ।

আৰ্জেণ্টিনাত উষ্ম আদৰণি-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণৰ তৃতীয় পৰ্যায়ত দক্ষিণ আমেৰিকাৰ দেশ আৰ্জেণ্টিনাত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মাইলীৰ লগতে দেশখনৰ কেইবাগৰাকীও ফুটবল খেলুৱৈক সাক্ষাৎ কৰে । ৰাজধানী বুয়েনছ আয়াৰ্ছত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনায় । দুয়োজন নেতা বৈঠকতো মিলিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি ভাৰত-আৰ্জেণ্টিনাৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ আৰু আমাৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ ৫ বছৰ উদযাপন কৰিছো । আমাৰ দ্বিপাক্ষিক সম্পৰ্কত আমি যথেষ্ট অগ্ৰগতি লাভ কৰিছো । আমি একমত যে আগন্তুক যাত্ৰা আৰু অধিক আশাব্যঞ্জক ।

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলত উপস্থিত-

বিদেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত চাৰিদিনৰ বাবে ব্ৰাজিললৈ য়ায় প্ৰধানমন্ত্ৰী মোদী । ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে তেওঁ । ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কয়- সন্ত্ৰাসবাদ আজি মানৱতাৰ বাবে আটাইতকৈ গুৰুতৰ প্ৰত্যাহ্বান হৈ পৰিছে । ২০ শতিকাত গঠিত বিশ্বব্যাপী প্ৰতিষ্ঠানসমূহে একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ অক্ষম । বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা সংঘাতেই হওক, মহামাৰী, অৰ্থনৈতিক সংকটেই হওক বা চাইবাৰস্পেচত নতুনকৈ উদ্ভৱ হোৱা প্ৰত্যাহ্বানই হওক, এই প্ৰতিষ্ঠানসমূহৰ কোনো সমাধান নাই ।

ব্ৰাজিলিয়াত সন্মানিত-

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত ব্ৰাজিল ভ্ৰমণৰ বাবে ব্ৰাজিলিয়ালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী । ইয়াত তেওঁক বৃহৎ আদৰণি জনোৱা হয় । ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘গ্ৰেণ্ড কলাৰ অৱ দ্য নেচনেল অৰ্ডাৰ অৱ দ্য চাউদাৰ্ণ ক্ৰছ’ৰে সন্মানিত কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাৰ উপস্থিতিত ভাৰত আৰু ব্ৰাজিলৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিসমূহ দুয়োখন দেশৰ মাজত বাণিজ্য, বিজ্ঞান, প্ৰযুক্তি আৰু সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

নামিবিয়াত কেইবাখনো চুক্তি স্বাক্ষৰিত-

বিদেশ ভ্ৰমণৰ পঞ্চম আৰু অন্তিম পৰ্যায়ত নামিবিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নামিবিয়াৰ ৰাষ্ট্ৰপতি নেটুম্বো নন্দীয়ে নামিবিয়াৰ ষ্টেট হাউছত প্ৰধানমন্ত্ৰীক আদৰণি জনায় । নামিবিয়াৰ উইণ্ডহ’কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নামিবিয়াৰ ৰাষ্ট্ৰপতি ড০ নেটুম্বো নন্দি-নদৈতৱাহৰ প্ৰতিনিধি পৰ্যায়ৰ আলোচনা হয় । ইয়াৰ মাজতে বহু চুক্তিৰ প্ৰস্তাৱত সহমতত উপনীত হয় আৰু দুয়োখন ৰাষ্ট্ৰৰ মুৰব্বীয়ে চুক্তিত স্বাক্ষৰ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নামিবিয়াই সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰে । বুধবাৰে প্ৰধানমন্ত্ৰী মোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ দ্য মষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ’ প্ৰদান কৰা হয় । ইফালে নামিবিয়াৰ সংসদত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে পঢ়ক : নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী…

নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী…

প্ৰধানমন্ত্ৰী মোদীলৈ নামিবিয়াৰ সৰ্বোচ্চ সন্মান

নামিবিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰিছে । বুধবাৰে প্ৰধানমন্ত্ৰী মোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ দ্য মষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ’ প্ৰদান কৰা হয় । ২০১৪ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এয়া বিদেশী চৰকাৰে তেওঁক দিয়া ২৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি নন্দি-নদৈতৱাই দ্বিপাক্ষিক আলোচনাত মিলিত হয়, তাৰ পিছত শক্তি আৰু স্বাস্থ্যসেৱাকে ধৰি কেইবাটাও ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে দুয়োখন দেশে চাৰিখন চুক্তিত স্বাক্ষৰ কৰে ।

ৰাষ্ট্ৰপতি ড০ নেটুম্বো নন্দি-ন্দৈতৱাহে কয় যে নামিবিয়াৰ সংবিধানে মোৰ ওপৰত দিয়া ক্ষমতাৰ অধীনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নামিবিয়া আৰু বিশ্বজুৰি শান্তি আৰু ন্যায়ৰ প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে ‘অৰ্ডাৰ অৱ দ্য মষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ’ প্ৰদান কৰি সন্মানিত হৈছো ।

‘১৪০ কোটি ভাৰতীয়ৰ হৈ এই সন্মান বিনম্ৰতাৰে গ্ৰহণ কৰো’

সন্মানিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘এই বঁটাৰে সন্মানিত হোৱাটো মোৰ বাবে অপৰিসীম গৌৰৱ আৰু সন্মানৰ বিষয় । ৰাষ্ট্ৰপতি, নামিবিয়া চৰকাৰ আৰু দেশখনৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো । ১৪০ কোটি ভাৰতীয়ৰ হৈ এই সন্মান বিনম্ৰতাৰে গ্ৰহণ কৰো ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এয়া ভাৰত আৰু নামিবিয়াৰ বন্ধুত্বৰ সাক্ষ্য । আজি ইয়াৰ লগত জড়িত হৈ মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছো । এই সন্মান নামিবিয়া আৰু ভাৰতৰ জনসাধাৰণ, তেওঁলোকৰ অবিৰত প্ৰগতি আৰু বিকাশ আৰু আমাৰ অবিচ্ছেদ্য বন্ধুত্বৰ প্ৰতি উৎসৰ্গা কৰিছো । এজন প্ৰকৃত বন্ধুক কঠিন সময়তহে চিনি পোৱা যায় । ভাৰত আৰু নামিবিয়াই স্বাধীনতা সংগ্ৰামৰ পৰাই কাষত থিয় দিছে । আমাৰ বন্ধুত্ব কেৱল ৰাজনীতিৰ পৰা উদ্ভৱ হোৱা নাই, সংগ্ৰাম, সহযোগিতা আৰু পাৰস্পৰিক বিশ্বাসৰ পৰাও উদ্ভৱ হৈছে । ইয়াক গণতান্ত্ৰিক মূল্যবোধ আৰু উজ্জ্বল ভৱিষ্যতৰ সপোনেৰে লালন-পালন কৰা হৈছে । ভৱিষ্যতেও আমি উন্নয়নৰ পথত ইখনে সিখনৰ হাতত ধৰি আগবাঢ়ি যাম ।’

লগতে পঢ়ক : ‘যিকোনো সময়তে ড’নাল্ড ট্ৰাম্পক কৰিব পাৰে আক্ৰমণ’; খামেইনীৰ ঘনিষ্ঠই দিলে ধমকি

দলং ভাগি নদীত পৰিল ৫ খনকৈ বাহন, ৯জনৰ মৃত্যু… প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

গুজৰাটৰ বদোদৰা জিলাত বুধবাৰে পুৱা চাৰি দশক পুৰণি এখন দলঙৰ এটা অংশ ভাঙি বহু কেইখন বাহন নদীত বাগৰি পৰে । এই ঘটনাত ৯ জন লোকৰ মৃত্যু হয় । উদ্ধাৰকাৰী দলে আন ৬ জনক উদ্ধাৰ কৰে । বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে । বুধবাৰে পুৱা প্ৰায় ৭.৩০ বজাত ভাঙি পৰে দলংখন । উল্লেখযোগ্য যে ৯০০ মিটাৰ দৈৰ্ঘ্যৰ এই গম্ভীৰা দলংখনে বদোদৰা আৰু আনন্দ জিলাক সংযোগ কৰিছে । এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । আনহাতে, দুৰ্ঘটনাটোত নিহতসকলক ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

বদোদৰাৰ জিলা আয়ুক্তই জনোৱা মতে, স্থানীয় সাঁতোৰবিদ, নাও আৰু পৌৰসভাৰ দলসমূহ ঘটনাৰ পিছতে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় । জৰুৰীকালীন সঁহাৰি কেন্দ্ৰ, এন ডি আৰ এফৰ দল আৰু অন্যান্য প্ৰশাসনিক আৰু আৰক্ষীৰ দলসমূহ ঘটনাস্থলীত উপস্থিত হয় । উদ্ধাৰ অভিযান চলি আছে । আমি এই পৰ্যন্ত ৯ টা মৃতদেহ উদ্ধাৰ কৰিছো । ৬ জন আহত হৈছে আৰু তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে ।

তেওঁ কয় যে এই দলংখন ১৯৮৫ চনত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কাম সময়ে সময়ে কৰা হৈছে । এই দুৰ্ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণৰ তদন্ত কৰা হ’ব । মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কাৰিকৰী বিশেষজ্ঞৰ এটা দলক সেই স্থানলৈ প্ৰেৰণ কৰি দলংখন ভাঙি পৰাৰ কাৰণসমূহৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে । প্ৰাথমিক তথ্য অনুসৰি দুখন ট্ৰাক, এখন বলেৰো এছ ইউ ভি আৰু এখন পিকআপ ভানকে ধৰি চাৰিখন বাহন দলংখন পাৰ হোৱা অৱস্থাত হঠাতে ভাঙি মহিসাগৰ নদীত বাগৰি পৰে ।

লগতে পঢ়ক : পাটনাৰ পৰা দিল্লীলৈ অহা ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ; ১৬৯জন যাত্ৰীৰ হাহাকাৰ

ব্ৰাজিলিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক শিৱ তাণ্ডৱেৰে আদৰণি; ৰাষ্ট্ৰপতি লুলাৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰাজিলিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক শিৱ তাণ্ডৱেৰে আদৰণি

মঙলবাৰে ৰিঅ’ ডি জেনেৰিঅ’ৰ পৰা ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । শিৱ তাণ্ডৱ স্তোত্ৰ আৰু ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰে তেওঁক আদৰণি জনোৱা হয় । প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক “স্মৰণীয় আদৰণি” বুলি অভিহিত কৰি প্ৰৱাসীসকলক তেওঁলোকৰ শিপাৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে প্ৰশংসা কৰে । আজি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী ।

ব্ৰাজিলিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত আদৰণি জনায় ব্ৰাজিলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰী মোদী হোটেলত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় সম্প্ৰদায়ে ভাৰত মাতা কি জয় শ্লোগানেৰে তেওঁক আদৰণি জনায় । এই সময়ত প্ৰধানমন্ত্ৰীক আদৰণি জনাই সংগীত আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত একাংশ বিদেশীয়ে শিৱ তাণ্ডৱ স্তোত্ৰ উপহাৰ দিয়ে । এই শিল্পীসকলক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰিবলৈ অহা শিশুসকলৰ সৈতেও বাৰ্তালাপ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে, “কিছু সময়ৰ আগতে ব্ৰাজিলিয়াত উপস্থিত হলো । ভাৰতীয় সম্প্ৰদায়ৰ পৰা স্মৰণীয় আদৰণি, যিয়ে আকৌ এবাৰ দেখুৱাইছে যে আমাৰ প্ৰৱাসীসকল কিমান আৱেগিক আৰু তেওঁলোক নিজৰ শিপাৰ প্ৰতি কিমান আকৃষ্ট ।” তেওঁ কিছু ফটো শ্বেয়াৰ কৰে য’ত উৎসাহী প্ৰবাসী ভাৰতীয়সকলে ত্ৰিৰংগা ধৰি প্ৰধানমন্ত্ৰীক সম্ভাষণ জনোৱা দেখা গৈছে ।

১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ বাবে ৰিঅ’ ডি জেনেৰিঅ’লৈ ভ্ৰমণ সম্পূৰ্ণ কৰি সোমবাৰে ব্ৰাজিলত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । ২ জুলাইৰ পৰা ১০ জুলাইলৈ ৫খন দেশ ভ্ৰমণত আছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী । এতিয়ালৈকে তেওঁ ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো আৰু আৰ্জেণ্টিনা ভ্ৰমণ কৰিছে । বৰ্তমান তেওঁ ব্ৰাজিল ভ্ৰমণত আছে আৰু ইয়াৰ পৰা নামিবিয়ালৈ যাত্ৰা কৰিব । ৰাজকীয় ভ্ৰমণসূচীৰে ব্ৰাজিলৰ ৰাজধানীত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায় ব্ৰাজিলৰ প্ৰতিৰক্ষা মন্ত্ৰী জোচে মুচিঅ’ মণ্টেইৰ’ ফিলহ’ই ।

লগতে পঢ়ক : ব্ৰিকছৰ নতুন সদস্য হ’ল ইণ্ডোনেছিয়া; বেলাৰুছ, মালয়েছিয়াকে ধৰি দহখন দেশ হ’ল সহযোগী

ব্ৰিকছৰ নতুন সদস্য হ’ল ইণ্ডোনেছিয়া; বেলাৰুছ, মালয়েছিয়াকে ধৰি দহখন দেশ হ’ল সহযোগী

ব্ৰিকছৰ নতুন সদস্য হ’ল ইণ্ডোনেছিয়া

ইণ্ডোনেছিয়া ব্ৰিকছ সংগঠনৰ নতুন সদস্য দেশ হিচাপে পৰিগণিত হৈছে । একে সময়তে দহখন দেশ বেলাৰুছ, বলিভিয়া, কাজাখাস্তান, নাইজেৰিয়া, মালয়েছিয়া, থাইলেণ্ড, কিউবা, ভিয়েটনাম, উগাণ্ডা আৰু উজবেকিস্তান অংশীদাৰ দেশ হিচাপে ব্ৰিকছত অন্তৰ্ভুক্ত হৈছে । ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হৈ থকা ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ যৌথ বিবৃতিত কোৱা হৈছে যে ‘আমি ইণ্ডোনেছিয়া গণৰাজ্যক ব্ৰিকছৰ সদস্য হিচাপে আদৰণি জনাইছো । আমি বেলাৰুছ ৰিপাব্লিক, বলিভিয়া, কাজাখাস্তান, কিউবা ৰিপাব্লিক, নাইজেৰিয়া, মালয়েছিয়া, থাইলেণ্ড, ভিয়েটনাম, উগাণ্ডা আৰু উজবেকিস্তানকো ব্ৰিকছৰ অংশীদাৰ দেশ হিচাপে আদৰণি জনাইছো ।’

পুৰণি টাইপৰাইটাৰৰ পৰা নতুন চফটৱেৰ চলাব নোৱাৰিবঃ প্ৰধানমন্ত্ৰী মোদী

উমৈহতীয়া বিবৃতিটোত জলবায়ু বিত্ত সন্দৰ্ভত ব্ৰিকছৰ নেতাসকলৰ কাঠামো ঘোষণা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বব্যাপী শাসন সন্দৰ্ভত ব্ৰিকছৰ নেতাসকলৰ বক্তব্য সন্নিবিষ্ট কৰা হৈছে । লগতে সামাজিকভাৱে নিৰ্ধাৰিত ৰোগ নিৰ্মূলৰ বাবে ব্ৰিকছ দেশসমূহৰ অংশীদাৰিত্ব । দেওবাৰে ব্ৰিকছৰ অধিৱেশন ‘শান্তি আৰু নিৰাপত্তা আৰু বিশ্ব শাসন সংস্কাৰ’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু নতুন অংশীদাৰৰ অন্তৰ্ভুক্তিয়ে সময়ৰ লগে লগে ইয়াৰ বিকাশৰ ক্ষমতা প্ৰদৰ্শন কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বাণিজ্য সংস্থা (WTO)ৰ দৰে প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু বহুপক্ষীয় উন্নয়নৰ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু নতুন অংশীদাৰ সংযোজনে সময়ৰ লগে লগে ইয়াৰ বিকাশৰ ক্ষমতা দেখুৱাইছে । এতিয়া আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বাণিজ্য সংস্থা আৰু বহুপক্ষীয় উন্নয়ন বেংকৰ দৰে প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ বাবে একে দৃঢ়তা প্ৰদৰ্শন কৰিব লাগিব । প্ৰতি সপ্তাহত প্ৰযুক্তিৰ বিকাশ ঘটি থকা এ আইৰ যুগত ৮০ বছৰ ধৰি বিশ্বৰ প্ৰতিষ্ঠানসমূহ অপৰিৱৰ্তিত হৈ থকাটো গ্ৰহণযোগ্য নহয় । ২০ শতিকাৰ টাইপৰাইটাৰত একবিংশ শতিকাৰ চফট্ৱেৰ চলাব নোৱাৰিব ।’

লগতে পঢ়ক : ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি; ব্ৰিকছ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ