গ্লবেল চাউথ অবিহনে পৃথিৱী নেটৱৰ্ক নথকা মোবাইলৰ দৰে… ব্ৰিকছ মঞ্চৰ পৰা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
গ্লবেল চাউথ অবিহনে পৃথিৱী নেটৱৰ্ক নথকা মোবাইলৰ দৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কয় যে ব্ৰিকছ অৰ্থনৈতিক সহযোগিতা আৰু বিশ্ব মংগলৰ বাবে এক শক্তিশালী বাহন হৈয়েই আছে । এই সন্মিলনৰ বাবে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত গোটটোৰ সদস্য দেশসমূহৰ কেইবাগৰাকীও শীৰ্ষ নেতা সমবেত হয় । চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এইবাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা নাই । বৰ্তমান প্ৰভাৱশালী গোটটোৰ অধ্যক্ষ ব্ৰাজিলে এই সন্মিলনৰ আয়োজন কৰিছে ।
ৰাষ্ট্ৰপতি লুলাক প্ৰশংসা-
শান্তি আৰু নিৰাপত্তা, বিশ্ব শাসন সংস্কাৰ বিষয়ত ব্ৰিকছৰ সদস্যসকলৰ অধিৱেশনত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ ব্ৰিকছক অৰ্থনৈতিক সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় মংগলৰ বাবে এক শক্তিশালী মাধ্যম বুলি অভিহিত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ চমৎকাৰ আয়োজনৰ বাবে ৰাষ্ট্ৰপতি লুলাৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো । ব্ৰাজিলৰ অধ্যক্ষতাত ব্ৰিকছত আমাৰ সহযোগিতাই নতুন গতি লাভ কৰিছে ! ৰাষ্ট্ৰপতি লুলাৰ দৃষ্টিভংগী আৰু অটল প্ৰতিশ্ৰুতিৰ মই শলাগ লৈছো ।’
ইণ্ডোনেছিয়াক স্বাগতম-
এইবাৰ ইণ্ডোনেছিয়াইও সংগঠনটোত স্থান লাভ কৰিছে আৰু পৰিয়ালটোৰ সদস্য হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জনাইছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইণ্ডোনেছিয়াই ব্ৰিকছ পৰিয়ালত যোগদান কৰাৰ বাবে ৰাষ্ট্ৰপতি প্ৰব’ৱ’ক আন্তৰিকতাৰে অভিনন্দন জনাইছো আৰু তেওঁৰ সফলতা কামনা কৰিছো ।’
গ্লবেল চাউথৰ প্ৰত্যাহ্বান-
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘গ্লবেল চাউথত প্ৰায়ে দ্বৈত মানদণ্ডৰ সন্মুখীন হয়, সেয়া উন্নয়ন, সম্পদ বিতৰণ বা নিৰাপত্তাৰ ক্ষেত্ৰতেই হওক । আমি বিশ্ব শাসনত তেওঁলোকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগিব ।’
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘বিংশ শতিকাত প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহত মানৱতাৰ দুই তৃতীয়াংশৰ বাবে পৰ্যাপ্ত প্ৰতিনিধিত্বৰ অভাৱ । বিশ্ব অৰ্থনীতিত যথেষ্ট অৰিহণা যোগোৱা দেশসমূহ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰা নহয় । ইয়াৰ ফলত বিশ্বাসযোগ্যতা আৰু ফলপ্ৰসূতাত প্ৰভাৱ পৰে ।’
প্ৰধানমন্ত্ৰী মোদীৰ মতে বিশ্বক বহুমেৰু আৰু সৰ্বাংগীন ব্যৱস্থাৰ প্ৰয়োজন, যাৰ আৰম্ভণি হ’ব লাগে বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ ব্যাপক সংস্কাৰৰ পৰা । এই সংস্কাৰসমূহে এক সুনিৰ্দিষ্ট প্ৰভাৱ পেলাব লাগে, য’ত বিশ্ব দক্ষিণৰ প্ৰত্যাহ্বানসমূহক অগ্ৰাধিকাৰ দিয়া উচিত ।
লগতে পঢ়ক : ৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিললৈ ৰাজকীয় ভ্ৰমণ, সন্ত্ৰাসবাদ বিৰোধী চুক্তিৰ আশা