টেলিফোনিক বাৰ্তালাপত মিলিত মোদী-ট্ৰাম্প; ক’লে-‘মধ্যস্থতা গ্ৰহণ কৰা নাছিলো আৰু নকৰো’

টেলিফোনিক বাৰ্তালাপত মিলিত মোদী-ট্ৰাম্প

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দুয়োগৰাকী নেতাৰ মাজত ৩৫ মিনিটৰ ধৰি এই টেলিফোনিক বাৰ্তালাপ চলে । তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ কৰাৰ কথা আছিল, কিন্তু ট্ৰাম্প আগতীয়াকৈ আমেৰিকালৈ উভতি অহাৰ বাবে এই সাক্ষাৎ হৈ নুঠিল । ট্ৰাম্পৰ অনুৰোধত আজি দুয়োগৰাকী নেতাই ফোনযোগে বাৰ্তালাপ কৰে । জানিব পৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী ৰাখে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত থকা উত্তেজনাৰ বিষয়েও আলোচনা কৰে দুয়োগৰাকী নেতাই । প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সিন্দুৰৰ বিষয়েও আলোচনা কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক স্পষ্টকৈ কয় যে এই সমগ্ৰ ঘটনাক্ৰমত কোনো সময়তে, কোনো স্তৰতে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি বা ভাৰত আৰু পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতা আদি বিষয়ত কোনো আলোচনা হোৱা নাছিল । উত্তেজনা হ্ৰাস কৰাৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনা হৈছিল আৰু পাকিস্তানৰ জোৰত এয়া হৈছিল ।

ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা কথাবোৰ বিতংভাৱে বুজি ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভাৰতে এতিয়া সন্ত্ৰাসবাদক ছাঁয়া যুদ্ধ হিচাপে চাইছে আৰু ভাৰতৰ অপাৰেচন সিন্দুৰ এতিয়াও চলি আছে ।

ভাৰত আৰু পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতাৰ যিকোনো প্ৰচেষ্টাক স্পষ্টভাৱে নাকচ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক জোৰ দি কয় যে ভাৰতে কেতিয়াও মধ্যস্থতা গ্ৰহণ কৰা নাই, কেতিয়াও মানি নলয় । এই বিষয়ত ভাৰতত সম্পূৰ্ণ ৰাজনৈতিক একমত আছে ।

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে প্ৰদান কৰে সম্পূৰ্ণ তথ্য-

এই বিষয়ত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বৈঠক জি-৭ সন্মিলনৰ সময়ত অনুষ্ঠিত হোৱাৰ কথা আছিল । ৰাষ্ট্ৰপতি ট্ৰাম্পে আগতীয়াকৈ আমেৰিকালৈ উভতি যাবলগা হয় যাৰ বাবে এই বৈঠক অনুষ্ঠিত হোৱা নাছিল । ইয়াৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুৰোধত আজি দুয়োজন নেতাৰ মাজত টেলিফোনিক বাৰ্তালাপ হয় । দুয়োগৰাকী নেতাই ৩৫ মিনিট ধৰি কথা পাতে ।

আমেৰিকা ভ্ৰমণৰ অনুৰোধ ৰক্ষা কৰিবলৈ অসমৰ্থতা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ-

ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক কানাডাৰ পৰা উভতি আহি আমেৰিকা ভ্ৰমণ কৰাৰ বাবে অনুৰোধ জনাই । অৱশ্যে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত অক্ষমতা প্ৰকাশ কৰে । ইয়াৰ পিছতে দুয়োগৰাকী নেতাই সিদ্ধান্ত লয় যে অদূৰ ভৱিষ্যতে সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী আৰু মাৰ্ক কাৰ্নীৰ বৈঠক; কি কি বিষয়ৰ ওপৰত হ’ল আলোচনা ?

সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু… জি-৭ সন্মিলনত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু

জি-৭ সন্মিলনত সন্ত্ৰাসবাদক লৈ বিশ্ব সম্প্ৰদায়ক বাৰ্তা প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । এই বিশেষ অনুষ্ঠানত তেওঁ কয় যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ শত্ৰু । ই গণতান্ত্ৰিক ব্যৱস্থা থকা সেই সকলো দেশৰ বিৰুদ্ধে । মঙলবাৰে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ আঁৰত দক্ষিণ কোৰিয়া, মেক্সিকো, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ নেতৃত্বক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰকাশিত বাতৰি অনুসৰি জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে কানানাস্কিছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে লি জে-ম্যুঙৰ সৈতেও আলোচনাত মিলিত হয় ।

কানাডাত জি-৭ৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে চোকা মন্তব্য কৰে । পহলগাম আক্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত দ্বৈত মানদণ্ডৰ কোনো স্থান থাকিব নালাগে । ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ কেৱল পহলগামৰ আক্ৰমণ নহয়, প্ৰতিজন ভাৰতীয়ৰ আত্মা, পৰিচয় আৰু মৰ্যাদাৰ ওপৰত আক্ৰমণ কৰা বুলিও তেওঁ কয় । তেওঁ আৰু কয় যে এয়া সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ ।

জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয় । এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰত আৰু কানাডাৰ সম্পৰ্ক বহু দিশত অতি গুৰুত্বপূৰ্ণ । কানাডাৰ বহু কোম্পানীৰ ভাৰতত বিনিয়োগ আছে । ভাৰতৰ জনসাধাৰণৰ কানাডাৰ মাটিতো বৃহৎ বিনিয়োগ আছে । গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি উৎসৰ্গিত কানাডা আৰু ভাৰতে একেলগে গণতন্ত্ৰ আৰু মানৱতাক শক্তিশালী কৰিব লাগিব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদী আৰু মাৰ্ক কাৰ্নীৰ বৈঠক; কি কি বিষয়ৰ ওপৰত হ’ল আলোচনা ?

প্ৰধানমন্ত্ৰী মোদী আৰু মাৰ্ক কাৰ্নীৰ বৈঠক; কি কি বিষয়ৰ ওপৰত হ’ল আলোচনা ?

প্ৰধানমন্ত্ৰী মোদী আৰু মাৰ্ক কাৰ্নীৰ বৈঠক

কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনত মঙলবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় নৰেন্দ্ৰ মোদী । এয়া আছিল বিগত এটা দশকত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো কানাডা ভ্ৰমণ আৰু তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত কাৰ্নীৰ সৈতে প্ৰথম সাক্ষাৎ । আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক পুনৰ সুদৃঢ় আৰু গভীৰ কৰাৰ এক দৃঢ় অভিপ্ৰায় প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কাৰ্নীক নিৰ্বাচনৰ পিছত সাক্ষাৎ কৰাৰ এইটোৱেই প্ৰথম সুযোগ, গতিকে এই নিৰ্বাচনত মহান জয়ৰ বাবে তেওঁক অভিনন্দন জনাইছো আৰু আগন্তুক সময়ত ভাৰত আৰু কানাডাই তেওঁৰ সৈতে বহু খণ্ডত একেলগে কাম কৰিব ।

‘ভাৰত-কানাডাৰ বন্ধুত্ব বৃদ্ধিৰ বাবে…’

এই বৈঠকক অপূৰ্ব বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰত আৰু কানাডা গণতন্ত্ৰ, স্বাধীনতা আৰু আইনৰ শাসনৰ ওপৰত বিশ্বাসৰ দ্বাৰা সংযুক্ত । ভাৰত-কানাডাৰ বন্ধুত্ব বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী কাৰ্নী আৰু মই সদায় একেলগে কাম কৰিবলৈ সাজু । এই সম্পৰ্কত বাণিজ্য, শক্তি, মহাকাশ, স্বচ্ছ শক্তি, জটিল খনিজ পদাৰ্থ, সাৰ আৰু অন্যান্য ক্ষেত্ৰত অপৰিসীম সম্ভাৱনা আছে ।”

দ্বিপাক্ষিক বৈঠকৰ অন্তত নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয়, “প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে এক সুন্দৰ বৈঠক অনুষ্ঠিত হ’ল । জি-৭ শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰাৰ বাবে তেওঁক আৰু কানাডা চৰকাৰক অভিনন্দন জনালোঁ । ভাৰত আৰু কানাডা গণতন্ত্ৰ, স্বাধীনতা আৰু আইনৰ শাসনৰ প্ৰতি দৃঢ় বিশ্বাসৰ দ্বাৰা জড়িত ।”

জি-৭ত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে কয় যে, “জি-৭ত আপোনাক আতিথ্য প্ৰদান কৰাটো মোৰ বাবে এক বৃহৎ সন্মান । এয়া আপোনাৰ দেশৰ গুৰুত্ব, আপোনাৰ নেতৃত্ব আৰু আমি একেলগে মোকাবিলা কৰিব বিচৰা বিষয়সমূহৰ গুৰুত্বৰ ফল ।”

দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সন্মুখত থকা বৃহৎ বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোচনা কৰি প্ৰযুক্তি, নিৰাপত্তা আৰু গণতান্ত্ৰিক মূল্যবোধকে ধৰি মূল ক্ষেত্ৰসমূহত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

কানাডাই মোদী-কাৰ্নী বৈঠক সন্দৰ্ভত প্ৰকাশ কৰা এক বিবৃতি অনুসৰি মাৰ্ক কাৰ্নী আৰু নৰেন্দ্ৰ মোদীয়ে নতুন উচ্চায়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত একমত প্ৰকাশ কৰে, যাৰ লক্ষ্য হৈছে দুয়োখন দেশৰ নাগৰিক আৰু ব্যৱসায়ীসকলৰ বাবে স্বাভাৱিক কনছুলাৰ আৰু কূটনৈতিক সেৱা পুনৰুদ্ধাৰ কৰা । কানাডা-ভাৰত সম্পৰ্কৰ গুৰুত্বও পুনৰ দৃঢ়তাৰে কয় দুয়োগৰাকী নেতাই । বৈঠকত পাৰস্পৰিক সন্মান, আইনৰ শাসন আনুগত্য আৰু সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি ভাগ-বতৰা দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

লগতে পঢ়ক : ইৰাণৰ বিৰুদ্ধে যুঁজত ইজৰাইলৰ পক্ষত জি-৭ দেশ; পশ্চিম এছিয়াৰ অস্থিৰতাৰ মূল কাৰণ তেহৰাণ বুলি অভিহিত

মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ; ক’লে ‘এয়া যুদ্ধৰ যুগ নহয়…’

মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান চাইপ্ৰাছ ভ্ৰমণত আছে, য’ত তেওঁ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু আঞ্চলিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । মধ্যপ্ৰাচ্যৰ সংঘাতক লৈয়ো উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মানৱতাক শান্তি আৰু স্থিতিশীলতাৰ প্ৰয়োজন । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে আমি এক সুনিৰ্দিষ্ট ৰোডমেপ প্ৰস্তুত কৰিম যিয়ে ভাৰত আৰু চাইপ্ৰাছৰ মাজত সহযোগিতা আৰু অধিক বৃদ্ধি কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে যৌথভাৱে সংবাদমেল সম্বোধন কৰে । সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজত চাইপ্ৰাছৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজকীয় আদৰণি আৰু আতিথ্যৰ বাবে মই ৰাষ্ট্ৰপতিগৰাকীক আন্তৰিকতাৰে ধন্যবাদ জনাইছো । চাইপ্ৰাছৰ মাটিত ভৰি দিয়াৰ পৰাই ৰাষ্ট্ৰপতি আৰু ইয়াৰ জনসাধাৰণে দেখুওৱা মৰম আৰু প্ৰেমে মোৰ হৃদয় চুই গৈছে । মাত্ৰ কিছু সময়ৰ পূৰ্বে মোক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছিল । এই সন্মান কেৱল মোৰ নহয়, ই ১৪০ কোটি ভাৰতীয়ৰ সন্মান । এয়া ভাৰত আৰু চাইপ্ৰাছৰ অভেদ্য বন্ধুত্বৰ মোহৰ । ইয়াৰ বাবে মই আকৌ এবাৰ মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো ।

তেওঁ কয় যে আমি চাইপ্ৰাছৰ সৈতে আমাৰ সম্পৰ্কক অতি গুৰুত্ব দিওঁ । গণতন্ত্ৰ আৰু আইনৰ শাসনৰ দৰে মূল্যবোধৰ ওপৰত ভাগ-বতৰা কৰা বিশ্বাস আমাৰ অংশীদাৰিত্বৰ শক্তিশালী ভেটি । ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্ব পৰিস্থিতিৰ দ্বাৰা গঢ় লৈ উঠা নাই, সীমাৰেখাৰে বান্ধ খাই থকাও নহয় । ইয়াক বাৰে বাৰে পৰীক্ষা কৰা হৈছে আৰু সময়ৰ প্ৰতিটো পৰ্যায়তে আমি সহযোগিতা, সন্মান আৰু সমৰ্থনৰ অনুভূতিক জীয়াই ৰাখিছো । আমি ইখনে সিখনৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰো ।

মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ উদ্বেগ প্ৰকাশ-

তেওঁ কয় যে ৰাষ্ট্ৰসংঘক সমসাময়িক কৰি তুলিবলৈ প্ৰয়োজনীয় সংস্কাৰৰ ক্ষেত্ৰত আমাৰো একেধৰণৰ মতামত আছে । নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদক সহায় কৰাৰ বাবে চাইপ্ৰাছৰ প্ৰতি আমি কৃতজ্ঞ ৷ মধ্যপ্ৰাচ্যৰ সংঘাতক লৈ আমি দুয়ো উদ্বেগ প্ৰকাশ কৰিছো । মধ্যপ্ৰাচ্যৰ সংঘাতৰ নেতিবাচক প্ৰভাৱ কেৱল সেই অঞ্চলবোৰতে সীমাবদ্ধ নহয় । আমি বিশ্বাস কৰোঁ যে এয়া যুদ্ধৰ যুগ নহয়, আলোচনাৰ জৰিয়তে সমাধান আৰু স্থিৰতা পুনৰুদ্ধাৰ মানৱতাৰ আহ্বান । ভূমধ্যসাগৰীয় অঞ্চলৰ সৈতে সংযোগ বৃদ্ধিৰ কথাও আমি কথা পাতিলোঁ ৷ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰে অঞ্চলটোত শান্তি আৰু সমৃদ্ধিৰ বাট মুকলি কৰিব বুলি আমি একমত ।

‘এক নতুন অধ্যায় লিখাৰ সোণালী সুযোগ’

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে দুটা দশকৰো অধিক ব্যৱধানৰ অন্তত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে চাইপ্ৰাছ ভ্ৰমণ কৰিছে । পাৰস্পৰিক সম্পৰ্কৰ এক নতুন অধ্যায় লিখাৰ এয়া এক সোণালী সুযোগ । আজি ৰাষ্ট্ৰপতি আৰু মোৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ ওপৰত এক বিস্তৃত আলোচনা হ’ল । চাইপ্ৰাছৰ ‘ভিজন ২০৩৫’ আৰু ‘উন্নত ভাৰত ২০৪৭’ৰ বহু দিশত সাদৃশ্য আছে, গতিকে আমি একেলগে ভৱিষ্যত গঢ় দিম । আমাৰ অংশীদাৰিত্বক কৌশলগত দিশ দিবলৈ আমি অহা পাঁচ বছৰৰ বাবে এক সুনিৰ্দিষ্ট ৰোডমেপ তৈয়াৰ কৰিম । প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা শক্তিশালী কৰিবলৈ দ্বিপাক্ষিক ‘ৰক্ষা সহযোগিতা কাৰ্যসূচী’ৰ অধীনত প্ৰতিৰক্ষা উদ্যোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । চাইবাৰ আৰু সামুদ্ৰিক সুৰক্ষা সন্দৰ্ভত এক সুকীয়া আলোচনা আৰম্ভ কৰা হ’ব ।

লগতে পঢ়ক : ইৰাণক কঠোৰ সকিয়নী ড’নাল্ড ট্ৰাম্পৰ; ক’লে- যদি আক্ৰমণ কৰে তেন্তে…

তুৰ্কীৰ চুবুৰীয়া দেশে প্ৰধানমন্ত্ৰী মোদীক দিলে সৰ্বোচ্চ অসামৰিক সন্মান; ক’লে- এয়া আমাৰ বন্ধুত্বৰ প্ৰতীক

তুৰ্কীৰ চুবুৰীয়া দেশে প্ৰধানমন্ত্ৰী মোদীক দিলে সৰ্বোচ্চ অসামৰিক সন্মান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে বৰ্তমান চাইপ্ৰাছত আছে, য’ত সোমবাৰে দেশখনৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে প্রধানমন্ত্রী মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰে । চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰি আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই অসামৰিক সন্মান লাভ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই বঁটা ১৪০ কোটি ভাৰতীয়ৰ বাবে এক সন্মান । আমাৰ দেশৰ ভাতৃত্ববোধ আৰু বসুধৈৱ কুটুম্বকমৰ মতাদৰ্শৰ বাবে এয়া এক সন্মান ।’

চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান লাভ কৰি সুখ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে লিখিছে, চাইপ্ৰাছৰ ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III’ৰ সন্মান লাভ কৰি মই অতি সুখী । আমাৰ দেশৰ বন্ধুত্বৰ বাবে এইখিনি উৎসৰ্গা কৰিছো ।

তেওঁ কয়, ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III’ প্ৰদান কৰাৰ বাবে আপোনালোক, চাইপ্ৰাছ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো । এই সন্মান কেৱল মোৰ নহয়, ১৪০ কোটি ভাৰতীয়ৰ সন্মান । আমাৰ দেশৰ ভাতৃত্ববোধ আৰু বসুধৈৱ কুটুম্বকমৰ মতাদৰ্শৰ বাবে এয়া এক সন্মান ।’

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, ‘মই এই বঁটা ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক, আমাৰ ভাগ-বতৰা কৰা মূল্যবোধ আৰু আমাৰ পৰম্পৰাগত বুজাবুজিৰ বাবে উৎসৰ্গা কৰিছো । এই সন্মান সকলো ভাৰতীয়ৰ হৈ কৃতজ্ঞতাৰে গ্ৰহণ কৰো । এই বঁটা শান্তি, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা আৰু অটল প্ৰতিশ্ৰুতিৰ প্ৰতীক ।’

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-চাইপ্ৰাছৰ ব্যৱসায়িক বৈঠকত ভাষণ দি চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণত কয়, ‘প্ৰথমে মই ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জনাইছো যে আজি তেওঁ নিজেই মোক বিমানবন্দৰত আদৰণি জনাবলৈ আহিছিল । তেওঁ ব্যৱসায়িক নেতাসকলৰ সৈতে ইমান ডাঙৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰিছে, ইয়াৰ বাবে মই অতিশয় কৃতজ্ঞ । মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ প্ৰতি তেওঁৰ ইতিবাচক চিন্তাৰ বাবেও মই আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছো ।’

২৩ বছৰৰ পাছত চাইপ্ৰাছ ভ্ৰমণ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ-

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২৩ বছৰৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে চাইপ্ৰাছ ভ্ৰমণ কৰিছে আৰু প্ৰথমটো অনুষ্ঠান হৈছে ব্যৱসায়িক ঘূৰণীয়া মেজমেল । ইয়াৰ দ্বাৰা ভাৰত-চাইপ্ৰাছৰ সম্পৰ্কত অৰ্থনৈতিক জগতৰ লোকৰ গুৰুত্বৰ ইংগিত পোৱা যায় । আপোনালোকৰ মতামত খুব মন দি শুনিছো । ভাৰত-চাইপ্ৰাছৰ অৰ্থনৈতিক সম্পৰ্কৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা মই অনুভৱ কৰিছো । আপোনালোকৰ চিন্তাত কেৱল সম্ভাৱনাই নহয় দৃঢ়তাও অনুভৱ কৰিব পাৰো । এইটো স্পষ্ট যে আমাৰ সম্পৰ্কবোৰ আগুৱাই যোৱাৰ অপৰিসীম সম্ভাৱনা আছে ।

লগতে পঢ়ক : আজিৰে পৰা তিনিখন দেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী; কানাডাত জি-৭ বৈঠকত কৰিব অংশগ্ৰহণ

পাঁচদিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; কানাডা, চাইপ্ৰাছৰ পিছত যাব ক্ৰ’ৱেচিয়ালৈ

পাঁচদিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

আজি পাঁচদিনীয়া বিদেশ ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই বিদেশ ভ্ৰমণে চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়াক সামৰি ল’ব । অপাৰেচন সিন্দুৰ আৰু ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পিছত কূটনৈতিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এয়া তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ ।

প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছৰ পৰা এই ভ্ৰমণ আৰম্ভ কৰিব । ১৫-১৬ জুনত তেওঁ তাতেই থাকিব । এই ভ্ৰমণ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ আমন্ত্ৰণত হৈছে । লক্ষণীয় যে দুটা দশকৰ ভিতৰত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম চাইপ্ৰাছ ভ্ৰমণ । এই ভ্ৰমণত দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ, নিৰাপত্তা আৰু কাৰিকৰী সহযোগিতা শক্তিশালী কৰাৰ ওপৰত আলোচনা হ’ব ।

জি-৭ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ-

চাইপ্ৰাছৰ পিছত ১৬-১৭ জুনত কানাডাৰ কানানাস্কিছ চহৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, য’ত তেওঁ জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব । কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত এই ভ্ৰমণ কৰিছে মোদীয়ে ।

একেৰাহে ষষ্ঠবাৰৰ বাবে জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । এই সন্মিলনত শক্তি সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰযুক্তি আৰু কোৱাণ্টাম উদ্ভাৱনৰ দৰে গুৰুত্বপূৰ্ণ বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব । লগতে কেইবাখনো দ্বিপাক্ষিক বৈঠক়ো অনুষ্ঠিত হ’ব ।

১৮ জুনত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব, যিটো ভাৰতৰ যিকোনো প্ৰধানমন্ত্ৰীৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ হ’ব । তেওঁ ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচ আৰু ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব । এই ঐতিহাসিক ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক সহযোগিতাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ সম্ভাৱনা আছে ।

সন্ত্ৰাসবাদ আৰু বিশ্ব সহযোগিতাৰ ওপৰত দিয়া হ’ব গুৰুত্ব-

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ কেৱল কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত নহয়, ইয়াক বিশ্ব সহযোগিতা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি শক্তিশালী কৰাৰ সুযোগ হিচাপেও বিবেচিত হৈছে । এই ভ্ৰমণ ভাৰতৰ বৈদেশিক নীতি আৰু বিশ্ব মঞ্চত দেশৰ উপস্থিতিক নতুন শক্তি প্ৰদানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । ১৯ জুনত ভাৰতলৈ উভতিব প্ৰধানমন্ত্ৰী মোদী ।

লগতে পঢ়ক : ৫ দিন, ৩খন দেশ আৰু জি-৭ শীৰ্ষ সন্মিলন…; মেগা কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

আজিৰে পৰা তিনিখন দেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী; কানাডাত জি-৭ বৈঠকত কৰিব অংশগ্ৰহণ

আজিৰে পৰা তিনিখন দেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী

১৫ৰ পৰা ১৯ জুনত বিদেশ ভ্ৰমণত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সময়ছোৱাত তেওঁ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব । অপাৰেচন সিন্দুৰৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰথম বিদেশ ভ্ৰমণক দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি আৰু ইউৰোপীয় সংঘ আৰু ভূমধ্যসাগৰীয় অঞ্চলৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । কানাডাত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে চাইপ্ৰাছত উপস্থিত হ’ব । ১৫-১৬ জুন তাৰিখৰ এই ভ্ৰমণ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ আমন্ত্ৰণত হৈছে । দুই দশকৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমবাৰৰ বাবে চাইপ্ৰাছ ভ্ৰমণ । ৰাজধানী নিকোছিয়াত প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছৰ মাজত আলোচনা অনুষ্ঠিত হ’ব ৷ লিমাছলত উদ্যোগীসকলক সম্বোধন কৰিব তেওঁ ।

জি-৭ শীৰ্ষ সন্মিলনত একেৰাহে ষষ্ঠবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ-

ইয়াৰ পাছতে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণত ১৬-১৭ জুনত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ মাজতে কানাডাৰ কানানাস্কিছ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । জি-৭ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে একেৰাহে ষষ্ঠবাৰৰ বাবে অংশগ্ৰহণ কৰিব । এই সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ দেশৰ নেতা, অন্যান্য আমন্ত্ৰিত আউটৰিচ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হ’ব । এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে শক্তি সুৰক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব, বিশেষকৈ এ আই শক্তিৰ সংযোগ আৰু কোৱাণ্টামৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত । এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰিব ।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ-

ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকভিচৰ আমন্ত্ৰণত ১৮ জুনত ক্ৰ’ৱেচিয়ালৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব । ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ক্ৰ’ৱেচিয়া ভ্ৰমণ হ’ব, যিটো দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব । প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী প্লেংকভিচে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব । ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ক্ৰ’ৱেচিয়া ভ্ৰমণে ইউৰোপীয় সংঘৰ অংশীদাৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিও প্ৰকাশ কৰিব ।

লগতে পঢ়ক : ৫ দিন, ৩খন দেশ আৰু জি-৭ শীৰ্ষ সন্মিলন…; মেগা কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

১১ বছৰত প্ৰতিৰক্ষা খণ্ডত বহু পৰিৱৰ্তন হৈছে… দেশ কেনেদৰে শক্তিশালী হৈ উঠিছে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

১১ বছৰত প্ৰতিৰক্ষা খণ্ডত বহু পৰিৱৰ্তন হৈছে

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত ১১ বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে । ভাৰতে  প্ৰতিৰক্ষা উৎপাদনত আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত স্পষ্টভাৱে গুৰুত্ব আৰোপ কৰিছে । ভাৰতৰ জনসাধাৰণৰ সামূহিক সংকল্প আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক স্বাৱলম্বীতা আৰু প্ৰযুক্তিগত উৎকৰ্ষতাৰ দিশত ভাৰতক লৈ যোৱাৰ অদম্য সংকল্পক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে গৌৰৱ প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত কয়, ‘বিগত ১১ বছৰত আমাৰ প্ৰতিৰক্ষা খণ্ডত যথেষ্ট পৰিৱৰ্তন হৈছে, আধুনিকীকৰণ আৰু প্ৰতিৰক্ষা উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । ভাৰতক শক্তিশালী কৰাৰ সংকল্প লৈ ভাৰতৰ জনসাধাৰণে কেনেদৰে একত্ৰিত হৈছে সেয়া আনন্দদায়ক ।’

তেওঁ এটা টুইট ৰিটুইট কৰিছে । মাই গভৰ্ণমেণ্ট ইণ্ডিয়া টুইটাৰ হেণ্ডেলত বিগত ১১ বছৰত ভাৰতৰ উত্থান, শক্তি, অংশীদাৰিত্ব আৰু অগ্ৰগতিৰ কথা কোৱা হৈছে । ইয়াক কোৱা হৈছে, ‘মাত্ৰ ১১ বছৰৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে নিজৰ প্ৰতিৰক্ষা ক্ষমতাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে, কৌশলগত বিশ্ব অংশীদাৰিত্ব শক্তিশালী কৰিছে আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে ।’

কেন্দ্ৰীয় চৰকাৰে লিখিছে, ‘আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতি তেওঁৰ সংকল্পৰ পৰা অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰই আত্মনিৰ্ভৰ উদ্ভাৱনক আকোৱালি লৈ ব্যৱসায় আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ সাহসী দৃষ্টিভংগী আৰু শক্তিশালী ভাৰতৰ প্ৰতি অটল দায়বদ্ধতাৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতৰ আত্মবিশ্বাসী, নিৰ্ণায়ক আৰু সন্মানীয় বিশ্ব নেতা হিচাপে উত্থানৰ কাহিনী এয়া ।’  

লগতে পঢ়ক : বিদেশৰ পৰা উভতি অহা সৰ্বদলীয় প্ৰতিনিধি দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

বিদেশৰ পৰা উভতি অহা সৰ্বদলীয় প্ৰতিনিধি দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

সৰ্বদলীয় প্ৰতিনিধি দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সন্ধিয়া অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি প্ৰকাশ কৰিবলৈ বিশ্বৰ ভ্ৰমণ কৰা সৰ্বদলীয় প্ৰতিনিধি দলৰ সদস্যসকলক সাক্ষাৎ কৰে । সকলো সদস্যই নিজৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ সৈতে ভাগ-বতৰা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰতিনিধি দলৰ সদস্যসকলৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অৱশ্যে এই বৈঠকত সৰ্বদলীয় প্ৰতিনিধি দলৰ এগৰাকী সদস্য তথা সাংসদ আছাদুদ্দিন ওৱেইছি উপস্থিত নাছিল ।

প্ৰতিনিধি দলক প্ৰশংসা কেন্দ্ৰীয় চৰকাৰৰ-

ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ৫০ জনতকৈ অধিক ব্যক্তি, বেছিভাগেই কাৰ্যকৰী সাংসদৰে গঠিত সাতটা প্রতিনিধি দলৰ কামৰ প্রশংসা কৰে ৷ ৩৩খন বিদেশী ৰাষ্ট্ৰৰ ৰাজধানী আৰু ইউৰোপীয় সংঘ ভ্ৰমণ কৰা এই প্ৰতিনিধি দলসমূহৰ অংশ আছিল প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন কূটনীতিবিদসকলো ।

ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰতিনিধি দলসমূহক সাক্ষাৎ কৰি পাকিস্তানে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি প্ৰকাশৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাক শলাগ লৈছে ।

বিজেপিৰ দুই, জে ডি ইউৰ এক আৰু শিৱসেনাৰ এককে ধৰি শাসকীয় মিত্ৰজোঁটৰ সাংসদৰ চাৰিটা প্ৰতিনিধি দলৰ নেতৃত্বত কংগ্ৰেছ, ডি এমকে আৰু এন চি পি (এছ পি)ৰ এজনকৈ বিৰোধী সাংসদৰ নেতৃত্বত তিনিটা প্ৰতিনিধি দলৰ নেতৃত্বত উপস্থিত থাকে ।

বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদ আৰু বৈজয়ন্ত পাণ্ডা, কংগ্ৰেছৰ শশী থাৰুৰ, জে ডি ইউৰ সঞ্জয় ঝা, শিৱসেনাৰ শ্ৰীকান্ত শিন্দে, ডি এম কেৰ কানিমোঝি আৰু এন চি পি(এছ পি)ৰ সুপ্ৰিয়া ছুলেৰ নেতৃত্বত নিজ নিজ প্ৰতিনিধি দল বিশ্বৰ বিভিন্ন প্ৰান্তলৈ যায় ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা প্ৰেৰণৰ বাবে চৰকাৰে সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল, য’ত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ আৰু এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন ওৱেছিৰ দৰে নেতাই বিদেশত ভাৰতৰ হিতৰ বাবে শাসকীয় মিত্ৰজোঁটৰ সদস্যৰ সৈতে যোগ দিছিল । প্ৰতিনিধি দলসমূহৰ প্ৰাক্তন সাংসদসকলৰ ভিতৰত আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গুলাম নবী আজাদ আৰু ছলমান খুৰশ্বিদ ।

লগতে পঢ়ক : ‘যদি আক্ৰমণ হয় তেতিয়া আমি প্ৰত্যুত্তৰ দিম’; পাকিস্তানক সকিয়নী জয়শংকৰৰ