ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী; সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সম্পূৰ্ণ সমৰ্থন

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী

শনিবাৰে ব্ৰিটিছ বৈদেশিক মন্ত্ৰী ডেভিদ লেমীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৈঠকত তেওঁলোকে সন্ত্ৰাসবাদ আৰু ইয়াক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে নিৰ্ণায়ক বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । শনিবাৰে পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিবলৈ নতুন দিল্লীত উপস্থিত হয় লেমী । ব্ৰিটিছ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত তেওঁৰ দেশ ভাৰতৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে । লগতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে লেমীয়ে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ সফল সম্পাদনত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই মাইলৰ খুঁটিত উপনীত হ’বলৈ দুয়োপক্ষৰ গঠনমূলক সহযোগিতাৰ শলাগ লয় । বিবৃতিটোত কোৱা হৈছে যে দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে । লেমীয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, প্ৰযুক্তি, উদ্ভাৱন আৰু স্বচ্ছ শক্তিকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা আৰু অধিক বৃদ্ধিৰ বাবে ব্ৰিটেইনৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰে ।

এফ টি এয়ে দুয়োখন দেশৰ বাবে নতুন অৰ্থনৈতিক সুযোগ মুকলি কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে । বিবৃতিটোত আৰু কোৱা হৈছে যে দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত মত বিনিময় কৰে । ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও আলোচনাত মিলিত হয় লেমী । জয়শংকৰে কয়, ভাৰতে আশা কৰিছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতি ব্ৰিটেইনে বুজিব ।

ব্ৰিটিছ উচ্চায়ুক্তত দিয়া এক সাক্ষাৎকাৰত ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰী লেমীয়ে কয় যে যোৱা মাহৰ আৰম্ভণিতে দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ বাবে আলোচনা সম্পূৰ্ণ হৈছে । আমাৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে অতি শীঘ্ৰে ভাৰত ভ্ৰমণ কৰি মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিবলৈ আগ্ৰহী । দুয়োখন দেশে একেলগে বহু কাম কৰিব পাৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে বিশ্বৰ পঞ্চম আৰু ষষ্ঠ বৃহত্তম অৰ্থনীতিৰ মাজত ব্যৱসায়ৰ প্ৰসাৰৰ বিষয়েও আলোচনা কৰা হয় ।

লগতে পঢ়ক : জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কানাডালৈ যাব নৰেন্দ্ৰ মোদী ; প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে জনালে আমন্ত্ৰণ

বিশ্বৰ সৰ্বোচ্চ দলঙত  ত্ৰিৰংগা উৰুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে; পাকিস্তানক দিলে সকিয়নী

 ত্ৰিৰংগা উৰুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ ভ্ৰমণৰ বাবে উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি বিশ্বৰ সৰ্বোচ্চ ৰেল দলং চেনাব উদ্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

তেওঁ চেনাব দলংখন পৰিদৰ্শন কৰি নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতেও মত বিনিময় কৰে।ইয়াৰ পিছত একেটা ট্ৰেকতে নিৰ্মাণ কৰা অঞ্জি দলংখনো উদ্বোধন কৰে।

কেবল ষ্টেড প্ৰযুক্তিৰে নিৰ্মিত এইখন দেশৰ প্ৰথমখন ৰেল দলং।এই ঐতিহাসিক দলঙখনে কাশ্মীৰ উপত্যকাক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰাই নহয় অঞ্চলটোৰ বাণিজ্য, পৰ্যটন আৰু উদ্যোগিক বিকাশৰ ক্ষেত্ৰতো এক নতুন গতি প্ৰদান কৰিব।কাটৰা আৰু শ্ৰীনগৰ সংযোগী বন্দে ভাৰত এক্সপ্ৰেছতো ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীয়ে।

চেনাব ৰে’ল দলং উদ্ধোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে , “চেনাব দলং বিশ্বৰ সৰ্বোচ্চ ৰেলৱে তোৰণ দলং।এই দলংখন আইফেল টাৱাৰতকৈও ওখ”।

“এতিয়া মানুহে কেৱল চেনাব দলঙেৰে কাশ্মীৰ চাবলৈ যোৱাই নহয়, এই দলংখনো নিজৰ মাজতে এখন আকৰ্ষণীয় পৰ্যটন স্থলীত পৰিণত হ’ব”।

প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বাবে সহায়ৰ ঘোষণা কৰে। তেওঁ কয়, “গোলাবৰ্ষণৰ ফলত যিসকলৰ ঘৰসমূহ যথেষ্ট ক্ষতি হৈছে তেওঁলোকে ২ লাখ টকা পাব।যিবোৰ ঘৰৰ আংশিক ক্ষতি হৈছে সেইবোৰে ১ লাখ টকা পাব”।

প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক তীব্ৰ সমালোচনা কৰি কয়, ‘পাকিস্তানে পহলগামত মানৱতা আৰু কাশ্মীৰীয়ক প্ৰতাৰণা কৰিছে, দুয়োকে আক্ৰমণ কৰিলে’।

তেওঁলোকৰ উদ্দেশ্য আছিল ভাৰতত সংঘাত সৃষ্টি কৰা, কাশ্মীৰৰ কঠোৰ পৰিশ্ৰমী জনসাধাৰণৰ উপাৰ্জন বন্ধ কৰা,সেইবাবেই পাকিস্তানে পৰ্যটকক আক্ৰমণ কৰে।পাকিস্তানৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে থিয় দিছে জম্মু-কাশ্মীৰৰ জনসাধাৰণে’।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘পাকিস্তানৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ জনসাধাৰণে শক্তি প্ৰদৰ্শন কৰিছে।সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদী মানসিকতাক প্ৰত্যোত্তৰ দিছে জম্মু-কাশ্মীৰৰ ৰাইজে’।

‘উপত্যকাৰ বিদ্যালয়সমূহো জ্বলাই দিছে সন্ত্ৰাসবাদীয়ে। আমাৰ চুবুৰীয়া দেশখন মানৱতা আৰু সম্প্ৰীতিৰ বিৰোধী।সেইখন এনেকোৱা এখন দেশ যিয়ে দুখীয়াৰ জীৱিকাৰ বিৰোধিতা কৰে’।

লগতে পঢ়ক: আধৰুৱা হৈ ৰ’ল জাপানৰ চন্দ্ৰ মিছন; লেণ্ডিঙৰ সময়ত ধ্বংস হ’ল মুন লেণ্ডাৰ

পহলগাম কাণ্ডৰ পিছত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী মোদীৰ জম্মু ভ্ৰমণ; উদঘাটন কৰিব ‘চেনাব ৰে’ল দলং’

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ‘চেনাব ৰে’ল দলং’

আজি জম্মু-কাশ্মীৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।তাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে দেশক বহু উপহাৰ দিব। তেওঁ প্ৰথমে চেনাব নদীত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং ‘চেনাব ৰে’ল দলং’ দেশৰ বাবে উৎসৰ্গা কৰিব।

এই ঐতিহাসিক চেনাব ৰে’ল দলঙে কাশ্মীৰ উপত্যকাক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰাই নহয় অঞ্চলটোৰ বাণিজ্য, পৰ্যটন আৰু উদ্যোগিক বিকাশৰ ক্ষেত্ৰতো এক নতুন গতি প্ৰদান কৰিব।প্ৰধানমন্ত্ৰীয়ে আঞ্জি দলং উদ্বোধন কৰিব, এইখন হ’ব ভাৰতৰ প্ৰথমখন কেবল ষ্টেড ৰে’ল দলং।

চেনাব দলং উধামপুৰ-শ্ৰীনগৰ-বৰামুল্লা ৰে’ল লিংক প্ৰকল্পৰ অংশ, যিটো ভাৰতৰ আটাইতকৈ অভিলাষী ৰে’ল প্ৰকল্প।

এই দলং খন চেনাব নদীৰ ওপৰত ১৩১৫ মিটাৰ দীঘল আৰু নদীখনৰ তলৰ পৰা ৩৫৯ মিটাৰ উচ্চতাত অৱস্থিত। এই উচ্চতা দিল্লীৰ কুতুব মিনাৰতকৈ ৫ গুণ বেছি আৰু পেৰিছৰ আইফেল টাৱাৰতকৈও বেছি।

এই দলঙৰ মূল তোৰণ ৪৬৭ মিটাৰ দীঘল আৰু ইয়াক ২৮ হাজাৰ মেট্ৰিক টন তীখাৰ পৰা তৈয়াৰ কৰা হৈছে।

চেনাব দলং নিৰ্মাণৰ বাবে বিশেষ কেবল ক্ৰেনৰ ব্যৱহাৰ কৰা হৈছিল, যিটো ভাৰতীয় ৰে’লৱেত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

৯১৫ মিটাৰ বহল খাদটোৰ ওপৰেৰে সামগ্ৰী কঢ়িয়াই নিবলৈ এই ব্যৱস্থাটো ১০০ মিটাৰ উচ্চতাৰ পাইলনত থিয় হৈ আছে এই দলংখন ২৬৬ কিলোমিটাৰ প্ৰতি ঘণ্টাত প্ৰচণ্ড বতাহ আৰু ভূমিকম্পৰ দৰে প্ৰাকৃতিক প্ৰত্যাহ্বান সহ্য কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল। ই অভিযান্ত্ৰিকতাৰ এক অবিশ্বাস্য উদাহৰণ, যিয়ে ভাৰতৰ প্ৰযুক্তিগত শক্তি দেখুৱাইছে।

চেনাব দলং মুকলি হোৱাৰ লগে লগে কি পৰিৱৰ্তন হ’ব? চেনাব দলং মুকলি কৰাৰ পিছত কাটৰা আৰু শ্ৰীনগৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছেৰে যাত্ৰাৰ সময় মাত্ৰ ৩ ঘণ্টালৈ হ্ৰাস কৰা হ’ব, যিটো বৰ্তমান ৫-৬ ঘণ্টা।ইয়াৰ লগে লগে কাশ্মীৰক ৰে’লপথেৰে দেশৰ বাকী অংশৰ সৈতেও সংযোগ কৰা হ’ব।

লগতে পঢ়ক: ৰাছিয়াৰ মিছন প্ৰতিশোধ; ড্ৰোন-ক্ৰুজ-বেলিষ্টিক মিছাইলেৰে ইউক্ৰেইনক আক্ৰমণ

গুলীৰ উত্তৰ গোলাৰে দিয়া হ’ব… ভূপালৰ পৰা পাকিস্তানক সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানক সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ

ভূপালত লোকমাতা অহিল্যাবাই মহিলা সশক্তিকৰণ কাৰ্যসূচীত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কন্যাসকলৰ বাবে কৰা উন্নয়নমূলক কামৰ কথা উল্লেখ কৰে । পহলগাম আক্ৰমণত কন্যাৰ সেন্দুৰ মচি পেলোৱা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ হোৱা অপাৰেচন সিন্দুৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদীয়ে নাৰী শক্তিক প্ৰত্যাহ্বান জনাইছিল । এই প্ৰত্যাহ্বান সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকৰ বাবে কাল হৈ পৰিল ।

তেওঁ কয় যে, অপাৰেচন সিন্দুৰ হৈছে ভাৰতৰ ইতিহাসত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা আটাইতকৈ ডাঙৰ আৰু সফল অভিযান । য’ত পাকিস্তানী সেনাই ভাবিবও পৰা নাছিল, তাত আমাৰ সেনাই সন্ত্ৰাসবাদীৰ আত্মগোপন কৰা ঠাইবোৰ ধ্বংস কৰে । শ কিলোমিটাৰ ভিতৰলৈ সোমাই গৈ সন্ত্ৰাসবাদীক মাটিৰ লগত মিলাই দিয়ে ।

অপাৰেচন সিন্দুৰে স্পষ্টকৈ উল্লেখ কৰিছে যে সন্ত্ৰাসবাদীৰ জৰিয়তে ছাঁয়া যুদ্ধ নচলিব । আমি ঘৰত সোমাই হত্যা কৰিম আৰু সন্ত্ৰাসবাদীক সহায় কৰা সকলে তাৰ বাবে ডাঙৰ মূল্য ভৰিব লাগিব । প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া ভাৰতৰ প্ৰতিজন নাগৰিকে কৈছে যে যদি আপুনি গুলী চলায় তেন্তে ধৰি লওক যে গুলীৰ উত্তৰ গোলাৰে দিয়া হ’ব ।

সিন্দুৰ এতিয়া ভাৰতৰ বীৰত্বৰ প্ৰতীক হৈ পৰিছে-

প্ৰধানমন্ত্ৰী মোদীয়ে দেৱী অহিল্যাবাই হোলকাৰৰ জন্ম বাৰ্ষিকী কাৰ্যসূচীত মহিলাৰ বাবে কৰা চৰকাৰী কামৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে সেয়া তেওঁলোকৰ বেংক একাউণ্টেই হওক বা তেওঁলোকক শক্তিশালী কৰাৰ আঁচনি হওক । চৰকাৰে এই দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ভূপালৰ পৰা ড্ৰোন দিদি অভিযানৰ বিষয়ে সমগ্ৰ দেশক জনায় । সিন্দুৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদিয়ে কয় যে ৰাম ভক্তিত নিমজ্জিত হনুমান জীয়েও সিন্দুৰ ধাৰণ কৰিছে । এই সিন্দুৰ এতিয়া ভাৰতৰ বীৰত্বৰ প্ৰতীক হৈ পৰিছে । পহলগামত সন্ত্ৰাসবাদীয়ে কেৱল ভাৰতীয়ৰ তেজ বোৱাই নহয় আমাৰ সংস্কৃতিক আক্ৰমণ কৰি সমাজখনক বিভাজিত কৰাৰ চেষ্টা চলাইছিল ।

দৃঢ় সংকল্প থাকিলে ফলাফল লাভ কৰিব পৰা যায়-

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেৱী অহিল্যাবাই হোলকাৰৰ নাম শুনি মনত শ্ৰদ্ধাৰ অনুভূতি উদ্ভৱ হয় । তেওঁৰ  মহান ব্যক্তিত্বৰ বিষয়ে ক’বলৈ শব্দৰ অভাৱ । যেতিয়া ইচ্ছাশক্তি আৰু শক্তিশালী সংকল্প থাকে, পৰিস্থিতি যিমানেই প্ৰতিকূল নহওক কিয়, ফলাফল লাভ কৰিব পৰা যায়- তেওঁ এই কথাৰ প্ৰতীক । আঢ়ৈ-তিনিশ বছৰৰ আগতে যেতিয়া দেশখন দাসত্বৰ শিকলিত আছিল, তেতিয়া ইমান ডাঙৰ কাম কৰা, যি আগন্তুক বহু প্ৰজন্মই ক’ব, ক’বলৈ সহজ যদিও কৰাটো সহজ নাছিল । লোকমাতা অহিল্যাবাই কেতিয়াও ভগৱানৰ সেৱা আৰু জনসাধাৰণৰ সেৱাক বেলেগ বুলি গণ্য কৰা নাছিল ।

লগতে পঢ়ক : ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ; ভৰি চুই ললে আশীৰ্বাদ

এইবাৰ সকলো কেমেৰাত, যাতে কোনেও প্ৰমাণ নিবিচাৰে… গুজৰাটত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধীনগৰত স্পষ্ট বাৰ্তা দি কয়- আমি সিদ্ধান্ত লৈছো যে আমি সন্ত্ৰাসবাদৰ কাঁইট আঁতৰাইহে এৰিম । গুলীৰ উত্তৰ গুলীৰে, ইটাৰ উত্তৰ শিলেৰে দিয়া হ’ব । অপাৰেচন সিন্দুৰৰ জৰিয়তে আমি ২২ মিনিটত PoK ত ৯ টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিলোঁ আৰু এইবাৰ কেমেৰাৰ সন্মুখত সকলো ঘটিল । যাতে কোনেও প্ৰমাণ নিবিচাৰে… আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাম । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া পাকিস্তানক কঠোৰ সতৰ্কবাণী প্ৰদান কৰে । তেওঁ স্পষ্ট কৰি দিয়ে যে আমি কাৰো লগত শত্ৰুতা নিবিচাৰো । সিন্ধু জল সন্ধি স্থগিত ৰখাটো আমাৰ ইচ্ছাকৃত যুদ্ধ কৌশল ।

ভাৰতক যুদ্ধত পৰাস্ত কৰিব নোৱাৰে-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘৭৫ বছৰ ধৰি আমি সন্ত্ৰাসবাদৰ সন্মুখীন হ’লোঁ আৰু যেতিয়া পাকিস্তানৰ সৈতে যুদ্ধৰ প্ৰয়োজনীয়তা আহিল, তিনিওটা সময়তে ভাৰতীয় সামৰিক শক্তিয়ে পাকিস্তানক পৰাস্ত কৰিলে আৰু পাকিস্তানে বুজিলে যে যুদ্ধত ভাৰতক পৰাস্ত কৰিব নোৱাৰে আৰু সেয়েহে ছাঁয়া যুদ্ধ আৰম্ভ কৰিলে । সামৰিক প্ৰশিক্ষণ হয়, সামৰিক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদীক ভাৰতলৈ পঠিয়াই নিৰীহ লোকক লক্ষ্য কৰি লোৱা হয় । তেওঁলোকে য’তেই সুযোগ পাইছিল তাতেই আক্ৰমণ কৰি থাকিল আৰু আমি সহ্য কৰি থাকিলোঁ… আমি এতিয়া এইটো সহ্য কৰা উচিত নেকি ?  গুলীৰ উত্তৰ গুলীৰে দিব লাগেনে ?  ইটাৰ উত্তৰ শিলেৰে দিব লাগেনে ?

যেতিয়া আমাৰ শক্তিক বাৰে বাৰে প্ৰত্যাহ্বান জনোৱা হয়…

ভাৰতৰ বৈদেশিক নীতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘বন্ধুসকল, এই দেশখনে বসুধৈৱ কুটুম্বকমৰ মহান সাংস্কৃতিক পৰম্পৰাক আগুৱাই লৈ গৈছে… এয়াই আমাৰ সংস্কৃতি, আমাৰ চৰিত্ৰ… আমি সমগ্ৰ বিশ্বক এটা পৰিয়াল হিচাপে গণ্য কৰোঁ । আমি আমাৰ ওচৰ-চুবুৰীয়াৰ বাবেও সুখ বিচাৰো । তেওঁলোক সুখেৰে জীয়াই থাকক আৰু আমিও সুখেৰে জীয়াই থাকো । কিন্তু যেতিয়া আমাৰ শক্তিক বাৰে বাৰে প্ৰত্যাহ্বান জনোৱা হয়, তেতিয়া এই দেশখনো বীৰৰ ভূমি । আজিলৈকে আমি ইয়াক ছাঁয়া যুদ্ধ বুলি কৈছিলো, ৬ মে’ৰ পিছত যিবোৰ দৃশ্য দেখা গৈছিল… তাৰ পিছত তেওঁলোকে ইয়াক ছাঁয়া যুদ্ধ বুলি কোৱাৰ ভুল কৰিব নোৱাৰে ।

সন্ত্ৰাসবাদীৰ কফিনত পাকিস্তানী পতাকা ৰখা হৈছিল-

অপাৰেচন সিন্দুৰৰ সেই নিশাটো সোঁৱৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘যেতিয়া ২২ মিনিটত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান চিনাক্ত কৰি ধ্বংস কৰা হৈছিল আৰু এইবাৰ কেমেৰাৰ সন্মুখত সকলো কাম কৰা হৈছিল । এইবাৰ আমি সকলো ব্যৱস্থা কৰি লৈছিলোঁ যাতে কোনেও আমাক প্ৰমাণ নিবিচাৰে । মই এই কথা কৈছো কাৰণ ৬ মে’ৰ পিছত নিহত হোৱা সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাক পাকিস্তানে ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰিছিল । সন্ত্ৰাসবাদীৰ কফিনত পাকিস্তানী পতাকা ৰখা হৈছিল । তেওঁলোকৰ সেনাই সন্ত্ৰাবাদীক চেলুট দিলে আৰু ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে এয়া ছাঁয়া যুদ্ধ নহয় কিন্তু ই এক সুচিন্তিত নীতি আৰু আপুনি যুদ্ধ কৰি আছে । গতিকে ইয়াৰো উত্তৰ এনেদৰেই পাব ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, শৰীৰ যিমানেই সুস্থ নহওক কিয়, কাঁইটে বিন্ধিলে সমগ্ৰ শৰীৰত অশান্তি হৈয়েই থাকে । গতিকে আমি সিদ্ধান্ত লৈছো যে আমি সেই কাঁইট আঁতৰাই পেলাম । ১৯৪৭ চনত ভাৰত মাতৃক টুকুৰা টুকুৰকৈ বিভক্ত কৰা হয় । দেশ তিনিটা ভাগত বিভক্ত হৈ সেই নিশাই কাশ্মীৰৰ মাটিত প্ৰথম সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় । সন্ত্ৰাসবাদীৰ সহায়ত পাকিস্তানে ভাৰত মাতৃৰ এটা অংশ দখল কৰিছিল, মুজাহিদীনৰ নামত । যদি সেইদিনা এই মুজাহিদীনক হত্যা কৰা হ’লহেঁতেন আৰু চৰ্দাৰ পেটেলৰ পৰামৰ্শ গ্ৰহণ কৰা হ’লহেঁতেন তেন্তে যোৱা ৭৫ বছৰ ধৰি চলি থকা এই ধাৰাবাহিক (সন্ত্রাসবাদী কাণ্ড) দেখা নগ’লহেতেন ৷’

তেওঁ পুনৰ কয় যে, অপাৰেচন সিন্দুৰৰ পিছত নিহত সন্ত্ৰাসবাদীৰ মৃতদেহক পাকিস্তানত ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হয় । তেওঁলোকৰ কফিনত পাকিস্তানৰ পতাকা ৰখা হৈছিল আৰু তাত থকা সেনাই তেওঁলোকক চেলুট দিছিল । ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে সন্ত্ৰাসবাদী কাৰ্যকলাপ ছাঁয়া যুদ্ধ নহয়, এয়া পাকিস্তানৰ সুচিন্তিত যুদ্ধ কৌশল, আপুনি যুদ্ধ যুঁজি আছে, গতিকে আপুনি একে সঁহাৰি পাব ।

লগতে পঢ়ক : ‘ধ্বংস অনিবাৰ্য…’ গুজৰাটৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

‘আমি আমাৰ ব্ৰেণ্ড, মেড ইন ইণ্ডিয়াক লৈ গৌৰৱ কৰা উচিত’… গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

দুদিনীয়া গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দুটা দশকত গুজৰাটত কৰা সংস্কাৰৰ সৈতে জড়িত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই সময়ত গান্ধী নগৰৰ মহাত্মা মন্দিৰত ৫,৫৩৬ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি আমাৰ দেশৰ ব্ৰেণ্ডক লৈ গৌৰৱ কৰা উচিত । আমি মেক ইন ইণ্ডিয়াক লৈ গৌৰৱ কৰা উচিত । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি আমাৰ বেছিভাগ প্ৰয়োজনৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছো । কিন্তু এইবোৰ বস্তু এতিয়া দেশতে উপলব্ধ । আমাৰ প্ৰয়োজনীয় আৰু ভাল সামগ্ৰীৰ ৯০% তকৈ অধিক দেশতে উপলব্ধ । আমি সেইবোৰ ব্যৱহাৰ কৰা উচিত ।

কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মোৰ মনত আছে যে আমি ষষ্ঠ স্থানৰ পৰা পঞ্চম স্থানলৈ গতি কৰি উদযাপন কৰিছিলো । এই মুহূৰ্তটো বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল, কিয়নো আমি ২৫০ বছৰ ধৰি আমাক শাসন কৰা একেখন দেশক অতিক্ৰম কৰিলো । এতিয়া আমি চতুৰ্থ স্থানত উপনীত হোৱাৰ লগে লগে তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ হেঁচা বাঢ়িছে । তাতকৈও অধিক দৃঢ়তাৰ প্ৰয়োজন । এই দেশখনে আৰু ৰৈ থাকিব নিবিচাৰে । কোনোবাই যদি আমাক ধৈৰ্য্য ধৰিব লাগে বুলি পৰামৰ্শ দিয়ে তেন্তে ‘মোদী হায় তোহ মোমকিন হায়’ বুলি কোৱা মাত শুনা যায় । গতিকে আমাৰ স্পষ্ট লক্ষ্য ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা ।‘

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৪ চনৰ ২৬ মে’ত মই প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ সুযোগ পাইছিলোঁ । সেই সময়ত ভাৰতৰ অৰ্থনীতি বিশ্বৰ ১১ নম্বৰ স্থানত আছিল । এই সময়ছোৱাত আমি কৰ’নাৰ বিৰুদ্ধে যুঁজিছিলো আৰু লগতে ওচৰ-চুবুৰীয়াৰ পৰাও বিপদৰ সন্মুখীন হৈছিলো । প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈও আমি ইমান কম সময়ৰ ভিতৰতে ১১ নং বৃহত্তম অৰ্থনীতিৰ পৰা ৪ৰ্থ বৃহত্তম অৰ্থনীতিলৈ গতি কৰিবলৈ সক্ষম হ’লোঁ । প্ৰধানমন্ত্ৰীয়ে কয় যে আমি উন্নয়ন বিচাৰো, আমি প্ৰগতি বিচাৰো । প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ লক্ষ্য হৈছে… ২০৪৭ চনত ভাৰতৰ বিকাশ হ’ব লাগিব । আমি স্বাধীনতাৰ ১০০ বছৰ এনেদৰে উদযাপন কৰিম যাতে উন্নত ভাৰতৰ পতাকা বিশ্বত সগৌৰৱে উৰি থাকিব ।”

লগতে পঢ়ক : জাপানক অতিক্ৰমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিত পৰিণত হ’ল ভাৰত…

‘ৰুটী নে গুলী…’ ভূজৰ পৰা পাকিস্তানক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানক কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

গুজৰাটৰ ভূজত এখন জন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক শক্তিশালী ভাষণ প্ৰদান কৰে । তেওঁ কয় যে ভাৰতে পৰ্যটনত বিশ্বাস কৰে কাৰণ পৰ্যটনে মানুহক সংযোগ কৰে আৰু বহুজাতিক বন্ধুত্বক শক্তিশালী কৰে । এই সভাৰ পৰাই তেওঁ পাকিস্তানক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে । তেওঁ পাকিস্তানৰ কঠোৰ সকিয়নী দি কয় যে, “পাকিস্তানে সন্ত্ৰাসবাদক পৰ্যটন বুলি গণ্য কৰে, যিটো সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ ভাবুকি” আৰু “অপাৰেচন সিন্দুৰ হৈছে সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ এক অভিযান ।”

কচ্চৰ উন্নয়ন সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পূৰ্বতে কচ্চৰ যিকোনো মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ভাষণ পাকিস্তানৰ পৰা আৰম্ভ হৈ শেষ হৈছিল যদিও তেওঁ ২০০১ চনত সিদ্ধান্ত লৈছিল যে তেওঁ এই বিষয়ত সময় নষ্ট নকৰে বৰঞ্চ কচ্চৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিব যাতে পাকিস্তানে ঈৰ্ষা কৰে । তেওঁ কয়, “আমি এনেকুৱা এক কচ্চ সৃষ্টি কৰিছো যে ইয়াৰ বিকাশ দেখি শত্ৰুৱে ঈৰ্ষা কৰে ।”

অপাৰেচন সিন্দুৰৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদৰ অন্ত পেলোৱা !

প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীল নীতিৰ কথা উল্লেখ কৰি পাকিস্তানক কঠোৰ বাৰ্তা দি কয় যে, “যিয়ে আমাৰ তেজ বোৱাবলৈ চেষ্টা কৰিব তেওঁলোকক তেওঁলোকৰ নিজৰ ভাষাত উত্তৰ দিয়া হ’ব । ভাৰতৰ বিৰুদ্ধে চকু উঠোৱা সকলে মূল্য দিব লাগিব ।” লগতে তেওঁ অপাৰেচন সিন্দুৰৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে এই অভিযানৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদ নিৰ্মূল আৰু মানৱতাক ৰক্ষা কৰা ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২২ মে’ৰ পিছত তেওঁ চেষ্টাত কোনো ত্ৰুটি ৰখা নাছিল । আনকি তেওঁ বিহাৰত মুকলিকৈ ঘোষণা কৰিছিল যে তেওঁ সন্ত্ৰাসবাদৰ আত্মগোপন স্থানসমূহ নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ কয় যে ১৫ দিন অপেক্ষা কৰাৰ পিছত যেতিয়া পাকিস্তানে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল তেতিয়া সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছিল । শ কিলোমিটাৰ দূৰলৈ গৈ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰে ভাৰতীয় সেনাই ।

পাকিস্তানী এয়াৰবেছ এতিয়াও আই চি ইউত!

প্ৰধানমন্ত্ৰীয়ে কয় যে ১৯৭১ চনৰ যুদ্ধত ভূজ বিমান ঘাটিত পাকিস্তানী সেনাই আক্ৰমণ কৰিছিল যদিও আমাৰ সাহসী মহিলাসকলে ইয়াৰ মুখামুখি হৈছিল । লগতে তেওঁ কয় যে ভাৰতীয় সেনাই সেই আক্ৰমণৰ প্ৰত্যুত্তৰ ইমান শক্তিৰে দিছিল যে পাকিস্তানৰ বিমান ঘাটিসমূহ এতিয়াও আই চি ইউত আছে ।

পাকিস্তানক কঠোৰ বাৰ্তা-

প্ৰধানমন্ত্ৰী মোদীয়ে কচ্চৰ পৰা পাকিস্তানৰ জনসাধাৰণক আহ্বান জনাই যে যদি সন্ত্ৰাসবাদ ত্যাগ নকৰে তেন্তে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰত পৰিব । তেওঁ পাকিস্তানৰ যুৱক-যুৱতীসকলক বুজাবলৈ চেষ্টা কৰে যে সন্ত্ৰাসবাদ পাকিস্তানৰ বাবে ধ্বংসাত্মক ।

লগতে পঢ়ক : ‘ধ্বংস অনিবাৰ্য…’ গুজৰাটৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

‘ধ্বংস অনিবাৰ্য…’ গুজৰাটৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

গুজৰাটৰ দহোদত প্ৰধানমন্ত্ৰী মোদীয়ে ইঞ্জিন নিৰ্মাণ কাৰখানাকে ধৰি ২৪ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে । অপাৰেচন সিন্দুৰৰ সফলতাৰ পিছত এইটোৱেই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গুজৰাট ভ্ৰমণ য’ত তেওঁ নিজৰ ৰাজ্যখনক হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূল প্ৰকল্প উপহাৰ দিয়ে ।

গুজৰাটত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে বদোদৰা আৰু দহোদত ৰোড শ্ব’ অনুষ্ঠিত কৰে, এই ৰোড শ্ব’ত জনসাধাৰণৰ বিপুল ভিৰ পৰিলক্ষিত হয় । তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে দহোদত জনসভা সম্বোধন কৰে । এই সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে ‘অপাৰেচন সিন্দুৰ’ৰ কথা উল্লেখ কৰে । তেওঁ কয় যে সেন্দুৰ মচি পেলোৱাসকলৰ ধ্বংস নিশ্চিত । এয়া কেৱল সামৰিক অভিযান নহয়; বৰঞ্চ ই আমাৰ ভাৰতীয়সকলৰ মূল্যবোধ আৰু আৱেগৰ প্ৰকাশ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মোদীয়ে তিনিও সেনাক স্বতন্ত্ৰতা দিছিল আৰু আমাৰ সাহসী জোৱানসকলে যি কাম কৰিলে, যিটো কাম বিগত কেইবাটাও দশকত বিশ্বই দেখা নাছিল । আমি সীমান্তৰ সিপাৰে চলি থকা ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান বিচাৰি ওলিয়ালো আৰু ২২ তাৰিখে তেওঁলোকে যি খেল খেলিছিল ৬ তাৰিখে নিশা ২২ মিনিটত সেয়া ধ্বংস কৰা হ’ল । যেতিয়া ভাৰতৰ এই কাৰ্যত পাকিস্তানী সেনাই দিগবিদিক হেৰুৱাই দুঃসাহস দেখুৱালে, তেতিয়া আমাৰ সামৰিক বাহিনীয়ে পাকিস্তানী সেনাকো পৰাস্ত কৰিলে ।

তেওঁ কয় যে বিভাজনৰ পাছত নৱগঠিত দেশখনৰ এটাই লক্ষ্য আছিল– ভাৰতক ঘৃণা কৰি আমাৰ প্ৰগতি ৰোধ কৰিবলৈ চেষ্টা কৰা, কিন্তু আমাৰ এটাই লক্ষ্য আছে- আগবাঢ়ি যোৱা, দৰিদ্ৰতা দূৰ কৰা আৰু এখন উন্নত ভাৰত গঢ়ি তোলা । সঁচা অৰ্থত উন্নত ভাৰত তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আমাৰ সশস্ত্ৰ বাহিনী শক্তিশালী হ’ব আৰু আমাৰ অৰ্থনীতিও শক্তিশালী হ’ব । আমি সম্পূৰ্ণ নিষ্ঠা আৰু দৃঢ়তাৰে সেই দিশত অহৰহ কাম কৰি আছো ।

ইয়াৰ পূৰ্বে ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি ২৬ মে’ । ২০১৪ চনৰ আজিৰ তাৰিখতে মই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো । প্ৰথমে গুজৰাটৰ ৰাইজে আশীৰ্বাদ দিলে, তাৰ পিছত কোটি কোটি ভাৰতীয়ই আশীৰ্বাদ দিলে ।

তেওঁ কয় যে আপোনালোক সকলো গুজৰাটবাসীয়ে মোক প্ৰচুৰ আশীৰ্বাদ দিলে আৰু পিছত দেশৰ কোটি কোটি লোকেও মোক আশীৰ্বাদ দিবলৈ কোনো কাৰ্পণ্য কৰা নাছিল । আপোনালোকৰ আশীৰ্বাদৰ শক্তিৰে মই দিনে নিশাই দেশবাসীৰ সেৱাত নিয়োজিত হৈ থাকিলোঁ । এই বছৰবোৰত দেশে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে যিবোৰ কল্পনাও কৰিব নোৱাৰা আৰু অভূতপূৰ্ব । এই বছৰবোৰত দেশখনে দশক পুৰণি বাধা অতিক্ৰম কৰিছে । প্ৰতিটো খণ্ডতে দেশখনে অগ্ৰগতি লাভ কৰিছে ।

লগতে পঢ়ক : কামত নাহিব পৰমাণু বোমাৰ ভাবুকি… পাকিস্তানক পুনৰ সকীয়নি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে !

আমি সন্ত্ৰাসবাদৰ নিঃশেষ কৰিবই লাগিব… ‘মন কি বাত’ত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

মন কি বাত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ ১২২ সংখ্যক খণ্ডত সন্ত্ৰাসবাদৰ কথা উল্লেখ কৰে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হোৱা দেশবাসীক প্ৰশংসা কৰে । তেওঁ আৰু কয় যে আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব সেয়া আমাৰ সংকল্প ।

‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত, ক্ষোভেৰে ভৰা আৰু দৃঢ়প্ৰতিজ্ঞ । আজি প্ৰতিজন ভাৰতীয়ৰ সংকল্প আছে যে আমি সন্ত্ৰাসবাদৰ অন্ত পেলাবই লাগিব । বন্ধুসকল, ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত আমাৰ বাহিনীয়ে যি বীৰত্ব দেখুৱাইছে, সেই বীৰত্বই প্ৰতিজন হিন্দুস্তানীক গৌৰৱান্বিত কৰি তুলিছে । যি বিশুদ্ধতা, যি সঠিকতাৰে আমাৰ বাহিনীয়ে সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহ ধ্বংস কৰিছে সেয়া আচৰিত ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “‘অপাৰেচন সিন্দুৰ’এ সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন আত্মবিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে । ‘অপাৰেচন সিন্দুৰ’ কেৱল সামৰিক অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তনশীল ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশখনকে দেশপ্ৰেমমূলক অনুভূতিৰে ভৰাই তুলিছে ।”

ত্ৰিৰংগা যাত্ৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

‘মন কি বাত’তত্ৰিৰংগা যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনালোকে নিশ্চয় দেখিছে যে দেশৰ বহু চহৰ, গাঁও আৰু সৰু চহৰত ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা হৈছিল । হাতত ত্ৰিৰংগা লৈ হাজাৰ হাজাৰ লোক ওলাই আহি দেশৰ সেনাবাহিনীক প্ৰণাম, অভিনন্দন জনাইছিল । বহু চহৰত বৃহৎ সংখ্যক যুৱক-যুৱতী একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হ’ল আৰু আমি দেখিলোঁ যে চণ্ডীগড়ৰ ভিডিঅ’বোৰ ভাইৰেল হৈ পৰিল । ছ’চিয়েল মিডিয়াত কবিতা লিখা হৈছিল, সংকল্প গীত গোৱা হৈছিল । সৰু ল’ৰা-ছোৱালীয়ে এনেকুৱা ছবি আঁকিছিল য’ত ডাঙৰ ডাঙৰ বাৰ্তা লুকুই আছিল ।”

‘অপাৰেচন সিন্দুৰ’এ মানুহক গভীৰভাৱে প্ৰভাৱিত কৰিছিলঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে বিকানেৰ ভ্ৰমণৰ সময়ত শিশুৰ সৈতে হোৱা সাক্ষাৎৰ কথাও উল্লেখ কৰে । তেওঁ কয়, “মই মাত্ৰ তিনিদিন পূৰ্বে বিকানেৰলৈ গৈছিলো । তাত শিশুসকলে মোক উপহাৰ দিছিল একেধৰণৰ এখন ছবি । ‘অপাৰেচন সিন্দুৰ’এ দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংশ কৰি তুলিছে । বিহাৰৰ কাটিহাৰ, উত্তৰ প্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ছোৱাত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছে ।”

লগতে পঢ়ক : ‘কোনো লক্ষ্য অসম্ভৱ নহয়…’ নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদী