‘অহা ২৪-৩৬ ঘন্টাত সামৰিক ব্যৱস্থাৰ পৰিকল্পনা কৰিছে ভাৰতে’… প্ৰতি মুহূৰ্ততে শংকিত হৈ পৰিছে পাকিস্তান

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ধাৰাবাহিকভাৱে উত্তেজনা বৃদ্ধি পাইছে । লগে লগে ভাৰতে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বাবে এতিয়া পাকিস্তানত আতংকৰ সৃষ্টি হৈছে । এই বাবেই গভীৰ নিশা প্ৰায় ১.৩০ বজাত পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে এক সংবাদমেল অনুষ্ঠিত কৰে । ইয়াৰ মাজতে তেওঁ দাবী কৰে যে আমি নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্য লাভ কৰিছো, যিয়ে ভাৰতে আগন্তুক ২৪ৰ পৰা ৩৬ ঘণ্টাত সামৰিক আক্ৰমণ চলাব পাৰে বুলি ইংগিত দিছে ।

মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজৰ বাবে সশস্ত্ৰ বাহিনীক স্বতন্ত্ৰতা দিয়াৰ সময়তে এই বক্তব্য প্ৰকাশ কৰিছে ভয়াতুৰ পাকিস্তানে ।

পাকিস্তানৰ তথ্য মন্ত্ৰী তাৰাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত লিখিছে যে পহলগাম কাণ্ডক ভুৱা অজুহাত দেখুৱাই ভাৰতে অহা ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত সামৰিক আক্ৰমণ চলাব পাৰে বুলি পাকিস্তানৰ বিশ্বাসযোগ্য চোৰাংচোৱা তথ্য আছে ।

তাৰাৰে কয় যে যিকোনো আক্ৰমণাত্মক কাৰ্য্যৰ প্ৰতি নিৰ্ণায়ক সঁহাৰি দিয়া হ’ব । তেওঁ কয় যে পাকিস্তান নিজেই সন্ত্ৰাসবাদৰ বলি হৈ আহিছে আৰু এই সংকটৰ যন্ত্ৰণা সঁচা অৰ্থত বুজি পাইছে । আমি এই কথা পৃথিৱীত সদায় গৰিহণা দি আহিছো । তাৰাৰে কয় যে পাকিস্তানে সত্য উন্মোচনৰ বাবে বিশেষজ্ঞৰ নিৰপেক্ষ আয়োগৰ দ্বাৰা বিশ্বাসযোগ্য, স্বচ্ছ আৰু স্বতন্ত্ৰ তদন্তৰ প্ৰস্তাৱ সম্পূৰ্ণ হৃদয়েৰে আগবঢ়াইছে । পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়কো পৰিস্থিতিৰ গভীৰতাক স্বীকাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে আমি যিকোনো মূল্যৰ বিনিময়ত পাকিস্তানৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সুৰক্ষিত কৰাৰ সংকল্প পুনৰবাৰ প্ৰকাশ কৰিছো ।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ক’লে- আমি হাই এলাৰ্টত আছো

ৰয়টাৰৰ মতে, ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কৈছিল যে পাকিস্তান হাই এলাৰ্টত আছে যদিও দেশখনৰ অস্তিত্বৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি আহিলেহে পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব ।

ভাৰতে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ-

উল্লেখ্য যে ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে পহলগাম হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিটো সন্ত্ৰাসবাদী আৰু সমৰ্থকক চিনাক্ত, অনুসন্ধান আৰু শাস্তি প্ৰদান কৰিব । ইয়াৰ লগতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাৰ লগতে সিন্ধু জল সন্ধি স্থগিত ৰাখি আট্টাৰী-ৱাঘা সীমান্ত বন্ধ কৰি দিছে ।

ভাৰতত বন্ধ হ’ল পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্ট…

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ বিৰুদ্ধে ভাৰতত বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ভাৰতত তেওঁৰ এক্স একাউণ্ট ব্লক কৰা হৈছে ।

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰতক লৈ তেওঁ অহৰহ বিভিন্ন বক্তব্য দি আছিল । ভাৰতৰ সৈতে সম্ভাৱ্য যুদ্ধ সন্দৰ্ভত বহু সাক্ষাৎকাৰত বিতৰ্কিত বক্তব্যও দিছে তেওঁ ।

ৰয়টাৰৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কৈছিল যে আমি আমাৰ বাহিনীৰ শক্তি আৰু অধিক বৃদ্ধি কৰিছো কাৰণ যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । তেওঁৰ বক্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে । আছিফে নিজেই কয় যে তেওঁৰ বক্তব্য বিকৃত কৰা হৈছে ।

খোৱাজা আছিফে কৈছিল যে পাকিস্তান হাই এলাৰ্টত আছে । আমাৰ অস্তিত্বৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি আহিলেহে আমি আমাৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিম । যুদ্ধ হ’লে আমিও তাৰ বাবে মানসিকভাৱে সাজু হৈ থাকোঁ ৷ আগন্তুক দুই-তিনি-চাৰিদিনত যুদ্ধৰ সূচনা হোৱাৰ সম্ভাৱনা অতি স্পষ্ট ।

আছিফে কয় যে যদি পাকিস্তানৰ সাৰ্বভৌমত্বৰ প্ৰতি কিবা ভাবুকি আহে তেন্তে আমি ইয়াৰ সন্মুখীন হ’বলৈ ১০০ শতাংশ সাজু । আগন্তুক কেইদিনমানত যুদ্ধৰ আশংকা আছে যদিও ইয়াৰ পৰা হাত সাৰিব পাৰি ।

ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্কাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে পাকিস্তানে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ পুঁজিৰ সমৰ্থনৰ দীৰ্ঘ ইতিহাস আছে । স্কাই নিউজৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত তেওঁ কয় যে আমি ৩০ বছৰ ধৰি আমেৰিকাৰ বাবে এই কাম কৰি আহিছো ।

ভাৰতৰ সৈতে সৰ্বাত্মক যুদ্ধৰ কথা কোৱা খোৱাজা আছিফে কৈছিল যে পাকিস্তানত লস্কৰ-ই-তৈবা শেষ হৈছে । খোৱাজা আছিফে স্বীকাৰ কৰে যে পূৰ্বতে পাকিস্তানৰ সৈতে লস্কৰৰ কিছু সম্পৰ্ক পোৱা গৈছে । অৱশ্যে এতিয়া এই সন্ত্ৰাসবাদী সংগঠনৰ অন্ত পৰিল বুলিও তেওঁ কয় ।

‘যুদ্ধ নহয় কূটনীতি…’, ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক পৰামৰ্শ দিলে জ্যেষ্ঠ ভাতৃয়ে

পহলগাম সন্দ্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক কূটনৈতিক সমাধান বিচাৰিবলৈ পৰামৰ্শ দিছে বুলি দেওবাৰে পাকিস্তানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে । পাকিস্তানৰ ‘দ্য এক্সপ্ৰেছ ট্ৰিবিউন’ কাকতত প্ৰকাশ পাইছে যে পাকিস্তান মুছলিম লীগ (নৱাজ)ৰ মুৰব্বী নৱাজ শ্বৰীফে তেওঁৰ কনিষ্ঠ ভাতৃ শ্বাহবাজ শ্বৰীফক ভাৰতৰ সৈতে সংঘাত বৃদ্ধিৰ পৰা হাত সাৰিবলৈ কয় ।

প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰী শ্বাহবাজে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কৌশল সন্দৰ্ভত নৱাজ শ্বৰীফৰ পৰামৰ্শ লৈছিল । প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰীফক পৰিয়ালৰ বাসগৃহত সাক্ষাৎ কৰে । এই বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়ম নৱাজো উপস্থিত আছিল ।

কোৱা হৈছে যে আলোচনাৰ সময়ত শ্বাহবাজে সিন্ধু জল সন্ধি বাতিল কৰাৰ পিছত পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিয়ে ল’বলগীয়া সিদ্ধান্তৰ বিষয়ে জ্যেষ্ঠ ভাতৃক অৱগত কৰে । উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকক লক্ষ্য কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।

ভুৱা অভিযানৰ অভিযোগ-

বৈঠকৰ সময়ত শ্বেহবাজ শ্বৰীফে পহলগাম আক্ৰমণ ভাৰতে অঞ্চলটোত অস্থিৰতা সৃষ্টিৰ বাবে চলোৱা আন এক “মিছা অভিযান” বুলি অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে । তেওঁ উদ্বেগ প্ৰকাশ কৰে যে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তই দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী প্ৰতিবেশী দেশৰ মাজত সংঘাতৰ আশংকা বিপজ্জনকভাৱে বৃদ্ধি কৰিব পাৰে ।

শ্বাহবাজ শ্বৰীফক সাৱধান হ’বলৈ পৰামৰ্শ দিলে জেষ্ঠ্য ভাতৃয়ে-

বৈঠকৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আগ্ৰাসী মোডত থকাৰ সময়তে নৱাজ শ্বৰীফে তেওঁক সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে । নৱাজ শ্বৰীফে ভাৰতৰ সৈতে উত্তেজনা দূৰ কৰিবলৈ আৰু সম্ভাৱ্য সামৰিক সংঘৰ্ষ ৰোধ কৰিবলৈ পাকিস্তানে সকলো কূটনৈতিক বিকল্পৰ সন্ধান কৰা উচিত বুলি জোৰ দিয়ে ।

নৱাজ শ্বৰীফে অঞ্চলটোত শান্তিৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে পাকিস্তানে দক্ষিণ এছিয়াত শান্তি বিচাৰে আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দিয়ে ।

খাইবাৰ পাখতুনখোৱাত বোমা বিস্ফোৰণত নিহত ৭ জন, ৯ জন আহত…

পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ শান্তি সমিতিৰ কাৰ্যালয়ত সোমবাৰে সংঘটিত হোৱা এক শক্তিশালী বোমা বিস্ফোৰণত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ৯ জন আহত হয় । দক্ষিণ ৱাজিৰিষ্টান জিলাৰ মুখ্য কাৰ্যালয় ৱানাৰ স্থানীয় শান্তি সমিতিৰ কাৰ্যালয়ত এই বিস্ফোৰণ সংঘটিত হয় ।

কোনো সংগঠনে স্বীকাৰ কৰা নাই বিস্ফোৰণৰ দায়িত্ব-

বিস্ফোৰণৰ পিছত ১৬ জন আহত লোকক চিকিৎসালয়লৈ অনা হয়, ইয়াৰে ৭ জনৰ মৃত্যু হয় । অৱশ্যে এতিয়ালৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই । আৰক্ষীয়ে জনোৱা মতে, এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে শান্তি সমিতিৰ কাৰ্যালয় ভৱনটো ধ্বংস হোৱাৰ লগতে কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে । তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু স্থানীয় লোকে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ ধ্বংসাৱশেষৰ পৰা আহতসকলক উদ্ধাৰৰ অভিযান আৰম্ভ কৰে ।

আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । চিকিৎসালয় প্ৰশাসনৰ তথ্য অনুসৰি আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ইফালে আৰক্ষী আৰু নিৰাপত্তা সংস্থাই অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে । বিষয়াসকলে জনোৱা মতে, সেই স্থানৰ পৰাই প্ৰমাণ সংগ্ৰহ কৰা হৈছে আৰু বিস্ফোৰণৰ বাবে দায়ী লোকসকলৰ সন্ধান উলিয়াবলৈ তদন্ত চলি আছে ।

আক্ৰমণৰ আশংকাত কম্পমান পাকিস্তান; দেশ এৰিলে বিলোৱাল ভুট্টোৰ পৰিয়ালে

জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিলে।

ভাৰতে প্ৰথমে সিন্ধু জল সন্ধি স্থগিত ৰাখিছিল আৰু  পাকিস্তানৰ বিৰুদ্ধে আন বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

এই সিদ্ধান্তসমূহৰ পিছত পাকিস্তানত বিভ্ৰান্তি আৰু ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু  কেৱল সাধাৰণ জনতাই নহয়, আনকি সেনা প্ৰধান আৰু বিৰোধী নেতাসকলেও ভয়ৰ মাজেৰে দিন পাৰ কৰিছে।

এই পৰিস্থিতি ইমানেই তীব্ৰতৰ হৈ পৰিছে যে মানুহে দেশ এৰি যাবলৈ বাধ্য হৈছে। শেহতীয়াকৈ পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰৰ পৰিয়ালে দেশ এৰি গৈছে আৰু এতিয়া খবৰ আহিছে যে পাকিস্তান পিপলছ পাৰ্টিৰ সভাপতি বিলোৱাল ভুট্টোৰ পৰিয়ালটোও পাকিস্তান এৰি কানাডালৈ গৈছে।

দৰাচলতে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত পাকিস্তানী শাসকৰ মাজত আলোড়নৰ সৃষ্টি হৈছিল।তেওঁলোকে ভালদৰেই জানে যে সিন্ধু জল সন্ধি ভংগ কৰিলে পাকিস্তান নিঃস্ব হৈ পৰিব।

ইফালে ৰাজনৈতিক ষ্টাণ্ট কৰাৰ প্ৰয়াসত পিপিপিৰ অধ্যক্ষ বিলোৱাল ভুট্টোৱে ভাৰতক ভাবুকি প্ৰদান কৰি মন্তব্য দিছিল যে, পাকিস্তানৰ পানী যোগান বন্ধ হ’লে ভাৰতত তেজৰ নদী বৈ যাব।

বিলোৱালে দিয়া এই ভাবুকিৰ এদিন পিছতেই পোহৰলৈ আহিছে যে দেওবাৰে পুৱা বিলোৱাল ভুট্টোৰ পৰিয়ালৰ সদস্য বখতাৱাৰ ভুট্টো আৰু আছিফা ভুট্টোৱে পাকিস্তানৰ পৰা কানাডালৈ গৈছে।

দৰাচলতে পাকিস্তানত এই কথাক লৈ আতংক সৃষ্টি হৈছে যে বাৰতে যিকোনো মূহুৰ্ততে পাকিস্তানক আক্ৰমণ কৰিব পাৰে। যাৰ বাবে এতিয়া সকলোৱে পাকিস্তান এৰি ঢাপলি মেলিছে কানাডালৈ।

হঠাৎ বৃদ্ধি ঝেলামৰ জলপৃষ্ঠ… সূচনা নিদিয়াকৈ ভাৰতৰ বিৰুদ্ধে পানী এৰি দিয়াৰ অভিযোগ উত্থাপন পাকিস্তানৰ

ঝেলাম নদীৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পোৱাৰ বাবে শনিবাৰে পাকিস্তান অধীকৃত কাশ্মীৰত আতংকৰ সৃষ্টি হয় । জলপৃষ্ঠ বৃদ্ধিৰ বাবে মুজাফৰাবাদৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বানপানীৰ আশংকাই দেখা দিছে । ইফালে ভাৰতে অনন্তনাগৰ অতিৰিক্ত পানী পূৰ্ব কোনো জাননী অবিহনে মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানে ।

চাকোঠি সীমান্তৰ পৰা মুজাফৰাবাদ চহৰলৈকে নদীখনৰ জলপৃষ্ঠ বৃদ্ধিয়ে হাটিয়ান বালা, ঘৰী দুপাট্টা, মাঝোই আদি গাঁৱত আতংকৰ সৃষ্টি কৰিছে । মছজিদৰ পৰা জৰুৰী সতৰ্কবাণী প্ৰচাৰ কৰা হৈছে আৰু জনসাধাৰণক নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে ।

ভাৰতে কৰিলে ডিজিটেল ষ্ট্ৰাইক… নিষিদ্ধ কৰিলে পাকিস্তানৰ অফিচিয়েল এক্স একাউণ্ট

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (আই টি মন্ত্ৰালয়) এতিয়া ইলন মাস্কৰ এক্স প্লেটফৰ্ম (পুৰণি নাম টুইটাৰ)ক ভাৰতত পাকিস্তান চৰকাৰৰ এক্স একাউণ্ট ব্লক কৰিবলৈ কয় । ভাৰত চৰকাৰৰ এই অনুৰোধৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি এক্সে ভাৰতত সেই একাউণ্টটো বন্ধ কৰি দিছে । ইয়াৰ অৰ্থ এইটোৱেই যে পাকিস্তান চৰকাৰৰ এক্স একাউণ্ট আৰু ভাৰতত দেখা নাযাব ।


এক্স প্লেটফৰ্ম হৈছে এক জনপ্ৰিয় প্লেটফৰ্ম য’ত সমগ্ৰ বিশ্বৰ নেতা আৰু চৰকাৰে একাউণ্ট ভেৰিফাই কৰিছে । এই একাউণ্টবোৰৰ জৰিয়তে তেওঁলোকে নিজৰ দেশৰ বিষয়ে সিদ্ধান্ত আৰু অন্যান্য তথ্য দিয়ে । ভাৰতত পাকিস্তানৰ এই একাউণ্টটো ব্লক কৰা হৈছে ।


মঙলবাৰে সংঘটিত হয় আক্ৰমণ-
উল্লেখ্য যে মঙলবাৰে ভাৰতৰ জম্মু-কাশ্মীৰৰ পহলগামৰ বৈছাৰন উপত্যকাত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল । এই আক্ৰমণত বহু পৰ্যটকে প্ৰাণ হেৰুৱাই । এই আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।


পহলগামত সংঘটিত আক্ৰমণৰ পিছতে বুধবাৰে সন্ধিয়া ভাৰতত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । ইয়াত পাকিস্তানৰ বিৰুদ্ধে পাঁচটা কঠোৰ সিদ্ধান্ত লোৱা হয় ।

বাতিল হ’ল সিন্ধু জল চুক্তি… কি হয় এই চুক্তি জানক

কাশ্মীৰৰ পহলগামৰ বৈছাৰণ উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰত চৰকাৰে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বুধবাৰে অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত ১৯৬০ চনৰ সিন্ধু জল সন্ধি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । পাকিস্তানৰ জীৱনৰেখা বুলি কোৱা সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পানীৰ ওপৰত ভাৰতে নিয়ন্ত্ৰণ লাভ কৰাৰ লগে লগে এতিয়া দেশখনে পানীৰ বাবে হাহাকাৰ কৰিব । চাৰিখন দেশৰ মাজেৰে সিন্ধু আৰু ইয়াৰ উপনৈসমূহ বৈ যায় । কেৱল এয়াই নহয়, ২১ কোটিৰো অধিক জনসংখ্যাৰ পানীৰ প্রয়োজন পূৰণ এই নদীসমূহৰ ওপৰত নির্ভৰশীল ৷

কি হয় সিন্ধু জল সন্ধি ?

১৯৬০ চনৰ ছেপ্টেম্বৰ মাহত কৰাচীত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু আৰু পাকিস্তানী সামৰিক জেনেৰেল আয়ুব খানৰ মাজত স্বাক্ষৰিত হৈছিল সিন্ধু জল সন্ধি । ৬২ বছৰ পূৰ্বে স্বাক্ষৰিত সিন্ধু জল সন্ধিৰ অধীনত ভাৰতে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পৰা ১৯.৫ শতাংশ পানী লাভ কৰে । প্ৰায় ৮০ শতাংশ পানী পাকিস্তানে পায় । ভাৰতে নিজৰ অংশৰ প্ৰায় ৯০ শতাংশ পানীহে ব্যৱহাৰ কৰে । এই চুক্তি ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৬০ চনত স্বাক্ষৰিত হৈছিল, যাৰ ফলত সিন্ধু উপত্যকাক ৬খন নদীত বিভক্ত কৰা হৈছিল । এই চুক্তিৰ অধীনত দুয়োখন দেশৰ মাজত প্ৰতি বছৰে সিন্ধু জল আয়োগৰ বৈঠক অনুষ্ঠিত কৰাটো বাধ্যতামূলক ।

সিন্ধু জল সন্ধি সম্পৰ্কীয় অন্তিমখন বৈঠক ২০২২ চনৰ ৩০-৩১ মে’ত নতুন দিল্লীত অনুষ্ঠিত হৈছিল । দুয়োখন দেশে এই বৈঠকক আন্তৰিক আখ্যা দিয়ে । পূবৰ নদীসমূহৰ ওপৰত ভাৰতৰ অধিকাৰ আছে । আনহাতে পশ্চিমৰ নদীবোৰ পাকিস্তানক দিয়া হৈছিল । এই চুক্তিৰ মধ্যস্থতা কৰিছিল বিশ্ব বেংকে । পূবৰ তিনিখন নদী চুতলেজ, বিয়াজ আৰু ৰবি নদীৰ পৰা আবণ্টিত মুঠ ১৬.৮ কোটি একৰ ফুটৰ ভিতৰত ভাৰতত বছৰি ৩.৩ কোটি একৰফুট পানী আবণ্টন দিয়া হৈছে ।

ভাৰতৰ ব্যৱহাৰৰ পিছত থাকি যোৱা পানী পাকিস্তানলৈ যায় । আনহাতে সিন্ধু, ঝেলাম, চেনাবৰ দৰে পশ্চিম নদীৰ বছৰি প্ৰায় ১৩.৫ কোটি একৰ ফুট পানী পাকিস্তানক আবণ্টন দিয়া হৈছে । সিন্ধু জল ব্যৱস্থাত মূল নদীখনৰ লগতে পাঁচখন উপনৈ অন্তৰ্ভুক্ত আছে । এই নদীসমূহ হ’ল ৰবি, বিয়াছ, চুতলেজ, ঝেলাম আৰু চেনাব । এই নদীবোৰ সিন্ধু নদীৰ বাওঁফালে বৈ যায় । ৰবি, বিয়াছ আৰু চুটলেজক পূব নদী বুলি কোৱা হয় আনহাতে চেনাব, ঝেলাম আৰু সিন্ধুক পশ্চিম নদী বুলি কোৱা হয় । এই নদীসমূহৰ পানী ভাৰত আৰু পাকিস্তান উভয়ৰে বাবে গুৰুত্বপূৰ্ণ । এনে পৰিস্থিতিত এই চুক্তিখন স্থগিত ৰখাতো পাকিস্তানৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ’ব ।

পানীক লৈ বিবাদ-

১৯৪৭ চনত স্বাধীনতাৰ পিছত পানীক লৈ বিবাদ আৰম্ভ হৈছিল । ১৯৪৮ চনত ভাৰতে পানী যোগান বন্ধ কৰি দিছিল, যাৰ ফলত পাকিস্তানত সমস্যাৰ সৃষ্টি হৈছিল । ইয়াৰ পিছত চুক্তিৰ জৰিয়তে পানী যোগান আৰম্ভ হ’ল । ইয়াৰ পিছত ১৯৪৯ চনত এজন আমেৰিকান বিশেষজ্ঞ ডেভিদ লিলিয়েন্থালে ৰাজনৈতিক পৰ্যায়ৰ পৰা কাৰিকৰী আৰু ব্যৱসায়িক পৰ্যায়লৈকে এই সমস্যা সমাধানৰ পৰামৰ্শ দিয়ে । লিলিয়েন্থালে বিশ্ব বেংকৰ পৰাও সহায় বিচৰাৰ পৰামৰ্শ দিয়ে ।

নেহৰু আৰু আয়ুবৰ মাজত চুক্তি-

১৯৫১ চনৰ ছেপ্টেম্বৰ মাহত বিশ্ব বেংকৰ অধ্যক্ষ ইউজিন ৰবাৰ্ট ব্লেকে মধ্যস্থতা কৰিবলৈ সন্মত হয় । এই ধাৰাবাহিক বৈঠক প্ৰায় ১০ বছৰ ধৰি চলে আৰু বছৰ বছৰ ধৰি আলোচনাৰ অন্তত ১৯৬০ চনৰ ১৯ ​​ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত পানী সম্পৰ্কে চুক্তি হয় । ইয়াক ১৯৬০ চনৰ সিন্ধু জল সন্ধি বুলি কোৱা হয় । এই সন্ধিত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ তেতিয়াৰ ৰাষ্ট্ৰপতি আয়ুব খানে ৰাৱলপিণ্ডিত স্বাক্ষৰ কৰে ।

১৯৬১ চনৰ ১২ জানুৱাৰীৰ পৰা এই সন্ধিৰ চৰ্তসমূহ কাৰ্যকৰী কৰা হয় । এইদৰে দুয়োখন দেশৰ মাজত হোৱা এক বৃহৎ বিবাদৰ সমাধান হয় । এই সন্ধিৰ অধীনত ভাৰতৰ পৰা পাকিস্তানলৈ বৈ যোৱা ৬খন নদীৰ পানী বিতৰণৰ সিদ্ধান্ত লোৱা হৈছিল । পূবৰ ৩খন নদীৰ (ৰবি, বিয়াছ আৰু চুটলেজ) পানীৰ ওপৰত ভাৰতক সম্পূৰ্ণ অধিকাৰ দিয়া হৈছিল । বাকী ৩ খন পশ্চিম নদীৰ (ঝেলাম, চেনাব, সিন্ধু) পানীৰ প্ৰবাহ কোনো বাধা নোহোৱাকৈ পাকিস্তানক দিয়া হৈছিল ।

সিন্ধু জল সন্ধি স্থগিত, ভিছা নিষিদ্ধ… চি চি এছৰ বৈঠকত পাকিস্তানৰ বিৰুদ্ধে এই ৫ টা কঠোৰ সিদ্ধান্ত

২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেট কমিটীৰ নিৰাপত্তা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত পাকিস্তানৰ বিৰুদ্ধে পাঁচটা কঠোৰ সিদ্ধান্ত লোৱা হয় ।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত এজন নেপালী নাগৰিককে ধৰি ২৬ জন লোক নিহত হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হয় । ইয়াৰ পিছত চি চি এছৰ এখন সভা আহ্বান কৰা হয় । এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, এন এছ এ অজিত ডোভাল, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ উপস্থিত থাকে ।

ইয়াৰ পিছত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বৈঠকত লোৱা সিদ্ধান্ত সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰে । ইয়াত তেওঁ এই সিদ্ধান্তসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে । প্ৰথম সিদ্ধান্ত লোৱা হয় ভাৰত আৰু পাকিস্তানৰ মাজত থকা আটাৰী সীমান্ত চেক প’ষ্ট বন্ধ কৰা হ’ব । এইটো এটা ডাঙৰ পদক্ষেপ যিয়ে দুয়োখন দেশৰ মাজত সীমিত গতিবিধিকো বন্ধ কৰি দিব ।

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰে কঠোৰ ব্যৱস্থা-

দ্বিতীয় সিদ্ধান্ত হ’ল পাকিস্তানত থকা ভাৰতীয় দূতাবাস এতিয়া বন্ধ থাকিব । ই কূটনৈতিক সম্পৰ্কৰ এক বৃহৎ পৰিৱৰ্তন বুলি বিবেচিত হৈছে । ইয়াৰ সমান্তৰালকৈ ভাৰতে তৃতীয়টো কঠিন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সিন্ধু জল সন্ধিও বন্ধ কৰি দিছে । ইয়াৰ ফলত পাকিস্তানত বৃহৎ পৰিসৰত প্ৰভাৱ পৰিব ।

চতুৰ্থ সিদ্ধান্ত হ’ল ভাৰতত উপস্থিত থকা সকলো পাকিস্তানী কূটনীতিবিদক ৪৮ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু পঞ্চম আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল এতিয়া পাকিস্তানীসকলে ভাৰতীয় ভিছা নাপাব ।

পাকিস্তানী নাগৰিকক ভাৰতলৈ আহিবলৈ দিয়া নহয়-

ইয়াৰ বাহিৰেও চাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰতলৈ আহিবলৈ দিয়া নহ’ব । ইতিমধ্যে প্ৰদান কৰা ভিছা বাতিল কৰা হৈছে আৰু ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰিব লাগিব পাকিস্তানী নাগৰিকে । নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ প্ৰতিৰক্ষা, নৌসেনা আৰু বায়ুসেনাৰ উপদেষ্টাসকলক ব্যক্তিগত নন গ্ৰেটা বুলি ঘোষণা কৰা হৈছে । এসপ্তাহৰ ভিতৰতে তেওঁলোকে দেশ এৰি যাব লাগিব ।

ভাৰত আৰু পাকিস্তানৰ উচ্চায়ুক্তৰ কৰ্মচাৰীৰ সংখ্যা ৫৫ৰ পৰা ৩০লৈ হ্ৰাস কৰা হ’ব । এই পৰিৱৰ্তন ১ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব । চি চি এছে নিৰাপত্তা বাহিনীক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে আৰু এই আক্ৰমণৰ দোষীক শাস্তি প্ৰদান কৰা হ’ব বুলিও জনাইছে ।