পাকিস্তানত ভয়ংকৰ পথ দুৰ্ঘটনা; মহিলা আৰু শিশুসহ ১১ জন লোকৰ মৃত্যু

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাটোত মহিলা আৰু শিশুসহ কমেও ১১জন লোকৰ মৃত্যু হৈছে।

জাৰণৱালাত এখন যাত্ৰীবাহী বাছ আৰু তিনিচকীয়া এখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই।  

জানিব পৰা মতে জাৰণৱালাৰ পৰা লাহোৰ অভিমুখে গৈ থকা বাছখন আৰু তিনিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।তাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন ৰাস্তাৰ পৰা দ’ খাৱৈত বাগৰি পৰে।  

তেওঁ কয় যে ৮ জন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১০ জন আহতক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু ইয়াৰে তিনিজনৰ চিকিৎসালয়ত মৃত্যু হয়।আৰু তিনিজন আহত লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।’

পাকিস্তানৰ ওপৰত আই চি চিয়ে ললে কঠোৰ ব্যৱস্থা ; এই অপৰাধৰ বাবে দিলে ডাঙৰ শাস্তি

বৰ্তমান সময়ত ভাৰতত অব্যাহত আছে আই পি এল ২০২৫ৰ উত্তেজনা। ইফালে পাকিস্তানৰ দলটোৱে এইকেইদিন নিউজিলেণ্ড ভ্ৰমণত নামিছে।ইফালে পাকিস্তান ক্ৰিকেট দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আইচিচিয়ে।

পাকিস্তান ক্ৰিকেট দলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আইচিচিয়ে। লেহেমীয়া অভাৰ ৰেটৰ বাবে পুনৰবাৰ জৰিমনা বিহা হৈছে পাকিস্তানক।

বুধবাৰে হেমিল্টনত অনুষ্ঠিত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া খেলৰ সময়ত পাকিস্তান ক্ৰিকেট দলটোক লেহেমীয়া অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত কৰা হৈছে।

মেচ ৰেফাৰী জেফ ক্ৰ’ৱে পাকিস্তান ক্ৰিকেট দলটোক মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা বিহিছে। নিৰ্ধাৰিত সময়ত নিৰ্ধাৰিত অভাৰত বলিং কৰিবলৈ ব্যৰ্থ হৈছে পাকিস্তান ক্ৰিকেট দল।

নিৰ্ধাৰিত সময়ৰ পৰা এক অভাৰ পিছ পৰি আছিল পাকিস্তানী দলটো। বৃহস্পতিবাৰে আইচিচিয়ে জনোৱা মতে, পাকিস্তানৰ অধিনায়ক মহম্মদ ৰিজৱানে এই অপৰাধ স্বীকাৰ কৰি জৰিমনা মানি লৈছে, যাৰ ফলত আনুষ্ঠানিক শুনানিৰ প্ৰয়োজনীয়তা নাইকিয়া হৈছে।

এইখন একেৰাহে দ্বিতীয়খন মেচ, য’ত পাকিস্তান ক্ৰিকেট দলটোক লেহেমীয়া অভাৰ ৰেটৰ বাবে শাস্তি প্ৰদান কৰা হৈছে।নেপিয়াৰত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া খেলৰ সময়ত দলটোৱে দুটা অভাৰ কমকৈ বলিং কৰিছিল।

ইয়াৰ পিছতে পাকিস্তান ক্ৰিকেট দলটোৱে মেচখনত ৭৩ ৰানত পৰাস্ত হোৱাৰ লগতে মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হয়।

এই শৃংখলাত ০-১ ত পিছ পৰি থকা পাকিস্তান ক্ৰিকেট দলটোৱেও হেমিল্টনত ৮৪ ৰানত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

পাকিস্তানত এইবাৰ হাই প্ৰফাইল হত্যাকাণ্ড; কোৱেটাত আব্দুল বাকীক গুলীয়াই হত্যা

পাকিস্তানৰ কোৱেটাত দেওবাৰে নিশা (১৬ মাৰ্চ) ইছলামী পণ্ডিত আৰু জমিয়ত উলেমা-ই-ইছলামৰ নেতা মুফতি আব্দুল বাকী নুৰজইক আক্ৰমণ কৰা হয়।

কোৱেটা বিমানবন্দৰত  কোনো অচিনাকি দুৰ্বৃত্তই তেওঁৰ ওপৰত গুলীচালনা কৰে। তাৰ পিছত  আব্দুল বাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়।

প্ৰখ্যাত পাকিস্তানী সাংবাদিক আৰজু কাজমীয়ে দাবী কৰিছে যে কোৱেটা বিমানবন্দৰত হোৱা আক্ৰমণত মুফতি আব্দুল বাকী নুৰজই নিহত হৈছিল।

তেওঁ কৈছে যে “বিমানবন্দৰত, কিছুমান সশস্ত্ৰ লোকে মুফতি আব্দুল বাকীৰ ওপৰত নিৰ্বিচাৰ ভাৱে গুলী চালনা কৰিছিল, যাৰ ফলত তেওঁ নিহত হৈছিল”।

অৱশ্যে এতিয়ালৈকে, এই ঘটনাসন্দৰ্ভত আৰক্ষীৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই। এটা স্থানীয় টিভি চেনেলে জনাইছে যে মুফতি আব্দুল বাকীক দেওবাৰে নিশা কোৱেটাৰ এয়াৰপৰ্ট ৰোডত আক্ৰমণ কৰা হৈছিল।

অচিনাক্ত আক্ৰমণকাৰীসকলে তেওঁৰ ওপৰত গুলী চালনা কৰে আৰু পলাই যায়, যাৰ পিছত তেওঁক ততাতৈয়াকৈ কটকটীয়া নিৰাপত্তাৰ অধীনত এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

আবু কাতালক লস্কৰ-ই-তৈবাৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে গণ্য কৰা হৈছিল। হাফিজে তেওঁক লস্কৰৰ অপাৰেশ্যনেল কমাণ্ডাৰ আছিল। তেওঁ সন্ত্ৰাসবাদী নিয়োগ আৰু সীমান্তপাৰ অনুপ্ৰৱেশৰ সুবিধাৰ বাবে দায়বদ্ধ আছিল।

ৰাজৌৰী আৰু ৰিয়াচীত বাছ আক্ৰমণৰ আঁৰৰ মূল সূত্ৰধাৰ আছিল আবু কাটাল। এনআইএয়ে ৰাজৌৰী আক্ৰমণত তেওঁৰ বিৰুদ্ধে অভিযোগপত্ৰও দাখিল কৰিছিল। তেওঁ দীৰ্ঘদিন ধৰি ভাৰতীয় সুৰক্ষা সংস্থাসমূহৰ লক্ষ্য আছিল।

“দিল্লীৰ পৰা কৰা হৈছিল সকলো পৰিকল্পনা”; ট্ৰেইন হাইজেকক লৈ পাকিস্তানৰ বিস্ফোৰক মন্তব্য

পাকিস্তানৰ বেলুচিস্তানত জাফৰ এক্সপ্ৰেছত হোৱা আক্ৰমণক লৈ পাক সেনাই ভাৰতৰ ওপৰত গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে।

ডিজি আইএছপিআৰৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে কৈছে যে বেলুচিস্তানত সন্ত্ৰাসবাদৰ বাবে সকলো পুঁজি ভাৰতৰ দ্বাৰা কৰা হৈছিল।

জেনেৰেল চৌধুৰীয়ে শুকুৰবাৰে বেলুচিস্তানৰ মুখ্যমন্ত্ৰী চৰফৰাজ বুগতিৰ সৈতে ৰে’ল অপহৰণৰ ঘটনা সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে, য’ত তেওঁ এই মন্তব্য কৰে।

এই সময়ছোৱাত তেওঁ এফালে পাকিস্তানী সেনাৰ প্ৰশংসা কৰে, আনহাতে, তেওঁ সমগ্ৰ ঘটনাটোৰ বাবে ভাৰতক দায়ী কৰে।

পাকিস্তানৰ জিঅ’ টিভিৰ মতে, জেনেৰেল শ্বৰীফ চৌধুৰীয়ে কৈছিল যে বেলুচিস্তানত পূৰ্বৰ আক্ৰমণ আৰু এই ৰে’ল অপহৰণৰ ঘটনাৰ আঁৰৰ মুখ্য পৃষ্ঠপোষক হৈছে, তেওঁৰ দৃষ্টিত, তেওঁলোকৰ পূব চুবুৰীয়া (ভাৰত)।

জেনেৰেল চৌধুৰীয়ে দাবী কৰিছিল যে জাফৰ এক্সপ্ৰেছৰ ঘটনাটো পাকিস্তানত সন্ত্ৰাসবাদক প্ৰচাৰ কৰিবলৈ ভাৰতৰ ৰণনীতিৰ অংশ আছিল”। এই সমগ্ৰ ষড়যন্ত্ৰটো সীমান্তৰ সিপাৰে ৰচনা কৰা হৈছিল আৰু তাৰ পৰা কাৰ্যকৰী কৰা হৈছিল।

পাক সেনাৰ এজন মুখপাত্ৰই কয়, “সন্ত্ৰাসবাদীয়ে দূৰৱৰ্তী পাহাৰীয়া অঞ্চলত বিস্ফোৰণ ঘটাই জাফৰ এক্সপ্ৰেছ ৰখাইছিল।

এটা দলে ৰে’লখনৰ ভিতৰত মহিলা আৰু শিশুসকলক বন্দী কৰি ৰাখিছিল, আনটোৱে আন যাত্ৰীসকলক বাহিৰলৈ উলিয়াই ভয় খুৱাবলৈ চেষ্টা কৰিছিল”।

মুখপাত্ৰজনে লগতে কয়, “এই সমগ্ৰ ঘটনাটোৰ সময়ত আটাইতকৈ আচৰিত কথাটো হ’ল যে ভাৰতীয় সংবাদ মাধ্যমসমূহে তৎক্ষণাৎ সন্ত্ৰাসবাদীৰ সমৰ্থনত দ্ৰুতগতিত কাম কৰিবলৈ আৰম্ভ কৰে আৰু পাকিস্তানক বদনাম কৰিবলৈ সকলো সম্ভৱ প্ৰচেষ্টা চলায়।”

এজন পাকিস্তানী সামৰিক বিষয়াই সংবাদমেলত দাবী কৰিছিল যে জাফৰ এক্সপ্ৰেছ আক্ৰমণৰ বিষয়ে ভাৰতত এআই ব্যৱহাৰ কৰি ভুৱা ভিডিঅ’ সৃষ্টি কৰা হৈছিল।

এই ভিডিঅ’বোৰৰ সহায়ত, ভাৰতীয় সংবাদ মাধ্যমসমূহে পৰিস্থিতিটো অতিৰঞ্জিত কৰি অপপ্ৰচাৰ কৰে।তেওঁ কয়, “এফালে আমাৰ চুবুৰীয়া দেশখনে বেলুচিস্তানত সন্ত্ৰাসবাদক প্ৰচাৰ কৰি আছে আৰু আনহাতে, তেওঁলোকৰ সংবাদ মাধ্যম পাকিস্তানক বদনাম কৰিবলৈ যিকোনো পৰিমাণে সাজু।”

এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “পাকিস্তানে কৰা ভিত্তিহীন অভিযোগ আমি দৃঢ়তাৰে অস্বীকাৰ কৰিছো।

“পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে আগতে দাবী কৰিছিল যে ৰে’লখনত আক্ৰমণ আফগানিস্তানৰ পৰা হৈছিল য’ত আক্ৰমণকাৰীসকলে তেওঁলোকৰ সঞ্চালকসকলৰ সংস্পৰ্শত আছিল। কাবুলে এই অভিযোগ অস্বীকাৰ কৰে আৰু কয় যে বিএলএৰ তাত কোনো উপস্থিতি নাই।

“জ্ঞান নেহেৰুৱাব, যি হ’ল সেয়া হৈ গ’ল ,এতিয়া আমি আগবাঢ়িব লাগিব”; ট্ৰেন হাইজেকৰ পিছত প্ৰধানমন্ত্ৰী শ্বৰীফৰ প্ৰথম প্ৰতিক্ৰিয়া

জাফৰ এক্সপ্ৰেছ হাইজেকৰ ঘটনাৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বেলুচিস্তান ভ্ৰমণ কৰিছে। এই হাইজেকৰ ঘটনাত, ২১ জন সাধাৰণ লোক আৰু ৪ জন সৈনিক নিহত হৈছে।

শ্বৰীফৰ এই ভ্ৰমণ বেলুচিস্তান লিবাৰেচন আৰ্মীৰ সকলো ৩৩ জন উগ্ৰপন্থীৰ হত্যাৰ এদিন পিছত হৈছিল।এই সময়ছোৱাত প্ৰধানমন্ত্ৰী শ্বৰীফে এখন সংবাদমেলত কয় যে মই কাকো দোষ নিদিওঁ।

খাইবাৰ পাখতুনখোৱালৈ যোৱা ৬০০ বিলিয়ন চহৰৰ সৈতে কিমানখন ছালাফ চহৰ নিৰ্মাণ কৰা হৈছিল, বেলুচিস্তানত একেই প্ৰত্যাহ্বান বিদ্যমান।

প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে আমি আমাৰ জ্ঞান হেৰুৱাব নালাগে, যি ঘটিছে, তাৰ পৰা আমি শিক্ষা লৈ আগবাঢ়িব লাগিব।

যিসকলে পাকিস্তানক ভাল পায় তেওঁলোকে একেলগে বহিব লাগে, আমি সশস্ত্ৰ বাহিনীৰ সৈতে বহি কি কি প্ৰত্যাহ্বান আছে তাৰ আলোচনা কৰিম ।

তেওঁ কয়, আজি অনাথ হৈ পৰা শিশুসকলে, যিসকলে এই পৃথিৱী ত্যাগ কৰিছে, যাৰ জীৱন অন্ধকাৰ হৈ পৰিছে, তেওঁলোকে কেনেকৈ  জীৱন যাপন কৰিব? তেওঁলোকক সোধক এই সন্ত্ৰাসবাদৰ ফলত কি ধ্বংস হৈছে।

শ্বেহবাজ শ্বৰীফে কয় যে যদি পাকিস্তান থাকে, তেন্তে আমি ইয়াত আছোঁ, আৰু আমি সকলোৱে একেলগে এই দায়িত্ব ল’ব লাগিব। তেওঁ কৈছিল যে পাকিস্তানৰ মানুহে সন্ত্ৰাসবাদীসকলক সম্পূৰ্ণ শক্তিৰে নিৰ্মূল কৰিব।

যিসকলে পাকিস্তানক ভাল পায় তেওঁলোকে ইয়াৰ প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰে। যদি পাকিস্তান আছে, তেন্তে আমি সকলো ইয়াত আছোঁ। সংঘটিত ঘটনাটো বেলুচ সংস্কৃতিৰ নামত এটা দাগ।

‘বি এল এৰ সকলো যোদ্ধা নিহত, পণবন্দীক উদ্ধাৰ অভিযান চলি আছে’…জাফৰ এক্সপ্ৰেছ হাইজেক সন্দৰ্ভত পাকিস্তানৰ দাবী

পাকিস্তানৰ বেলুচিস্তানত মঙলবাৰে (১১ মাৰ্চ, ২০২৫) বেলুচ লিবাৰেচন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰে । এটা পাকিস্তানী নিউজ চেনেলৰ মতে, পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ৰে’লত থকা সকলো বি এল এ সদস্যক হত্যা কৰিছে । কোৱা হৈছে যে এতিয়া পণবন্দীসকলক উলিয়াই অনাৰ কাম চলি আছে ।

বিস্ফোৰণৰ পিছত পণবন্দী কৰি লৈছিল যাত্ৰীসকলক-

জাফৰ এক্সপ্ৰেছ ৰে’লখন কুৱেটাৰ পৰা খাইবাৰ পাখতুনখোৱাৰ পেছাৱাৰলৈ গৈ থকা অৱস্থাত উগ্ৰপন্থীয়ে বিস্ফোৰক ব্যৱহাৰ কৰি ৰে’লখন লাইনচ্যুত কৰি নিজৰ দখললৈ লৈ যায় । ৰেলখনৰ ৯টা ডবাত প্ৰায় ৪৫০ জন যাত্ৰী আছিল । নিৰাপত্তা সূত্ৰৰ মতে, নিৰাপত্তা বাহিনীয়ে মহিলা আৰু শিশুকে ধৰি বহু সংখ্যক পণবন্দীক উদ্ধাৰ কৰিছে । উদ্ধাৰ হোৱা সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল সন্ত্ৰাসবাদীয়ে ।

সকলো সন্ত্ৰাসবাদী নিহত- পাকিস্তানৰ দাবী

এই ঘটনাত কিমানজন যাত্ৰীৰ মৃত্যু হৈছে সেয়া নিশ্চিত কৰা হৈছে । ঘটনাস্থলীত উপস্থিত থকা সকলো সন্ত্ৰাসবাদী নিহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে । বি এল এৰ আত্মঘাতী বোমাৰুৱে তিনিটা ভিন্ন স্থানত মহিলা আৰু শিশুক পণবন্দী কৰি ৰাখিছিল । পাকিস্তানৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ঘটনাত ৭০ৰ পৰা ৮০জন সন্ত্ৰাসবাদী জড়িত আছিল । বেলুচিস্তানৰ কুৱেটা-পেছাৱাৰ যাত্ৰীবাহী ৰে’লত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে ৰাষ্ট্ৰসংঘই । ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ গ্ৰহণযোগ্য নহয় বুলি সমালোচনা কৰে ।

যোৱা বছৰ প্ৰদেশখনৰ বিভিন্ন ঠাইত নিৰাপত্তা বাহিনী, প্ৰতিষ্ঠান আৰু বিদেশীৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিলেও বেলুচিস্তান প্ৰদেশত বি এল এ বা কোনো উগ্ৰপন্থী সংগঠনে প্ৰথমবাৰৰ বাবে যাত্ৰীবাহী ৰে’ল অপহৰণ কৰাৰ ঘটনা ঘটিছে । ডেৰ মাহতকৈ অধিক সময় স্থগিত ৰখাৰ পিছত পাকিস্তান ৰে’লৱেই কুৱেটাৰ পৰা পেছাৱৰলৈ ৰে’ল সেৱা পুনৰ আৰম্ভ কৰিছিল ।

পাকিস্তান চৰকাৰে কিয় কোৱেটলৈ প্ৰেৰণ কৰিছে ২০০ত কৈ অধিক কফিন? জাফৰ এক্সপ্ৰেছৰ পণবন্দীৰ কৰিছে নেকি হত্যা  

বেলুচ লিবাৰেচন আৰ্মীয়ে মঙলবাৰে কোৱেটাৰ পৰা পেছাৱাৰলৈ গৈ থকা কৰা জাফৰ এক্সপ্ৰেছ হাইজেক কৰি যাত্ৰীসকলক পণবন্দী কৰে। ইফালে, যোৱা ২৮ ঘণ্টা ধৰি পাক আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছে।

তাৰ মাজতে জানিব পৰা গৈছে যে পাকিস্তান চৰকাৰে বেলুচিস্তানৰ ৰাজধানী কোৱেটালৈ ২০০ তকৈও অধিক কফিন প্ৰেৰণ কৰিছে।

এই বাতৰিটো প্ৰকাশ হোৱাৰ পিছত, কোৱা হৈছে যে এই সমগ্ৰ ঘটনাটোত মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হোৱাতকৈ বহু বেছি হ’ব পাৰে।

ৰে’ল বিষয়াসকলে নিশ্চিত কৰিছে যে বেলুচিস্তানলৈ প্ৰেৰণ কৰাৰ বাবে ২০০ তকৈও অধিক কফিন কোৱেটালৈ অনা হৈছে।

কোৱা হৈছে যে পাকিস্তানী সেনাই এতিয়ালৈকে সকলো বন্দীক মুক্ত কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু পাকিস্তানে দাবী কৰিছে যে কোৱেটালৈ প্ৰেৰণ কৰা এই কফিনবোৰ প্ৰটোকলৰ অধীনত প্ৰেৰণ কৰা হৈছে, সেয়েহে সেইবোৰ এক ভয়ংকৰ পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰি।

এতিয়ালৈকে ১৫৫ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে আৰু বেলুচ লিবাৰেচন আৰ্মীৰ ২৭ জন সদস্য নিহত হৈছে। অৱশ্যে, ১০০ ৰো অধিক যাত্ৰী এতিয়াও বিএলএ বন্দুকধাৰী সকলৰ জিম্মাত আছে।

বিএলএয়ে দাবী কৰিছিল যে ৩০ জন পাকিস্তানী সৈনিক নিহত হৈছিল কিন্তু এতিয়ালৈকে কোনো পৰিসংখ্যা প্ৰকাশ কৰা হোৱা নাই।

তথ্য অনুসৰি, বিএলএ-য়ে বন্দী কৰি থোৱা জাফাৰ এক্সপ্ৰেছৰ যাত্ৰীসকলৰ মাজত তেওঁলোকৰ আত্মঘাতি বোমাৰুসকলকো ৰাখিছে আৰু তেওঁলোক সকলোৱে আত্মঘাতি জেকেট পিন্ধি আছে, যাৰ ফলত পাকিস্তানী সৈন্যৰ বাবে বন্দীসকলক মুক্ত কৰাটো কঠিন হৈ পৰিছে।

পাকিস্তান চৰকাৰে কৈছে যে তেওঁলোকে এতিয়ালৈকে ১৫৫ জন যাত্ৰীক উদ্ধাৰ কৰিছে। অৱশ্যে, এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি জাৰী কৰা হোৱা নাই।

বেলুচ উগ্ৰপন্থীসকলে পাকিস্তান চৰকাৰক ভাবুকি দিছে যে যদি বেলুচ ৰাজনৈতিক বন্দী, কৰ্মী আৰু সন্ধানহীন লোকসকলক সেনাই ৪৮ ঘণ্টাৰ ভিতৰত মুকলি নকৰে, তেন্তে তেওঁলোকে এটা এটাকৈ বন্দীসকলক হত্যা কৰা আৰম্ভ কৰিব।

প্ৰথমে আক্ৰমণ , পিছত পাকিস্তানত হাইজেক কৰিলে ট্ৰেন; BLA এ মুকলি কৰিলে ট্ৰেইন হাইজেকৰ প্ৰথমটো ভিডিঅ’

পাকিস্তানৰ কুৱেটাৰ পৰা পেশাবৰলৈ গৈ থকা জাফৰ এক্সপ্ৰেছ ৰে’লখন এতিয়াও বেলুচিস্তান লিবাৰেচন আৰ্মীৰ কৱলত আছে।

তাৰ মাজতে পাকিস্তানৰ বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ)এ হাইজেক কৰা ৰে’লখনৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে।

এই ভিডিঅ’টোত,  বিএলএ-য়ে যাত্ৰীসকলৰ সৈতে কেনেদৰে পাকিস্তানৰ ৰে’লখন হাইজেক কৰিছিল সেয়া দেখিবলৈ পোৱা গৈছে।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে ৰে’লখন গৈ থকাৰ সময়তে এটা বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণটোৰ পিছত ৰৈ গৈছিল ৰে’লখন ।

ভিডিঅ’টোত আৰু দেখিবলৈ পোৱা গৈছে যে পাহাৰৰ মাজত বিএলএ-য়ে লোক সকলে যাত্ৰী সকলক বন্দী বনাই ৰে’লখনৰ পৰা বাহিৰলৈ নি আছে।  

এতিয়া লৈকে পাকিস্তানি সেনাই ১৫০ ত কৈ অধিক বন্দীক মুকলি কৰিছে যদিও  ১০০ তকৈ অধিক লোক এতিয়াও বন্দী হৈ আছে।

পাকিস্তানী সেনাই দাবী কৰিছিল যে তেওঁলোকে বিএলএৰ ১৬ জন সন্ত্ৰাসবাদীক হত্যা কৰি এই বন্দীসকলক মুকলি কৰি দিছিল।কিন্তু জাফৰ এক্সপ্ৰেছৰ পৰা মুক্ত হৈ অহা যাত্ৰীসকলে পাকিস্তানী সেনাবাহিনীৰ ব্যৰ্থতা উদঙাই দিছে।

বহু যাত্ৰীয়ে কৈছে যে তেওঁলোকক পাকিস্তানী সেনাই মুকলি কৰি অনা নাছিল, বিএলএই নিজেই হে মুকলি কৰি দিছিল।

এইটো লক্ষণীয় যে বেলুচিস্তান হৈছে পাকিস্তানৰ সৰ্ববৃহৎ প্ৰদেশ যিয়ে নিজকে পাকিস্তানৰ অংশ বুলি গণ্য নকৰে। পাকিস্তানে ১৯৪৭ চনত ইয়াক বলপূৰ্বক ভাৱে একত্ৰিত কৰিছিল।তেতিয়াৰ পৰা, পাকিস্তানী সকলে বেলুচিস্তানৰ ওপৰত নিজৰ দাবী কৰি আহিছিল।

পাকিস্তানৰ আৰক্ষীয়ে বন্দী সকলক উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে যদিও বেলুচিস্তানৰ সেই অঞ্চলত প্ৰৱেশ কৰিব পৰা নাই পাক সেনাই। যাৰ ফলত বিফল হৈছে পাক সেনাৰ উদ্ধাৰ অভিযান

পাকিস্তানৰ ৰে’ল আক্ৰমণ : বি এল এই দিলে ৪৮ ঘণ্টাৰ চৰম সীমা; ৩০ জন জোৱান নিহত

মঙলবাৰে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত বিচ্ছিন্নতাবাদী বেলুচ লিবাৰেশ্যন আৰ্মীয়ে যাত্ৰীবাহী ৰে’ল অপহৰণ কৰা বুলি দাবী কৰে। এই ৰে’লখনত প্ৰায় ৫০০ জন লোক আছিল । এই অপহৰণ সন্দৰ্ভত পাকিস্তান চৰকাৰে এতিয়ালৈকে অতি কম তথ্য প্ৰকাশ কৰিছে যদিও বি এল এই দাবী কৰিছে যে তেওঁলোকে ২০০ৰো অধিক যাত্ৰীক পণবন্দী কৰি লৈছে, যাৰ অধিকাংশই পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ সদস্য । পণবন্দীসকলৰ ভিতৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ লোকো আছে বুলিও দাবী কৰা হৈছে ।

কেনেকৈ হ’ল হাইজেক ?

তথ্য অনুসৰি ৯টা বগীত প্ৰায় ৫০০ যাত্ৰীক লৈ কুৱেটাৰ পৰা পেছাৱাৰলৈ গৈ আছিল জাফৰ এক্সপ্ৰেছ । মঙলবাৰে পুৱা পাহাৰীয়া অঞ্চল গুডলাৰ আৰু পিৰু কুনৰিৰ সমীপৰ এটা সুৰংগত অস্ত্ৰধাৰীয়ে ৰেল ৰখাই দিয়ে । বেলুচ বিদ্ৰোহীয়ে ৮ নং সুৰংগত ৰেলপথ উৰুৱাই জাফাৰ এক্সপ্ৰেছত গুলীচালনা কৰাৰ ফলত ৰেলখন লাইনচ্যুত হয় । ১৭টা সুৰংগেৰে ভৰি থকা অঞ্চলটোৰ সুবিধা ল’লে বিদ্ৰোহীয়ে । গুলীচালনাত আহত হয় ৰেল চালকজন ।

নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ পি।ছত ৰে’লখন দখল কৰে বিদ্ৰোহীয়ে । বেলুচিস্তানৰ ৰে’লৰ সৈতে সাধাৰণতে নিৰাপত্তা বাহিনী থাকে কাৰণ চহৰখনত সঘনাই বিচ্ছিন্নতাবাদীয়ে আক্ৰমণ কৰে ।

৩০ জন পাকিস্তানী জোৱানক হত্যা কৰাৰ দাবী-

বিদ্ৰোহীসকলে পাকিস্তানী সেনাৰ ৩০ জনতকৈ অধিক জোৱানক হত্যা কৰা বুলিও দাবী কৰি সেনাই সামৰিক অভিযান আৰম্ভ কৰিলে আৰু অধিক হত্যাকাণ্ড সংঘটিত হ’ব বুলি সকীয়াই দিয়ে ।

মজিদ ব্ৰিগেডৰ আক্ৰমণ-

পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত বি এল এৰ মজিদ ব্ৰিগেডে এই আক্ৰমণ সংঘটিত কৰে । পণবন্দীসকলক মুকলি কৰি দিয়াৰ বিনিময়ত ৰাজনৈতিক বন্দী আৰু নিৰুদ্দেশ হোৱা লোকক মুকলি কৰি দিয়াৰ দাবী জনাই বি এল এৰ চৰ্ত পূৰণ নকৰিলে পৰিণামৰ বিষয়ে সকীয়াই দিয়া হৈছে ।

৪৮ ঘণ্টাৰ চৰম সীমা-

পাকিস্তান চৰকাৰক ৪৮ ঘণ্টীয়া চৰম সীমা দিছে বেলুচ লিবাৰেচন আৰ্মীয়ে । এই সময়ছোৱাত সকলো বেলুচ ৰাজনৈতিক বন্দী, বলপূৰ্বকভাৱে নিৰুদ্দেশ হোৱা ব্যক্তি আৰু কৰ্মীক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনাইছে । বি এল এই সকীয়াই দিছে যে যদিহে তেওঁলোকৰ দাবী পূৰণ নকৰিলে সকলো পণবন্দীক হত্যা কৰা হ’ব আৰু ৰে’লখন সম্পূৰ্ণৰূপে ধ্বংস হ’ব । তেওঁলোকৰ পক্ষৰ পৰা এয়া চূড়ান্ত ঘোষণা বুলিও স্পষ্ট কৰি দিছে বি এল এই ।

১৬ জন বিদ্ৰোহীক হত্যা কৰাৰ দাবী-

পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, এই প্ৰতিশোধমূলক আক্ৰমণত এতিয়ালৈকে ১৬ জন বিদ্ৰোহী নিহত হোৱাৰ লগতে ১০৪ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে । বিচ্ছিন্নতাবাদীয়ে একাংশ যাত্ৰীক পাহাৰত লুকুৱাই ৰাখিছে বুলিও দাবী কৰা হৈছে ।

কি ক’লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে-

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে নিৰাপত্তাৰক্ষীৰ মনোবল উচ্চ আৰু অতি সোনকালে যাত্ৰীসকলক উদ্ধাৰ কৰা হ’ব । প্ৰধানমন্ত্ৰীয়ে কয় যে কঠিন ভূখণ্ডৰ মাজতো নিৰাপত্তাৰক্ষীৰ মনোবল উচ্চ আৰু তেওঁলোকে বিদ্ৰোহীৰ পৰিকল্পনা বিফল কৰি তুলিছে ।

বেলুচিস্তান লিবাৰেচন আৰ্মি কি-

বেলুচিস্তানৰ বহুতেই বিশ্বাস কৰে যে ভাৰত-পাকিস্তান বিভাজনৰ পিছত তেওঁলোকে স্বাধীন দেশ হিচাপে জীয়াই থাকিব বিচাৰিছিল । কিন্তু তেওঁলোকৰ সন্মতি অবিহনে ইয়াক পাকিস্তানত অন্তৰ্ভুক্ত কৰা হৈছিল । বেলুচিস্তানত স্বাধীনতাৰ দাবীত বহু সংগঠন আছে যদিও বেলুচিস্তান লিবাৰেশ্যন আৰ্মী আটাইতকৈ শক্তিশালী সংগঠন । বি এল এৰ মতে বেলুচিস্তানৰ সম্পদৰ ওপৰত তেওঁলোকৰ অধিকাৰ আছে । এই ক্ষেত্ৰত তেওঁলোক চীন আৰু পাকিস্তানৰ হস্তক্ষেপৰ বিৰোধী ।