নাভূত-নাশ্ৰুত ঘটনা…এইবাৰ পাকিস্তানত হাইজেক হ’ল ৰে’ল

এইবাৰ পাকিস্তানত সন্ত্ৰাসবাদীয়ে ৰে’ল অপহৰণৰ দাবী কৰিছে । বেলুচ লিবাৰেচন আৰ্মীয়ে বোলানৰ জাফৰ এক্সপ্ৰেছ অপহৰণ কৰি ৪৫০ জন লোকক পণবন্দী কৰা বুলি দাবী কৰিছে ।

বি এল এই (বেলুচ লিবাৰেচন আৰ্মী)এ সকীয়াই দিছে যে যদি তেওঁলোকৰ বিৰুদ্ধে কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে তেওঁলোকে সকলো যাত্ৰীক হত্যা কৰিব । এই পৰ্যন্ত মুঠ ৬ জন পাকিস্তানী জোৱান নিহত হৈছে । পাকিস্তানী সংবাদ মাধ্যমৰ মতে ৰে’লখনত ৪৫০ জন যাত্ৰী আছিল ।

ৰে’লত সেনা আৰু আই এছ আইৰ লোক-

পণবন্দীসকলৰ ভিতৰত আছে পাকিস্তান সেনা, আৰক্ষী, সন্ত্ৰাসবাদ বিৰোধী বাহিনী (এ টি এফ) আৰু আন্তঃসেৱা চোৰাংচোৱা (আই এছ আই)ৰ সক্ৰিয় কৰ্তব্যৰত জোৱান । আটাইকেইজনেই ছুটীত পঞ্জাৱলৈ গৈ আছিল । বি এল এই সকীয়াই দিছে যে যদি ৰে’লত উপস্থিত থকা জোৱানসকলে কোনো ব্যৱস্থা ল’বলৈ চেষ্টা কৰে তেন্তে সকলো পণবন্দীক হত্যা কৰা হ’ব ।

মহিলা আৰু শিশুক মুকলি কৰি দিয়া হয়-

এই অভিযানৰ সময়ত বি এল এৰ সন্ত্ৰাসবাদীয়ে মহিলা, শিশু আৰু বেলুচ ভ্ৰমণকাৰীক মুকলি কৰি দিয়ে । তথ্য অনুসৰি বি এল এৰ ফিডাইন ইউনিট মজিদ ব্ৰিগেডে এই অভিযানৰ নেতৃত্ব দিছে য’ত ফাতেহ স্কোয়াড, এছ টি অ’ এছ আৰু চোৰাংচোৱা শাখা জিৰাব অন্তৰ্ভুক্ত ।

নতুন আক্ৰমণৰ কথা ঘোষণা কৰিছিল বেলুচ গোটসমূহে-

কিছুদিন পূৰ্বে বেলুচ গোটে পাকিস্তান আৰু চীনৰ বিৰুদ্ধে নতুন আক্ৰমণৰ কথা ঘোষণা কৰিছিল । শেহতীয়াকৈ বেলুচ প্ৰতিৰোধী গোটে সিন্ধী বিচ্ছিন্নতাবাদী গোটৰ সৈতে যুদ্ধ অনুশীলন সম্পূৰ্ণ কৰাৰ লগতে বেলুচ ৰাজী আজাওই সংগৰ বা ব্ৰাছৰ যৌথ বিবৃতি জাৰি কৰি নিৰ্ণায়ক যুদ্ধ কৌশল ঘোষণা কৰিছিল ।

একত্ৰিত বিদ্ৰোহী গোটসমূহ-

BRASৰ আগমনৰ ফলত পাকিস্তানত চীনে চলাই থকা বহু CPEC প্ৰকল্পৰ প্ৰতি বৃহৎ ভাবুকি কঢ়িয়াই আনিছে । সহযোগী সংগঠন – বেলুচ লিবাৰেশ্যন আৰ্মি, বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্ট, বেলুচ ৰিপাব্লিকান গাৰ্ড আৰু সিন্ধী লিবাৰেচন অৰ্গেনাইজেশ্যন সিন্ধুদেশ বিপ্লৱী সেনাবাহিনীৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰা বেলুচ ৰাজী আজোই সংগৰৰ যুটীয়া বৈঠকৰ অন্তত এক বিবৃতি প্ৰকাশ কৰে ।

বিবৃতিটোত উল্লেখ কৰা হৈছে যে বেলুচ জাতীয় আন্দোলনক নিৰ্ণায়ক পৰ্যায়লৈ লৈ যোৱাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই বৈঠকত সহমতত উপনীত হয় যে BRASএ অতি সোনকালে বেলুচ ৰাষ্ট্ৰীয় সেনাৰ ৰূপ ল’ব ।

এই দেশ ভ্ৰমণ নকৰিব অন্যথা…নিজৰ নাগৰিকলৈ পৰামৰ্শ জাৰি কৰিলে আমেৰিকাই

পাকিস্তানৰ খাইবাৰ পখতুনখোৱা আৰু বেলুচিস্তানত সন্ত্ৰাসবাদী সংগঠন আৰু নিৰাপত্তাৰক্ষীৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সংঘাত অব্যাহত আছে । শেহতীয়াকৈ এই প্ৰদেশসমূহৰ বিভিন্ন অঞ্চলত বহু আক্ৰমণ সংঘটিত হৈছে, য’ত বহু লোকৰ মৃত্যু হৈছে । শেহতীয়াকৈ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ পেছাৱাৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত বান্নুৰ এটা সামৰিক শিবিৰত আত্মঘাতী আক্ৰমণ সংঘটিত হয় আৰু ১২ জন লোক নিহত হয় । এই সকলোবোৰ দেখি আমেৰিকাই এতিয়া এটা ডাঙৰ পদক্ষেপ লৈছে । সন্ত্ৰাসবাদ আৰু সশস্ত্ৰ সংঘাতৰ ভাবুকিৰ বাবে ভাৰত-পাকিস্তান সীমান্ত, বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱা প্ৰদেশৰ সমীপৰ অঞ্চললৈ যাত্ৰা নকৰিবলৈ আমেৰিকাই নিজৰ নাগৰিকসকলক সকীয়াই দিছে ।

শুকুৰবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে জাৰি কৰা সতৰ্কবাণীত কয় যে আমেৰিকাৰ নাগৰিকে সন্ত্ৰাসবাদৰ বাবে পাকিস্তান ভ্ৰমণৰ কথা পুনৰ বিবেচনা কৰিব লাগে । সন্ত্ৰাসবাদৰ বাবে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে পাকিস্তানৰ যিবোৰ অঞ্চলৰ বাবে পৰামৰ্শ জাৰি কৰিছে, সেইবোৰৰ ভিতৰত বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱাৰ লগতে পূৰ্বৰ ফেডাৰেল প্ৰশাসনিক জনজাতি এলেকা (FATA) অন্যতম ।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে জাৰি কৰা পৰামৰ্শত প্ৰকাশ পাইছে যে পাকিস্তানত হিংসাত্মক উগ্ৰপন্থী সংগঠনে আক্ৰমণৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে । পূৰ্বৰ FATAকে ধৰি বেলুচিস্তান প্ৰদেশ আৰু খাইবাৰ পাখতুনখোৱা প্ৰদেশত সন্ত্ৰাসবাদী আক্ৰমণ সঘনাই সংঘটিত হয় । বৃহৎ পৰিসৰৰ সন্ত্ৰাসবাদী আক্ৰমণত বহু লোকৰ মৃত্যু হৈছে আৰু সৰু সৰু আক্ৰমণ সঘনাই সংঘটিত হয় ।

ইয়াৰ উপৰিও সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থী উপাদানৰ অব্যাহত থকা হিংসাৰ ফলত সাধাৰণ নাগৰিকৰ লগতে স্থানীয় সামৰিক আৰু আৰক্ষীৰ লক্ষ্যত নিৰ্বিচাৰে আক্ৰমণ চলোৱা হৈছে । কোনো সতৰ্কবাণী অবিহনে আক্ৰমণ কৰিব পাৰে সন্ত্ৰাসবাদীয়ে । পৰিবহণ কেন্দ্ৰ, বজাৰ, শ্বপিং মল, সামৰিক সংস্থাপন, বিমানবন্দৰ, বিশ্ববিদ্যালয়, বিদ্যালয়, চিকিৎসালয়, উপাসনাস্থলী আৰু চৰকাৰী সুবিধাসমূহক লক্ষ্য কৰি ল’ব পাৰে । লগতে কয় যে পাকিস্তানৰ নিৰাপত্তাৰ পৰিৱেশ অস্থিৰ হৈয়েই আছে, কেতিয়াবা জাননী দি বা জাননী নিদিয়াকৈও সলনি হৈ আছে ।

ইয়াত কোৱা হৈছে যে যিহেতু দেশখনৰ ডাঙৰ ডাঙৰ চহৰ বিশেষকৈ ইছলামবাগত অধিক নিৰাপত্তা সম্পদ আৰু আন্তঃগাঁথনি আছে, সেয়েহে এই অঞ্চলসমূহৰ নিৰাপত্তা বাহিনীসমূহে দেশৰ অন্যান্য অঞ্চলতকৈ জৰুৰীকালীন অৱস্থাৰ প্ৰতি অধিক ক্ষীপ্ৰতাৰে সঁহাৰি জনাব পাৰিব । এনে পৰিস্থিতিত নিয়ন্ত্ৰণ ৰেখাৰ চাৰিওফালে ভ্ৰমণ নকৰিব ।

পৰামৰ্শত উল্লেখ কৰা হৈছে যে আমেৰিকাৰ নাগৰিকে কোনো কাৰণত নিয়ন্ত্ৰণ ৰেখাৰে ভাৰত-পাকিস্তান সীমান্তলৈ যাত্ৰা কৰিব নালাগে । অঞ্চলটোত সন্ত্ৰাসবাদী সংগঠন সক্ৰিয় হৈ থকা বুলি জানিব পৰা গৈছে । সীমান্ত অঞ্চলত ভাৰত আৰু পাকিস্তানে নিজ নিজ সীমান্তত সবল সামৰিক উপস্থিতি বজাই ৰাখিছে ।

পাকিস্তানৰ হাতলৈ লজ্জাজনক অভিলেখ; চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ঘটিল এনে ঘটনা  

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ নৱমখন খেল ২৭ ফেব্ৰুৱাৰীত ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত পাকিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব লগীয়া আছিল। অৱশ্যে, বৰষুণৰ বাবে, খেলখনৰ টছেই হ’ব নোৱাৰিলে।

শেষত, দুয়োটা দলে এক এক কৈ পইণ্ট ভাগ বতৰা কৰিব লগা হৈছিল। এই খেলখন বাতিল হোৱাৰ লগে লগে, পাকিস্তান দলটোৱে ইয়াৰ নামত এক লজ্জাজনক অভিলেখ যোগ কৰিছে।

চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত কোনো সম্পূৰ্ণ সদস্য দলৰ সৈতে এইটো আগতে কেতিয়াও হোৱা নাছিল। এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীৰ মুঠ আঠটা সংস্কৰণ খেলা হৈছে।

এইটো আগতে কেতিয়াও হোৱা নাছিল য’ত আয়োজক ৰাষ্ট্ৰই প্ৰতিযোগিতাখনত এটাও মেচ জিকিব পৰা নাই।অৱশ্যে, ২০০০ চনত, যেতিয়া কেনিয়াই আইচিচি নকআউট টুৰ্ণামেণ্ট আয়োজন কৰিছিল, ভাৰতে ইতিমধ্যে প্ৰথমখন মেচতে কেনিয়াক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰি দিছিল।

কিন্তু সেই সময়ত, এই প্ৰতিযোগিতাৰ সকলোবোৰ মেচ নকআউট মেচৰ দৰে খেলা হৈছিল, আৰু যিটো দলে মেচখনত পৰাজয় হৈছিল, সেইদলটোক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰা হৈছিল।

তাৰ পিছত ২০০২চনৰ পৰা, ইয়াৰ নাম নকআউট টুৰ্ণামেণ্টৰ পৰা চেম্পিয়নছ ট্ৰফীলৈ সলনি কৰা হৈছিল। ২০১৭ চনলৈকে, কেতিয়াও এনে হোৱা নাছিল যে কোনো আয়োজক ৰাষ্ট্ৰই প্ৰতিযোগিতাখনত এখনো মেচ জিকিব পৰা নাছিল।

অৱশ্যে, চেম্পিয়নছ ট্ৰফী ২০২৫-ত পাকিস্তানৰ নামত এই লজ্জাজনক অভিলেখ যোগ হৈছে। কিয়নো দলটোৱে এই সংস্কৰণত এখনো মেচ জিকিব নোৱাৰিলে।পাকিস্তানে এই প্ৰতিযোগিতাখনত দুখন খেল খেলিছিল।

তেওঁলোকৰ প্ৰথমখন খেল নিউজিলেণ্ডৰ বিৰুদ্ধে আছিল, য’ত তেওঁলোকে ৬০ ৰাণত পৰাজয়ৰ সন্মুখীন হৈছিল। ইফালে, ভাৰতেও আয়োজক দলটোক ৬ উইকেটত পৰাস্ত কৰে।

তেওঁলোকৰ অন্তিমখন গ্ৰুপ পৰ্যায়ৰ খেল বাংলাদেশৰ বিৰুদ্ধে আছিল, যিখন বৰষুণৰ বাবে বাতিল কৰা হৈছিল। এনেদৰে, চেম্পিয়নছ ট্ৰফী ২০২৫ ত পাকিস্তানৰ যাত্ৰা জয়ৰ অবিহনে সমাপ্ত হ’ল।

১১ হাজাৰ টকীয়া মাছ, লোকেল মুৰ্গীৰ জোল, মাহিলী ব্যয় ৭ লাখ টকা; কাৰাগাৰত ৰাজ আতিথ্য ইমৰান খানক

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু পাকিস্তান তেহjfক-ই-ইনচাফ (পিটিআই)ৰ প্ৰতিষ্ঠাপক ইমৰান খান বৰ্তমান কাৰাগাৰত আছে। তেওঁৰ পত্নী বুশ্ৰা বিবিও কাৰাগাৰৰ ভিতৰতে আছে।

বহু কেইটা গোচৰত অভিযুক্ত, ইমৰান খান আৰু বুশ্ৰা বিবিৰ কাৰাবাস সম্পৰ্কীয় বাতৰি প্ৰায়ে ওলাই থাকে। এটা শেহতীয়া প্ৰতিবেদনে তেওঁলোকৰ খাদ্যৰ তালিকা আৰু আহাৰৰ মেনুৰ সৈতে সম্পৰ্কিত ব্যয়বোৰ প্ৰকাশ পাইছে।

ৰাৱালপিণ্ডি আৰু আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা ইমৰান আৰু বুশ্ৰাৰ ব্যয় যথেষ্ট বৃদ্ধি হোৱাৰ পিছত এই প্ৰতিবেদন প্ৰকাশ পাইছে।

খবৰ অনুসৰি কেইমাহমান আগলৈকে প্ৰতি মাহে ব্যয় আছিল প্ৰায় ৪ৰ পৰা ৫ লাখ টকা, কিন্তু এতিয়া সেই ব্যয় ৭ লাখ টকালৈ বৃদ্ধি হৈছে।

জানিব পৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে নিজেই ৰাতিপুৱাৰ, দুপৰীয়াৰ আৰু ৰাতিৰ আহাৰৰ মেনু নিৰ্ধাৰণ কৰে। ইফালে, ইমৰান খানৰ পত্নী বুশ্ৰা বিবিৰ খাদ্য ‘সেৱক বন্দী’ৰ দ্বাৰা পাকঘৰত পৃথকে প্ৰস্তুত কৰা হয়।

ইমৰান খানে কাৰাগাৰত খোৱা ৰাতিপুৱাৰ আহাৰৰ বিষয়ে কবলৈ গ’লে, তেওঁ সতেজ ৰস আৰু সতেজ ফল খাবলৈ ভাল পায়। তেওঁ দিনত তিনিবাৰ কফি খায়। ইয়াৰ উপৰিও, তেওঁক পৰিৱেশন কৰা সকলোবোৰ প্ৰথমে পুষ্টিৰ বাবে পৰীক্ষা কৰা হয়।

ইমৰান খানে গুলপীয়া চালমন মাছৰ চুপ আৰু লোকেল মুৰ্গীৰ জোল খাবলৈ ভাল পায়। জানিব পৰা মতে মাছটো প্ৰতি কিলোগ্ৰামত প্ৰায় ১১ হাজাৰ টকা।

এই সকলো ব্যয়বহুল বস্তুৰ বাবে, ইমৰান খান আৰু তেওঁৰ পত্নী বুশ্ৰাই মাহে ৭০০,০০০ টকা খৰচ কৰিছে। অৱশ্যে, এই ব্যয় চৰকাৰে সামৰি লোৱা নাই, বৰঞ্চ ইমৰান খানৰ পৰিয়ালে পৰিশোধ কৰিছে।

ইমৰান খান আৰু বুশ্ৰা বিবিৰ এখন মেনুৱেল একাউণ্ট আছে। এই একাউণ্টত, ইমৰান খানৰ পৰিয়ালে ধন জমা কৰে, আৰু যেতিয়া একাউণ্টটোৰ পুঁজি শেষ হয়, কাৰাগাৰ বিভাগে পৰিয়ালটোক সতৰ্ক কৰি দিয়ে, যাৰ পিছত তেওঁলোকে পুনৰ একাউণ্টত ধন জমা কৰে।

পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ৰচিলে ইতিহাস; আইচিচি টুৰ্ণামেণ্টত এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ খেলুৱৈ

ভাৰত বনাম পাকিস্তানৰ মেচখনত, টীম ইণ্ডিয়া আকৌ এবাৰ বিজয়ী হৈছে। ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়াই পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে।

খেলখনৰ সময়ত, বিৰাট কোহলীয়ে এটা শতক অৰ্জন কৰে আৰু সকলোকে প্ৰভাৱিত কৰে। মেচখনত বিৰাট কোহলীক প্লেয়াৰ অফ দ্য মেচ বঁটা প্ৰদান কৰা হৈছিল।

ইয়াৰ লগতে, বিৰাট কোহলীয়ে এনে এক কাম কৰিছে যিটো আগতে আইচিচি টুৰ্ণামেণ্টত কেতিয়াও হোৱা নাছিল। অৰ্থাৎ, বিৰাট কোহলী হৈছে বিশ্বৰ একমাত্ৰ খেলুৱৈ যিয়ে এই কৃতিত্ব অৰ্জন কৰিছে।

চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত খেলা খেলখনত বিৰাট কোহলীয়ে ১১১ টা বলত অপৰাজিত ১০০ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ দুটা কেচও লৈছিল।

আইচিচি টুৰ্ণামেণ্টত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ এইটো পঞ্চম প্লেয়াৰ অফ দ্য মেচ বঁটা।বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে পাঁচবাৰ যি কৰিছে, বাকী বিশ্বৰ আন কোনো খেলুৱৈয়ে তিনিবাৰতকৈ অধিক কৰিব পৰা নাই।

অৰ্থাৎ একেটা দলৰ বিৰুদ্ধে আইচিচি টুৰ্ণামেণ্টত সৰ্বাধিক বাৰ প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰা খেলুৱৈ হৈছে বিৰাট কোহলী।

বিৰাট কোহলীয়ে ২০১২ চনত এই যাত্ৰা আৰম্ভ কৰিছিল। সেই বছৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হৈছিল। বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে ৬১ টা বলত অপৰাজিত ৭৮ ৰাণ সংগ্ৰহ কৰিছিল।

সেই ইনিংছৰ বাবে তেওঁক প্লেয়াৰ অফ দ্য মেচ বঁটা প্ৰদান কৰা হৈছিল।২০১৫ চনত, এদিনীয়া বিশ্বকাপৰ সময়ত, বিৰাট কোহলীয়ে এডিলেডত অনুষ্ঠিত এই খেলখনত ১২৬ টা বলত ১০৭ ৰাণ সংগ্ৰহ কৰিছিল।

কোহলীক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰা হৈছিল। ২০১৬ চনত, যেতিয়া ভাৰত আৰু পাকিস্তানৰ দলবোৰে টি-২০ বিশ্বকাপত পুনৰ মুখামুখি হৈছিল, কোহলীয়ে ৩৭ টা বলত অপৰাজিত ৫৫ ৰাণ সংগ্ৰহ কৰিছিল।

কোহলী এই খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছিল। ২০২২ চনত, টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত আন এখন খেল হৈছিল। সেই খেলখনত কোহলীয়ে ৫৩ টা বলত অপৰাজিত ৮২ ৰাণ সংগ্ৰহ কৰে।

তাৰ পিছত, চেম্পিয়নছ ট্ৰফীৰ খেলখনত, তেওঁ ১১১ টা বলত অপৰাজিত ১০০ৰাণ সংগ্ৰহ কৰে আৰু প্লেয়াৰ অফ দ্য মেচ বঁটা লাভ কৰে।

ঘৰুৱা মাটিতেই মুখ থেকেচা পাকিস্তানৰ; চেম্পিয়নছ ট্ৰফীৰ উদ্বোধনী খেলখনত পৰাজয় ৰিজৱান বাহিনী

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ উদ্বোধনী খেলখন পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত খেলা হৈছিল। মহম্মদ ৰিজৱানৰ অধিনায়কত্বত পাকিস্তান দলটোৰ বাবে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আৰম্ভণি  একেবাৰে ভাল নহয়।

এই খেলখন কৰাচীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। খেলখনত নিউজিলেণ্ডে আয়োজক পাকিস্তানক ৬০ ৰাণত পৰাস্ত কৰে।পাকিস্তানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল।

প্ৰতিযোগিতাখন পাকিস্তানৰ দ্বাৰা আয়োজন কৰা হৈছে। এই পৰিস্থিতিত, ঘৰৰ মাটিতেই এই পৰাজয় পাকিস্তানৰ দলটোৰ অনুৰাগীসকলৰ বাবে মোক্ষম আঘাত আছিল।

মেচখনত টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰাৰ পিছত নিউজিলেণ্ডৰ দলটোৱে পাকিস্তানক ৩২১ ৰাণৰ লক্ষ্য বান্ধি দিছিল ।ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানী দলটো মাত্ৰ ৪৭.২ অভাৰত অল আউট হৈ ২৬০ ৰাণ সংগ্ৰহ কৰে ।

দলটোৰ হৈ বাবৰ আজম আৰু খুছদিল শ্বাহে অৰ্ধশতক অৰ্জন কৰিছিল।কিন্তু কেপ্টেইন মহম্মদ ৰিজৱানে ১৪ টা বলত মাত্ৰ ৩ ৰাণ সংগ্ৰহ কৰাৰ পিছতেই কেচ আউট হৈছিল।মুঠতে ঘৰৰ মাটিতেই শোচনীয় পৰাজয় বৰণ কৰিলে আয়োজন পাকিস্তানৰ দলটোৱে।

‘টুকুৰা-টুকুৰ হ’ব পাকিস্তান, নতুন দেশ গঠনৰ প্ৰস্তুতি’…শ্বাহবাজ শ্বৰীফক দিলে সকীয়নি

পাকিস্তানী সাংসদ আৰু জমিয়ত উলেমা-ই-ইছলামৰ সভাপতি ফজলুৰ ৰেহমানে চৰকাৰক সতৰ্ক কৰি দিছে যে পাকিস্তানৰ এটা অংশ টুকুৰা-টুকুৰ হোৱাৰ কাষত আছে । বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱাকে ধৰি ৫-৭ খন জিলা আছে, যিবোৰ বৰ্তমান যিকোনো মুহূৰ্তত নিজকে পৃথক দেশ হিচাপে ঘোষণা কৰাৰ স্থিতিত আছে আৰু পিছদিনা ৰাষ্ট্ৰসংঘয়ো ইয়াক স্বীকৃতি দিব ।

মানৱ সৰবৰাহ আৰু ভিক্ষা ৰোধৰ বাবে সদনে পাঁচখন বিধেয়ক গৃহীত কৰাৰ পিছতে ফজল উৰ-ৰেহমানে এই মন্তব্য কৰে । এই সন্দৰ্ভত ফজল উৰ ৰেহমানে কয় যে কাৰ বাবে আইন প্ৰণয়ন কৰা হৈছে, যেতিয়া জনসাধাৰণে নিজেই আপোনাৰ কথা শুনা নাই । প্ৰথমে জনসাধাৰণৰ ওপৰত নিয়ন্ত্ৰণ আনক । ফজল উৰ-ৰেহমানে লগতে কয় যে এই অঞ্চলসমূহত আৰক্ষী বা সেনাও নাছিল, আৰক্ষীৰ চেক পইণ্টসমূহ বন্ধ কৰি ৰখা হৈছে আৰু সেই অঞ্চলসমূহ নিয়ন্ত্ৰণ কৰা গোটসমূহে আৰক্ষী বিষয়াসকলক ঘেৰি ৰাখিছিল ।

ফজল উৰ-ৰেহমানে কয় যে বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱাৰ বৰ্তমানৰ পৰিস্থিতি কাৰো পৰা লুকাই থকা নাই । আমি সকলো পাকিস্তানী, আমাৰ শান্তি এক আৰু আমাৰ সন্মান আৰু মৰ্যাদা এক । সেই উল্লেখৰ পৰা আমি জনা উচিত যে এই সময়ত দুখন প্ৰদেশত চৰকাৰৰ শাসন নাই । তেওঁ কয়, ‘আজি যদি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ ইয়াত আছিল আৰু তেওঁক জনজাতীয় অঞ্চলত কি হৈছে, বেলুচিস্তানত কি হৈছে বুলি সোধা হয়, তেন্তে তেওঁ হয়তো ক’লেহেঁতেন যে মই এই বিষয়ে নাজানো । যদি মোৰ শাসক দেশৰ কাম-কাজৰ বিশয়ে ইমানেই অজ্ঞান আৰু মোৰ মনত আছে যে এসময়ত আমি একেলগে কাম কৰিছিলো ।

কোনে সিদ্ধান্ত লয় আৰু ক’ত সিদ্ধান্ত লোৱা হয় সেই সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰে ফজল উৰ-ৰেহমানে । পাকিস্তান যদি দায়ী হয় তেন্তে চৰকাৰ আৰু বিৰোধীও দায়ী হ’ব, কিন্তু জনসাধাৰণৰ দৃষ্টিত আমি দায়ী আৰু বাস্তৱতা হ’ল এই দেশত কোনো অসামৰিক কৰ্তৃত্ব নাই । তেওঁ অভিযোগ কৰে যে পাকিস্তানত কিছুমান বিশেষ প্ৰতিষ্ঠানে বন্ধ কোঠা আৰু চুবুৰীত যি বিচাৰে তাকে সিদ্ধান্ত লয় আৰু আমি ইয়াৰ ওপৰত বুঢ়া আঙুলিৰ ছাপ দিবলৈ বাধ্য হওঁ । আমি ইয়াৰ পৰা ওলাব বিচাৰো নে নাই ?

ফজল উৰ-ৰেহমানে কয় যে তেওঁৰ অঞ্চলত এনে কিছুমান অঞ্চল আছে যিবোৰ আৰক্ষী আৰু সেনাই খালী কৰিছে আৰু যদি যুদ্ধ হয় আৰু আৰক্ষী আৰু সেনা নাথাকে তেন্তে সেই অঞ্চল কোনে দখল কৰিব আৰু তাত কাৰ নিয়ন্ত্ৰণ থাকিব ? তেওঁ কয়, ‘হাতেৰে হৃদয়েৰে ক’ব লাগিব যে বেলুচিস্তানৰ ৫-৭খন জিলা এনে অৱস্থাত আছে যে যদি তেওঁলোকে স্বাধীনতা ঘোষণা কৰে তেন্তে ৰাষ্ট্ৰসংঘই ক’ব যে আমি তেওঁলোকৰ অনুৰোধ মানি লৈছো আৰু এইসমূহ পাকিস্তানে হেৰুৱাব ।’

৪৬ মিনিট ধৰি পাকিস্তানৰ আকাশমাৰ্গত প্ৰধানমন্ত্ৰী মোদীৰ বিমান…

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে পেৰিছ ভ্ৰমণৰ সময়ত পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰে । অসামৰিক বিমান পৰিবহণৰ সূত্ৰৰ উদ্ধৃতি দি পাকিস্তানৰ এক সংবাদ সংস্থাই এই বাতৰি প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ “ইণ্ডিয়া ১” নামৰ বিমানখনে শ্বেইখুপুৰা, হাফিজাবাদ, চকৱাল, আৰু কোহাট অঞ্চলৰ মাজেৰে পাকিস্তানত প্ৰৱেশ কৰি প্ৰায় ৪৬ মিনিট পাকিস্তানৰ আকাশমাৰ্গত থাকে ।

তথ্য অনুসৰি আফগানিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিমানখন পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে পাৰ হ’বলগা হয় । নৰেন্দ্ৰ মোদীৰ বিমানে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাটো এয়াই প্ৰথম নহয় । ২০২৪ চনৰ আগষ্ট মাহত মোদীৰ বিমানখনে পোলেণ্ডৰ পৰা দিল্লীলৈ অহাৰ সময়ত পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰিছিল । সেই সময়ত বিমানখনে নিশা ১১ বজাত পাকিস্তান সীমান্তত প্ৰৱেশ কৰি ৪৬ মিনিট দেশখনৰ আকাশমাৰ্গত আছিল ।

পাকিস্তান-ভাৰতৰ আকাশমাৰ্গ সম্পৰ্ক-

২০১৯ চনৰ মাৰ্চ মাহত পাকিস্তানে প্ৰায় পাঁচ মাহ ধৰি বন্ধ হৈ থকা অসামৰিক বিমান সেৱাৰ বাবে আকাশমাৰ্গৰ সকলো নিষেধাজ্ঞা উঠাই লয় । জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ কনভয়ৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ফলত ভাৰত-পাকিস্তানৰ সামৰিক অচলাৱস্থাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছিল, য’ত ৪৪ জন ভাৰতীয় অৰ্ধসামৰিক আৰক্ষী বিষয়া নিহত হৈছিল ।

ইয়াৰ পিছত ২০১৯ চনৰ আগষ্ট মাহত যেতিয়া নৰেন্দ্ৰ মোদীৰ চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বিলুপ্ত কৰিছিল তেতিয়া পাকিস্তানে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰিছিল । ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত পাৰস্পৰিক দ্বিপাক্ষিক বাণিজ্য স্থগিত ৰখা হৈছিল । তেতিয়াৰ পৰা দুয়োখন দেশৰ মাজত সম্পৰ্ক স্বাভাৱিক নহয় ।

পাকিস্তানৰ বোৱাৰী হ’ব নেকি ৰাখী সাৱন্ত? তৃতীয়বাৰৰ বাবে আৰম্ভ কৰিব যুগ্ম জীৱন

মনোৰঞ্জন উদ্যোগৰ আটাইতকৈ বিতৰ্কিত চেলিব্ৰিটিসকলৰ মাজৰ এগৰাকী হৈছে ৰাখী সাৱন্ত, যি প্ৰায়ে  শিৰোনামত থাকে।কেতিয়াবা বিবাহৰ বাবে, কেতিয়াবা তেওঁৰ বিবাহ বিচ্ছেদৰ বাবে আৰু কেতিয়াবা তেওঁৰ মন্তব্যৰ বাবে।

অভিনেত্ৰীগৰাকী বৰ্তমান পাকিস্তানত আছে আৰু তেওঁৰ সৈতে সম্পৰ্কিত এটা ডাঙৰ খবৰ ওলাইছে, যিয়ে সকলোকে আচৰিত কৰিছে।

ৰাখীয়ে আকৌ এবাৰ তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত আছে।ৰাখীয়ে বৰ্তমানলৈকে দুবাৰকৈ বিবাহ পাশত আৱদ্ধ হৈছে।  তেওঁ প্ৰথমবাৰৰ বাবে ২০১৯ চনত ৰীতেশ সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

কিন্তু ২০২২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। তাৰ পিছত তেওঁ একে বছৰতে দ্বিতীয়বাৰৰ বাবে আদিল খান দুৰানীক বিয়া কৰায়, কিন্তু ২০২৩ চনত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়।

লগতে, দুয়োৰে বিবাহ আৰু বিবাহ বিচ্ছেদক লৈ যথেষ্ট বিতৰ্ক হৈছিল।ইয়াৰ পিছত, অভিনেত্ৰী গৰাকীয়ে তৃতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’বলৈ ওলাইছে বুলি খবৰ পোৱা গৈছে।

কিন্তু আচৰিত কথাটো হ’ল যে এইবাৰ অভিনেত্ৰী গৰাকীয়ে ভাৰতত নহয়, পাকিস্তানত বিয়া হোৱাৰ কথা ভাবি আছে।পাকিস্তানী অভিনেতা-প্ৰযোজক ডোডি খানে ৰাখীক বিবাহৰ বাবে প্ৰস্তাৱ দিছিল।

এতিয়া এক বিশেষ বাৰ্তালাপত, ৰাখীয়ে ডোডিৰ সৈতে বিবাহৰ উৰাবাতৰিৰ বিষয়ে কৈছিল।তেওঁ কৈছিল যে তেওঁ ডোডিৰ বিবাহৰ প্ৰস্তাৱটো বিবেচনা কৰিব পাৰে আৰু পাকিস্তানৰ বোৱাৰী হোৱাৰ কথা ভাবি আছে।

ৰাখীয়ে ক’লে, ‘হয়, এইটো সঁচা যে মই লাহোৰলৈ আহিছো। হানিয়াৰ আমিৰৰ সৈতে কিছু কাম আছে। সেইকাৰণে মই ইয়ালৈ আহিছিলো।”

তেওঁ লগতে কয় যে “যেতিয়া মানুহে দেখিলে যে মই পাকিস্তান আহিছো , ডোডিজী, যি মোৰ এজন ভাল বন্ধু, মোক বিবাহৰ প্ৰস্তাৱ দিছিল।মই তেওঁৰ প্ৰস্তাৱটো বহুত ভাল পাইছিলো আৰু এতিয়া মই ভাবি আছোঁ যে মই পাকিস্তানৰ বোৱাৰী হোৱা উচিত”।

দৰাচলতে ডোডি খানে তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ ধেমেলীয়াকৈ ৰাখীক সুধিছিলযে , ‘ বৰযাত্ৰী লৈ ভাৰত আহিব নে ডুবাই ? তোমাক ভাল পাওঁ।” এই ভিডিঅ’টোৰ পিছত, ৰাখীৰ তৃতীয় বিবাহৰ বিষয়ে আলোচনা আৰম্ভ হৈছে। অৱশ্যে, ৰাখীয়ে এতিয়ালৈকে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই।