‘ইছলামক সন্ত্ৰাসবাদৰ বাবে ব্যৱহাৰ কৰিছে পাকিস্তানে’… তীব্ৰ সমালোচনা ওৱেইছিৰ

শনিবাৰে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে পাকিস্তানক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে পাকিস্তানে ইছলামক কেৱল দেখুৱাবলৈহে ব্যৱহাৰ কৰে, ইয়াৰ প্ৰকৃত লক্ষ্য হৈছে ভাৰতত সন্ত্ৰাসবাদৰ প্ৰচাৰ কৰা আৰু ধৰ্মীয় ঘৃণা বিয়পোৱা । ওৱাইছিয়ে স্পষ্টকৈ কয় যে পাকিস্তানৰ এই কাৰ্য ধৰ্মীয় নহয়, ৰাজনৈতিক আৰু কৌশলগত লাভৰ বাবেহে ।

‘ইছলামৰ মুখা পিন্ধি পাকিস্তানে লুকুৱাই ৰাখিছে সন্ত্ৰাসবাদ’

ওৱাইচিয়ে কয়, ‘পাকিস্তানৰ ‘ডীপ ষ্টেষ্ট’ অৰ্থাৎ ইয়াৰ সেনা আৰু চোৰাংচোৱা সংস্থা আই এছ আইয়ে ইছলামৰ মুখা পিন্ধি নিজৰ অবৈধ কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদ লুকুৱাই ৰাখে ।’ তেওঁ কয় যে ভাৰতৰ মুছলমানসকলে ইতিমধ্যে মহম্মদ আলী জিন্নাৰ ‘দুই ৰাষ্ট্ৰৰ সিদ্ধান্ত’ক নাকচ কৰি গণতান্ত্ৰিক ভাৰতত জীয়াই থকাটো পছন্দ কৰে ।

পাকিস্তানৰ দুমুখীয়া নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি ওৱাইচীয়ে কয় যে, ‘যদি পাকিস্তান সঁচাকৈয়ে মুছলমানৰ শুভাকাংক্ষী, তেন্তে আফগানিস্তান, ইৰাণ আৰু বেলুচিস্তানত মুছলমানৰ ওপৰত কিয় বোমা বৰ্ষণ কৰে ? বেলুচ, আফগান আৰু ইৰাণীসকলো মুছলমান । তেওঁ কয় যে পাকিস্তানে বিগত ৭৫ বছৰ ধৰি ধৰ্মৰ অপব্যৱহাৰ কৰি আহিছে ।

‘ভাৰতীয় মুছলমানে জিন্নাৰ সিদ্ধান্ত নাকচ কৰিলে’

তেওঁ লগতে কয়, ‘ভাৰতত ২৩ কোটিতকৈও অধিক মুছলমান আছে, যাৰ পূৰ্বপুৰুষে জিন্নাৰ মতবাদক নাকচ কৰিছিল । পাকিস্তানে বিচাৰে ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত বিভাজন বৃদ্ধি হওক, কিন্তু আমি কেতিয়াও এনেকুৱা হ’বলৈ নিদিওঁ । উদাহৰণ দি তেওঁ কয়, ‘যেতিয়া ভাৰতে বাহাৱালপুৰত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত আক্ৰমণ কৰিছিল, তেতিয়া তাত নিহত সন্ত্ৰাসবাদীৰ শেষ নামাজ আগবঢ়াইছিল এজন ব্যক্তিয়ে যিজনকো আমেৰিকাই সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে- হাফিজ আব্দুল ৰাউফে । আৰু সেই অন্ত্যেষ্টিক্ৰিয়াত লোকসকলে পাকিস্তানী সেনাৰ পোছাক পৰিধান কৰি উপস্থিত আছিল । এই কথা পৃথিৱীয়ে দেখা নাই নেকি ?’

‘পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদ আৰু সহ্য কৰা নহ’ব’

পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদ আৰু সহ্য কৰিব নোৱাৰি বুলিও ওৱাইছিয়ে কয় । তেওঁ কয়, ‘পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে পৰ্যটকক পহলগামত হত্যা কৰাৰ আগতে কলমা পাঠ কৰিবলৈ কৈছিল । পঢ়িব নোৱাৰা সকলক গুলীয়াই হত্যা কৰা হৈছিল । সেই পৰিয়ালবোৰে কি অৱস্থাৰ মাজেৰে পাৰ হৈছে, কোনোবাই কল্পনা কৰিব পাৰেনে ? এতিয়া পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদক চিৰদিনৰ বাবে অন্ত পেলোৱাৰ সময় আহি পৰিছে ।

ভাৰতৰ সন্মুখত সেও মানিলে পাকিস্তানে… ঘোষণা কৰিবলৈ বাধ্য হ’ল যুদ্ধবিৰতি

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে আৰম্ভ কৰা অপাৰেচন সেন্দুৰৰ মাজতে এক ডাঙৰ খবৰ প্ৰকাশ পাইছে । ইতিমধ্যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সেন্দুৰত দিকবিদিগ হেৰুৱাইছে পাকিস্তানে । ভাৰতৰ যোগ্য তথা শক্তিশালী প্ৰত্যাক্ৰমণত এতিয়া সেও মানিবলৈ বাধ্য হৈছে পাকিস্তান । অৱশেষত আমেৰিকাৰ হেঁচাত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে পাকিস্তানে ।

আমেৰিকাৰ মধ্যস্থতাত দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ ওপৰত সহমতত উপনীত হৈছে । এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইট কৰিছে । যিটো সময়ত ভাৰত আৰু পাকিস্তানৰ সীমান্তত ড্ৰ’ন আক্ৰমণ, গোলাবৰ্ষণ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল, যিয়ে আঞ্চলিক আৰু বিশ্ব পৰ্যায়ত উদ্বেগ বৃদ্ধি কৰিছে তেনে সময়তে এই খবৰ প্ৰকাশ পাইছে ।

ইফালে, পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰে ছ’চিয়েল মিডিয়াত অৱগত কৰে যে ভাৰত আৰু পাকিস্তানে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে । তেওঁ কয় যে পাকিস্তানে সদায় এই অঞ্চলত শান্তি আৰু নিৰাপত্তাৰ বাবে চেষ্টা কৰি আহিছে ।

ভাৰত আৰু পাকিস্তানৰ মাজত হঠাৎ ঘোষণা কৰা যুদ্ধবিৰতিৰ আঁৰত এটা ডাঙৰ কূটনৈতিক কাৰণ আছে বুলি এতিযা চৰ্চা চলিছে । কিয়নো ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিগত কেইবাদিনো ধৰি আমেৰিকাৰ সমকক্ষৰ সৈতে ধাৰাবাহিকভাৱে আলোচনাত মিলিত হৈছিল ।

আমেৰিকাৰ পক্ষই ইয়াক দুয়োখন দেশৰ “সাধাৰণ বুজাবুজি আৰু ডাঙৰ বুদ্ধিমত্তাৰ” ফল বুলি অভিহিত কৰে আৰু এই সিদ্ধান্তৰ বাবে দুয়োখন দেশক অভিনন্দন জনায় । এতিয়া আশা কৰা হৈছে যে সীমান্তত শান্তি ঘূৰি হ’ব আৰু দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে আৰু অধিক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হ’ব ।

ট্ৰাম্পে কয় যে, ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰাত মই অতি সুখী হৈছো । সাধাৰণ বুজাবুজি আৰু বুদ্ধিমত্তাৰ প্ৰদৰ্শন কৰাৰ বাবে দুয়োখন দেশলৈ অভিনন্দন ।

একে সময়তে আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে কয় যে বিগত ৪৮ ঘণ্টাৰ ভিতৰত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁ ভাৰত আৰু পাকিস্তানৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈছে । ইয়াৰ ভিতৰত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়া ।

পহলগাম আক্ৰমণক গৰিহণা জি-৭ৰ… ভাৰত-পাকিস্তানক সংযম ৰক্ষা কৰাৰ আহ্বান

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাক লৈ সমগ্ৰ বিশ্বতে উদ্বেগ বৃদ্ধি পাইছে । জি-৭ দেশ আৰু ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰীসকলে দুয়োখন দেশক সংযম প্ৰয়োগ কৰি আলোচনাৰ জৰিয়তে বিবাদ নিষ্পত্তি কৰিবলৈ আহ্বান জনাইছে । জি-৭ দেশৰ বৈদেশিক মন্ত্ৰী — কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন, আমেৰিকা আৰু ইউৰোপীয় সংঘই ২২ এপ্ৰিলত ভাৰতৰ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি এক যৌথ বিবৃতি প্ৰকাশ কৰিছে ।

ভাৰত-পাকিস্তানক সংযম ৰখাৰ আহ্বান-

জি-৭ৰ বিবৃতিত কোৱা হৈছে যে, ‘আমি ভাৰত আৰু পাকিস্তানক সৰ্বাধিক সংযম প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছো । পৰৱৰ্তী যিকোনো সামৰিক ব্যৱস্থাই অঞ্চলটোৰ শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব । আমি দুয়োখন দেশকে তৎকালীনভাৱে উত্তেজনা হ্ৰাস কৰি শান্তিৰ বাবে প্ৰত্যক্ষ আলোচনাত মিলিত হ’বলৈ আহ্বান জনাইছো ।’

ভাৰত-পাকিস্তানৰ উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ ছিংগাপুৰৰ-

ইফালে ছিংগাপুৰেও এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে । শুকুৰবাৰে ছিংগাপুৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ‘ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সামৰিক সংঘাতক লৈ আমি গভীৰ উদ্বিগ্ন । আমি দুয়োপক্ষক আহ্বান জনাইছো যে উত্তেজনা হ্ৰাস কৰি আলোচনাৰ জৰিয়তে সমাধান বিচাৰি উলিয়াওক । লগতে দুয়োখন দেশৰ সাধাৰণ নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগে ।

ছিংগাপুৰে নিজৰ নাগৰিকৰ বাবে জাৰি কৰিলে পৰামৰ্শ-

ইফালে ছিংগাপুৰে নিজৰ নাগৰিকসকলক জম্মু-কাশ্মীৰ আৰু পাকিস্তান যাত্ৰা নকৰিবলৈ পৰামৰ্শ জাৰি কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ‘ভাৰত আৰু পাকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত ছিংগাপুৰৰ নাগৰিকসকল বিশেষভাৱে সজাগ হৈ থাকিব লাগে আৰু প্ৰয়োজনীয় সকলো নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।’  ছিংগাপুৰে নিজৰ নাগৰিকসকলক ভিৰ হোৱা ঠাইৰ পৰা আঁতৰি থাকিবলৈ, স্থানীয় বাতৰি নিৰীক্ষণ কৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিছে ।

পহলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পিছত উত্তেজনা তুংগত-

উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে প্ৰতিশোধ লৈ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানত ‘নিখুঁত আক্ৰমণ’ চলাইছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে নিশা পাকিস্তানে জম্মু-কাশ্মীৰৰ পৰা গুজৰাটলৈকে ভাৰতৰ ২৬টা স্থানত ড্ৰ’ন আক্ৰমণ চলায় । অৱশ্যে ভাৰতে পাকিস্তানৰ এই আক্ৰমণ সফলতাৰে প্ৰতিহত কৰি পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছে ।

‘পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবই লাগিব…’; ভাৰতীয় সেনালৈ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্দেশ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শেহতীয়াকৈ ড্ৰ’ন আক্ৰমণত অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱাৰ সন্দৰ্ভত পাকিস্তান সেনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ভাৰতীয় সেনাক নিৰ্দেশ দিয়া হৈছে।

জানিব পৰা মতে, ৰাজনাথ সিঙে কয় যে পাকিস্তান সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভাৰতীয় সাধাৰণ নাগৰিকক লক্ষ্য কৰি লৈছে, তেওঁলোকৰৰ বিৰুদ্ধে কঠোৰ আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে, শনিবাৰে দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰতিৰক্ষা মুৰব্বী আৰু তিনিওটা সেৱাৰ মুৰব্বীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ বুজ ল’ব।

আতংকত কঁপি উঠিছে পাকিস্তান; ভাৰতে ধ্বংস কৰিলে ৪টা বিমানঘাটি

ভাৰতৰ আক্ৰমণৰ পিছতেই পাকিস্তানত আতংকৰ সৃষ্টি হৈছে।জানিব পৰা মতে ভাৰতে পাকিস্তানৰ কমেও ৪টা বিমান ঘাটিত আক্ৰমণ কৰিছে।

পাকিস্তানৰ ৰাৱালপিণ্ডিত নুৰ খান এয়াৰবেছ, শ্বোৰকোটৰ ৰফিকি বিমানবন্দৰ, চাকৱালত মুৰিদ এয়াৰবেছ ধ্বংস কৰিছে ভাৰতে। আনহাতে চতুৰ্থ এয়াৰবেছটোৰ নাম জানিব পৰা নাই ।

ইয়াৰ উপৰিও ভাৰতে শ্ৰীনগৰৰ সমীপত পাকিস্তানী বায়ুসেনাৰ দুখন যুদ্ধ বিমান ধ্বংস কৰাৰ খবৰ আহিছে।ভাৰতে PoK ত পাকিস্তানী এটা পোষ্টও উৰুৱাই দিছে।ভাৰতৰ এই আগ্ৰাসী কাৰ্যত পাকিস্তান হতাশ হৈ অহৰহ আক্ৰমণ চলাই আছে।

ভাৰতীয় সেনাই পাকিস্তানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।ভাৰতীয় সেনাই জম্মু সীমান্তৰ সমীপত পাকিস্তানী চকী আৰু সন্ত্ৰাসবাদী লঞ্চ পেড ধ্বংস কৰিছে, য’ৰ পৰা টিউব লঞ্চ ড্ৰ’নও নিক্ষেপ কৰা হৈছিল।

‘আমাৰ ভাৰতত কাম বিচাৰি নাহিব’; অপাৰেচন সিন্দুৰক লজ্জাজনক আখ্যা দিয়াৰ বাবে পাকিস্তানী অভিনেত্ৰী তীক্ষ্ণ সমালোচনা

বিগ বছ ১৮ৰ প্ৰতিযোগী অবিনাশ মিশ্ৰই অপাৰেচন সিন্দূৰক ‘ভাৰত বিৰোধী’ মন্তব্যৰ বাবে পাকিস্তানী অভিনেত্ৰী মহিৰা খানক আক্ৰমণ কৰে।ভাৰতৰ অপাৰেচন সিন্দূৰক সকলোৱে প্ৰশংসা কৰিছে।ভাৰতৰ সকলো ঠাইতে এই অভিযানৰ শলাগ লোৱা হৈছে আনহাতে পাকিস্তানী শিল্পীসকলে ইয়াক গৰিহণা দিছে।

পাকিস্তানী অভিনেত্ৰী মাহিৰা খানে সামাজিক মাধ্যমত ভাৰত বিৰোধী মন্তব্য দিছে। তেওঁৰ ঘৃণনীয় মানসিকতা ইয়াতেই দেখা পোৱা গৈছে।

অভিনেত্ৰী গৰাকীয়ে লিখিছে যে তেওঁ অতি সৌভাগ্যৱান যে এনে এখন দেশত বাস কৰে য’ত তেওঁৰ মনৰ কথা ক’বলৈ বাধা দিয়া নহয়।আৰু কয় যে কোনো প্ৰমাণ নোহোৱাকৈয়ে পাকিস্তানক দোষাৰোপ কৰা হৈছে। আপোনালোকে মাজনিশা চহৰবোৰত আক্ৰমণ কৰি জয় কৰা বুলি কয়? লাজ পাব লাগে।”

ইয়াৰ প্ৰত্যুত্তৰত অবিনাশে বৃহস্পতিবাৰে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত পাকিস্তানী অভিনেত্ৰীগৰাকীক তীক্ষ্ণ সমালোচনা কৰি উত্তেজনা কমি গ’লে ভাৰতত কামৰ সন্ধান নকৰিবলৈ সকীয়াই দিয়ে।

অবিনাশে লিখিছে, “অ’ মহিৰা দিদি, আমি পাকিস্তানক দোষাৰোপ কৰাৰ প্ৰয়োজন নাই। সমগ্ৰ বিশ্বই প্ৰমাণ দেখিছে।পৰিস্থিতি উন্নত হোৱাৰ পিছত আমাৰ ভাৰতলৈ কাম বিচাৰি নাহিব”।

“কিন্তু নিজৰ দেশৰ পৰা প্ৰশংসা কৰিবলৈ ইয়াৰ কিছুমান চেলিব্ৰিটিয়ে নিজৰ প্ৰসাৰ আৰু অনুৰাগীৰ বাবে বিশ্বাসঘাতক হৈ পৰিছে, কিন্তু চিন্তা নকৰিব, তেওঁলোকৰ পাল পিছত আহিব।”

পাকিস্তানত হাহাকাৰ; লাহোৰ আৰু শিয়ালকোটত আক্ৰমণ ভাৰতৰ

জম্মু-কাশ্মীৰ, পঞ্জাৱ আৰু ৰাজস্থানত পাকিস্তানে বিমান আক্ৰমণৰ পিছত এতিয়া ভাৰতেও প্ৰতিশোধমূলক ব্যৱস্থা আৰম্ভ কৰিছে।ভাৰতে লাহোৰ আৰু শিয়ালকোটত মিছাইলেৰে আক্ৰমণ চলাইছে।

ইয়াৰ পূৰ্বে পাকিস্তানে জম্মু-কাশ্মীৰ, পঞ্জাৱ আৰু ৰাজস্থানৰ বহু অঞ্চলত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ চলাইছিল।পাকিস্তানৰ বিমান আক্ৰমণ বিফল কৰিলে ভাৰতে।

পাকিস্তানৰ আক্ৰমণৰ পিছতে ভাৰতে লাহোৰ আৰু শিয়ালকোট ত ড্ৰণ আৰু বিমানেৰে আক্ৰমণ কৰিছে। তাৰ পিছতে পাকিস্তানত লাগিছে হাহাকাৰ।

চীনৰ এয়াৰ ডিফেঞ্চ চিষ্টেমে বছাব পৰা নাই পাকিস্তানক। কেইবাটাও এয়াৰ ডিফেঞ্চ চিষ্টেম ধ্বংস কৰিছে ভাৰতে। ৪ টাকৈ মিছাইল আক্ৰমণত কঁপি উঠিছে লাহোৰ।

ছিজনৰ মাজভাগতে বিদেশী খেলুৱৈয়ে এৰিব পাৰে পিএছএল; ভাৰতৰ আক্ৰমণৰ পিছত বিপদত পৰিছে পিচিবি

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতে ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিছে।ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত ভাৰতে ড্ৰ’ন আক্ৰমণ কৰিছে।

ইয়াৰ বাবে আজি নিশা পেছাৱৰ জালমি আৰু কৰাচী কিংছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন পিছুৱাই দিয়া হৈছে।

ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সন্মুখত ডাঙৰ সংকট আহি পৰিছে।

পাকিস্তান ছুপাৰ লীগ ২০২৫ত খেলা বিদেশী খেলুৱৈসকলে ঘৰলৈ উভতি যোৱাৰ বিকল্পৰ কথা বিবেচনা কৰিছে।

বুধবাৰে পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ আক্ৰমণৰ পিছতে পাকিস্তানত ক্ৰিকেট খেলাৰ ক্ষেত্ৰত ইংলেণ্ডৰ খেলুৱৈসকল দ্বিধাদ্বন্দ্বৰ সন্মুখীন হৈছে।

বুধবাৰে পুৱা ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ড আৰু পেছাদাৰী ক্ৰিকেটাৰ্ছ এছ’চিয়েশ্যনৰ মাজত জৰুৰী আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়।এই সময়ত খেলুৱৈসকলক ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হোৱা নাই।

জানিব পৰা মতে, বহু খেলুৱৈয়ে নিজৰ বিকল্পৰ কথা বিবেচনা কৰি ঘৰলৈ উভতি যাবলৈ বিচাৰিছে। ভাৰতীয় আক্ৰমণৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে জৰুৰী বৈঠক আহ্বান কৰিছে যে পি এছ এল বন্ধ কৰিব লাগে নেকি?

অৱশ্যে  লীগ অব্যাহত ৰখাৰ ক্ষেত্ৰত পিচিবিয়ে চৰকাৰৰ পৰামৰ্শ মানি চলিব। একে সময়তে ইংলেণ্ড দলটোৱে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাব বুলি আশংকা কৰিছে যদিও বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খেলুৱৈসকলে অপেক্ষা কৰাৰ নীতি গ্ৰহণ কৰিছে।

ভাৰতৰ ড্ৰণ আক্ৰমণত ধ্বংস পাকিস্তানৰ ৰাৱালপিণ্ডি ষ্টেডিয়াম; বাতিল হ’ল পি এছ এলৰ মেচ

পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক উত্তেজনাৰ শিখৰত উপনীত হৈছে। যোৱা ৭ মে’ত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত আৰম্ভ কৰা অপাৰেচন চিণ্ডুৰৰ পিছৰে পৰা পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।

ইফালে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তান ছুপাৰ লীগৰ সকলো খেলুৱৈক শীঘ্ৰে ৰাৱালপিণ্ডি এৰি যাবলৈ নিৰ্দেশ জাৰি কৰিছে।কাৰণ ভাৰতে পাকিস্তানৰ ৰাৱালপিণ্ডি ষ্টেডিয়ামত আক্ৰমণ কৰি সেই ষ্টেডিয়াম ধ্বংস কৰিছে।

এই কাৰণতে এতিয়া ৰাৱালপিণ্ডি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া সকলো মেচ বাতিল কৰা হৈছে। এই ড্ৰণ আক্ৰমণৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাৱালপিণ্ডি ষ্টেডিয়ামত ড্ৰ’ন আক্ৰমণৰ ফলত ষ্টেডিয়ামৰ বহু ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে।