ভাৰতৰ ১৫ খনকৈ চহৰৰ ভাৰতীয় সামৰিক ঘাটিত আক্ৰমণৰ চেষ্টা পাকিস্তানৰ; ভাৰতে কৰিলে বিফল

৭ মে’ৰ নিশা পাকিস্তানে ড্ৰ’ন আৰু মিছাইল ব্যৱহাৰ কৰি অৱন্তীপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বাথিণ্ডা, চণ্ডীগড়, নল, ফালোডী, উত্তৰলাই আৰু ভূজকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও সামৰিক প্ৰতিষ্ঠানত আক্ৰমণৰ চেষ্টা চলায়।

কিন্তু ভাৰতীয় সেনাই ইউ এ এছ গ্ৰীড আৰু এয়াৰ ডিফেন্স চিষ্টেমৰ জৰিয়তে এই আক্ৰমণসমূহ নিষ্ক্ৰিয় কৰিছিল। এই আক্ৰমণৰ ধ্বংসাৱশেষ এতিয়া বহু ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছে যিয়ে পাকিস্তানৰ আক্ৰমণ নিশ্চিত কৰে।

আজি পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ একাধিক স্থানত এয়াৰ ডিফেন্স ৰাডাৰ আৰু চিষ্টেমক লক্ষ্য কৰি লয়।সূত্ৰ অনুসৰি ভাৰতীয় সেনাই লাহোৰত এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিছে।

ভাৰতে এই আক্ৰমণৰ প্ৰতি একেধৰণে, একে তীব্ৰতাৰে আৰু একে অঞ্চলতে প্ৰত্যুত্তৰ দিছে।আজি পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ কেইবাটাও বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু ব্যৱস্থাক লক্ষ্য কৰি লয়।

ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে পাকিস্তানৰ কোনো সামৰিক মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা নাই আৰু এতিয়াও ভাৰতৰ লক্ষ্য যুদ্ধ বৃদ্ধি কৰা নহয় বৰঞ্চ প্ৰত্যুত্তৰ দিয়াহে।

অপাৰেচন সিন্দুৰৰ পিছতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল লাহোৰ…

ভাৰতৰ অপাৰেচন সিন্দুৰক লৈ আতংকিত হৈ পৰিছে পাকিস্তান । এই অভিযানৰ অধীনত ৯ স্থানত পাকিস্তানী সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰে ভাৰতে । ইয়াৰ পিছতে এতিয়া ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছে লাহোৰ । অবিৰতভাৱে বিস্ফোৰণৰ শব্দ শুনি ঘৰৰ পৰা ওলাই আহি বাহিৰত গোট খাইছে স্থানীয় লোক । বিস্ফোৰণৰ ফলত অঞ্চলটোত আতংকময় পৰিবেশে বিৰাজ কৰিছে ।

পাকিস্তানৰ সামা টিভিৰ এক প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে পুৱা লাহোৰৰ ৱালটন ৰোডত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । ৱালটাৰ বিমানবন্দৰৰ সমীপৰ লাহোৰৰ গোপাল নগৰ আৰু নাছিৰাবাদ অঞ্চলত ধাৰাবাহিক বিস্ফোৰণৰ শব্দ শুনা যায় । ছাইৰেন বজোৱাৰ পিছত মানুহবোৰ ভয়তে ঘৰৰ পৰা ওলাই আহে । অঞ্চলতোৰ চৌদিশে ধোঁৱাৰ ডাৱৰ ওপৰলৈ উঠি অহা দেখা গৈছে ।

একাংশৰ মতে বিমানবন্দৰৰ সমীপত সংঘটিত হৈছে ড্ৰোন বিস্ফোৰণ । এই বিস্ফোৰণ ড্ৰ’নৰ ফলত হোৱাৰ সম্ভাৱনা আছে । জামিং চিষ্টেমৰ বাবে ড্ৰ’নখন গুলীয়াই ভূপতিত কৰা হৈছে বুলিও অনুমান কৰা হৈছে ।

স্থানীয় লোকে জনোৱা মতে, লাহোৰৰ আকছাৰী ৫ ৰোডৰ সমীপতো দুটাকৈ বিস্ফোৰণৰ শব্দ শুনা যায় । ইয়াত নৌসেনা মহাবিদ্যালয়ৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল ।

উল্লেখ্য যে সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙিবলৈ ভাৰতীয় সেনাই মঙলবাৰে গভীৰ নিশা অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলাইছিল । ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাৰ যৌথ অভিযানত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত বিমান আক্ৰমণ চলোৱা ৯টা সন্ত্ৰাসবাদী ঘাটিৰ ভিতৰত বাহাৱালপুৰ, মুৰিদকে, গুলপুৰ, ভীম্বাৰ, চক আমৰু, বাগ, কোটলি, ছিয়ালকোট আৰু মুজাফ্ফৰাবাদ আদি অন্যতম । বাহাৱালপুৰৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় আৰু মুদিৰ্কেৰ লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হয় ।

২৪ ঘণ্টাত পাকিস্তানী সেনাৰ ওপৰত বেলুচ বিদ্ৰোহীৰ দ্বিতীয়টো আক্ৰমণ… ৭ জোৱানক হত্যাৰ দাবী

ভূতৰ ওপৰত দানহ পৰাদি পাকিস্তানী সেনাৰ ওপৰত পুনৰ আক্ৰমণ কৰিছে বেলুচ বিদ্ৰোহীয়ে । বিগত ২৪ ঘন্টাত পাকিস্তান সেনাবাহিনীৰ ওপৰত বেলুচৰ দ্বাৰা এয়া দ্বিতীয়টো বৃহৎ আক্ৰমণ, য’ত ৭ জন জোৱান নিহত হোৱাৰ দাবী কৰা হৈছে ।

এই আক্ৰমণ বোলানৰ মাচকুণ্ডত সংঘটিত হয় । বেলুচ লিবাৰেচন আৰ্মীৰ বিশেষ কৌশলগত অভিযান স্কোৱাডে পাকিস্তানী সেনাৰ এখন বাহনক লক্ষ্য কৰি আক্ৰমণ কৰে । ৰিম’ট ব্যৱহাৰ কৰি উৰুৱাই দিয়া হয় পাকিস্তানী সেনাৰ বাহনখন ।

পাকিস্তানী সেনাই সামৰিক অভিযানৰ বাবে সাজু হৈ থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় । এই আক্ৰমণত ৭ জন পাকিস্তানী জোৱানৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে ।

ইয়াৰ পূৰ্বেও বি এল এয়ে পাকিস্তানী সেনাক আক্ৰমণ কৰিছিল, য’ত বহু পাকিস্তানী সৈনিক নিহত হৈছিল । এই আক্ৰমণত কেচ জিলাৰ কিলাগ অঞ্চলত পাকিস্তানী সেনাৰ এটা দলক লক্ষ্য কৰি লোৱা হয় ।

বেলুচিস্তান সন্দৰ্ভত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বাহিদ খাকান আব্বাছীয়ে কয় যে বেলুচিস্তান বনৰীয়া ঘোঁৰাৰ দৰে, যাৰ ওপৰত পাকিস্তানৰ কোনো নিয়ন্ত্ৰণ নাই আৰু ৰাতি ই আৰু অধিক বন্য হৈ পৰে ।

পাকিস্তানত ১০০ কিলোমিটাৰ ভিতৰলৈ আক্ৰমণ… জানক ভাৰতৰ বিমান আক্ৰমণত ধ্বংস হোৱা ৯ টা স্থান কি কি ?

সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰি ভাৰতে মঙলবাৰে নিশা ১.৩০ বজাত ৯টা পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলায় । এই আক্ৰমণৰ নাম দিয়া হৈছে ‘অপাৰেচন সিন্দুৰ’ । এই অভিযান আছিল তিনিওটা সেনাৰ যৌথ অভিযান । ভাৰতৰ শক্তিশালী বাহিনীয়ে পাকিস্তানৰ ৪টা স্থান আৰু PoKৰ ৫টা স্থানক লক্ষ্য কৰি লয় । ভাৰতীয় চোৰাংচোৱা সংস্থা RAW-এ সকলো লক্ষ্য চিনাক্ত কৰিছিল, তাৰ পিছত সম্পূৰ্ণ পৰিকল্পনাৰে লস্কৰ আৰু জৈছৰ ঘাটিত আক্ৰমণ কৰা হৈছিল । ভাৰতে কোন কোন ঠাই আক্ৰমণ কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা কিমান দূৰত আছে জানক ।

বাহাৱালপুৰ– আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত, জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় আছিল, যি ভাৰতে ধ্বংসস্তুপত পৰিণত কৰে ।

মুৰিদকে- আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই স্থান সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থান । ২৬/১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত লস্কৰ-ই-তৈবা শিবিৰৰ আছিল ইয়াত ।

গুলপুৰ- এই সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান LoC (পুঞ্চ-ৰাজৌৰী)ৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ।

লস্কৰ কেম্প ছাৱাই– এই সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান পি অ’ কে টাংধৰ ছেক্টৰৰ ভিতৰত ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ।

বিলাল কেম্প- জয়ছ-ই-মহম্মদৰ লঞ্চপেড, এই আত্মগোপন স্থানৰ সহায়ত সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী প্ৰেৰণ কৰা হৈছিল ।

কোটলি– LoC ৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত লস্কৰ শিবিৰ । এইটো আছিল ৫০টাতকৈ অধিক সন্ত্ৰাসবাদীক ৰখাৰ ক্ষমতা থকা আত্মগোপনৰ স্থান ।

বৰনালা কেম্প- এই সন্ত্ৰাসবাদী আত্মগোপনৰ স্থান LoC ৰ পৰা ১০ কিলোমিটাৰ দূৰত আছিল ।

চৰজাল কেম্প- সাম্বা-কথুৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত জয়ছৰ প্ৰশিক্ষণ কেন্দ্ৰ ।

৯ মেহমুনা কেম্প (শিয়ালকোটৰ ওচৰত)–  ই হিজবুল মুজাহিদীনৰ প্ৰশিক্ষণ শিবিৰ আছিল আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত আছিল ।

লক্ষ্য বাছনি কৰাৰ ক্ষেত্ৰত ভাৰতে সংযম প্ৰয়োগ কৰিলেঃ প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতৰ বিমান আক্ৰমণৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ‘কিছু সময়ৰ আগতে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পি অ’ কেত অৱস্থিত সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰিছিল, য’ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰা হৈছিল ।’ লগতে কোৱা হৈছে যে এই আক্ৰমণত মুঠ ৯ টা স্থানক লক্ষ্য কৰি লোৱা হৈছিল ।

ইয়াত স্পষ্টকৈ কোৱা হৈছে যে আমাৰ কাৰ্য্য অপ্ৰৰোচনামূলক । কোনো পাকিস্তানী সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হোৱা নাই । ভাৰতে নিজৰ লক্ষ্য বাছনি কৰাৰ ক্ষেত্ৰত সংযম অব্যাহত ৰাখিছে ।

নিশা পাকিস্তান শুই থাকোতেই ভাৰতৰ এক্সন… পাকিস্তান আৰু পি অ’ কেৰ ভিতৰত ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’

বুধবাৰে নিশা ১.৩০ বজাত ভাৰতে ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰে । তিনিওটা বাহিনীৰ যৌথ অভিযানত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণ চলোৱা হয় । ইয়াৰ ভিতৰত পাকিস্তান পঞ্জাৱৰ বাহাৱালপুৰত অৱস্থিত জৈছ-ই-মহম্মদ (JeM) আৰু মুৰিদকেত অৱস্থিত লস্কৰ-ই-তৈবা (LeT)ৰ মুখ্য কাৰ্যালয় আছে । ভাৰতীয় বাহিনীয়ে সংঘটিত কৰা এই আক্ৰমণত কোনো পাকিস্তানী সামৰিক ঘাটি লক্ষ্য কৰি লোৱা হোৱা নাই । ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা কৰা ঠাইবোৰত এই আক্ৰমণ সংঘটিত হৈছিল ।

পাকিস্তানী সেনাৰ এগৰাকী মুখপাত্ৰই বি বি চিক দিয়া এক সাক্ষাৎকাৰত নিশ্চিত কৰিছে যে ভাৰতীয় বায়ুসেনাই বাহাৱালপুৰ আৰু মুৰিদকে লক্ষ্য কৰি লৈছিল । উল্লেখ্য যে জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় বাহাৱালপুৰত, যিটো ১৯৯৯ চনত ইণ্ডিয়ান এয়াৰলাইন্সৰ আই চি-৮১৪ বিমান অপহৰণৰ বিনিময়ত মুকলি কৰি দিয়া মাছুদ আজহাৰৰ দুৰ্গ হৈ আহিছে । এই সন্ত্ৰাসবাদী সংগঠনটোৱে ভাৰতত সংসদ ভৱন আক্ৰমণ(২০০১), জম্মু-কাশ্মীৰ বিধানসভা আক্ৰমণ (২০০০), পাঠানকোট এয়াৰবেছ আক্ৰমণ (২০১৬) আৰু পুলৱামা আত্মঘাতী আক্ৰমণ (২০১৯)দৰে কাণ্ডত জড়িত হৈ আহিছে ।

লাহোৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত অৱস্থিত মুৰিদকে হাফিজ ছইদৰ নেতৃত্বত গঠিত লস্কৰ-ই-তৈবাৰ দুৰ্গ হিচাপে পৰিগণিত হৈ আহিছে । এই সংগঠনটো ২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড আৰু ভাৰতৰ অন্যান্য চহৰ যেনে বেংগালুৰু, হায়দৰাবাদ আৰু জম্মু-কাশ্মীৰতো সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত হৈ আহিছে । ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সন্ত্ৰাসবাদী হাফিজ ছইদ ভাৰতৰ মষ্ট ৱাণ্টেড তালিকাত অন্তৰ্ভুক্ত ।

পাকিস্তানত বিমান আক্ৰমণৰ পিছত ভাৰতীয় সেনাক প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বক্তব্য প্ৰকাশ পাইছে, তেওঁ লিখিছে – ‘ভাৰত মাতা কি জয়’ ।

এই অভিযানৰ সময়ত পাকিস্তানৰ সামৰিক সুবিধাসমূহ লক্ষ্য কৰা হোৱা নাছিল । এই কাৰ্য্যৰ প্ৰকৃত উদ্দেশ্য সন্ত্ৰাসবাদ নিৰ্মূল কৰা আৰু চুবুৰীয়া দেশখনৰ সৈতে সংঘাত বৃদ্ধি কৰা নহয় । ভাৰতৰ ২৫৯টা স্থানত অনুষ্ঠিত হ’বলগীয়া ম’ক ড্ৰিলৰ কেইঘণ্টামান পূৰ্বে ভাৰতীয় বায়ুসেনাই এই আক্ৰমণ চলাই । এই আক্রমণ সন্দর্ভত চৰকাৰে দিয়া বক্তব্যৰ লগে লগে ভাৰতীয় সেনাই টুইট কৰি ন্যায় লাভ কৰা বুলি কয় ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, “কিছু সময়ৰ পূৰ্বে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰিছিল য’ৰ পৰা ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰা হৈছিল ।” বিবৃতিটোত কোৱা হৈছে যে মুঠ ৯ টা স্থানক লক্ষ্য কৰি লোৱা হৈছিল । ইয়াত স্পষ্টকৈ কোৱা হৈছে যে আমাৰ কাৰ্য্য অপ্ৰৰোচনামূলক । কোনো পাকিস্তানী সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হোৱা নাই । ভাৰতে নিজৰ লক্ষ্য বাছনি কৰাৰ ক্ষেত্ৰত সংযম অব্যাহত ৰাখিছে ।

একে সময়তে পাকিস্তানত ভাৰতৰ বিমান আক্ৰমণৰ পিছত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে আমি প্ৰতিবেদনৰ জৰিয়তে তথ্য লাভ কৰিছো, যদিও এই সময়ত আমাৰ হাতত কোনো তথ্য না ই। আমি ইয়াৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰি আছো ।

উল্লেখ্য যে,  ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত ২৬জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল । এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল । ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে তিনিওটা শক্তিকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মুক্ত হাত দিছিল ।

ভাৰতে ল’লে প্ৰতিশোধ… ইটোৰ পিছত সিটো আক্ৰমণত কঁপি উঠিল পাকিস্তান

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতে । চলি থকা উত্তেজনাৰ মাজতে ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰে ভাৰতে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিনৰ পাছতে এই প্ৰতিশোধ লৈছে ভাৰতে । তথ্য অনুসৰি ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলাইছে । ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এই অভিযানৰ নাম ৰাখিছে ‘অপাৰেচন সিন্দুৰ’ ।

অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাই যৌথ অভিযান চলাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ কেইবাটাও স্থানত আক্ৰমণ চলাই । সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ ভাৰতীয় বাহিনীয়ে নিখুঁত ষ্ট্ৰাইক ব্যৱহাৰ কৰে । লগে লগে ভাৰতৰ মাটিৰ পৰা সন্ত্ৰাসবাদীক শিক্ষা দিছে ভাৰতীয় সেনাই ।

৯টা স্থানৰ ভিতৰত চাৰিটা পাকিস্তানত আৰু পাঁচটা পাকিস্তান অধিকৃত কাশ্মীৰত-

সূত্ৰ অনুসৰি ভাৰতীয় সেনাই সফলতাৰে লক্ষ্য কৰি লোৱা ৯টা স্থানৰ ভিতৰত চাৰিটা পাকিস্তানত আৰু ৫টা পাকিস্তান অধীকৃত কাশ্মীৰত । পাকিস্তানৰ ঘাটিসমূহৰ ভিতৰত আছে বাহাৱালপুৰ, মুৰিদকে আৰু শিয়ালকোট । সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি বিশেষ নিখুঁত অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল । তিনিওটা বাহিনীয়ে যৌথভাৱে এই অভিযান চলায় । ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতাত লোৱা ভূমিকাৰ বাবে জয়ছ-ই-মহম্মদ আৰু লস্কৰৰ শীৰ্ষ নেতৃত্বক লক্ষ্য কৰি ভাৰতীয় সেনাই এই আক্ৰমণৰ স্থান নিৰ্বাচন কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশ য’ৰ পৰাই আহিছিল ভাৰতীয় বাহিনীয়ে সেই সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি লৈছে । মুঠতে ৯টা স্থানক লক্ষ্য কৰি লোৱা হৈছিল । আমাৰ কাৰ্য্যসমূহ কেন্দ্ৰীভূত, পূৰ্ব পৰিকল্পিত আৰু অ-উগ্ৰ প্ৰকৃতিৰ হৈ আহিছে । কোনো পাকিস্তানী সামৰিক সুবিধাক লক্ষ্য কৰি লোৱা হোৱা নাছিল ।

লক্ষ্য বাছনি আৰু আক্ৰমণৰ ধৰণত ভাৰতে যথেষ্ট সংযম দেখুৱাইছে বুলি মন্ত্ৰালয়ে কয় । পহলগামত ২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক নিহত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই আক্ৰমণৰ বাবে দায়ীসকলক জবাবদিহি কৰা হ’ব কোৱা আমাৰ প্ৰতিশ্ৰুতি পালন কৰিছো । ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত বিতং তথ্য শীঘ্ৰে প্ৰদান কৰা হ’ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।

বেলুচিস্তানৰ বোলানত পাকিস্তানী সেনাৰ বাহনত আক্ৰমণ, এজন বিষয়াসহ ৬ জোৱান নিহত

বেলুচিস্তানৰ বোলান অঞ্চলত পাকিস্তানী সেনাৰ এখন বাহনক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হৈছে । এই বিস্ফোৰণত এজন বিষয়াসহ ৬ জন জোৱান নিহত হোৱাৰ বিপৰীতে ৫ জন জোৱান আহত হৈছে । সেনাৰ বাহনখন ৰুটিন পেট্ৰ’লত থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় । স্থানীয় খবৰ অনুসৰি বিস্ফোৰণটো অতি শক্তিশালী হোৱাৰ বাবে গাড়ীখনৰ সম্পূৰ্ণৰূপে ক্ষতিসাধন হয় ।

আহতসকলক ওচৰৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । কোনো সংগঠনে এতিয়াও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এই অঞ্চলটো ইয়াৰ পূৰ্বেও বহুবাৰ উগ্ৰপন্থী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ আহিছে ।

উল্লেখ্য যে মাত্ৰ ১০ দিন পূৰ্বে শুকুৰবাৰে বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰ মাৰ্গাট অঞ্চলত বেলুচ লিবাৰেচন আৰ্মীয়ে এক বৃহৎ আক্ৰমণ চলাইছিল, য’ত ১০ জন পাকিস্তানী সেনা জোৱান নিহত হৈছিল । ইয়াৰ পূৰ্বেও IED  ব্যৱহাৰ কৰি সেনাবাহিনীৰ কনভয়ক লক্ষ্য কৰি লোৱা হৈছিল । ৰিম’ট কণ্ট্ৰ’লড ডিভাইচ ব্যৱহাৰ কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছে বুলি বি এল এই নিশ্চিত কৰিছে ।

বি এল এৰ মুখপাত্ৰ জিয়ান্দ বালোচে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে আমাৰ যোদ্ধাই ৰিম’ট কণ্ট্ৰ’লড আই ই ডিৰ জৰিয়তে শত্ৰুৰ কনভয়ক লক্ষ্য কৰি লৈছিল । বিস্ফোৰণত সেনাবাহিনীৰ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে তাত থকা ১০ জন জোৱানৰ আটাইকেইজন জোৱান নিহত হয় ।

পহলগাম আক্ৰমণৰ গৰিহণা ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ… ভাৰত-পাকিস্তানক সংযম বজাই ৰখাৰ আহ্বান

পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পাইছে । এতিয়া ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে দুয়োখন দেশকে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছে । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে কয় যে সামৰিক সমাধান কোনো সমাধান নহয় । ইয়াৰ লগতে তেওঁ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে । উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত আছে ।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে সোমবাৰে উদ্বেগ প্ৰকাশ কৰে যে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা “বহু বছৰৰ ভিতৰত সৰ্বাধিক” । লগতে দুয়োখন দেশক সৰ্বাধিক সংযম আৰু পিছুৱাই যাবলৈ আহ্বান জনাই তেওঁ ।

আক্ৰমণৰ পিছত হোৱা কঠিন অনুভৱবোৰ মই বুজি পাওঁ : গুটেৰেছ

গুটেৰেছে এক চমু বিবৃতিত কয় যে ভুল নকৰিব : সামৰিক সমাধান কোনো সমাধান নহয় । লগতে তেওঁ কয় যে ২২ এপ্ৰিলত পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যি কঠোৰ অনুভূতি তেওঁ বুজি পাইছে । তেওঁ পুনৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো গ্ৰহণযোগ্য নহয় : গুটেৰেছ

সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো গ্ৰহণযোগ্য নহয় আৰু বিশ্বাসযোগ্য আৰু বৈধ উপায়েৰে দাোষীক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগিব বুলিও তেওঁ কয় ।

তেওঁ কয় যে, “ৰাষ্ট্ৰসংঘই যিকোনো পদক্ষেপক সমৰ্থন কৰিবলৈ সাজু আছে যিয়ে ডি-এস্কেলেচন, কূটনীতি আৰু শান্তিৰ প্ৰতি নৱীকৃত প্ৰতিশ্ৰুতিক প্ৰসাৰিত কৰে ।”

৭ মে’ত সমগ্ৰ দেশতে বাজিব চাইৰেন, ৰাজ্যসমূহক ম’ক ড্ৰিল কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্যকে ৭ মে’ত অসামৰিক প্ৰতিৰক্ষা ম’ক ড্ৰিল অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে যাতে কোনো জৰুৰীকালীন অৱস্থাত জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত হয় ।

এই মক ড্ৰিলত তলত দিয়া পদক্ষেপ গ্ৰহণ কৰা হ’ব –

-এয়াৰ ৰেইডৰ সতৰ্কবাণী চাইৰেন সক্ৰিয় হ’ব ।

-সাধাৰণ নাগৰিক, ছাত্র-ছাত্রী আদিক কোনো ধৰণৰ আক্রমণ হ’লে কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰি তাৰ প্রশিক্ষণ দিয়া হ’ব ৷

-ব্লেকআউটৰ ব্যৱস্থা কৰা হ’ব । অৰ্থাৎ প্ৰয়োজনৰ সময়ত বিদ্যুৎ বন্ধ কৰি দিব লাগে যাতে শত্ৰুৱে কোনো লক্ষ্য দেখা নাপায় ।

-গুৰুত্বপূৰ্ণ কাৰখানা আৰু ঘাটি লুকুৱাই ৰখাৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে কৰা হ’ব ।

-খালী কৰাৰ পৰিকল্পনা আপডেট কৰি আখৰা কৰা হ’ব ।

পহলগাম আক্ৰমণৰ পিছত ভাৰত-পাক সম্পৰ্কৰ পুনৰ অৱনতি-

দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধৰ বিকল্পৰ কথা বিবেচনা কৰি থকাৰ সময়তে গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে । এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয় । ইয়াৰে অধিকাংশই আছিল পৰ্যটক ।

এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আছে সিন্ধু জল সন্ধি স্থগিত ৰখা, পাকিস্তানী উচ্চায়ুক্তৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰা, আটৰী চেক প’ষ্ট বন্ধ কৰা আৰু সকলো শিতানত ডাক সেৱা বন্ধ কৰা আদি ।

চৰকাৰক সমৰ্থন বিৰোধী দলৰ-

সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৰকাৰে সশস্ত্ৰ বাহিনীক নিজৰ সময় আৰু পদ্ধতিৰে সিদ্ধান্ত লোৱাৰ স্বাধীনতা প্ৰদান কৰিছে । এই আক্ৰমণৰ পিছত চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু এই আক্ৰমণৰ দোষীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাক বিৰোধী দলসমূহেও সমৰ্থন আগবঢ়াইছে । সন্ত্ৰাসবাদী আক্ৰমণৰ সীমা অতিক্ৰম সংযোগৰ বিষয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ এদিন পিছতে কেবিনেট কমিটী অন ছিকিউৰিটিৰ বৈঠকত অৱগত কৰা হয় ।