পাকিস্তানৰ পিছত এইবাৰ নিষিদ্ধ চীনৰ অপপ্ৰচাৰ… গ্ল’বেল টাইমছ, জিনহুৱাৰ এক্স একাউণ্ট ব্লক

ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বুধবাৰে ভাৰতীয় সেনাৰ বিৰুদ্ধে অসত্য দাবী উত্থাপন কৰাৰ বাবে চীন চৰকাৰৰ মুখপত্ৰ গ্ল’বেল টাইমছৰ এক্স হেণ্ডেল বন্ধ কৰি দিয়ে । গ্ল’বেল টাইমছৰ বিৰুদ্ধে এই কার্যৰ পাছতে ভাৰতে চীনৰ চৰকাৰী সংবাদ সংস্থা জিনহুয়াৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

চীনৰ সংবাদ সংস্থাই ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ অপপ্ৰচাৰ চলাইছিল বুলি কৈ ভাৰত চৰকাৰে জিনহুয়া (Xinhua) একাউণ্টটো ব্লক কৰিছে ।

গ্ল’বেল টাইমছৰ একাউণ্ট ব্লক কৰাৰ পূৰ্বে ভাৰতে মিছা আৰু বিভ্ৰান্তিকৰ বাতৰি চলাব নালাগে, কিন্তু পুংখানুপুংখ তদন্তৰ অন্ততহে বাতৰি প্ৰকাশ কৰিবলৈ সকীয়াই দিছিল । প্ৰকৃততে চীনৰ কাকতখনে ভাৰতৰ অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ খবৰ চলাই আছিল ।

এই সন্দৰ্ভত চীনত থকা ভাৰতীয় দূতাবাসে টুইটাৰত এটা পোষ্টত কয়, ‘প্ৰিয় গ্ল’বেল টাইমছ, আমি আপোনালোকক পৰামৰ্শ দিছো যে এনে ভুল তথ্য বিয়পোৱাৰ পূৰ্বে তথ্যসমূহ পৰীক্ষা কৰি আপোনালোকৰ উৎসৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰক ।’

দূতাবাসে আৰু কয়, ‘পাকিস্তানৰ সমৰ্থক বহু এক্স হেণ্ডলে অপাৰেচন সিন্দুৰ সম্পৰ্কত ভিত্তিহীন দাবী উত্থাপন কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে । যেতিয়া সংবাদ মাধ্যমে উৎস পৰীক্ষা নকৰাকৈয়ে এনে তথ্য শ্বেয়াৰ কৰে, তেতিয়া ই দায়িত্ব আৰু সাংবাদিকতাৰ নৈতিকতাৰ গুৰুতৰ ভুল প্ৰতিফলিত কৰে ।’

পাকিস্তানে কৰা ভুৱা দাবীৰ ভিত্তিত গ্ল’বেল টাইমছে প্ৰকাশ কৰিছিল বাতৰি-

পাকিস্তানী বায়ুসেনাৰ ভুৱা দাবীৰ ভিত্তিত গ্ল’বেল টাইমছে এই বাতৰি চলাইছিল । ভাৰতীয় দূতাবাসে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ এটা তথ্য পৰীক্ষা পোষ্টৰ উদ্ধৃতি দি পাকিস্তান সমৰ্থক হেণ্ডেলৰ দ্বাৰা প্ৰচাৰিত ভুল তথ্য উন্মোচন কৰে ।

পি আই বিৰ ফেক্ট চেক পোষ্টত কোৱা হৈছিল, ‘পাকিস্তানৰ সমৰ্থক হেণ্ডেলসমূহে বৰ্তমানৰ প্ৰেক্ষাপটত পুৰণি ফটোৰ অপব্যৱহাৰ কৰিছে । এইবোৰৰ পৰা সাৱধান হওক । এখন পুৰণি ফটো, য’ত এখন দুৰ্ঘটনাগ্ৰস্ত বিমান দেখুওৱা হৈছে, য’ত প্ৰচাৰ কৰা হৈছে যে পাকিস্তানে অপাৰেচন সিন্দুৰৰ সময়ত বাহাৱালপুৰৰ সমীপত ভাৰতীয় ৰাফেল জেট বিমানখন ভূপতিত কৰিছে ।‘

পোষ্টটোত আৰু কোৱা হৈছে যে, ‘এই ছবিখন ২০২১ চনত পঞ্জাৱৰ মোগা জিলাত ভাৰতীয় বায়ুসেনাৰ মিগ-২১ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পুৰণি ঘটনাৰ ।’ ভাৰতীয় দূতাবাসে ইয়াক দায়িত্বহীন আৰু সাংবাদিকতাৰ নিয়মৰ বিৰুদ্ধে আখ্যা দিছিল । ইয়াৰ পিছতে দূতাবাসে গ্ল’বেল টাইমছক সকীয়াই দিয়ে যে এনে ভুৱা খবৰৰ ওপৰত চকু ৰাখিব আৰু প্ৰয়োজন হ’লে ব্যৱস্থা গ্ৰহণ কৰিব ।

ভাৰতৰ ভয়ত পাকিস্তানে এৰি দিলে বি এছ এফ জোৱানক… ২০ দিনৰ পাছত স্বদেশলৈ উভতিল পূৰ্ণম কুমাৰ

পাকিস্তানে ভাৰতৰ বি এছ এফৰ জোৱান পূৰ্ণম কুমাৰ শ্ব’ক ঘূৰাই দিছে । পাকিস্তানী ৰেঞ্জাৰে আট্টাৰী ৱাগাহ সীমান্তৰ মাজেৰে বি এছ এফৰ কনিষ্টবলজনক দেশলৈ উভতাই পঠিয়াইছে । বিগত বিশ দিন তেওঁ পাকিস্তানৰ জিম্মাত আছিল । পুৱা ১০:৩০ বজাত স্বদেশলৈ উভতি আহে কনিষ্টবল পূৰ্ণম কুমাৰ । ইতিমধ্যে জোলানজনক সোধ-পোছ অব্যাহত আছে ।

কেনেকৈ পাকিস্তানৰ হাতত বন্দী হ’ল পূৰ্ণম কুমাৰ ?

ভুলবশতঃ আন্তৰ্জাতিক সীমান্ত পাৰ হৈ পূৰ্ণম কুমাৰ পাকিস্তানত উপস্থিত হোৱাৰ পিছতে তেওঁক পাকিস্তান ৰেঞ্জাৰে জিম্মাত লয় । তেওঁ পঞ্জাৱৰ ফিৰোজপুৰ ছেক্টৰত পোষ্ট আছিল । ভাৰতে ৭ মে’ত ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত সন্ত্ৰাসবাদী আত্মগোপন স্থানত নিখুঁত আক্ৰমণ চলাইছিল । ইয়াৰ পিছতে পাকিস্তানে ভাৰতৰ কেইবাটাও স্থানক লক্ষ্য কৰি ব্যৰ্থ আক্ৰমণ চলাই ।  যাৰ ফলত দুয়ো দেশৰ মাজত উত্তেজনা বৃদ্ধি পায় । এনে পৰিস্থিতিত পূৰ্ণমৰ পৰিয়ালৰ চিন্তা বৃদ্ধি পাই ।

ডি জি এম অ’ৰ সৈতে হোৱা আলোচনাত পূৰ্ণম কুমাৰৰ বিষয়টো উত্থাপন হ’ব বুলি আশা প্ৰকাশ কৰিছিল পূৰ্ণম কুমাৰৰ পত্নী ৰজনীয়ে । তেওঁ কৈছিল, ‘যেতিয়া ৩ মে’ত ভাৰতীয় সেনাই ৰাজস্থানত এজন পাকিস্তানী ৰেঞ্জাৰক আটক কৰি ৰাখিছিল, তেতিয়া এনে লাগিছিল যে হয়তো মোৰ স্বামীকো মুকলি কৰি দিয়া হ’ব । কিন্তু এনে নহ’ল । এতিয়া ডি জি এম অ’ৰ আলোচনাৰ পৰা নতুন আশাৰ সৃষ্টি হৈছে ।

ৰজনীয়ে লগতে কয় যে দেওবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক ফোন কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । মুখ্যমন্ত্রীয়ে শহুৰেকৰ বাবে চিকিৎসা সাহায্যৰ কথাও উল্লেখ কৰে ৷

পাকিস্তানৰ বন্ধু তুৰ্কীৰ বিৰুদ্ধে ট্ৰেড ষ্ট্ৰাইক…

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ প্ৰভাৱ এতিয়া কেৱল কূটনৈতিক ক্ষেত্ৰখনতে সীমাবদ্ধ হৈ থকা নাই । দেশৰ ব্যৱসায়ী শ্ৰেণী আৰু সাধাৰণ মানুহৰ সিদ্ধান্ততো ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা গৈছে । তুৰ্কীয়ে পাকিস্তানক মুকলিকৈ সমৰ্থন কৰাৰ পিছত সমগ্ৰ দেশতে ‘বয়কট তুৰ্কী’ অভিযানে গতি লাভ কৰিছে । মহাৰাষ্ট্ৰৰ পুনেৰ পৰা ৰাজস্থানৰ উদয়পুৰলৈকে ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা আমদানি কৰা সামগ্ৰী বৰ্জন কৰি অৰ্থনৈতিক দিশত তুৰ্কীক প্ৰত্যুত্তৰ দিয়াৰ কথা ঘোষণা কৰিছে ।

মহাৰাষ্ট্ৰৰ পুনেৰ ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা আমদানি কৰা আপেল বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে । এই আপেলসমূহ স্থানীয় বজাৰৰ পৰা নোহোৱা হৈ গৈছে আৰু গ্ৰাহকেও বৰ্জন কৰিছে । পুনেৰ ফলৰ বজাৰত প্ৰতি বছৰে তুৰ্কী আপেলৰ মূল্য প্ৰায় ১০০০ৰ পৰা ১২০০ কোটি টকা, কিন্তু এতিয়া এই ব্যৱসায় স্তব্ধ হৈ পৰিছে ।

পুনেৰ স্থানীয় বাসিন্দাসকলেও এই বৰ্জনত উৎসাহেৰে অংশগ্ৰহণ কৰিছে । গ্ৰাহকে কয় যে যেতিয়া আমাৰ দেশৰ বিৰুদ্ধে থিয় দিয়া দেশৰ পৰা সামগ্ৰী কিনিবলৈ বাধ্যবাধকতা নাই, তেতিয়া আমি কিয় কিনিম ? আমাৰ দেশত আন বিকল্পও আছে । চৰকাৰে এনে দেশৰ পৰা অহা উৎপাদিত সামগ্ৰী নিষিদ্ধ কৰি দেশৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰক ।

ইফালে এছিয়াৰ সৰ্ববৃহৎ মাৰ্বল ব্যৱসায় কেন্দ্ৰ হিচাপে পৰিচিত উদয়পুৰৰ ব্যৱসায়ীসকলে তুৰ্কীৰ পৰা মাৰ্বল আমদানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ কাৰণ হ’ল পাকিস্তানৰ প্ৰতি তুৰ্কীৰ সমৰ্থন ।

পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ভাৰত… উচ্চায়ুক্তৰ আন এজন বিষয়াক ২৪ ঘণ্টাৰ ভিতৰত দেশ এৰাৰ নিৰ্দেশ

ভাৰতে নতুন দিল্লীত পাকিস্তানী উচ্চায়ুক্তত কৰ্মৰত এজন বিষয়াক persona non grata বুলি ঘোষণা কৰি ২৪ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিছে । পাকিস্তানী বিষয়াজন তেওঁৰ অধিকাৰক্ষেত্ৰৰ বাহিৰত অন্যান্য সন্দেহজনক কামত জড়িত আছিল বাবে ভাৰতে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ভাৰতে আজি এই সন্দৰ্ভত পাকিস্তান উচ্চায়ুক্তৰ চাৰ্জ ডি এফেয়াৰৰ সন্দৰ্ভত ডেমাৰ্চ (আন এখন দেশৰ বিৰুদ্ধে লোৱা কূটনৈতিক পদক্ষেপ) জাৰি কৰি বিষয়াজনক ২৪ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে ।

কিন্তু পাকিস্তানী বিষয়াগৰাকীৰ পৰিচয় আৰু তেওঁ কেনেধৰণৰ সন্দেহজনক কামত জড়িত আছিল সেই সন্দৰ্ভত চৰকাৰে কোনো তথ্য প্ৰদান কৰা নাই । বৈদেশ মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, “ভাৰতত চৰকাৰী মৰ্যাদাৰ সৈতে অসংগতিপূৰ্ণ কাৰ্যকলাপত জড়িত হোৱাৰ বাবে ভাৰত চৰকাৰে নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তত কৰ্মৰত এজন পাকিস্তানী বিষয়াক নন গ্ৰেটা বুলি ঘোষণা কৰিছে । বিষয়াগৰাকীক ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ কোৱা হৈছে । এই সন্দৰ্ভত আজি পাকিস্তান উচ্চায়ুক্তৰ চাৰ্জ ডি এফেয়াৰ্ছলৈ এখন ডেমাৰ্চ জাৰি কৰা হয় ।”

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে নতুন দিল্লীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰ (PoK)ৰ ৯টা সন্ত্ৰাসবাদী আন্তঃগাঁথনি স্থান ধ্বংস কৰিবলৈ অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই অভিযানত ভাৰতে বিমান আক্ৰমণত জয়ছ, লস্কৰ আৰু হিজবুলৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে, য’ত কমেও ১০০টা সন্ত্ৰাসবাদী নিহত হয় ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ এদিন পিছত ২৩ এপ্ৰিলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে, য’ত নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ বিষয়াৰ সংখ্যা ৫৫ৰ পৰা ৩০লৈ হ্ৰাস কৰাকে ধৰি ভাৰতে পাকিস্তানৰ সকলো প্ৰতিৰক্ষা উপদেষ্টাক বহিষ্কাৰ কৰি এসপ্তাহৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে । ভাৰতে ইছলামবাদত থকা উচ্চায়ুক্তৰ পৰাও প্ৰতিৰক্ষা উপদেষ্টাসকলক প্ৰত্যাহাৰ কৰি কূটনীতিবিদৰ সংখ্যাও হ্ৰাস কৰে ।

‘PoK খালী কৰক পাকিস্তানে, কোনো তৃতীয় পক্ষই নকৰিব হস্তক্ষেপ’… যুদ্ধবিৰতিৰ মাজতে ভাৰতৰ সকীয়নি

ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে জম্মু-কাশ্মীৰৰ সৈতে জড়িত যিকোনো বিষয় ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিকভাৱেহে সমাধান হ’ব আৰু ইয়াত কোনো তৃতীয় পক্ষৰ কোনো ভূমিকা নাথাকিব । মঙলবাৰে এখন সংবাদমেলত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পাকিস্তানে অবৈধভাৱে দখল কৰা কাশ্মীৰ (পি অ’ কে) খালী কৰিব লাগিব । লগতে তেওঁ পুনৰ কয় যে ভাৰতৰ এই নীতি দীৰ্ঘদিন ধৰি চলি আহিছে আৰু ইয়াৰ কোনো পৰিৱৰ্তন হোৱা নাই ।

ভাৰত আৰু পাকিস্তানৰ ডি জি এম অ’ৰ মাজত ১০ মে’ত আলোচনাৰ অন্তত যুদ্ধবিৰতিৰ ওপৰত সহমত হোৱা বুলিও বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰে । কাৰিকৰী কাৰণত হটলাইনৰ জৰিয়তে ভাৰতৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ বাবে একেদিনাই দিনৰ ১২:৩৭ বজাত পাকিস্তানে যুদ্ধ বিৰতিৰ অনুৰোধ জনাইছিল । ইয়াৰ পিছত ভাৰতীয় ডি জি এম অ’ৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি ১৫:৩৫ বজাত কল নিৰ্ধাৰণ কৰা হৈছিল ।

‘উপায়বিহীন হৈ যুদ্ধবিৰতিৰ অনুৰোধ পাকিস্তানৰ’

ভাৰতে স্পষ্ট কৰি দিয়ে যে এয়া পাকিস্তানৰ বাধ্যবাধকতা, কাৰণ সেইদিনা পুৱা ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বৃহৎ বায়ুসেনাৰ ঘাটিত অতি ফলপ্ৰসূ আক্ৰমণ চলাইছিল । বৈদেশিক মন্ত্ৰালয়ে কয় যে ভাৰতীয় সামৰিক বাহিনীৰ শক্তিৰ বাবেই পাকিস্তানে গুলীচালনা আৰু সামৰিক ব্যৱস্থা বন্ধ কৰিবলৈ বাধ্য হয় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে অন্য দেশৰ সৈতে হোৱা আলোচনাত ভাৰতে একেই বাৰ্তা দিছে যে ২২ এপ্ৰিলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দি কেৱল সন্ত্ৰাসবাদী আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে । পাকিস্তানী সেনাই যদি গুলীচালনা কৰে তেন্তে ভাৰতীয় সেনাইও প্ৰতিশোধ ল’ব । কিন্তু পাকিস্তানে বন্ধ কৰিলে ভাৰতেও আক্ৰমণ বন্ধ কৰিব ৷ ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হোৱাৰ সময়ত পাকিস্তানকো একেই বাৰ্তা দিয়া হৈছিল, যিটো তেওঁলোকে সেই সময়ত আওকাণ কৰিছিল ।

‘আমেৰিকাৰ সৈতে কেৱল সামৰিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছিল, বাণিজ্য নহয়’

কাশ্মীৰ সন্দৰ্ভত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কথিত বক্তব্য সন্দৰ্ভত সোধাত বৈদেশিক মন্ত্ৰালয়ে পুনৰ কয় যে ভাৰতৰ স্থিতি স্পষ্ট আৰু দৃঢ়, জম্মু-কাশ্মীৰৰ সৈতে জড়িত যিকোনো বিষয় ভাৰত আৰু পাকিস্তানৰ দ্বিপাক্ষিক বিষয় । এই নীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই । পাকিস্তানে অবৈধভাৱে দখল কৰা ভাৰতীয় ভূখণ্ড (POK) খালী কৰিব লাগিব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে ৭ মে’ৰ পৰা ১০ মে’লৈ অপাৰেচন সিন্দুৰৰ সময়ত ভাৰত-আমেৰিকাৰ নেতাসকলৰ মাজত যিমানদূৰলৈকে আলোচনাৰ কথা আছে, কেৱল সামৰিক পৰিস্থিতিৰ ওপৰতহে আলোচনা কৰা হৈছিল আৰু বাণিজ্যৰ সৈতে জড়িত কোনো বিষয় উত্থাপন হোৱা নাছিল ।

‘বিনাশ আৰু ধ্বংসই হ’ব একমাত্ৰ পৰিণাম…’ পাকিস্তানক কঠোৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলন্ধৰৰ আদমপুৰ এয়াৰবেছ পৰিদৰ্শন কৰে । এই সময়ত তেওঁ সেনা জোৱান আৰু বিমান যোদ্ধাৰ মনোবল বৃদ্ধি কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে এয়াৰবেছত থকা জোৱানসকলৰ সৈতে নিজৰ ফটো উঠোৱাৰ লগতে পাকিস্তানৰ মিথ্যাচাৰো বিশ্বৰ আগত উদঙাই দিয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত মাতা কি জয় কেৱল এটা শ্লোগান নহয়, ই ভাৰত মাতৃৰ সন্মান আৰু মৰ্যাদাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰা দেশৰ প্ৰতিজন জোৱানৰ শপত । দেশৰ বাবে জীয়াই থাকিব বিচৰা প্ৰতিজন নাগৰিকৰ এই কণ্ঠ । এই ধ্বনি ক্ষেত্ৰতো গুঞ্জৰিত হয় আৰু মিছনতো ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া ভাৰতীয় জোৱানে ভাৰত কি জয় ধ্বনি দিয়ে তেতিয়া শত্ৰুৰ হৃদয় কঁপি উঠে । যেতিয়া আমাৰ মিছাইলবোৰে গৰ্জন কৰি নিজৰ লক্ষ্যত উপনীত হয়, তেতিয়া শত্ৰুৱে শুনিবলৈ পায় – ভাৰত মাতা কি জয় । ৰাতিৰ আন্ধাৰতো যেতিয়া আমি সূৰ্য্য উদয় কৰো তেতিয়া শত্ৰুৱে দেখা পায় – ভাৰত মাতা কি জয় । আমাৰ সেনাই যেতিয়া পাৰমাণৱিক বোমাৰ ভাবুকি বিফল কৰে তেতিয়া আকাশৰ পৰা পৃথিৱীলৈ মাত্ৰ এটা মাতহে গুঞ্জৰিত হয়- ভাৰত মাতা কি জয় । আপোনালোক সকলোৱে লাখ লাখ ভাৰতীয়ক গৌৰৱান্বিত কৰিছে । ই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছিল । আপোনালোকে ইতিহাস সৃষ্টি কৰিলে ।

তেওঁ কয় যে যেতিয়া বীৰসকলৰ ভৰিয়ে মাটি স্পৰ্শ কৰে তেতিয়া পৃথিৱী ধন্য হৈ পৰে । আনকি বহু দশকৰ পাছতো যেতিয়া ভাৰতৰ শক্তিৰ বিষয়ে আলোচনা হ’ব, তেতিয়া আপুনি আৰু আপোনালোকৰ সংগীসকল ইয়াৰ আটাইতকৈ বিশিষ্ট অধ্যায় হ’ব ৷ আপোনালোক সকলোৱে বৰ্তমানৰ লগতে দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও এক নতুন প্ৰেৰণা হৈ পৰিছে । এই বীৰ ভূমিৰ পৰা বায়ুসেনা, সেনা, নৌসেনাৰ সকলো বীৰ জোৱান আৰু দেশৰ বীৰক প্ৰণাম জনাইছো ।

তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ প্ৰতিধ্বনি শুনা গৈছে । প্ৰতিজন ভাৰতীয়ৰ প্ৰাৰ্থনা আপোনালোকৰ লগত আছে । দেশৰ প্ৰতিজন নাগৰিকে নিজৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে । অপাৰেচন সিন্দুৰ কোনো সাধাৰণ সামৰিক অভিযান নহয়; ই ভাৰতৰ নীতি, উদ্দেশ্য আৰু নিৰ্ণায়কতাৰ সংগম । ভাৰত গৌতম বুদ্ধৰ ভূমি আৰু লগতে গুৰু গোবিন্দ সিঙৰ ভূমি । অধৰ্মৰ বিৰুদ্ধে ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ অস্ত্ৰ তুলি লোৱাটো আমাৰ পৰম্পৰা ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকে কাপুৰুষৰ দৰে লুকাই থাকিল, তেওঁলোকে পাহৰি গ’ল যে তেওঁলোকে যিটোক প্ৰত্যাহ্বান জনাইছিল সেয়া ভাৰতীয় সেনা । আপোনালোকে শত্ৰুক সন্মুখৰ পৰা আক্ৰমণ কৰি হত্যা কৰিলে । আপোনালোকে সন্ত্ৰাসবাদৰ সকলো ডাঙৰ ঘাটি ধ্বংস কৰিলে । ধ্বংস হয় ৯টা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান । এশৰো অধিক সন্ত্ৰাসবাদী নিহত হয় । সন্ত্ৰাসৰ পৃষ্ঠপোষকে এতিয়া বুজি পাইছে যে ভাৰতৰ প্ৰতি চকু তুলিলে এটাই ফল হ’ব– ধ্বংস । ভাৰতত নিৰীহ লোকৰ তেজ বোৱাই দিয়াৰ এটাই ফল হ’ব– ধ্বংস আৰু বিনাশ ।

পাকিস্তানৰ বিৰুদ্ধে জল প্ৰহাৰ… খুলি দিয়া হ’ল চেনাবত নিৰ্মিত ছালাল বান্ধৰ পাঁচখন গেট

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ভাৰতৰ প্ৰতিশোধমূলক অপাৰেচন সিন্দুৰৰ পিছত পুনৰবাৰ পাকিস্তানৰ বিৰুদ্ধে জল আক্ৰমণ আৰম্ভ হৈছে । শনিবাৰে পুৱা ভাৰতে কূটনৈতিক আৰু সামৰিক হেঁচা বজাই ৰখাৰ লগতে চেনাব নদীৰ ওপৰত নিৰ্মিত ছালাল বান্ধৰ পাঁচখন গেট খুলি দিয়ে । ইয়াৰ বাবে পাকিস্তানত বানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ।

পুৱা ৬:১৫ বজাত জম্মু সংমণ্ডলৰ ৰিয়াছি জিলাত অৱস্থিত ছালাল বান্ধৰ পৰা পানী এৰি দিয়া হয় । দুদিন পূৰ্বেও বাগলীহাৰ বান্ধৰ দুখন গেট আৰু ছালাল বান্ধৰ তিনিখন গেট মুকলি কৰা হৈছিল । পানী এৰি দিয়াৰ পিছত শনিবাৰে চেনাবৰ পানীৰ স্তৰ ৰিয়াছি, তালৱাৰা, কানচিপট্টা, জে ডি, ডেৰা বাবাৰ তলৰ অঞ্চলৰ পৰা আখনূৰৰ গ্ৰাম্য অঞ্চললৈকে ২২ ফুটৰ ওপৰলৈ উঠি যায় ।

‘ভাৰতৰ বাবে যুদ্ধ বিকল্প নহয়…’ চীনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কি আলোচনা হ’ল এন এছ এ অজিত ডোভালৰ ?

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে শেহতীয়াকৈ টেলিফোনিক বাৰ্তালাপত দুয়োপক্ষই আঞ্চলিক স্থিতিশীলতা আৰু শান্তি বজাই ৰখাৰ ক্ষেত্ৰত সহযোগিতাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে । এই বাৰ্তালাপৰ সময়ত এন এছ এ ডোভালে চীনক স্পষ্ট কৰি দিয়ে যে, “যুদ্ধ ভাৰতৰ বাবে বিকল্প নহয় আৰু ই কোনো পক্ষৰ স্বাৰ্থত নহয় ।”

বিবৃতি অনুসৰি ৱাং য়িয়ে সন্ত্ৰাসবাদক গৰিহণা দিয়ে । বিশেষকৈ জম্মু-কাশ্মীৰৰ পালগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতীয় নিৰাপত্তা বাহিনী যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা বিষয়ত তীব্ৰ গৰিহণা দিয়ে তেওঁ । এই বাৰ্তালাপত অজিত ডোভালে কয় যে এই আক্রমণে ভাৰতীয় নিৰাপত্তা বাহিনীক ভয়াৱহ আঘাত কৰিছে, যাৰ প্রতিক্রিয়াত ভাৰতে প্রয়োজনীয় নিৰাপত্তা ব্যৱস্থা ল’ব লাগিব ৷

অঞ্চলটোত শীঘ্ৰেই শান্তিৰ আশা !

এন এছ এ ড’ভালে আলোচনাত স্পষ্ট কৰি দিয়ে যে ভাৰতে যুদ্ধৰ দিশে আগবাঢ়িব নিবিচাৰে কাৰণ সেয়া কাৰো স্বাৰ্থত নহয় । তেওঁ লগতে কয় যে ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু অতি সোনকালে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা প্ৰতিষ্ঠা কৰাৰ আশা কৰিছে ।

ভাৰত আৰু পাকিস্তান চীনৰো চুবুৰীয়া দেশ !

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয় যে বৰ্তমানৰ অস্থিৰ বিশ্ব পৰিস্থিতিত এছিয়াত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ । তেওঁ কয় যে কেৱল ভাৰত আৰু পাকিস্তান চুবুৰীয়াই নহয়, দুয়োখন চীনৰো চুবুৰীয়া দেশ, সেয়েহে তিনিওখন দেশৰ মাজত আলোচনা আৰু সহযোগিতাৰ জৰিয়তেহে আঞ্চলিক শান্তি সম্ভৱপৰ । ৱাং ইয়ে ডোভালৰ বক্তব্যক প্ৰশংসা কৰে য’ত তেওঁ কয় যে যুদ্ধ ভাৰতৰ বাবে বিকল্প নহয় ।

ৱাং ইয়ে ভাৰত আৰু পাকিস্তান উভয়কে আলোচনাৰ জৰিয়তে স্থায়ী যুদ্ধবিৰতি নিশ্চিত কৰিবলৈ উৎসাহিত কৰে । তেওঁ লগতে কয় যে এইটো কেৱল দুয়োখন দেশৰ স্বাৰ্থত নহয়, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰো এক আশা ।

চাৰি ঘন্টাও কথা ৰাখিব নোৱাৰিলে বিশ্বাসঘাতক পাকিস্তানে… জম্মু-কাশ্মীৰত পুনৰ ড্ৰোন আক্ৰমণ আৰু গোলাবৰ্ষণ

কেতিয়াও সলনি নোহোৱা নিজৰ চৰিত্ৰ পুনৰ বিশ্ববাসীৰ আগত উদঙাই যুদ্ধবিৰতিৰ চাৰি ঘন্টা পাৰ নহৌতেই পাকিস্তানে আৰম্ভ কৰিছে ড্ৰোন আক্ৰমণ আৰু গোলাবৰ্ষণ । ঘোষণাৰ মাত্ৰ চাৰি ঘন্টাৰ পিছতেই যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে ।

জম্মু-কাশ্মীৰত সীমান্তৰ সিপাৰে পাকিস্তানৰ উচটনিমূলক কাৰ্যকলাপ পুনৰ তীব্ৰতৰ হৈ পৰিছে । শনিবাৰে নিশা পাকিস্তানে বহু অঞ্চলত যুদ্ধবিৰতি উলংঘা কৰি প্ৰচণ্ড গোলাবৰ্ষণৰ আশ্ৰয় লৈছে, আনহাতে কাশ্মীৰৰ বাৰামুল্লা জিলাত সন্দেহযুক্ত ড্ৰোন বিস্ফোৰণ সংঘটিত হৈছে ।

জানিব পৰা মতে পাকিস্তানে আখনূৰ, ৰাজৌৰী আৰু আৰ এছ পুৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তত আৰ্টিলাৰীৰে গোলাবৰ্ষণ আৰম্ঊ কৰিছে । একে সময়তে বাৰামুল্লাত ড্ৰোন আক্ৰমণ সংঘটিত হৈছে । জম্মুৰ পালানৱালা খণ্ডতো পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে । এই ঘটনাৰ লগে লগে ভাৰতীয় সেনা বাহিনীক ইয়াৰ উপযুক্ত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে । পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ বাবে বি এছ এফক উপযুক্ত উত্তৰ দিবলৈ নিৰ্দেশ দিছে চৰকাৰে । এই ঘটনাৰ পিছত জম্মুৰ এক বৃহৎ অংশত ব্লেকআউট কৰা হৈছে । বাৰামুল্লাতো ব্লেকআউট হোৱাৰ খবৰ প্ৰকাশ পাইছে । শ্ৰীনগৰৰ বহু অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে ।

ইয়াৰ বাহিৰেও ৰাজস্থানৰ পোখৰাণলৈ বৃহৎ সংখ্যক ড্ৰোন দেখা পোৱা বুলি খবৰ প্ৰকাশ পাইছে । অৱশ্যে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই এই ড্ৰোনসমূহ ধ্বংস কৰি ভূপতিত কৰিছে । ৰাজৌৰীৰ পৰাও গুলীচালনাৰ খবৰ আহিছে ।

উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত শনিবাৰে বিয়লি যুদ্ধবিৰতি ঘোষণা হৈছিল । এই তথ্য দি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে আজি বিয়লি ৩.৩৫ বজাত দুয়োখন দেশৰ ডি জি এম অ’ৰ মাজত বাৰ্তালাপ হয় । সিদ্ধান্ত লোৱা হ’ল যে দুয়োখন দেশে ৫ বজাৰ পৰা আকাশ, পানী আৰু স্থলভাগত আক্ৰমণ তৎক্ষণাত বন্ধ কৰিব । ইয়াৰ লগে লগে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । মিশ্ৰীয়ে কয় যে অহা ১২ মে’ত দুয়োখন দেশৰ বিষয়াসকলে পৰৱৰ্তী কৌশলৰ বিষয়ে আলোচনা কৰিব । কিন্তু যুদ্ধবিৰতিৰ চাৰি ঘন্টা পাৰ নহৌতেই এতিয়া বিশ্বাসঘাতক পাকিস্তানে পুনৰ গোলাবৰ্ষণ আৰম্ভ কৰিছে ।

পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ পিছতেই এতিয়া জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই টুইটাৰত উষ্মা প্ৰকাশ কৰি কয়, “যুদ্ধবিৰতিৰ কি হ’ল ?  শ্ৰীনগৰত বিস্ফোৰণৰ শব্দ শুনা গ’ল । এয়া যুদ্ধবিৰতি নহয় । মধ্য শ্ৰীনগৰত এইমাত্ৰ বায়ু প্ৰতিৰক্ষা ইউনিটে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে ।”