‘শুনা পাকিস্তান! কথা পাতিম কিন্তু…’; সিন্ধু চুক্তি আৰু PoK ক লৈ বৈদেশিক মন্ত্ৰালয়ে দিলে প্ৰত্যুত্তৰ

সিন্ধু জল চুক্তি আৰু PoK

বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ে এখন সংবাদমেল যোগে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যিকোনো বিষয় দ্বিপাক্ষিক আৰু ইয়াত তৃতীয় পক্ষৰ কোনো হস্তক্ষেপ গ্ৰহণযোগ্য নহয়।

সংবাদমেল খনত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা দাবী সন্দৰ্ভত এটা প্ৰশ্ন কৰা হৈছিল, য’ত তেওঁ কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত তেওঁৰ প্ৰচেষ্টাই ফল দিলে আৰু তেওঁ দুয়োখন দেশৰ মাজত মধ্যস্থতাকাৰীৰ ক্ষেত্ৰতো ইতিবাচক আছিল।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালেও কয় যে ভাৰত পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ সাজু, কিন্তু ভাৰতে দিয়া সন্ত্ৰাসবাদীৰ তালিকা আৰু সন্ত্ৰাসবাদীক গতাই দিয়াৰ বিষয়ে আলোচনা হ’ব।

তেওঁ স্পষ্টকৈ কৈছিল যে কথা-বতৰা আৰু আতংক একেলগে যাব নোৱাৰে।পাকিস্তান দখল কাশ্মীৰ (পি অ’ কে) ঘূৰাই অনা আৰু ইয়াক খালী কৰাৰ সন্দৰ্ভত পাকিস্তানৰ সৈতে দ্বিপাক্ষিক আলোচনা হ’ব বুলিও তেওঁ কয়।

কিমান দিনলৈ স্থগিত থাকিব সিন্ধু জল সন্ধি? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যেতিয়ালৈকে পাকিস্তানে বিশ্বাসযোগ্যভাৱে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰে, তেতিয়া লৈকে সিন্ধু জল চুক্তি বাতিল হৈ থাকিব।

লগতে পঢ়ক ; কামত নাহিব পৰমাণু বোমাৰ ভাবুকি… পাকিস্তানক পুনৰ সকীয়নি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে !

‘সন্ত্ৰাসবাদীক জন্ম দিয়া দেশৰ অভিনয়…’; WHOত পাকিস্তানক ধমক ভাৰতৰ

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মঞ্চৰ পৰা পাকিস্তানক উপযুক্ত উত্তৰ দিলে ভাৰতে।সন্ত্ৰাসবাদৰ বিষয়ত ডব্লিউ এইচ অ’ত পাকিস্তানক উদঙাই দি ভাৰতে কয় যে ‘সন্ত্ৰাসবাদৰ জন্ম দিয়াজনে ভুক্তভোগীৰ অভিনয় কৰিছে’।

ভাৰতীয় কূটনীতিবিদ অনুপমা সিঙে বিশ্ব স্বাস্থ্য সংস্থাৰ বৈঠকত পাকিস্তানক তীব্ৰ সমালোচনা কৰে।তেওঁ কয় যে পাকিস্তান এতিয়াও জেহাদী সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু হৈয়ে আছে।

তীব্ৰ ধমক দি তেওঁ কয়, ‘পাকিস্তানেই সন্ত্ৰাসবাদক লালন-পালন কৰে।পাকিস্তানে নিজেই সন্ত্ৰাসবাদৰ জন্ম দিয়ে । এনে পৰিস্থিতিৰ পিছটো তেওঁলোকে ভুক্তভোগীৰ অভিনয় কৰিব নোৱাৰে’।ভাৰতীয় কূটনীতিবিদ অনুপমা সিঙৰ এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।  

‘ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ আমি সদায় সাজু’; অসীম মুনিৰ ফিল্ড মাৰ্শ্বাল হোৱাৰ পিছতেই পাক সেনাই দিলে ভাবুকি

শেহতীয়াকৈ পাকিস্তানে নিজৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰক দেশৰ সৰ্বোচ্চ পদবী বুলি বিবেচিত ফিল্ড মাৰ্শ্বাল পদবীলৈ উন্নীত কৰিছে।

এই পদোন্নতিৰ জৰিয়তে অসীম মুনিৰ পাকিস্তানৰ ইতিহাসত ফিল্ড মাৰ্শ্বাল পদবী লাভ কৰা দ্বিতীয়জন সামৰিক বিষয়া হিচাপে পৰিগণিত হৈছে।তেওঁৰ পদোন্নতিৰ পিছত পাকিস্তানী সেনাই পুনৰবাৰ ভাৰতক ভাবুকি দিছে।

সেনাই কৈছে যে ভাৰতে জুইৰ সৈতে খেলি আছে, প্ৰয়োজন হ’লে ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ তেওঁলোক সাজু আছে।

আনকি পাকিস্তানৰ ডিজিআইএছপিআৰে কৈছিল যে প্ৰয়োজন হ’লে যুদ্ধ সম্ভৱ আৰু ভাৰতৰ সৈতে যুদ্ধৰ বাবে আমি সদায় সাজু।

পাকিস্তানৰ শ্বাহবাজ চৰকাৰে জেনেৰেল অসীম মুনীৰক ফিল্ড মাৰ্শ্বাল হিচাপে নিযুক্তি দিছে। এই ডাঙৰ সিদ্ধান্তটো শ্বাহবাজ চৰকাৰৰ কেবিনেটত লোৱা হৈছে ।

মুনীৰ ফিল্ড মাৰ্শ্বাল হোৱাৰ পিছত পাকিস্তানত এক ভয় আৰু আশ্চৰ্যৰ পৰিবেশে বিৰাজ কৰিছে। ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ইমৰাণ খানৰ দল পিটিআইয়ে।

দলৰ সমৰ্থকে কয় যে মুনীৰ ফিল্ড মাৰ্শ্বাল হোৱাৰ লগে লগে ইমৰাণ খান কেতিয়াও জেলৰ পৰা ওলাই আহিব নোৱাৰিব।

পাকিস্তানৰ সহযোগত ৰঙা চীনৰ নতুন খেল; আফগানিস্তানলৈ সম্প্ৰসাৰণ কৰিব চিপিইচি

ভাৰতৰ সৈতে আফগানিস্তানৰ ক্ৰমবৰ্ধমান ঘনিষ্ঠতাৰ পৰিপ্ৰেক্ষিতত চীনে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে।পাকিস্তান আৰু তালিবানৰ সৈতে পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰি চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC) আফগানিস্তানলৈ সম্প্ৰসাৰণ কৰিবলৈ সন্মত হৈছে।

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে বেইজিঙত পাকিস্তান আৰু আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ অন্তত চিপিইচি সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে।

বেইজিঙত পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছাক দাৰ, চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি আৰু আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীয়ে নিজ নিজ দেশৰ বাণিজ্য, আন্তঃগাঁথনি আৰু উন্নয়নৰ প্ৰসাৰৰ বিষয়ে আলোচনা কৰে।

বৈঠকৰ অন্তত ইছহাক দাৰে এক্সত পোষ্ট কৰি লিখিছে, আঞ্চলিক শান্তি, স্থিতিশীলতা আৰু উন্নয়নৰ বাবে পাকিস্তান, চীন আৰু আফগানিস্তানে একেলগে থিয় দিছে।’

ভাৰতে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ যিকোনো তৃতীয় দেশলৈ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আপত্তি প্ৰকাশ কৰিছিল।ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে যোৱা বছৰ কৈছিল যে চিপিইচি প্ৰকল্পত অংশগ্ৰহণ কৰা দেশসমূহে জম্মু-কাশ্মীৰত ভাৰতৰ ভূখণ্ড উলংঘা কৰিব।

ভাৰত আৰু আফগানিস্তান ইখন দেশে সিখন দেশৰ ওচৰ চাপিব পাৰে বুলি চীনে আশংকা কৰিছে। শেহতীয়াকৈ আফগানিস্তানে চাবাহাৰ বন্দৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।

ইৰাণৰ সহযোগত ভাৰতে এই বন্দৰটো বিকশিত কৰিছে। এই কাৰণতে চীনে এই পদক্ষেপ গ্ৰহণ কৰিছে।আফগানিস্তানত তালিবান চৰকাৰক স্বীকৃতি দিয়া দেশসমূহৰ ভিতৰত চীন আগৰণুৱা আছিল।

যেতিয়া তালিবানৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত হ’বলৈ ধৰিলে, তেতিয়া চীনে পুনৰ আফগানিস্তানৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিলে।

চিপিইচিৰ এটা অংশ পাকিস্তান দখল কৰা কাশ্মীৰ (POK)ৰ মাজেৰে পাৰ হৈ যায়, যাৰ প্ৰতি ভাৰতে আপত্তি কৰিছে।ভাৰতে ইয়াক নিজৰ সাৰ্বভৌমত্ব উলংঘা বুলি গণ্য কৰে।

এই কাৰণতে ভাৰতে চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল। এইটো প্ৰায় ৬০ বিলিয়ন ডলাৰৰ প্ৰকল্প।

পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ; ৪ জনৰ মৃত্যু

পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশৰ এখন বজাৰৰ সমীপত এক ভংয়কৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে। এই বোমা বিস্ফোৰণত চাৰিজন লোক নিহত হোৱাৰ লগতে ২০ জন আহত হয়।

জানিব পৰা মতে দেওবাৰে বেলুচিস্তানৰ কিল্লা আব্দুল্লাহ জিলাৰ জব্বাৰ মাৰ্কেটৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ, যাৰ বাবে বহু অট্টালিকাৰ যথেষ্ট ক্ষতিসাধন হয়।

বিস্ফোৰণটোৰ পিছত অঞ্চলজুৰি আতংক বিয়পি পৰে। বিস্ফোৰণৰ পিছত কেইবাখনো দোকান ভাঙি পৰাৰ লগতে বহু প্ৰতিষ্ঠানত জুইত জাঁহ যায়।  

এই বজাৰখন ফ্ৰন্টিয়াৰ কৰ্পছ (এফ চি) দুৰ্গৰ পিছফালৰ বেৰৰ ওচৰত আছিল। বিস্ফোৰণৰ পিছতে অচিনাক্ত আক্ৰমণকাৰী আৰু এফ চিৰ জোৱানৰ মাজত গুলীচালনাও সংঘটিত হয়। বিস্ফোৰণৰ পিছত কৰ্তৃপক্ষই অঞ্চলটো ছীল কৰি অনুসন্ধান আৰম্ভ কৰিছে।

জালত পৰিল পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা ৰেকেট… মহিলা ইউটিউবাৰকে ধৰি পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ ৬ দেশদ্ৰোহী

ভাৰতৰ অপাৰেচন সিন্দুৰ আৰু তেতিয়াৰে পৰা পাকিস্তানৰ সৈতে অব্যাহত থকা চৰম উত্তেজনাৰ মাজতে এটা বৃহৎ চোৰাংচোৱা ৰেকেট জালত পৰিছে । পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা ৬ চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰাত সফল হৈছে নিৰাপত্তা সংস্থা । হাৰিয়ানাৰ কাইথাল, হিছাৰ, নুহ আৰু পানীপটৰ লগতে পঞ্জাৱৰ মালেৰকোটলাৰ পৰা ধৰা হৈছে এই দেশ বিৰোধীকেইটাক । গ্ৰেপ্তাৰ কৰা আটাইকেইটাৰ বিৰুদ্ধে ভাৰতৰ গোপনীয় সামৰিক তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

শেহতীয়াকৈ ভাৰত চৰকাৰে পাকিস্তান উচ্চায়ুক্তৰ বিষয়া ডেনিছক ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিছিল । পাঞ্জাৱ আৰু হাৰিয়ানাৰ মালেৰকোটলাৰ পৰা এতিয়ালৈকে ডেনিছৰ নিৰ্দেশত কাম কৰি থকা মুঠ ৬টা পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে । এই সকলো লোক ডেনিছৰ সংস্পৰ্শত আছিল ।

ইফালে ভাৰতৰ গোপনীয় সামৰিক তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগত হাৰিয়ানাৰ হিছাৰৰ পৰা নিৰাপত্তা সংস্থাই গ্ৰেপ্তাৰ কৰিছে মহিলা ইউটিউবাৰ জ্যোতি মালহোট্ৰাক । মহিলা ইউটিউবাৰগৰাকীয়ে ২০২৩ চনত তেওঁৰ ট্ৰেভেল চেনেল “ট্ৰেভেল উইথ জো”ৰ শ্বুটিঙৰ বাবে পাকিস্তানলৈ গৈছিল, য’ত পাকিস্তান দূতাবাসৰ এজন বিষয়াৰ নিৰ্দেশত তেওঁ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ বিষয়াৰ সংস্পৰ্শলৈ আহিছিল আৰু তেতিয়াৰ পৰাই তেওঁ পাকিস্তানলৈ ভাৰত বিৰোধী তথ্য অহৰহ প্ৰেৰণ কৰিছিল ।

জেৰাৰত বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিলে জ্যোতিয়ে-

এই গোচৰত জ্যোতিৰ জেৰাৰ সময়ত বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে । জেৰাৰ সময়ত জ্যোতিয়ে কয় যে তেওঁ ২০২৩ চনত পাকিস্তান ভিছাৰ বাবে দিল্লীস্থিত পাকিস্তান হাইকমিচনলৈ গৈছিল, য’ত তেওঁ আহছান-উৰ-ৰহিম ওৰফে ডেনিছক লগ পাইছিল । জ্যোতিয়ে দুবাৰ পাকিস্তান ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰিছে, য’ত ডেনিছৰ অনুৰোধত তেওঁৰ চিনাকি আলী আহৱানক লগ পাইছিল, যিয়ে থকা আৰু ভ্ৰমণৰ ব্যৱস্থা কৰিছিল ।

জ্যোতিয়ে জনোৱা অনুলৰি পাকিস্তানত আলী আহোৱানে পাকিস্তানৰ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াৰ সৈতে তেওঁৰ সাক্ষাৎৰ ব্যৱস্থা কৰিছিল । তাতেই ছাকিৰ আৰু ৰানা শ্বাহবাজকো লগ পোৱাৰ কথা উল্লেখ কৰে জ্যোতিয়ে । ছাকিৰৰ মোবাইল নম্বৰ লৈ জাট ৰন্ধাৱা নামেৰে ম’বাইলত চেভ কৰিছিল যাতে কোনেও সন্দেহ নকৰে । ইয়াৰ পিছত তেওঁ ভাৰতলৈ উভতি আহে বুলি স্বীকাৰ কৰিছে ।

জ্যোতিয়ে কয় যে তেওঁ সকলোৰে সৈতে হোৱাটছএপ, স্নেপচ্যাট আৰু টেলিগ্ৰামকে ধৰি অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে যোগাযোগ ৰাখি ৰাষ্ট্ৰীয় বিৰোধী তথ্য প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে । জ্যোতিয়ে দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ এজন বিষয়া ডানিছক কেইবাবাৰো লগ পোৱাৰ কথাও জানিব পৰা গৈছে । এতিয়া ভাৰতৰ গোপন তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰি ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাক বিপদত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে জ্যোতিৰ বিৰুদ্ধে ।

ইফালে চোৰাংচোৱাগিৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ ভিতৰত আছে ৩২ বছৰীয়া গাজালা নামৰ এগৰাকী মহিলা । গাজালা ডেনিছৰ সৈতে আৰ্থিক লেনদেনত জড়িত আছিল আৰু ভিছা প্ৰক্ৰিয়াত সহায় কৰিছিল । ইয়াৰ উপৰিও ইয়ামিন মহম্মদো এই কাৰ্যত জড়িত, যিয়ে পূৰ্বে হাৱালা আৰু অন্যান্য উপায়েৰে ডেনিছক ধন পঠোৱাত সহায় কৰিছিল । লগতে হাৰিয়ানাৰ কাইথালৰ পৰা দেৱীন্দৰ সিং ধিলনক গ্ৰেপ্তাৰ কৰা হৈছে । পাকিস্তান ভ্ৰমণৰ সময়ত তেওঁৰ সংস্পৰ্শলৈ আহিছিল । তেওঁ পাকিস্তানী এজেণ্টলৈ পটিয়ালা কেণ্টনমেণ্টৰ ভিডিঅ’ প্ৰেৰণ কৰিছিল ।

ইয়াৰ উপৰিও হাৰিয়ানাৰ নুহৰ পৰা আৰমান নামৰ এজন স্থানীয় যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে, যিয়ে ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল আৰু ২০২৫ চনত পাকিস্তানী এজেণ্টৰ নিৰ্দেশত ডিফেন্স এক্সপ’ৰ স্থান পৰিদৰ্শন কৰিছিল । চৰকাৰ আৰু সংস্থাসমূহে এতিয়া ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সক্ৰিয় সন্দেহযুক্ত লোকৰ ওপৰত নিৰীক্ষণ আৰু তদন্ত আৰু অধিক তীব্ৰতৰ কৰাৰ পৰিকল্পনা কৰিছে ।

সাতজনীয়া সাংসদৰ দলে উদঙাব পাকিস্তানৰ কুৎসিত মুখ… বিশ্ববাসীক দিব ভাৰতৰ বাৰ্তা

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘অপাৰেচন সিন্দুৰ’ৰ পিছত ভাৰত চৰকাৰে চলিত মাহৰ শেষৰ ফালে গুৰুত্বপূৰ্ণ অংশীদাৰ দেশসমূহলৈ সাতজনীয়া সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ ‘শূন্য সহনশীলতা’ বাৰ্তা বিশ্ব মঞ্চলৈ শক্তিশালীভাৱে প্ৰেৰণ কৰিব । সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত শনিবাৰে কোৱা হৈছে যে এই সৰ্বদলীয় প্ৰতিনিধি দলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ একমত আৰু দৃঢ় কৌশল বিশ্বৰ সন্মুখত দাঙি ধৰিব । সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিৰ বাৰ্তা তেওঁলোকে কঢ়িয়াব । চৰকাৰে এই প্ৰতিনিধি দলৰ নেতৃত্ব দিবলৈ বিভিন্ন মতাদৰ্শগত পটভূমিৰ পৰা অহা সকলো ডাঙৰ ৰাজনৈতিক দলৰ পৰা নেতা নিৰ্বাচন কৰা হৈছে ।

প্ৰতিনিধি দলসমূহৰ নেতৃত্ব দিয়া বিশিষ্ট নেতাসকল হ’ল-

-ৰবি শংকৰ প্ৰসাদ (বিজেপি সাংসদ)

-বৈজয়ন্ত পাণ্ডা (বিজেপি সাংসদ)

-শশী থাৰুৰ (কংগ্ৰেছ সাংসদ)

-সঞ্জয় ঝা (জে ডি ইউ সাংসদ)

-কানিমোঝি (ডি এম কে সাংসদ)

-সুপ্ৰিয়া চুলে (এন চি পি – শৰদ পাৱাৰ ফৈদৰ সাংসদ)

-শ্ৰীকান্ত শিন্দে (শিৱসেনাৰ সাংসদ)

ক’লৈ যাব এই প্ৰতিনিধি দল ?

এই প্ৰতিনিধি দলে প্ৰায় পাঁচখন দেশ ভ্ৰমণ কৰিব পাৰে । ইয়াৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য দেশ আৰু ভাৰতৰ প্ৰধান কৌশলগত অংশীদাৰ দেশসমূহো অন্তৰ্ভুক্ত হ’ব । বিবৃতিটোত লগতে কোৱা হৈছে যে প্ৰতিটো প্ৰতিনিধি দলত ভাৰতৰ জ্যেষ্ঠ আৰু অভিজ্ঞ কূটনীতিবিদসকলো থাকিব ।

এন ডি এৰ চাৰিজন, ইণ্ডিয়া ব্লকৰ তিনিজন নেতা-

সৰ্বদলীয় প্ৰতিনিধি দলটোৰ চাৰিজন নেতা নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ৰ, আনহাতে তিনিজন বিৰোধী ইণ্ডিয়া এলায়েন্সৰ । প্ৰতিটো প্ৰতিনিধি দলে প্ৰায় পাঁচখন দেশ ভ্ৰমণ কৰিব পাৰে । মন্ত্ৰালয়ৰ বিবৃতিত লগতে কোৱা হৈছে যে প্ৰতিটো প্ৰতিনিধি দলত বিশিষ্ট কূটনীতিবিদকো অন্তৰ্ভুক্ত কৰা হ’ব । বিবৃতিটোত কোৱা হৈছে যে অপাৰেচন সিন্দুৰ আৰু সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজৰ পটভূমিত এই সাতটা সৰ্বদলীয় প্ৰতিনিধি দলে চলিত মাহৰ শেষৰ ফালে গুৰুত্বপূৰ্ণ অংশীদাৰ দেশ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ ভ্ৰমণ কৰিব ।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ বক্তব্য-

এই সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্সত লিখিছে, ‘ভাৰত আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰত একত্ৰিত হৈ থিয় দিছে । শীঘ্ৰে সাতটা সৰ্বদলীয় প্ৰতিনিধি দলে ডাঙৰ দেশ ভ্ৰমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ উমৈহতীয়া নীতি বিশ্বৰ আগত দাঙি ধৰিব ।‘ তেওঁ লগতে কয় যে, ‘ৰাজনৈতিক মতানৈক্যৰ ওপৰত ৰাষ্ট্ৰীয় ঐক্যৰ এক শক্তিশালী প্ৰতীক ।’

‘পাকিস্তান মানৱতাৰ বাবে ভাবুকি হৈ পৰিছে’… সৰ্বদলীয় বৈঠক সন্দৰ্ভত আছাদুদ্দিন ওৱাইছিৰ মন্তব্য

আকৌ এবাৰ পাকিস্তানক সমালোচনা কৰিলে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে । পাকিস্তান মানৱতাৰ প্ৰতি ভাবুকি হৈ পৰিছে বুলি কয় ওৱাইছিয়ে । ওৱাইছিয়ে কয় যে পাকিস্তানে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ, পুঁজি আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰি আছে । তেওঁ কয় যে পাকিস্তানে ভাৰতৰ অৰ্থনীতি নষ্ট কৰিব বিচাৰিছে । উল্লেখযোগ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা আছাদুদ্দিন ওৱাইছিয়ে কেইবাবাৰো পাকিস্তানক লক্ষ্য কৰি লৈছে ।

পাকিস্তানী ডীপ ষ্টেট আৰু পাকিস্তান সেনাবাহিনীৰ লক্ষ্য ভাৰতৰ অৰ্থনীতি ধ্বংস কৰি সম্প্ৰদায়ৰ মাজত বিভাজন সৃষ্টি কৰা বুলি কয় এ আই এম আ ইএমৰ মুৰব্বীগৰাকীয়ে । উল্লেখযোগ্য যে চৰকাৰে সৰ্বদলীয় প্ৰতিনিধি দলত ওৱাইছিকো অন্তৰ্ভুক্ত কৰিছে । এই সন্দৰ্ভত তেওঁ কয় যে তেওঁ বিদেশী চৰকাৰৰ সন্মুখত পাকিস্তানক উদঙাই দিব । ওৱাইচিয়ে কয় যে পাকিস্তানে নিজকে ইছলাম আৰু সকলো মুছলমানৰ নেতা হিচাপে উপস্থাপন কৰে, কিন্তু এইটো সম্পূৰ্ণ মিছা কথা । ভাৰততো ২০ কোটি মুছলমান আছে আৰু তেওঁলোকে পাকিস্তানৰ এই কাৰ্যক সমালোচনা কৰে ।

‘জিয়া উল হকৰ সময়ৰ পৰাই নিৰীহ লোকক হত্যা কৰা হৈছে’

হায়দৰাবাদৰ সাংসদ ওৱাইছিয়ে কয় যে ‘পাকিস্তানে ১৯৪৮ চনৰ পৰা ভাৰতক অস্থিৰ কৰাৰ চেষ্টা চলাই আহিছে আৰু এতিয়াও ইয়াত নিয়োজিত হৈ আছে আৰু মই নাভাবো যে দেশখনে কেতিয়াবা এই কাম বন্ধ কৰিব । ভাৰত চৰকাৰে পাকিস্তানৰ বিৰোধিতা কৰিব লাগে, কিন্তু কাশ্মীৰীক আদৰি ল’ব লাগে । তেওঁ কয় যে বিশ্ববাসীক কোৱা হ’ব যে পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদে দীৰ্ঘদিন ধৰি নিৰীহ লোকৰ প্ৰাণ কাঢ়ি ​​আহিছে । পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বলি হৈছে ভাৰত । আমি গোটেই দৃশ্য দেখিছো আৰু জিয়া উল হকৰ সময়ৰ পৰাই নিৰীহক হত্যা কৰা হৈছে ।

ওৱাইচিয়ে কয় যে ‘স্বাধীনতাৰ লগে লগে জম্মু-কাশ্মীৰলৈ অনুপ্ৰৱেশকাৰী প্ৰেৰণ কৰাৰ সময়তে পাকিস্তানৰ সন্ত্ৰাসবাদৰ নীতি ভাৰতে বুজিব লাগিছিল । পাকিস্তানে তেতিয়াৰ পৰাই এই নাটক কৰি আহিছে আৰু বন্ধ কৰিবলৈ সাজু নহয় যদিও পহলগাম সন্ত্ৰাসবাদী আক্ৰমণে ভাৰতৰ ধৈৰ্য্য শেষ কৰি পেলাইছে ।‘

সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ পৰিয়াললৈ পাকিস্তান চৰকাৰৰ সাহাৰ্য; দিব ১৪ কোটি টকাৰ ক্ষতিপূৰণৰ ঘোষণা

পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰ এতিয়া বিতৰ্কৰ মাজত সোমাই পৰিছে, কাৰণ ৰাষ্ট্ৰসংঘৰ ঘোষিত সন্ত্ৰাসবাদী তথা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক ১৪ কোটি টকাৰ ক্ষতিপূৰণ দিব পাৰে বুলি জানিব পৰা গৈছে।

আচলতে পাকিস্তান চৰকাৰে ভাৰতীয়ৰ আক্ৰমণত নিহতসকলৰ পৰিয়ালক ১ কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।এই আক্ৰমণত ধ্বংস হোৱা ঘৰ আৰু অট্টালিকাসমূহ পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিও দিছে।

এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ভাৰতীয় বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষক উভয়ে,আশংকা কৰা হৈছে যে নতুনকৈ নিৰ্মাণ কৰা অট্টালিকাবোৰ পুনৰবাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হ’ব পাৰে।

ভাৰতীয় বিমান আক্ৰমণত নিহত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এক কোটি টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।এই ধন মৃতকৰ ঘনিষ্ঠ আত্মীয়ক দিয়া হ’ব।

অৰ্থাৎ যদি মাছুদ আজহাৰক একমাত্ৰ আইনী উত্তৰাধিকাৰী বুলি গণ্য কৰা হয়, তেন্তে তেওঁ ১৪ কোটি টকা পাব পাৰে। কাৰণ তেওঁৰ পৰিয়ালৰ ১৪ জন সদস্যক হত্যা কৰা হৈছিল।

অপাৰেচন সিন্দূৰত আজহাৰৰ ডাঙৰ ভগ্নী আৰু তেওঁৰ স্বামী, এজন ভতিজা আৰু তেওঁৰ পত্নী, এগৰাকী ভতিজী আৰু তেওঁৰ পৰিয়ালৰ পাঁচটা সন্তানৰ মৃত্যু হৈছিল।