নিউয়ৰ্কৰ লাগাৰ্ডিয়া বিমানবন্দৰৰ ৰাণৱেত ভয়ংকৰ ঘটনা; অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সৈতে সংঘৰ্ষ বিমানৰ
নিউয়ৰ্কৰ লাগাৰ্ডিয়া বিমানবন্দৰত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ৰাণৱেৰ পৰা গৈ ৰখাই থোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীত খুন্দা এয়াৰ কানাডা এক্সপ্ৰেছৰ এখন বিমানৰ।
নিউয়ৰ্কৰ লাগাৰ্ডিয়া বিমানবন্দৰৰ ৰাণৱেত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয। এয়াৰ কানাডা এক্সপ্ৰেছৰ এখন বিমানে বিমানবন্দৰত ৰখাই থোৱা এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সৈতে সংঘৰ্ষ হয়,ফলত বহু লোক গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ হয়।জানিব পৰা মতে, বিমানখনত প্ৰায় ১০০ গৰাকী যাত্ৰী আছিল।দুৰ্ঘটনাটোত বহুলোক আহত হৈছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক: ‘এয়া আমাৰ অধিকাৰ…’; হৰমুজ প্ৰণালীত ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ
