লীডছত ঋষভ পন্টৰ দৰ্শনীয় শতক; ভংগ কৰিলে এই অভিলেখ

লীডছত ঋষভ পন্টৰ দৰ্শনীয় শতক

ইংলেণ্ডৰ বিৰুদ্ধে লীডছত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্টত ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পন্টে পুনৰবাৰ নিজৰ বিস্ময়কৰ বেটিং দক্ষতা প্ৰদৰ্শন কৰিছে । পণ্টে শতক অৰ্জন কৰি ভাৰতক শক্তিশালী স্থানত ৰখাই নহয়, কেৰিয়াৰৰ বহু অভিলেখো গঢ়িবলৈ সক্ষম হয় । টেষ্ট কেৰিয়াৰৰ এয়া সপ্তম শতক, আনহাতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত চতুৰ্থটো শতক অৰ্জন কৰিছে পন্টে ।

ঋষভ পন্টৰ অভিলেখ ভংগকাৰী শতক-

বিদেশৰ মাটিত সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা উইকেটকীপাৰ-বেটছমেনৰ তালিকাত পণ্টৰ এই শতকে তেওঁক যৌথভাৱে তৃতীয় স্থান দিছে । তেওঁৰ এই ইনিংছ ভাৰতীয় অনুৰাগীৰ বাবে কেৱল গৌৰৱৰ মুহূৰ্তই নহয়, টেষ্ট ক্ৰিকেটৰ প্ৰতি তেওঁৰ ধাৰাবাহিকতা আৰু আত্মবিশ্বাসৰ প্ৰমাণো । লীডছৰ খেলপথাৰত ইংলেণ্ডৰ বলাৰৰ বিৰুদ্ধে পণ্টে নিজৰ আক্ৰমণাত্মক শৈলী বজাই ৰাখে । তেওঁৰ ইনিংছত দৰ্শনীয় শ্বট আৰু বুদ্ধিমান খেলৰ এক সুন্দৰ মিশ্ৰণ আছিল । তেওঁ ১৪৬টা বল খেলি শতকত উপনীত হয়, য’ত ১০টা চাৰি আৰু ৪টা ছয়ো আছিল ।

ইংলেণ্ডৰ বিৰুদ্ধে পণ্টৰ চতুৰ্থ শতকটোৱে তেওঁৰ আত্মবিশ্বাস পুনৰ এবাৰ প্ৰমাণ কৰিছে । তেওঁৰ ইনিংছে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কেৱল আধুনিক ক্ৰিকেটৰ অন্যতম বিস্ফোৰক বেটছমেনই নহয়, টেষ্ট ক্ৰিকেটৰ দৰে প্ৰত্যাহ্বানমূলক ফৰ্মেটতো আচৰিত কাম কৰিব পাৰে । ঋষভ পন্টৰ এই শতক কেৱল তেওঁৰ কেৰিয়াৰৰ আন এক সোণালী পৃষ্ঠা নহয়, ভাৰতীয় ক্ৰিকেটৰ বাবেও এক ডাঙৰ মুহূৰ্ত ।

এম এছ ধোনীক অতিক্ৰম-

৭টা শতক সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত ঋষভ পন্টে এম এছ ধোনীক অতিক্ৰম কৰিছে । টেষ্টত ধোনীয়ে ৬টা শতক অৰ্জন কৰিছিল । তেওঁৰ বাহিৰে কোনো ভাৰতীয় উইকেটকীপাৰে টেষ্টত ৩ শতকতকৈ অধিক কৰিব পৰা নাই । বিশেষ কথাটো হ’ল পন্টে এতিয়ালৈকে ভাৰতৰ হৈ মাত্ৰ ৪৪খন টেষ্ট মেচহে খেলিছে আৰু তেওঁ সকলো ভাৰতীয় উইকেটকীপাৰক অতিক্ৰম কৰিছে ।

লগতে পঢ়ক : আকৌ উজ্জ্বলিল নীৰজ চোপ্ৰা; পেৰিছ ডাইমণ্ড লীগৰ খিতাপ দখল

বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে আই চি চি; এতিয়া পাঁচ নহয় চাৰি দিনীয়া হ’ব টেষ্ট মেচ !

বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে আই চি চি

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চি এক বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৭-২৯ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) চক্ৰত সৰু দেশৰ বাবে চাৰিদিনীয়া টেষ্ট মেচত অনুমোদন দিবলৈ আই চি চি সাজু । আনহাতে ভাৰত, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে এতিয়াও পৰম্পৰাগত ৫ দিনীয়া খেল খেলিব পাৰে ।

এই তিনিখন দেশে ইখনে সিখনৰ বিৰুদ্ধে পাঁচদিনীয়া পৰম্পৰাগত খেল খেলিব । মেচৰ সংখ্যা এদিন হ্ৰাস কৰাৰ পদক্ষেপে এক গুৰুত্বপূৰ্ণ আৰু ডাঙৰ পৰিৱৰ্তনৰ দিশ আঙুলিয়াই দিছে । আই চি চিৰ মতে ইয়াৰ দ্বাৰা সৰু দেশসমূহক অধিক টেষ্ট আৰু দীঘলীয়া শৃংখলা খেলিবলৈ সহায় কৰিব ।

‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে, ‘যোৱা সপ্তাহত লৰ্ডছত অনুষ্ঠিত হোৱা ডব্লিউ টি চি ফাইনেলৰ সময়ত হোৱা আলোচনাত আই চি চিৰ অধ্যক্ষ জয় শ্বাহে ২০২৭-২৯ ডব্লিউ টি চি চক্ৰৰ বাবে ৪ দিনীয়া টেষ্টৰ বাবে সমৰ্থন প্ৰকাশ কৰিছিল ।’

ইয়াত কোৱা হৈছে, ‘ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু ভাৰতক এতিয়াও এছেছ, বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰু এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীৰ বাবে ৫ দিনীয়া টেষ্ট শৃংখলা খেলাৰ অনুমতি দিয়া হ’ব ।’

আই চি চিয়ে প্ৰথমবাৰৰ বাবে ২০১৭ চনত দ্বিপাক্ষিক মেচৰ বাবে ৪ দিনীয়া টেষ্টত অনুমোদন জনাইছিল । ২০১৯ আৰু ২০২৩ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৪ দিনীয়া টেষ্ট খেলাৰ পিছত ইংলেণ্ডে যোৱা মাহত ট্ৰেণ্ট ব্ৰীজত জিম্বাবুৱেৰ বিৰুদ্ধে ৪ দিনীয়া টেষ্ট খেলিছিল ।

প্ৰতিবেদন অনুসৰি, ‘সময় আৰু খৰচৰ বাবে বহু সৰু দেশে টেষ্ট মেচ আয়োজন কৰিবলৈ আগ্ৰহী নহয়, কিন্তু ৪ দিনীয়া টেষ্ট মেচ প্ৰৱৰ্তনৰ লগে লগে ৩ সপ্তাহতকৈও কম সময়ৰ ভিতৰতে ৩ খন টেষ্ট মেচৰ সমগ্ৰ শৃংখলা খেলিব পৰা যাব ।’

ইয়াত কোৱা হৈছে, ‘সময় নষ্ট নকৰিবলৈ ৪ দিনীয়া টেষ্ট মেচত খেলাৰ সময় প্ৰতিদিনে ৯০ অভাৰৰ পৰা নূন্যতম ৯৮ অভাৰলৈ বৃদ্ধি কৰা হৈছে ।‘

প্ৰতিবেদনত কোৱা হৈছে যে যোৱা সপ্তাহত লৰ্ডছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেলত বিশ্ব চেম্পিয়ন হোৱাৰ পিছতো দক্ষিণ আফ্ৰিকাৰ অস্পষ্ট সূচীয়ে বিষয়টোক আৰু অধিক উজ্জ্বল কৰি তুলিলে আৰু পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হ’ল ।

বৰ্তমানৰ চক্ৰ পাঁচ দিনীয়া খেলৰ ওপৰত ভিত্তি কৰি হ’ব-

২০২৫-২৭ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ বৰ্তমানৰ পাঁচদিনীয়া খেলৰ ফৰ্মেটত অব্যাহত থাকিব । ইয়াৰ আৰম্ভণি হ’ব মঙলবাৰে শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত দুখনীয়া টেষ্ট শৃংখলাৰ জৰিয়তে । ২০২৫-২৭ চক্ৰত প্ৰতিদ্বন্দ্বিতা কৰা ৯খন দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া ২৭খন টেষ্ট শৃংখলাৰ ভিতৰত ১৭খনত মাত্ৰ দুখন মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৬খনত তিনিখন মেচৰ শৃংখলা অনুষ্ঠিত হ’ব । ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু ভাৰতে ইখনে সিখনৰ বিৰুদ্ধে পাঁচখন টেষ্ট শৃংখলা খেলিব ।

লগতে পঢ়ক : ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হাই ভল্টেজ মেচ; কেতিয়া আৰু ক’ত হ’ব এই যুঁজ ?

ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে প্ৰটিয়াছে… অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকা

ক্ৰিকেটৰ মক্কাত ইতিহাস ৰচিলে প্ৰটিয়াছে…

আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ তৃতীয় চক্ৰৰ (২০২৩-২৫)ৰ খিতাপ দখল কৰিছে দক্ষিণ আফ্ৰিকাই । ক্ৰিকেটৰ মক্কা হিচাবে পৰিচিত লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে । মেচখনত দক্ষিণ আফ্ৰিকাই জয়ৰ বাবে ২৮২ ৰানৰ লক্ষ্য লাভ কৰিছিল, যিটো খেলৰ চতুৰ্থ দিনটোত (১৪ জুন) দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে উপনীত হয় ।

ক্ৰিকেটৰ মক্কাত প্ৰটিয়াছৰ অভিলেখ-

২৭ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাই আই চি চি খিতাপ দখল কৰিছে । ইয়াৰ পূৰ্বে ১৯৯৮ চনত (উইলছ ইণ্টাৰনেশ্যনেল কাপ) প্ৰথমবাৰৰ বাবে আই চি চি খিতাপ দখল কৰিছিল দলটোৱে । উল্লেখ্য যে এই মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২১২ ৰান আৰু দ্বিতীয় ইনিংছত ২০৭ ৰান সংগ্ৰহ কৰে । আনহাতে দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ ১৩৮ ৰানত সীমাবদ্ধ আছিল । প্ৰথম ইনিংছৰ ভিত্তিত অষ্ট্ৰেলিয়াই ৭৪ ৰানৰ অগ্ৰগতি লাভ কৰিছিল, যাৰ বাবেই দক্ষিণ আফ্ৰিকাৰ সন্মুখত ২৮২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল কেংগেৰু বাহিনীয়ে ।

বাভুমা-মাৰ্ক্ৰামে ঘূৰালে মেচৰ গতি-

ক্ৰিকেটৰ মক্কাত অনুষ্ঠিত হোৱা এই মেচখনত লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত ৭০ ৰান সংগ্ৰহ কৰি দ্বিতীয়টো উইকেট হেৰুৱাই । ইয়াৰ পৰাই এইডেন মাক্ৰাম আৰু অধিনায়ক টেম্বা বাভুমাই ক্ৰীজত দলৰ দায়িত্ব লয় । তৃতীয় উইকেটৰ বাবে দুয়োৰে মাজত ১৪৭ ৰানৰ অংশীদাৰিত্বই দক্ষিণ আফ্ৰিকাৰ বাবে জয় সহজ কৰি তোলে । এই অংশীদাৰিত্বৰ সময়ছোৱাত মাৰ্ক্ৰামে ১১টা চাৰিৰ সহায়ত ১০১টা বলত শতক সম্পূৰ্ণ কৰে । এয়া আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ অষ্টমটো শতিক । লগে লগে আই চি চিৰ ইভেণ্টৰ ফাইনেলত শতক অৰ্জন কৰা প্ৰথমজন দক্ষিণ আফ্ৰিকাৰ বেটছমেন হিচাপে পৰিগণিত হয় মাৰ্ক্ৰাম ।

আনহাতে, টেম্বা বাভুমাই হামষ্ট্ৰিঙৰ আঘাতৰ সৈতে যুঁজিও এক ডাঙৰ ইনিংছ খেলিবলৈ সক্ষম হয় । বাভুমাই ১৩৪টা বলত ৬৬ ৰান সংগ্ৰহ কৰে, য’ত পাঁচটা চাৰি আছিল । বাভুমাক ৰান আউট কৰে অধিনায়ক পেট কামিন্সে । ট্ৰিষ্টান ষ্টাবছ বিশেষ প্ৰদৰ্শনত আৰু ৮ ৰান সংগ্ৰহ কৰি মিচেল ষ্টাৰ্কৰ বলি হয় । ইয়াৰ পিছতে মাক্ৰাম আৰু ডেভিদ বেডিংহামে ৫ উইকেটৰ বিনিময়ত ৩৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি দক্ষিণ আফ্ৰিকাক জয়ৰ ওচৰলৈ লৈ যায় । দক্ষিণ আফ্ৰিকাই জয়ী হ’বলৈ ৬ ৰান বাকী থকাৰ সময়তে মাক্ৰাম আউট হয় । মাক্ৰামক জোছ হেজলউডে আউট কৰে । মাৰ্ক্ৰামে ২০৭টা বলত ১৩৬ ৰান সংগ্ৰহ কৰে, য’ত ১৪টা চাৰি আছিল ।

উইকেট পতনঃ ৯-১ (ৰিয়ান ৰিকেলটন, ২.১ অভাৰ), ৭০-২ (ৱিয়ান মুল্ডাৰ, ১৭.৪ অভাৰ), ২১৭-৩ (টেম্বা বাভুমা, ৫৮.৬ অভাৰ), ২৪১-৪ (ট্ৰিষ্টান ষ্টাবছ, ৭০.৩ অভাৰ), ২৭৬-৫ (এইডেন মাৰ্ক্ৰাম, ৮০.৬ অভাৰ)

অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ষ্টাৰ্কে বেটেৰে কৰিলে এই কাম-

অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ কথা ক’বলৈ গ’লে কেংগাৰু দলৰ স্ক’ৰ এসময়ত আছিল ৭টা উইকেটত ৭৩ ৰান । ইয়াৰ পিছতে উইকেটকীপাৰ বেটছমেন এলেক্স কেৰী আৰু মিচেল ষ্টাৰ্কৰ উজ্জ্বল বেটিঙৰ বাবে অষ্ট্ৰেলিয়াই ২০৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ষ্টাৰ্কে ১৩৬টা বলত ৫৮ (অপৰাজিত) ৰান সংগ্ৰহ কৰে, য’ত পাঁচটা চাৰি আছিল । আনহাতে এলেক্স কেৰীয়ে ৫টা চাৰিৰ সহায়ত ৫০টা বলত ৪৩ ৰান সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছ’ ৰাবাডাই দ্বিতীয় ইনিংছতো উজ্জ্বল বলিং কৰি ৪টা উইকেট দখল কৰে । আনহাতে লুংগি ঙিডিয়ে তিনিটা সফলতা লাভ কৰে ।

উইকেটৰ পতনঃ ২৮-১ (উছমান খোৱাজা, ১০.২ অভাৰ), ২৮-২ (কেমেৰুন গ্ৰীণ, ১০.৪ অভাৰ), ৪৪-৩ (মাৰ্নাছ লাবুশ্বান, ১৭.৫ অভাৰ), ৪৮-৪ (ষ্টিভ স্মিথ, ১৮.৫ অভাৰ), ৬৪-৫ (বিউ ৱেবষ্টাৰ, ২২.৬ অভাৰ), ৬৬-৬ (ট্ৰেভিছ হেড, ২৩.৪ অভাৰ), ৭৩-৭ (পেট কামিন্স, ২৪.৫ অভাৰ), ১৩৪-৮ (এলেক্স কেৰী, ৩৮.২ অভাৰ), ১৪৮-৯ (নাথান লায়ন, ৪২.৪ অভাৰ), ২০৭-১০ (জোছ হেজলউড, ৬৪.৬ অভাৰ)

প্ৰথম ইনিংছত কামিন্সৰ আগত আত্মসমৰ্পণ আফ্ৰিকান বেটছমেনৰ-

প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাৰ বেটছমেনৰ প্ৰদৰ্শন হতাশাজনক আছিল । ফলত সমগ্ৰ দক্ষিণ আফ্ৰিকাৰ দলটো ১৩৮ ৰানতে অল আইট হয় । দক্ষিণ আফ্ৰিকাৰ হৈ ডেভিদ বেডিংহামে সৰ্বাধিক ৪৫ ৰান সংগ্ৰহ কৰে, য’ত ৬টা চাৰি আছিল । একে সময়তে অধিনায়ক টেম্বা বাভুমাই ৮৪টা বলত চাৰিটা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩৬ ৰানৰ ইনিংছ খেলে । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে ৬টা উইকেট দখল কৰাৰ বিপৰীতে মিচেল ষ্টাৰ্কে দুটা সফলতা লাভ কৰে ।

উইকেটৰ পতন: ০-১ (এইডেন মাৰ্ক্ৰাম, ০.৬ অভাৰ), ১৯-২ (ৰিয়ান ৰিকেলটন, ৮.৪ অভাৰ), ২৫-৩ (ৱিয়ান মুল্ডাৰ, ১৫.২ অভাৰ), ৩০-৪ (ট্ৰিষ্টান ষ্টাবছ, ২০.২ অভাৰ), ৯৪-৫ (টেম্বা বাভুমা, ৩৯.২ অভাৰ), ১২৬-৬ (কাইল ভেৰিন, ৫১.৩ অভাৰ), ১২৬-৭ (মাৰ্কো জান্সেন, ৫১.৬ অভাৰ), ১৩৫-৮ (ডেভিদ বেডিংহাম, ৫৫.২ অভাৰ), ১৩৮-৯ (কেশৱ মহাৰাজ, ৫৬.৫ অভাৰ), ১৩৮-১০ (কাগিছ’ ৰাবাদা, ৫৭.১ অভাৰ)

ৰাবাডাৰ বিধ্বংসী বলিঙত প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ দুদৰ্শা-

টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথম ইনিংছত ২১২ ৰান সংগ্ৰহ কৰে । বিউ ৱেবষ্টাৰে সৰ্বাধিক ৭২ ৰান সংগ্ৰহ কৰে, য’ত ১১টা চাৰি আছিল । প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে ৬৬ ৰান সংগ্ৰহ কৰে । স্মিথে নিজৰ ইনিংছত ১০টা চাৰি কোবাই । দক্ষিণ আফ্ৰিকাৰ হৈ বেগী বলাৰ কাগিছ’ ৰাবাডাই সৰ্বাধিক ৫টা উইকেট দখল কৰাৰ বিপৰীতে বাওঁহাতৰ পেচাৰ মাৰ্কো জেন্সেনে তিনিটা উইকেট লাভ কৰে । স্পীনাৰ কেশৱ মহাৰাজ আৰু এইডেন মাক্ৰামে এটাকৈ উইকেট দখল কৰে ।

উইকেটৰ পতনঃ ১২-১ (উছমান খোৱাজা, ৬.৩ অভাৰ), ১৬-২ (কেমেৰুন গ্ৰীণ, ৬.৬ অভাৰ), ৪৬-৩ (মাৰ্নাছ লাবুশ্বানে, ১৭.৬ অভাৰ), ৬৭-৪ (ট্ৰেভিছ হেড, ২৩.২ অভাৰ), ১৪৬-৫ (ষ্টিভ স্মিথ, ৪১.৬ অভাৰ), ১৯২-৬ (এলেক্স কেৰী, ৫১.১ অভাৰ), ১৯৯-৭ (পেট কামিন্স, ৫২.৪ অভাৰ), ২১০-৮ (ৱেবষ্টাৰ, ৫৪.৪ অভাৰ), ২১১-৯ (নাথান লায়ন, ৫৫.৫ অভাৰ), ২১২-১০ (মিচেল ষ্টাৰক, ৫৬.৪ অভাৰ)।

টেষ্ট ক্ৰিকেটৰ ইতিহাসত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত ১০১খন খেল অনুষ্ঠিত হৈছে । এই সময়ছোৱাত অষ্ট্ৰেলিয়াই ৫৪খন খেলত জয়লাভ কৰিছে । আনহাতে দক্ষিণ আফ্ৰিকাই ২৬খন মেচত জয়লাভ কৰিছে । দুয়োখন দেশৰ মাজত ২১খন খেল ড্ৰ’ত সমাপ্ত হৈছে । অৰ্থাৎ পৰিসংখ্যাৰ ক্ষেত্ৰত কেংগাৰু দলটো আগবাঢ়ি আছে ।

লগতে পঢ়ক : কেৱল পৰাজয়… ২৭ বছৰে থকা ‘চ’ৰ্কাছ‘ অভিধা দূৰ কৰিবলৈ সক্ষম হ’বনে দক্ষিণ আফ্ৰিকা ?

কেৱল পৰাজয়… ২৭ বছৰে থকা ‘চ’ৰ্কাছ‘ অভিধা দূৰ কৰিবলৈ সক্ষম হ’বনে দক্ষিণ আফ্ৰিকা ?

২৭ বছৰে থকা ‘চ’ৰ্কাছ‘ অভিধা দূৰ কৰিবলৈ সক্ষম হ’বনে দক্ষিণ আফ্ৰিকা ?

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ইতিহাসত বহুকেইজন মহান খেলুৱৈ আছে । তেওঁলোকে উৎকৃষ্ট খেলেৰে ক্ৰিকেটৰ সুনাম বৃদ্ধি কৰিছে । কিন্তু আই চি চিৰ বৃহৎ প্ৰতিযোগিতাত তেওঁলোকে নিজৰ দেশৰ বাবে বিশেষ যাদু দেখুৱাব পৰা নাই । এই কাৰণেই এতিয়াও মহান খেলুৱৈ থকাৰ পিছতো প্ৰটিয়াছৰ নামত কোনো ডাঙৰ আই চি চি খিতাপ নাই ।

দক্ষিণ আফ্ৰিকাই ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে আই চি চি নকআউট ট্ৰফী লাভ কৰে । যিটো পিছলৈ চেম্পিয়নছ ট্ৰফীলৈ সলনি কৰা হয় । তেতিয়াৰ পৰাই দলটোৱে সদায়েই ডাঙৰ ডাঙৰ ট্ৰফীৰ বাবে সংগ্ৰাম কৰি আহিছে । ইয়াৰ পূৰ্বে বহু সময়ত আফ্ৰিকান দলটোক খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল । দলটোৱে সুন্দৰভাৱে প্ৰতিযোগিতাৰ আৰম্ভণি কৰে । কিন্তু সুক্ষ্ম পৰিস্থিতিত খেলুৱৈসকলে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল । ফলত তেওঁলোকে খিতাপৰ পৰা আঁতৰি থাকিব লগা হয় ।

প্ৰায় ২৭ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাই পুনৰবাৰ আই চি চিৰ বৃহৎ খিতাপ দখলৰ সুযোগ লাভ কৰিছে । ডব্লিউ টি চি ২০২৩-২৫ৰ অন্তিমখন খেল লৰ্ডছত অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ আছে । য’ত বিপক্ষ দলে নিৰ্ধাৰণ কৰা ২৮৩ ৰানৰ লক্ষ্য খেদি বৰ্তমান প্ৰটিয়াছ দলে ২৪১/৪ ৰান সংগ্ৰহ কৰিছে । প্ৰটিয়াছক এতিয়া জয়ৰ বাবে প্ৰয়োজন কেৱল ৪০ ৰানৰ । জয়ৰ কাষ চাপি অহাৰ লগে লগে বছৰ বছৰ ধৰি চলি থকা ডাঙৰ ট্ৰফী দখলৰ অপেক্ষাৰো অন্ত পৰিব বুলি আসা কৰা হৈছে ।

প্ৰটিযাছক কেতিয়া কেতিয়া খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰা হৈছিল ?

১৯৯৮ চনৰ পিছত বহু সময়ত এনে লাগিছিল যে আফ্ৰিকান দলটোৱে সহজেই খিতাপ দখল কৰিব । কিন্তু ভাগ্য তেওঁলোকৰ অনুকূল নাছিল আৰু তেওঁলোকে গুৰুত্বপূৰ্ণ ইভেন্টত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । দক্ষিণ আফ্ৰিকাই ১৯৯৯ চনৰ বিশ্বকাপত যিদৰে অংশগ্ৰহণ কৰিছিল, সকলোৱে আশা কৰিছিল যে তেওঁলোকে ট্ৰফী দখল কৰিব । কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত ২১৩-২১৩ ব্যৱধানত সমতা স্থাপন কৰে । ইয়াত ভাগ্যই কেংগাৰু দলক লগ দিয়ে আনহাতে আফ্ৰিকান দলটো হতাশ হয় । মেচখন ড্ৰ’ হোৱাৰ পিছতো আফ্ৰিকান দলটোৱে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি থাকিবলগীয়া হয় কাৰণ লীগ পৰ্যায়ত ইয়াৰ প্ৰদৰ্শন অষ্ট্ৰেলিয়াতকৈ দুৰ্বল আছিল ।

এই হতাশাক এৰি আফ্ৰিকান খেলুৱৈসকলে ২০০৩ চনৰ বিশ্বকাপত ঘৰুৱা খেলপথাৰত খিতাপৰ বাবে বহু চেষ্টা কৰিছিল । অৱশ্যে ইয়াতো ভাগ্যই তেওঁলোকক লগ নিদিলে আৰু গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হয় । ২০০৭ চনৰ বিশ্বকাপত তেওঁলোকৰ যাত্ৰা আছিল উত্থান-পতনেৰে ভৰা । য’ত ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নেদাৰলেণ্ড আৰু স্কটলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে তেওঁলোকৰ জয় আছিল দৰ্শনীয় । কিন্তু অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে বেয়াকৈ পৰাস্ত হয় দলটো । ফলত ১ নম্বৰৰ ৰেংকিঙো হেৰুৱাব লগা হয় ।

২০১১ চনৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাই গ্ৰুপ বিৰ শীৰ্ষস্থান দখল কৰি পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰে । কিন্তু কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত নাটকীয় পতনৰ সন্মুখীন হ’বলগীয়া হয় । নিউজীলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৬৪ ৰানত ৮টা উইকেট হেৰুৱাইছিল দলটোৱে । যাৰ বাবে তেওঁলোকে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

আফ্ৰিকান অনুৰাগীসকল আশাবাদী আছিল যে ২০১৫ চনৰ বিশ্বকাপ তেওঁলোকৰ দেশলৈ যাব । কাৰণ আছিল তাৰকা খেলুৱৈৰে ভৰা এটা ডাঙৰ দল । কিন্তু নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল খেলখনত আফ্ৰিকান দলটোৱে আকৌ এবাৰ চ’কাৰ বুলি প্ৰমাণ কৰিলে । ইয়াৰ লগে লগে তেওঁলোকৰ বিশ্বকাপৰ খিতাপ দখল কৰাৰ সপোন মাথোঁ এটা সপোন হৈয়েই থাকিল ।

২০১৯ চনত দুৰ্বল প্ৰদৰ্শনৰ বাবে দলটোৱ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল, আনহাতে ২০২৩ চনত ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । য’ত অষ্ট্ৰেলিয়াৰ দলৰ সৈতে হোৱা সংঘৰ্ষত তেওঁলোক আগবাঢ়াত ব্যৰ্থ হয় ।

লগতে পঢ়ক : ইংলেণ্ড ভ্ৰমণ মাজভাগতে এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ; ICU ত ভৰ্তি মাতৃ

‘শুভমন গীলৰ বাবে অধিনায়কত্ব কঠিন প্ৰত্যাহ্বান’; দলৰ বাহিৰত থকা পূজাৰাৰ ডাঙৰ মন্তব্য

শুভমন গীল

প্ৰবীণ টেষ্ট খেলুৱৈ চেতেশ্বৰ পূজাৰাই দেওবাৰে শুভমান গীলক লৈ ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে ইংলেণ্ডত কঠিন পৰিস্থিতিত ভাৰতৰ অধিনায়কত্ব শুভমন গীলৰ দৰে যুৱ খেলুৱৈৰ বাবে প্ৰত্যাহ্বান হ’ব।

পূজাৰাই কয় যে এয়া গিলৰ বাবে এক ডাঙৰ সুযোগ হ’বও পাৰে।এই ভ্ৰমণত যদি তেওঁ অধিনায়ক হিচাপে সফলতা লাভ কৰে তেন্তে ইয়াৰ দ্বাৰা তেওঁৰ আত্মবিশ্বাস বহু পৰিমাণে বৃদ্ধি পাব।

শনিবাৰে ৰোহিত শৰ্মাৰ ঠাইত গীলক নতুন টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।পূজাৰাই দেওবাৰে কয় যে, ‘আপুনি যুৱ খেলুৱৈ হওক বা অভিজ্ঞ খেলুৱৈয়ে হওক, কেপ্তেইন হিচাপে বিদেশলৈ গ’লে প্ৰত্যাহ্বান হ’বই।’

ইংলেণ্ডত আৰম্ভণি কৰাটো শুভমন গীলৰ বাবে সহজ নহ’ব যদিও এজন যুৱ খেলুৱৈৰ বাবে ই এক সুন্দৰ সুযোগ’।

পূজাৰাই কয়, ‘আমি শুনিছো যে বুমৰাহ ইংলেণ্ডত পাঁচোখন মেচ খেলিব নোৱাৰিব, সেয়েহে গীলক দলটোৰ নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হৈছে’।

‘যদি শুভমনক দায়িত্ব দিয়া হৈছে তেন্তে তাৰ অৰ্থ হ’ল দল পৰিচালনা আৰু নিৰ্বাচকসকলে ভাবিছে যে তেওঁ দীৰ্ঘদিনলৈ দলটোক নেতৃত্ব দিব পাৰিব’।

ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলা ২০ জুনৰ পৰা আৰম্ভ হ’ব।তেওঁ কয়, ‘বেটছমেন হিচাপে শুভমন গীলৰ ডাঙৰ দায়িত্ব আছে, অৱশ্যে গীলৰ যি ধৰণৰ প্ৰতিভা আছে তাৰে ইংলেণ্ডত সফল হ’ব বুলি মই নিশ্চিত।

ইয়াৰ ফলত তেওঁলোকক ভাল প্ৰদৰ্শন কৰিবলৈ নিশ্চিতভাৱে প্ৰেৰণা যোগাব।অধিনায়ক হোৱাৰ ফলত তেওঁৰ ভিতৰত থকা শ্ৰেষ্ঠখিনি ওলাই আহিব নে নাই নাজানো, কিন্তু বেটছমেন হিচাপে তেওঁ সদায় দলৰ হৈ ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আহিছে।

লগতে পঢ়ক: হ্ৰাস পালে আইফোন ১৪ৰ মূল্য; Amazon এ পুনৰ বাৰ কমালে দাম

মহানায়কৰ প্ৰস্থান… টেষ্ট ক্ৰিকেটক বিদায় জনালে কিং কোহলীয়ে

ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে সোমবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে । ইয়াৰ লগে লগে ক্ৰিকেটৰ দীঘলীয়া ফৰ্মেটত কোহলীৰ ভৱিষ্যতক লৈ বছৰ বছৰ ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলায় তেওঁ । এতিয়া তেওঁ কেৱল এদিনীয়া ক্ৰিকেটহে খেলিব । তেওঁৰ অৱসৰৰ লগে লগে ভাৰতীয় প্ৰবীণ খেলুৱৈৰ টেষ্ট ফৰ্মেটৰ পৰা বাহিৰ হোৱাটো অব্যাহত আছে । ৰবিচন্দ্ৰন অশ্বিন (ডিচেম্বৰ মাহত) আৰু ৰোহিত শৰ্মা (যোৱা সপ্তাহ)ও এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।

৩৬ বছৰীয়া বিৰাট কোহলীক অন্তিমবাৰৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত টেষ্ট ক্ৰিকেট খেলা দেখা গৈছিল । য’ত ভাৰতে ৫ খনীয়া মেচৰ শৃংখলাত ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ছিৰিজৰ প্ৰথমখন মেচ অৰ্থাৎ পাৰ্থ টেষ্টত কোহলীয়ে শতক অৰ্জন কৰিছিল ঠিকেই, কিন্তু তাৰ পিছত তেওঁক ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম কৰা দেখা গৈছিল ।

অহা মাহত ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ৫ খনীয়া টেষ্ট মেচৰ শৃংখলাৰ বাবে কেইদিনমানৰ পিছতে ভাৰতীয় দল ঘোষণাৰ সময়তে কোহলীয়ে অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে ৰাজহৱা কৰিছে । উল্লেখ্য যে কোহলীয়ে যোৱা বছৰ টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লৈছিল ।

২০১১ চনৰ জুন মাহত কিংষ্টনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিৰাট কোহলীৰ টেষ্টত অভিষেক ঘটিছিল । ইয়াৰ পিছতে কোহলীয়ে প্ৰথম ইনিংছত ৪ ৰান আৰু দ্বিতীয় ইনিংছত ১৫ ৰান সংগ্ৰহ কৰে । ২০২৫ চনৰ জানুৱাৰী মাহত ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ শেষ টেষ্ট আছিল । এই শেষ টেষ্টত কোহলীয়ে প্ৰথম ইনিংছত ১৭ ৰান আৰু দ্বিতীয় ইনিংছত ৬ ৰান সংগ্ৰহ কৰিছিল ।

কিং কোহলীয়ে ১২৩খন টেষ্ট মেচ খেলিছে । এই সময়ছোৱাত তেওঁ ৪৬.৮৫ গড়ে ৯২৩০ ৰান সংগ্ৰহ কৰে । টেষ্টত কোহলীয়ে ৩০টা শতক আৰু ৩১টা অৰ্ধশতক অৰ্জন কৰিছে ।

বিৰাট কোহলীয়ে নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰে । তেওঁ কয়, ‘টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে জাৰ্চি পিন্ধা আজি ১৪ বছৰ হ’ল । সঁচা কথা ক’বলৈ গ’লে এই ফৰ্মেটটোৱে মোক কি যাত্ৰাত লৈ যাব সেয়া মই কেতিয়াও কল্পনা কৰা নাছিলো । ই মোক পৰীক্ষা কৰিছিল, গঢ় দিছিল আৰু গোটেই জীৱন লগত লৈ ফুৰিব পৰা পাঠ শিকাইছিল । বগা পিন্ধি খেলাটো অতি ব্যক্তিগত অভিজ্ঞতা । নিস্তব্ধ কঠোৰ পৰিশ্ৰম, দীঘলীয়া দিন, সৰু সৰু মুহূৰ্তবোৰ যিবোৰ আপোনাৰ লগত চিৰদিনৰ বাবে থাকে, সেইবোৰৰ বাহিৰে আন কোনেও দেখা নাপায় ।’

কোহলীয়ে আৰু কয়, ‘যেতিয়া মই এই ফৰ্মেটৰ পৰা আঁতৰি আহিছো, তেতিয়া ই সহজ নহয়- কিন্তু সেয়া সঠিক অনুভৱ হয় । মই ইয়াক মোৰ সকলোখিনি দিছো আৰু ই মোক আশা কৰাতকৈও অধিক দিছে । খেলখনৰ বাবে, খেলপথাৰত থকা মানুহখিনিৰ বাবে আৰু এই যাত্ৰাত মোক সহায় কৰা সকলোৰে বাবে কৃতজ্ঞতাৰে ভৰা হৃদয় লৈ ওলাই যাওঁ । মই সদায় হাঁহি হাঁহি মোৰ টেষ্ট কেৰিয়াৰলৈ উভতি চাম ।’

কোহলীয়ে ৭টা দ্বি-শতক অৰ্জন কৰিছে-

সোঁহতীয়া বেটছমেনগৰাকীয়ে ৭টা ডাবল চেঞ্চুৰীৰে ফৰ্মেটত নিজকে কিংবদন্তি হিচাপে প্ৰতিষ্ঠা কৰিছে, যিটো ভাৰতীয় যিকোনো খেলুৱৈৰ সৰ্বাধিক । তেওঁ মহান খেলুৱৈ সুনীল গাভাস্কৰ (৪), শচীন টেণ্ডুলকাৰ (৬), বীৰেন্দ্ৰ ছেহৱাগ (৬) আৰু ৰাহুল দ্ৰাবিড় (৫)তকৈ বহু আগবাঢ়ি আছে ।

যি সময়ত টি-২০ লীগ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগিতাত পৰিণত হৈছে, সেই সময়ত কোহলীৰ যাদুৱে অনুৰাগীক টেষ্ট ক্ৰিকেটৰ প্ৰতি আকৃষ্ট কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এই কথা ছাৰ ভিভ ৰিচাৰ্ডছেও স্বীকাৰ কৰিছিল যাৰ লগত তেওঁক প্ৰায়ে তুলনা কৰা হৈছিল ।

অধিনায়কত্বৰ অভিলেখ-

টেষ্ট ইতিহাসত ভাৰতৰ সফল অধিনায়ক হিচাপে পৰিগণিত হৈছে বিৰাট । বিৰাটে ভাৰতৰ ৬৮খন টেষ্ট মেচত অধিনায়কত্ব কৰিছিল, য’ত দলটোৱে ৪০খনত জয়লাভ কৰিছিল । কোহলীয়ে অধিনায়কৰ দায়িত্ব লোৱাৰ সময়ত ভাৰতীয় দলটো সপ্তম স্থানত আছিল । কিন্তু নিজৰ লগতে সতীৰ্থ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে বিশ্বৰ ১ নম্বৰ স্থানত উপনীত হয় ।

বিৰাট কোহলীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ-

-১২৩ খন টেষ্ট, ২১০ ইনিংছ, ৯২৩০ ৰান, ৪৬.৮৫ গড়, ৩০ শতক, ৩১ টা অৰ্ধশতক

-৩০২খন এদিনীয়া, ২৯০ ইনিংছ, ১৪১৮১ ৰান, ৫৭.৮৮ গড়, ৫১ শতক, ৭৪টা অৰ্ধশতক, ৫১

-১২৫ টি-২০, ১১৭ টা ইনিংছ, ৪১৮৮ ৰান, ৪৮.৬৯ গড়, ১ শতক, ৩৮টা অৰ্ধশতক

টেষ্ট ৰেংকিঙত পিছ পৰিল টিম ইণ্ডিয়া… এদিনীয়া আৰু টি-২০ত অব্যাহত আছে আধিপত্য

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰা শেহতীয়া ৰেংকিঙত বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল । সোমবাৰে (৫ মে’) বাৰ্ষিক ৰেংকিং আপডেটৰ পিছত ভাৰতীয় দলটোৱে এদিনীয়া আৰু টি-২০ ৰেংকিঙত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে । কিন্তু টেষ্ট ৰেংকিঙত দলটো আঘাতৰ সন্মুখীন হৈছে । আপডেট কৰা ৰেংকিঙত ২০২৪ চনৰ মে’ মাহৰ পৰা এতিয়ালৈকে খেলা সকলো মেচতে ১০০ শতাংশ ৰেট দিয়া হৈছে আৰু যোৱা দুবছৰৰ মেচত ৫০ শতাংশ ৰেট দিয়া হৈছে ।

টেষ্টত ইংলেণ্ডৰ আধিপত্য-

ভাৰতীয় দলটোৱে এতিয়া টেষ্ট ৰেংকিঙত এটা স্থান অৱনমিত হৈ চতুৰ্থ স্থানত উপনীত হৈছে । বেন ষ্ট’কছৰ নেতৃত্বত ইংলেণ্ডে ডাঙৰ জাঁপ মাৰি দ্বিতীয় স্থানত উপনীত হৈছে আৰু দক্ষিণ আফ্ৰিকা আৰু ভাৰত দুয়োখন দেশকে অতিক্ৰম কৰিছে । ইংলেণ্ডৰ ৰেটিং পইণ্ট এতিয়া ১১৩, দক্ষিণ আফ্ৰিকাৰ ১১১ আৰু ভাৰতৰ ১০৫ পইণ্ট । টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে অষ্ট্ৰেলিয়াই । কিন্তু বাৰ্ষিক আপডেটৰ পিছত দলটোৰ পইন্ট ১২৬ লৈ হ্ৰাস পাইছে ।

টেষ্ট ৰেংকিঙত বাকী দলসমূহৰ স্থান অপৰিৱৰ্তিত হৈ আছে । নিউজীলেণ্ড পঞ্চম, শ্ৰীলংকা ষষ্ঠ, পাকিস্তান সপ্তম, ৱেষ্ট ইণ্ডিজ অষ্টম, বাংলাদেশ নৱম আৰু জিম্বাবুৱে দশম স্থানত আছে । বৰ্তমান মাত্ৰ ১০ টা দল টেষ্ট ৰেংকিঙৰ বাবে যোগ্য । আয়াৰলেণ্ডে ৰেংকিঙত স্থান লাভ কৰিবলৈ অহা ১২ মাহত আৰু এখন টেষ্ট খেলিব লাগিব, আনহাতে আফগানিস্তানে টেষ্ট ৰেংকিঙত অন্তৰ্ভুক্ত হ’বলৈ আৰু তিনিখন মেচ খেলিব লাগিব ।

এদিনীয়া ৰেংকিঙত ভাৰতৰ ৰেটিং পইণ্ট ১২২ৰ পৰা ১২৪লৈ বৃদ্ধি পাইছে । এদিনীয়া ৰেংকিঙত দ্বিতীয় স্থানত আছে নিউজীলেণ্ড । নিউজীলেণ্ডে অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি এতিয়া তৃতীয় স্থানত আছে । শ্ৰীলংকা চতুৰ্থ স্থানত থকাৰ বিপৰীতে পাকিস্তানে এটা স্থান জঁপিয়াই পাঁচ নম্বৰ স্থান লাভ কৰিছে । দক্ষিণ আফ্ৰিকা এটা স্থান অৱনমিত হৈ ষষ্ঠ স্থান লাভ কৰাৰ বিপৰীতে আফগানিস্তানে আৰু চাৰি পইণ্ট লাভ কৰি সপ্তম স্থানত উপনীত হৈছে । আনহাতে ইংলেণ্ড অষ্টম স্থানলৈ অৱনমিত হৈছে । ইফালে আৰু ৫ পইণ্ট লাভ কৰি নৱম স্থানত আছে ৱেষ্ট ইণ্ডিজ আৰু দশম স্থানত আছে বাংলাদেশ ।

ইফালে, দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ অগ্ৰগতি ১০ পইণ্টৰ পৰা ৯ পইণ্টলৈ হ্ৰাস পাইছে যদিও ২৭১ ৰেটিং পইণ্টেৰে ভাৰত টি-২০ ৰেংকিঙৰ শীৰ্ষত আছে । ইংলেণ্ড তিনি নম্বৰত আছে । আনহাতে নিউজীলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা ক্ৰমে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থানত আছে । এছিয়াৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক (৮) পিছ পেলাই শ্ৰীলংকা ৰেংকিঙত সপ্তম স্থানলৈ আগবাঢ়িছে । বাংলাদেশ আৰু আফগানিস্তান ক্ৰমে নৱম আৰু দশম স্থানত আছে ।

বাৰ্ষিক আপডেটৰ পিছত প্ৰথমবাৰৰ বাবে টি-২০ ৰেংকিঙত ১০০টা দল অন্তৰ্ভুক্ত কৰা হৈছে । আপডেট কৰা তালিকাখনত যোৱা তিনি বছৰত কমেও আঠটা টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলা সকলো দল অন্তৰ্ভুক্ত কৰা হৈছে । ২০১৯ চনত আৰম্ভ হোৱা টি-২০ ৰেংকিঙত ৮০টা দল অন্তৰ্ভুক্ত কৰা হৈছিল ।

ইতিহাস ৰচনা কৰিলে যশপ্ৰীত বুমৰাহে…আই চি চিৰ এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰ

ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে পুনৰ এবাৰ ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে তেওঁক ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰিছে । অহা মাহত পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ খেলিব ভাৰতীয় দলটোৱে । তাৰ পূৰ্বেই এই ভাল খবৰ প্ৰকাশ পাইছে ।

২০২৪ চনত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰিছিল যশপ্ৰীত বুমৰাহে । তেওঁ মুঠ ১৩খন টেষ্ট মেচ খেলি ১৪.৯২ গড়ে ৭১টা উইকেট দখল কৰিছে । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ত ৩২টা উইকেটেৰে সৰ্বাধিক উইকেট দখল কৰিছিল বুমৰাহে ।

ঘৰ-বিদেশৰ খেলপথাৰত শক্তিশালী প্ৰদৰ্শন-

এই প্ৰদৰ্শনৰ ভিত্তিত আই চি চিয়ে বুমৰাহক বছৰৰ শ্ৰেষ্ঠ পুৰুষৰ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰে । ঘৰুৱা আৰু বিপক্ষ দুয়োটা দলৰ খেলপথাৰতে নিজকে প্ৰমাণ কৰি দেখুৱাইছে বুমৰাহে । ঘৰুৱা খেলপথাৰত ইংলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলা জয় কৰাৰ ক্ষেত্ৰত এই সোঁহাতৰ বেগী বলাৰগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

ইয়াৰ উপৰিও তেওঁ বিদেশৰ মাটিত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । অৱশ্যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত পৰাজয়ৰ সন্মুখীন হয় । কিন্তু এই ৫খন মেচৰ টেষ্ট শৃংখলাত বুমৰাহে সৰ্বাধিক ৩২টা উইকেট দখল কৰে ।

ইতিহাস সৃষ্টি কৰিলে বুমৰাহে-

বুমৰাহে এই কৃতিত্ব অৰ্জন কৰা অৰ্থাৎ বছৰৰ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱা ষষ্ঠজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে । তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছে ৰাহুল দ্ৰাবিড় (২০০৪), গৌতম গম্ভীৰ (২০০৯), বীৰেন্দ্ৰ ছেহৱাগ (২০১০), ৰবিচন্দ্ৰন অশ্বিন (২০১৬) আৰু বিৰাট কোহলী (২০১৮) ।

এইদৰে ৬ বছৰৰ পাছত এই বঁটা পুনৰবাৰ দেশলৈ ঘূৰি আহিছে । ২০১৮ চনত শেষবাৰৰ বাবে এই খিতাপ দখল কৰিছিল কোহলীয়ে । বুমৰাহে এই সন্মান লাভ কৰাৰ লগে লগে ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে সমতা স্থাপন কৰিছে । দুয়োখন দেশে ৬ বাৰকৈ এই বঁটা লাভ কৰিছে । লগতে কেংগাৰুৰ বেটছমেন ষ্টিভ স্মিথ (২০১৫, ২০১৭) একমাত্ৰ ক্ৰিকেটাৰ যিয়ে নিজৰ কেৰিয়াৰত দুবাৰকৈ এই খিতাপ দখল কৰিছে ।

আই চি চি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে বুমৰাহে; অল ৰাউণ্ডাৰ ৰেংকিঙৰ শীৰ্ষত জাডেজা

বুধবাৰে আই চি চিয়ে প্ৰকাশ কৰে শেহতীয়া ৰেংকিং । এই ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ এক নম্বৰ বলাৰ হৈ আছে । একে সময়তে অল ৰাউণ্ডাৰ শাখাত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে ৰবীন্দ্ৰ জাডেজাই । জানুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা পঞ্চম আৰু অন্তিমখন বৰ্ডাৰ-গাভাস্কাৰ টেষ্টৰ পূৰ্বে বুমৰাহে ৯০৭ পইন্ট সংগ্ৰহ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল । ভাৰতীয় বলাৰৰ এইটোৱেই হৈছে আই চি চিৰ সৰ্বোচ্চ ৰেংকিং ৰেটিং । বৰ্তমান তেওঁৰ ৰেটিং হৈছে ৯০৮ যিটো তেওঁৰ সৰ্বোত্তম ।

টেষ্ট বলাৰৰ ৰেংকিং-

টেষ্ট বলাৰৰ ভিতৰত অষ্ট্ৰেলিয়াৰ পেট কামিন্সে ৮৪১ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে আৰু দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাডাই ৮৩৭ ৰেটিং পইণ্টেৰে তৃতীয় স্থানত আছে । চতুৰ্থ স্থানত অষ্ট্ৰেলিয়াৰ জোছ হেজলউড আৰু পঞ্চম স্থানত আছে দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জান্সেন । মুলতানত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ৬ উইকেট দখল কৰি পাকিস্তানৰ নোমান আলীয়ে (৭৬১) শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে । তেওঁ দুটা স্থান জপিয়াই নৱম স্থান লাভ কৰিছে । ইফালে, শীৰ্ষ ১০ গৰাকী টেষ্ট বলাৰৰ ভিতৰত দশম স্থানত আছে ভাৰতৰ ৰবীন্দ্ৰ জাডেজা ।

টেষ্ট অল-ৰাউণ্ডাৰ ৰেংকিং-

টেষ্ট ফৰ্মেটত শীৰ্ষ ১০ অল ৰাউণ্ডাৰৰ তালিকাত বিশেষ পৰিৱৰ্তন হোৱা নাই । ৪০০ ৰেটিং পইণ্টেৰে শীৰ্ষ স্থানত আছে জাডেজা । তেওঁৰ পিছতে আছে দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জান্সেন । তেওঁৰ ৰেটিং পইণ্ট হৈছে ২৯৪ । তৃতীয় স্থানত আছে ২৮৪ ৰেটিং পইণ্টেৰে বাংলাদেশৰ মেহদী হাছান । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স ২৮২ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থান আৰু বাংলাদেশৰ ছাকিব আল হাছানে ২৬৩ ৰেটিং পইণ্টেৰে অলৰাউণ্ডাৰৰ ভিতৰত পঞ্চম স্থানত আছে ।

টেষ্ট বেটছমেনৰ ৰেংকিং-

টেষ্ট বেটছমেনৰ ভিতৰত ইংলেণ্ডৰ জো ৰুট শীৰ্ষত আছে । তেওঁৰ ৰেটিং পইণ্ট হৈছে ৮৯৫ । ইফালে ইংলেণ্ডৰ হেৰী ব্ৰুক ৮৭৬ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে । তৃতীয় স্থানত আছে নিউজীলেণ্ডৰ কেন উইলিয়ামছন । তেওঁৰ ৰেটিং পইণ্ট হৈছে ৮৬৭ । ভাৰতৰ যশস্বী জয়ছোৱালে ৮৪৭ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে ৭৭২ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে ।

টেষ্ট বেটছমেনৰ ভিতৰত শীৰ্ষ ১০ ৰ ভিতৰত ভাৰতৰ দুগৰাকী খেলুৱৈ আছে । যশস্বীৰ বাহিৰেও আছে ঋষভ পন্ট । পণ্ট এটা স্থান অৱনমিত হৈ দশম স্থানলৈ গৈছে । ফৰ্মৰ বাহিৰত বিৰাট কোহলী ২৬ নম্বৰ স্থানত থকাৰ বিপৰীতে শুভমন গীল ২২ নম্বৰ স্থানত আছে । টেষ্ট বেটছমেনৰ ভিতৰত ৪৩ নম্বৰ স্থানত আছে ৰোহিত শৰ্মা ।