পুনৰ গৰজিল শুভমন গীলৰ বেটে; দ্বি শতকৰ পাছত পুনৰ খেলিলে শতকীয় ইনিংছ

পুনৰ গৰজিল শুভমন গীলৰ বেটে

পুনৰ দৰ্শনীয় প্ৰদৰ্শনেৰে অনুৰাগীৰ হৃদয় জয় কৰিছে ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গীলে । টিম ইণ্ডিয়াৰ অধিনায়কৰ দায়িত্ব পোৱাৰ পিছতেই এতিয়া শুভমন গীলৰ বেটৰ পৰা ৰানৰ বৰষুণ নামিছে । ইংলেণ্ড ভ্ৰমণত ধাৰাবাহিকভাৱে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াই অহা শুভমনে এতিয়া এডগবাষ্টনত ইতিহাস সৃষ্টি কৰিছে । এডগবাষ্টনত চলি থকা দ্বিতীয়খন টেষ্ট মেচত প্ৰথম ইনিংছত দ্বি শতক অর্জন কৰাৰ পাছত ভাৰতীয় অধিনায়ক গীলে দ্বিতীয় ইনিংছতো শতক অর্জন কৰিছে ৷ এডগবাষ্টন টেষ্টৰ চতুৰ্থ দিনা বেটিং কৰিবলৈ অহা গীলে দ্বিতীয় ইনিংছত উজ্জ্বল বেটিং কৰি শতক সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে তেওঁ ভাৰতৰ দ্বিতীয়জন বেটছমেন আৰু এখন টেষ্ট মেচত দ্বি শতক আৰু শতক অৰ্জন কৰা বিশ্বৰ নৱম বেটছমেন হিচাপে পৰিগণিত হয় ।

দ্বি শতকৰ পিছত শতক অৰ্জন-

লিডছ টেষ্টত শতকৰে এই ভ্ৰমণ আৰু অধিনায়কত্বৰ কাৰ্যকাল আৰম্ভ কৰা শুভমন গীলে এডগবাষ্টনতো নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখিছে । এই টেষ্টৰ প্ৰথম ইনিংছত ২৬৯ ৰান সংগ্ৰহ কৰি ইতিহাস সৃষ্টি কৰে গীলে । টেষ্ট ক্ৰিকেটত সৰ্ববৃহৎ ইনিংছ খেলি ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় তেওঁ । প্ৰথম ইনিংছত দ্বি শতক অৰ্জন কৰাৰ পিছত দ্বিতীয় ইনিংছতো শতক অৰ্জন কৰি অভিলেখ সৃষ্টি কৰে গীলে, যিটো অতি কম সংখ্যক বেটছমেনে কৰিবলৈ সক্ষম হৈছে ।

শনিবাৰে এই টেষ্টৰ চতুৰ্থ দিনটোত যেতিয়া টিম ইণ্ডিয়াই দ্বিতীয় ইনিংছ অব্যাহত ৰাখিবলৈ ওলাই আহিছিল, তেতিয়া দ্বিতীয়টো উইকেট অলপ সময়ৰ ভিতৰতে পতন ঘটে । ইয়াৰ পিছতে অধিনায়ক গীল খেলপথাৰত প্ৰৱেশ কৰে আৰু ইয়াৰ পিছত তেওঁ প্ৰথম ইনিংছত য’ৰ পৰা শেষ কৰিছিল তাৰ পৰাই বেটিং আৰম্ভ কৰিছিল । ইংলেণ্ডৰ কোনো বেটছমেনে গীলক সমস্যাত পেলোৱাত ব্যৰ্থ হয় আৰু দ্বিতীয় অধিবেশনত ভাৰতীয় অধিনায়কগৰাকীয়ে ১২৯ বলত স্মৰণীয় শতক সম্পূৰ্ণ কৰে । এয়া গীলৰ কেৰিয়াৰৰ অষ্টমটো শতক, এই ছিৰিজৰ তৃতীয় আৰু ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টেষ্ট শতক ।

৫৪ বছৰীয়া ইতিহাসৰ পুনৰাবৃত্তি-

এই শতকৰ সৈতে গীলে এনেকুৱা কাম কৰিলে যিটো টেষ্ট ক্ৰিকেটৰ প্ৰায় ১৫০ বছৰীয়া ইতিহাসত ইয়াৰ আগতে মাত্ৰ ৮ বাৰহে হৈছে । টেষ্ট মেচত দ্বি শতক আৰু শতক অৰ্জন কৰা বিশ্বৰ নৱমগৰাকী বেটছমেন হিচাপে পৰিগণিত হয় শুভমন গীল । কিন্তু আটাইতকৈ বিশেষ কথাটো হ’ল ভাৰতৰ পৰা এই অভিলেখ দ্বিতীয়বাৰৰ বাবেহে ঘটিছে । ইয়াৰ পূৰ্বে মহান বেটছমেন সুনীল গাভাস্কাৰে ৫৪ বছৰ পূৰ্বে ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম ইনিংছত ১২৪ ৰান আৰু দ্বিতীয় ইনিংছত ২২০ ৰান সংগ্ৰহ কৰিছিল । তেতিয়া গাভাস্কাৰ বিশ্বৰ দ্বিতীয়জন বেটছমেনহে আছিল । অৱশ্যে গীলৰ এই কৃতিত্বও বিশেষ কাৰণ তেওঁ অধিনায়ক হিচাপে এনে এক কৃতিত্ব অৰ্জন কৰিছে ।

লগতে পঢ়ক : এবছৰৰ বাবে স্থগিত টিম ইণ্ডিয়াৰ বাংলাদেশ ভ্ৰমণ; বি চি চি আইয়ে জাৰি কৰিলে বিবৃতি

আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ? ভাৰতৰ কেইজন খেলুৱৈ অন্তৰ্ভুক্ত হৈছে ?

আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ?

আই চি চিয়ে প্ৰকাশ কৰিছে টেষ্ট বলাৰৰ শেহতীয়া ৰেংকিং । এই তালিকাত প্ৰথম স্থানত আছে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ । আই চি চি টেষ্ট বলাৰৰ শীৰ্ষ ৫ ৰেংকিঙত বুমৰাহ একমাত্ৰ ভাৰতীয় বলাৰ । শীৰ্ষ ৫ৰ তালিকাত আছে অষ্ট্ৰেলিয়াৰ দুজন বলাৰ । একে সময়তে দক্ষিণ আফ্ৰিকা আৰু পাকিস্তান দলৰ এজন বলাৰ এই তালিকাত আছে । এইবাৰ ৰেংকিঙত এটা পৰিৱৰ্তনহে দেখা গৈছে ।

আই চি চি টেষ্ট ৰেংকিং শীৰ্ষ-৫ বলাৰ

যশপ্ৰীত বুমৰাহঃ ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ । বৰ্তমান বুমৰাহ ৯০৭ ৰেটিংৰে প্ৰথম স্থানত আছে । শেহতীয়াকৈ ২০২৪-২৫ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন মেচত ৩২টা উইকেট দখল কৰিছিল বুমৰাহে । ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজত প্ৰথমখন টেষ্টত পাঁচ উইকেট দখল কৰে তেওঁ ।

কাগিছ’ ৰাবাডাঃ দক্ষিণ আফ্ৰিকাৰ ফাষ্ট বলাৰ ৰাবাডা এই তালিকাত ৮৫৯ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ৰাবাডাই শক্তিশালী বলিং প্ৰদৰ্শন আগবঢ়াইছিল । যাৰ বাবে দক্ষিণ আফ্ৰিকাই এই খিতাপ দখল কৰে । ফাইনেলত ৰাবাডাই ৯টা উইকেট দখল কৰে ।

পেট কামিন্সঃ অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স ৮৪৬ ৰেটিং পইণ্টেৰে ৰেংকিঙৰ তৃতীয় স্থানত আছে । ভাৰতৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত কামিন্সে ২৫টা উইকেট দখল কৰিছিল । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো তেওঁ ভাল বলিং প্ৰদৰ্শন আগবঢ়াইছিল । ফাইনেলত তেওঁ ৭টা উইকেট দখল কৰে ।

জোছ হেজলউডঃ অষ্ট্ৰেলিয়াৰ বেগী বলাৰ হেজলউডে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত ভাল বলিং কৰিছে । প্ৰথমখন মেচত ৫ উইকেটৰ হল লয় তেওঁ । প্ৰথমখন মেচত তেওঁ মুঠ ৭টা উইকেট দখল কৰিছিল, যাৰ বাবে তেওঁ এটা স্থান আগুৱাইছে । এতিয়া তেওঁ ৮১৭ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত উপনীত হৈছে ।

নোমান আলীঃ পাকিস্তানী বলাৰ নোমান আলী শীৰ্ষ ৫ তালিকাৰ একমাত্ৰ স্পীন বলাৰ । ৮০৬ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে নোমান । তেওঁ এটা স্থান অৱনমিত হৈছে ।

লগতে পঢ়ক : সীমিত অভাৰৰ শৃংখলাৰ বাবে টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ; চৰকাৰে দিছে নিৰ্দেশ!

একেৰাহে দ্বিতীয় টেষ্টতো শতক অৰ্জন গীলৰ; বঞ্চিত জয়ছোৱাল

একেৰাহে দ্বিতীয় টেষ্টতো শতক অৰ্জন গীলৰ

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ আৰম্ভণিৰ দিনা ৫টা উইকেট হেৰুৱাই ৩১০ ৰান সংগ্ৰহ কৰিছে ভাৰতে । বুধবাৰৰ খেলৰ শেষলৈকে শুভমন গীল ১১৪ ৰান আৰু ৰবীন্দ্ৰ জাডেজাই ৪১ ৰানেৰে ক্ৰীজত আছে । দুয়োৰে মাজত ৯৯ ৰানৰ অংশীদাৰিত্ব গঢ়িছে । উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ এডগবাষ্টনত অনুষ্ঠিত হৈছে । এই মেচত ইংলেণ্ডে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ।

দুই ৰান সংগ্ৰহ কৰি আউট কে এল ৰাহুল-

দ্বিতীয় টেষ্টত প্ৰথম ইনিংছৰ আৰম্ভণিতেই জোকাৰণিৰ সন্মুখীন হয় ভাৰত । মাত্ৰ দুই ৰান সংগ্ৰহ কৰি আউট হয় অ’পেনাৰ কে এল ৰাহুল । তেওঁ ক্ৰীছ ৱ’কছৰ বলি হয় । ইয়াৰ পিছত যশস্বী জয়ছোৱালে কৰুণ নায়াৰৰ সমৰ্থন লাভ কৰে । দ্বিতীয় উইকেটত দুয়োৰে মাজত ৮০ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । ব্ৰাইডন কাৰ্ছে এই অংশীদাৰিত্ব ভংগ কৰে । তেওঁ কৰুণ নায়াৰক পেভিলিয়নৰ বাট দেখুৱাই । পাঁচটা চাৰিৰ সহায়ত ৫০টা বলত ৩১ ৰান সংগ্ৰহ কৰি আউট হয় কৰুণ ।

শতক বঞ্চিত জয়ছোৱাল-

ইয়াৰ পিছত যশস্বী জয়ছোৱাল আৰু শুভমন গীলে ভাৰতৰ ইনিংছৰ দায়িত্ব লয় । দুয়োৰে মাজত ৬৬ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । অ’পেনাৰ জয়ছোৱাল ৮৭ ৰান সংগ্ৰহ কৰি আউট হয় । তেওঁ শতক বঞ্চিত হয় । বেন ষ্ট’কছৰ বলত তেওঁ নিজৰ উইকেট বিসৰ্জন দিয়ে । জয়ছোৱালৰ পিছত গীলে পন্টৰ সমৰ্থন লাভ কৰে । চতুর্থ উইকেটৰ বাবে দুয়োজনে কিছু ভাল শ্বট খেলি ৪৭ ৰান সংযোজন কৰে যদিও শ্বোয়াইব বছিৰে পন্টক আউট কৰে । ৪২টা বলত ২৫ ৰান সংগ্ৰহ কৰি আউট হয় পন্ট । একে সময়তে ইংলেণ্ডৰ মাটিত প্ৰথমখন মেচ খেলা নীতিশ কুমাৰ ৰেড্ডীয়ে মাত্ৰ এক ৰানহে কৰিবলৈ সক্ষম হয় । তেওঁক বল্ড কৰে ক্ৰীছ ৱ’কেছে ।

দ্বিতীয় টেষ্টতো শতক অৰ্জন গীলৰ-

লীডছৰ পিছত এডগবাষ্টন টেষ্ট তথা দ্বিতীয় টেষ্টতো শতক অৰ্জন কৰে গীলে । ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে তিনিখন টেষ্ট মেচত শতক অৰ্জন কৰা পঞ্চমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে গীল । এই বিষয়ত তেওঁ মহম্মদ আজহাৰুদ্দিন আৰু ৰাহুল দ্ৰাবিড়ৰ দৰে কিংবদন্তিৰ অভলেখ স্পৰ্শ কৰিছে । ভাৰতীয় অধিনায়কগৰাকীয়ে ১৯৯টা বলত টেষ্ট কেৰিয়াৰৰ সপ্তমটো শতক সম্পূৰ্ণ কৰে । তেওঁক ভাল ফৰ্মত দেখা গৈছে ।

ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেলতো গীলে শতক অৰ্জন কৰিছিল । তাৰ পূৰ্বে ২০২৪ চনত যেতিয়া ইংলেণ্ডৰ দলটোৱে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে ভাৰতলৈ আহিছিল, তেতিয়া ধৰ্মশালাত খেলা মেচখনত গীলে ১১০ ৰান সংগ্ৰহ কৰিছিল । এইদৰে গীল ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে তিনিটা শতক অৰ্জন কৰা পঞ্চমজন ভাৰতীয় হিচাপে পৰিগণিত হয় । অধিনায়ক হিচাপেও গীলে ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে দ্বিতীয়টো শতক অৰ্জন কৰা তেওঁ তৃতীয়গৰাকী ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয় । তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল বিজয় হাজাৰে আৰু মহম্মদ আজহাৰুদ্দিনে । দুয়োজনে এই কৃতিত্ব ক্ৰমে দিল্লী আৰু ব্ৰাবৰ্ণ (১৯৫১-৫২) আৰু লৰ্ডছ আৰু অল্ড ট্ৰেফৰ্ড (১৯৯০)ত কৰিছিল ।

লগতে পঢ়ক : অলিম্পিক ২০৩৬ৰ বাবে দাবী উত্থাপন ভাৰতৰ; এইখন চহৰত আয়োজন কৰাৰ প্ৰস্তাৱ

WTC পইন্ট টেবুল : শীৰ্ষত অষ্ট্ৰেলিয়া-ইংলেণ্ড, তালিকাত বাংলাদেশৰো তলত ভাৰত

WTC পইন্ট টেবুল

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয় আৰু বাংলাদেশৰ বিৰুদ্ধে শ্ৰীলংকাই জয়লাভ কৰাৰ পিছত ২০২৫-২৭ৰ WTC পইন্ট টেবুলত এক বৃহৎ পৰিৱৰ্তন ঘটিছে । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এই চক্ৰৰ আৰম্ভণি মাথোঁ হৈছেহে যদিও ফাইনেলত প্ৰৱেশৰ বাবে যুঁজ চলি আছে । শনিবাৰে ৱেষ্ট ইণ্ডিজক ১৫৯ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ১২ পইণ্ট লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাই বাংলাদেশক এক ইনিংছ আৰু ৭৮ ৰানত পৰাস্ত কৰি ১২ পইণ্ট লাভ কৰে ।

এই চক্ৰৰ এইখন আছিল অষ্ট্ৰেলিয়াৰ প্ৰথমখন মেচ । এই জয়ৰ বাবে দলটোৱে ১২ পইণ্ট আৰু ১০০ পইণ্ট শতাংশ লাভ কৰে । দলটো WTC পইন্ট টেবুলত শীৰ্ষত উপনীত হৈছে । একে সময়তে ইংলেণ্ডৰ দলটোৱে ১০০ পইণ্ট শতাংশ আৰু ১২ পইণ্টেৰে দ্বিতীয় স্থানত আছে । এই সপ্তাহতে ইংলেণ্ডে ভাৰতক ৫ উইকেটত পৰাস্ত কৰে ।

তালিকাত বাংলাদেশৰো তলত ভাৰত-

আনহাতে দ্বিতীয় টেষ্টত শ্ৰীলংকাই বাংলাদেশক পৰাস্ত কৰে । দুয়ো দলৰ মাজত প্ৰথমখন টেষ্ট ড্ৰ’ হৈছিল । ড্ৰ’ৰ বাবে দুয়োটা দলে চাৰিটাকৈ পইণ্ট লাভ কৰে । এনে পৰিস্থিতিত জয়ৰ পিছত ১২ পইণ্ট লাভ কৰাৰ পিছত শ্ৰীলংকাৰ মুঠ পইণ্ট ১৬ হোৱাৰ বিপৰীতে পইণ্টৰ শতাংশ ৬৬.৬৭ । বাংলাদেশৰ ৪ পইণ্ট আৰু ১৬.৬৭ পইণ্ট শতাংশ । WTC পইন্ট টেবুলৰ চতুৰ্থ স্থানত আছে দলটো । আনহাতে ভাৰতে এই চক্ৰত এখন টেষ্ট খেলি পৰাস্ত হৈছে । গতিকে ভাৰতৰ কোনো পইণ্ট বা পইণ্ট শতাংশ নাই । বৰ্তমান ভাৰতীয় দলটো WTC পইন্ট টেবুলৰ পঞ্চম স্থানত আছে । ৱেষ্ট ইণ্ডিজো এখন টেষ্ট খেলি পৰাস্ত হৈছে। কোনো পইণ্ট আৰু পইণ্ট শতাংশ নোহোৱাকৈ ষষ্ঠ স্থানত আছে দলটো ।

পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত সংঘৰ্ষ-

নিউজীলেণ্ড, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাই এই চক্ৰত এতিয়াও নিজ নিজ অভিযান আৰম্ভ কৰা নাই । পাকিস্তান আৰু বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকাই অক্টোবৰত দুখনীয়া মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে ২০২৫-২৭ বৰ্ষৰ ডব্লিউ টি চি চক্ৰ আৰম্ভ কৰিব । একে সময়তে নিউজীলেণ্ডৰ দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰ আৰম্ভ কৰিব । এই শৃংখলা নৱেম্বৰ-ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব ।

কোনটো দলে বেছিকৈ টেষ্ট খেলিব ?

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ চক্ৰত সৰ্বাধিক ২২খন টেষ্ট মেচ খেলিব অষ্ট্ৰেলিয়াই । একে সময়তে ইংলেণ্ড দলে ২১খন টেষ্ট খেলিব । ইয়াৰ পাছতে ১৮খন মেচেৰে তৃতীয় স্থানত আছে ভাৰত । নিউজীলেণ্ডে ১৬খন আৰু দক্ষিণ আফ্ৰিকা-ৱেষ্ট ইণ্ডিজে ১৪-১৪ খনকৈ টেষ্ট খেলিব লাগিব । পাকিস্তান দলে ১৩খন আৰু শ্ৰীলংকা-বাংলাদেশে ১২-১২ টেষ্ট খেলিব লাগিব । ২০২৫-২৭ চক্ৰত প্ৰতিদ্বন্দ্বিতা কৰা ৯খন দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া ২৭খন টেষ্ট শৃংখলাৰ ভিতৰত ১৭টা শৃংখলাত মাত্ৰ দুখন মেচহে অনুষ্ঠিত হ’ব, আনহাতে তিনিখন মেচৰ ৬টা ছিৰিজ অনুষ্ঠিত হ’ব ।

ইংলেণ্ডৰ পিছত কাৰ মুখামুখি হ’ব ভাৰত ?

২০ জুনৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলা আৰম্ভ হৈছে । এই শৃংখলাৰ অন্তিমখন খেল ৩১ জুলাইৰ পৰা অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ঘৰুৱা ক্ষেত্ৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখনীয়া মেচৰ শৃংখলা খেলিব টিম ইণ্ডিয়াই । ২ অক্টোবৰৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথমখন টেষ্ট আৰু ১০ অক্টোবৰৰ পৰা দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব । তাৰ পিছত ভাৰতীয় দলে ঘৰুৱা ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব । ইয়াৰ প্ৰথমখন মেচ ১৪ নৱেম্বৰৰ পৰা আৰু দ্বিতীয়খন মেচ ২২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : গল্ডেন বয় নীৰজ চোপ্ৰাৰ আন এক অভিলেখ; অষ্ট্ৰাভা গোল্ডেন স্পাইকত স্বৰ্ণ পদক অৰ্জন

প্ৰথম টেষ্টত ৫ উইকেটত পৰাস্ত  ভাৰত; ডাকেটৰ বিস্ফোৰক শতক

প্ৰথম টেষ্টত ৫ উইকেটত পৰাস্ত  ভাৰত

লীডছৰ হেডিংলি ক্ৰিকেট খেলপথাৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথম টেষ্ট মেচত ইংলেণ্ডে টিম ইণ্ডিয়াক ৫ উইকেটত পৰাস্ত কৰে । বেন ডাকেট আৰু ক্ৰ’লিৰ প্ৰশংসনীয় ইনিংছৰ ভিত্তিত ইংলেণ্ডে ভাৰতৰ ৩৭১ ৰানৰ লক্ষ্যত সহজেই উপনীত হয় । বুমৰাহ, চিৰাজ আৰু জাডেজাৰ দৰে প্ৰবীণ খেলুৱৈৰে গঠিত ভাৰতীয় বলিং আক্ৰমণে সমগ্ৰ খেলখন উইকেটৰ বাবে হাহাকাৰ কৰি থাকিল । লগে লগে আয়োজক দলটোৱে এতিয়া ৫খনীয়া মেচৰ শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়ি আছে ।

ভাৰতীয় দলে ইংলেণ্ডৰ সন্মুখত ৩৭১ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰিছিল । মেচখনত ভাৰতৰ প্ৰথম ইনিংছ ৪৭১ ৰানত সীমাবদ্ধ আছিল আৰু ইংলেণ্ডৰ প্ৰথম ইনিংছ ৪৬৫ ৰানত সীমাবদ্ধ আছিল । অৰ্থাৎ প্ৰথম ইনিংছৰ ভিত্তিত ভাৰতীয় দলটোৱে ৬ ৰানৰ অগ্ৰগতি লাভ কৰিছিল । তাৰ পিছত ভাৰতে দ্বিতীয় ইনিংছত ৩৬৪ ৰান সংগ্ৰহ কৰে আৰু ইংলেণ্ডক ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিছিল । দ্বিতীয় ইনিংছত ইংলেণ্ডৰ হৈ ডাকেটে ১৪৯ ৰান আৰু ক্ৰলিৰ বেটৰ পৰা ৬৫ ৰান আহে । একে সময়তে ৰুটে অপৰাজিত অৰ্ধ শতক অৰ্জন কৰে আৰু দলটোৱে ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰে ।

উইকেটৰ পতনঃ ১৮৮-১ (জেক ক্ৰ’লি, ৪২.২), ২০৬-২ (অলি পোপ, ৪৪.৪), ২৫৩-৩ (বেন ডাকেট, ৫৪.৩), ২৫৩-৪ (হেৰী ব্ৰুক, ৫৪.৪), ৩০২-৫ (বেন ষ্ট’কছ, ৬৭.৩) ।

ভাৰতৰ দ্বিতীয় ইনিংছঃ পন্ট-ৰাহুলৰ শতক

প্ৰথম টেষ্টত ভাৰতীয় দলৰ দ্বিতীয় ইনিংছত ঋষভ পন্টে শতক অৰ্জন কৰে । ঋষভে ১৫টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ১৪০টা বলত ১১৮ ৰান সংগ্ৰহ কৰে । অ’পেনাৰ কে এল ৰাহুলেও স্মৰণীয় শতকীয় ইনিংছ খেলে । ৰাহুলে ২৪৭টা বলত ১৩৭ ৰান সংগ্ৰহ কৰে, য’ত ১৮টা চাৰি আছিল । অৱশ্যে এই দুগৰাকী বেটছমেন আউট হোৱাৰ পাছত ভাৰতে ৩১ ৰানত শেষৰ ৫টা উইকেট হেৰুৱাই । ইংৰাজ বেগী বলাৰ ব্ৰাইডন কাৰ্ছ আৰু জোছ টংগুৱে তিনিটাকৈ উইকেট দখল কৰে ।

উইকেট পতনঃ ১৬-১ (যশস্বী জয়ছোৱাল, ৩.১ অভাৰ), ৮২-২ (ছাই সুদৰ্শন, ২০.৫ অভাৰ), ৯২-৩ (শুভমন গীল, ২৪.৬ অভাৰ), ২৮৭-৪ (ঋষভ পন্ট, ৭১.৪ অভাৰ), ৩৩৩-৫ (কে এল ৰাহুল, ৮৪.২ অভাৰ), ৩৩৫-৬ (কৰুণ নায়াৰ, ৮৫.৬ অভাৰ), ৩৪৯-৭ (শ্বাৰদুল ঠাকুৰ, ৯০.১ অভাৰ), ৩৪৯-৮ (মহম্মদ ছিৰাজ, ৯০.২ অভাৰ), ৩৪৯-৯ (যশপ্ৰীত বুমৰাহ, ৯০.৪ অভাৰ), ৩৬৪-১০ (প্ৰসিধ কৃষ্ণ, ৯৫.৬ অভাৰ) ।

উল্লেখ্য যে, প্ৰথম টেষ্টত ভাৰতে দুয়োটা ইনিংছত পাঁচটাকৈ শতক অৰ্জন কৰিছিল যদিও শোচনীয় বলিং আৰু ফিল্ডিঙৰ বাবে পৰাজয় স্বীকাৰ কৰে ।

লগতে পঢ়ক : ঋষভ পণ্টৰ বিৰুদ্ধে আই চি চিয়ে ল’লে এই ব্যৱস্থা; লীডছত আম্পায়াৰক কৰিছিল বেয়া ব্যৱহাৰ !

চতুৰ্থ দিনৰ খেল সমাপ্ত… জয়ী হ’বলৈ ইংলেণ্ডক প্ৰয়োজন ৩৫০ ৰানৰ

জয়ী হ’বলৈ ইংলেণ্ডক প্ৰয়োজন ৩৫০ ৰানৰ

লীডছৰ হেডিংলি ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ ৫খনীয়া খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ । এই খেলখনৰ চতুৰ্থ দিনটো বৰ ৰোমাঞ্চকৰ আছিল । ভাৰতীয় দলৰ দ্বিতীয় ইনিংছ ৩৬৪ ৰানত সমাপ্ত হয় । এতিয়া ইংলেণ্ডৰ সন্মুখত এই মেচত জয়ী হ’বলৈ ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিছে ভাৰতে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিনটোৰ খেলৰ শেষলৈকে ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ ২১ ৰান সংগ্ৰহ কৰিছে । অৰ্থাৎ শেষৰ দিনটোত ইংলেণ্ডক ৩৫০ ৰানৰ প্ৰয়োজন, আনহাতে হাতত ১০টা উইকেট আছে ।

চতুৰ্থ দিনটোৰ আৰম্ভণি ভাৰতৰ বাবে সন্তোষজনক নাছিল । ৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল প্ৰথম ইনিংছত শতৰান কৰা অধিনায়ক গীল । কিন্তু ইয়াৰ পিছত পণ্ট আৰু কে এল ৰাহুলে ভাৰতৰ ইনিংছৰ দায়িত্ব লয় । দুয়োজনে শতক অৰ্জন কৰে । ১১৮ ৰান সংগ্ৰহ কৰি আউট হয় পণ্ট । আনহাতে কে এল ৰাহুলে ১৩৭ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে ভাৰতীয় ইনিংছ তাচ পাতৰ দৰে খহি পৰে । অৰ্থাৎ ভাৰতে ৩১ ৰানতে ৫টা উইকেট হেৰুৱাই ।

এই টেষ্টত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৪৭১ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আয়োজক ইংলেণ্ডৰ প্ৰথম ইনিংছ ৪৬৫ ৰানত সমাপ্ত হয় । অৰ্থাৎ প্ৰথম ইনিংছৰ ভিত্তিত টিম ইণ্ডিয়াই ৬ ৰানৰ অগ্ৰগতি লাভ কৰে । এতিয়া ইংলেণ্ডৰ সন্মুখত বিজয় লক্ষ্য হৈছে ৩৭১ ৰান ।

উইকেট পতনঃ ১৬-১ (যশস্বী জয়ছোৱাল, ৩.১), ৮২-২ (ছাই সুদৰ্শন, ২০.৫), ৯২-৩ (শুভমন গীল, ২৪.৬), ২৮৭-৪ (ঋষভ পন্ট, ৭১.৪), ৩৩৩-৫ (কে এল ৰাহুল, ৮৪.২), ৩৩৫-৬ (কৰুণ নায়াৰ, ৮৫.৬), ৩৪৯-৭ (শ্বাৰদুল ঠাকুৰ, ৯০.১), ৩৪৯-৮ (মহম্মদ চিৰাজ, ৯০.২), ৩৪৯-৯ (যশপ্ৰীত বুমৰাহ, ৯০.৪), ৩৬৪-১০ (প্ৰসিদ্ধ কৃষ্ণ, ৯৫.৬) ।

ইংলেণ্ডৰ প্ৰথম ইনিংছ-

ইংলেণ্ডৰ প্ৰথম ইনিংছ ৪৭১ ৰানত সীমাবদ্ধ আছিল । ১৩৭টা বলত দলৰ হৈ সৰ্বাধিক ১০৬ ৰান সংগ্ৰহ কৰে অলি পোপে । হেৰী ব্ৰুক মাত্ৰ এটা ৰাণৰ বাবে শতক বঞ্চিত হয় । ব্ৰুকে ১১২টা বলৰ সন্মুখীন হৈ ১১টা চাৰি আৰু দুটা ছয় কোবাই । অ’পেনাৰ বেন ডাকেটেও (৯৪ বলত ৬২ ৰান) অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় । ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে সৰ্বাধিক ৫টা উইকেট দখল কৰে । প্ৰসিদ্ধ কৃষ্ণই তিনিটা, মহম্মদ চিৰাজে দুটা সফলতা লাভ কৰে । উইকেট পতন : ৪-১ (জেক ক্ৰ’লি, ০.৬ অভাৰ), ১২৬-২ (বেন ডাকেট, ২৮.৩ অভাৰ), ২০৬-৩ (জো ৰুট, ৪৬.৩ অভাৰ), ২২৫-৪ (অলি পোপ, ৫১.১ অভাৰ), ২৭৬-৫, (বেন ষ্ট’কছ, ৬৪.৫ অভাৰ), ৩৪৯-৬ (জেমি স্মিথ, ৭৯.৩ অভাৰ), ৩৯৮-৭ (হেৰী ব্ৰুক, ৮৭.৩ অভাৰ), ৪৫৩-৮ (ব্ৰাইডন কাৰ্ছ, ৯৪.৫ অভাৰ), ৪৬০-৯ (ক্ৰিছ ৱ’কেছ, ৯৮.৫ অভাৰ), ৪৬৫-১০ (জোছ টংগে, ১০০.৪ অভাৰ) ।

লগতে পঢ়ক : দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ; টেষ্ট কেৰিয়াৰৰ নৱমটো শতক অৰ্জন কে এল ৰাহুলৰ

দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ; টেষ্ট কেৰিয়াৰৰ নৱমটো শতক অৰ্জন কে এল ৰাহুলৰ

দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন ঋষভ পন্টৰ

লীডছ টেষ্টত পুনৰবাৰ ইতিহাসৰ সৃষ্টি কৰিছে ভাৰতৰ উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে । এই টেষ্টৰ প্রথম ইনিংছত ১৩৪ ৰানৰ দৰ্শনীয় শতক অর্জন কৰাৰ পাছত দ্বিতীয় ইনিংছতো আন এক শতক অৰ্জন কৰি এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে পন্ট ৷ ইয়াৰ লগে লগে SENAৰ যিকোনো টেষ্ট মেচৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা এছিয়াৰ প্ৰথমজন উইকেটকীপাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে পন্ট । তেওঁৰ এই ইনিংছে লীডছ টেষ্টত টিম ইণ্ডিয়াক শক্তিশালী স্থানত ৰাখিছে ।

ঋষভ পন্টৰ ঐতিহাসিক ইনিংছ-

এই ইনিংছত ঋষভ পন্টে মাত্ৰ ১৩০টা বলত শতক সম্পূৰ্ণ কৰে । আনহাতে, প্ৰথম ইনিংছত তেওঁ ১৪৬ বলত এই কৃতিত্ব অৰ্জন কৰিছিল । টেষ্ট ক্ৰিকেটত এয়া পণ্টৰ অষ্টমটো শতক । বিশেষ কথাটো হ’ল তেওঁ এই শতকসমূহৰ ভিতৰত ৬টা শতক ভাৰতৰ বাহিৰত অর্জন কৰিছে ৷ একে সময়তে ইংলেণ্ডৰ বিৰুদ্ধে এয়া তেওঁৰ পঞ্চমটো শতকীয় ইনিংছ । ইংলেণ্ডত তেওঁ এই শতকসমূহৰ ভিতৰত ৪টা শতক অৰ্জন কৰিছে । এই শতক অৰ্জনৰ পিছতে বিদেশৰ মাটিত সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা উইকেটকীপাৰ বেটছমেনৰ তালিকাতো পণ্টৰ তৃতীয় স্থানত আছে ।

কে এল ৰাহুলৰ শতক-

এই টেষ্টৰ প্ৰথম ইনিংছত উজ্জ্বল প্ৰদৰ্শনৰ পিছতো অৰ্ধ শতকৰ পৰা বঞ্চিত হোৱা তাৰকা বেটছমেন কে এল ৰাহুলে দ্বিতীয় ইনিংছত দৰ্শনীয় শতক অৰ্জন কৰে । ধৈৰ্য সহকাৰে খেলি তেওঁ এই শতক অৰ্জন কৰি ভাৰতক এক বৃহত স্কৰ অৰ্জনৰ দিশে আগুৱাই নিছে । ২০২ টা বলত শতক সম্পূৰ্ণ কৰে ৰাহুলে । বৰ্তমান ২২৭ বলত ১২০ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে ৰাহুল । ইফালে ৰাহুল আৰু পন্টৰ শতকীয় ইনিংছৰ ভিত্তিত ভাৰতে বৰ্তমান ইংলেণ্ডৰ বিৰুদ্ধে ৩০৪ ৰানৰ অগ্ৰগতি লাভ কৰিছে ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৮ বছৰ সম্পূৰ্ণ হিটমেনৰ; প্ৰথমটো হেলমেট শ্বেয়াৰ কৰি লিখিলে আৱেগিক বাৰ্তা

৩ উইকেটত ২০৯ ৰান সংগ্ৰহ ইংলেণ্ডৰ; ভাৰতৰ ২৬২ ৰানৰ অগ্ৰগতি

৩ উইকেটত ২০৯ ৰান সংগ্ৰহ ইংলেণ্ডৰ

লীডছৰ হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ ২০ জুনৰ পৰা অনুষ্ঠিত হৈছে । শনিবাৰে এই মেচৰ দ্বিতীয় দিনা টিম ইণ্ডিয়াৰ প্ৰথম ইনিংছ ৪৭১ ৰানত অন্ত পৰে । ইয়াৰ প্ৰত্যুত্তৰত দ্বিতীয় দিনৰ শেষত ইংলেণ্ডে ৩টা উইকেট হেৰুৱাই ২০৯ ৰান সংগ্ৰহ কৰিছে । বুমৰাহে তিনিওটা সফলতা লাভ কৰিছে । বৰ্তমান ভাৰত ২৬২ ৰানত আগবাঢ়ি আছে । শতক অৰ্জন কৰাৰ পিছত খেলি আছে অলি পোপে । একে সময়তে প্ৰথম ইনিংছত ভাৰতৰ শুভমন গীল, যশস্বী জয়ছোৱাল আৰু পণ্টে শতক অৰ্জন কৰাৰ লগতে ইংলেণ্ডৰ ষ্ট’কছ আৰু টংগুৱে ৪-৪ উইকেট দখল কৰে ।

ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৪৭১ ৰান সংগ্ৰহ কৰে । এই ইনিংছৰ বিশেষ কথাটো হ’ল অধিনায়ক শুভমন গীল আৰু পণ্টৰ মাজত দুশৰো অধিক ৰানৰ অংশীদাৰিত্ব আছিল ।

ইংলেণ্ডৰ বেটিং-

ভাৰতৰ ৪৭১ ৰানৰ উত্তৰত বেন ষ্টোকছ আৰম্ভণি বিশেষ ভাল নাছিল । প্ৰথম অভাৰতে ৪ ৰানৰ স্ক’ৰত বুমৰাহে ক্ৰ’লীক আউট কৰে । ইয়াৰ পিছত ডাকেট আৰু পোপৰ মাজত এক ভাল অংশীদাৰিত্ব গঢ় লৈ উঠিছিল । দুয়োজনে ১২২ ৰান সংযোজন কৰে । কিন্তু দলটোৱে ১২৬ ৰানৰ স্ক’ৰত আন এটা আঘাত পায় যেতিয়া বুমৰাহে ডাকেটক আউট কৰে । ডাকেটে ৬২ ৰান কৰে । কিন্তু পোপ এটা মূৰত থিয় হৈ আছিল । ৰুটৰ সৈতে তেওঁৰ ভাল অংশীদাৰিত্ব আছিল । পোপে শতক অৰ্জন কৰে । কিন্তু দিনটোৰ খেল শেষ হোৱাৰ পূৰ্বেই বুমৰাহে ইংলেণ্ডক আৰু এটা আঘাত দি ৰুটক আউট কৰে । ৰুটে ২৮ ৰান সংগ্ৰহ কৰে । ভাৰত এতিয়াও ২৬২ ৰানত আগবাঢ়ি আছে ।

লগতে পঢ়ক : প্ৰথম ইনিংছত ৪৭১ ৰানত অল আউট ভাৰতীয় দল; যশস্বী, গীল আৰু ঋষভৰ দৰ্শনীয় শতক

প্ৰথম ইনিংছত ৪৭১ ৰানত অল আউট ভাৰতীয় দল; যশস্বী, গীল আৰু ঋষভৰ দৰ্শনীয় শতক

প্ৰথম ইনিংছত ৪৭১ ৰানত অল আউট ভাৰতীয় দল

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা ৩৫৯/৩ ৰ পৰা খেলি ভাৰতীয় দলে ৪৭১ ৰান সংগ্ৰহ কৰি অল আউট হয় । ভাৰতৰ হৈ প্ৰথম দিনাই শতক অৰ্জন কৰে যশস্বী জয়ছোৱাল (১০১) আৰু শুভমন গীলে (১৪৭) । দ্বিতীয় দিনা ঋষভ পন্টে (১৩৪) এই শতকৰ ক্লাবত যোগদান কৰে । দ্বিতীয় দিনা ভাৰতৰ ইনিংছ শেষ হোৱাৰ পাছত বৰষুণৰ বাবে মেচখন বাধাগ্ৰস্ত হয় । ইয়াৰ বাবে কিছু সময়ৰ বাবে খেল বন্ধ কৰিব লগা হয় । উল্লেখ্য যে, ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এই ৫খনীয়া মেচৰ শৃংখলা জয় কৰা দলটোক এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী দিয়া হ’ব । প্ৰথম দিনাই ভাৰতীয় দলে ষ্টাম্পলৈকে তিনি উইকেটত ৩৫৯ ৰান সংগ্ৰহ কৰিছিল । বৰ্তমান ইংলেণ্ড ক্ৰীজত নামিছে ।

৪৭১ ৰানত অল আউট ভাৰতীয় দল-

প্ৰথম দিনাৰ খেল ৩৫৯/৩ স্ক’ৰত শেষ হয় । যশস্বী জয়ছোৱালে প্ৰথম দিনাই ১৫৯ বলত ১০১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দিনটোৰ খেলৰ শেষলৈকে শুভমন গীলে ১৬ চাৰি আৰু এটা ছয়ৰ সহায়ত ১৭৫ টা বলত ১২৭ ৰান সংগ্ৰহ কৰি ক্ৰীজত উপস্থিত থাকে আৰু সহ-অধিনায়ক ঋষভ পণ্টে ছটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ১০২ টা বলত ৬৫ ৰান সংগ্ৰহ কৰি ক্ৰীজত থাকে । শনিবাৰে ১১২ ৰান সংযোজন কৰি বাকী ৭টা উইকেট হেৰুৱাই ভাৰতীয় দলে । ইয়াৰ লগে লগে দলটোৱে ৪৭১ ৰানত অল আউট হয় ।

ইংলেণ্ডৰ হৈ জোছ টংগ আৰু বেন ষ্ট’কে চাৰিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ব্ৰাইডন কাৰ্ছ আৰু শ্বোৱেইব বছিৰে এটাকৈ উইকেট লাভ কৰে ।

এই অবাঞ্চিত ক্লাবত যোগদান ভাৰতীয় দলৰ-

ইয়াৰ লগে লগে ভাৰতীয় দলে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ অবাঞ্চিত ক্লাবত যোগদান কৰে । প্ৰকৃততে এই তিনিটা দলে তিনিশ ৰান কৰাৰ পিছতো ৫০০ ৰানৰ ঘৰ স্পৰ্শ কৰিব পৰা নাছিল । ভাৰতীয় দল এতিয়া এই ক্লাবত যোগদান কৰে । উল্লেখ্য যে, ভাৰতীয় দলৰ তিনিজন বেটছমেনে শতক অৰ্জন কৰিছিল যদিও দলটোৱে ৫০০ ৰান স্পৰ্শ কৰাত ব্যৰ্থ হয় ।

সুদৰ্শন-নায়াৰৰ ব্যৰ্থতা-

ভাৰতৰ হৈ ৰাহুল আৰু যশস্বীয়ে ভাল আৰম্ভণি কৰি প্ৰথম উইকেটত ৯১ ৰান সংযোজন কৰে । টেষ্টত অভিষেক ঘটোৱা ছাই সুদৰ্শন, আঠ বছৰৰ মূৰত টেষ্টত প্ৰত্যাৱৰ্তন কৰা কৰুণ নায়ায়ৰ আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত একাউণ্টো খোলাত ব্যৰ্থ হয় । এই তিনিওজন বেটছমেন কোনো ৰান সংগ্ৰহ নকৰাকৈ পেভিলিয়নমুখী হয় । একে সময়তে জাডেজাই ১১ ৰান আৰু প্ৰসিদ্ধ কৃষ্ণই এক ৰান সংগ্ৰহ কৰে । দ্বিতীয় অধিবেশনৰ আৰম্ভণিতে ভাৰতীয় দলে বাকী থকা উইকেট হেৰুৱাই । ভাৰতৰ বাবে হতাশাজনক কথাটো হ’ল তিনিজন বেটছমেনে শতক অর্জন কৰাৰ পাছতো দলটোৱে ৫০০ ৰানৰ সীমা স্পর্শ কৰাত ব্যৰ্থ হয় ৷

অভিষেক অধিনায়কত্বত শতক অৰ্জন কৰা চতুৰ্থজন খেলুৱৈ শুভমন গীল

অধিনায়ক হিচাপে প্ৰথমখন মেচ খেলি প্ৰথম ইনিংছত শতক অৰ্জন কৰা দেশৰ চতুৰ্থ অধিনায়ক হিচাপে পৰিগণিত হৈছে শুভমন গীল । তেওঁৰ পূৰ্বে এই কৃতিত্ব লিপিবদ্ধ হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ বিজয় হাজাৰে, সুনীল গাভাস্কাৰ আৰু বিৰাট কোহলীৰ নামত । এতিয়া শতক অৰ্জন কৰি গীলেও এই বিশেষ তালিকাত যোগদান কৰিছে ।

যশস্বী জয়ছোৱালৰ ডাঙৰ কৃতিত্ব-

হেডিংলিৰ লীডছত ইনিংছ মুকলি কৰি শতক অৰ্জন কৰা দেশৰ প্ৰথমজন অ’পেনাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছোৱাল । প্ৰথমখন টেষ্ট মেচৰ প্ৰথম ইনিংছত ভাৰতৰ হৈ ইনিংছ মুকলি কৰাৰ সময়তে মুঠ ১৫৯টা বলৰ মুখামুখি হয় তেওঁ । এই সময়ছোৱাত ৬৩.৫২ ষ্ট্ৰাইক ৰেটত ১০১ ৰান কৰিবলৈ সক্ষম হয় তেওঁ । তেওঁৰ বেটৰ পৰা ১৬টা চাৰি আৰু এটা ছয় আহে ।

লগতে পঢ়ক : লীডছত ঋষভ পন্টৰ দৰ্শনীয় শতক; ভংগ কৰিলে এই অভিলেখ