অভেল টেষ্টত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়… শ্বাসৰুদ্ধকৰ মেচত ৬ ৰানত জয়লাভ টীম ইণ্ডিয়াৰ

অভেল টেষ্টত ভাৰতীয় দলৰ ঐতিহাসিক বিজয়

লণ্ডনৰ অভেল ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পঞ্চম টেষ্ট মেচত টিম ইণ্ডিয়াই এক দৰ্শনীয় জয় সাব্যস্ত কৰে । এই জয়ৰ লগে লগে ৫ খনীয়া মেচৰ এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী ২০২৫ৰো সামৰণি পৰে । ২-২ ব্যৱধানত এই শৃংখলাৰ সমাপ্ত হয় । শৃংখলাৰ এখন মেচ আছিল ড্ৰ’ ।

শেষৰ দিনটোত ইংলেণ্ডক জয়ী হ’বলৈ ৩৫ ৰানৰ প্ৰয়োজন হৈছিল । আনহাতে ভাৰতক জয়ী হ’বলৈ ৪ উইকেটৰ প্ৰয়োজন আছিল । মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই বলিঙৰ দায়িত্ব লয় । ছিৰাজে প্ৰথমে জেমী স্মিথক আউট কৰে । ইয়াৰ পিছত ছিৰাজে অভাৰটনক চিকাৰ কৰি মেচখনত ভাৰতত আধিপত্য বিস্তাৰ কৰে । ইয়াৰ পিছত প্ৰসিদ্ধ কৃষ্ণই জোচে টংগুক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছত ক্ৰীছ ৱ’কেছ ভগা হাতেৰে বেটিং কৰিবলৈ খেলপথাৰলৈ আহিছিল । এটকিনছন আনটো মূৰত থিয় হৈ দলৰ দায়িত্ব লয় । কিন্তু অৱশেষত ছিৰাজে তেওঁকো আউট কৰে আৰু মেচখনত ভাৰতে ৬ ৰানত জয়লাভ কৰে ।

মেচখনত ভাৰতে ইংৰাজ দলটোক ৩৭৪ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল । ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ২২৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ইংলেণ্ড প্ৰথম ইনিংছ ২৪৭ ৰানত সীমাবদ্ধ আছিল । অৰ্থাৎ আয়োজক ইংলেণ্ডে প্ৰথম ইনিংছৰ ভিত্তিত ২৩ ৰানৰ সামান্য অগ্ৰগতি লাভ কৰে । ইয়াৰ পিছত ভাৰতীয় দলটোৱে দ্বিতীয় ইনিংছত ৩৯৬ ৰান সংগ্ৰহ কৰে ।

ভাৰতৰ দ্বিতীয় ইনিংছ : যশস্বীৰ শতক

দ্বিতীয় ইনিংছত অ’পেনাৰ যশস্বী জয়ছোৱালে ভাৰতীয় দলৰ হৈ দৰ্শনীয় ১১৮ ৰান সংগ্ৰহ কৰে । এই সময়ত যশস্বীয়ে ১৬৪টা বলৰ মুখামুখি হয় আৰু ১৪টা চাৰি আৰু দুটা ছয় কোবাই । নাইটৱাচমেন আকাশ দীপ (৬৬ ৰান), ৱাশ্বিংটন সুন্দৰ (৫৩ ৰান) আৰু ৰবীন্দ্ৰ জাডেজা (৫৩ ৰান) অৰ্ধশতকৰ অৱদান আগবঢ়াইছিল, যাৰ বাবে ভাৰতীয় দলটোৱে ভাল স্ক’ৰত উপনীত হ’বলৈ সক্ষম হৈছিল । ইংৰাজ দলৰ হৈ বেগী বলাৰ জোছ টংগে ৫টা উইকেট দখল কৰে । আনহাতে বেগী বলাৰ গাছ এটকিনছনেও তিনিটা সফলতা লাভ কৰে । আন এজন বেগী বলাৰ জেমী অভাৰটনে দুটা উইকেট দখল কৰে ।

ইংলেণ্ডৰ প্ৰথম ইনিংছ : ক্ৰ’লি-ব্ৰুকৰ অৰ্ধশতক

ইংলেণ্ডৰ প্ৰথম ইনিংছত অ’পেনাৰ জেক ক্ৰ’লিয়ে ৫৭টা বলত ৬৪ ৰান সংগ্ৰহ কৰি সৰ্বাধিক অৰিহণা যোগাইছিল । ইয়াৰ ভিতৰত ক্ৰ’লিৰ বেটৰ পৰা ১৪টা চাৰি আহে । আনজন অ’পেনাৰ বেন ডাকেটে ৩৮টা বলত ৪৩ ৰানৰ ইনিংছ খেলে । ডাকেটে নিজৰ ইনিংছত ৫টা চাৰি আৰু দুটা ছয় কোবাই । হেৰী ব্ৰুকেও ৬৪টা বলৰ সন্মুখীন হৈ ৫৩ ৰান সংগ্ৰহ কৰে । ব্ৰুকে নিজৰ ইনিংছত ৫টা চাৰি আৰু এটা ছয় কোবাই । ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই ৪টাকৈ উইকেট দখল কৰে । পেচ বলাৰ আকাশ দীপেও এটা সফলতা লাভ কৰে ।

ভাৰতৰ প্ৰথম ইনিংছঃ এটকিনছনৰ ৫ উইতকেট, কৰুণৰ অৰ্ধশতক-

ভাৰতীয় দলৰ হৈ প্ৰথম ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে কৰুণ নায়াৰে । কৰুণ নায়াৰে ১০৯টা বলত ৫৭ ৰান বৰঙণি আগবঢ়ায়, য’ত ৮টা চাৰি আছিল । যুৱ বেটছমেন ছাই সুদৰ্শন (৩৮) আৰু অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে (২৬ ৰান)ও উপযোগী ৰান সংগ্ৰহ কৰে । ইংলেণ্ডৰ হৈ গাছ এটকিনছনে উজ্জ্বল বলিং কৰি ৫টা উইকেট দখল কৰে । জোছ টংগে তিনিটা উইকেট দখল কৰে । আঘাতপ্ৰাপ্ত বেগী বলাৰ ক্ৰীছ ৱ’কেছে এটা উইকেট দখল কৰে ।

অভেল টেষ্টত ভাৰতীয় দলৰ মূল একাদশ :

যশস্বী জয়ছোৱাল, কে এল ৰাহুল, ছাই সুদৰ্শন, শুভমন গীল (অধিনায়ক), কৰুণ নায়াৰ, ৰবীন্দ্ৰ জাডেজা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ ।

লগতে পঢ়ক : অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক… পঞ্চম টেষ্টত চালকৰ আসনত ভাৰত

অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক… পঞ্চম টেষ্টত চালকৰ আসনত ভাৰত

অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক

টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ যশস্বী জয়ছোৱালে ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টেষ্টৰ অন্তিম ইনিংছত শতক অৰ্জন কৰিছে । জয়ছোৱালৰ এই শতকৰ সহায়ত এই টেষ্টত চালকৰ আসনত বহিছে ভাৰতীয় দল । যোৱা কেইটামান ইনিংছত ডাঙৰ স্ক’ৰ গঢ়াত ব্যৰ্থ হোৱা যশস্বীয়ে কঠিন পৰিস্থিতিত ভাৰতৰ হৈ অভেল টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰে । এই ইনিংছে টিম ইণ্ডিয়াক ইংলেণ্ডক তীব্ৰ প্ৰত্যাহ্বান জনোৱাত সহায় কৰিছে ।

অভেল টেষ্টত তৃতীয় দিনা ভাৰতীয় দলটোৱে ধৈৰ্যশীল বেটিঙেৰে প্ৰথম অধিবেশনত ১১৪ ৰান সংগ্ৰহ কৰে । আকাশদীপৰ সৈতে যশস্বী জয়ছোৱালে তৃতীয় উইকেটৰ বাবে শতকীয় অংশীদাৰিত্ব গঢ়ে । শতকৰে ইংলেণ্ড ভ্ৰমণৰ আৰম্ভণি কৰা এই অ’পেনাৰগৰাকীয়ে শেষৰখন মেচতো শতক অৰ্জন কৰে । ১২৭টা বলত ১১টা চাৰি আৰু ২টা ৬ৰ সহায়ত শতক সম্পূৰ্ণ কৰে যশস্বী জয়ছোৱালে ।

ইংলেণ্ডৰ বিৰুদ্ধে অভেল টেষ্টৰ দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱালে ইংৰাজ দলটোক শলঠেকত পেলাইছিল । এই ইনিংছত তেওঁ ৫০ শতাংশ ৰান সংগ্ৰহ কৰে । ইংলেণ্ডে তেওঁক বাধা দিয়াৰ কোনো উপায় পোৱা নাছিল।  ইংলেণ্ডৰ অধিনায়কৰ বাবে এয়া প্ৰত্যাহ্বান আছিল আৰু তেওঁক অসহায় যেন লাগিছিল ।

ভাৰতৰ হৈ যশস্বী জয়ছোৱালে লিডছত ১০১ ৰানৰ ইনিংছৰে শৃংখলা আৰম্ভ কৰে । দ্বিতীয়খন মেচৰ প্ৰথম ইনিংছত ৮৭ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ লগতে শতক অৰ্জন কৰাৰ পৰা বঞ্চিত হয় তেওঁ । ইয়াৰ পিছত তেওঁৰ বেটে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হয় আৰু তেওঁ ২৮, ১৩ আৰু শূন্য ৰানত পেভিলিয়নমুখী হয় । শেষৰখন খেলৰ প্ৰথম ইনিংছত পুনৰ অৰ্ধশতক অৰ্জন কৰিছিল যদিও দ্বিতীয় ইনিংছত একাউণ্ট নোখোলাকৈ আউট হৈছিল তেওঁ । এতিয়া শেষৰখন খেলৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰি শৃংখলাৰ অন্ত পেলাইছে জয়ছোৱালে ।

লগতে পঢ়ক : মহম্মদ ছিৰাজে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ এই মহান অভিলেখ…

আই চি চিৰ শেহতীয়া ৰেংকিঙত ৱাশ্বিংটন-জাডেজাৰ অগ্ৰগতি; অৱনমিত যশস্বী জয়ছোৱাল

আই চি চিৰ শেহতীয়া ৰেংকিঙত ৱাশ্বিংটন-জাডেজাৰ অগ্ৰগতি

ভাৰত বনাম ইংলেণ্ডৰ পঞ্চম টেষ্টৰ পূর্বে ৩০ জুলাই বুধবাৰে আই চি চিয়ে শেহতীয়া ৰেংকিং প্রকাশ কৰিছে ৷ মানচেষ্টাৰত শতক অৰ্জন কৰা ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰ এই ৰেংকিঙত লাভৱান হোৱাৰ বিপৰীতে যশস্বী জয়ছৱাল ৩টা স্থান অৱনমিত হৈছে । ভাৰতীয় খেলুৱৈ হিচাপে এতিয়া আই চি চিৰ পুৰুষৰ টেষ্ট বেটছমেন ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে ঋষভ পন্টে, তেওঁ তালিকাৰ ৭ নম্বৰত আছে । অধিনায়ক শুভমন গীল ৯ম স্থানত আছে ।


তিনিটা স্থান অৱনমিত হ’ল জয়ছোৱাল-
যশস্বী জয়ছোৱাল পূৰ্বে পঞ্চম স্থানত আছিল, এতিয়া টেষ্ট বেটছমেন ৰেংকিঙত ৮ম স্থানলৈ অৱনমিত হৈছে তেওঁ । তেওঁৰ ৰেটিং পইণ্ট ৭৬৯ । ৭৭৬ পইণ্টেৰে ৭ নম্বৰ স্থানত আছে ঋষভ পন্ট । ইংৰাজ বেটছমেন জো ৰুটে নিজৰ প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে, তেওঁৰ ৰেটিং পইণ্ট আছে ৯০৪ ।


আই চি চিৰ ৰেংকিঙত ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ অগ্ৰগতি-
আই চি চিৰ পুৰুষৰ বলিং ৰেংকিঙত ৰবীন্দ্ৰ জাডেজাই এটা স্থান অগ্ৰগতি লাভ কৰিছে, পূৰ্বে তেওঁ ১৫ নম্বৰ স্থানত আছিল আৰু এতিয়া ৬৮২ ৰেটিং পইণ্টেৰে ১৪ নম্বৰ স্থানলৈ আহিছে । ৮৯৮ পইণ্টেৰে শীৰ্ষ স্থানত আছে যশপ্ৰীত বুমৰাহ ।


পুৰুষৰ টেষ্ট অল ৰাউণ্ডাৰ ৰেংকিঙত ডাঙৰ জাঁপ মাৰিছে ৱাশ্বিংটন সুন্দৰে, তেওঁ ৮ টা স্থান আগবাঢ়িছে । মেট হেনৰীৰ সৈতে যৌথভাৱে ১৩ নম্বৰত আছে । মানচেষ্টাৰত খেলা চতুৰ্থ টেষ্টত তেওঁ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে ।


চতুৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত ১০৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল ৰবীন্দ্ৰ জাডেজাই । ৱাশ্বিংটন সুন্দৰে ১০১ ৰান সংগ্ৰহ কৰে, এইটো আছিল তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় শতক । ইয়াৰ পূৰ্বে শুভমন গীলেও এটা শতক (১০৩) অৰ্জন কৰিছিল, যাৰ সহায়ত ভাৰতীয় দলটোৱে চতুৰ্থখন টেষ্ট ড্ৰ’ত সমাপ্ত কৰাত সফল হয় ।


তিনিটা স্থান আগুৱালে বেন ষ্টোকছে-
ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক বেন ষ্টোকছে চতুৰ্থ টেষ্টত ৫টা উইকেট দখল কৰাৰ লগতে শতকো অৰ্জন কৰে, তেওঁ এনে কৰা বিশ্বৰ পঞ্চমজন অধিনায়ক হিচাপে পৰিগণিত হয় । শেহতীয়া ৰেংকিঙত তেওঁ ৩টা স্থান আগুৱাইছে, এতিয়া তেওঁ ৩০১ ৰেটিং পইণ্টেৰে তৃতীয় স্থানলৈ আহিছে ।

লগতে পঢ়ক : এদিনীয়া ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা শীৰ্ষ ৫ জন বেটছমেন কোন ?

পঞ্চম টেষ্টৰ পৰা বাহিৰ ঋষভ পন্ট; পৰৱৰ্তী মেচত কোনে ল’ব তেওঁৰ ঠাই ?

পঞ্চম টেষ্টৰ পৰা বাহিৰ ঋষভ পন্ট

ভাৰতীয় টেষ্ট দলৰ উপ-অধিনায়ক ঋষভ পণ্টক পঞ্চম টেষ্ট খেলৰ পৰা বাদ দিয়া হৈছে । পন্টৰ ঠাইত নাৰায়ণ জগদীশনক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে । মানচেষ্টাৰ টেষ্টৰ সময়ত ঋষভ পন্টে ভৰিৰ আঙুলিত আঘাত পোৱাৰ বাবে মেচৰ মাজভাগতে ক্ৰীজ এৰিব লগা হৈছিল । এতিয়া ভাৰত আৰু ইংলেণ্ডৰ মাজত শৃংখলাৰ অন্তিমখন টেষ্ট বাকী আছে, যাৰ বাবে নাৰায়ণ জগদীশনক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

নাৰায়ণ জগদীশন কোন ?

ভাৰত-ইংলেণ্ডৰ শৃংখলাত ঋষভ পন্টৰ সলনি নাৰায়ণ জগদীশনক দলত লোৱা হৈছে । জগদীশনে ৫২ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে, য’ত এই খেলুৱৈগৰাকীয়ে গড়ে ৪৭.৫০ ৰান কৰি ৩,৩৭৩ ৰান সংগ্ৰহ কৰিছে । প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো ১০টা শতক আৰু ১৪টা অৰ্ধশতক অৰ্জন কৰিছে নাৰায়ণে । ঋষভ পন্ট শেষ টেষ্ট মেচৰ পৰা বাহিৰ হোৱাৰ পিছত এই খেলুৱৈজনে পঞ্চম টেষ্টৰ মূল একাদশত সুযোগ পাব পাৰে ।

ভাৰতৰ হাতত মূল একাদশৰ বিকল্প-

ঋষভ পন্টৰ আঘাতে ভাৰতৰ মূল একাদশত প্ৰভাৱ পেলাব । পণ্ট আঘাতপ্ৰাপ্ত হৈ অৱসৰ লোৱাৰ পিছত চতুৰ্থ টেষ্টত উইকেট ৰক্ষকৰ বাবে স্থান লাভ কৰে ধ্ৰুৱ জুৰেলে । কিন্তু জুৰেলক বেটিং কৰিবলৈ দিয়া নহ’ল । আই চি চিৰ নতুন নিয়ম অনুসৰি বেটছমেনে মূৰত আঘাত পালেহে বেটছমেনক সলনি কৰিব পাৰিব । পণ্ট ভৰিৰ আঙুলিত আঘাতপ্ৰাপ্ত হৈছিল, গতিকে জুৰেলে বেটিং কৰাৰ সুযোগ পোৱা নাছিল ।

পন্টৰ আঘাতৰ পিছত ধ্ৰুৱ জুৰেল ভাৰতৰ মূল একাদশত অন্তৰ্ভুক্ত হ’ব পাৰে । টিম ইণ্ডিয়াৰ বিকল্প হিচাপে আছে নাৰায়ণ জগদীশনো । যদি জগদীশনে সুযোগ পায়, তেন্তে ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত ভাৰতৰ জাতীয় টেষ্ট দলৰ হৈ অভিষেক ঘটাব পাৰে তেওঁ ।

লগতে পঢ়ক : ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫; ১৪ ছেপ্টেম্বৰত হ’ব ভাৰত-পাকিস্তানৰ মহাৰণ

মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল খেলুৱৈক সাক্ষাৎ গীল বাহিনীৰ; গম্ভীৰ-ৰুবেনো উপস্থিত

মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল খেলুৱৈক সাক্ষাৎ গীল বাহিনীৰ

বৰ্তমান ইংলেণ্ড ভ্ৰমণত থকা ভাৰতীয় দলটোৱে পাঁচখন মেচৰ টেষ্ট শৃংখলা খেলি আছে । দেওবাৰে শুভমন গীলৰ নেতৃত্বত গঠিত দলটোৱে বিশ্ববিখ্যাত ফুটবল ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ খেলুৱৈসকলক সাক্ষাৎ কৰে । এই সময়ত দুয়োটা দলৰ খেলুৱৈয়ে জাৰ্চি বিনিময় কৰে আৰু অভ্যাসৰ সময়ত মত বিনিময় কৰে ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ‘ইউনাইটেড ইন মানচেষ্টাৰ’ কেপচন দি এই সাক্ষাতৰ কেইবাখনো ফটো শ্বেয়াৰ কৰে য’ত শুভমন গীল আৰু ঋষভ পণ্টৰ দৰে খেলুৱৈয়ে তেওঁলোকৰ সৈতে কেৰিংটনৰ ক্লাবৰ প্ৰশিক্ষণ খেলপথাৰত ফুটবল খেলি থকা দেখা যায় । এডিডাছে শ্বেয়াৰ কৰা এখন ফটোত ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজে তাৰকা ডিফেণ্ডাৰ হেৰী মেগুৱেৰৰ সৈতে বলিং কৰা দেখা গৈছে ।

২৩ জুলাইৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্ট খেলিবলৈ মানচেষ্টাৰত আছে ভাৰতীয় ক্ৰিকেট দলটো । লিডছ আৰু লণ্ডনত জয়লাভ কৰি পাঁচখন মেচৰ শৃংখলাত ১-২ ব্যৱধানত আগবাঢ়ি আছে ইংলেণ্ড । মানচেষ্টাৰ ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক ৰুবেন আমোৰিম আৰু ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা এই বিখ্যাত ক্লাবৰ অনুৰাগী গৌতম গম্ভীৰৰ একেলগে থকা ফটোও ভাইৰেল হৈছে ।

এই সময়ছোৱাত গীলে ব্ৰুনো ফাৰ্নাণ্ডেছৰ সৈতে, আমাদ ডায়েলোৰ সৈতে চিৰাজে আৰু মেছন মাউণ্ট আৰু হেৰী মেগুৱেৰৰ সৈতে যশপ্ৰীত বুমৰাহৰ সৈতে মত বিনিময় কৰে । দুয়োটা দল আৰু তেওঁলোকৰ সহায়ক কৰ্মচাৰীৰ যৌথ ফটোও প্ৰকাশ পাইছে । মানচেষ্টাৰ ইউনাইটেডৰ জ্যেষ্ঠ বিষয়া আৰু ক্লাবৰ কিংবদন্তিসকলে উষ্ম আদৰণি জনোৱাৰ পিছত দুয়োটা দলৰ মাজত প্ৰতীকীভাৱে জাৰ্চি বিনিময় কৰা হয় । এই সময়ত লঘু ফুটবল আৰু ক্ৰিকেট অনুশীলনৰ উপৰিও খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ মাজত মত বিনিময় হয় ।

লগতে পঢ়ক : চতুৰ্থ টেষ্টৰ পূৰ্বে টীম ইণ্ডিয়াত মোক্ষম আঘাত; একেলগে বাহিৰ হ’ল দুজনকৈ খেলুৱৈ

লৰ্ডছত শতক অৰ্জন কৰি ইতিহাস সৃষ্টি কে এল ৰাহুলৰ;  ভাৰতীয় ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে এই কৃতিত্ব

লৰ্ডছত শতক অৰ্জন কৰি ইতিহাস ৰচনা কে এল ৰাহুলৰ

ইংলেণ্ড ভ্ৰমণত নিজৰ শক্তিশালী ফৰ্ম অব্যাহত ৰাখি ইতিহাস সৃষ্টি কৰিছে কে এল ৰাহুলে । টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত শতক অৰ্জন কৰাৰ পিছত এতিয়া লৰ্ডছতো ৰাহুলে শতক অৰ্জন কৰিছে । লৰ্ডছ টেষ্টৰ তৃতীয় দিনা কে এল ৰাহুলে নিজৰ নৱমটো টেষ্ট শতক সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে ৰাহুলে সেই কৃতিত্ব অৰ্জন কৰিলে যিটো পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত মাত্ৰ এবাৰহে হৈছে । এই ঐতিহাসিক খেলপথাৰত টেষ্টত এটাতকৈ অধিক শতক অৰ্জন কৰা ভাৰতৰ মাত্ৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হয় ৰাহুল ।

লৰ্ডছত অনুষ্ঠিত টেষ্ট শৃংখলাৰ তৃতীয়খন খেলৰ তৃতীয় দিনা শনিবাৰে টিম ইণ্ডিয়াৰ প্ৰথম ইনিংছত এই কৃতিত্ব অৰ্জন কৰে ৰাহুলে । দ্বিতীয় দিনা অৰ্ধশতক অৰ্জন কৰি ৫৩ ৰানত অপৰাজিত হৈ উভতি অহা ৰাহুলে দ্বিতীয় দিনা কিছু আগ্ৰাসী শৈলী দেখুৱাই বাউণ্ডেৰী সংগ্ৰহত মনোনিৱেশ কৰে । ইয়াৰ মাজতে ৰাহুলে ব্ৰাইডন কাৰ্ছৰ এটা অভাৰত একেৰাহে ৩টা চাৰি কোবাই । এই সময়ছোৱাত পন্টৰ সৈতে ৰাহুলে টিম ইণ্ডিয়াক ২৫০ ৰানৰ সীমা অতিক্ৰম কৰাত সহায় কৰে ।

লৰ্ডছত একেৰাহে দ্বিতীয়টো শতক-

ৰাহুলৰ ৯৮ ৰানত দুপৰীয়াৰ আহাৰ খোৱাৰ পূৰ্বৰ শেষ অভাৰত তেওঁ আৰু ঋষভ পণ্টৰ মাজত হঠাতে ভুল বুজাবুজিৰ সৃষ্টি হয় আৰু পণ্ট ৰান আউট হয় । এনে পৰিস্থিতিত ভাৰতীয় বেটছমেনগৰাকীয়ে নিজৰ শতকৰ বাবে পৰৱৰ্তী অধিবেশনলৈ অপেক্ষা কৰিবলগীয়া হয় । তাৰ পিছত দ্বিতীয় অধিবেশন আৰম্ভ হোৱাত কে এল ৰাহুলে এটা ৰান লৈ টেষ্ট কেৰিয়াৰৰ নৱমটো শতক সম্পূৰ্ণ কৰে । ইয়াৰ লগে লগে ৰাহুলে লৰ্ডছত একেৰাহে দ্বিতীয়টো শতক সম্পূৰ্ণ কৰে । ২০২১ চনৰ ভ্ৰমণতো ৰাহুলে এই খেলপথাৰত শতক অৰ্জন কৰিছিল । সেয়া আছিল লৰ্ডছত ৰাহুলৰ প্ৰথম শতক আৰু এতিয়া এই ঐতিহাসিক স্থানত দ্বিতীয়বাৰৰ বাবে ১০০ৰ সীমা অতিক্ৰম কৰিছে তেওঁ ।

মাত্ৰ দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত ৰাহুল-

অৱশ্যে শতক অৰ্জন কৰাৰ পিছত ৰাহুলে বেছি সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰিলে আৰু শ্বোৱেইব বছিৰৰ বলত আউট হয় তেওঁ । ১৩টা চাৰিৰ সহায়ত ১৭৭টা বলত ১০০ ৰান সংগ্ৰহ কৰে তেওঁ । ৰাহুলে নিজৰ শতকক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব পৰা নাছিল যদিও এই ইনিংছৰ জৰিয়তে তেওঁ নিশ্চিতভাৱে ইতিহাসৰ সৃষ্টি কৰিছে । লৰ্ডছ খেলপথাৰত এটাতকৈ অধিক শতক অৰ্জন কৰা মাত্ৰ দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে ৰাহুল । তেওঁৰ পূৰ্বে ‘কৰ্ণেল’ নামেৰে বিখ্যাত কিংবদন্তি বেটছমেন দিলীপ ভেংছৰকাৰে এই খেলপথাৰত এটা বা দুটা নহয় ৩ শতক অৰ্জন কৰিছিল । ৰাহুলৰ এই কৃতিত্বও বিশেষ কাৰণ সুনীল গাভাস্কাৰ, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলীৰ দৰে মহান ভাৰতীয় বেটছমেনে এই খেলপথাৰত এবাৰো শতক অৰ্জন কৰিব পৰা নাছিল ।

লগতে পঢ়ক : শুভমান গিলৰ অধিনায়কত্বৰ অনুৰাগী হ’ল শচীন টেণ্ডুলকাৰ; কৰিলে বিশেষ মন্তব্য

লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত ! টিম ইণ্ডিয়াৰ অভিলেখে বৃদ্ধি কৰিব চিন্তা

লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী শৃংখলাৰ তৃতীয়খন টেষ্ট লৰ্ডছত অনুষ্ঠিত হ’ব । ভাৰতে এই খেলপথাৰত এতিয়ালৈকে ১৯খন খেল খেলিছে যদিও ইয়াত দলটোৰ অভিলেখ উন্নত নহয় । অৱশ্যে টিম ইণ্ডিয়াৰ বাবে ভাল কথাটো হ’ল শুভমন গীলৰ নেতৃত্বত ভাৰতে এডবাষ্টনত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰে । এডবাষ্টন এনে এখন খেলপথাৰ য’ত ভাৰতে পূৰ্বে কেতিয়াও জয়ী হোৱা নাছিল । এই জয়ে শুভমন ব্ৰিগেডৰ মনোবল বৃদ্ধি কৰিছে আৰু ইংলেণ্ডক পৰাস্ত কৰি লৰ্ডছত নিজৰ অভিলেখ উন্নত কৰাৰ বাবে টিম ইণ্ডিয়াই চকু ৰাখিব ।

লৰ্ডছৰ অভিলেখ-

১৯৩২ চনৰ পৰা লৰ্ডছত ১৯খন খেল খেলিছে ভাৰতে । এই সময়ছোৱাত ৩খন খেলত জয়ী হোৱাৰ বিপৰীতে দলটোৱে ১২খন খেলত পৰাস্ত হৈছে । আনহাতে ৪খন মেচ ড্ৰ’ হৈছে । ভাৰতৰ জয়-পৰাজয়ৰ অভিলেখ ০.২৫ । ১৯৩২ চনত ভাৰতে প্ৰথমে ইয়াত এখন মেচ খেলিছিল, য’ত ১৫৮ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই খেলপথাৰত ভাৰতে প্ৰথমটো জয় লাভ কৰিছিল ১৯৮৬ চনত, চেতন শৰ্মা, কপিল দেৱৰ শক্তিশালী বলিং আৰু প্ৰথম ইনিংছত দিলীপ ভেংচৰকাৰৰ শতকৰ সহায়ত ভাৰতে জয়লাভ কৰিছিল ।

বুমৰাহৰ প্ৰত্যাৱৰ্তন-

এডবাষ্টন টেষ্টত জয়লাভ কৰাৰ পিছত অধিনায়ক শভমন গীলে স্পষ্টভাৱে কয় যে বুমৰাহক লৰ্ডছত খেলা দেখা যাব । যদি বুমৰাহ মূল একাদশলৈ প্ৰত্যাৱৰ্তন কৰে  তেন্তে প্ৰশ্ন হয় কোন বাহিৰ হ’ব । ছিৰিজৰ দুয়োখন মেচতে প্ৰসিদ্ধ কৃষ্ণই ৬তকৈ অধিক ইকনমিৰে ৰান দিয়াৰ বিপৰীতে বুমৰাহক জিৰণি দিয়াৰ বাবে দলত অন্তৰ্ভুক্ত হোৱা আকাশ দীপে দ্বিতীয়খন মেচত ১০টা উইকেট দখল কৰি ইতিহাসৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত মূল একাদশৰ পৰা কাক বাদ দিয়া হয় সেয়া আকৰ্ষণীয় হ’ব ।

লগতে পঢ়ক : জয়ৰ পিছত কিয় খং উঠিল শুভমান গিলৰ? খেলপথাৰক লৈ অসন্তুষ্টি প্ৰকাশ

WTC পইণ্ট টেবুলত ভাৰতৰ আধিপত্য… ইংলেণ্ডক পৰাস্ত কৰাৰ পিছত এই বৃহৎ পৰিৱৰ্তন

WTC পইণ্ট টেবুলত ভাৰতৰ আধিপত্য

বাৰ্মিংহামৰ এডবাষ্টন খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচত ইংলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয়েৰে অভিলেখ সৃষ্টি কৰে ভাৰতীয় টেষ্ট দলে । এই জয়ৰ জৰিয়তে ভাৰতে পাঁচখন খেলৰ টেষ্ট শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰে । এই জয়ো বিশেষ আছিল কাৰণ শুভমন গীলৰ অধিনায়কত্বত ভাৰতৰ প্ৰথম টেষ্ট জয় । লগতে ভাৰতেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) ২০২৫-২৭ চক্ৰত প্ৰথম পইণ্ট লাভ কৰে ।

যেতিয়া শুভমন গীলক টিম ইণ্ডিয়াৰ টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল তেতিয়া বহু প্ৰশ্ন উত্থাপন হৈছিল যে তেওঁ ইমান ডাঙৰ দায়িত্ব চম্ভালিব পাৰিবনে ? প্ৰথম টেষ্টত পৰাজয়ৰ পিছত হেঁচা আৰু বাঢ়িছিল যদিও দ্বিতীয়খন মেচত গীলে কেৱল বিস্ফোৰক প্ৰদৰ্শনেই নহয় অধিনায়কত্বৰ ক্ষেত্ৰতো পৰিপক্কতা দেখুৱাইছিল । দুয়োটা ইনিংছতে ক্ৰমে ২৬৯ আৰু ১৬১ ৰান সংগ্ৰহ কৰি তেওঁ যে কেৱল এজন যুৱ বেটছমেন নহয়, তেওঁ এজন সক্ষম নেতা বুলিও নিজকে প্ৰমাণ কৰিলে ।

মেচৰ পিছত গীলে কয় যে, “বিগত পৰাজয়ৰ পৰা আমি বহু কথা শিকিলোঁ আৰু এইবাৰ আমি কৰা সকলো পৰিকল্পনা কাৰ্যকৰী কৰিলোঁ । বলিং আৰু ফিল্ডিঙত উন্নতি হৈছে । এই জয় সমগ্ৰ দলীয় প্ৰচেষ্টাৰ ফল ।”

WTC পইণ্ট টেবুলৰ সমীকৰণ-

এই জয় কেৱল ছিৰিজৰ ক্ষেত্ৰতে নহয়, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ (WTC)ৰ দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ আছিল । চলিত চক্ৰত এইটোৱেই আছিল ভাৰতৰ প্ৰথম জয় আৰু ইয়াৰ লগে লগে দলটোৱে প্ৰথম পইণ্ট লাভ কৰিছে । গীলৰ দলে প্ৰমাণ কৰিলে যে ডব্লিউ টি চি ফাইনেলৰ দৌৰত তেওঁলোক এক শক্তিশালী প্ৰতিদ্বন্দ্বী ।

WTC চক্ৰৰ কথা ক’বলৈ গ’লে অষ্ট্ৰেলিয়াই এতিয়ালৈকে ২খন মেচ খেলিছে আৰু দুয়োখন খেলতে জয়লাভ কৰিছে । ইয়াৰ লগে লগে অষ্ট্ৰেলিয়া ২৪ পইণ্টেৰে প্ৰথম স্থানত আছে । একে সময়তে দ্বিতীয় স্থানত আছে শ্ৰীলংকা, যিয়ে ২খন টেষ্ট মেচৰ ভিতৰত ১খনত জয়লাভ কৰি এখন ড্ৰ’ত অন্ত পেলাইছে । ১৬ পইণ্টেৰে দ্বিতীয় স্থানত আছে দলটো । ২ খন মেচৰ ভিতৰত ১ খনত জয়ী হৈ ১২ পইণ্ট লাভ কৰি WTC পইণ্ট টেবুলৰ তৃতীয় স্থানত আছে ভাৰত । চতুৰ্থ স্থানত ইংলেণ্ড আৰু পঞ্চম স্থানত আছে বাংলাদেশ ।

লগতে পঢ়ক : ‘মোৰ ভগ্নী কৰ্কট ৰোগৰ সৈতে যুঁজি আছে…’; আকাশ দীপে উৎসৰ্গা কৰিলে এই বিজয়

এডবেষ্টন টেষ্টত ইতিহাস সৃষ্টি কৰিলে ভাৰতে… ৫৮ বছৰৰ পাছত ঐতিহাসিক বিজয়

এডবেষ্টন টেষ্টত ইতিহাস সৃষ্টি কৰিলে ভাৰতে

এডবেষ্টন টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰে ভাৰতে । ইয়াৰ লগে লগে টিম ইণ্ডিয়াই ১-১ ব্যৱধানত শৃংখলাত সমতা স্থাপন কৰিছে । বাৰ্মিংহামত অনুষ্ঠিত এই টেষ্টত টিম ইণ্ডিয়াই ইংলেণ্ডক জয়ৰ বাবে ৬০৮ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংৰাজ দলটোৱে মাত্ৰ ২৭১ ৰানহে কৰিবলৈ সক্ষম হয় । ভাৰতৰ এই জয়ত অধিনায়ক শুভমন গীলৰ উপৰিও মহম্মদ চিৰাজ আৰু আকাশদ্বীপে অৱদান আগবঢ়াই ।

৫৮ বছৰৰ পাছত ঐতিহাসিক জয়-

টেষ্টত ভাৰতৰ বাবে দুঃস্বপ্ন হৈ আহিছে বাৰ্মিংহামৰ এডবেষ্টন খেলপথাৰ । ১৯৬৭ চনত ইয়াত টিম ইণ্ডিয়াই প্ৰথম টেষ্ট মেচ খেলিছিল যদিও এতিয়ালৈকে এডবেষ্টনত জয়ী হব পৰা নাছিল । আনকি কপিল দেৱ, বিৰাট কোহলী আৰু এম এছ ধোনীৰ দৰে কিংবদন্তিৰ অধিনায়কত্বৰ অধীনতো এই খেলপথাৰত ভাৰত জয়ী হোৱা নাছিল । এতিয়া অৱশেষত শুভমন গীলৰ অধিনায়কত্বত ৫৮ বছৰীয়া পৰাজয়ৰ ধাৰাবাহিকতা শেষ হয় ।

মেচৰ সাৰাংশ-

এডবেষ্টন টেষ্টত ইংলেণ্ডে টছত জয়লাভ কৰিছিল যদিও প্ৰথমে বলিং কৰিবলৈ বাছি লয় । ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি অধিনায়ক শুভমন গীলৰ ২৬৯ ৰানৰ সহায়ত ৫৮৭ ৰান সংগ্ৰহ কৰে । প্ৰথম ইনিংছত টিম ইণ্ডিয়াৰ হৈ যশস্বী জয়ছোৱালে ৮৭ ৰান আৰু ৰবীন্দ্ৰ জাডেজাই ৮৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংলেণ্ডৰ হেৰী ব্ৰুক ১৫৮ ৰান আৰু জেমী স্মিথে ১৮৪ ৰান সংগ্ৰহ কৰে যদিও তেওঁলোকৰ বাহিৰে আন কোনো বেটছমেনে ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হয় । ফলত ইংলেণ্ডৰ দলটো ৪০৭ ৰানতে অল আউট হয় । ভাৰতে প্ৰথম ইনিংছত ১৮০ ৰানৰ বিশাল অগ্ৰগতি লাভ কৰে ।

ভাৰতৰ দ্বিতীয় ইনিংছত বেটছমেনসকলে স্ক’ৰব’ৰ্ড দ্ৰুতগতিত আগুৱাই লৈ যায় । দ্বিতীয় ইনিংছত অধিনায়ক গীলে ১৬১ ৰান সংগ্ৰহ কৰি সমগ্ৰ মেচখনত তেওঁৰ মুঠ ৰান ৪৩০ ৰানলৈ বৃদ্ধি কৰে । গীল বিশ্বৰ মাত্ৰ পঞ্চমজন বেটছমেন হিচাপে পৰিগণিত হয় যিয়ে এখন টেষ্ট মেচত ৪০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে । দ্বিতীয় ইনিংছত কে এল ৰাহুল (৫৫), ঋষভ পন্ট (৬৫) আৰু ৰবীন্দ্ৰ জাডেজা (৬৯) তিনিওজন বেটছমেনে অৰ্ধ শতক অৰ্জন কৰে । ভাৰতে ৪২৭ ৰানত দ্বিতীয় ইনিংছ ঘোষণা কৰে ।

ইংলেণ্ডে চতুৰ্থ ইনিংছত ৬০৮ ৰানৰ লক্ষ্য লাভ কৰে । লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডৰ দলৰ আধা অংশই ৮৪ ৰানতে পেভিলিয়নমুখী হয় । পঞ্চম দিনা যেতিয়া ইংলেণ্ডৰ বেটছমেন খেলপথাৰলৈ আহিছিল, তেতিয়া প্ৰথম ঘণ্টাতেই স্পষ্ট হৈ পৰিছিল যে ইংৰাজ দলটোৱে ড্ৰ’ৰ উদ্দেশ্যেৰে বেটিং কৰি আছে । বেন ষ্ট’কছ আৰু জেমী স্মিথে দীৰ্ঘ সময় ধৰি ভাৰতক জয়ৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল । ষ্টকছ আউট হোৱাৰ পিছত ইংলেণ্ডে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই থাকে আৰু আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে ।

লগতে পঢ়ক : ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস; ৫২ বলত অৰ্জন কৰিলে বিস্ফোৰক শতক