…লাভ কৰিলে এজন শক্তিশালী অল-ৰাউণ্ডাৰ !  অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা হেৰুৱালেও ভাৰতীয় দলে বিচাৰি পালে ভৱিষ্যতৰ এইগৰাকী তাৰকাক

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাত ভাৰত ১-৩ ব্যৱধানত পৰাস্ত হয় । ছিডনীত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন টেষ্টত কেংগাৰু দলে ৬ উইকেটত জয়লাভ কৰি শৃংখলা দখল কৰে । ইয়াৰ লগে লগে ১০ বছৰৰ পাছত এই ছিৰিজত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল টিম ইণ্ডিয়া । সমগ্ৰ এই শৃংখলাত ভাৰতীয় দলৰ খেলুৱৈৰ বেটিং ব্যৰ্থতা দেখা গ’ল আৰু শীৰ্ষ অৰ্ডাৰে ৰান সংগ্ৰহ কৰাত ব্যৰ্থ হয় । অৱশ্যে মেলবৰ্ণত শতক অৰ্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা নীতিশ ৰেড্ডীৰ ৰূপত ভাৰতীয় দলে নিশ্চিতভাৱে এজন উদীয়মান তাৰকা পালে ।

বেটিঙেৰে প্ৰভাৱ বিস্তাৰ কৰিলে নীতিশে-

এই ছিৰিজত টেষ্টত অভিষেক ঘটা অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে পাঁচোখন মেচতে দলৰ মূল একাদশৰ অংশ আছিল । তেওঁ ভাৰতীয় দলটোৰ বেটিং আৰু বলিং দুয়োটা দিশতে এক নতুন আশাৰ সঞ্চাৰ কৰিছে । আটাইতকৈ বিশেষ আছিল মেলবৰ্ণত অনুষ্ঠিত চতুৰ্থখন টেষ্টত খেলা ১১৪ ৰানৰ উজ্জ্বল ইনিংছ, যিয়ে তেওঁক অষ্ট্ৰেলিয়া ভ্ৰমণত স্বীকৃতি প্ৰদান কৰে । তেওঁৰ টেষ্ট কেৰিয়াৰৰ কথা কবলৈ গ’লে , ৰেড্ডীয়ে ৫খন মেচৰ ৯ টা ইনিংছত ২৯৮ ৰান সংগ্ৰহ কৰাৰ লগতে ৫টা উইকেটো দখল কৰে ।

২১ বছৰীয়া ৰেড্ডীৰ এই প্ৰদৰ্শনে হয়তো ভাৰতৰ এজন শক্তিশালী অল-ৰাউণ্ডাৰৰ সন্ধানৰ অন্ত পেলাইছে । এই দীঘলীয়া ফৰ্মেটত হাৰ্দিক পাণ্ডিয়াক এসময়ত এই ভূমিকাৰ বাবে নিখুঁত বুলি গণ্য কৰা হৈছিল যদিও তেওঁৰ ফিটনেছ আৰু তিনিওটা ফৰ্মেটৰ চাপৰ বাবে তেওঁ টেষ্ট দলৰ অংশ নহয় । এনে পৰিস্থিতিত ভাৰতৰ বাবে নিতীশ ৰেড্ডী মিডল অৰ্ডাৰত উন্নত বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে টেষ্টত খেলপথাৰত থকাৰ ক্ষমতাই নহয়, বলিঙৰ ক্ষেত্ৰতো দলৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ।

যি সময়ত ভাৰতীয় দলৰ টপ অৰ্ডাৰ বিফল হৈছে, সেই সময়ত মিডল অৰ্ডাৰত নীতিশ ৰেড্ডীৰ এই ইনিংছ স্মৰণীয় হৈ থাকিব । তেওঁৰ শতকৰ বাবেই ভাৰতে মেলবৰ্ণত ফ’ল’ অন এৰাই চলিবলৈ সক্ষম হৈছিল যদিও এই মেচত দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । ২১ বছৰীয়া ৰেড্ডী অষ্ট্ৰেলিয়াৰ মাটিত শতক অৰ্জন কৰা তৃতীয়জন কনিষ্ঠ ভাৰতীয় । ইয়াৰ উপৰিও পেচ বলাৰ হৰ্ষিত ৰানাও এই শৃংখলাৰ জৰিয়তে ভাৰতীয় দলত অভিষেক ঘটায় যদিও তেওঁ মাত্ৰ দুখন মেচ খেলাৰ সুযোগ লাভ কৰে । এডিলেইড আৰু পাৰ্থত তেওঁ ৪টা উইকেট দখল কৰে ।

কেতিয়াৰ পৰা আৰম্ভ হ’ব পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ?  কেতিয়া আৰু কাৰ বিৰুদ্ধে যুঁজিব টিম ইণ্ডিয়াই

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২০২৫ সংস্কৰণৰ চূড়ান্ত প্ৰতিযোগী দুয়োটা দল সন্মুখলৈ আহিছে । এফালে অষ্ট্ৰেলিয়াই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে । আনহাতে দক্ষিণ আফ্ৰিকাই ইতিমধ্যেই খিতাপৰ সংঘৰ্ষত প্ৰৱেশ কৰিছে । এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে পৰৱৰ্তী টেষ্ট চেম্পিয়নশ্বিপৰ সূচীত । ২০২৫ চনৰ ফাইনেলখন চলিত বৰ্ষৰ ১১ জুনৰ পৰা ইংলেণ্ডৰ লৰ্ডছত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব । জানক পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ কোন দিনাৰ পৰা আৰম্ভ হ’ব ?

পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ কেতিয়াৰ পৰা আৰম্ভ হ’ব ?

১১ জুনৰ পৰা লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া ২০২৫ চনৰ ফাইনেলৰ পিছত আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২০২৭ । ভাৰতৰ কথা ক’বলৈ গ’লে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰৱৰ্তী চক্ৰৰ প্ৰথমখন ছিৰিজ হ’ব ইংলেণ্ডৰ বিৰুদ্ধে । ২০২৫ চনৰ জুন মাহত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব পাঁচখনীয়া টেষ্টৰ শৃংখলা । ইয়াৰ উপৰিও জুন মাহত শ্ৰীলংকা বনাম বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ বনাম অষ্ট্ৰেলিয়া শৃংখলাও অনুষ্ঠিত হ’ব ।

ভাৰতৰ সূচী-

জুন মাহত অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন শৃংখলা খেলিব । দুয়োটা দলৰ মাজত ৫খন টেষ্ট অনুষ্ঠিত হ’ব আৰু এই শৃংখলাটো জুলাই মাহৰ শেষ সপ্তাহত সমাপ্ত হ’ব । ইংলেণ্ডৰ এই ভ্ৰমণ সমাপ্ত হোৱাৰ পাছত অক্টোবৰ মাহত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজ দলক আতিথ্য প্ৰদান কৰিব । কেৰিবিয়ান দলৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলা খেলিব লাগিব টিম ইণ্ডিয়াই । একে সময়তে ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট মেচৰ শৃংখলাৰ জৰিয়তে ২০২৫ বৰ্ষৰ ছিজন সমাপ্ত কৰিব ।

২০২৬ চনৰ আগষ্ট মাহত টিম ইণ্ডিয়াই শ্ৰীলংকা ভ্ৰমণ কৰিব লাগিব, য’ত দুয়োটা দলে দুখন টেষ্ট খেলিব আৰু তাৰ পিছত অক্টোবৰ-নৱেম্বৰ মাহত ভাৰতে নিউজীলেণ্ড ভ্ৰমণ কৰি ২ টেষ্ট মেচৰ শৃংখলা খেলিব । তাৰ পিছত WTC ২০২৫-২৭ ত ভাৰতৰ অন্তিমখন শৃংখলা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’ব, য’ত পাঁচখনীয়া টেষ্ট মেচ অনুষ্ঠিত হ’ব ।

‘মই এজন খেলুৱৈৰ ভৱিষ্যত…’, ৰোহিত-কোহলীৰ অৱসৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ অন্তিমখন খেল ছিডনীত অনুষ্ঠিত হৈছিল। এই খেলখনত ভাৰতীয় দলটোৱে ৬ উইকেটত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল।

খেলখনত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৬২ ৰাণৰ লক্ষ্য প্ৰদান কৰিছিল। এই পৰাজয়ৰ বাবে, ভাৰতীয় দলটোৱে ১০ বছৰৰ পিছত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী (বিজিটি)ও হেৰুৱায়। লগতে, ডব্লিউটিচিৰ ফাইনেলত উপনীত হোৱাৰ তেওঁলোকৰ সপোন ভাঙি পৰিছিল।

ছিডনী টেষ্ট সমাপ্ত হোৱাৰ পিছত, টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে সংবাদমেলত অংশগ্ৰহণ কৰে।এই সময়ছোৱাত, গৌতম গম্ভীৰে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ বিষয়েও উল্লেখ কৰিছে।

যেতিয়া গম্ভীৰক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ বিষয়ে সোধা হৈছিল, তেওঁ কৈছিল যে তেওঁ কোনো খেলুৱৈৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে। গম্ভীৰে ভাৰতীয় খেলুৱৈসকলক বিশেষ পৰামৰ্শ দিছিল।

তেওঁ কয় যে “মই কোনো খেলুৱৈৰ ভৱিষ্যত সম্পৰ্কে মন্তব্য কৰিব নোৱাৰো, ই তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকৰ ভোক আৰু প্ৰতিশ্ৰুতি আছে।

আশা কৰোঁ, তেওঁলোকে ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াৰ বাবে যিমান পাৰে সকলো কৰিব।মই সদায় বিচাৰিম যে সকলোৱে ঘৰুৱা ক্ৰিকেট খেলিব, যদি সেইবোৰ উপলব্ধ হয়।যদি আপুনি টেষ্ট মেচৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, ঘৰুৱা ক্ৰিকেট খেলিব।

গৌতম গম্ভীৰে কৈছিল, ‘পৰিৱৰ্তনৰ বিষয়ে কোৱাটো এতিয়া খৰখেদা হ’ব, আমি ৫ মাহৰ পিছত ক’ত থাকিম নাজানো। ড্ৰেছিং ৰুমটো সুখী ৰাখিবলৈ মই সকলোৰে প্ৰতি সৎ আৰু ন্যায্য হ’ব লাগিব।ভাৰতীয় দলটোৱে এতিয়া জুন-জুলাইত ইংলেণ্ডত পৰৱৰ্তী টেষ্ট শৃংখলা খেলিব লাগিব।         

WTC ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়া ; টেষ্ট শৃখংলাত লজ্জাজনক পৰাজয় ভাৰতৰ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ২০২৪-২৫ বৰ্ষৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ (বিজিটি) পঞ্চম আৰু অন্তিম খন খেল ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈছিল। 

এই খেলখনত ভাৰতীয় দলটোৱে ৬ উইকেটত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল।অষ্ট্ৰেলিয়াৰ দলটোৱে জয়ৰ বাবে ১৬২ ৰাণৰ লক্ষ্য ৰাখিছিল।

এই বিজয়ৰ সৈতে অষ্ট্ৰেলিয়াই পাঁচখন খেলৰ টেষ্ট শৃংখলাত ৩-১  দখল কৰে। ৯ বছৰৰ পিছত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলা জয় লাভ কৰিছে ।

এই শৃংখলা জয়ৰ সৈতে, কেংগাৰু বাহিনীয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউটিচি) ফাইনেলতো প্ৰৱেশ কৰিছিল।   অষ্ট্ৰেলিয়াই এতিয়া ডব্লিউটিচিৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব। 

ডব্লিউটিচিৰ চলিত চক্ৰৰ ফাইনেল খন চলিত বৰ্ষৰ ১১-১৫ জুনৰ ভিতৰত ক্ৰিকেটৰ মক্কা লৰ্ডছত অনুষ্ঠিত হ’ব। ভাৰতীয় দলটোৱে একেৰাহে দুখন ফাইনেল খেলিছিল, য’ত তেওঁলোকে প্ৰথমে নিউজিলেণ্ড আৰু তাৰ পিছত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছিল।এতিয়া ভাৰতীয় দলটোৱে তৃতীয়বাৰৰ বাবে ডব্লিউটিচিৰ ফাইনেলত উপনীত হোৱাৰ সপোন ভংগ হৈছে।

ছিডনী টেষ্টত ভাৰতীয় দলৰ দ্বিতীয় ইনিংছ ১৫৭ ৰাণলৈ হ্ৰাস পায়। এই খেলখনত ভাৰতীয় দলে তেওঁলোকৰ প্ৰথম ইনিংছত ১৮৫ ৰাণ সংগ্ৰহ কৰে।ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছও ১৮১ ৰাণলৈ হ্ৰাস পাইছিল।

অৰ্থাৎ প্ৰথম ইনিংছৰ আধাৰত ভাৰতে চাৰি ৰাণৰ অগ্ৰগতি লাভ কৰিছে।ভাৰতে পাৰ্থত প্ৰথম টেষ্টখন ২৯৫ ৰাণত জয় লাভ কৰিছিল।

অষ্ট্ৰেলিয়াই এডিলেড টেষ্টত ১০ উইকেটত জয়লাভ কৰিছিল। ইয়াৰ পিছত, ব্ৰিছবেন টেষ্ট খন ড্ৰ হৈছিল। আনহাতে অষ্ট্ৰেলিয়াই মেলবৰ্ণ টেষ্টত ১৮৪ ৰাণত জয়লাভ কৰিছিল।                

কি হৈছে যশপ্ৰীত বুমৰাহৰ ? বলিং কৰিব নোৱাৰিব নেকি  দ্বিতীয় ইনিংছত ?  

টিম ইণ্ডিয়াৰ অন্যতম তাৰকা খেলুৱৈ যশপ্ৰীত বুমৰাহ । তেওঁৰ বাবেই শেহতীয়া সময়ত টিম ইণ্ডিয়াই বহু মেচত জয়লাভ কৰিছে । ইয়াৰ মাজতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ ৫ম আৰু অন্তিম টেষ্ট মেচ খেলি থকা টিম ইণ্ডিয়াই ডাঙৰ জোকাৰণিৰ সন্মুখীন হৈছে । কাৰণ মেচৰ মাজভাগত হঠাতে খেলপথাৰৰ পৰা ওলাই আহিল যশপ্ৰীত বুমৰাহ আৰু তাৰ পিছত ট্ৰেইনিং কিট পিন্ধি ষ্টেডিয়ামৰ পৰা ওলাই যোৱা দেখা যায় তেওঁক । সেই সময়ত অনুমান কৰা হৈছিল যে বুমৰাহে খেলপথাৰত হয়তো কিছু সমস্যাৰ সন্মুখীন হৈছিল । যাৰ বাবে তেওঁ স্কেনৰ বাবে ওলাই গৈছে । তেওঁক টিম ইণ্ডিয়াৰ চিকিৎসা দলৰ সৈতে দেখা গৈছিল । ইফালে বুমৰাহৰ আঘাত সন্দৰ্ভত টিম ইণ্ডিয়াৰ যুৱ বলাৰ প্ৰসিদ্ধ কৃষ্ণই ডাঙৰ আপডেট দিছে ।

বুমৰাহৰ আঘাতৰ ওপৰত ক’লে এই কথা-

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট মেচৰ দ্বিতীয় দিন শেষ হোৱাৰ পাছতে টিম ইণ্ডিয়াৰ হৈ সংবাদমেলৰ বাবে প্ৰসিদ্ধ কৃষ্ণক প্ৰেৰণ কৰা হয় । যেতিয়া কৃষ্ণক বুমৰহৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল, তাৰ উত্তৰত তেওঁ বুমৰাহৰ কঁকালৰ বিষ হৈছে আৰু তেওঁ স্কেন কৰিবলৈ গৈছে বুলি জনায় । স্কেন ৰিপৰ্টৰ পিছত মেডিকেল টিমে পৰৱৰ্তী আপডেট দিবলৈ সক্ষম হব । চিকিৎসা দলে তেওঁক নিৰীক্ষণ কৰি আছে, তাৰ পিছত সিদ্ধান্ত লোৱা হ’ব ।

বুমৰাহক প্ৰয়োজন টিম ইণ্ডিয়াৰ-

ভাৰতীয় দলক এই মেচত যশপ্ৰীত বুমৰাহক প্ৰয়োজন । দ্বিতীয় দিনৰ শেষলৈকে টিম ইণ্ডিয়াই দ্বিতীয় ইনিংছত ৬টা উইকেট হেৰুৱাই ১৪১ ৰান সংগ্ৰহ কৰিছে আৰু বৰ্তমান টিম ইণ্ডিয়াই ১৪৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে । এনে পৰিস্থিতিত পৰৱর্তী ইনিংছত লক্ষ্য ৰক্ষা কৰিবলৈ বুমৰাহৰ প্রয়োজন হ’ব টিম ইণ্ডিয়াক, যদিও অন্তিম ইনিংছত তেওঁ বলিং কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ অৱশ্যে এই মেচত এতিয়ালৈকে টিম ইণ্ডিয়াৰ বলাৰসকলে ভাল প্ৰদৰ্শন আগবঢ়াইছে । এই সমগ্ৰ শৃংখলাত বুমৰাহৰ প্ৰদৰ্শন যথেষ্ঠ শক্তিশালী । ৯টা ইনিংছত মুঠ ৩২টা উইকেট দখল কৰিছে তেওঁ । এনে পৰিস্থিতিত টিম ইণ্ডিয়াৰ বাবে তেওঁৰ উপস্থিতি গুৰুত্বপূৰ্ণ ।

‘মই সন্যাস লোৱাৰ সিদ্ধান্ত…’, অৱসৰৰ বিষয়ে মৌনতা ভংগ কৰিলে হিটমেনে

টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ লোৱা সন্দৰ্ভত অৱশেষত নিজৰ মৌনতা ভংগ কৰিছে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই । উল্লেখ্য যে ছিডনী টেষ্ট মেচত দলৰ মূল একাদশৰ পৰা বাহিৰত আছে হিটমেন । তেওঁৰ পৰিৱৰ্তে এই টেষ্টত অধিনায়কৰ দায়িত্ব দিয়া হৈছে যশপ্ৰীত বুমৰাহক । ইয়াৰ পিছতেই টেষ্ট ক্ৰিকেটৰ পৰা ৰোহিত শৰ্মাই অৱসৰ গ্ৰহণ কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । কিন্তু এতিয়া টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ সন্দৰ্ভত ৰোহিতে এটা ডাঙৰ মন্তব্য দিছে ।

ছিডনী টেষ্টত এক সাক্ষাৎকাৰত ৰোহিতে অৱসৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু পোনপটীয়াকৈ নিশ্চিত কৰে যে তেওঁ এতিয়াও টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লোৱা নাই । ৰোহিতে নিজৰ বিবৃতিত কয় যে, “এতিয়া ৰান অহা নাই, কিন্তু ৫ মাহৰ পিছতো যে নাহে তাৰ কোনো নিশ্চয়তা নাই । মই কঠোৰ পৰিশ্ৰম কৰিম ।”

ৰোহিতে অৱসৰ সন্দৰ্ভত কয়, “চাওক, মই ফৰ্মত নাই । ছিডনী টেষ্টৰ পৰা আঁতৰি অহাটো মোৰ নিজৰ সিদ্ধান্ত আছিল । কিন্তু মই অৱসৰৰ কথা ভবা নাই । মোৰ বেটে বৰ্তমান কাম কৰা নাই । মই এজন দুটা সন্তানৰ পিতৃ, মই বুদ্ধিমান, মই জানো কি কৰিব লাগে আৰু কেতিয়া কৰিব লাগে । দলৰ আউট অৱ ফৰ্ম বেটছমেনে ইমান গুৰুত্বপূৰ্ণ মেচ খেলাৰ সুযোগ পাব নালাগে, গতিকে মই বাহিৰত বহিবলৈ সিদ্ধান্ত লৈছো ।”

ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ ৰোহিতে আৰু কয় যে, “বাহিৰত লেপটপ, কলম আৰু কাগজ লৈ বহি থকা মানুহে অৱসৰ কেতিয়া হ’ব আৰু মই কি সিদ্ধান্ত ল’ব লাগিব সেইটো সিদ্ধান্ত ল’ব নোৱাৰে ।”

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা ৰোহিতে টেষ্টত ভাল প্ৰদৰ্শন আগবঢ়াব পৰা নাই, যাৰ বাবে অৱসৰৰ কথা চৰ্চালৈ আহিছে । ভাৰতত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্ট ছিৰিজতো ৰোহিতে বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল । ইয়াৰ বাহিৰেও বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজত ৫ ইনিংছত মাত্ৰ ৩১ ৰানহে কৰিবলৈ সক্ষম হৈছে ৰোহিতে ।

ৰোহিতে এতিয়া টেষ্ট ক্ৰিকেটৰ পৰা আঁতৰি আহিব বুলি কোৱা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছে । উল্লেখ্য যে এতিয়া বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজৰ পিছত জুন মাহত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজ খেলিবলৈ গৈ আছে ভাৰতীয় দলটোৱে ।

ভাৰতৰ নৱবৰ্ষৰ ‘টেষ্ট’… ছিডনীত হতাশাজনক পৰিসংখ্যা, ভংগ হ’বনে ৪৭ বছৰীয়া লজ্জাজনক অভিলেখ ?

নতুন বছৰৰ লগে লগে ভাৰতীয় ক্ৰিকেট দলে এতিয়া নিজৰ নতুন অভিযানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ২০২৫ চন ছিডনী টেষ্টৰ জৰিয়তে আৰম্ভণি কৰিব । এই মেচখন ৩ জানুৱাৰীৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ।

প্ৰকৃততে ভাৰতীয় দলটো বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে, য’ত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত দুয়োটা দলৰ মাজত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হৈ আছে । বৰ্তমান আয়োজক দলটোৱে শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছে । এতিয়া ৩ জানুৱাৰীৰ পৰা ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব শেষ আৰু নিৰ্ণায়ক টেষ্ট ।

ছিডনীৰ একমাত্ৰ টেষ্টত ভাৰতে কেতিয়া জয়লাভ কৰিছিল ?

আগন্তুক টেষ্টৰ পূৰ্বে জানি থওক যে এই খেলপথাৰত ভাৰতীয় দলৰ অভিলেখ অতি ভয়ংকৰ । এই খেলপথাৰত এতিয়ালৈকে মাত্ৰ এখন টেষ্ট মেচতহে জয়ী হৈছে ভাৰত, সেইখনো ৪৭ বছৰৰ পূৰ্বে । অৰ্থাৎ এইবাৰ ছিডনীত যদি ৰোহিত ব্ৰিগেডে জয়লাভ কৰে তেন্তে ৪৭ বছৰৰ লজ্জাজনক অভিলেখ ভংগ হ’ব ।

ভাৰতীয় দলটোৱে এই পৰ্যন্ত ছিডনী খেলপথাৰত মুঠ ১৩খন টেষ্ট খেলিছে । ইয়াৰে মাত্ৰ ১খনত জয়ী হোৱাৰ বিপৰীতে ৫খনত পৰাস্ত হৈছে ভাৰত । অৰ্থাৎ ৭ খন টেষ্ট ড্ৰ’ত সমাপ্ত হৈছে । ১৯৭৮ চনৰ জানুৱাৰী মাহত ছিডনীত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচত টিম ইণ্ডিয়াই জয়লাভ কৰিছিল । এই টেষ্টত বিষেন সিং বেদীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে কেংগাৰু দলক এক ইনিংছ আৰু ২ ৰাণত পৰাস্ত কৰে । এই সময়ত টেষ্ট ছয় দিন পৰ্যন্ত চলিছিল আৰু মাজত জিৰণিৰ দিন আছিল ।

ছিডনীত ভাৰতীয় টেষ্ট দলৰ অভিলেখ-

মুঠ টেষ্ট : ১৩

জয়ী : ১

পৰাস্ত: ৫

ড্ৰ’: ৭

নৱবৰ্ষৰ টেষ্ট হিচাপে ছিডনীত ১১খন খেল অনুষ্ঠিত হৈছিল-

উল্লেখ্য যে ভাৰতীয় দলটোৱে ছিডনীৰ এই খেলপথাৰত ১৩খন খেলৰ ভিতৰত ১১খন মেচ নৱবৰ্ষৰ টেষ্ট হিচাপে খেলিছে । এখন টেষ্ট ২৬ জানুৱাৰীৰ পৰা আৰু আনখন ১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল । ভাৰতীয় দলটোৱে ১৯৪৭ চনৰ ১২ ডিচেম্বৰত ছিডনীত প্ৰথম টেষ্ট খেলিছিল । ১৯৬৮ চনৰ ২৬ জানুৱাৰীত দ্বিতীয়খন খেলিছিল । ইয়াৰ পিছত ইয়াত খেলা সকলো মেচ কেৱল নৱবৰ্ষৰ টেষ্ট হৈ আহিছে ।

চলিত শৃংখলাত মাত্ৰ এখন টেষ্ট জিকিছে ভাৰতে-

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত চলি থকা বৰ্তমান ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাত ভাৰতীয় দলৰ প্ৰদৰ্শন অতি দুৰ্বল । এই পৰ্যন্ত দলটোৱে মাত্ৰ এখন টেষ্টত জয়লাভ কৰিছে । এই জয় শৃংখলাৰ প্ৰথম টেষ্ট অৰ্থাৎ পাৰ্থ টেষ্টত লাভ কৰিছিল । ইয়াৰ পিছত পৰৱৰ্তী ৩ খন মেচৰ ভিতৰত ২ খনত পৰাস্ত হয় । এতিয়া যদি তেওঁলোক ছিডনী টেষ্টতো পৰাস্ত হয়, তেন্তে ছিৰিজত পৰাস্ত হোৱাৰ লগতে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউ টি চি) ফাইনেলৰ পৰাও বাহিৰ হ’ব ।

টেষ্ট ছিৰিজত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ অভিলেখ-

মুঠ টেষ্ট ছিৰিজ: ২৮

ভাৰতৰ জয়লাভ: ১১

অষ্ট্ৰেলিয়াৰ জয়লাভ: ১২

ড্ৰ’: ৫

বছৰৰ প্ৰথম দিনটোতেই ইতিহাস সৃষ্টি কৰিলে যশপ্ৰীত বুমৰাহে… এই অভিলেখ গঢ়া প্ৰথমজন ভাৰতীয় বলাৰত পৰিণত

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বুধবাৰে (১ জানুৱাৰী) প্ৰকাশ কৰিছে শেহতীয়া ৰেংকিং । ইয়াৰ মাজতে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে নতুন বছৰৰ প্ৰথম দিনাই আলোড়ন তুলি ইতিহাস সৃষ্টি কৰিছে । আই চি চি টেষ্ট বলিং ৰেংকিঙত বুমৰাহ ১ নম্বৰ স্থানত আছে । ইয়াৰ উপৰিও তেওঁৰ ৰেটিং পইণ্টো ৯০৭ লৈ বৃদ্ধি পাইছে ।

এয়া এক ঐতিহাসিক অভিলেখ । কাৰণ এই ৰেটিং পইণ্ট লাভ কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ । তেওঁ প্ৰাক্তন স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ অভিলেখ ভংগ কৰিছে । ইয়াৰ পূৰ্বে ২০১৬ চনৰ ডিচেম্বৰ মাহত অশ্বিনে সৰ্বোচ্চ ৰেটিং পইণ্ট ৯০৪ লাভ কৰিছিল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বুমৰাহে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে, যাৰ ফলত তেওঁ আই চি চিৰ ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে ।

বুমৰাহে ৯০৭ ৰেটিং পইণ্টেৰে সৰ্বকালৰ তালিকাত ইংলেণ্ডৰ স্পীনাৰ ডেৰেক আণ্ডাৰউডৰ সৈতে যৌথ ১৭ নম্বৰ স্থানলৈও আগবাঢ়িছে । এই তালিকাৰ শীৰ্ষত আছে ইংলেণ্ডৰ বেগী বলাৰ ছিডনী বাৰ্নছ (৯৩২) আৰু জৰ্জ লোহমান (৯৩১) শীৰ্ষত আছে, ইমৰাণ খান (৯২২) আৰু মুথিয়া মুৰালীধৰণ (৯২০) তৃতীয় আৰু চতুৰ্থ স্থানত আছে ।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ শীৰ্ষ উইকেট দখলকাৰী বুমৰাহ-

ফল্লেখ্য যে ভাৰতীয় দলটো বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে । ইয়াত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত দুয়োটা দলৰ মাজত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হৈছে, যাৰ চতুৰ্থখন মেচ মেলবৰ্ণত অনুষ্ঠিত হৈছিল । চতুৰ্থখন মেচত অষ্ট্ৰেলিয়াই ১৮৪ ৰানত জয়লাভ কৰে । এইদৰে আয়োজক দলটোৱে শৃংখলাত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । এতিয়া ৩ জানুৱাৰীৰ পৰা ছিডনীত অনুষ্ঠিত হ’ব অন্তিমখন টেষ্ট ।

এই শৃংখলাত বৰত্মানলৈকে সৰ্বাধিক উইকেট দখল কৰিছে বুমৰাহে । ৪ খন টেষ্টৰ ৮ ইনিংছত সৰ্বাধিক ৩০ টা উইকেট দখল কৰিছে তেওঁ । তেওঁৰ গড় হৈছে ১২.৮৩ । তেওঁৰ পিছতে ২০টা উইকেট দখল কৰি দ্বিতীয় স্থানত আছে পেট কামিন্স । এই প্ৰদৰ্শনৰ পৰা বুমৰহে শক্তিশালী স্থান লাভ কৰিছে ।

টেষ্ট শৃংখলাৰ তৃতীয় টেষ্ট অৰ্থাৎ গাব্বা টেষ্টতো বুমৰাহে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । প্ৰথম ইনিংছত ৭৬ ৰানত ৬ উইকেট দখল কৰে তেওঁ । আনহাতে গাব্বা টেষ্টৰ দ্বিতীয় ইনিংছত বুমৰাহে ১৮ ৰানত ৩টা উইকেট দখল কৰে । শৃংখলাৰ প্রথমখন টেষ্টত বুমৰাহে ৮টা আৰু দ্বিতীয়খন টেষ্টত ৪টা উইকেট দখল কৰে ৷

২০২৪ চনৰ শ্ৰেষ্ঠ টেষ্ট একাদশ ঘোষণা…যশপ্ৰীত বুমৰাহ অধিনায়ক, হেড আৰু কামিন্সে নাপালে স্থান

২০২৪ চনৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰা হৈছে । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স আৰু বিস্ফোৰক বেটছমেন ট্ৰেভিছ হেডে এই দলত স্থান লাভ কৰা নাই । ভাৰতৰ তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহক এই দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত দিয়া হৈছে । এই দলটো ক্ৰিকেট অষ্ট্ৰেলিয়াই বাছনি কৰিছে ।

উল্লেখ্য যে প্ৰতি বছৰৰ শেষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰতিটো ফৰ্মেটৰ শ্ৰেষ্ঠ দল বাছনি কৰে । ইয়াত সমগ্ৰ বিশ্বৰ পৰা উজ্জ্বল প্ৰদৰ্শন কৰা ১১ জন খেলুৱৈক নিৰ্বাচিত কৰা হয় । এতিয়া ঘোষণা কৰা দলটো আই চি চিয়ে বাছনি কৰা নাই যদিও ক্ৰিকেট অষ্ট্ৰেলিয়াৰ শ্ৰেষ্ঠ টেষ্ট একাদশ ।

ক্ৰিকেট অষ্ট্ৰেলিয়াই শ্ৰেষ্ঠ টেষ্ট একাদশত ভাৰতৰ দুজন, শ্ৰীলংকাৰ এজন, ইংলেণ্ডৰ তিনিজন, দক্ষিণ আফ্ৰিকাৰ এজন, নিউজীলেণ্ডৰ দুজন আৰু অষ্ট্ৰেলিয়াৰ দুগৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছে । পাকিস্তানৰ কোনো খেলুৱৈ এই দলৰ অংশ নহয় ।

ক্ৰিকেট অষ্ট্ৰেলিয়া দলত অ’পেনাৰ হিচাপে নিৰ্বাচিত হৈছে ভাৰতৰ যশস্বী জয়ছোৱাল আৰু ইংলেণ্ডৰ বেন ডাকেট । তিনি নম্বৰত আছে ইংলেণ্ডৰ জো ৰুট । ইয়াৰ পাছতে ৰাচিন ৰবিন্দ্ৰ চাৰি নম্বৰত আৰু ইংলেণ্ডৰ হেৰী ব্ৰুক পাঁচ নম্বৰত আছে । ছয় নম্বৰত আছে শ্ৰীলংকাৰ কামিন্দু মেণ্ডিছ । অষ্ট্ৰেলিয়াৰ এলেক্স কেৰী উইকেটৰক্ষক । দ্ৰুত বলিংত আছে নিউজীলেণ্ডৰ মেট হেনৰী, ভাৰতৰ যশপ্ৰীত বুমৰাহ আৰু অষ্ট্ৰেলিয়াৰ জোছ হেজলউড । স্পীনাৰ হৈছে দক্ষিণ আফ্ৰিকাৰ কেশৱ মহাৰাজ ।

তেওঁলোকৰ সকলোৱেই সমগ্ৰ বছৰটো অৰ্থাৎ ২০২৪ চনত টেষ্ট ক্ৰিকেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । অৱশ্যে অষ্ট্ৰেলিয়াৰ বৰ্তমানৰ টেষ্ট অধিনায়ক পেট কামিন্সেও ২০২৪ চনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল যদিও এই দলত তেওঁক নিৰ্বাচিত কৰা হোৱা নাই ।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ২০২৪ চনৰ শ্ৰেষ্ঠ একাদশ- যশস্বী জয়ছোৱাল, বেন ডাকেট, জো ৰুট, ৰাচিন ৰবিন্দ্ৰ, হেৰী ব্ৰুক, কামিন্দু মেণ্ডিছ, এলেক্স কেৰী (উইকেটকীপাৰ), মেট হেনৰী, যশপ্ৰীত বুমৰাহ (অধিনায়ক), জোছ হেজলউড আৰু কেশৱ মহাৰাজ ।