কিমান দামী ভাৰত-পাকিস্তান মেচৰ টিকট ? কাইলৈৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফীৰ অনলাইন বিক্ৰী…

ফেব্ৰুৱাৰীত পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ । প্ৰতিযোগিতাখনত ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি থকা মেচখন হ’ল ভাৰত-পাকিস্তানৰ মেচ । কিন্তু এই সকলোবোৰৰ আগতে অনুৰাগীৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰিছে ১০খন খেলৰ (দ্বিতীয় ছেমি ফাইনেলকে ধৰি) টিকটৰ মূল্য । লগতে জনোৱা হৈছে যে মঙলবাৰৰ পৰা (২৮ জানুৱাৰী) টিকটৰ অনলাইন বিক্ৰী আৰম্ভ হ’ব । ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাত খোল খাব টিকটৰ উইণ্ডো । টিকট কিনিবলৈ প্ৰথমে পঞ্জীয়ন কৰিব লাগিব, যিটো ইতিমধ্যে আৰম্ভ হৈছে ।

উল্লেখ্য যে সস্তা টিকটটোৰ দাম ১০০০ পাকিস্তানী টকা যিটো ভাৰতত ৩১০ টকাৰ সমতুল্য হ’ব । পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বৰ্তমান কেৱল ঘৰুৱা খেলৰ বাবেহে টিকটৰ মূল্য প্ৰকাশ কৰিছে । অৰ্থাৎ কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া মেচসমূহৰ টিকট কিমান সস্তা আৰু কিমান ব্যয়বহুল সেই কথা পোহৰলৈ আহিছে ।

পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া মেচৰ টিকটৰ মূল্য…

-পাকিস্তানত ৩খন ষ্টেডিয়াম, কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত সকলো খেল অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত আটাইতকৈ সস্তা টিকট ১০০০ পাকিস্তানী টকা (প্ৰায় ৩১০ ভাৰতীয় টকা) ।

-ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া পাকিস্তান-বাংলাদেশৰ খেলখনৰ আটাইতকৈ সস্তা টিকট ২০০০ পাকিস্তানী টকা (প্ৰায় ৬২০ ভাৰতীয় টকা) ।

-পাকিস্তানত মাত্ৰ এখন ছেমি ফাইনেল খেল অনুষ্ঠিত হ’ব, যাৰ টিকটৰ মূল্য ২৫০০ পাকিস্তানী টকা (৭৭৬ ভাৰতীয় টকা)ৰ পৰা আৰম্ভ হ’ব ।

-ভি ভি আই পি টিকটৰ মূল্য ১২০০০ পাকিস্তানী টকা (৩৭২৬ ভাৰতীয় টকা) ৰখা হৈছে ।

-ছেমি ফাইনেলৰ ভি ভি আই পি টিকটৰ মূল্য হ’ব ২৫,০০০ পাকিস্তানী টকা (৭,৭৬৪ ভাৰতীয় টকা) ।

-প্ৰিমিয়াৰ গেলেৰীৰ টিকটৰ মূল্য সকলো ষ্টেডিয়ামতে ভিন্ন হ’ব । কৰাচীৰ প্ৰিমিয়াৰ গেলেৰীৰ টিকটৰ মূল্য হ’ব ৩৫০০ পাকিস্তানী টকা (১০৮৬ ভাৰতীয় টকা)।

-আনহাতে লাহোৰত পাকিস্তান-বাংলাদেশৰ খেলৰ টিকটৰ মূল্য হ’ব ৫০০০ পাকিস্তানী টকা (১৫৫০ ভাৰতীয় টকা) আৰু ৰাৱালপিণ্ডিত ৭০০০ পাকিস্তানী টকা (২১৭০ ভাৰতীয় টকা) ।

-ভি আই পি টিকটৰ মূল্যও বেলেগ বেলেগ হ’ব । কৰাচীৰ বাবে ৭০০০ পিকেআৰ (২,১৭১ INR), লাহোৰৰ বাবে ৭,৫০০ পিকেআৰ (২,৩২৬ INR) আৰু বাংলাদেশৰ মেচৰ বাবে ১২,৫০০ পিকেআৰ (৩,৮৭৭ INR) হ’ব।

ভাৰতৰ জাৰ্চীত লিখা নহ’ব পাকিস্তানৰ নাম…চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে পুনৰ বিতৰ্ক

‘হাইব্ৰিড মডেল’ৰ অধীনত পাকিস্তানৰ তিনিখন চহৰ (ৰাৱালপিণ্ডি, কৰাচী আৰু লাহোৰ) আৰু ডুবাইত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ মেচ । একে সময়তে ১৯ ফেব্ৰুৱাৰীৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ কথা । কিন্তু এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতেই এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে । আচলতে এইবাৰ এই প্ৰতিযোগিতাৰ মূল আয়োজক পাকিস্তানৰ নাম ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত নাথাকিব ।

পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আই চি চি চেম্পিয়নছ ট্ৰফীত নতুন বিতৰ্কৰ সৃষ্টি হৈছে, য’ত টিম ইণ্ডিয়াৰ জাৰ্চিত ছপা ‘পাকিস্তান’ (আয়োজক দেশৰ নাম) শব্দটোৰ বিৰুদ্ধে ভাৰতে আপত্তি কৰা বুলি অভিযোগ উঠিছে । ভাৰতে ডুবাইত চেম্পিয়নছ ট্ৰফী মেচ খেলিব যদিও পাকিস্তান প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক আয়োজক হৈয়ে আছে ।

পি চি বিৰ এজন বিষয়াই এই বিষয়ত এটা সংবাদ সংস্থাৰ আগত যে, টিম ইণ্ডিয়াৰ জাৰ্চিত পাকিস্তানৰ নাম ছপা কৰোৱাক লৈ বি চি চি আইয়ে ‘ক্ৰিকেটত ৰাজনীতি’ কৰি আছে । ইয়াৰ পূৰ্বে ভাৰতীয় ব’ৰ্ডেও চেম্পিয়নছ ট্ৰফীৰ অধিনায়ক সভাত অধিনায়ক ৰোহিত শৰ্মাক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰা বুলি জানিব পৰা গৈছে ।

পি চি বিৰ এজন বিষয়াই কয় যে বি চি চি আইয়ে ক্ৰিকেটৰ ৰাজনীতি কৰি আছে, যিটো খেলৰ বাবে একেবাৰে ভাল নহয় । তেওঁলোকে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰিছে । তেওঁলোকে তেওঁলোকৰ অধিনায়কক পাকিস্তানত উদ্বোধনী অনুষ্ঠানৰ বাবে পঠিয়াব নিবিচাৰে, আৰু এতিয়া বাতৰি আহিছে যে তেওঁলোকে তেওঁলোকৰ জাৰ্চীত আয়োজক দেশৰ (পাকিস্তান) নাম প্ৰিণ্ট কৰিব নিবিচাৰে । আমি বিশ্বাস কৰোঁ যে আই চি চিয়ে ইয়াক অনুমতি নিদিব আৰু পাকিস্তানক সমৰ্থন কৰিব ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিজৰ দলটো পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত, পাকিস্তান ক্ৰিকেট ব’ৰ্ড আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে হাইব্ৰিড মডেল গ্ৰহণ কৰে, কিন্তু জাৰ্চীত আয়োজকৰ নামক লৈ এতিয়া এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে ।

পি চি বিৰ শক্তিশালী জোৰ স্বত্বেও, বি চি চি আইয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে টীম ইণ্ডিয়াক পাকিস্তানলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত নিজৰ স্থিতি সলনি কৰা নাছিল । অৱশেষত, পাকিস্তান বোৰ্ডে ভাৰতৰ চৰ্তাৱলীত সন্মত হ’ব লগা হৈছিল, যদিও নতুন চুক্তিৰ অধীনত, পি চি বিয়ে ভৱিষ্যতে আই চি চি ইভেণ্টৰ বাবে নিজৰ দলটো ভাৰতলৈ প্ৰেৰণ নকৰিব ।

চেম্পিয়নছ ট্ৰফীলৈ এতিয়া প্ৰায় এমাহ বাকী আছে আৰু আকৌ এবাৰ এটা নতুন বিতৰ্ক শিৰোনামলৈ আহিছে । পাকিস্তানে এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীৰ বাবে নিজৰ দল ঘোষণা কৰা নাই, আনহাতে ভাৰতীয় দলটো ইতিমধ্যে ঘোষণা কৰা হৈছে ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা ভাৰতীয় দল… যশস্বী-ছামীৰ প্ৰত্যাৱৰ্তন, গীলৰ কাষত গধুৰ দায়িত্ব

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় দল ঘোষণা । ১৮ জানুৱাৰী (শনিবাৰ) মুম্বাইত অনুষ্ঠিত সংবাদমেলত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে দল ঘোষণা কৰে । চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলটোৰ নেতৃত্ব দিব ৰোহিত শৰ্মাই । এইবাৰ ‘হাইব্ৰিড মডেল’ৰ অধীনত পাকিস্তান আৰু ডুবাইত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী । প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল ১৯ ফেব্ৰুৱাৰীত কৰাচীত আয়োজক পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব । আনহাতে ভাৰতীয় দলটোৱে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ।

গীলক এই দায়িত্ব, যশস্বী-ছামীৰ প্ৰত্যাৱৰ্তন-

শুভমন গীলক চেম্পিয়নছ ট্ৰফীৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে মহম্মদ ছিৰাজে দলৰ পৰা বাহিীৰ হৈছে । ‘আঘাতপ্ৰাপ্ত’ যশপ্ৰীত বুমৰাহেও দলত স্থান লাভ কৰিছে । আনহাতে যশস্বী জয়ছোৱাল প্ৰথমবাৰৰ বাবে এদিনীয়া দলৰ অংশ হৈ হৈছে । ১৪ মাহৰ পাছত এদিনীয়া দললৈ ঘূৰি আহিছে ফাষ্ট বলাৰ মহম্মদ ছামী । আনহাতে অৰ্শদীপ সিঙেও দলত স্থান লাভ কৰিছে । আনহাতে বেগী বলাৰ মহম্মদ ছিৰাজ দলৰ অংশ নহয়।

চেম্পিয়নছ ট্ৰফীৰ বাবে ১৫ জনীয়া ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (উপ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শদীপ সিং, ৱাশ্বিংটন সুন্দৰ ।

চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলৰ মাজত মুঠ ১৫খন খেল অনুষ্ঠিত হ’ব । দলকেইটাক ২টা গ্ৰুপত ভাগ কৰা হৈছে । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপ-এত আছে । তেওঁলোকৰ লগত থকা আন দুটা দল হ’ল নিউজীলেণ্ড আৰু বাংলাদেশ । আনহাতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ডক গ্ৰুপ বিত স্থান দিয়া হৈছে । ৮ টা দলে নিজ নিজ গ্ৰুপত ৩-৩ খন খেল খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

প্ৰথমখন ছেমি ফাইনেল ডুবাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন লাহোৰত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত যদি কোনো দলে ফাইনেলত প্ৰৱেশ কৰে তেন্তে প্ৰতিযোগিতাখনত মুঠ ৫ খন মেচ খেলিব । চেম্পিয়নছ ট্ৰফীৰ এই ১৫ খন মেচৰ আটাইকেইখন ৪ টা স্থানত অনুষ্ঠিত হ’ব । পাকিস্তানত ৩ টা ভেন্যু হব । আনহাতে এটা স্থান হ’ব ডুবাই । ভাৰতীয় দলটোৱে নিজৰ সকলো মেচ কেৱল ডুবাইতহে খেলিব । ভাৰতীয় দলটোৱে যদি যোগ্যতা অৰ্জন কৰে তেন্তে ডুবাইত অনুষ্ঠিত হ’ব ফাইনেল । অন্যথা ৯ মাৰ্চত লাহোৰত অনুষ্ঠিত হ’ব খিতাপৰ মেচ । ছেমি ফাইনেল মেচ আৰু ফাইনেলৰ

ভাৰতৰ ৫ জন বেটছমেন, যিয়ে চেম্পিয়নছ ট্ৰফীত সংগ্ৰহ কৰিছে বহু ৰান…এতিয়াও অব্যাহত আছে ২জনৰ যাদু

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে । ইতিমধ্যে সকলো দলে আগন্তুক প্ৰতিযোগিতাখনৰ বাবে কৌশল ৰচনা কৰিবলৈ আৰম্ভ কৰিছে । টিম ইণ্ডিয়াইও এই সন্মানীয় খিতাপ দখল কৰিবলৈ অশেষ কষ্ট কৰিছে । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতৰ ১৫ জনীয়া দলটোও অতি সোনকালে ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে । আগন্তুক টুৰ্ণামেণ্টৰ পূৰ্বে চেম্পিয়নছ ট্ৰফীত এতিয়ালৈকে দেশৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈসকলৰ কথা জানি লওক-

শিখৰ ধাৱান-

আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহৰ বিশেষ অভিলেখ আছে প্ৰাক্তন অ’পেনাৰ শিখৰ ধাৱানৰ নামত । ৩৯ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ইয়াত টিম ইণ্ডিয়াৰ হৈ মুঠ ১০টা ইনিংছত বেটিং কৰিছে । এই সময়ছোৱাত তেওঁ গড়ে ৭৭.৮৯ ৰান কৰি ৭০১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা তিনিটা শতক আৰু তিনিটা অৰ্ধশতক আহিছে ।

সৌৰভ গাংগুলী-

আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী । এই প্ৰতিযোগিতাত দেশৰ হৈ মুঠ ১১টা ইনিংছত বেটিং কৰিছিল গাংগুলীয়ে । এই সময়ছোৱাত তেওঁ গড়ে ৭৩.৮৯ ৰান কৰি ৬৬৫ ৰান কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ বেটৰ পৰা তিনিটা শতক আৰু তিনিটা অৰ্ধশতক দেখা গৈছিল ।

ৰাহুল দ্ৰাবিড়-

চেম্পিয়নছ ট্ৰফীত দেশৰ হৈ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে স্থান লাভ কৰিছে প্ৰাক্তন অধিনায়ক তথা মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে । চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াৰ হৈ দ্ৰাবিড়ে মুঠ ১৫টা ইনিংছত বেটিং কৰিছে ।  প্ৰতিযোগিতাখনত তেওঁ  ৪৮.২৩ গড়ে ৬২৭ ৰান কৰিবলৈ সক্ষম হৈছে । চেম্পিয়নছ ট্ৰফীত ছটা অৰ্ধশতক অৰ্জন কৰিছে দ্ৰাবিড়ে ।

বিৰাট কোহলী-

চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা চতুৰ্থজন বেটছমেন আন কোনো নহয়, তেওঁ হৈছে বৰ্তমানৰ তাৰকা বিৰাট কোহলী । বৰ্তমান সময়লৈকে কোহলীয়ে চেম্পিয়নছ ট্ৰফীত ১২টা ইনিংছত বেটিং কৰিছে । প্ৰতিযোগিতাখনত তেওঁ ৮৮.১৭ গড়ে ৫২৯ ৰান কৰিবলৈ সক্ষম হৈছে । চেম্পিয়নছ ট্ৰফীত কোহলীয়ে ৫টা অৰ্ধশতক অৰ্জন কৰিছে ।

ৰোহিত শৰ্মা-

বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা পঞ্চমজন খেলুৱৈ । ‘হিটমেন’ শৰ্মাই ইয়াত ১০খন খেল খেলিছে । প্ৰতিযোগিতাখনত  তেওঁৰ বেটে গড়ে ৫৩.৪৪ ৰান কৰি ১০ ইনিংছত ৪৮১ ৰান সংগ্ৰহ কৰিছে । চেম্পিয়নছ ট্ৰফীত শৰ্মাৰ নামত এটা শতক আৰু চাৰিটা অৰ্ধশতক আছে ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা ৬ টা দল…এতিয়াও অপেক্ষা ভাৰত-পাকিস্তানৰ বাবে

এইবাৰ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ । ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । মুঠ ৮টা দলে চেম্পিয়নছ ট্ৰফীত খেলিব, যাৰ অধীনত এতিয়ালৈকে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ডকে ধৰি ৬খন দেশে নিজৰ দল ঘোষণা কৰিছে । আনহাতে ভাৰতীয় দল আৰু পাকিস্তান দলৰ বাবে এতিয়াও অপেক্ষাৰত অনুৰাগী ।

দক্ষিণ আফ্ৰিকাৰ দলৰ মুখ্য প্ৰশিক্ষক ৰব ৱালটাৰে সোমবাৰে (১৩ জানুৱাৰী) ১৫ জনীয়া দলটো ঘোষণা কৰে । এই প্ৰতিযোগিতাত দক্ষিণ আফ্ৰিকাৰ অধিনায়কত্ব কৰিব টেম্বা বাভুমাই । দক্ষিণ আফ্ৰিকাই ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেললৈ লৈ যোৱা একেটা মূল দলকে বহুলাংশে ধৰি ৰাখিছে ।

ভাৰতীয় দল আৰু পাকিস্তান দলৰ ঘোষণাৰ বাবে এতিয়াও অপেক্ষাত আছে ক্ৰিকেট অনুৰাগীসকল । জানিব পৰা গৈছে যে অহা ১৮-১৯ জানুৱাৰীত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব । এই সময়ত দলৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে । এতিয়ালৈকে ঘোষণা কৰা ৬টা স্কোৱাডৰ বিষয়ে জানক…

গ্ৰুপ এ-

ভাৰত আৰু পাকিস্তান দল এতিয়াও ঘোষণা কৰা হোৱা নাই…

বাংলাদেশ দল : নাজমুল হুছেইন শান্তো (অধিনায়ক), সৌম্য চৰকাৰ, তাঞ্জিদ হাছান, তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম, মাহমুদুল্লাহ, জাকেৰ আলী অনিক, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, পাৰভেজ হুছেইন ইমন, নাছুম আহমেদ, তাঞ্জিম হাছান চাকিব, নাহিদ ৰানা ।

নিউজীলেণ্ড দল : মিচেল ছেণ্টনাৰ (অধিনায়ক), মাইকেল ব্ৰেচৱেল, মাৰ্ক চেপমেন, ডেভন কনৱে, লুকি ফাৰ্গুচন, মেট হেনৰী, টম লাথাম, ডেৰিল মিচেল, উইল অ’ৰ’ৰ্ক, গ্লেন ফিলিপছ, ৰাচিন ৰবীন্দ্ৰ, বেন ছিয়াৰ্ছ, নাথান স্মিথ, কেন উইলিয়ামছন , উইল ইয়ং ।

গ্ৰুপ-বি

দক্ষিণ আফ্ৰিকাৰ দল : টেম্বা বাভুমা (অধিনায়ক), টনি ডি জোৰ্জি, মাৰ্কো জান্সেন, হেনৰিক ক্লাচেন, কেশৱ মহাৰাজ, এইডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ, উইয়ান মুল্ডাৰ, লুংগি ঙিডি, এনৰিকে নৰ্কিয়া, কাগিছ’ ৰাবাডা, ৰিয়ান ৰিকেলটন, টাব্ৰেজ শ্বামচি, ট্ৰিষ্টান ষ্টাবছ, ৰাছী ভান ডেৰ ডাচেন ।

আফগানিস্তান দল : হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), ইব্ৰাহিম জাদ্ৰান, ৰহমানুল্লাহ গুৰবাজ, চেদিকুল্লাহ অটল, ৰহমান শ্বাহ, ইক্ৰাম আলিখিল, গুলবাদিন নাইব, আজমাতুল্লাহ উমৰজাই, মহম্মদ নবী, ৰছিদ খান, এ এম গাজানফৰ, নূৰ আহমেদ, ফজলহাক ফাৰুকী, ফৰিদ মালিক, নবীদ জাদ্ৰান ।

ৰিজাৰ্ভ : দৰৱিশ ৰছুলি, নাংয়াল খাৰোতি, বিলাল ছামি ।

ইংৰাজ দল : জোছ বাটলাৰ (অধিনায়ক), জোফ্ৰা আৰ্চাৰ, গাছ এটকিনছন, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, বেন ডাকেট, জেমী অভাৰটন, জেমী স্মিথ, লিয়াম লিভিংষ্টন, আদিল ৰছিদ, জো ৰুট, ছাকিব মাহমুদ, ফিল ছল্ট, মাৰ্ক উড ।

অষ্ট্ৰেলিয়া দল : পেট কামিন্স (অধিনায়ক), এলেক্স কেৰী, নাথান এলিছ, এৰন হাৰ্ডি, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, মাৰ্নাছ লাবুশ্বেন, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, মেথিউ শ্বৰ্ট, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, মাৰ্কাছ ষ্ট’ইনিছ, আডাম জাম্পা ।

প্ৰতিটো গ্ৰুপত দলসমূহে কিমানখন খেল খেলিব ?

৮ টা দলে নিজ নিজ গ্ৰুপত ৩-৩ খন খেল খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । প্ৰথমখন ছেমি ফাইনেল ডুবাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন লাহোৰত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত যদি কোনো দলে ফাইনেলত প্ৰৱেশ কৰে তেন্তে প্ৰতিযোগিতাখনত মুঠ ৫ খন মেচ খেলিব ।

চেম্পিয়নছ ট্ৰফী হ’ব ৰোহিত আৰু কোহলীৰ বাবে অগ্নি পৰীক্ষা…এয়া হৈছে ৩টা ডাঙৰ কাৰণ

ভাৰতীয় ক্ৰিকেট দলৰ দুই জ্যেষ্ঠ খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ কেৰিয়াৰ দুদোল্যমান অৱস্থাত আছে । বিশেষকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিৰিজত তেওঁলোকৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে সমগ্ৰ বিশ্বৰ পৰা সমালোচনাৰ বাহিৰে একো পোৱা নাই দুয়োজন কিংবদন্তি ক্ৰিকেটাৰে । এতিয়া চেম্পিয়নছ ট্ৰফীৰ বাবে বিশ্বৰ শীৰ্ষ ৮ দলৰ মাজত সংঘৰ্ষ হ’ব । ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই আই চি চি টুৰ্ণামেণ্ট, যাৰ বাবে ভাৰতীয় দল এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও নিশ্চিতভাৱে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাবে এইখন আই চি চিৰ অন্তিমখন প্ৰতিযোগিতা হ’ব পাৰে ।

বি চি চি আইয়ে দিছে আলটিমেটাম-

বি চি চি আইৰ পৰ্যালোচনা বৈঠকৰ পিছত এই আপডেট আহিছে যে বৰ্তমান ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ভৱিষ্যত সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নহ’ব । কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলা আৰু চেম্পিয়নছ ট্ৰফীত তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত দল পৰিচালনা সমিতিয়ে যে তীক্ষ্ণ দৃষ্টি ৰাখিব সেয়া স্পষ্ট হৈ পৰিছে । এক প্ৰতিবেদন অনুসৰি বিৰাট আৰু ৰোহিতে যদি চেম্পিয়নছ ট্ৰফীত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়, তেন্তে বি চি চি আইয়ে দুয়োৰে কেৰিয়াৰ সন্দৰ্ভত এটা ডাঙৰ আৰু কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব ।

বিৰাট-ৰোহিতৰ দুৰ্বল ফৰ্ম টিম ইণ্ডিয়াৰ বাবে ক্ষতিকাৰক-

বিগত দুখন টেষ্ট শৃংখলা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ বাবে অতি বেয়া । নিউজীলেণ্ডৰ বিৰুদ্ধে ৬ টা ইনিংছত ৯১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫ টা ইনিংছত ৩১ ৰান সংগ্ৰহ কৰিবলৈহে সক্ষম হয় অধিনায়ক ৰোহিত শৰ্মাই । বিৰাটৰ অৱস্থাও বৰ ভাল নহয়, কিৱি দলৰ বিৰুদ্ধে ৬ টা ইনিংছত মাত্ৰ ৯৩ ৰান আৰু এতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মাত্ৰ ১৯০ ৰান সংগ্ৰহ কৰে তেওঁ । বিগত ৫ বছৰত বিৰাটে মাত্ৰ ৩টা টেষ্টত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । অৱশ্যে ২০২৩ চনৰ বিশ্বকাপত দুয়োজনেই সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল । কিন্তু যদিহে তেওঁলোকৰ বেটে ৫০ অভাৰৰ ফৰ্মেট চেম্পিয়নছ ট্ৰফীত ভাল প্ৰদৰ্শন নকৰে, তেন্তে হয়তো টিম ইণ্ডিয়াত ৰোহিত-বিৰাটৰ উপস্থিতি দীৰ্ঘম্যাদী পৰিকল্পনাত ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ।

বিশ্বকাপ আৰু ডব্লিউ টি চি ২০২৭ৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব ভাৰতে-

২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ভাৰতীয় দলটোৱে । এতিয়া জুন মাহৰ পৰা WTCৰ নতুন চক্ৰ আৰম্ভ হ’ব, আনহাতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীয়ে এতিয়াই ২০২৭ চনৰ বিশ্বকাপৰ বাবেও ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিব লাগিব । অৱশ্যে টি-২০ দলটো প্ৰস্তুত কৰাৰ দিশত তেওঁ অতি ভাল আৰু সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিছে । কিন্তু ২০২৭ চনৰ বিশ্বকাপ আৰু ডব্লিউ টি চিৰ ফাইনেলৰ বাবে ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দলত থাকিব নে নাই, এই সিদ্ধান্ত চেম্পিয়নছ ট্ৰফীৰ আধাৰত ল’ব পাৰে ব’ৰ্ডে ।

টেষ্টত ‘জিৰ’, এদিনীয়াত ‘হিৰো’…চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ৰোহিত শৰ্মাৰ পৰিসংখ্যা দেখি সুখী হ’ব ভাৰতীয় অনুৰাগী

যোৱা তিনিখন টেষ্ট শৃংখলা ৰোহিত শৰ্মাৰ বাবে দুঃস্বপ্নতকৈ কম নহয় । হিটমেনে অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিছিল । তিনিখন ছিৰিজৰ কোনো এটাতে তেওঁ মুঠ ১০০ ৰানৰ স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল । কিন্তু আনফালে এদিনীয়া ফৰ্মেটত ৰোহিত শৰ্মাৰ বেট ডাঙৰ ফৰ্মত দেখা গৈছে, যিটো চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় অনুৰাগীৰ বাবে সুখৰ বিষয় ।

টেষ্টত ‘জিৰ’, এদিনীয়াত ‘হিৰো’-

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তিনিখন টেষ্টত ৰোহিত শৰ্মাই মাত্ৰ ৩১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলা তিনিখন মেচৰ টেষ্ট শৃংখলাত হিটমেনে ৯১ ৰান সংগ্ৰহ কৰিছিল । ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়কগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত মাত্ৰ ৪২ ৰানহে সংগ্ৰহ কৰিছিল ।

আনহাতে, এদিনীয়াত ৰোহিত শৰ্মাৰ শেষৰ ২০ টা ইনিংছলৈ চালে এক বৃহৎ পাৰ্থক্য দেখা পাব । যোৱা ২০টা এদিনীয়া ইনিংছত হিটমেনে ৫৪.১৫ৰ আকৰ্ষণীয় গড় আৰু ১২৫.১৮ ষ্ট্ৰাইক ৰেটত ১০২৯ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ১০ বাৰ ৫০ প্লাছ স্ক’ৰ কৰে । ৰোহিতে শেষবাৰৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিছিল, য’ত তেওঁ তিনিখন মেচত ৫৮, ৬৪ আৰু ৩৫ ৰান সংগ্ৰহ কৰিছিল ।

২০২৩ চনৰ এদিনীয়া বিশ্বকাপত প্ৰদৰ্শন কৰিছিল শক্তি-

উল্লেখ্য যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত ৰোহিত শৰ্মা আছিল দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী । ১১খন খেলৰ ১১ টা ইনিংছত ৫৪.২৭ গড়ে ৫৯৭ ৰান সংগ্ৰহ কৰিছিল তেওঁ । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ১ টা শতক আৰু ৩টা অৰ্ধশতক আহিছিল ।

চেম্পিয়নছ ট্ৰফীত ভাৰতৰ লাভ-

ৰোহিত শৰ্মাৰ এদিনীয়া ফৰ্মে চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াক লাভৱান কৰিব বুলি প্ৰায় স্পষ্ট । ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ । এই প্ৰতিযোগিতাখন পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব যদিও টিম ইণ্ডিয়াই সকলো খেল ডুবাইত খেলিব । অহা ৯ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ ফাইনেল ।

চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ড ছিৰিজৰ বৈঠকত মিলিত হ’ব নিৰ্বাচক, ছামী আৰু বুমৰাহৰ ওপৰত দিয়া হ’ব গুৰুত্ব

শনিবাৰে সন্ধিয়া চেম্পিয়নছ ট্ৰফীৰ বাবে দল বাছনি সন্দৰ্ভত আলোচনাৰ বাবে অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব । কোৱা হৈছে যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত অনুষ্ঠিত হ’বলগীয়া পৰ্যালোচনা বৈঠকৰ সমান্তৰালভাৱে ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ ছিৰিজ আৰু চেম্পিয়নছ ট্ৰফীৰ বাবে দলটো বাছনি কৰিবলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সদস্যসকল বৈঠকত মিলিত হ’ব ।

বুমৰাহ-ছামীৰ ফিটনেছৰ ওপৰত চকু-

তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ আৰু প্ৰবীণ পেচাৰ মহম্মদ ছামীৰ ফিটনেছ লেভেলৰ ওপৰতো নিৰ্বাচকসকলে চকু ৰাখিব । অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত পিঠিৰ সমস্যাত পৰিছিল বুমৰাহ । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত ভাৰতীয় দলৰ হৈ কোনো মেচ খেলা নাই ছামীয়ে । তেওঁৰ গোৰোহাৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল । কোৱা হৈছে যে তেওঁ হয়তো বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্স ফিজিক্সৰ পৰা সেউজ সংকেত পাব ।

আঘাতৰ পৰা সুস্থ হৈ উঠা ছামীয়ে ৰঞ্জি ট্ৰফী, চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত অংশগ্ৰহণ কৰি নিজৰ ফিটনেছ লেভেল প্ৰমাণ কৰিছে । একে সময়তে যশস্বী জয়ছোৱালে ১৯খন টেষ্ট আৰু ২৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ পাছত এদিনীয়াত সুযোগ দিয়া হ’বনে নাই সেয়াও চাবলগীয়া হ’ব ।

ইংলেণ্ড ছিৰিজৰ বাবেও হ’ব চৰ্চা-

এই সময়ছোৱাত নিৰ্বাচকসকলে চলিত মাহৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পাঁচখনীয়া টি-২০ আৰু তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাৰ বাবে দল নিৰ্বাচনৰ বিষয়েও আলোচনা কৰিব । অহা ২২ জানুৱাৰীৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব সীমিত অভাৰৰ শৃংখলা । দলটোত কোনো আচৰিত নাম থকাৰ সম্ভাৱনা কম কাৰণ টি-২০ দলটোৰ বেছিভাগেই সেই মুখবোৰেই হ’ব যিসকল যোৱা বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টি-২০ ছিৰিজৰ অংশ আছিল ।

যদি ছামীয়ে চি অ’ ইৰ পৰা ফিটনেছ চাৰ্টিফিকেট লাভ কৰে তেন্তে এদিনীয়া দলত স্থান লাভ কৰিব পাৰে । বুমৰাহ আৰু আন এজন পেচাৰ আকাশ দীপে বেংগালুৰুৰ চি অ’ ইত আছে আৰু পিঠিৰ সমস্যাৰ পৰা সুস্থ হৈ উঠিছে । দুয়োজনেই ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাৰ অংশ নহ’ব । যশস্বী এদিনীয়া বা টি-২০ দলৰ অংশ হ’ব আৰু তেওঁৰ লগতে ৱাশ্বিংটন সুন্দৰ আৰু নীতিশ কুমাৰ ৰেড্ডীয়েও সুযোগ পাব পাৰে ।

চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ বাবে কেতিয়া ঘোষণা হ’ব ভাৰতীয় দল, এই সকলে পাব পাৰে স্থান…

ভাৰতে ডুবাইত আগন্তুক আই চি চি চেম্পিয়নছ ট্ৰফীৰ সকলোবোৰ লীগ মেচ খেলিব, যাৰ ভিতৰত চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে ২৩ ফেব্ৰুৱাৰীত মুখামুখি হ’ব দলটো । ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপত ৰখা হৈছে । নিউজীলেণ্ড আৰু বাংলাদেশো এই গ্ৰুপত আছে । গ্ৰুপ বি-ত আছে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ড । প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখন ১৯ ফেব্ৰুৱাৰীত কৰাচীত অনুষ্ঠিত হ’ব । এই খেলখনত, আয়োজক পাকিস্তান নিউজীলেণ্ডৰ মুখামুখি হ’ব । ফাইনেল ৯ মাৰ্চত অনুষ্ঠিত হ’ব । ২০১৭ চনত শেষবাৰৰ বাবে অনুষ্ঠিত হোৱা এই বৃহৎ ৫০ অভাৰৰ ইভেণ্টত এইবাৰ ১৫খন মেচ অনুষ্ঠিত হ’ব । ইয়াৰে কমেও ১০খন মেচ পাকিস্তানত অনুষ্ঠিত হ’ব। পাকিস্তানৰ তিনিটা আয়োজক স্থান- ৰাৱালপিণ্ডি, লাহোৰ আৰু কৰাচী – দ্বিতীয়খন ছেমি ফাইনেল লাহোৰৰ পুনৰ নিৰ্মাণ কৰা গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

কেতিয়া ঘোষণা হ’ব টিম ইণ্ডিয়া-

উল্লেখ্য যে চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় দল ৯ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীৰ ভিতৰত ঘোষণা কৰা হ’ব পাৰে । এনে পৰিস্থিতিত ভাৰতীয় দলত কোন খেলুৱৈয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে সুযোগ পাব পাৰে সেয়া আকৰ্ষণীয় হ’ব । ভাৰতীয় নিৰ্বাচকসকলে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে আৰু চেম্পিয়নছ ট্ৰফীৰ বাবে দল একেলগে ঘোষণা কৰিব পাৰে ।

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা জিৰণি ল’ব পাৰে যশপ্ৰীত বুমৰাহে-

কৰ্মৰ বোজাৰ কথা বিবেচনা কৰিলে ইংলেণ্ডৰ বিৰুদ্ধে ৫খনীয়া মেচৰ টি-২০ শৃংখলাৰ পৰা জিৰণি ল’ব পাৰে যশপ্ৰীত বুমৰাহে । ছিডনী টেষ্টত বুমৰাহ আঘাতপ্ৰাপ্ত হৈছিল । এনে পৰিস্থিতিত আঘাত আৰু কামৰ বোজা বিবেচনা কৰিলে বুমৰাহক ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা জিৰণি দিয়া হ’ব পাৰে । একে সময়তে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত বুমৰাহ পুনৰ ঘূৰি আহিব পাৰে ।

ঘূৰি আহিব পাৰে মহম্মদ ছামী আৰু শ্ৰেয়াছ আয়াৰ-

দীৰ্ঘদিন ধৰি টিম ইণ্ডিয়াৰ পৰা আঁতৰি থকা মহম্মদ ছামীয়ে এদিনীয়া শৃংখলা আৰু চেম্পিয়নছ ট্ৰফীত দললৈ ঘূৰি আহিব পাৰে । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা ছামী দলৰ পৰা আঁতৰি আছে । বৰ্তমান বংগৰ হৈ বিজয় হাজাৰে ট্ৰফীত খেলি আছে ছামীয়ে । ছামীয়ে নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব । এনে পৰিস্থিতিত ছামীয়ে নিজৰ ফিটনেছ প্ৰমাণ কৰিবলৈ সক্ষম হয় নে নহয় সেয়া লক্ষণীয় হ’ব । যদি মহম্মদ ছামী সম্পূৰ্ণ ফিট হয় তেন্তে তেওঁক টিম ইণ্ডিয়াত নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে ।

শ্ৰেয়াছ আয়াৰৰ উভতি অহাটো নিশ্চিত !

ইয়াৰ উপৰিও শ্ৰেয়াছ আয়াৰো দললৈ ঘূৰি আহিব পাৰে । প্ৰতিবেদন অনুসৰি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত আয়াৰক নিৰ্বাচিত কৰা হ’ব পাৰে । শেষবাৰৰ বাবে ২০২৪ চনত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত তেওঁ সুযোগ পাইছিল । টিম ইণ্ডিয়াৰ পৰা বাদ পৰাৰ পিছত আয়াৰে অবিৰতভাৱে ঘৰুৱা ক্ৰিকেট খেলি আছে আৰু বেটিং কৰি বহু ৰান সংগ্ৰহ কৰিছে । এনে পৰিস্থিতিত তেওঁক টিম ইণ্ডিয়াত নিৰ্বাচিত কৰা হ’ব পাৰে ।

১২ জানুৱাৰী সময়সীমা-

চেম্পিয়নছ ট্ৰফীৰ বাবে দল ঘোষণা কৰাৰ বাবে আই চি চিয়ে নিৰ্ধাৰণ কৰা সময়সীমা ১২ জানুৱাৰী, অৰ্থাৎ ১২ জানুৱাৰীৰ ভিতৰত আটাইকেইটা দলে নিজৰ খেলুৱৈৰ তালিকা আই চি চিক জমা দিব লাগিব । একে সময়তে ১৩ ফেব্ৰুৱাৰীলৈকে দলসমূহে নিজৰ খেলুৱৈৰ পৰিৱৰ্তন কৰিব পাৰিব । এনে পৰিস্থিতিত ১০ৰ পৰা ১১ জানুৱাৰীৰ ভিতৰত টিম ইণ্ডিয়া ঘোষণা কৰা হ’ব বুলি আশা কৰা হৈছে ।

ইংলেণ্ড শৃংখলাৰ বাবে সম্ভাৱ্য এদিনীয়া দল আৰু সম্ভাৱ্য চেম্পিয়নছ ট্ৰফী দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, যশস্বী জয়ছোৱাল (ৰিপ্লেচমেণ্ট অ’পেনাৰ), বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ/ৰবি বিষ্ণোই, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শদীপ সিং, মহম্মদ চিৰাজ ।

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল-

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমচন (উইকেটকীপাৰ), তিলক বাৰ্মা, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, ৰমনদীপ সিং, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং আৰু প্ৰসিদ্ধ কৃষ্ণ ।