কাইলৈৰ পৰা আৰম্ভ হ’ব মিনি বিশ্বকাপ…জানক চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী আৰু লাইভ ষ্ট্ৰীমিংৰ সবিশেষকে ধৰি সকলো

বিশ্বকাপতকৈ কম নহয় চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ গুৰুত্ব । এই প্ৰতিযোগিতাখনক মিনি বিশ্বকাপ বুলিও কোৱা হয় । এইখন ক্ৰিকেট জগতৰ অন্যতম সন্মানীয় প্ৰতিযোগিতা । ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী । ইয়াৰ অন্তিমখন মেচ তথা ফাইনেল ৯ মাৰ্চত অনুষ্ঠিত হ’ব ।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে । ইয়াত পাকিস্তান, ভাৰত, বাংলাদেশ, নিউজীলেণ্ড, আফগানিস্তান, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দল অন্তৰ্ভুক্ত হৈছে । শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজ এই প্ৰতিযোগিতাৰ অংশ নহয় । ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আটাইকেইটা দলকে দুটা গ্ৰুপত ভাগ কৰা হৈছে । এটা গ্ৰুপত আছে পাকিস্তান, ভাৰত, বাংলাদেশ আৰু নিউজীলেণ্ড । আনহাতে আফগানিস্তান, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা দ্বিতীয়টো গ্ৰুপত আছে ।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব । বিয়লি ২ বজাত অনুষ্ঠিত হ’ব মেচসমূহৰ টছ । ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্ক চেনেলত টিভিত লাইভত চাব পাৰিব চেম্পিয়নছ ট্ৰফীৰ সকলো খেল । ইয়াৰ উপৰিও মেচসমূহৰ লাইভ ষ্ট্ৰীমিং হ’ব JioHotstar ত ।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী পাকিস্তানে আয়োজন কৰাৰ কথা আছিল যদিও নিৰাপত্তাজনিত কাৰণত ভাৰতে নিজৰ দলটো তালৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল । এনে পৰিস্থিতিত এতিয়া এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব । যদি টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰে তেন্তে ডুবাইত খিতাপৰ মেচ অনুষ্ঠিত হ’ব ।

২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সূচী-

১৯ ফেব্ৰুৱাৰী – পাকিস্তান বনাম নিউজীলেণ্ড, নেচনেল ষ্টেডিয়াম, কৰাচী

২০ ফেব্ৰুৱাৰী- বাংলাদেশ বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

২১ ফেব্ৰুৱাৰী – আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, নেচনেল ষ্টেডিয়াম, কৰাচী

২২ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

২৩ ফেব্ৰুৱাৰী- পাকিস্তান বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

২৪ ফেব্ৰুৱাৰী- বাংলাদেশ বনাম নিউজীলেণ্ড, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৫ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৬ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

২৭ ফেব্ৰুৱাৰী- পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৮ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

১ মাৰ্চ – দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, নেচনেল ষ্টেডিয়াম, কৰাচী

২ মাৰ্চ- নিউজীলেণ্ড বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

ছেমি ফাইনেল আৰু ফাইনেল মেচ-

৪ মাৰ্চ – ছেমি ফাইনেল ১, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

৫ মাৰ্চ – ছেমি ফাইনেল ২, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

৯ মাৰ্চ – ফাইনেল – গাদ্দাফি ষ্টেডিয়াম, লাহোৰ (যদি টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰে তেন্তে স্থান হ’ব ডুবাই)

চেম্পিয়নছ ট্ৰফীত এই ৫ টা দলৰ হাতত কেতিয়াও পৰাস্ত হোৱা নাই ভাৰত…জানক পাকিস্তানৰ বিৰুদ্ধে কেনেকুৱা অভিলেখ

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ মাজত মাত্ৰ এটা দিন বাকী । এই প্ৰতিযোগিতাখন এইবাৰ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব । বুধবাৰৰ পৰা (১৯ ফেব্ৰুৱাৰী) চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’ব, আনহাতে ৯ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল । এই আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইতিহাস ভাৰতীয় দলৰ বাবে যথেষ্ঠ ভাল ।

এইবাৰ চেম্পিয়নছ ট্ৰফীৰ নৱম সংস্কৰণ অনুষ্ঠিত হ’ব । এতিয়ালৈকে ভাৰতীয় দল আৰু অষ্ট্ৰেলিয়াই ২-২ বাৰ খিতাপ দখল কৰিছে । ২০০২ চনত শ্ৰীলংকাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণত ভাৰতীয় দল আৰু শ্ৰীলংকাই যৌথভাৱে জয়লাভ কৰিছিল । আনহাতে ২০১৩ চনৰ ছিজনত মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে খিতাপ দখল কৰিছিল ।

২০১৩ চনৰ পিছত ২০১৭ চনত ইংলেণ্ডত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হৈছিল । এই সংস্কৰণত প্ৰথমবাৰৰ বাবে পাকিস্তান জয়ী হয় । ইয়াৰ পিছত ২০২১ চনত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব লাগিছিল যদিও ক’ৰনাৰ বাবে স্থগিত ৰখা হয় । এতিয়া প্ৰায় ৮ বছৰৰ পিছত পুনৰ এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে ।

এই ৫ টা দলে পৰাস্ত কৰিব পৰা নাই ভাৰতীয় দলক-

চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ অভিলেখ অতি উত্তম । এই প্ৰতিযোগিতাখনত এই পৰ্যন্ত মুঠ ২৯খন মেচ খেলিছে, ইয়াৰে ১৮খন খেলত জয়লাভ কৰিছে ভাৰতে । ৮ খন মেচত পৰাস্ত হৈছে আৰু ৩ খন নিৰ্ণায়ক নাছিল । চেম্পিয়নছ ট্ৰফীত সৰ্বাধিক মেচত জয়ী হোৱাৰ ক্ষেত্ৰত ভাৰতীয় দলটো শীৰ্ষত আছে ।

প্ৰতিযোগিতাখনৰ ইতিহাসত অন্য দলৰ বিৰুদ্ধে ভাৰতীয় দলৰ অভিলেখ যদি চাওঁ তেন্তে ইও উৎকৃষ্ট । চেম্পিয়নছ ট্ৰফীত ৫টা দলে এতিয়ালৈকে টিম ইণ্ডিয়াক পৰাস্ত কৰিব পৰা নাই । এই পাঁচটা দল হৈছে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, বাংলাদেশ, জিম্বাবুৱে আৰু কেনিয়া ।

ভাৰত আৰু পাকিস্তানৰ মাজত এনে অভিলেখ-

এই সকলোবোৰৰ মাজতে এটা দল আছে যিটো ভাৰতীয় দলে এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীত পৰাস্ত কৰিব পৰা নাই । এই একমাত্ৰ দলটো হৈছে নিউজীলেণ্ড । চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত মাত্ৰ এখন মেচহে হৈছে, য’ত কিৱি দলে জয়লাভ কৰিছে ।

এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু পাকিস্তানৰ মাজত মুঠ ৫ খন মেচ অনুষ্ঠিত হৈছে । ইয়াত টিম ইণ্ডিয়াই দুখন মেচত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে তিনিখন খেলত সফল হৈছে ।

ভাৰত নে বাংলাদেশ….চেম্পিয়নছ ট্ৰফীত কোনে কৰিছে ৰাজত্ব ?  জানক দুয়োটা দলৰ অভিলেখ

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ । বুধবাৰে কৰাচীৰ নেশ্যনেল বেংক ষ্টেডিয়ামত আয়োজক দল পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ প্ৰথমখন খেল । ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন খেলত ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত মুখামুখি হ’ব টিম ইণ্ডিয়া আৰু বাংলাদেশ । এই গুৰুত্বপূৰ্ণ মেচখনক লৈ অনুৰাগীসকল অতিশয় উৎসাহিত হৈ আছে । অনুৰাগী আশাবাদী যে ৰোহিত এণ্ড কোম্পানীয়ে এই মেচখনত জয়লাভ কৰি টুৰ্ণামেণ্টখন শক্তিশালীভাৱে আৰম্ভ কৰিব । আগন্তুক মেচখনৰ পূৰ্বে এই প্ৰতিযোগিতাত দুয়োটা দলৰ মাজতৰ অভিলেখৰ কথা জানক ।

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত যদি আমি এতিয়ালৈকে এদিনীয়া মেচত দুয়োটা দলৰ মাজৰ সংঘৰ্ষৰ কথা কওঁ, তেন্তে ইয়াত ৪১খন মেচত দুয়োটা দল মুখামুখি হৈছে । আনহাতে টিম ইণ্ডিয়াই ৩২খন খেলত জয়লাভ কৰাৰ বিপৰীতে বাংলাদেশ দলটোৱে ৮খন খেলত সফল হৈছে । ইয়াৰ বাহিৰে এখন মেচৰ কোনো ফলাফল ওলোৱা নাছিল ।

এদিনীয়া ফৰ্মেটত ভাৰতীয় দলটোৱে ঘৰুৱা ক্ষেত্ৰত বাংলাদেশৰ বিৰুদ্ধে চাৰিখন খেলত জয়লাভ কৰিছে । আনহাতে বিৰোধী দলটোৱে নিজৰ ঘৰুৱা খেলপথাৰত টিম ইণ্ডিয়াৰ বিৰুদ্ধে ছখন খেলত জয়লাভ কৰিছে ।

ইয়াৰ বাহিৰেও যদি আমি নিৰপেক্ষ খেলপথাৰত দুয়োটা দলৰ মাজত হোৱা সংঘৰ্ষৰ কথা কওঁ, ইয়াতো ভাৰতীয় দলৰ বাংলাদেশৰ ওপৰত সদায় ৰাজত্ব কৰিছে । ইয়াত টিম ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে ১০খন খেলত জয়লাভ কৰাৰ বিপৰীতে বাংলাদেশে ভাৰতৰ বিৰুদ্ধে দুখন মেচত জয়লাভ কৰিছে ।

আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু বাংলাদেশৰ সংঘৰ্ষ-

এতিয়ালৈকে আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰত আৰু বাংলাদেশৰ মাজত মাত্ৰ এখন মেচহে অনুষ্ঠিত হৈছে । য’ত মেচখনত টিম ইণ্ডিয়াই সফলতা লাভ কৰিছিল, আনহাতে বাংলাদেশ দলে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

মিছন চেম্পিয়নছ ট্ৰফীৰ বাবে ডুবাইত উপস্থিত টিম ইণ্ডিয়া…

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে । এইবাৰ ‘হাইব্ৰিড মডেল’ৰ অধীনত পাকিস্তানৰ তিনিখন চহৰ (কাৰাচী, লাহোৰ, ৰাৱালপিণ্ডি) আৰু ডুবাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । আনহাতে ভাৰতীয় দলটোৱে ২০ ফেব্ৰুৱাৰীত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ।

ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ১৫ ফেব্ৰুৱাৰীত (শনিবাৰে) চেম্পিয়নছ ট্ৰফীৰ বাবে ডুবাইত উপস্থিত হয় । ভাৰতীয় খেলুৱৈসকলে মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ডুবাইলৈ উৰা মাৰে । মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, সহ-অধিনায়ক শুভমন গীল আৰু তাৰকা বেটছমেন বিৰাট কোহলীকে ধৰি দলৰ অধিকাংশ সদস্যই দলীয় বাছত বিমানবন্দৰত উপস্থিত হয় । এই খেলুৱৈসকলৰ একাংশই অটোগ্ৰাফ বা হাত মিলাই একাংশ অনুৰাগীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ।

শেহতীয়াকৈ ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত তিনিওখন এদিনীয়া মেচতে জয়লাভ কৰি অনুৰাগী আৰু দলৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে । অনুৰাগীসকলে আশা কৰিছে যে ভাৰতীয় দলটোৱে আন এক আই চি চি ট্ৰফী লাভ কৰাত সফল হ’ব । যোৱা বছৰ ৱেষ্ট ইণ্ডিজত কৰাৰ দৰেই ।

যদি ভাৰতে চেম্পিয়নছ ট্ৰফীত টি-২০ বিশ্বকাপৰ পুনৰাবৃত্তি কৰিবলগীয়া হয়, তেন্তে তাৰকা বেটছমেন ৰোহিত আৰু কোহলীয়ে ভাল প্ৰদৰ্শন কৰিব লাগিব । শেহতীয়াকৈ ইংলেণ্ডৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাত ৰোহিত আৰু কোহলীয়ে ফৰ্মলৈ ঘূৰি অহাৰ লক্ষণ দেখুৱাইছিল । কটকত খেলা দ্বিতীয়খন এদিনীয়াত ৰোহিতে ৯০টা বলত ১১৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আহমেদাবাদত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত কোহলীয়ে অৰ্ধশতক (৫২ ৰান) অৰ্জন কৰে । অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিয়ে চেম্পিয়নছ ট্ৰফীত দুয়োৰে প্ৰদৰ্শনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব ।

কোহলী-ৰোহিত এই মাইলৰ খুঁটিৰ ওচৰত-

যদি আমি চাওঁ, বিৰাট কোহলীক এদিনীয়া ইতিহাসত ১৪০০০ ৰান সংগ্ৰহ কৰা তৃতীয়জন বেটছমেন হ’বলৈ ৩৭ ৰানৰ প্ৰয়োজন, আনহাতে ৰোহিতে ১১০০০ ৰান সম্পূৰ্ণ কৰা দশম বেটছমেন হোৱাৰ পৰা মাত্ৰ ১২ ৰান দূৰত আছে । ভাৰতীয় দলৰ একাংশ যুৱ খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি নিজৰ স্থান সুদৃঢ় কৰিব বিচাৰিব । সহ-অধিনায়ক শুভমন গীলেও নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখিব বিচাৰিব । আঘাতৰ বাবে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হোৱা যশপ্ৰীত বুমৰাহৰ অনুপস্থিতি ভাৰতীয় দলটো নিশ্চিতভাৱে অনুভৱ কৰিব । এনে পৰিস্থিতিত অৰ্শদীপ সিং আৰু হৰ্ষিত ৰানাৰ দৰে যুৱ খেলুৱৈৰ বাবে এয়া এক ডাঙৰ সুযোগ হ’ব । ‘মিষ্ট্ৰী স্পীনাৰ’ বৰুণ চক্ৰৱৰ্তীয়ে প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁ দলৰ মাৰাত্মক অস্ত্ৰ ।

উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলৰ মাজত মুঠ ১৫খন মেচ অনুষ্ঠিত হ’ব । এই ৮ টা দলক ২ টা গ্ৰুপত ভাগ কৰা হৈছে । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপ-এত আছে । তেওঁলোকৰ লগত থকা আন দুটা দল হ’ল নিউজীলেণ্ড আৰু বাংলাদেশ । আনহাতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ডক গ্ৰুপ বিত স্থান দিয়া হৈছে । ৮ টা দলে নিজ নিজ গ্ৰুপত ৩-৩ খন খেল খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । চেম্পিয়নছ ট্ৰফীৰ ১৫খন খেলৰ আটাইকেইখনেই ৪টা স্থানত অনুষ্ঠিত হ’ব । পাকিস্তানত ৩ টা ভেন্যু হব । আনহাতে এটা স্থান হ’ব ডুবাই । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা প্ৰাইজমানি… বিজয়ী দলে লাভ কৰিব কোটি টকা, পৰাজিত দলেও লাঊ কৰিব এই পুৰস্কাৰ

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ’বলৈ এসপ্তাহতকৈয়ো কম সময় বাকী আছে । এইবাৰ পাকিস্তানৰ আতিথ্যত ‘হাইব্ৰিড মডেল’ৰ অধীনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । এই খেলসমূহ পাকিস্তানৰ তিনিখন চহৰ (লাহোৰ, ৰাৱালপিণ্ডি, কৰাচী) আৰু ডুবাইত অনুষ্ঠিত হ’ব । ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব টিম ইণ্ডিয়াই ।

ঘোষণা হ’ল প্ৰাইজমানি-

শেহতীয়াকৈ আই চি চিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধন অথবা প্ৰাইজমানি । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বিজয়ী দলটোৱে লাভ কৰিব ২.২৪ মিলিয়ন ডলাৰ (প্ৰায় ১৯.৪৬ কোটি টকা) । ৰানাৰ্ছ আপ দলটোৱে লাভ কৰিব ১১.১২ মিলিয়ন ডলাৰ (প্ৰায় ৯.৭৩ কোটি টকা) । ছেমি ফাইনেলত পৰাজিত দুয়োটা দলে সমান পৰিমাণৰ ৫ লাখ ৬০ হাজাৰ ডলাৰ (প্ৰায় ৪.৮৬ কোটি টকা) লাভ কৰিব ।

চেম্পিয়নছ ট্ৰফীত প্ৰতিখন মেচেই গুৰুত্বপূৰ্ণ হ’ব । গ্ৰুপ পৰ্যায়ত মেচত জয়ী হোৱাৰ বাবে দলটোৱে লাভ কৰিব ৩৪০০০ ডলাৰ (প্ৰায় ২৯.৫৩ লাখ টকা) । আনহাতে পঞ্চম আৰু ষষ্ঠ স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ৩৫০০০০০০ ডলাৰ (প্ৰায় ৩.০৪ কোটি টকা) লাভ কৰিব । আনহাতে সপ্তম আৰু অষ্টম স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ১৪০০০০০ ডলাৰ (প্ৰায় ১.২২ কোটি টকা) লাভ কৰিব । ইয়াৰ উপৰিও এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আটাইকেইটা দলকে ১২৫০০০ ডলাৰ (প্ৰায় ১.০৯ কোটি টকা)ৰ নিশ্চয়তা প্ৰদান কৰা হ’ব । এই প্ৰতিযোগিতাত আই চি চিয়ে মুঠ ৬৯ লাখ ডলাৰ (প্ৰায় ৬০ কোটি টকা) পুৰস্কাৰ ধন বিতৰণ কৰিব । ২০১৭ চনৰ তুলনাত ৫৩ শতাংশ বেছি ।

চেম্পিয়নছ ট্ৰফী পুৰস্কাৰৰ ধন: (USD ডলাৰ)

বিজয়ী দল: ২.২৪ মিলিয়ন ডলাৰ (১৯.৪৬ কোটি টকা)

ৰানাৰ্ছ আপ : ১২.৪ মিলিয়ন ডলাৰ (৯.৭৩ কোটি টকা)

ছেমি ফাইনেলিষ্ট : ৫,৬০,০০০ ডলাৰ (৪.৮৬ কোটি টকা)

পঞ্চম আৰু ষষ্ঠ স্থানৰ দল: ৩,৫০,০০০ ডলাৰ (৩.০৪ কোটি টকা)

সপ্তম বা অষ্টম স্থানৰ দল: ১৪০০০ ডলাৰ (১.২২ কোটি টকা)

গ্ৰুপ পৰ্যায়ত জয়ী: ১,৪০,০০০ ডলাৰ (১.২২ কোটি টকা)

নিশ্চয়তাৰ ধনঃ ১,২৫,০০০ ডলাৰ (১.০৯ কোটি টকা)

বুমৰাহ-ষ্টাৰ্ক-কামিনছ বাহিৰ…চেম্পিয়নছ ট্ৰফীৰ বাবে ডাঙৰ পৰিৱৰ্তন, জানক ৮টা দলৰ স্কোৱাড

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ লৈ মাজত মাত্ৰ কেইটামান দিন বাকী । এইবাৰ পাকিস্তানৰ আতিথ্যত ‘হাইব্ৰিড মডেল’ৰ অধীনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । এই খেলসমূহ পাকিস্তানৰ তিনিখন চহৰ (ৰাৱালপিণ্ডি, কৰাচী, লাহোৰ) আৰু ডুবাইত অনুষ্ঠিত হ’ব । ১৯ ফেব্ৰুৱাৰীত কৰাচীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । আনহাতে ভাৰতীয় দলটোৱে ২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ।

ইতিমধ্যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ৮টা দলৰ সকলো চেম্পিয়নছ ট্ৰফীৰ বাবে চূড়ান্ত কৰা হৈছে । দলত পৰিৱৰ্তনৰ শেষ তাৰিখ আছিল ১২ ফেব্ৰুৱাৰী, যি পাৰ হৈ গৈছে । এতিয়া যদি কোনো খেলুৱৈ টুৰ্ণামেণ্টৰ সময়ত বাহিৰ হয়, তেন্তে তেওঁৰ সলনি আই চি চিৰ কাৰিকৰী দলৰ অনুমোদন ল’ব লাগিব । ভালদৰে চালে আঘাত আৰু অন্যান্য কাৰণত বেছিভাগ দলেই নিজৰ অস্থায়ী দলত পৰিৱৰ্তন আনিলে । 8 টা দলৰ শেহতীয়া স্কোৱাড চাওঁ আহক…

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় দলটো এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফীৰ পৰা বাদ পৰিছে ষ্টাৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ । মাত্ৰ তিনিখন এদিনীয়া খেলৰ অভিজ্ঞতা থকা বেগী বলাৰ হৰ্ষিত ৰাণাই বুমৰাহৰ ঠাইত চেম্পিয়নছ ট্ৰফী দলত প্ৰৱেশ কৰিছে । ইয়াৰ উপৰিও অ’পেনাৰ বেটছমেন যশস্বী জয়ছোৱালক ১৫ জনীয়া দলৰ পৰা বাদ দিয়া হৈছে । যশস্বীৰ ঠাইত দলত প্ৰৱেশ কৰে স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে ।

ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জা়েজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা, মহম্মদ শমি, অৰ্শদীপ সিং, ৱাশ্বিংটন ।

নন-ট্ৰেভেলিং বিকল্প : যশস্বী জয়ছোৱাল, মহম্মদ ছিৰাজ, শিৱম ডুবে ।

অষ্ট্ৰেলিয়াই চেম্পিয়নছ ট্ৰফী দলতো মুঠ পাঁচটা পৰিৱৰ্তন কৰিবলগীয়া হৈছে । বেষ্ট বলাৰ মিচেল ষ্টাৰ্কে ব্যক্তিগত কাৰণত এই প্ৰতিযোগিতাখনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে । ইতিমধ্যে আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আছে অধিনায়ক পেট কামিন্স, মিচেল মাৰ্ছ আৰু জোছ হেজলউড । আনহাতে মাৰ্কাছ ষ্টয়নিছে হঠাতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । চেম্পিয়নছ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়াৰ দলত অন্তৰ্ভুক্ত হৈছে শ্বীন এবট, বেন ড্ৱাৰ্শ্বুইছ, স্পেন্সৰ জনছন, জেক-ফ্ৰেজাৰ মেকগাৰ্ক আৰু টানবীৰ সংঘক ।

অষ্ট্ৰেলিয়া দল: ষ্টিভ স্মিথ (অধিনায়ক), শ্বীন এবট, এলেক্স কেৰী, বেন ড্ৱাৰ্শ্বুইছ, নাথান এলিছ, জেক ফ্ৰেজাৰ-মেকগাৰ্ক, এৰন হাৰ্ডি, ট্ৰেভিছ হেড, জোছ ইংলিছ, স্পেন্সৰ জনছন, মাৰ্নাছ লাবুশ্বেন, গ্লেন মেক্সৱেল, টানবীৰ সংঘ, মেথিউ শ্বৰ্ট, এডাম জাম্পা ।

ৰিজাৰ্ভ- কুপাৰ কনলি ।

টেম্বা বাভুমাৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ দলটোৱেও এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । বেগী বলাৰ এনৰিক আঘাতৰ বাবে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হয় । ফাষ্ট বলিং অলৰাউণ্ডাৰ কৰ্বিন বছে নৰ্কিয়াৰ ঠাইত দলত স্থান লাভ কৰে ।

দক্ষিণ আফ্ৰিকাৰ দল : টেম্বা বাভুমা (অধিনায়ক), টনি ডি জোৰ্জি, মাৰ্কো জান্সেন, হেনৰিখ ক্লাচেন, কেশৱ মহাৰাজ, এইডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ, উইয়ান মুল্ডাৰ, লুংগি এনগিডি, কৰ্বিন বছ, কাগিছ’ ৰাবাডা, ৰিয়ান ৰিকেলটন, টাব্ৰেজ শ্বামচি, ট্ৰিষ্টান ষ্টাবছ, ৰাছি ভান ডেৰ ডাচেন ।

ৰিজাৰ্ভ- ক্ৱেনা ম্ফাকা

চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে ইংলেণ্ড দলটোৱেও এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । যুৱ অলৰাউণ্ডাৰ জেকব বেথেল হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ল । তেওঁৰ ঠাইত উইকেটকীপাৰ বেটছমেন টম বেণ্টনক দলত অন্তৰ্ভুক্ত কৰা হয় ।

ইংলেণ্ড দল : জোছ বাটলাৰ (অধিনায়ক), জফ্ৰা আৰ্চাৰ, গাছ এটকিনছন, টম বেণ্টন, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, বেন ডাকেট, জেমী অভাৰটন, জেমী স্মিথ, লিয়াম লিভিংষ্টন, আদিল ৰছিদ, জো ৰুট, ছাকিব মাহমুদ, ফিল ছল্ট, মাৰ্ক উড ।

কেৱল এয়াই নহয়, আফগানিস্তানৰ দলটোৱেও ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । আঘাতৰ বাবে চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব নোৱাৰিব অফ স্পীনাৰ আল্লাহ গাজানফৰ । গাজানফৰৰ ঠাইত নাংগেয়ালিয়া খাৰোতে আফগানিস্তানৰ দলত প্ৰৱেশ কৰে ।

আফগানিস্তানৰ দল : হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), ইব্ৰাহিম জাদ্ৰান, ৰহমানুল গুৰবাজ, চেদিকুল্লাহ অটল, ৰহমান শ্বাহ, ইক্ৰাম আলিখিল, গুলবাদিন নাইব, আজমাতুল্লাহ উমৰজাই, মহম্মদ নবী, ৰছিদ খান, নংগেয়ালিয়া খাৰোতে, নূৰ আহমেদ, ফজলহাক ফাৰুকী, ফৰিদ মালিক, নবীদ জাদ্ৰান ।

ৰিজাৰ্ভ : দৰৱিছ ৰছুলি, বিলাল ছামি ।

নিউজীলেণ্ডৰ দল : মিচেল চেণ্টনাৰ (অধিনায়ক), মাইকেল ব্ৰেচৱেল, মাৰ্ক চেপমেন, ডেভন কনৱে, লকি ফাৰ্গুচন, মেট হেনৰী, টম লেথাম, ডেৰিল মিচেল, উইল অ’ৰ’ৰ্ক, গ্লেন ফিলিপছ, ৰাচিন ৰবিন্দ্ৰ, বেন ছিয়াৰ্ছ, নাথান স্মিথ, কেন উইলিয়ামছন, উইল ইয়ং ।

বাংলাদেশৰ দল : নাজমুল হোছেইন শান্তো (অধিনায়ক), সৌম্য চৰকাৰ, তাঞ্জিদ হাছান, তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম, মাহমুদুল্লাহ, জাকেৰ আলী অনিক, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, পাৰভেজ হোছেইন ইমন, নাছুম আহমেদ, তাঞ্জিম হাছান চাকিব, নাহিদ ৰাণা ।

পাকিস্তানৰ দল : মহম্মদ ৰিজৱান (অধিনায়ক), বাবৰ আজম, ফখৰ জামান, কামৰাণ গুলাম, সাউদ শ্বাকিল, তয়াব তাহিৰ, ফাহীম আশ্ৰফ, খুছদিল শ্বাহ, ছলমান আলী আঘা, উছমান খান, আব্ৰাৰ আহমেদ, হৰিছ ৰাউফ, মহম্মদ হাছনাইন, নছিম শ্বাহ, শ্বাহীন শ্বাহ আফ্ৰিদি ।

উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলৰ মাজত মুঠ ১৫খন মেচ অনুষ্ঠিত হ’ব । এই ৮ টা দলক ২ টা গ্ৰুপত ভাগ কৰা হৈছে । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপ-এত আছে । তেওঁলোকৰ লগত থকা আন দুটা দল হ’ল নিউজীলেণ্ড আৰু বাংলাদেশ । আনহাতে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ডক গ্ৰুপ বিত স্থান দিয়া হৈছে । ৮ টা দলে নিজ নিজ গ্ৰুপত ৩-৩ খন খেল খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । চেম্পিয়নছ ট্ৰফীৰ ১৫খন খেলৰ আটাইকেইখনেই ৪টা স্থানত অনুষ্ঠিত হ’ব । পাকিস্তানত ৩ টা ভেন্যু হব । আনহাতে এটা স্থান হ’ব ডুবাই । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব ।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে টিম ইণ্ডিয়াৰ বৃহৎ জয়…এদিনীয়া শৃংখলাত ইংলেণ্ডক ক্লীন ছুইপ

আহমেদাবাদত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত ইংলেণ্ডক ১৪২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে ভাৰতে । প্ৰথম বেটিং কৰি টিম ইণ্ডিয়াই ৩৫৬ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে সমগ্ৰ ইংলেণ্ড দলটো ২১৪ ৰানতে অল আউট হয় । ভাৰতীয় দলৰ জয়ৰ আটাইতকৈ ডাঙৰ নায়ক আছিল শুভমন গীল, তেওঁ ১১২ ৰানৰ শতকীয় ইনিংছ খেলে । প্ৰতিজন বলাৰে অন্ততঃ এটাকৈ উইকেট লোৱাত টিম ইণ্ডিয়াৰ তৰফৰ পৰা শক্তিশালী বলিং প্ৰদৰ্শনো দেখা যায় ।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা এই মেচখনত ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । খেলখনৰ প্ৰথম অভাৰতে তেওঁৰ এই সিদ্ধান্ত ভাল বুলি প্ৰমাণিত হৈছিল কাৰণ অধিনায়ক ৰোহিত শৰ্মাই মাত্ৰ ১ ৰান সংগ্ৰহ কৰি আউট হয় । কিন্তু ইয়াৰ পিছতে শুভমন গীল আৰু বিৰাট কোহলীয়ে ১১৬ ৰানৰ অংশীদাৰিত্ব গঢ়ি ইংলেণ্ডৰ বলিং আক্ৰমণক উফৰাই দিয়ে । শ্ৰেয়াছ আয়াৰৰ সৈতে গীলে ১০৪ ৰান সংগ্ৰহ কৰে । বিৰাট কোহলিয়ে ৫২ ৰান আৰু আয়াৰে ৭৮ ৰানৰ অৱদান আগবঢ়ায় ।

শুভমন গীলৰ এদিনীয়া কেৰিয়াৰৰ সপ্তমটো শতক-

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা আৰম্ভ হোৱাৰ পৰাই শুভমন গীলক শক্তিশোলী ফৰ্মত দেখা গৈছে । প্ৰথমখন মেচত ৮৭ ৰান আৰু তাৰ পিছত কটকত খেলা দ্বিতীয়খন মেচত ৬০ ৰান সংগ্ৰহ কৰে গীলে । অৱশেষত তৃতীয়খন মেচত তেওঁ এদিনীয়া কেৰিয়াৰৰ সপ্তমটো শতক সম্পূৰ্ণ কৰিবলৈ সফল হয় । এদিনীয়া ক্ৰিকেটত ৭ টা শতক অৰ্জন কৰা দ্ৰুততম বেটছমেন গীল । তেওঁ মাত্ৰ ৫০ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে ।

ভাৰতীয় বলাৰৰ উজ্জ্বল প্ৰদৰ্শন-

ভাৰতীয় বেটছমেনসকলে প্ৰথমে স্ক’ৰ ব’ৰ্ডত ৩৫৬ ৰানৰ বিশাল ৰান সংগ্ৰহ কৰে আৰু বাকী কাম বলাৰসকলে কৰে । ফিল ছল্ট আৰু বেন ডাকেটে নিয়মিতভাৱে ইংলেণ্ডক শৃংখলাত সুদৃঢ় আৰম্ভণি দিছে যদিও আন বেটছমেনসকলে ইয়াক মূলধন হিচাপে ব্যৱহাৰ কৰিব পৰা নাই । এইবাৰ দুয়োৰে মাজত ৬০ ৰানৰ আৰম্ভণিৰ অংশীদাৰিত্ব আছিল যদিও তাৰ পিছত ভাৰতীয় বলাৰসকলে ইমানেই আধিপত্য বিস্তাৰ কৰিছিল যে ১৫৪ ৰানৰ স্ক’ৰলৈকে ইংলেণ্ডৰ দলৰ আধা অংশই পেভিলিয়নলৈ উভতি আহিছিল ।

ইয়াৰ পৰাই ইংলেণ্ডৰ পৰাজয় নিশ্চিত হৈ পৰে । অধিনায়ক জোছ বাটলাৰৰ ফৰ্মত আছিল যদিও তৃতীয়খন মেচত তেওঁ মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট হয় আৰু জো ৰুটেও ২৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । ভাৰতৰ হৈ অৰ্শদীপ সিং, হৰ্ষিত ৰাণা, অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডিয়াই ২টাকৈ উইকেট দখল কৰে । ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱেও এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে চূড়ান্ত ভাৰতীয় দল…৫ জন স্পীনাৰ আৰু ৩ জন ফাষ্ট বলাৰৰ স্থান লাভ

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতৰ চূড়ান্ত দলটো ঘোষণা কৰা হৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে যশপ্ৰীত বুমৰাহৰ ফিটনেছ ৰিপ’ৰ্টলৈ অপেক্ষা কৰি আছিল যদিও তেওঁ সময়মতে ফিট হ’ব নোৱাৰিলে । ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলা একেখিনি খেলুৱৈৰ অধিকাংশই চেম্পিয়নছ ট্ৰফীৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে । জানেনে টিম ইণ্ডিয়াত বেটিঙৰ পৰা বলিঙলৈ, কিমানজন স্পীন আৰু ফাষ্ট বলাৰক স্থান দিয়া হৈছে ?

চেম্পিয়নছ ট্ৰফীৰ বাবে ১৫ সদস্যৰ ভাৰতীয় দল চূড়ান্ত-

ভাৰতীয় দলটোৰ অধিনায়ক হ’ব ৰোহিত শৰ্মা, আনহাতে শেহতীয়াকৈ শুভমন গীলক এদিনীয়া দলৰ সহ-অধিনায়ক হিচাপে ঘোষণা কৰা হৈছে । ৰোহিত আৰু গীলক অপেনিঙত দেখা পোৱাৰ সম্ভাৱনা আছে যদিও শেহতীয়াকৈ এদিনীয়াত অভিষেক ঘটোৱা যশস্বী জয়ছোৱালে দলত স্থান লাভ কৰা নাই ৷ তেওঁলোকৰ উপৰিও বেটিঙৰ দায়িত্ব বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, ঋষভ পন্টৰ কান্ধত থাকিব । উল্লেখ্য যে ঋষভ পন্টক বেক আপ উইকেটকীপাৰ হিচাপে দেখা গৈছে, এনে পৰিস্থিতিত কে এল ৰাহুল চেম্পিয়নছ ট্ৰফীৰ বাবে উইকেটকীপিঙৰ বাবে প্ৰথম পছন্দ হৈ থাকিব পাৰে ।

বেটিং লাইন আপ-

ৰোহিত শৰ্মা, শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল(উইকেটকীপাৰ), ঋষভ পন্ট(উইকেটকীপাৰ)

ভাৰতীয় দলত অলৰাউণ্ডাৰ খেলুৱৈক যথেষ্ট গুৰুত্ব দিয়া হৈছে । ১৫ জনীয়া দলটোত এজন বা দুজন নহয় চাৰিজন অল ৰাউণ্ডাৰ খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে । বেটিঙৰ লগতে ফাষ্ট বলিঙৰ ক্ষেত্ৰত হাৰ্দিক পাণ্ডিয়াই অৰিহণা যোগাব, আনহাতে অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰে স্পীন বলিঙৰ লগতে বেটিঙৰ ক্ষেত্ৰতো অৱদান যোগাব ।

যদি ভাৰতৰ বলিং আক্ৰমণ বিভাগলৈ চোৱা যায় তেন্তে বি চি চি আইয়ে দলত মাত্ৰ ৩ জন মূল বেগী বলাৰক স্থান দিছে । চেম্পিয়নছ ট্ৰফীত ভাৰতৰ আটাইতকৈ অভিজ্ঞ বেগী বলাৰ হ’ব মহম্মদ ছামী, তেওঁক সহায় কৰিব অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণাই । একে সময়তে কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীয়েও স্পীন বলিংত অৰিহণা যোগাব ।

বহু বলিং বিকল্প :

মহম্মদ ছামী, অৰ্শদীপ সিং, হৰ্ষিত ৰানা, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতৰ দল-

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, ঋষভ পন্ট, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ ছামী, অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী ।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ঘূৰিল ফৰ্মলৈ…ইংলেণ্ডৰ বিৰুদ্ধে শুভমন গীলৰ বিস্ফোৰক শতক

ভাৰতীয় দলৰ তাৰকা অ’পেনাৰ শুভমন গীল বৰ্তমান দুৰ্দান্ত ফৰ্মত আছে । শেহতীয়াকৈ তেওঁ ঘৰুৱা প্ৰতিযোগিতা ৰঞ্জি ট্ৰফীত শতক অৰ্জন কৰে । ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাত প্ৰৱেশ কৰি দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে তেওঁ । ইংৰাজ দলৰ বিৰুদ্ধে তিনিওখন এদিনীয়া খেলতে ৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছে গীলে ।

প্ৰথমখন এদিনীয়া নাগপুৰত অনুষ্ঠিত হৈছিল, য’ত গিলে ৮৭ ৰান সংগ্ৰহ কৰে । ইয়াত তেওঁ শতক অৰ্জনৰ কাষ চাপিছিল যদিও শতক বঞ্চিত হবলগা হয় । ইয়াৰ পিছত দ্বিতীয়খন এদিনীয়া কটকত অনুষ্ঠিত হৈছিল, য’ত গীলক বিস্ফোৰক ফৰ্মত দেখা যায় । এই মেচখনত তেওঁ ৬০ ৰানৰ মেচ বিজয়ী ইনিংছ খেলিছিল । এই দুয়োখন খেলতে ভাৰতীয় দলে জয়লাভ কৰে ।

৯৫ বলত শতক সম্পূৰ্ণ গীলৰ-

বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় আৰু শেষৰ খন এদিনীয়া মেচ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে, য’ত গীলক পুনৰবাৰ প্ৰচণ্ড ফৰ্মত দেখা গৈছে । ছিৰিজৰ প্ৰথম দুখন মেচত গীল শতক বঞ্চিত হ’ল যদিও তৃতীয়খন এদিনীয়াত শতক অৰ্জন কৰে তেওঁ ।

আহমেদাবাদৰ এদিনীয়াত টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ আহিছিল ভাৰতীয় দলটোৱে । এনে পৰিস্থিতিত গীলৰ ওপৰত ভাল আৰম্ভণিৰ হেঁচা পৰিছিল । তেওঁ সেই দায়িত্ব পালন কৰি ৯৫টা বলত শতক সম্পূৰ্ণ কৰে । এই সময়ছোৱাত গীলে ২টা ছয় আৰু ১৪টা চাৰি কোবাই ।

এদিনীয়াত গীলৰ এয়া সপ্তমটো শতক । ইয়াৰ বাহিৰেও তেওঁ টেষ্ট ক্ৰিকেটত ৫টা শতক অৰ্জন কৰিছে । আনহাতে গীলে টি-২০ ইণ্টাৰনেশ্যনেলতো শতক অৰ্জন কৰিছে । এইদৰে এই ষ্টাৰ অ’পেনাৰগৰাকীয়ে তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰিছে ।

আজিৰ মেচত ১০২ টা বলত ১১২ ৰাণ সংগ্ৰহ কৰি আদিল ৰছিদৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে গীলে ।

ঐতিহাসিক অভিলেখ গঢ়িলে গীলে-

ভাৰতৰ হৈ ৫০ সংখ্যক এদিনীয়া মেচ (৫০সংখ্যক ইনিংছ) খেলাৰ সময়ত শুভমন গীলে সৃষ্টি কৰিছে আন এক ঐতিহাসিক অভিলেখ । ৫১ সংখ্যক এদিনীয়া ইনিংছত ২৫০০ ৰানৰ সীমা অতিক্ৰম কৰা দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি হাছিম আমলাৰ অভিলেখ ভংগ কৰিলে গীলে ।

এদিনীয়া মেচত ২৫০০ ৰান সম্পূৰ্ণ কৰিবলৈ অ’পেনাৰ গীলক ২৫ ৰানৰ প্ৰয়োজন হৈছিল আৰু ভাৰতীয় ইনিংছৰ দশম অভাৰৰ পঞ্চম বলত গাছ এটকিনছনৰ বলত চাৰিটা কোবাই এই লক্ষ্যত উপনীত হয় গীল ।