কাইলৈ ​​চেম্পিয়নছ ট্ৰফীত মহাযুদ্ধ…মুখামুখি হ’ব ভাৰত-পাকিস্তান

চেম্পিয়নছ ট্ৰফীৰ আটাইতকৈ চৰ্চিত মেচখন ২৩ ফেব্ৰুৱাৰী, দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । এই মেচখনৰ বাবে ক্ৰিকেট অনুৰাগীসকলে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছে কাৰণ দুয়োটা দলে আই চি চিৰ ইভেণ্টৰ বাহিৰে কোনো শৃংখলা খেলা নাই । ইফালে এই হাইভল্টেজ মেচখনৰ পূৰ্বে দুয়োটা দলৰ জয়ৰ সম্ভাৱনা কিমান শতাংশ সেই লৈয়ো বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে ।

ৰোহিত শৰ্মাৰ অধিনায়কত্বত টিম ইণ্ডিয়াই এই প্ৰতিযোগিতাৰ প্ৰথমখন খেলত বাংলাদেশক পৰাস্ত কৰে । কিন্তু দলটোৱে আয়োজক পাকিস্তানক সহজভাৱে ল’ব নোৱাৰে কিয়নো প্রথমখন মেচত পৰাস্ত হোৱাৰ পাছত প্রতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ উপক্রম হৈছে দলটো ৷ হাইভল্টেজ মেচখনত ৰিজৱানৰ অধিনায়কত্বত পাকিস্তানে জয়ৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব ।

ভাৰত বনাম পাকিস্তানৰ খেলখনত কোন জয়ী হ’ব ?

চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচতশোচনীয়ভাৱে পৰাস্ত হয় পাকিস্তান । নিউজীলেণ্ডৰ হাতত ৬০ ৰানত পৰাস্ত হোৱাৰ পিছত আয়োজক দলৰ নেট ৰানৰ হাৰ আৰু শোচনীয় হৈ পৰিছে (-১.২০০) । পাকিস্তানৰ শক্তি হ’ল দলটোৰ বলিং আক্ৰমণ কিন্তু প্ৰথমখন মেচত তাৰকা বলাৰ শ্বাহীন আফ্ৰিদীয়ে এটাও উইকেট ল’ব নোৱাৰিলে । ভাৰতৰ তুলনাত পাকিস্তানৰ বেটিং লাইনো অতি দুৰ্বল দেখা গৈছে ।

বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ফৰ্মত নথকা সময়তো টিম ইণ্ডিয়াই বিপক্ষক সহজে পৰাস্ত কৰিছে । শুভমন গীল, কে এল ৰাহুলৰ ফৰ্ম বৰ্তমান ভাল । ৰোহিত শৰ্মাও পুনৰ ফৰ্মলৈ ঘূৰি আহিছে । প্ৰথমখন মেচত তাৰেই ইংগিত দিলে হিটমেনে । এনে পৰিস্থিতিত পাকিস্তানৰ বাবে ভাৰতক পৰাস্ত কৰাটো যথেষ্ট কঠিন যেন লাগে । প্ৰথমখন খেলত ভাৰতৰ বলিং আক্ৰমণো উৎকৃষ্ট আছিল । তাৰকা বলাৰ মহম্মদ ছামীয়ে ৫ টা উইকেট দখল কৰে । স্পীনাৰসকলেও উত্তম প্ৰদৰ্শন আগবঢ়োৱা পৰিলক্ষিত হৈছে ।

২৩ ফেব্ৰুৱাৰী, দেওবাৰে অনুষ্ঠিত হ’বলগীয়া খেলখনত ভাৰত জয়ী হোৱাৰ সম্ভাৱনা ৮৫ শতাংশ । চেম্পিয়নছ ট্ৰফীত পাকিস্তানে ভাৰতক পৰাস্ত কৰাৰ সম্ভাৱনা মাত্ৰ ১৫ শতাংশ ।

ভাৰতৰ সাম্ভাব্য মূল একাদশ-

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), অক্ষৰ পেটেল, ৰবীন্দ্ৰ জা়েজা, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ, মহম্মদ ছামী আৰু হৰ্ষিত ৰাণা ।

হতভম্ব দৰ্শক…লাহোৰত বাজিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত অব্যাহত আছে উত্তেজনাপূৰ্ণ মেচ । শনিবাৰে (২২ ফেব্ৰুৱাৰী) লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে গ্ৰুপ বিৰ এখন মেচ । মেচখনত ইংলেণ্ড দলটোৱে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ খেলপথাৰত নামিছে । কিন্তু এই মেচখনৰ পূৰ্বে এনে এক ঘটনা ঘটিল, যাৰ ফলত অনুৰাগীসকল স্তম্ভিত হৈ পৰে ।

প্ৰকৃততে মেচ আৰম্ভ হোৱাৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত বজাব লাগিছিল । কিন্তু এই সময়ছোৱাত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীতৰ সলনি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বাজিবলৈ ধৰে । ভুল উপলব্ধি কৰাৰ পিছত বিষয়াসকলে লগে লগে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বন্ধ কৰে । তাৰ পিছত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীত বাজে । অৱশ্যে তেতিয়ালৈকে ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।

এই ঘটনাক আয়োজক দেশ পাকিস্তানৰ এক ডাঙৰ ভুল বুলি গণ্য কৰা হৈছে । উল্লেখ্য যে ভাৰতীয় দলে চেম্পিয়নছ ট্ৰফী ২০২৫ত পাকিস্তানত এখনো মেচ নেখেলে । আঠটা দলৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ভাৰতে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰে, তাৰ পিছত ‘হাইব্ৰিড মডেল’ গ্ৰহণ কৰা হৈছিল । ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আয়োজন কৰা প্ৰতিখন খেল আৰম্ভ হোৱাৰ পূৰ্বে দুয়োটা দলৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠে । এই অনুষ্ঠানটো টছৰ পিছত হয় ।

ডুবাইত টছত জয়লাভ কৰি বেটিঙৰ সিদ্ধান্ত বাংলাদেশৰ, টিম ইণ্ডিয়াৰ মূল একাদশত ডাঙৰ পৰিৱৰ্তন

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ আজি (২০ ফেব্ৰুৱাৰী) প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে আছে । এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । এই খেলখনত ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়কত্ব কৰাৰ বিপৰীতে বাংলাদেশী দলৰ কমাণ্ডত আছে নাজমুল হুছেইন শান্তো ।

মেচখনত বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন শান্তোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইফালে এই মেচখনত ভাৰতীয় দলৰ মূল একাদশত কেইটামান পৰিৱৰ্তন কৰা হৈছে । টিম ইণ্ডিয়াৰ মূল একাদশৰ পৰা বাহিৰ হৈছে অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী । ৰবীন্দ্ৰ জাডেজা মূল একাদশলৈ ঘূৰি আহিছে । আনহাতে ঋষভ পন্ট আকৌ এবাৰ হতাশ হ’ব লগা হৈছে ।

একে সময়তে বিশ্বকাপ ২০২৩ৰ ফাইনেলৰ পাছত একেৰাহে ১১টা টছত পৰাস্ত হৈছে ভাৰত । ২০১১ চনৰ মাৰ্চৰ পৰা ২০১৩ চনৰ আগষ্টৰ ভিতৰত ১১টা টছ পৰাস্ত হোৱা নেদাৰলেণ্ডৰ সৈতে এদিনীয়াত সৰ্বাধিক টছ হেৰুৱাৰ এই যৌথ অভিলেখ আছে ভাৰতৰ ।

খেলখনত ভাৰতৰ প্লেইং-১১ :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, মহম্মদ ছামী, হৰ্ষিত ৰাণা ।

বাংলাদেশৰ মূল একাদশ-

তাঞ্জিদ হাছান, সৌম্য চৰকাৰ, নাজমুল হোছেইন শান্তো (অধিনায়ক), তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম (উইকেটকীপাৰ), জাকাৰ আলী, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, তাঞ্জিম হাছান, মুস্তাফিজুৰ ৰহমান ।

বাহিৰ হ’ব পাৰে ঋষভ পন্ট, অন্তৰ্ভূক্ত হ’ব ৰাহুল…বাংলাদেশৰ বিৰুদ্ধে আজি কেনেধৰণৰ হ’ব ভাৰতৰ মূল একাদশ

আজি (২০ ফেব্ৰুৱাৰী) আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ছিজনৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব । এই খেলখনত ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে খেলিব । এই খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাৰ পৰা ডুবাইত আৰম্ভ হ’ব ।

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই এই মেচত কিছু পৰিৱৰ্তন কৰিব পাৰে । কিন্তু ইয়াৰ পিছতো কে এল ৰাহুলক উইকেটকীপাৰ হিচাপে সুযোগ দিয়াৰ আশা অধিক আছে । এনে পৰিস্থিতিত হয়তো আকৌ এবাৰ মূল একাদশৰ বাহিৰত থাকিব লাগিব ঋষভ পন্ট ।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰতীয় দলটোৱে এদিনীয়া শৃংখলাত ইংলেণ্ডক ক্লিন ছুইপ কৰিছে । তৃতীয়খন এদিনীয়াত খেলা ভাৰতীয় প্লেইং-১১ত দুটা পৰিৱৰ্তন কৰি বাংলাদেশৰ বিৰুদ্ধে শক্তিশালী দল এটা দেখা যাব পাৰে ।

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলা ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা হয়তো বাদ পৰিব । তেওঁলোকৰ ঠাই ৰবীন্দ্ৰ জাডেজা আৰু মহম্মদ ছামীয়ে ল’ব পাৰে ।

৭ মাহে মূল একাদশতৰ বাবে অপেক্ষা পন্টৰ-

২০২৪ চনৰ ৭ আগষ্টত পণ্টে শেষ এদিনীয়া খেলিছিল । এই খেলখন কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল । ইয়াৰ পিছত প্ৰায় ৭ মাহ ধৰি ভাৰতীয় এদিনীয়া প্লেইং-১১ত অন্তৰ্ভুক্ত হ’বলৈ সংগ্ৰাম কৰি আহিছে পণ্টে । সেই শ্ৰীলংকা ভ্ৰমণৰ পিছত ভাৰতীয় দলটোৱে এইবাৰ ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী এদিনীয়া শৃংখলা খেলিছিল ।

এই এদিনীয়া শৃংখলাত ইংলেণ্ডক ৩-০ ব্যৱধানত ক্লীন ছুইপ কৰিছিল ভাৰতে । কিন্তু তিনিওখন মেচতে কে এল ৰাহুলক উইকেটকীপাৰ হিচাপে সুযোগ দিয়া হৈছিল । পন্ট বেঞ্চত বহি থাকিল । এতিয়া চেম্পিয়নছ ট্ৰফীতো পণ্টে বেঞ্চত বহিব লাগিব নেকি বুলিও চৰ্চা চলিছে ।

ভাৰতৰ সম্ভাৱ্য খেলা মূল একাদশ :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছামী আৰু অৰ্শদীপ সিং ।

আজি ভাৰতীয় দলে আৰম্ভ কৰিব চেম্পিয়নছ ট্ৰফী অভিযান… বাংলাদেশৰ বিৰুদ্ধে হ’ব কঠোৰ প্ৰতিযোগিতা

বুধবাৰৰ পৰা আৰম্ভ হৈছে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ । ইতিমধ্যে উদ্বোধনী খেলত নিউজীলেণ্ডে আয়োজক পাকিস্তানক ৬০ ৰানত পৰাস্ত কৰিছে । ইয়াৰ পিছতে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন খেল আজি (২০ ফেব্ৰুৱাৰী) অনুষ্ঠিত হ’ব । এই দ্বিতীয়খন খেলত ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দল বাংলাদেশৰ হ’ব ।

ভাৰত আৰু বাংলাদেশৰ এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ভাৰতীয় সময় অনুসৰি বিয়লি ২.৩০ বজাৰ পৰা খেলখন আৰম্ভ হ’ব । ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে এই মেচত জয়লাভ কৰি এক সুন্দৰ আৰম্ভণি কৰাৰ আশা কৰিছে অনুৰাগীয়ে ।

ডুবাইত এখনো এদিনীয়া খেলত পৰাস্ত হোৱা নাই ভাৰতীয় দল-

বাংলাদেশ দলে এই খেলপথাৰত ভাৰতৰ প্ৰতি সতৰ্ক হ’ব লাগিব, কাৰণ ডুবাই ষ্টেডিয়ামত এদিনীয়া ফৰ্মেটত ভাৰতীয় দলৰ উৎকৃষ্ট অভিলেখ আছে । এই খেলপথাৰত এতিয়ালৈকে টিম ইণ্ডিয়াই এখনো এদিনীয়া খেলত পৰাস্ত হোৱা নাই । বাংলাদেশৰ বাহিৰেও এই পৰিসংখ্যাই পাকিস্তানকে ধৰি আন দলৰ বাবেও মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে ।

এই ৫ টা দলে ভাৰতীয় দলক পৰাস্ত কৰিব পৰা নাছিল-

যদি আমি চেম্পিয়নছ ট্ৰফীৰ সামগ্ৰিক অভিলেখ চাওঁ তেন্তে ইয়াতো ভাৰতীয় দলৰ অভিলেখ অতি উত্তম । এই প্ৰতিযোগিতাখনত এই পৰ্যন্ত মুঠ ২৯খন মেচ খেলিছে, ইয়াৰে ১৮খন খেলত জয়লাভ কৰিছে ভাৰতে । ৮ খন মেচ পৰাস্ত হৈছে আৰু ৩ খন নিৰ্ণায়ক হোৱা নাছিল । চেম্পিয়নছ ট্ৰফীত সৰ্বাধিক মেচত জয়ী হোৱাৰ ক্ষেত্ৰত ভাৰতীয় দলটো শীৰ্ষত আছে ।

প্ৰতিযোগিতাখনৰ ইতিহাসত অন্য দলৰ বিৰুদ্ধে ভাৰতীয় দলৰ অভিলেখ যদি চাওঁ তেন্তে ইও উৎকৃষ্ট হৈ আহিছে । চেম্পিয়নছ ট্ৰফীত এনেধৰণৰ ৫টা দলে এতিয়ালৈকে টিম ইণ্ডিয়াক পৰাস্ত কৰিব পৰা নাই । এই পাঁচটা দল হৈছে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, বাংলাদেশ, জিম্বাবুৱে আৰু কেনিয়া ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতৰ দল :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (সহ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামি, বৰুণ চক্ৰৱৰ্তী, অৰ্শদ্বীপ সিং আৰু ৱাশ্বিংটন সুন্দৰ ।

ঘৰুৱা মাটিতেই মুখ থেকেচা পাকিস্তানৰ; চেম্পিয়নছ ট্ৰফীৰ উদ্বোধনী খেলখনত পৰাজয় ৰিজৱান বাহিনী

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ উদ্বোধনী খেলখন পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত খেলা হৈছিল। মহম্মদ ৰিজৱানৰ অধিনায়কত্বত পাকিস্তান দলটোৰ বাবে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আৰম্ভণি  একেবাৰে ভাল নহয়।

এই খেলখন কৰাচীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। খেলখনত নিউজিলেণ্ডে আয়োজক পাকিস্তানক ৬০ ৰাণত পৰাস্ত কৰে।পাকিস্তানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল।

প্ৰতিযোগিতাখন পাকিস্তানৰ দ্বাৰা আয়োজন কৰা হৈছে। এই পৰিস্থিতিত, ঘৰৰ মাটিতেই এই পৰাজয় পাকিস্তানৰ দলটোৰ অনুৰাগীসকলৰ বাবে মোক্ষম আঘাত আছিল।

মেচখনত টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰাৰ পিছত নিউজিলেণ্ডৰ দলটোৱে পাকিস্তানক ৩২১ ৰাণৰ লক্ষ্য বান্ধি দিছিল ।ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানী দলটো মাত্ৰ ৪৭.২ অভাৰত অল আউট হৈ ২৬০ ৰাণ সংগ্ৰহ কৰে ।

দলটোৰ হৈ বাবৰ আজম আৰু খুছদিল শ্বাহে অৰ্ধশতক অৰ্জন কৰিছিল।কিন্তু কেপ্টেইন মহম্মদ ৰিজৱানে ১৪ টা বলত মাত্ৰ ৩ ৰাণ সংগ্ৰহ কৰাৰ পিছতেই কেচ আউট হৈছিল।মুঠতে ঘৰৰ মাটিতেই শোচনীয় পৰাজয় বৰণ কৰিলে আয়োজন পাকিস্তানৰ দলটোৱে।

ভাৰত-বাংলাদেশৰ খেলৰ পূৰ্বেই আকাশত ক’লা ডাৱৰ; খলনায়ক হৈ আহিব নেকি বৰষুণ?

টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ খেলখনৰ বাবে সাজু হৈছে। ২০ ফেব্ৰুৱাৰীত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত নামিব।ভাৰতে এই খেলখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে।

কিন্তু বৰষুণে এই খেলখনত খলনায়ক হ’ব পাৰে।যদি বতৰ বিজ্ঞান বিভাগৰ ভৱিষ্যতবাণী সঁচা বুলি প্ৰমাণিত হয়, তেন্তে ভাৰতেও পৰিকল্পনা সলনি কৰিব লাগিব পাৰে।

চেম্পিয়নছ ট্ৰফীৰ বাবে, ভাৰতীয় দলৰ ৫ জন স্পিনাৰ আছে। যাৰ ভিতৰত তিনিজনে বাংলাদেশৰ বিৰুদ্ধে খেলিব পাৰে।

কিন্তু এই পৰিকল্পনাটো ভাৰতে সলনি কৰিব লাগিব পাৰে কিয়নো ডুবাই চহৰত বৰষুণ এক অলৌকিক ঘটনাতকৈ কম নহয়।ইয়াত প্ৰায়েই কৃত্ৰিম বৰষুণ কৰোৱা হয়। ২০ ফেব্ৰুৱাৰীত ডুবাইতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

চেম্পিয়নছ ট্ৰফীৰ এদিন পূৰ্বে, অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত তাত ধাৰাসাৰ বৰষুণ হৈছিল। ইফালে, ২০ ফেব্ৰুৱাৰী সন্দৰ্ভত বতৰ বিভাগৰ পৰা এক গুৰুত্বপূৰ্ণ আপডেট আছে।

ইয়াতো, বৰষুণে খেলখন ব্যাহত কৰিব পাৰে। অৱশ্যে, ২০ ফেব্ৰুৱাৰীত মাজে মাজে হে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ৰেংকিঙত উত্থান-পতন…গীল এক নম্বৰ এদিনীয়া বেটছমেন, শীৰ্ষ দহত চাৰিজন ভাৰতীয়

আজিৰ পৰা আৰম্ভ হৈছে চেম্পিয়নছ ট্ৰফী । ইয়াৰ পূৰ্বে আই চি চিয়ে শেহতীয়া ৰেংকিং প্ৰকাশ কৰিছে । ভাৰতৰ তাৰকা বেটছমেন তথা সহ-অধিনায়ক শুভমন গীল বিশ্বৰ এক নম্বৰ এদিনীয়া বেটছমেন হিচাপে পৰিগণিত হৈছে । বাবৰ আজমক অতিক্ৰম কৰি তেওঁ এই স্থান লাভ কৰিছে । একে সময়তে এদিনীয়াত শীৰ্ষ ১০ বেটছমেনৰ ভিতৰত চাৰিগৰাকী ভাৰতীয় খেলুৱৈ আছে । গীলৰ বাহিৰেও তৃতীয় স্থানত ৰোহিত শৰ্মা, ষষ্ঠ স্থানত বিৰাট কোহলী আৰু নৱম স্থানত আছে শ্ৰেয়াছ আয়াৰ । শ্ৰেয়াছেও এটা স্থানৰ অগ্ৰগতি লাভ কৰিছে ।

দ্বিতীয় স্থানলৈ অৱনমিত গৈছে বাবৰ । গীলৰ ৰেটিং ৭৯৬, আনহাতে বাবৰৰ ৰেটিং ৭৭৩ । ৰোহিতৰ ৰেটিং পইণ্ট হৈছে ৭৬১ । দক্ষিণ আফ্ৰিকাৰ হেনৰিখ ক্লাচেনে ৭৫৬ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত আছে । ৭৪০ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে নিউজীলেণ্ডৰ ডেৰিল মিচেল ।

শেহতীয়াকৈ শক্তিশালী ফৰ্মত আছে গীল-

শেহতীয়াকৈ ২৫ বছৰীয়া গীল শক্তিশালী ফৰ্মত আছে । ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাত তেওঁ এটা শতক আৰু দুটা অৰ্ধশতক অৰ্জন কৰে । তিনিখন মেচত গড়ে ৮৬.৩৩ আৰু ষ্ট্ৰাইক ৰেট ১০৩.৬০ত ২৫৯ ৰান সংগ্ৰহ কৰে । একে সময়তে শ্ৰেয়াছকো ভাল ফৰ্মত দেখা গৈছিল । তিনিখন মেচত গড়ে ৬০.৩৩ আৰু ষ্ট্ৰাইক ৰেট ১২৩.১৩ত ১৮১ ৰান সংগ্ৰহ কৰে তেওঁ । লগতে ৰোহিতে শতক অৰ্জন কৰি তৃতীয় স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় ।

এদিনীয়া বলাৰৰ ভিতৰত প্ৰথম স্থানত তীক্ষনা-

একে সময়তে বলাৰসকলৰ মাজতো এজন নতুন খেলুৱৈয়ে এক নম্বৰ স্থানত উপনীত হৈছে । শ্ৰীলংকাৰ মহেশ তীক্ষনা এদিনীয়া এক নম্বৰৰ নতুন বলাৰ হিচাপে পৰিগণিত হৈছে । তেওঁৰ ৬৮০ ৰেটিং পইণ্ট । একে সময়তে তীক্ষাই আফগানিস্তানৰ ৰছিদ খানক অতিক্ৰম কৰিছে । ৬৬৯ পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হৈছে ৰছিদ । ৬৬২ পইণ্টেৰে তৃতীয় স্থানত আছে নামিবিয়াৰ বাৰ্নাৰ্ড শ্ব’লজে । একে সময়তে ভাৰতৰ কুলদীপ যাদৱে এটা স্থান উন্নত কৰি ৬৫২ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থান দখল কৰিছে । তেওঁৰ উপৰিও শীৰ্ষ ১০ ৰ ভিতৰত আছে মহম্মদ চিৰাজ, যি দশম স্থানত আছে । পাকিস্তানৰ শ্বাহীন আফ্ৰিদিয়ে এটা স্থান অৱনমিত হৈ পঞ্চম স্থান লাভ কৰিছে ।

অল ৰাউণ্ডাৰৰ তালিকাত শীৰ্ষ স্থানত আছে নবী-

এদিনীয়া অলৰাউণ্ডাৰৰ ভিতৰত আফগানিস্তানৰ মহম্মদ নবী প্ৰথম স্থান, জিম্বাবুৱেৰ চিকন্দৰ ৰাজা দ্বিতীয়, আফগানিস্তানৰ আজমাতুল্লাহ ওমৰাজাই তৃতীয়, বাংলাদেশৰ মেহদি হাছান মিৰাজ চতুৰ্থ আৰু আফগানিস্তানৰ ৰছিদ খান পঞ্চম স্থানত আছে । শীৰ্ষ দহৰ ভিতৰত একমাত্ৰ ভাৰতীয় খেলুৱৈ ৰবীন্দ্ৰ জাডেজা । তেওঁ দশম স্থান দখল কৰিছে ।

আজিৰে পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী…জানক ইয়াৰ ইতিহাস, কেৱল ৮ টা দলহে কিয় বাছনি কৰা হয় ?

চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ গুৰুত্ব বিশ্বকাপতকৈ কম নহয়, য’ত বিশ্বৰ শ্ৰেষ্ঠ দলসমূহে অংশগ্ৰহণ কৰে । চেম্পিয়নছ ট্ৰফী ২০২৫ত ৮টা দলে অংশগ্ৰহণ কৰিব আৰু এই প্ৰতিযোগিতাখন ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব । এইবাৰ নৱমবাৰৰ বাবে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব । এতিয়ালৈকে ৮টা সংস্কৰণত অষ্ট্ৰেলিয়া আৰু ভাৰত একমাত্ৰ দুটা দল যিয়ে ২ বাৰকৈ ট্ৰফী জয় কৰিছে । কিন্তু অতি কম সংখ্যক লোকেহে জানে যে চেম্পিয়নছ ট্ৰফী কেনেকৈ আৰম্ভ হৈছিল, দলসমূহে ইয়াৰ বাবে কেনেকৈ যোগ্যতা অৰ্জন কৰে আৰু কিয় সদায় মাত্ৰ ৮টা দলেহে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ?  

কেতিয়াৰ পৰা আৰম্ভ হৈছিল চেম্পিয়নছ ট্ৰফী-

১৯৯৮ চনত আই চি চিয়ে চেম্পিয়নছ ট্ৰফী আৰম্ভ কৰিছিল যদিও পূৰ্বতে ইয়াক নকআউট ট্ৰফী বুলি জনা গৈছিল । ১৯৯৮ চনত দক্ষিণ আফ্ৰিকাই নকআউট ট্ৰফী লাভ কৰিছিল যদিও ২০০০ চনত যেতিয়া পুনৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হয় তেতিয়া ইয়াৰ নাম সলনি কৰি চেম্পিয়নছ ট্ৰফী কৰা হয় । এতিয়ালৈকে মুঠ আঠবাৰকৈ চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰা হৈছে, য’ত ভাৰত আৰু অষ্ট্ৰেলিয়াই দুবাৰকৈ খিতাপ দখল কৰিছে । আনহাতে দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানে এবাৰকৈ খিতাপ দখল কৰিছে ।

মাত্ৰ ৮ টা দলহে কিয় বাছনি কৰা হয় ?

১৯৯৮ চনত আই চি চিয়ে এই প্ৰতিযোগিতাখন নকআউট ট্ৰফী নামেৰে আৰম্ভ কৰিছিল । এই কাৰণেই ১৯৯৮ চনত ফৰ্মেটটো এনেদৰে তৈয়াৰ কৰা হৈছিল যে দলসমূহৰ প্ৰথমখন মেচ কোৱাৰ্টাৰ ফাইনেল হয় । অৱশ্যে প্ৰতিযোগিতাখনত ৯টা দলে অংশগ্ৰহণ কৰে । কিন্তু প্ৰাৰম্ভিক মেচত নিউজীলেণ্ডে জিম্বাবুৱেক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰে । ইয়াৰ পিছত নকআউট ট্ৰফীৰ নাম সলনি কৰি চেম্পিয়নছ ট্ৰফী কৰা হয় যদিও ৮ টা দলৰ ফৰ্মেট চলি থাকিল । বৰ্তমানৰ ফৰ্মেট অনুসৰি এদিনীয়া বিশ্বকাপৰ পইণ্ট তালিকাৰ শীৰ্ষ ৮ টা স্থানত থকা ৮ টা দলে চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰে ।