৩০ কোটিৰ ঘৰ, বিলাসী গাড়ী সংগ্ৰহ… দুশ কোটিতকৈয়ো অধিক হিটমেন ৰোহিত শৰ্মাৰ মুঠ সম্পত্তি

ভাৰতীয় দলৰ তাৰকা বেটছমেন তথা হিটমেন নামেৰে পৰিচিত ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ফৰ্মেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল । এতিয়া তেওঁ কেৱল আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত খেলি থাকিব । কেৱল ক্ৰিকেট খেলপথাৰতে নহয়, উপাৰ্জনৰ ক্ষেত্ৰতো তেওঁ শীৰ্ষত আছে আৰু ধনী খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । খবৰ অনুসৰি ৰোহিত শৰ্মা নেটৱৰ্থ তথা মুঠ সম্পত্তিৰ মূল্য প্ৰায় ২৫০ কোটি টকা ।

২১৪ কোটি টকাৰ সম্পত্তিৰ মালিক হিটমেন!

ৰোহিত শৰ্মা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এ+ গ্ৰেড খেলুৱৈ আৰু এই চুক্তিৰ অধীনত তেওঁ ৭ কোটি টকাৰ বাৰ্ষিক দৰমহা লাভ কৰে । মেচ ফিৰ কথা ক’বলৈ গ’লে টেষ্ট মেচৰ বাবে ১৫ লাখ, এদিনীয়া মেচত ৬ লাখ আৰু টি-২০ মেচত ৩ লাখ টকা লাভ কৰে তেওঁ । ক্ৰিকেটৰ পৰা পোৱা উপাৰ্জনেই ৰোহিত শৰ্মাৰ নেট ৱৰ্থৰ এক প্ৰধান অংশ । তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ২১৪ কোটি টকা । আই পি এলৰ ফৰ্মেটৰ পৰাও ৰোহিত শৰ্মাই বহু উপাৰ্জন কৰে ।

যদি কেৱল ক্ৰিকেটৰ পৰা ৰোহিত শৰ্মাৰ আয়ৰ কথা কোৱা হয়, তেন্তে তেওঁ বছৰি প্ৰায় ২৩ কোটি টকা উপাৰ্জন কৰে আৰু তেওঁৰ মাহিলী আয় প্ৰায় ২ কোটি টকা ।

ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ জৰিয়তেও উপাৰ্জন কৰে ধন-

কেৱল ক্ৰিকেটৰ জৰিয়তেই নহয়, হিটমান ৰোহিত শৰ্মাৰ নেট ৱৰ্থত অন্যান্য উৎসৰ পৰা পোৱা আয়ো অন্তৰ্ভুক্ত আচে । তেওঁ প্ৰতি বছৰে ১ৰ পৰা ২ কোটি টকা উপাৰ্জন কৰে কেৱল বৃহৎ কোম্পানীৰ বিজ্ঞাপনৰ জৰিয়তে । ৰোহিত শৰ্মা বহু আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ । CEAT আৰু Rasna ৰ উপৰিও Oral-B, Swiggy, Ixigo, Max Life Insurance, New Era, Aristocrat আৰু IIFLৰ দৰে কোম্পানী অন্তৰ্ভুক্ত আছে ।

৩০ কোটিৰ ঘৰ আৰু বিলাসী গাড়ীৰ সংগ্ৰহ-

ৰোহিত শৰ্মাৰ ঘৰ আৰু গাড়ী সংগ্ৰহৰ পৰাও তেওঁৰ বিলাসী জীৱনশৈলীৰ আভাস পোৱা যায় । উল্লেখ্য যে মুম্বাইত ৰোহিত শৰ্মাৰ বিলাসী ঘৰটোৰ দাম প্ৰায় ৩০ কোটি টকা বুলি অনুমান কৰা হয় । তেওঁৰ চি ভিউ এপাৰ্টমেণ্টটো প্ৰায় ৬ হাজাৰ বৰ্গফুটত বিস্তৃত ।

ইয়াৰ বাহিৰেও ৰোহিত শৰ্মা Lamborghini Urus(মূল্য প্ৰায় ৪.১৮ কোটি টকা), Mercedes Benz S Class(মূল্য প্ৰায় ১.৫০ কোটি টকা), Mercedes GLS 400D, BMW M5 আৰু Range Rover HSE LWB আদি দামী গাড়ী অন্তৰ্ভুক্ত আছে ।

কলকাতাৰ বাবে কঠিন হৈ পৰিল প্লে অফৰ দৌৰ… অন্তিম অভাৰত চেন্নাইৰ হাতত পৰাস্ত ৰাহানে বাহিনী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বুধবাৰে অনুষ্ঠিত হোৱা ৫৭ সংখ্যক মেচখনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হাতত ২ উইকেটত পৰাস্ত হয় । এই পৰাজয়ৰ পিছত কে কে আৰৰ প্লে অফত প্ৰৱেশৰ আশা প্ৰায় ছিন্নভিন্ন হৈ পৰিছে ।

এই মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছক ১৮০ ৰানৰ লক্ষ্য বান্ধি দিছিল, যিটো চেন্নাইয়ে হাতত ২টা উইকেট থকা অৱস্থা ১৯.২ অভাৰত উপনীত হয় । ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা তিনিটা দল বাহিৰ হৈছে আৰু ৭ মে’ৰ নিশা পৰাজয়ৰ পিছত কে কে আৰো এই দলকেইটাৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে ।

নূৰৰ চাৰি উইকেট লয়, ব্ৰেভিছৰ বিস্ফোৰক ইনিংছ-

টছত জয়ী হৈ কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৭৯ ৰান সংগ্ৰহ কৰে । কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অধিনায়ক অজিংক্য ৰাহানেই সৰ্বাধিক ৪৮ ৰান সংগ্ৰহ কৰে । ৩৩ বলৰ ইনিংছত ৰাহানেই ৪টা চাৰি আৰু দুটা ছয় কোবাই । আন্দ্ৰে ৰাছেলে ৪টা চাৰি আৰু ৩টা ৬ৰ সহায়ত ২১টা বলত ৩৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে ।

আনহাতে অভিজ্ঞ বেটছমেন মনীষ পাণ্ডেই অপৰাজিত ৩৬ ৰান আৰু অ’পেনাৰ সুনীল নাৰিনে ২৬ ৰান আগবঢ়ায় । চেন্নাই ছুপাৰ কিংছৰ হৈ স্পীনাৰ নূৰ আহমেদে সৰ্বাধিক ৪টা উইকেট দখল কৰে । আনহাতে বেগী বলাৰ অংশুল কাম্বোজ আৰু স্পীনাৰ ৰবীন্দ্ৰ জাডেজাই এটাকৈ সফলতা লাভ কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত উৰভিল পেটেল (১১ বলত ৩১), দেৱাল্ড ব্ৰেভিছ (২৫ বলত ৫২) আৰু শিৱম ডুবে (৪০ বলত ৪৫) বাবে চি এছ কেয়ে লক্ষ্যত উপনীত হয় । ১৭ ৰানত অপৰাজিত হৈ উভতি আহে ধোনী । এই মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল নূৰ আহমেদ । নুৰে ৪টা উইকেট দখল কৰে ।

গুজৰাটে ৰোধিলে মুম্বাইৰ বিজয় ৰথ… জয়েৰে তালিকাৰ শীৰ্ষত গীল বাহিনী

চলিত আই পি এলত মঙলবাৰে অনুষ্ঠিত হোৱা এখন মেচত গুজৰাট টাইটানছে মুম্বাই ইণ্ডিয়ানছক তিনি উইকেটত পৰাস্ত কৰে । ডি এল এছ পদ্ধতিত এই মেচখনত জয়লাভ কৰে গুজৰাটে । বৰ্ষা বিঘ্নিত মেচখনত গুজৰাটে ১৯ অভাৰত ১৪৭ ৰানৰ লক্ষ্য লাভ কৰিছিল, যিটো দলটোৱে সহজেই উপনীত হয় । ইয়াৰ পূৰ্বে মুম্বাই দলে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৫ ৰান সংগ্ৰহ কৰে । মুম্বাইৰ হৈ উইল জেকছে ৫৩ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে ।

পইন্ট তালিকাৰ শীৰ্ষত গুজৰাট-

ছিজনৰ অষ্টমটো জয়ৰ জৰিয়তে গুজৰাটে ১৬ পইণ্ট আৰু ০.৭৯৩ নেট ৰান ৰেটেৰে পইণ্ট তালিকাৰ শীৰ্ষ স্থানলৈ আগবাঢ়িছে । ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক অতিক্ৰম কৰি দলটোৱে শীৰ্ষত উপনীত হৈছে । আনহাতে মুম্বাই ইণ্ডিয়ানছে ১২খন খেলৰ ভিতৰত ৭খন খেলত জয়লাভ কৰি ৫খন খেলত পৰাস্ত হৈ চতুৰ্থ স্থান দখল কৰিছে । ইয়াৰ লগে লগে মুম্বাইৰ বিজয়ৰথ ৰুদ্ধ হৈ পৰিছে । ইয়াৰ পূৰ্বে মুম্বাইয়ে একেৰাহে ৬ খন মেচত জয়লাভ কৰিছিল ।

মুম্বাইৰ বাবে সমস্যা হৈ পৰিল বৰষুণ-

বৰষুণ প্ৰভাৱিত এই খেলখনত গুজৰাটে শেষ অভাৰত এক দৰ্শনীয় জয় লাভ কৰে । আচলতে ১৮ নং অভাৰৰ পিছত বৰষুণ আৰম্ভ হয় আৰু মেচ বন্ধ হৈ পৰে । সেই সময়ত গেৰাল্ড কোটজি আৰু ৰাহুল টেৱাটিয়াই ৫ ৰানত ক্ৰীজত আছিল । গুজৰাটৰ স্ক’ৰ আছিল ১৩২/৬ । সেই সময়ত তেওঁলোকক জয়ী হ’বলৈ শেষৰ দুটা অভাৰত ২৪ ৰানৰ প্ৰয়োজন হৈছিল । কিন্তু বৰষুণৰ বাবে খেলখন পলম হোৱাত ডি এল এছ পদ্ধতি অনুসৰি ১৯ অভাৰত ১৪৭ ৰানৰ নতুন লক্ষ্য দিয়া হয় ।

গুজৰাটৰ ইনিংছ-

লক্ষ্য অনুসৰণ কৰাৰ সময়ত গুজৰাটৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত ট্ৰেণ্ট ব’ল্টে ছাই সুদৰ্শনৰ উইকেট দখল কৰে । তেওঁ মাত্ৰ পাঁচ ৰানহে কৰে । ইয়াৰ পাছতে শুভমন গীলে জোছ বাটলাৰৰ সৈতে দ্বিতীয় উইকেটত ৬৩টা বলত ৭২ ৰান সংযোজন কৰে । অশ্বিনী কুমাৰে বাটলাৰক ৰিয়ান ৰিকেলটনৰ হাতত ধৰা পেলায় । ২৭টা বলত ৩০ ৰান সংগ্ৰহ কৰি তেওঁ আউট হয় । ইয়াৰ পিছত গীলৰ সৈতে ইনিংছ আগুৱাই নিয়ে শ্বাৰফেন ৰাদাৰফোৰ্ডে । দুয়োজনে তৃতীয় উইকেটত ৩৫ ৰান সংযোজন কৰে ।

অধিনায়ক গীলক বল্ড আউট কৰে যশপ্ৰীত বুমৰাহে । তেওঁ তিনিটা চাৰি আৰু এটা ৬ৰ সহায়ত ৪৩ ৰান কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছত বল্টে ৰাদাৰফোৰ্ডক পেভিলিয়নৰ বাট দেখুৱাই । ২৮ ৰান সংগ্ৰহ কৰি তেওঁ আউট হয় । ইয়াৰ উপৰিও শ্বাহৰুখ খানে ৬, ৰছিদ খানে ২ আৰু গেৰাল্ড ক’টজীয়ে ১২ ৰান সংগ্ৰহ কৰে । একে সময়তে ৰাহুল তেৱাতিয়াই ১১ ৰানত অপৰাজিত হৈ থাকে আৰু আৰছাদ খান ১ ৰানত অপৰাজিত হৈ থাকে । মুম্বাইৰ হৈ ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ আৰু অশ্বিনী কুমাৰে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে দীপক চহৰে এটা সফলতা লাভ কৰে ।

মুম্বাইৰ ইনিংছ-

উইল জেকছ আৰু সূৰ্য্যকুমাৰ যাদৱৰ ড্ৰপ কেচৰ সুযোগ ল’ব নোৱাৰিলে মুম্বাই ইণ্ডিয়ানছে । এটা সময়ত মুম্বাইৰ স্ক’ৰ আছিল দুটা উইকেটত ৯৭ ৰান । জেক আৰু সূৰ্য্য ক্ৰীজত আছিল যদিও ২৬ ৰানৰ ভিতৰত ৫টা উইকেট হেৰুৱাই গুজৰাটৰ বিৰুদ্ধে মুম্বাইৰ বেটছমেনসকলে ৮ উইকেটত ১৫৫ ৰান কৰে । ২৬ ৰানত প্ৰথম দুটা উইকেট হেৰুৱাই জেক আৰু সূৰ্য্যই ৪৩টা বলত ৭১ ৰান সংগ্ৰহ কৰি মুম্বাইৰ ইনিংছ চম্ভালে ।

পূর্বৰ মেচখনত অল ৰাউণ্ড প্রদর্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰা জেকে ৫টা চাৰি আৰু তিনিটা ৬ৰ সহায়ত ৩৫টা বলত ৫৩ ৰান সংগ্ৰহ কৰি মুম্বাইৰ হৈ অর্ধশতক অর্জন কৰাৰ বিপৰীতে সূর্যই ২৪টা বলত ৫টা চাৰিৰ সহায়ত ৩৫ ৰান সংগ্ৰহ কৰে ৷ ৭ উইকেটত ১২৩ ৰানৰ অন্তত কৰবিন বছে ২২টা বলত এটা চাৰি আৰু দুটা ৬ৰ সহায়ত ২৭ ৰান সংগ্ৰহ কৰি মুম্বাইক ১৫০ৰ সীমা অতিক্ৰম কৰাত সহায় কৰে ।

জয়ৰ পথলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ চেষ্টা কৰিব দিল্লী কেপিটেলছে… সমীকৰণ খেলিমেলি কৰিব পাৰে ছানৰাইজাৰ্ছে

সোমবাৰে অক্ষৰ পেটেলৰ নেতৃত্বত দিল্লী কেপিটেলছে পইন্ট তালিকাৰ শেষৰফালে থকা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত নামিব । এই মেচত দিল্লী কেপিটেলছে ঘৰুৱা দুৰ্বল প্ৰদৰ্শনৰ পৰা উভতি আহি জয়ৰ পথলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিব । ঘৰুৱা খেলপথাৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ বিৰুদ্ধে অন্তিমখন খেলত ১৪ ৰানত পৰাস্ত হৈছিল দিল্লী কেপিটেলছ । অৱশ্যে বিপক্ষৰ খেলপথাৰত উন্নত প্ৰদৰ্শনৰ বাবে দলটোৱে প্লে অফত প্ৰৱেশৰ আশা জীয়াই ৰাখিছে । আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত মুখামুখি হ’ব দুয়োটা দল ।

প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিব দিল্লীয়ে-

দিল্লী দলে নিজৰ ঘৰুৱা খেলপথাৰত পেট কামিন্স দলৰ বিৰুদ্ধে জয়লাভৰ ওপৰত চকু ৰাখিব । ঘৰুৱা ক্ষেত্ৰত কে কে আৰ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে যোৱা দুখন খেলত পৰাজয়ৰ সন্মুখীন হৈছে দলটোৱে । যোৱা পাঁচখন মেচৰ ভিতৰত তিনিখন খেলত পৰাস্ত হোৱা দিল্লীয়ে লীগৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত আৰু অধিক বিপৰ্যয়ৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিব ।

অক্ষৰ পেটেলৰ আঘাত চিন্তনীয়-

দক্ষিণ আফ্ৰিকাৰ প্ৰবীণ প্ৰবীণ ফাফ ডু প্লেছিছে কে কে আৰৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি ফৰ্মলৈ উভতি আহিছে যদিও লেহেমীয়া খেলপথাৰৰ লগত খাপ খুৱাই লোৱাটো তেওঁৰ বাবে চিন্তাৰ কাৰণ হৈয়েই আছে । কে এল ৰাহুলে ৯ খন মেচত ৩৭১ ৰান সংগ্ৰহ কৰি দিল্লীৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে । ৰাহুলৰ উপৰিও অভিষেক পোৰেলে শীৰ্ষ ক্ৰমত আগ্ৰাসীভাৱে বেটিং কৰি অৰ্ধশতকসহ ২৫০ৰো অধিক ৰান সংগ্ৰহ কৰিছে । দলটোত আছে অল ৰাউণ্ডাৰ বিপৰাজ নিগম যাৰ শেষ অভাৰত দ্ৰুত ৰান সংগ্ৰহ কৰাৰ ক্ষমতা আছে ।

দিল্লীৰ বলিং আক্ৰমণৰ নেতৃত্বত আছে পেচাৰ মিচেল ষ্টাৰ্ক, দুষমন্ত আৰু মুকেশ কুমাৰ আৰু যদি অক্ষৰ সম্পূৰ্ণ ফিট হয় তেন্তে দিল্লী কেপিটেলছৰ আক্রমণ শক্তিশালী হ’ব ৷ আঘাতত ভুগি আছে ​​অধিনায়ক অক্ষৰ পেটেল । ৩০ এপ্ৰিলত কে কে আৰৰ বিৰুদ্ধে ফিল্ডিং কৰি থকাৰ সময়ত বাওঁহাতত আঘাত পোৱাৰ পিছত খেলপথাৰৰ পৰা ওলাই আহিছিল । আঘাতৰ পৰা সুস্থ হৈ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে তেওঁ আজি খেলিব নে নেখেল সেয়া হ’ব লক্ষ্যণীয় ।

আনহাতে, ছানৰাইজাৰ্ছৰ দলে তেওঁলোকৰ অভিজ্ঞতাৰ সুবিধা ল’ব পৰা নাই । পেট কামিন্সৰ নেতৃত্বত ট্ৰেভিছ হেড, ঈশান কিষণ, হেনৰিখ ক্লাচেন আৰু জয়দেৱ উনাদকাটৰ থকা দলটোৱে জয়ৰ বাবে সংগ্ৰাম কৰি আছে ।  শেহতীয়াকৈ উনাদকাটে ছানৰাইজাৰ্ছৰ আই পি এলৰ দুৰ্বল অভিযানৰ বিষয়ে মুকলিকৈ কয় । তেওঁ দলটোৰ হতাশাজনক প্ৰদৰ্শনৰ বাবে দুৰ্বল বলিং আৰু পিটচৰ পৰিস্থিতি সলনি হোৱাৰ বাবে দোষাৰোপ কৰে । অৱশ্যে পেট কামিন্স, মহম্মদ ছামি আৰু হৰ্শাল পেটেলৰ ৰূপত তেওঁৰ শক্তিশালী দল আছে । শুকুৰবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে ৩৮ ৰানৰ পৰাজয়ৰ পিছত দলটো প্লে অফৰ দৌৰৰ পৰা প্ৰায় বাহিৰ হৈ পৰিছে ।

অথলে গ’ল জাডেজা-আয়ুষৰ বিস্ফোৰক ইনিংছ… স্বাসৰুদ্ধকৰ মেচত ২ ৰানত জয়লাভ বেংগালুৰুৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এখন ৰোমাঞ্চকৰ মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ২ ৰাণত পৰাস্ত কৰে । এই জয়ৰ লগে লগে এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে আৰ চি বি । এই মেচখনত টছত জয়লাভ কৰাৰ পিছত চেন্নাই ছুপাৰ কিংছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।

প্ৰথমে বেটিং কৰি আৰ চি বিৰ দলে চেন্নাইক ২১৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । বিৰাট কোহলী আৰু শ্বেফাৰ্ডে বিস্ফোৰক অৰ্ধ শতক অৰ্জন কৰে । মাত্ৰ ১৪টা বলত অৰ্ধ শতক সংগ্ৰহ কৰে শ্বেফাৰ্ডে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ২১১ ৰানহে কৰিবলৈ সক্ষম হয় চেন্নাই চুপাৰ কিংছে ।

চেন্নাইৰ ইনিংছ-

২১৪ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত চি এছ কেৰ আৰম্ভণি শক্তিশালী আছিল । আয়ুষ মাহাত্ৰে আৰু ৰছিদে সুস্থিৰ আৰম্ভণি কৰিছিল । কিন্তু পঞ্চম অভাৰত চি এছ কে দলে ৫১ ৰানত প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হয় যেতিয়া ৰছিদ ১৪ ৰান সংগ্ৰহ কৰি আউট হয় । ষষ্ঠ অভাৰত ছেম কাৰানো ৫ ৰান সংগ্ৰহ কৰি আউট হয় ।

কিন্তু ইয়াৰ পাছত আয়ুষ মাহাত্ৰেই দলৰ ইনিংছৰ দায়িত্ব লয় আৰু ২৫টা বলত অৰ্ধ শতক অর্জন কৰে ৷ একে সময়তে ৰবীন্দ্ৰ জাদেজাইও তেওঁক সমৰ্থন কৰে । দুয়োৰে মাজত শতকীয় অংশীদাৰিত্ব গঢ়ি উঠে । ইয়াৰ উপৰিও জাডেজাই ২৯টা বলত অৰ্ধশতক অৰ্জন কৰে । দুয়োৱে মাজত ১১৪ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।

কিন্তু ১৭ নং অভাৰত আয়ুষ মাহাত্ৰেৰ উইকেটৰ পতন ঘটে । আয়ুছে ৯৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । মাত্ৰ ৬ ৰানৰ বাবে তেওঁ শতক বঞ্চিত হয় । আয়ুষে নিজৰ ইনিংছত ৯টা চাৰি আৰু ৫টা ছয় কোবাই । ইয়াৰ পিছত ব্ৰেভিছ একেবাৰে পৰৱৰ্তী বলটোতে আউট হয় । ইয়াৰ পিছতে ধোনি বেটিং কৰিবলৈ ক্ৰীজলৈ আহে । কিন্তু শেষৰ অভাৰত ধোনী ১২ ৰান সংগ্ৰহ কৰি আউট হয় ।

শেষৰ অভাৰত চি এছ কেক ১৫ ৰানৰ প্ৰয়োজন হৈছিল । কিন্তু ধোনী আউট হোৱাৰ পিছত চি এছ কেক ৩ বলত ১৩ ৰানৰ প্ৰয়োজন হৈছিল । শিৱম ডুবেই এটা ন’ বলত ছয় কোবাই । কিন্তু শেষৰ বলত চি এছ কেক জয়ী হ’বলৈ ৪ ৰানৰ প্ৰয়োজন হৈছিল । কিন্তু চি এছ কে এই ৰান সংগ্ৰহত ব্যৰ্থ হয় । এইদৰে আৰ চি বিয়ে ২ ৰানত মেচখনত জয়লাভ কৰে । এই জয়ৰ জৰিয়তে এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে আৰ চি বি । অৱশ্যে অপৰাজিত হৈ থাকে জাডেজা । জাডেজাই ৪৫টা বলত ৭৭ ৰানৰ ইনিংছ খেলে ।

আৰ চি বিৰ ইনিংছ-

প্ৰথমে বেটিং কৰিবলৈ আহি আৰ চি বিয়ে এক সুন্দৰ আৰম্ভণি কৰিছিল । বিৰাট কোহলী আৰু বেথেল দুয়োজনে ধুমুহাময় বেটিং কৰে । কোহলী আৰু বেথেলে প্ৰতিজন বলাৰক প্ৰহাৰ কৰে । দশম অভাৰত আৰ চি বিয়ে প্ৰথমটো আঘাত লাভ কৰে যেতিয়া বেথেল পঞ্চাশত আঘাত কৰি আউট হয় । বেথেলে ৩৩টা বলত ৫৫ ৰান সংগ্ৰহ কৰে । কিন্তু ইয়াৰ পাছত বিৰাট কোহলীয়ে দায়িত্ব লয় আৰু ২৮টা বলত অৰ্ধশতক অৰ্জন কৰে । কিন্তু ১২ অভাৰত ছেম কাৰানে তেওঁৰ উইকেট দখল কৰে । কোহলীয়ে ৩৩টা বলত ৬২ ৰানৰ ইনিংছ খেলে ।

ইয়াৰ পিছতে ১৬ নং অভাৰত দেৱদত্ত পাডিক্কালো আউট হয় । তেওঁ ১৭ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত ১৮ নং অভাৰত ৰজত পাটিদাৰো পেভিলিয়নমুখী হয় । ৰজতৰ বেটৰ পৰা মাত্ৰ ১১ ৰানহে আহে । ইয়াৰ পিছতে খলিলৰ ১৯ অভাৰত শ্বেফাৰ্ডে ৩৩ ৰান সংগ্ৰহ কৰে । শ্বেফাৰ্ডে ১৪টা বলত ৫৩ ৰানৰ ধুমুহাময় ইনিংছ খেলে । ইয়াৰ ভিত্তিত আৰ চি বিয়ে চেন্নাইক ২১৪ ৰানৰ লক্ষ্য দি জয়লাভ কৰে ।

৩৮ বছৰীয়া হ’ল ‘হিটমেন’… জানক ভাৰতীয় ক্ৰিকেটক সৰ্বোচ্চ পৰ্যায়লৈ লৈ যোৱা ৰোহিত শৰ্মাৰ সংগ্ৰামৰ কাহিনী

ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ শৈশৱ সংগ্ৰামেৰে ভৰি আছিল, ক্ৰিকেটত কেৰিয়াৰ গঢ়ি তোলাটো তেওঁৰ বাবে সহজ নাছিল । ৰোহিতে পিতৃৰ লগত নাথাকি ককাক আৰু খুড়াকৰ লগত আছিল । ককাকে তেওঁক ক্ৰিকেট একাডেমীলৈ লৈ গৈছিল । আজি হিটমেন হিচাবে জনাজাত ৰোহিত শৰ্মাৰ ৩৮ সংখ্যক জন্মদিন । তেওঁৰ জন্মদিনৰ দিনা জানক কিদৰে ক্ৰিকেটত প্ৰৱেশ কৰিছিল হিটমেনে ? তেওঁৰ সংগ্ৰামৰ সময়ছোৱা কেনেকুৱা আছিল ?  আৰু তেওঁৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ কেনেকুৱা ?

১৯৮৭ চনৰ ৩০ এপ্ৰিলত নাগপুৰৰ বনচোড়ত জন্মগ্ৰহণ কৰিছিল ৰোহিত শৰ্মাই । তেলেগু-মাৰাঠী ভাষী পৰিয়ালত জন্মগ্ৰহণ কৰা ৰোহিতে শৈশৱ কালত পিতৃৰ উপাৰ্জন কম হোৱাৰ বাবে ককাক আৰু খুড়াকৰ সৈতে বাস কৰিছিল । তেওঁৰ মাতৃ পূৰ্ণিমা শৰ্মা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ । তেওঁৰ পিতৃ গুৰুনাথ শৰ্মাই এটা পৰিবহণ প্ৰতিষ্ঠানৰ গুদামৰ তত্ত্বাৱধায়ক হিচাপে কাম কৰিছিল । যদিও তেওঁ সপ্তাহত এবাৰ মাক-দেউতাকৰ ওচৰলৈ গৈছিল, তথাপিও তেওঁ ডম্বিৱিলীৰ এটা কোঠালীৰ ঘৰত বাস কৰিছিল । তেওঁৰ এজন কণিষ্ঠ ভাতৃ বিশাল শৰ্মা আছে ।

অফ স্পীনাৰ হিচাপে কৰিছিল আৰম্ভণি-

ৰোহিত শৰ্মাক তেওঁৰ ককাকে ক্ৰিকেট একাডেমীলৈ লৈ গৈছিল, যিয়ে তেওঁক আৰ্থিকভাৱেও সহায় কৰিছিল । ১৯৯৯ চনত ককাকৰ টকাৰে ক্ৰিকেট শিবিৰত যোগদান কৰে তেওঁ । শিবিৰত তেওঁৰ প্ৰশিক্ষক দীনেশ লাডে তেওঁক স্কুল সলনি কৰি স্বামী বিবেকানন্দ ইণ্টাৰনেশ্যনেল স্কুললৈ যাবলৈ পৰামৰ্শ দিয়ে । ইয়াৰ সুবিধাবোৰ ভাল আছিল । ৰোহিতৰ উদ্ধৃতিৰে তেওঁৰ ৱিকিপিডিয়া পেজত কোৱা হৈছে যে, “মই তেওঁক কৈছিলো যে মোৰ সামৰ্থ্য নাই, কিন্তু তেওঁ মোক বৃত্তি দিলে । গতিকে ৪ বছৰ ধৰি মই এটকাও নিদিলোঁ আৰু মই ক্ৰিকেটত ভাল ফলাফল দেখুৱালোঁ ।”

কিছু বেটিং কৰিবলিয়ো সক্ষম ৰোহিতে অফ স্পীনাৰ হিচাপে ক্ৰিকেটৰ প্ৰশিক্ষণ আৰম্ভণি কৰিছিল । তেওঁৰ প্ৰশিক্ষক লাডে তেওঁৰ বেটিং সম্ভাৱনাক স্বীকাৰ কৰিছিল । আগতে তেওঁ ৮ নম্বৰত বেটিং কৰিবলৈ আহিছিল যদিও প্ৰশিক্ষকে তেওঁক পোনপটীয়াকৈ ইনিংছ মুকলি কৰি দিছিল । হেৰিছ আৰু গিলছ শ্বিল্ড স্কুল ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল, অ’পেনাৰ হিচাপে অভিষেক ঘটোৱাৰ সময়ত শতক অৰ্জন কৰিছিল ৰোহিতে ।

ৰোহিত শৰ্মা ঘৰুৱা কেৰিয়াৰ-

২০০৫ চনৰ মাৰ্চ মাহত গোৱালিয়ৰৰ দেওধৰ ট্ৰফীত ৱেষ্ট জ’নৰ হৈ খেলি তেওঁ লিষ্ট এত অভিষেক ঘটায় । প্ৰথমখন মেচত তেওঁ অষ্টম নম্বৰত বেটিং কৰিছিল, য’ত তেওঁ অপৰাজিত ৩১ ৰান সংগ্ৰহ কৰিছিল । ২০০৬ চনৰ জুলাই মাহত নিউজীলেণ্ড এৰ বিৰুদ্ধে ইণ্ডিয়া এৰ হৈ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায় ৰোহিতে ।

২০০৬–০৭ ছিজনত মুম্বাইৰ হৈ ৰঞ্জি ট্ৰফীত অভিষেক ঘটায় আৰু গুজৰাটৰ বিৰুদ্ধে ২৬৭টা বলত ২০৫ ৰান সংগ্ৰহ কৰে ৰোহিতে । প্ৰথম শ্ৰেণীৰ ১২৯ খন খেলত ৯৩১৮ ৰান, ৩৪৪ খন লিষ্ট এ মেচত ১৩৪১০ ৰান আৰু ৪৫৭ খন টি-২০ মেচত ১২০৭০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে তেওঁ ।

ৰোহিতৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ-

২০০৭ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়, তেওঁৰ প্ৰথমখন খেল আছিল আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া মেচ । সেই বছৰতে ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত অভিষেক ঘটায় আৰু ৬ বছৰৰ পাছত টেষ্টত অভিষেক ঘটায় ৰোহিতে । তেওঁ ৬৭খন টেষ্ট, ২৭৩খন এদিনীয়া আৰু ১৫৯খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে । ইয়াত তেওঁ ক্ৰমে ৪৩০১, ১১১৬৮ আৰু ৪২৩১ ৰান সংগ্ৰহ কৰিছে । তিনিওটা ফৰ্মেটতে মুঠ ৪৯টা শতক অৰ্জন কৰিছে ৰোহিতে ।

দিল্লীৰ হাতৰ পৰা জয় কাঢ়িলে সুনীল নাৰিনে… ৰোমাঞ্চকৰ মেচত দিল্লীৰ বিৰুদ্ধে জয়লাভ কলকাতাৰ

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত দেখা গ’ল এক কঠিন প্ৰতিযোগিতা । এই ৰোমাঞ্চকৰ খেলখনত কে কে আৰে ১৪ ৰানত জয়লাভ কৰে । কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৰোমাঞ্চকৰ জয়ৰ নায়ক আছিল সুনীল নাৰিন । তেওঁ নিজৰ যাদুকৰী স্পীনেৰে মেচখন কলকাতাৰ হাতলৈ ঘূৰাই আনে ।

এই মেচত প্ৰথমে বেটিং কৰাৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছে ২০৪ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে এটা সময়ত ১৩ অভাৰত ৩টা উইকেট হেৰুৱাই ১৩০ ৰান সংগ্ৰহ কৰে । ফাফ ডু প্লেছিছ (৪৫ বলত ৬২) আৰু অক্ষৰ পেটেলে (২৩ বলত ৪৩) দিল্লীক সহজেই জয়ৰ দিশত আগুৱাই নিছিল যদিও তাৰ পিছত সুনীল নাৰিনে খেলৰ গতি সলনি কৰে । ডু প্লেছিছ আৰু অক্ষৰ পেটেলৰ উইকেটৰ পতনৰ পিছত নিৰ্ধাৰিত ২০ অভাৰত দিল্লীয়ে মাত্ৰ ১৯০ ৰানহে কৰিবলৈ সক্ষম হয় আৰু কে কে আৰে মেচখনত ১৪ ৰানত জয়লাভ কৰে ।

কলকাতাই দিয়া ২০৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি দিল্লীৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰৰ দ্বিতীয় বলত চাৰি ৰান সংগ্ৰহ কৰি আউট হৈছিল অভিষেক পোৰেলে । তাৰ পিছত কৰুণ নায়াৰৰ উইকেটৰো পতন ঘটে । ১৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈও উভতি আহে তেওঁ ।

সপ্তম অভাৰত দলীয় ৬০ ৰানত ৰান আউট হয় কে এল ৰাহুল । তেওঁ পাঁচটা বলত ৭ ৰান সংগ্ৰহ কৰে । এটা মূৰৰ পৰা উইকেটৰ পতন ঘটিলেও ফাফ ডু প্লেছিছে আনটো মূৰৰ পৰা দ্ৰুতগতিত ৰান সংগ্ৰহ কৰি আছিল ।

৬০ ৰানত ৩ উইকেটৰ পতনৰ পিছত মেচখনত কলকাতাই সহজেই জয়লাভ কৰিব বুলি আশা কৰা হৈছিল । কিন্তু ফাফ ডু প্লেছিছ আৰু অক্ষৰে শক্তিশালীভাৱে ক্ৰীজত ৰান সংগ্ৰহ কৰি থাকে । দুয়োৰে মাজত ৭৬ ৰানৰ অংশীদাৰিত্ব আছিল । ১৩.১ অভাৰত দিল্লীৰ স্ক’ৰ ৩ উইকেটত ১৩৬ ৰান আছিল । তাৰ পিছত সুনীল নৰিনে অক্ষৰ পেটেলক আউট কৰে । ২৩টা বলত ৪৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে অধিনায়ক বাপু । তেওঁৰ বেটৰ পৰা ৪টা চাৰি আৰু ৩টা ছয় আহে ।

ইয়াৰ পিছতে সুনীল নাৰিনে ট্ৰিষ্টান ষ্টাবছক বল্ড কৰে । ষ্টাবছে মাত্ৰ এক ৰানহে সংগ্ৰহ কৰে । ইয়াৰ পিছত নাৰিনে ফাফ ডু প্লেছিছকো পেভিলিয়নৰ বাট দেখুৱাই । তেওঁ ৪৫টা বলত ৬২ ৰান সংগ্ৰহ কৰে । তেওঁৰ বেটৰ পৰা ৭টা চাৰি আৰু দুটা ছয় আহে । অক্ষৰ আৰু ডু প্লেছিছ আউট হোৱাৰ লগে লগে কে কে আৰে মেচখনত আধিপত্য বিস্তাৰ কৰে ।

শেষত আশুতোষ শৰ্মা আৰু বিপ্ৰজ নিগমৰ পৰা কিছু আশা কৰা হৈছিল যদিও আশুতোষ ছয় মাৰি আউট হয় । তেওঁ ৭ ৰান সংগ্ৰহ কৰে । বিপ্ৰজে আক্ৰমণাত্মক মনোভাৱ দেখুৱাইছিল । ৪টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ১৯টা বলত ৪৩ ৰান সংগ্ৰহ কৰে যদিও তেওঁ দিল্লীক জয়ৰ সোৱাদ দিয়াত ব্যৰ্থ হয় ।

কলকাতাৰ হৈ সুনীল নাৰিনে ৪ অভাৰত ২৯ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে । বৰুণ চক্ৰৱৰ্তীয়ে দুটা উইকেট দখল কৰে । ইয়াৰ উপৰিও অনুকুল ৰয়, বৈভৱ অৰোৰা আৰু আন্দ্ৰে ৰাছেলে এটাকৈ সফলতা লাভ কৰে ।

জয়ৰ পথলৈ ঘূৰি আহিবলৈ উত্ৰাৱল দিল্লী কেপিটেলছ, আশা সজীৱ ৰাখিবলৈ নামিব কে কে আৰ

মঙলবাৰে আই পি এলৰ এখন মেচত দিল্লী কেপিটেলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ । আজি নিশা ৭.৩০ বজাৰ পৰা দিল্লীৰ অৰুণ জেইটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচখন । দেওবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে পৰাজয়কে ধৰি বিগত চাৰিখন মেচত দিল্লীয়ে দুখনত পৰাজয়ৰ সন্মুখীন হৈছে আৰু লীগ পৰ্যায়ৰ অন্তিম মেচত দলটোৱে নিজৰ স্থিতি শক্তিশালী কৰিব বিচাৰিব । শীৰ্ষ ক্ৰমত অভিষেক পোৰেলে আক্ৰমণাত্মকভাৱে বেটিং কৰিছে যদিও প্ৰত্যাৱৰ্তনৰ পিছত ফাফ ডু প্লেছিছে অৰুণ জেটলী ষ্টেডিয়ামৰ লেহেমীয়া খেলপথাৰত সংগ্ৰাম কৰা দেখা গৈছে ।

প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব কে কে আৰৰ স্পীনাৰ-

চলিত ছিজনত দিল্লীৰ সফল বেটছমেন হিচাপে পৰিগণিত হোৱা কে এল ৰাহুলে দেওবাৰে স্পীনাৰৰ বিৰুদ্ধে দ্ৰুত ৰান সংগ্ৰহত ব্যৰ্থ হয় । অভিজ্ঞ স্পীন যুটি সুনীল নাৰিন আৰু বৰুণ চক্ৰৱৰ্তীৰ বিৰুদ্ধে তেওঁ ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব । কে কে আৰত আছে মানসম্পন্ন স্পীনাৰ যিয়ে আয়োজক দলৰ বাবে কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে । পাঞ্জাব কিংছৰ বিৰুদ্ধে বৰষুণ প্ৰভাৱিত খেলখনত সংগ্ৰাম কৰা কে কে আৰৰ আত্মবিশ্বাস অলপ কম হ’ব । দিল্লীয়ে কৰুণ নায়াৰৰ পৰাও ভাল ইনিংছ আশা কৰিব যাতে মিডল অৰ্ডাৰৰ সমগ্ৰ বোজা ৰাহুলৰ ওপৰত নপৰে ।

ফিল্ডিং উন্নত কৰিব লাগিব দিল্লীয়ে-

বলিং বিভাগত দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে শেষৰখন খেলত দুটা উইকেট দখল কৰিছিল যদিও আন বলাৰসকলৰ পৰা সমৰ্থন নাপালে । আৰ চি বিৰ বিৰুদ্ধে উইকেট ল’ব নোৱাৰা ষ্টাৰ পেচাৰ মিচেল ষ্টাৰ্কে নিজৰ পূৰ্বৰ দল কে কে আৰৰ দুৰ্বলতাৰ সুযোগ লবলৈ চেষ্টা কৰিব, আনহাতে কুলদীপ যাদৱে মাজৰ অভাৰত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে । দিল্লীয়ে ফিল্ডিঙৰ উন্নতি সাধন কৰিব লাগিব । আৰ চি বিৰ বিৰুদ্ধে ক্ৰুনাল পাণ্ডিয়াৰ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাইছিল পোৰেলে । বৰ্তমান কে কে আৰৰ মাত্ৰ ৭ পইণ্ট আৰু দলটো টেবুলৰ সপ্তম স্থানত আছে ।

জয়ৰ ওপৰত নিৰ্ভৰশীল কে কে আৰৰ আশা-

ডিফেণ্ডিং চেম্পিয়ন কে কে আৰে প্লে অফলৈ যোৱাৰ আশা জীয়াই ৰাখিবলৈ এই মেচখনত জয়লাভ কৰাটো প্ৰয়োজন কাৰণ দিল্লীয়ে প্লে অফলৈ যোৱাৰ পথ অতি কঠিন কৰি তুলিব । বিভিন্ন বিভাগত সমস্যাৰ সন্মুখীন হৈছে দলটো । কুইণ্টন ডি কক আৰু ৰহমানুল্লাহ গুৰবাজে নাৰিনৰ সৈতে ইনিংছ মুকলি কৰাৰ সুযোগ লাভ কৰিছে । ৰাহানে আৰু অংকৃশ ৰঘুবংশীৰ ওপৰত দলটোৱে ৰান সংগ্ৰহৰ বাবে বহু পৰিমাণে নিৰ্ভৰশীল । মধ্য ক্ৰমত ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল, ৰিংকু সিং আৰু ৰমনদীপ সিঙে বিশেষ প্ৰভাৱ পেলাব পৰা নাই ।

দলটোৰ বলিঙো চিন্তনীয় বিষয় । কে কে আৰৰ বলাৰসকলে অপেনিং যুটী ভঙাত সমস্যাৰ সন্মুখীন হৈছে যাৰ বাবে বিপক্ষ দলে তেওঁলোকৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ স্ক’ৰ কৰিছে ।

১৪ বছৰীয়া বৈভৱৰ বিস্ফোৰক ইনিংছৰ সহায়ত গুজৰাটৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ ৰাজস্থানৰ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৪৭ সংখ্যক মেচত ৰাজস্থানে গুজৰাটক ৮ উইকেটত পৰাস্ত কৰে । এই মেচখনত টছত জয়লাভ কৰাৰ পাছত ৰাজস্থানে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি গুজৰাট দলে ২০৯ ৰান সংগ্ৰহ কৰে । গীলে ৮৪ ৰানৰ ধুমুহাময় ইনিংছ খেলে । ইয়াৰ প্ৰত্যুত্তৰত ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক শতক আৰু যশস্বী জয়ছোৱালৰ অপৰাজিত অৰ্ধশতকৰ সহায়ত ১৬ অভাৰতে ৰাজস্থানে মেচখনত বিজয় সাব্যস্ত কৰে ।

ৰাজস্থানৰ ইনিংছ-

২১০ ৰানৰ লক্ষ্যৰ প্ৰত্যপত্তৰত ৰাজস্থানে এক সুন্দৰ আৰম্ভণি কৰে । বৈভৱ সূৰ্য্যবংশী আৰু যশস্বী জয়ছোৱালে অ’পেনাৰ হিচাপে ইনিংছ আৰম্ভ কৰে । ১৪ বছৰীয়া বৈভৱে ৬টা ছয়ৰ সহায়ত মাত্ৰ ১৭টা বলত অৰ্ধ শতক অৰ্জন কৰে । কিন্তু ইয়াৰ পাছতো বৈভৱে ৰৈ নাথাকি মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰে । এই সময়ছোৱাত বৈভৱৰ বেটৰ পৰা ১১টা ছয় আৰু ৭টা চাৰি আহে । কিন্তু ১২ অভাৰত বৈভৱৰ উইকেটৰ পতন ঘটে । তেওঁ ৩৮ টা বলত ১০১ ৰান সংগ্ৰহ কৰে ।

বৈভৱৰ উইকেটৰ পতনৰ সময়ত ৰাজস্থান মেচখন জয়ৰ ওচৰ চাপিছিল । আনটো মূৰত যশস্বীয়েও বিস্ফোৰক অৰ্ধ শতক অৰ্জন কৰে । ইয়াৰ ভিত্তিত ৰাজস্থানে মাত্ৰ ১৬ অভাৰতে গুজৰাটৰ ২১০ ৰানৰ লক্ষ্যত অনায়াসে উপনীত হয় । যশস্বী জয়ছোৱালে ৪০টা বলত ৭০ ৰানৰ অপৰাজিত ইনিংছ খেলে । এই খেলখনত ৰাজস্থানে ৮ উইকেটত জয়লাভ কৰে ।

গুজৰাটৰ বেটিং-

টছৰ অন্তত গুজৰাটে প্ৰথমে বেটিং কৰিবলৈ আহি এটা সুন্দৰ আৰম্ভণি কৰিছিল । শুভমন গীল আৰু ছাই সুদৰ্শনে প্ৰতিজন বলাৰৰ বিৰুদ্ধে খেলিছিল । গীলে আক্ৰমণাত্মক বেটিঙেৰে ২৯টা বলত অৰ্ধশতক অৰ্জন কৰে । সুদৰ্শনেও ছয় আৰু চাৰিৰ বৰষুণ নমাই ।

১০ অভাৰৰ অন্তত গুজৰাটৰ স্ক’ৰ ৯২-০ আছিল । ১১ নং অভাৰত গুজৰাটে আঘাতৰ সন্মুখীন হ’বলগীয়া হয়, যেতিয়া ছাই সুদৰ্শনক তীক্ষনাই আউট কৰে । সুদৰ্শনে ৩৯ ৰানৰ ইনিংছ খেলে ।

ইয়াৰ পিছত বাটলাৰ আৰু গীলে ইনিংছৰ দায়িত্ব লয় । দুয়োজনে বিস্ফোৰক বেটিঙৰ সহায়ত গুজৰাটৰ স্ক’ৰ ১৫ অভাৰত ১৫০ ৰান অতিক্ৰম কৰে । ১৭ নং অভাৰত গীলৰ উইকেটৰ পতন ঘটে । গীলে ৫০টা বলত ৮৪ ৰানৰ ইনিংছ খেলে । ইয়াৰ পিছত বাটলাৰেও অৰ্জন কৰে । যাৰ ভিত্তিত গুজৰাটে ৰাজস্থানৰ বাবে ২১০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ।