আগন্তুক তিনিমাহৰ ভিতৰত কাম আৰম্ভ কৰিব NISARএ… ৭৪৭ কিলোমিটাৰৰ ওপৰৰ পৰা ৰাখিছে চকু

আগন্তুক তিনিমাহৰ ভিতৰত কাম আৰম্ভ কৰিব NISARএ

আগন্তুক তিনিমাহৰ ভিতৰত নাছা-ইছৰোৰ যৌথ অভিযান NISARএ কাম আৰম্ভ কৰিব । ২০২৫ চনৰ ৩০ জুলাইত উৎক্ষেপণৰ পিছত নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰে (NISAR) এটা এটাকৈ ইয়াৰ বিভিন্ন অংশ সক্ৰিয় কৰি আছে । ইয়াৰ ৩৯ ফুট বহল ৰাডাৰ এন্টেনা ৰিফ্লেক্টৰ ১৫ আগষ্টত মুকলি কৰা হৈছে । এই উপগ্ৰহটোৱে পৃথিৱীৰ ভূমি, বৰফ, অৰণ্য আৰু অট্টালিকাৰ প্ৰতিটো সৰু-বৰ গতি নিবিড়ভাৱে নিৰীক্ষণ কৰিব । ইয়াৰ উপৰিও ভূমিকম্প, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ দৰে পৰিৱৰ্তনৰ তথ্যও অনুসৰণ কৰিব ।

NISAR হৈছে এনে এক অনন্য উপগ্ৰহ যিয়ে পৃথিৱীৰ পৃষ্ঠভাগ পূৰ্বতকৈ অধিক নিবিড়ভাৱে নিৰীক্ষণ কৰিব । ইয়াৰ এল-বেণ্ড আৰু এছ-বেণ্ড ৰাডাৰ চিষ্টেম অন কৰা হৈছে । এই দুয়োটা ব্যৱস্থাই একেলগে বন, নিয়ৰ, মাটিৰ আৰ্দ্ৰতা আৰু মাটিৰ গতিবিধি জুখিব । এই উপগ্ৰহটোৱে পৃথিৱীৰ বেছিভাগ অংশ প্ৰতি ১২ দিনৰ মূৰে মূৰে দুবাৰকৈ স্কেন কৰিব, যাৰ ফলত অৰণ্য, বৰফৰ পৃষ্ঠ আৰু অট্টালিকাৰ পৰিৱৰ্তনৰ সঠিক তথ্য আমি লাভ কৰাত সহায়ক হ’ব ।

ডাৱৰ আৰু বৰষুণৰ মাজতো দিনে নিশাই কাম কৰিব পাৰে NISAR ৰাডাৰে । এল-বেণ্ড ৰাডাৰে বনাঞ্চলৰ ভিতৰৰ মাটি আৰু জৈৱবস্তু জুখিব, আনহাতে এছ-বেণ্ড ৰাডাৰে সৰু গছ-গছনি, কৃষি আৰু আৰ্দ্ৰতাক চাব । ইয়াৰ উপৰিও ভূমিকম্প, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ আগত আৰু পিছত হোৱা সৰু সৰু মাটিৰ গতিবিধি (কেইবামিলিমিটাৰ পৰ্যন্ত) ধৰি ৰাখিব । অহা কেইসপ্তাহমানৰ ভিতৰত উপলব্ধ হ’ব বৈজ্ঞানিক মানৰ ছবি । ৯০ দিনৰ পাছত সম্পূৰ্ণ বৈজ্ঞানিক কাম আৰম্ভ হ’ব ।

ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব-

ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ নিদৰ্শন হৈছে NISAR । ইছৰোৱে এছ-বেণ্ড ৰাডাৰ আৰু চেটেলাইট বাছ নিৰ্মাণ কৰাৰ বিপৰীতে নাছাই এল-বেণ্ড ৰাডাৰ, এণ্টিনা আৰু ডাটা চিষ্টেম যোগান ধৰিছিল । সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা এই উপগ্ৰহটো এতিয়া ৭৪৭ কিলোমিটাৰ কক্ষপথত । ইছৰোৰ টেলিমেট্ৰি, ট্ৰেকিং আৰু কমাণ্ড নেটৱৰ্কে ইয়াক নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে নাছাৰ জেট প্ৰপালচন লেবৰেটৰী (জে পি এল) আৰু গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰে এই তথ্য পৰিচালনা কৰি আছে ।

নিছাৰৰ তথ্য কেৱল বিজ্ঞানীৰ বাবেই নহয়, সাধাৰণ জনতাৰ বাবেও উপকাৰী হ’ব । ই বান, ভূমিকম্প আৰু বনাঞ্চলৰ অৱস্থা বুজি পোৱাত সহায় কৰিব, যাৰ ফলত দুৰ্যোগ ব্যৱস্থাপনা আৰু পৰিৱেশ সুৰক্ষাৰ উন্নতি ঘটিব ।

লগতে পঢ়ক : মহাকাশত খাদ্য খোৱাটো কিমান কঠিন ! ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰিলে শুভাংশু শুক্লাই

ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি… অধিক শক্তিশালী হ’ব ৰকেট আৰু উপগ্ৰহৰ অভিযান

ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি

ছেমিকন ইণ্ডিয়া ২০২৫ সন্মিলনত ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ উপস্থাপন কৰে । ইয়াক ভাৰতৰ অৰ্ধপৰিবাহী আত্মনিৰ্ভৰশীলতাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে । এই মহাকাশ প্ৰচেছৰটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু চণ্ডীগড়স্থিত ছেমিকণ্ডাক্টৰ পৰীক্ষাগাৰ (SCL)ৰ সহযোগত প্ৰস্তুত কৰা হৈছে ।

কিয় বিশেষ বিক্ৰম ৩২০১ ?

ই হৈছে ৩২ বিট মাইক্ৰ’প্ৰচেছৰ, যিটো বিশেষভাৱে মহাকাশ অভিযানৰ কঠোৰ পৰিস্থিতিত কাম কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । এই মহাকাশ প্ৰচেছৰটোৰ -৫৫ ডিগ্ৰী চেলছিয়াছৰ পৰা +১২৫ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা সহ্য কৰিব পৰা ক্ষমতাই ইয়াক অত্যন্ত শক্তিশালী কৰি তোলে । ইয়াৰ কাম হৈছে ৰকেট আৰু উৎক্ষেপণ বাহনত নেভিগেচন, নিয়ন্ত্ৰণ আৰু মিছন মেনেজমেণ্ট চম্ভালিব পৰা । ইয়াক মিলিটেৰী গ্ৰেডৰ ষ্টেণ্ডাৰ্ড অনুসৰি ডিজাইন কৰা হৈছে যাতে ই বিকিৰণ আৰু কম্পনৰ দৰে কঠিন পৰিস্থিতিতো কাম কৰি থাকে ।

ইয়াৰ পূৰ্বে ইছৰোৱে ২০০৯ চনৰ পৰা ‘বিক্ৰম ১৬০১’ (১৬-বিট প্ৰচেছৰ) ব্যৱহাৰ কৰিছিল । এতিয়া ‘বিক্ৰম ৩২০১’-এ কেৱল ৩২-বিট আৰ্কিটেকচাৰ অনাই নহয়, ইয়াত কেইবাটাও ডাঙৰ উন্নীতকৰণ যেনে ৬৪-বিট ফ্লটিং-পইণ্ট অপাৰেচন, এডা প্ৰগ্ৰেমিং লেংগুৱেজৰ বাবে সমৰ্থন আৰু উন্নত যোগাযোগৰ বাবে অন-চিপ ১৫৫৩বি বাছ ইন্টাৰফেছ অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াক এছ চি এলৰ চণ্ডীগড় ইউনিটত ১৮০ নেন’মিটাৰ চি এম অ’ এছ প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়, যিটো মহাকাশ প্ৰয়োগৰ বাবে নিৰ্ভৰযোগ্য ।

ইতিমধ্যে কৰা হৈছে স্পেচ টেষ্ট-

ইতিমধ্যে পি এছ এল ভি-চি৬০ অভিযানত ‘বিক্ৰম ৩২০১’ৰ পৰীক্ষা কৰা হৈছে । ই পি এছ এল ভি অৰ্বিটেল এক্সপেৰিমেণ্টেল মডিউল (পি অ’ ই এম-৪)ৰ মিছন মেনেজমেণ্ট কম্পিউটাৰ সফলতাৰে চলাইছিল । এই সফলতাৰ পিছত এতিয়া ইছৰোৱে আগন্তুক লঞ্চ বাহনত ইয়াক ব্যাপকভাৱে গ্ৰহণ কৰিবলৈ সাজু হৈছে ।

ইছৰোৱে চলিত বৰ্ষৰ ২০২৫ চনৰ মাৰ্চ মাহত ‘বিক্ৰম ৩২০১’ৰ লগতে ‘কল্পনা ৩২০১’ নামৰ আন এটা মহাকাশ প্ৰচেছৰ মুকলি কৰে । ই ৩২-বিট SPARC V8 RISC স্থাপত্যৰ ওপৰত ভিত্তি কৰি আৰু অপেন চৰ্ছ টুলছেন সমৰ্থন কৰে । ইয়াৰ উপৰিও ইছৰোৱে আৰু চাৰিটা থলুৱা ইলেক্ট্ৰনিক ডিভাইচো প্ৰৱৰ্তন কৰিছে, য’ত দুটা ৰিকনফিগাৰেবল ডাটা এক্ভিজিচন চিষ্টেম, এটা ৰিলে ড্ৰাইভাৰ আই চি আৰু এটা মাল্টি-চেনেল লো ড্ৰপ-আউট ৰেগুলেটৰ আই চি আছে । এই সকলোবোৰ যন্ত্ৰই ভাৰতৰ আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰিব ।

আত্মনিৰ্ভৰ ভাৰতৰ দিশত ডাঙৰ পদক্ষেপ-

স্পেচ গ্ৰেড প্ৰচেছৰ সাধাৰণতে বজাৰত উপলব্ধ নহয় আৰু বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয় । ‘বিক্ৰম ৩২০১’ৰ জৰিয়তে ভাৰতে এই ক্ষেত্ৰত স্বাৱলম্বীতা অৰ্জন কৰিছে । ইয়াৰ ফলত যোগান শৃংখলৰ বটলনেক আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব । ইয়াৰ বাবে ইছৰোৱে এটা সম্পূৰ্ণ চফ্টৱেৰ ইক’চিষ্টেমো বিকশিত কৰিছে, য’ত এডিএ কম্পাইলাৰ, এছেম্বলাৰ, লিংকাৰ, চিমুলেটৰ আৰু ডেভেলপমেণ্ট পৰিৱেশ অন্তৰ্ভুক্ত কৰা হৈছে । ইছৰোৰ মতে, অতি সোনকালে এটা চি কম্পাইলাৰো প্ৰস্তুত কৰা হ’ব ।

লগতে পঢ়ক : এতিয়া হাতৰ মুঠিত থাকিব মহাকাশ; ISRO আৰু ROSCOSMOS এ বিশ্বক জনাব প্ৰত্যাহ্বান

এতিয়া হাতৰ মুঠিত থাকিব মহাকাশ; ISRO আৰু ROSCOSMOS এ বিশ্বক জনাব প্ৰত্যাহ্বান

ISRO আৰু ROSCOSMOS এ বিশ্বক জনাব প্ৰত্যাহ্বান

ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বই এতিয়া মহাকাশত এক নতুন ইতিহাস লিখিবলৈ গৈ আছে।ভাৰতীয় মহাকাশ সংস্থা ISRO আৰু ৰাছিয়াৰ মহাকাশ সংস্থা ROSCOSMOS এ এতিয়া একেলগে বৃহৎ মহাকাশ কাৰ্যসূচী সম্পন্ন কৰিবলৈ ওলাইছে।

ভাৰত আৰু ৰাছিয়াৰ এই শীৰ্ষ মহাকাশ সংস্থাসমূহে এতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত এক নতুন প্ৰত্যাহ্বান দাঙি ধৰিবলৈ ওলাইছে।

ভাৰতে এই দিশত আগ্ৰহ প্ৰকাশ কৰি ৰাছিয়াৰ কোম্পানীসমূহক দেশত উদ্ভাৱনী মহাকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ আৰু ভাৰতৰ বিশাল বজাৰৰ সুবিধা ল’বলৈ পোনপটীয়াকৈ আমন্ত্ৰণ কৰিছে।

এই তথ্য ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰে দিছে।ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ভাৰতীয় দূতাবাসত আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰদূতগৰাকীয়ে কয় ভাৰত চৰকাৰে মহাকাশ উদ্যোগত অনুকূল আৰু সহায়ক পৰিবেশ সৃষ্টি কৰিবলৈ কেইবাখনো আকৰ্ষণীয় আঁচনি আৰু নীতি প্ৰৱৰ্তন কৰিছে।

ৰাষ্ট্ৰদূত বিনয় কুমাৰে কয় যে মহাকাশ খণ্ডত ভাৰত আৰু ৰাছিয়াৰ মাজত দশক দশক ধৰি গভীৰ সহযোগিতাত আছে।

এই সহযোগিতাৰ প্ৰধান মুহূৰ্তসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় ১৯৭৫ চনত ভাৰতে ছোভিয়েট ৰাছিয়াৰ সহযোগত প্ৰথম উপগ্ৰহ ‘আৰ্যভট্টা’ উৎক্ষেপণ কৰে।

ইয়াৰ পিছত ১৯৮৪ চনত সোয়ুজ টি-১১ মহাকাশযানৰ জৰিয়তে ভাৰতীয় পাইলট ৰাকেশ শৰ্মাই মহাকাশলৈ যাত্ৰা কৰে, যিটো সেই সময়ত এক বৃহৎ সাফল্য আছিল।বৰ্তমান গগণযান মানৱ মহাকাশ মিছনৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পতো দুয়োখন দেশৰ মাজত সহযোগিতা চলি আছে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ সহযোগত কাম কৰি থকা ৰাছিয়াৰ মহাকাশ সংস্থা ROSCOSMOSৰ বিষয়া আৰু বিশেষজ্ঞসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ISRO আৰু ROSCOSMOSৰ এই অংশীদাৰিত্বৰ গুৰুত্ব আৰু ইয়াৰ ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে এই কথাও আঙুলিয়াই দিয়ে যে মহাকাশ উদ্যোগটো আধুনিক বাণিজ্যিক খণ্ড হ’লেও,কিন্তু মহাকাশৰ লগত জড়িত পৰম্পৰা আৰু জ্ঞান ভাৰতীয় সভ্যতাত বৈদিক যুগৰ পৰাই বিদ্যমান।

তেওঁ কয় যে আৰ্যভট্টৰ দৰে প্ৰাচীন পণ্ডিতসকলে আকাশী পদাৰ্থৰ গতি আৰু মানৱ জীৱনত ইয়াৰ প্ৰভাৱৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল।

বিনয় কুমাৰে কয় যে আজি মহাকাশ প্ৰযুক্তি যোগাযোগ, যাতায়ত, বতৰ পূৰ্বাভাস, দুৰ্যোগ ব্যৱস্থাপনা, আৰু দৈনন্দিন জীৱনৰ আন বহু ক্ষেত্ৰত আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।

তেওঁ লগতে কয় যে ভাৰতৰ মহাকাশ কাৰ্যসূচীয়ে দেশৰ প্ৰযুক্তিগত উন্নতিত অৰিহণা যোগোৱাই নহয় বিশ্ব পৰ্যায়তো ইয়াক স্বীকৃতি প্ৰদান কৰিছে।

লগতে পঢ়ক: গগণযান প্ৰকল্পত ডাঙৰ সফলতা… ইছৰোৰ পেৰাচুট ব্যৱস্থাৰ প্ৰথম এয়াৰ-ড্ৰপৰ সফল পৰীক্ষণ

গগণযান প্ৰকল্পত ডাঙৰ সফলতা… ইছৰোৰ পেৰাচুট ব্যৱস্থাৰ প্ৰথম এয়াৰ-ড্ৰপৰ সফল পৰীক্ষণ

গগণযান প্ৰকল্পত ডাঙৰ সফলতা

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দেওবাৰে গগণযান অভিযানৰ বাবে বিকশিত কৰা পেৰাচুট ভিত্তিক ডিচিলেৰেচন চিষ্টেম পৰীক্ষাৰ বাবে প্ৰথমটো ইন্টিগ্ৰেটেড এয়াৰ ড্ৰপ টেষ্ট (আই এ ডি টি-০১) সফলতাৰে সমাপ্ত কৰে । পেৰাচুট ভিত্তিক মন্থৰতা ব্যৱস্থাই ক্ৰু মডিউলটো পৃথিৱীত নিৰাপদে অৱতৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

প্ৰকাশিত এক তথ্য অনুসৰি ইছৰোৰ এজন বিষয়াই কয় যে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ ওচৰত এই পৰীক্ষণ কৰা হৈছে । এই পৰীক্ষণ ইছৰো, ভাৰতীয় বায়ুসেনা, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’), ভাৰতীয় নৌসেনা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ যৌথভাৱে পৰিচালনা কৰিছিল ।

ভাৰতৰ মহাকাশচাৰীসকলক মহাকাশলৈ পঠিয়াই নিৰাপদে ঘূৰাই অনাৰ ক্ষমতাক প্রমাণ কৰাটোৱেই গগণযান প্রকল্পৰ লক্ষ্য ৷ এয়া হ’ব ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ উৰণ কাৰ্যসূচী, য’ত ক্ৰুৰ সুৰক্ষাৰ সৈতে জড়িত জটিল ব্যৱস্থাসমূহ পৰীক্ষাৰ বাবে পূৰ্ব পৰিকল্পিত মানৱবিহীন অভিযানো অন্তৰ্ভুক্ত কৰা হ’ব ।

লগতে পঢ়ক : Oppoৰ ওপৰত Apple ৰ বাণিজ্যিক গোপনীয়তা চুৰি কৰাৰ অভিযোগ উত্থাপন

ইছৰোৱে গঢ়িব নতুন অভিলেখ… নিৰ্মাণ কৰিব ৪০ মহলীয়া ৰকেট, মহাকাশলৈ কঢ়িয়াই নিব ৭৫ টন ওজন

ইছৰোৱে গঢ়িব নতুন অভিলেখ

মঙলবাৰে ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে কয় যে মহাকাশ সংস্থাটোৱে ৪০ মহলীয়া অট্টালিকাৰ সমান ওখ ৰকেট নিৰ্মাণ কৰি আছে যিয়ে ৭৫ টনৰ পেলোড পৃথিৱীৰ নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰিব পাৰিব ।

তেওঁ কয় যে এই বছৰ ইছৰোৰ NAVIC satellite, N1 rocketৰ দৰে প্ৰকল্প আছে । ইয়াৰ উপৰিও ভাৰতীয় ৰকেটৰ জৰিয়তে ৬৫০০ কিলোগ্ৰাম ওজনৰ আমেৰিকান যোগাযোগ উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰাৰ কামো আছে । নাৰায়ণনে ক’লে, প্ৰথম ৰকেটৰ ক্ষমতা কিমান আছিল জানেনে ? ড° এ পি জে আব্দুল কালামে নিৰ্মাণ কৰা প্ৰথমটো লঞ্চাৰৰ ওজন আছিল ১৭ টন আৰু ই পৃথিৱীৰ নিম্ন কক্ষপথলৈ ৩৫ কিলোগ্ৰাম পেলোড প্ৰেৰণ কৰিব পাৰিছিল । আজি আমি এনে এটা ৰকেট বনাইছো যিয়ে ৭৫ হাজাৰ কিলোগ্ৰাম পেলোড পঠিয়াব পাৰিব, যাৰ উচ্চতা ৪০ মহলীয়া অট্টালিকাৰ সমান হ’ব ।

নাৰায়ণনে কয় যে মহাকাশ সংস্থাটোৱে এইবাৰ ভাৰতীয় নৌসেনাৰ বাবে নিৰ্মিত প্ৰযুক্তি প্ৰদৰ্শন উপগ্ৰহ আৰু সামৰিক যোগাযোগ উপগ্ৰহ GSAT-7R উৎক্ষেপণৰ পৰিকল্পনা কৰিছে, যিটোৱে বৰ্তমানৰ GSAT-7 (Rukmini) উপগ্ৰহৰ ঠাই ল’ব ।

তেওঁ কয় যে বৰ্তমান ভাৰতৰ কক্ষপথত ৫৫টা উপগ্ৰহ আছে, যিটো অহা তিনি-চাৰি বছৰত তিনিগুণ বৃদ্ধি পাব ।

লগতে পঢ়ক : ইছৰো আৰু আই আই টি গুৱাহাটীৰ বৃহৎ সফলতা… কৃষ্ণগহ্বৰৰ পৰা ওলোৱা এক্স-ৰে সংকেত ডিকোড

ইছৰো আৰু আই আই টি গুৱাহাটীৰ বৃহৎ সফলতা… কৃষ্ণগহ্বৰৰ পৰা ওলোৱা এক্স-ৰে সংকেত ডিকোড

ইছৰো আৰু আই আই টি গুৱাহাটীৰ বৃহৎ সফলতা

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান আৰু আই আই টি গুৱাহাটীয়ে এক বৃহৎ সফলতা লাভ কৰিছে । আই আই টি গুৱাহাটীৰ গৱেষক আৰু বিজ্ঞানীসকলে ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰ ইছৰো আৰু হাইফা ইজৰাইল বিশ্ববিদ্যালয়ৰ সহায়ত পৃথিৱীৰ পৰা প্ৰায় ২৮ হাজাৰ আলোকবৰ্ষ দূৰত অৱস্থিত কৃষ্ণগহ্বৰৰ পৰা নিৰ্গত এক্স-ৰে সংকেত ডিকোড কৰিছে । ভাৰতৰ মহাকাশ মানৱ নিৰীক্ষণ কেন্দ্ৰ এষ্ট্ৰ’ছেটৰ তথ্য ব্যৱহাৰ কৰি গৱেষকসকলে কৃষ্ণগহ্বৰৰ পৰা নিৰ্গত এক্স-ৰে গ্লো উজ্জ্বল আৰু ম্লান পৰ্যায়ৰ মাজত পৰিৱৰ্তিত হোৱা পৰ্যবেক্ষণ কৰে । পৰিৱৰ্তন প্ৰক্ৰিয়াৰ প্ৰতিটো পৰ্যায় কেইবাশ ছেকেণ্ডলৈকে চলিছিল ।

বিশ্বৰ গৱেষকসকলে কৃষ্ণগহ্বৰৰ পৰিঘটনা বুজি পোৱাৰ দিশত কাম কৰি আছে । কৃষ্ণগহ্বৰ বা ব্লেক হোলে অধিক তাপ উৎপন্ন কৰে আৰু ইহঁতৰ সংগী তৰাবোৰৰ বাহিৰৰ স্তৰৰ পৰা গেছ টানি এক্স-ৰে নিৰ্গত কৰে । এই এক্স-ৰে অধ্যয়ন কৰি বিজ্ঞানীসকলে কৃষ্ণগহ্বৰৰ আশে-পাশে থকা পৰিৱেশৰ বিষয়ে জানিব পাৰে । আই আই টি গুৱাহাটীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক সন্তব্ৰত দাসে কয় যে আমি এক্স-ৰেৰ উজ্জ্বল জিলিকনিৰ প্ৰথম প্ৰমাণ পাইছো, যিটো উৎসৰ উচ্চ পোহৰৰ পৰ্যায়ত প্ৰতি ছেকেণ্ডত প্ৰায় ৭০ বাৰ পুনৰাবৃত্তি হৈছিল । কম উজ্জ্বলতা থকা পৰ্যায়ত এই উজ্জ্বলবোৰ নোহোৱা হৈ যায় । এষ্ট্ৰ’ছেটৰ শক্তিশালী পৰ্যবেক্ষণ ক্ষমতাৰ বাবেই এই নতুন কৃতিত্ব সম্ভৱ হৈছে ।

গৱেষকসকলে কৃষ্ণগহ্বৰৰ পৰা নিৰ্গত এক্স-ৰে গ্লো দুটা সুকীয়া পৰ্যায়ৰ মাজত পৰ্যায়ক্ৰমে এটা উজ্জ্বল আৰু এটা ম্লান বুলি ধৰা পেলাইছে । উজ্জ্বল পৰ্যায়ত যেতিয়া উজ্বলতা আটাইতকৈ বেছি হয়, তেতিয়া ক’ৰ’না ঘন আৰু গৰম হৈ পৰে । ইয়াৰ বিপৰীতে ম্লান পৰ্যায়ত ই প্ৰসাৰিত আৰু ঠাণ্ডা হয় । ইয়াৰ ফলত উজ্বলতা নোহোৱা হৈ যায় ।

তেওঁ কয় যে এই স্পষ্ট সম্পৰ্কই এই উজ্জ্বল সংকেতসমূহৰ সম্ভাৱ্য উৎস হিচাপে ঘন, দোলনশীল ক’ৰ’নাৰ দিশটোলৈ আঙুলিয়াই দিয়ে । প্ৰতিটো পৰ্যায় কেইবাশ ছেকেণ্ডলৈকে থাকে আৰু নিয়মীয়াকৈ পুনৰাবৃত্তি হয় । উজ্জ্বল সংকেত কেৱল উজ্জ্বল পৰ্যায়তহে দেখা যায় । এই আৱিষ্কাৰে দেখুৱাইছে যে কৃষ্ণগহ্বৰৰ চাৰিওফালে থকা ক’ৰ’নাটো কোনো সুস্থিৰ গঠন নহয় আৰু কৃষ্ণগহ্বৰটোলৈ গেছৰ প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ আকাৰ আৰু শক্তি সলনি হৈ থাকে ।

লগতে পঢ়ক : আজি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই…

ডাঙৰ পদক্ষেপৰ বাবে সাজু ISRO; চেটেলাইটৰ সৈতে সংযোগ কৰিব মোবাইল ফোন

ডাঙৰ পদক্ষেপৰ বাবে সাজু ISRO

ISRO ই শীঘ্ৰেই আন এক ধামাকা কৰিবলৈ ওলাইছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শেহতীয়াকৈ বিশ্বৰ আটাইতকৈ দামী উপগ্ৰহ নিছাৰ উৎক্ষেপণ কৰিছে।

এতিয়া মহাকাশ সংস্থাটোৱে মহাকাশলৈ আন এটা উপগ্ৰহ প্ৰেৰণ কৰিবলৈ ওলাইছে, যিয়ে মহাকাশ সংযোগ সামৰ্থবান কৰিব।

ISRO এ অতি সোনকালে আমেৰিকাৰ ৬৫০০ কিলোগ্ৰাম ওজনৰ ব্লক-২ ব্লুবাৰ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে এই তথ্য দিছে।

এই উপগ্ৰহ অহা মাহত ভাৰতত উপস্থিত হ’ব, যিটো অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব। এই উপগ্ৰহটো ইছৰোৰ এলভিএম-৩-এম৫ ৰকেটে মহাকাশলৈ কঢ়িয়াই নিব।

আমেৰিকান কোম্পানীটোৰ এই উপগ্ৰহটোত মোবাইল ফোন ডাটা আৰু কল সংযোগ আছে। এই উপগ্ৰহৰ জৰিয়তে স্থল আৰু মহাকাশৰ মাজত প্ৰত্যক্ষ সংযোগ স্থাপন কৰিব পৰা যায়।

ইয়াৰ যোগাযোগৰ এৰে ৬৪.৩৮ বৰ্গমিটাৰ, যিটো মোবাইল ফোনত সংযোগ কৰিব পাৰি। ব্লুবাৰ্ডৰ এই উপগ্ৰহটোৱে ৩জিপিপি ষ্টেণ্ডাৰ্ড ফ্ৰিকুৱেন্সিত কাম কৰিব।

এই চেটেলাইটৰ বিশেষ কথাটো হ’ল ই চেটেলাইটৰ জৰিয়তে পোনপটীয়াকৈ স্মাৰ্টফোনলৈ ব্ৰডবেণ্ড ইন্টাৰনেট প্ৰদান কৰিব। ইয়াৰ বাবে কোনো বেচ টাৰ্মিনেলৰ প্ৰয়োজন নহ’ব।

উপগ্ৰহত ইনষ্টল কৰা যোগাযোগ এৰেৰ জৰিয়তে ১২এমবিপিএছ পৰ্যন্ত গতিৰে তথ্য লাভ কৰিব পাৰি। ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বৰ টেলিকম কোম্পানীসমূহে একেলগে 3G, 4G আৰু 5G সেৱা আগবঢ়াব পাৰিব। ইয়াত ভইচ, ডাটা আৰু ভিডিঅ’ কলিঙৰ সুবিধাৰ লগতে উপলব্ধ হ’ব।

লগতে পঢ়ক: গুগলৰ প্ৰাক্তন কৰ্মচাৰীৰ ভয়ংকৰ ভৱিষ্যদ্বাণী!AI ৰ বাবে ধ্বংস হ’ব পাৰে মধ্যবিত্তৰ জীৱন!

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ NISAR; আগতীয়াকৈ লাভ কৰিব ভূমিকম্প আৰু ছুনামীৰ সতৰ্কতা

শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ NISAR

ভাৰত আৰু সমগ্ৰ বিশ্বৰ বাবে ৩০ জুলাই দিনটো এক ঐতিহাসিক হিচাপে পৰিগণিত হৈছে। কাৰণ আজি নাছা আৰু ইছৰোৰ যৌথ প্ৰকল্প NISAR (নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ) উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰা হয়।

এই পৰিক্ষণ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সন্ধিয়া ৫:৪০ বজাত কৰা হয়। যিটো ভাৰতৰ মহাকাশ বিজ্ঞানত এক ডাঙৰ জাঁপ হিচাপে দেখা গৈছে।  

NISAR ক পৃথিৱী নিৰীক্ষণৰ দিশত এক বৈপ্লৱিক পদক্ষেপ হিচাপে বিবেচিত হৈছে। ইয়াৰ ফলত ভূমিকম্প, চুনামী, আগ্নেয়গিৰি আৰু ভূমিস্খলনৰ দৰে বিপৰ্যয়জনক প্ৰাকৃতিক দুৰ্যোগৰ সময়মতে সতৰ্কবাণী প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে।

এই উপগ্ৰহটোক “পৃথিৱীৰ MRI স্কেনাৰ” বুলিও কোৱা হৈছে। কাৰণ ই পৃথিৱীৰ পৃষ্ঠৰ ইমান সুক্ষ্ম ছবি তুলিব পাৰে যিয়ে মাত্ৰ চেণ্টিমিটাৰ স্কেলতো পৰিৱৰ্তন ধৰা পেলাব পাৰে।

লগতে পঢ়ক: আজি উৎক্ষেপণ কৰা হ’ব নিছাৰ অভিযান; বিশ্বই দেখিব ভাৰতৰ মহাকাশ অভিযান্ত্ৰিকতাৰ শক্তি

৩০ জুলাইত উৎক্ষেপণ হ’ব নিছাৰ অভিযান; ১২ দিনত স্কেন কৰিব সমগ্ৰ পৃথিৱী

৩০ জুলাইত উৎক্ষেপণ হ’ব নিছাৰ অভিযান

৩০ জুলাইত নিছাৰ (নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ) অভিযানৰ উৎক্ষেপণেৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বৃহৎ অভিলেখ ৰচিবলৈ সাজু হৈছে । ইছৰোৰ অধ্যক্ষ তথা মহাকাশ বিভাগৰ সচিব ড০ ভি নাৰায়ণনে জনোৱা মতে, ভাৰতীয় ৰকেটৰ দ্বাৰা এই উপগ্ৰহটোক পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হ’ব ।

নাৰায়ণনে কয়, ৩০ জুলাইত আমি নিছাৰ অভিযান আৰম্ভ কৰিবলৈ ওলাইছো । ভাৰতীয় ৰকেটৰ দ্বাৰা এই উপগ্ৰহটোক কক্ষপথলৈ প্ৰেৰণ কৰা হ’ব । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা অনুসৰি ৩০ জুলাইৰ সন্ধিয়া ৫:৪০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা নিছাৰ অভিযান উৎক্ষেপণ কৰা হ’ব । এই অভিযানৰ বাজেট প্ৰায় ১২,৫০০ কোটি টকা ।

১২ দিনত সমগ্ৰ পৃথিৱীৰ তথ্য-

ইছৰোৰ মতে, নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ (নিছাৰ) উপগ্ৰহৰ উৎক্ষেপণ দুয়োটা মহাকাশ সংস্থাৰ মাজত দশকৰো অধিক সময় ধৰি চলি অহা সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব । ইছৰোৱে কয় যে এই উপগ্ৰহটোৱে প্ৰতি ১২ দিনৰ মূৰে মূৰে সকলো বতৰৰ পৰিস্থিতিত সমগ্ৰ পৃথিৱীখন স্কেন কৰিব, আৰু দিনে-নিশাই উচ্চ ৰেজোলিউচনৰ তথ্য প্ৰদান কৰিব । এই উপগ্ৰহটোৱে পৃথিৱীৰ পৃষ্ঠত হোৱা অত্যন্ত সূক্ষ্ম পৰিৱৰ্তন, যেনে গছ-গছনিৰ পৰিৱৰ্তন, বৰফৰ তৰপ স্থানান্তৰিত হোৱা আৰু মাটিৰ বিকৃতি চিনাক্ত কৰিবলৈ সক্ষম হ’ব ।

ইছৰোৱে কয় যে নিছাৰ অভিযানে সমুদ্ৰপৃষ্ঠ নিৰীক্ষণ, জাহাজৰ স্থান নিৰ্ণয়, ধুমুহা নিৰীক্ষণ, মাটিৰ আৰ্দ্ৰতাৰ পৰিৱৰ্তন, পৃষ্ঠীয় জলসম্পদৰ মেপিং আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহায় কৰিব । এই উপগ্ৰহটোৱে ভূমিকম্প বা বৰফৰ তৰপৰ পৰিৱৰ্তনৰ ফলত মাটিত সৰু সৰু ফাট ধৰা পেলাব ।

দুটা বেণ্ডত কাম কৰিব এই উপগ্ৰহে-

GSLV-F18-এ এই উপগ্ৰহটোক ৭৪৩ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত স্থাপন কৰিব । ই ৯৮.৪০ ডিগ্ৰী হেলনীয়া হ’ব । পৃথিৱীক নিৰীক্ষণ কৰা বিশ্বৰ প্ৰথমটো উপগ্ৰহ হৈছে নিছাৰ । ইয়াত দুটা ভিন্ন বেণ্ডৰ (নাছাৰ এল-বেণ্ড আৰু ইছৰোৰ এছ-বেণ্ড) ৰাডাৰ আছে । যাৰ বাবে ই ঘন অৰণ্যৰ তলৰ পৰাও তথ্য সংগ্ৰহ কৰিব পাৰিব । ইছৰোৰ মুৰব্বীয়ে কয় যে এইটো এটা অতি গুৰুত্বপূৰ্ণ উপগ্ৰহ । ইয়াৰ দুটা প্ৰধান পেলোড আছে: এটা হৈছে এছ-বেণ্ড পেলোড । যিটো সম্পূৰ্ণৰূপে ইছৰোৱে নিজৰ আহমেদাবাদ লেবত বিকশিত কৰিছে আৰু দ্বিতীয়টো- জে পি এল আমেৰিকাই বিকশিত কৰা এল-বেণ্ড পেলোড । দুয়োটা পেলোডক একত্ৰিত কৰি এটা উপগ্ৰহত একত্ৰিত কৰা হৈছে ।

লগতে পঢ়ক : হঠাৎ বিকল ষ্টাৰলিংকৰ চেটেলাইট ইণ্টাৰনেট সেৱা; ইলন মাস্কে খুজিলে ক্ষমা