ISRO ত যোগদান কৰিব বিচাৰিছে নেকি ? জানি লওক কেনেদৰে কৰিব অধ্যয়ন

ISRO ত যোগদান কৰিব বিচাৰিছে নেকি

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু তেওঁৰ দলটোৱে পৃথিৱীলৈ ঘূৰি আহিবলৈ সাজু হৈছে।মহাকাশ সম্পৰ্কীয় বহু কথা আপোনাৰ মলনৈও আহে নেকি? আপুনি ISRO ত যোগদান কৰিব বিচাৰে নেকি?

যদি আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰৰ লগতে ইয়াত কেৰিয়াৰ গঢ়িব বিচাৰে, তেন্তে ক’ৰ পৰা আৰম্ভ কৰিব সেয়া জনাটো গুৰুত্বপূৰ্ণ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ভাৰতৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থা হয়, যি মহাকাশ প্ৰযুক্তিৰ বিকাশ আৰু উপগ্ৰহ উৎক্ষেপণ, গ্ৰহ অন্বেষণ আৰু মহাকাশ পৰীক্ষা আদি ক্ষেত্ৰত গৱেষণাৰ ক্ষেত্ৰখনত কাম কৰে।

ইছৰোৰ প্ৰকল্পসমূহ অভিযান্ত্ৰিক, বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে জড়িত, য’ত যোগাযোগ, ৰিম’ট চেন্সিং, নেভিগেচন আৰু বৈজ্ঞানিক আৱিষ্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

মহাকাশত কেৰিয়াৰ গঢ়িবলৈ প্ৰস্তুতি আৰম্ভ কৰিবলৈ উপযুক্ত বয়স কিমান?

এই যাত্ৰা সাধাৰণতে দশম শ্ৰেণীৰ পিছত, একাদশ আৰু দ্বাদশ শ্ৰেণীত বিজ্ঞান বাছি লোৱাৰ পিছত আৰম্ভ হয়। পদাৰ্থ বিজ্ঞান, ৰসায়ন আৰু গণিত (পিচিএম) বাধ্যতামূলক বিষয় কাৰণ ইছৰোত বেছিভাগ কাৰিকৰী আৰু গৱেষণামূলক ভূমিকাৰ ভেটি গঠন কৰে।

অভিযান্ত্ৰিক বা বিজ্ঞানৰ অধিক অধ্যয়নৰ বাবে এই বিষয়সমূহৰ ওপৰত ভালদৰে আকৰ্ষণ থকাটো প্ৰয়োজনীয়। এই পাঠ্যক্ৰমবোৰ আপুনি UG course ত কৰিব পাৰে।

স্নাতক ডিগ্ৰী

কোনোবাই মেকানিকেল, ইলেক্ট্ৰনিকছ আৰু কমিউনিকেচন, ইলেক্ট্ৰিকেল, কম্পিউটাৰ বিজ্ঞান, বা এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ দৰে ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাত স্নাতক (বি.টেক) বা অভিযান্ত্ৰিক স্নাতক (বি.ই.) লাভ কৰিব পাৰে।

এই পাঠ্যক্ৰমসমূহত যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা ৬৫% নম্বৰ আৰু ৬.৮৪/১০ চিজিপিএ লাভ কৰিব লাগিব।

স্নাতকোত্তৰ আৰু ডক্টৰেট অধ্যয়ন

উন্নত গৱেষণা বা নিৰ্দিষ্ট পদৰ বাবে মহাকাশ বিজ্ঞান, জ্যোতিৰ্পদাৰ্থবিজ্ঞান, কম্পিউটাৰ বিজ্ঞান, বা উপগ্ৰহ প্ৰযুক্তিৰ দৰে প্ৰাসংগিক ক্ষেত্ৰত স্নাতকোত্তৰ (MTech/ME/MSc) বা পি এইচ ডি ডিগ্ৰী লাভ কৰাটো উপকাৰী।

ইছৰোৱে গৱেষণা আৰু উন্নয়ন প্ৰকল্পৰ বাবে স্নাতকোত্তৰ আৰু পি এইচ ডি ধাৰীক নিযুক্তি দিয়ে। ইয়াত নিযুক্তি দিয়া হয় য’ত কেৱল এই ক্ষেত্ৰসমূহৰ পৰাই চাহিদা কৰা হয়।

কি হয় ISRO ৰ নিযুক্তি প্ৰক্ৰিয়া

কাৰিকৰী পদৰ বাবে ইছৰ’ৰ মূল নিযুক্তি হৈছে ইছৰো কেন্দ্ৰীভূত নিযুক্তি ব’ৰ্ড (আইচিআৰবি) পৰীক্ষাৰ জৰিয়তে। প্ৰক্ৰিয়াটোৰ ভিতৰত আছে:পৰীক্ষাৰ্থীৰ বিষয়ৰ লগত জড়িত মূল কাৰিকৰী ধাৰণাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি লিখিত পৰীক্ষা অনুষ্ঠিত হয়।

পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে সাক্ষাৎকাৰৰ মাজেৰে পাৰ হ’ব লাগিব য’ত ব্যৱহাৰিক আৰু ক্ষেত্ৰ সম্পৰ্কীয় প্ৰশ্ন কৰা হ’ব।

কিছুমান গৱেষণা আৰু ফেল’শ্বিপ পদত গ্ৰেজুৱেট এপ্টিটুড টেষ্ট ইন ইঞ্জিনিয়াৰিং (GATE) নম্বৰৰ ভিত্তিত নিযুক্তি দিয়া হয়।

যোগ্যতাৰ মাপকাঠীসমূহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব,অত্যাৱশ্যকীয় শিক্ষাগত অৰ্হতা আৰু উচ্চ বয়সৰ সীমা (সাধাৰণতে সাধাৰণ শ্ৰেণীৰ বাবে ২৮ বছৰ, সংৰক্ষিত শ্ৰেণীৰ বাবে শিথিলতাৰ সৈতে) অন্তৰ্ভুক্ত কৰা হৈছে।

লগতে পঢ়ক: পুনে মেডিকেল কলেজৰ তিনিজন কনিষ্ঠ চিকিৎসক নিলম্বিত; ৰেগিংৰ অভিযোগত এক লাখৰ জৰিমনা

পৃথিৱীলৈ কেতিয়া উভতিব শুভাংশু শুক্লা… ইছৰোৱে দিলে এই আপডেট

পৃথিৱীলৈ কেতিয়া উভতিব শুভাংশু শুক্লা

গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা পৃথিৱীলৈ উভতিলৈ সাজু হোৱাৰ সময়তে ভাৰতৰ মহাকাশ অভিযানে এটা সফল অধ্যায় সংযোজন কৰিবলৈ ওলাইছে । বতৰে অনুমতি দিলে ১৫ জুলাইত তেওঁ কেলিফৰ্ণিয়াৰ ওচৰৰ সাগৰত অৱতৰণ কৰিব বুলি ইছৰোৱে জনাইছে । গ্ৰুপ কেপ্তেইন শুভাংশু হৈছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় । আকাশ গংগা নামৰ এই অভিযানটো এক্সিয়াম স্পেচ, নাছা আৰু ইছৰোৰ যৌথ প্ৰচেষ্টা । এই অভিযানে আগন্তুক গগণযান অভিযান আৰু ভাৰতীয় মহাকাশ কেন্দ্ৰৰ লগতে ভাৰতৰ মানৱ মহাকাশ উৰণক এক গতি প্ৰদান কৰিব ।

এক্সিয়াম স্পেছে দিলে তথ্য-

শুকুৰবাৰে এক্সিয়াম স্পেছে জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত এক্সিয়াম মিছন ৪ (এক্স-৪)ৰ ক্ৰুৱে নিজৰ গৱেষণা প্ৰকল্প সম্পূৰ্ণ কৰি আছে । ইয়াত উপস্থিত হোৱাৰ পিছৰে পৰা তেওঁলোকে ৬০টাতকৈও অধিক বৈজ্ঞানিক গৱেষণামূলক কাৰ্য্যকলাপ চলাইছে আৰু ২০টাতকৈও অধিক আউটৰিচ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে । এই সকলোবোৰ প্ৰকল্পই এনে গৱেষণাক প্ৰসাৰিত কৰিছে যিয়ে মহাকাশ অন্বেষণৰ ভৱিষ্যতত অৰিহণা যোগাব আৰু লগতে পৃথিৱীত আহিবলগীয়া প্ৰজন্মক অনুপ্ৰাণিত কৰিব ।

আই এছ এছত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই ৭টা ইণ্ডিয়া স্পেচিফিক মাইক্ৰ’গ্ৰেভিটি এক্সপেৰিমেণ্ট চলাইছিল, যিয়ে মহাকাশ বিজ্ঞানত ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থ্য প্ৰদৰ্শন কৰে । এই পৰীক্ষাসমূহে ভৱিষ্যতৰ অভিযান আৰু দীৰ্ঘম্যাদী মহাকাশ উৰণৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰদান কৰিব ।

ইছৰোৱে নিৰীক্ষণ কৰি আছে স্বাস্থ্য-

এই পৰীক্ষাসমূহ এতিয়া অধিক বিশ্লেষণৰ বাবে পৃথিৱীলৈ আনিবলৈ প্ৰস্তুত কৰা হৈছে । ইফালে, মাইক্ৰ’ এলগে, শস্যৰ বীজ আৰু ভয়েজাৰ ডিছপ্লেৰ ওপৰত গুৰুত্ব আৰোপ কৰা আন তিনিটা পৰীক্ষা সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু ই ভাৰতৰ মহাকাশ গৱেষণা পৰ্টফলিঅ’ক শক্তিশালী কৰি তুলিব । এই সকলোবোৰৰ মাজতে ইছৰোৰ ফ্লাইট ছাৰ্জনে সমগ্ৰ অভিযানত ব্যক্তিগত চিকিৎসা আৰু মানসিক সন্মিলনৰ জৰিয়তে গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ স্বাস্থ্য আৰু মানসিক সুস্থতা অহৰহ নিৰীক্ষণ কৰি আছে ।

খবৰ অনুসৰি মহাকাশচাৰীসকলৰ স্বাস্থ্য ভাল আৰু উচ্চ মনোবল । স্প্লেচডাউনৰ পিছত গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই ইছৰোৰ ফ্লাইট ছাৰ্জনৰ তত্বাৱধানত ৭ দিনীয়া কোৱাৰেণ্টাইনত থাকিব । মহাকাশত কেইবা সপ্তাহ কটোৱাৰ পিছত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ লগত অভ্যস্ত হ’বলৈ এই পৰ্যায়টো প্ৰয়োজনীয় ।

লগতে পঢ়ক : ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত; গগণযানৰ বাবে সাজু ইঞ্জিন

ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত; গগণযানৰ বাবে সাজু ইঞ্জিন

ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি পূৰ্ণগতিত

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে কয় যে গগণযান অভিযানৰ বাবে চাৰ্ভিছ মডিউল প্ৰপালচন চিষ্টেম (এছ এম পি এছ)ৰ কাম সফলতাৰে সম্পূৰ্ণ কৰা হৈছে । ইয়াৰ লগতে এই ব্যৱস্থাৰ প্ৰয়োজনীয় সকলো পৰীক্ষাও সম্পূৰ্ণ কৰা হৈছে । শুকুৰবাৰে এই ব্যৱস্থাৰ এটা ডাঙৰ পৰীক্ষা ৩৫০ ছেকেণ্ড (প্ৰায় ৬ মিনিট)ৰ বাবে কৰা হৈছিল । ইয়াৰ উদ্দেশ্য আছিল উৰণৰ সময়ত কোনো সমস্যা হ’লে আৰু মিছনটো মাজভাগত বন্ধ কৰি দিবলগীয়া হ’লে এই ব্যৱস্থাটোৱে সঠিকভাৱে কাম কৰে নে নাই (যাক ‘মিছন এবৰ্ট’ বুলি কোৱা হয়) চাব লাগে ।

গগণযান অভিযান ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান । ইছৰোৱে এক বিবৃতিত কয় যে হট পৰীক্ষাৰ সময়ত ভৱিষ্যদ্বাণী অনুসৰি প্ৰপালচন ব্যৱস্থাৰ কাৰ্য্যক্ষমতা স্বাভাৱিক আছিল । ইছৰোৰ মতে, গগণযানৰ চাৰ্ভিচ মডিউলত এটা বিশেষ ব্যৱস্থা স্থাপন কৰা হৈছে যিটো দুবিধ ইন্ধনেৰে চলি থাকে । এই ব্যৱস্থাই মানুহৰ লগত মহাকাশলৈ যোৱা অংশটোক সহায় কৰে । ইয়াৰ কাম হ’ল ৰকেটটোক সঠিক কক্ষপথলৈ লৈ যোৱা, উৰণৰ সময়ত দিশ নিয়ন্ত্ৰণ কৰা, প্ৰয়োজনৰ সময়ত ৰকেটৰ গতি লেহেমীয়া কৰা আৰু কিবা সমস্যা হ’লে মিছনটো মাজভাগত বন্ধ কৰি নিৰাপদে মহাকাশচাৰীসকলক ঘূৰাই অনা ।

এই অভিযানত দুটা বিশেষ ধৰণৰ ইঞ্জিনে কাম কৰে- লিকুইড এপ’জি মটৰ (LAM)-এ ৰকেটটোক সঠিক কক্ষপথলৈ অনাত সহায় কৰে আৰু তাৰ পিছত লাহে লাহে তললৈ নমাই অনাত সহায় কৰে । ৰিয়েকচন কণ্ট্ৰল চিষ্টেমে (RCS) ৰকেটৰ দিশ অতি নিখুঁতভাৱে নিয়ন্ত্ৰণ কৰে । ইছৰোৱে কয় যে এছ এম পি এছ সঠিকভাৱে পৰীক্ষা কৰিবলৈ এটা মডেল প্ৰস্তুত কৰা হৈছিল, যাক চিষ্টেম ডেম’নষ্ট্ৰেচন মডেল (এছ ডি এম) বুলি কোৱা হয় । এই মডেলত প্ৰকৃত ব্যৱস্থাটোত থাকিব পৰা সকলো অংশও অন্তৰ্ভুক্ত কৰা হৈছে- যেনে ইন্ধনৰ টেংকৰ পৰা ইন্ধন পঠোৱা ব্যৱস্থা, হিলিয়াম গেছৰ চাপ বজাই ৰখা ব্যৱস্থা, উৰণৰ সময়ত কাম কৰা সৰু ইঞ্জিন (থ্ৰাষ্টাৰ) আৰু সেইবোৰ নিয়ন্ত্ৰণ কৰা সঁজুলি ।

এই মডেলৰ ওপৰত ইছৰোৱে ২৫টা ভিন্ন পৰীক্ষা চলাইছিল- কিছুমান স্বাভাৱিক পৰিস্থিতিত আৰু কিছুমান কঠিন পৰিস্থিতিত । এই সকলোবোৰ পৰীক্ষা একেলগে মুঠ ১৪,৩৩১ ছেকেণ্ড (প্ৰায় ৪ ঘণ্টা) চলিছিল । তেওঁলোকৰ উদ্দেশ্য আছিল এই ব্যৱস্থাই গগণযান অভিযানৰ বিভিন্ন পৰ্যায় আৰু মানুহক নিৰাপদে কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তা পূৰণ কৰে নেকি সেয়া চোৱা ।

ইছৰোৱে কয় যে এই প্ৰপালচন চিষ্টেমটো ইয়াৰ লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰ (এল পি এছ চি)ত ডিজাইন, পৰিকল্পনা আৰু নিৰ্মাণ কৰা হৈছিল । ইয়াৰ সকলো পৰীক্ষা তামিলনাডুৰ মহেন্দ্ৰগিৰিত অৱস্থিত ইছৰোৰ প্ৰপালচন কমপ্লেক্স (আই পি আৰ চি)ত কৰা হৈছিল, য’ত ৰকেটৰ ইঞ্জিন আৰু ইয়াৰ লগত জড়িত ব্যৱস্থাসমূহ পৰীক্ষা কৰা হয় ।

লগতে পঢ়ক : মহাকাশত শুভাংশু শুক্লাই কৰিলে মগু আৰু মেথিৰ খেতি…

ISRO ৰ সফলতা; প্ৰথমবাৰলৈ উত্তৰ প্ৰদেশত পেলোডৰ সৈতে ৰকেট উৎক্ষেপণ পৰীক্ষণ

ISRO ৰ সফলতা

উত্তৰ প্ৰদেশৰ কুশনগৰ জিলাৰ পৰা এটা ডাঙৰ খবৰ আহিছে। ISRO আৰু ইন-স্পেচৰ সহযোগত ভাৰতীয় মহাকাশ সমাজে এটা ৰকেট উৎক্ষেপণৰ সফলতাৰে পৰীক্ষা কৰিছিল।

ইয়াৰ বিশেষ কথাটো আছিল যে এই ৰকেটৰ লগতে এটা পেলোডো পঠিওৱা হৈছিল।এই পৰীক্ষা সফলতাৰে সম্পূৰ্ণ হ’ল।শনিবাৰে সন্ধিয়া ৫:১৪ বজাত উৎক্ষেপণ কৰা এই মডেল ৰকেটটোৱে ১.১১ কিলোমিটাৰ উচ্চতাত উপনীত হয়।

সমগ্ৰ অঞ্চলটোৰ লগতে সমগ্ৰ দেশৰ শিশুসকলৰ মাজত মহাকাশ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ জগাই তোলাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

প্ৰথমবাৰৰ বাবে ৰকেট উৎক্ষেপণৰ পৰীক্ষণ

আচলতে উত্তৰ প্ৰদেশৰ কুশনগৰ জিলাত এটা সফল মডেল ৰকেট উৎক্ষেপণ পৰীক্ষণ কৰা হৈছিল।এইটো প্ৰথমবাৰলৈ হৈছে যেতিয়া ৰাজ্যৰ পৰা ৰকেটৰ জৰিয়তে পেলোড নিক্ষেপ কৰা হৈছে।

বিষয়াসকলে এই সন্দৰ্ভত তথ্য প্ৰদান কৰে।ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰ (IN-SPACe) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ সহযোগত ভাৰতীয় মহাকাশ সমাজৰ দ্বাৰা এই পৰীক্ষা শনিবাৰে কৰা হৈছিল।ইয়াৰ মাজতে আবেলি ৫:১৪ বজাত মডেল ৰকেটখন ১.১১ কিলোমিটাৰলৈ উঠি যায়।

১.১ কিলোমিটাৰ উচ্চতাত উপনীত হ’ল ৰকেট

পৰীক্ষণ স্থানত উপস্থিত থকা ইছৰোৰ বিজ্ঞানী অভিষেক সিঙে কয় যে, “ৰকেটটো সন্ধিয়া ৫ বাজি ১৪ মিনিট ৩৩ ছেকেণ্ডত নিক্ষেপ কৰা হৈছিল , যি ১.১ কিলোমিটাৰ উচ্চতাত উপনীত হয়”।

“ইয়াৰ পিছত এটা সৰু উপগ্ৰহ (পেলোড) ওলাই আহিল। যেতিয়াই ই পাঁচ মিটাৰ নামি আহে, ইয়াৰ পেৰাচুট সক্ৰিয় হৈ যায় আৰু উপগ্ৰহটো মাটিৰ পৰা ৪০০ মিটাৰ দূৰত্বত নামি আহে। ১৫ কিলোগ্ৰাম ওজনৰ ৰকেটটোও নিৰাপদে অৱতৰণ কৰোৱা হয়।”

সফলতাৰে কৰা হ’ল পৰীক্ষণ

ইয়াৰ উপৰিও ইন-স্পেচৰ প্ৰচাৰ সঞ্চালকালয়ৰ সঞ্চালক বিনোদ কুমাৰে পৰীক্ষাৰ সফলতা নিশ্চিত কৰে।তেওঁ কয় যে, “এই কাৰ্যসূচী সমগ্ৰ অঞ্চলটোৰ লগতে সমগ্ৰ দেশৰ শিশুসকলৰ মাজত মহাকাশ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ জগাই তোলাৰ বাবে আয়োজন কৰা হৈছে।”

বিনোদ কুমাৰে কয় যে উত্তৰ প্ৰদেশত প্ৰথমবাৰৰ বাবে ৰকেটৰ দ্বাৰা পোনপটীয়াকৈ উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল, যিটো সম্পূৰ্ণ সফল হৈছিল।IN-SPACe হৈছে মহাকাশ বিভাগৰ (DoS) অধীনত কাম কৰা এটা স্বায়ত্তশাসিত সংস্থা।

লগতে পঢ়ক: পুনেত ভয়ংকৰ ঘটনা; দলং ভাঙি নৈত পৰিল ২০ জনৰো অধিক লোক

শুভাংশু শুক্লাৰ এক্স-৪ অভিযানৰ নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা; এতিয়া এই দিনটোত যাব মহাকাশলৈ

শুভাংশু শুক্লাৰ এক্স-৪ অভিযানৰ নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ এক্সিয়াম-৪ অভিযান অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কিছুদিন পিছতে ইছৰোৱে নতুন উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰিছে । এক্সিয়াম-৪ অভিযানত মহাকাশ ভ্ৰমণৰ প্ৰথমটো প্ৰস্তুতি চলোৱাৰ সময়তে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে শুভাংশু শুক্লা । এতিয়া ১৯ ​​জুনত আনুষ্ঠানিকভাৱে এই অভিযান আৰম্ভ হোৱাৰ কথা । ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচএক্সৰ নিৰ্ভৰযোগ্য ফেলকন ৯ ৰকেটত উৰা মাৰিব এই অভিযান ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো), এক্সিয়াম স্পেচ আৰু স্পেচএক্সৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এই উৎক্ষেপণৰ তাৰিখ নিশ্চিত কৰা হয় । বৈঠকৰ সময়ত বিষয়াসকলে শেহতীয়া কাৰিকৰী উদ্বেগসমূহৰ বিষয়ে আলোচনা কৰে, বিশেষকৈ ফেলকন ৯ উৎক্ষেপণ বাহনখনত তৰল অক্সিজেন লিক হোৱাৰ বিষয়ে । স্পেচএক্সৰ অভিযন্তাসকলে এতিয়া এই সমস্যা সমাধান কৰিছে আৰু ৰকেটটো এতিয়া পৰৱৰ্তী অভিলাষী অভিযানৰ বাবে সাজু হৈছে ।

ভাৰতীয় বায়ুসেনাৰ চাৰ্ভিং পাইলট তথা ইছৰোৰ নতুন মহাকাশচাৰী শুভাংশু শুক্লাই এক্স-০৪ অভিযানৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰুৰ সৈতে যোগদান কৰিব । ভাৰতৰ মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবে এয়া এক উল্লেখযোগ্য মাইলৰ খুঁটি, কিয়নো আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা কৰা কেইজনমান ভাৰতীয়ৰ ভিতৰত অন্যতম হ’ব শুভ্ংশু শুক্লা ।

কি হয় এক্সিয়াম মিছন ৪ ?

পোলেণ্ড আৰু হাংগেৰীৰ লগতে এই অভিযান ভাৰতৰ বাবে ঐতিহাসিক হ’ব । এই দুয়োখন দেশে ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে মানৱ মহাকাশ উৰণত অংশগ্ৰহণ কৰিব । ভাৰত, পোলেণ্ড আৰু হাংগেৰীয়ে যৌথ অভিযানৰ অধীনত আই এছ এছলৈ একেলগে যাব প্ৰথমবাৰৰ বাবে । এই অভিযানটো ফেলকন ৯ ৰকেটত স্পেচএক্স ড্ৰেগন কেপচুলত উৎক্ষেপণ কৰা হ’ব । এক্সিয়াম-৪ৰ ক্ৰুৰ উৎক্ষেপণ ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা হ’ব ।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱা প্ৰথম ভাৰতীয়-

এই অভিলাষী অভিযানৰ অধীনত ভাৰতে অতি সোনকালে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিবলৈ ওলাইছে । ভাৰতৰ শুভাংশু শুক্লা এতিয়া মহাকাশলৈ যোৱা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ’বলৈ ওলাইছে । কেৱল এয়াই নহয়, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হোৱা তেওঁ হ’ব প্ৰথম ভাৰতীয় । এই অভিযান আমেৰিকাৰ মহাকাশ অভিযান কোম্পানী এক্সিয়াম স্পেচ আৰু নাছাৰ সহযোগত সম্পন্ন কৰা হৈছে । লগতে এই অভিযানত ইলন মাস্কৰ স্পেচএক্সে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

লগতে পঢ়ক : এইখন দেশত নিষিদ্ধ হ’ব Telegram আৰু WhatsApp! আহিব নতুন এপ

১৮ মে’ত ইছৰোৰ ১০১ সংখ্যক উৎক্ষেপণ… শত্ৰুৰ ওপৰত নজৰ ৰাখিব উপগ্ৰহে

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ PSLV-C61/EOS-09 অভিযানৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । ২০২৫ চনৰ ১৮ মে’ত পুৱা ৫:৫৯ বজাত সতীশ ধাৱান মহাকাশ কেন্দ্ৰ শ্ৰীহৰিকোটাৰ পৰা ISRO উৎক্ষেপণ কৰিবলৈ সাজু হৈছে । এয়া ইছৰোৰ ১০১ সংখ্যক উৎক্ষেপণ ।

শেহতীয়াকৈ মুকলি কৰা এটা ভিডিঅ’ই এই অভিযানৰ প্ৰস্তুতি আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে । এই ভিডিঅ’টোত পি এছ এল ভি ৰকেটটো পেলোড ইন্টিগ্ৰেচন ফেচিলিটি (পি আই এফ)ৰ পৰা মোবাইল চাৰ্ভিচ টাৱাৰ (এম এছ টি)লৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া বন্দী কৰা হৈছে, যিটো উৎক্ষেপণৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

ইছৰোৱে পি আই এফৰ পৰা এম এছ টিলৈ পি এছ এল ভি-চি৬১/ই অ’ এছ-০৯ৰ গতিবিধিৰ এটা টাইমলেপছ ভিডিঅ’ মুকলি কৰে, য’ত এই অভিযানৰ বাবে প্ৰস্তুতিৰ নিখুঁততা আৰু জটিলতা দেখুওৱা হৈছে । এই ভিডিঅ’টোত ইছৰোৰ অভিযান্ত্ৰিক দক্ষতা, দলীয় কাম আৰু সমৰ্পণ প্ৰতিটো ফ্ৰেমত বন্দী কৰা হৈছে ।

এই প্ৰক্ৰিয়াটো লঞ্চ পেডত চূড়ান্ত একীকৰণৰ বাবে ৰকেটটো প্ৰস্তুত কৰাৰ এক জটিল অংশ । ভিডিঅ’টোত পি এছ এল ভি ৰকেটটো কেনেদৰে সাৱধানতাৰে স্থানান্তৰ কৰা হয় তাক দেখুওৱা হৈছে ।

মিছনৰ উদ্দেশ্য-

পি এছ এল ভি-চি৬১ অভিযানত উন্নত ৰাডাৰ ইমেজিং উপগ্ৰহ EOS-09 (RISAT-1B) উপগ্ৰহ কঢ়িয়াই অনা হৈছে । এই উপগ্ৰহটোৰ ওজন ১৭১০ কিলোগ্ৰাম । চি-বেণ্ডত চিন্থেটিক এপাৰচাৰ ৰাডাৰ (SAR) আছে, যাৰ ফলত ই দিনে-নিশাই, সকলো বতৰতে উচ্চ ৰেজোলিউচনৰ ছবি ল’ব পাৰে ।

কৃষি, বন নিৰীক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা, নগৰ পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে ক্ষেত্ৰত সহায় কৰা ই অ’ এছ-০৯ৰ মূল উদ্দেশ্য । বিশেষকৈ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে শেহতীয়া নিৰাপত্তাজনিত ঘটনাৰ ওপৰত নজৰ ৰাখিব পৰা যাব । স্পৰ্শকাতৰ সীমান্ত আৰু উপকূলীয় অঞ্চলৰ ওপৰত চোৰাংচোৱাগিৰি বৃদ্ধিৰ বাবে এই উপগ্ৰহৰ নিয়োগ ক্ষিপ্ৰতাৰে কৰা হৈছে ।

৫২টা উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনা-

ইয়াৰ উপৰিও ভৱিষ্যতে ইছৰোৱে নিজৰ মহাকাশ সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে । অহা পাঁচ বছৰত ইছৰোৱে ব্যক্তিগত খণ্ডৰ সহযোগত ৫২টা উপগ্ৰহৰ নক্ষত্ৰমণ্ডল নিৰ্মাণৰ পৰিকল্পনা কৰিছে, যাৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা, সীমান্ত নিৰীক্ষণ আৰু উপকূলীয় নিৰাপত্তা উন্নত হ’ব । ২০২৫-২০৩০ চনৰ ভিতৰত ইছৰোৱে ১৫০-২০০ৰো অধিক উপগ্ৰহ উৎক্ষেপণৰ লক্ষ্য ৰাখিছে । ইয়াৰ দ্বাৰা ১০০-১৫০ টা উপগ্ৰহ কক্ষপথত ৰখাৰ পৰিকল্পনা কৰা হৈছে, যিটো এক শক্তিশালী নিৰীক্ষণ ব্যৱস্থাত পৰিণত হ’ব ।

‘সুৰক্ষাৰ বাবে ১০টা উপগ্ৰহে অহৰহ নিৰীক্ষণ কৰি আছে’… ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ মাজতে ইছৰোৰ মুৰব্বীৰ বিবৃতি

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুৰব্বী ভি নাৰায়ণনে কয় যে দেশৰ নিৰাপত্তাৰ বাবে কৌশলগত উদ্দেশ্যত ইছৰোৰ ১০টা উপগ্ৰহে অবিৰতভাৱে নিৰীক্ষণ কৰি আছে । দেওবাৰে ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ত সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ভি নাৰায়ণনে এই তথ্য প্ৰদান কৰে । ইছৰোৰ মুৰব্বীয়ে কয় যে ‘কৌশলগত লক্ষ্য পূৰণৰ বাবে আৰু দেশবাসীৰ সুৰক্ষাৰ বাবে কমেও ১০টা উপগ্ৰহে ২৪ ঘণ্টা ধৰি অবিৰতভাৱে কাম কৰি আছে ।’

উপগ্ৰহৰ সহায়ত নিৰীক্ষণ কৰা হৈছে-

ভি নাৰায়ণনে কয়, ‘সকলোৱে আমাৰ ওচৰ-চুবুৰীয়াৰ কথা জানে । এনে পৰিস্থিতিত আমি উপগ্ৰহৰ সহায় লৈ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব । আমি ৭০০০ কিলোমিটাৰ এলেকা সামৰি লৈছো । লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহৰহ পৰ্যবেক্ষণ চলি আছে আৰু উপগ্ৰহ আৰু ড্ৰোনৰ সহায় অবিহনে আমি এইখিনি লাভ কৰিব নোৱাৰো ।‘

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে সংঘটিত হয় সামৰিক সংঘাত-

ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ পাছতে শনিবাৰে সন্ধিয়া যুদ্ধবিৰতি ঘোষণা কৰাৰ সময়তে ইছৰোৰ মুৰব্বীৰ এই বক্তব্য প্ৰকাশ পাইছে । সেনাই কয় যে দেওবাৰে নিশা সীমান্তত সম্পূৰ্ণ শান্তি আছিল আৰু গুলীচালনাৰ কোনো ঘটনা হোৱা নাই ।

উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন নিৰীহ লোক নিহত হৈছিল । ইয়াৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সৃষ্টি হয় । ৬-৭ মে’ৰ মধ্যৱৰ্তী নিশা ভাৰতে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি নিখুঁত আক্ৰমণ চলায় । ভাৰতৰ আক্ৰমণত বহু সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে । ইয়াৰ পিছত পাকিস্তানে ভাৰতৰ বহু চহৰক লক্ষ্য কৰি লোৱাৰ বিফল প্ৰচেষ্টা চলাইছিল যদিও ভাৰতৰ আগত সফল হ’ব পৰা নাছিল । ইতিমধ্যে শনিবাৰে সন্ধিয়া দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ চুক্তি হয় ।

২০২৭ত আৰম্ভ হ’ব চনত মিছন গগনযান… ইছৰোৰ মুৰব্বীয়ে ক’লে- প্ৰথমে ব্যোমমিত্ৰক পঠিয়াব মহাকাশলৈ

ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান ‘গগনযান’ এতিয়া ২০২৭ চনৰ প্ৰথম ত্ৰৈমাসিকত উৎক্ষেপণ কৰা হ’ব । পূর্বে ২০২২ চনত এই মিছন হোৱাৰ কথা আছিল যদিও এতিয়া প্রায় পাঁচ বছৰ পলম হৈছে ৷ এই জটিল অভিযান আৰম্ভ কৰিবলৈ এতিয়াও বহু কাৰিকৰী প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া আছে । নাৰায়ণনে কয় যে চলিত বৰ্ষৰ শেষৰ ফালে প্ৰথমটো মানৱবিহীন অভিযান আৰম্ভ কৰা হ’ব । ইয়াৰ পিছত ২০২৬ চনত আৰু দুটা মানৱবিহীন অভিযান সম্পন্ন হ’ব ।

সংবাদমেলত ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে, ‘এতিয়া ২০২৭ চনৰ প্ৰথম ত্ৰৈমাসিকত প্ৰথম মানৱ অভিযান আৰম্ভ হ’ব ।’ তেওঁ আৰু কয়, ‘ইছৰোৱে মহাকাশচাৰীক পৃথিৱীৰ নিম্ন কক্ষপথলৈ পঠোৱাৰ পূৰ্বে মানৱবিহীন অভিযানৰ অংশ হিচাপে মহাকাশলৈ অৰ্ধমানৱীয় ৰবট ‘ব্যোমমিত্ৰ’ প্ৰেৰণ কৰিব ।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত স্বাধীনতা দিৱসৰ ভাষণত গগনযান অভিযানৰ কথা ঘোষণা কৰিছিল । ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ উৰণৰ বাবে ২০২২ চনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু কোভিড মহামাৰীয়ে মহাকাশচাৰীৰ প্ৰশিক্ষণত বাধাৰ সৃষ্টি কৰিছিল । মিছনৰ সৈতে জড়িত প্ৰযুক্তিসমূহ প্ৰস্তুত কৰিবলৈও অধিক সময় প্ৰয়োজন হৈছে ।

গগনযান অভিযানত মহাকাশচাৰীক পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ ওপৰলৈ প্ৰেৰণ কৰা হ’ব আৰু কিছুদিনৰ পাছত তেওঁলোকক নিৰাপদে ঘূৰাই অনা হ’ব । ইয়াৰ বাবে ইছৰোৱে পৰিৱেশ নিয়ন্ত্ৰণ আৰু জীৱন সহায়ক ব্যৱস্থা (ECLSS) নামৰ এটা ব্যৱস্থা প্ৰস্তুত কৰিছে, যিয়ে মহাকাশযানখনৰ ভিতৰৰ উষ্ণতা, বায়ুৰ গুণাগুণ, চাপ আৰু আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰিব । ইয়াৰ উপৰিও মহাকাশচাৰীসকলৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু জীৱন-যাপনৰ পৰিৱেশ চম্ভালিব ।

নাৰায়ণনে কয়, ‘এইটো এটা অতি জটিল প্ৰক্ৰিয়া । কিন্তু মই ক’ব বিচাৰো যে ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু এতিয়া আমি চূড়ান্ত পৰীক্ষাৰ পৰ্যায়ত আছো । গগনযান অভিযান সফল হ’লে ৰাছিয়া, আমেৰিকা আৰু চীনৰ পাছত নিজাববীয়াকৈ মহাকাশলৈ মানুহ পঠোৱা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত ।

ডিচেম্বৰ মাহত পি এছ এল ভি ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা দুটা উপগ্ৰহৰ সৈতে কৰা মহাকাশ ডকিং পৰীক্ষা সফল হোৱা বুলি নাৰায়ণনে কয় । এতিয়া ইছৰোৱে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ স্পেডেক্স-২ প্ৰস্তুত কৰিছে । ইয়াৰ প্ৰস্তাৱ শীঘ্ৰে চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব বুলিও তেওঁ কয় ।

মহাকাশ দুৰ্যোগৰ বাবে আন্তঃৰাষ্ট্ৰীয় চনদৰ মুৰব্বী হ’ল ইছৰো, ছমাহৰ হ’ব কাৰ্যকাল

মহাকাশ দুৰ্যোগৰ বাবে আন্তঃৰাষ্ট্ৰীয় চনদৰ মুৰব্বী হ’ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো । ‘মহাকাশ আৰু বৃহৎ দুৰ্যোগৰ আন্তৰ্জাতিক চনদ’ৰ প্ৰমুখ হিচাপে নিৰ্বাচিত কৰা হৈছে ইছৰোক । ২০২৫ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা পৰৱৰ্তী ছমাহলৈকে ইছৰো এই ভূমিকাত থাকিব । ইছৰোৰ ৰাষ্ট্ৰীয় ৰিম’ট চেন্সিং চেণ্টাৰত ১৪-১৭ এপ্ৰিলৰ পৰা এই চনদৰ ৫৩ সংখ্যক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকতে ইছৰোক আন্তঃৰাষ্ট্ৰীয় চনদৰ মুৰব্বী হিচাপে নিৰ্বাচিত কৰা হয় । বিশ্বৰ শীৰ্ষ মহাকাশ সংস্থাসমূহৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত অংশগ্ৰহণ কৰিবলৈ হায়দৰাবাদত উপস্থিত হয় ২২ গৰাকী বিদেশী প্ৰতিনিধি ।

বিশ্ব দুৰ্যোগ পৰিচালনাত কৰিব সহায়-

ইছৰোৱে এক বিবৃতিত কয় যে ভাৰত এই চনদৰ স্বাক্ষৰকাৰী, যিখন চনদৰ ২০২৫ চনত ২৫ বছৰ সম্পূৰ্ণ হ’ব । ইছৰো ইয়াৰ প্ৰতিষ্ঠাপক সদস্য । চনদখনে ১৭টা সদস্য সংস্থাৰ বাবে সহযোগিতামূলক কাঠামো হিচাপে কাম কৰে । এই চনদখনে সমগ্ৰ বিশ্বৰ দুৰ্যোগ পৰিচালনাৰ বাবে পৃথিৱী পৰ্যবেক্ষণৰ তথ্য উপলব্ধ কৰে । ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে আন্তঃৰাষ্ট্ৰীয় চনদৰ ব’ৰ্ডৰ সদস্যসকলক সম্বোধন কৰি দুৰ্যোগ ব্যৱস্থাপনা সমৰ্থনৰ বাবে মহাকাশ প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত চনদৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰে ।

শনিবাৰে ইছৰোৱে কয় যে চন্দ্ৰযান-৪ সন্দৰ্ভত ৰাষ্ট্ৰীয় বিজ্ঞান সভাৰ আয়োজন কৰা হৈছে । চন্দ্ৰৰ পৰা নমুনা ঘূৰাই অনাৰ বাবে চন্দ্ৰযান-৪ অভিযানৰ বিষয়টোক লৈ এই বৈঠক অনুষ্ঠিত হয় । ১৬ এপ্ৰিলত অনুষ্ঠিত এই বৈঠকত মহাকাশ বিজ্ঞানৰ সৈতে জড়িত বহু লোকে অংশগ্ৰহণ কৰে । ইয়াৰে আধা সংখ্যক আছিল ১২খন গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিনিধি । ইছৰোৰ বৈজ্ঞানিক সচিব এম গণেশ পিল্লাই অনুষ্ঠানৰ সময়ত চন্দ্ৰযান-৪ অভিযানৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় বৈঠকৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।