‘লাহোৰ এৰি যাওক নহ’লে..’; পাকিস্তানত থকা আমেৰিকাৰ নাগৰিকক ট্ৰাম্পৰ সতৰ্কবাণী

ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণত লৈ উত্তেজনা বৃদ্ধি পাইছে।ইফালে আমেৰিকাই পাকিস্তানৰ লাহোৰত থকা সকলো কনছুলেট কৰ্মচাৰীক ‘শ্বেল্টাৰ-ইন-প্লেচ’ (নিৰাপদ স্থানত থকা)ৰ নিৰ্দেশনা দিছে।

লাহোৰ আৰু ইয়াৰ আশে-পাশে ড্ৰ’ন বিস্ফোৰণৰ পিছত আমেৰিকাই তেওঁলোকৰ লোক সকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে।

আমেৰিকাৰ দূতাবাসৰ পৰামৰ্শদাতাই কয় যে তেওঁলোকে প্ৰাৰম্ভিক খবৰ লাভ কৰিছে যে লাহোৰৰ মূল বিমানবন্দৰৰ আশে-পাশে থকা কিছু অঞ্চল পাকিস্তান প্ৰশাসনে খালী কৰিব পাৰে।

লাহোৰ আৰু পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ আমেৰিকাৰ নাগৰিকসকলকো সকীয়াই দিয়া হৈছে যে, যদি তেওঁলোক সক্ৰিয় সংঘাতৰ অঞ্চলত আছে আৰু নিৰাপদে যাব পাৰে, তেন্তে তাৰ পৰা গুচি যাওক। যদি এয়া সম্ভৱ নহয়, তেন্তে নিৰাপদ স্থানত আশ্ৰয় লওক।

পহলগামৰ ঘটনাক লৈ কঠোৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ প্ৰতিশ্ৰুতি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিৰীহ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমেৰিকাৰ সহায় সহযোগিতাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে । আমেৰিকাৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে এই কাপুৰুষ আৰু জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ দোষী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলক শাস্তি দিবলৈ বদ্ধপৰিকৰ বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে থিয় দিছে আমেৰিকা-

ৰাষ্ট্ৰপতি ট্ৰাম্পে পহলগামৰ বৈছাৰণত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে । এই জঘন্য কাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ বাবে ভাৰতক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । ট্ৰাম্পে কয় যে এই কঠিন সময়ত আমেৰিকা ভাৰতৰ সৈতে থিয় দিছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু ।

এই আক্ৰমণক গৰিহণা দিছে বিশ্বৰ নেতাসকলে-

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পূৰ্বেও বিশ্বৰ বহু নেতাই এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনি আৰু ছৌদি আৰবেও এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ভাৰতক সমৰ্থন প্ৰকাশ কৰিছে । জাৰ্মানী, শ্ৰীলংকা আৰু ইজৰাইলেও এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ভাৰতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনত কথা পতাৰ পূৰ্বেও ট্ৰাম্পে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰে । তেওঁ লিখিছে, কাশ্মীৰৰ পৰা অতি দুখজনক খবৰ আহিছে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় দিছে । প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতবাসীৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আৰু গভীৰ সমবেদনা । আমাৰ সমবেদনা আপোনালোক সকলোৰে লগত আছে । এই আক্ৰমণক গৰিহণা দি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে ।

মোদী আৰু জে ডি ভেন্সৰ সাক্ষাৎ… প্ৰধানমন্ত্ৰীৰ বাসগৃহত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি উষ্ম আদৰণি

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স । সোমবাৰে পুৱা ৯.৪৫ বজাত তেওঁৰ বিমান দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰে । বিমানবন্দৰত তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় । তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ । ইয়াৰ পিছতে ভাৰত ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ সন্ধিয়া প্ৰধানমন্ত্ৰী গৃহত উপস্থিত হয় ভেন্স । এই ভ্ৰমণক দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন সুযোগ সৃষ্টি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

প্ৰধানমন্ত্ৰী মোদী আৰু জে ডি ভেন্সৰ সাক্ষাৎ-

৭ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জে ডি ভেন্সৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় । ভেন্সৰ পত্নী আৰু সন্তানকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ভেন্স পৰিয়ালক উষ্ম আদৰণি জনোৱা হয় ।

জে ডি ভেন্সৰ এই ভাৰত ভ্ৰমণ অতি বিশেষ । তেওঁ পৰিয়ালসহ ভাৰতলৈ আহিছে । পত্নী উষা আৰু সন্তান ইভান, বিবেক আৰু মিৰাবেলো ভেন্সৰ সৈতে আছে । আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছে জে ডি ভেন্স ।

ভাৰতত উপস্থিত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি… দিল্লীৰ লগতে যাব জয়পুৰ আৰু আগ্ৰালৈ

সোমবাৰে পুৱা প্ৰায় ৯.৩০ বজাত দিল্লীত উপস্থিত হয় আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স । বিমানবন্দৰত তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় । তেওঁক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে । সেই সময়ত ভেন্সৰ তিনিটা সন্তান ইভান, বিবেক আৰু মিৰাবেলক ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল । ইয়াৰ পিছত তেওঁ পৰিয়ালৰ সৈতে অক্ষৰধাম মন্দিৰ পৰিদৰ্শন কৰে । চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ অহা ভেন্সে তেওঁৰ পৰিয়ালৰ সৈতে সোমবাৰে নিশা প্ৰায় ৯ বজাত জয়পুৰত উপস্থিত হ’ব । ভাৰত ভ্ৰমণৰ বেছিভাগ সময় তেওঁ ৰাজস্থানত কটাব আৰু চমু আগ্ৰা ভ্ৰমণ কৰিব ।

জয়পুৰত ভেন্স পৰিয়াল ৰামবাগ পেলেচত থাকিব, য’ত তেওঁলোক নিশা ১০ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই হাই-প্ৰফাইল ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানত দুহেজাৰৰো অধিক আৰক্ষী মোতায়েন কৰা হৈছে ।

মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হ’ব উপ-ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক কাৰ্যসূচী । তেওঁ মুখ্যমন্ত্ৰী শৰ্মা আৰু উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীৰ সৈতে পুৱা ৯ বজাত আমেৰলৈ যাব । দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি হোটেললৈ উভতি অহাৰ পূৰ্বে আমেৰ দুৰ্গ, পান্না মীনা কা কুণ্ড আৰু অনোখী মিউজিয়াম পৰিদৰ্শন কৰিব ভেন্সে ।

মঙলবাৰে বিয়লি ২.৪৫ বজাত ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ ওপৰত ভাষণ প্ৰদান কৰিব ভেন্সে । বিয়লি ৪ বজাত তেওঁ হোটেললৈ উভতি আহিব, য’ত ভি আই পি, গণ্যমান্য ব্যক্তিৰ সৈতে বৈঠক হোৱাৰ সম্ভাৱনা আছে । বুধবাৰে পুৱা ৯ বজাত তেওঁ জয়পুৰৰ পৰা বিশেষ বিমানেৰে আগ্ৰালৈ ৰাওনা হ’ব ।

তাজমহল পৰিদৰ্শন কৰাৰ পিছত দিনৰ ১.২৫ বজাত জয়পুৰলৈ উভতি আহিব । বিষয়াসকলে জনোৱা মতে, বিয়লি ২ বজাত চিটি পেলেচ ভ্ৰমণৰ কথা আছে, য’ত উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীয়ে তেওঁক আদৰণি জনাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব । উপ-ৰাষ্ট্ৰপতি ভেন্স আৰু তেওঁৰ পৰিয়ালে ভ্ৰমণৰ সামৰণি মাৰি বৃহস্পতিবাৰে পুৱা ৬.৩০ বজাত বিশেষ বিমানেৰে ৱাশ্বিংটন ডি চিলৈ যাত্ৰা কৰিব ।

অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে, সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীক

অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁৰ পত্নী উষা ভেন্সে । এই কথা ঘোষণা কৰিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে । তথ্য অনুসৰি ১৮ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ জে ডি ভেন্সে ইটালী আৰু ভাৰত ভ্ৰমণ কৰিব । উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন দেশৰ নেতাৰ সৈতে ভাগ-বতৰা অৰ্থনৈতিক আৰু ভূ-ৰাজনৈতিক অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা কৰিব ।

জে ডি ভেন্সৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে জনাইছে যে, অহা সপ্তাহৰ আৰম্ভণিতে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স ভাৰত ভ্ৰমণ কৰিব । উপ-ৰাষ্ট্ৰপতি ভেন্সে তেওঁৰ তিনিটা সৰু সন্তান – ইভান, বিবেক আৰু মিৰাবেলকো ভাৰতলৈ আনিব পাৰে । নতুন দিল্লীৰ উপৰিও ভেন্স পৰিয়ালে জয়পুৰ আৰু আগ্ৰা ভ্ৰমণো কৰিব ।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ব । উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় পৰিয়ালেও সাংস্কৃতিক স্থানত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিব । যোৱা মাহত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছিল যে এই ভাৰত ভ্ৰমণ হ’ব ঊষাৰ ‘ছেকেণ্ড লেডী হিচাপে জন্মভূমিলৈ প্ৰথম ভ্ৰমণ’ । উষাৰ পিতৃ-মাতৃ কৃষ্ণ চিলুকুৰি আৰু লক্ষ্মী চিলুকুৰি ১৯৭০ চনৰ শেষৰ ফালে ভাৰতৰ পৰা আমেৰিকালৈ গৈছিল ।

২১ তাৰিখে মোদীক সাক্ষাৎ কৰিব ভেন্সে-

২১ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হ’ব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকী । এই বৈঠকত শুল্ক বিষয় আৰু দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ বাবে দুয়োপক্ষৰ মাজত চলি থকা আলোচনাকে ধৰি ভাৰত-আমেৰিকা সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনা হ’ব ।

‘এই পদক্ষেপৰ প্ৰয়োজন আছিল’… চীনৰ বিৰুদ্ধে ১২৫% শুল্ক বৃদ্ধিৰ সন্দৰ্ভত ক’লে ৰাষ্ট্ৰপতি ট্ৰাম্পে

বুধবাৰে চীনৰ ওপৰত শুল্ক ১২৫ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ পক্ষ লয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ কয়, কোনোবাই এয়া কৰিবই লাগিব । হোৱাইট হাউছত ৰজাৰ ছিয়াৰ্ল পেনস্কেৰ সৈতে বৈঠকত অংশ লয় ট্ৰাম্প । এই সময়ছোৱাত NASCAR, INDY আৰু IMSA ৰেচিঙৰ চেম্পিয়নসকলো উপস্থিত আছিল ।

ইয়াৰ মাজতে ট্ৰাম্পে কয় যে আন কোনো আমেৰিকান নেতাই ইমান সাহসী পদক্ষেপ গ্ৰহণ নকৰিলেহেঁতেন । এই পদক্ষেপৰ প্ৰয়োজন আছিল কাৰণ চীনৰ সৈতে পূৰ্বৰ বাণিজ্যিক ভাৰসাম্যহীনতা সাময়িক আছিল । তেওঁ কয় যে যোৱা বছৰ চীনে আমেৰিকাৰ সৈতে বাণিজ্যৰ পৰা এক ট্ৰিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল আৰু তেওঁলোকে নিজৰ আক্ৰমণাত্মক শুল্ক কৌশলৰ জৰিয়তে ইয়াক ওলোটাই দিছে ।

‘যোৱা বছৰ চীনে আমেৰিকাৰ পৰা এক ট্ৰিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল’

ট্ৰাম্পে কয় যে মই কৰা ধৰণে আন কোনো ৰাষ্ট্ৰপতিয়ে নকৰিলেহেঁতেন…কোনোবাই কৰিব লাগিবই । ইয়াক বন্ধ কৰাৰ প্ৰয়োজন আছিল কাৰণ ই বহনক্ষম নাছিল । যোৱা বছৰ চীনে আমেৰিকাৰ সৈতে বাণিজ্যৰ পৰা এক ট্ৰিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল…এতিয়া মই ইয়াক ওলোটাই দিলোঁ ।’

‘মই কৈছিলোঁ যে ওভতি ধৰিলে মই শুল্ক দুগুণ কৰিম’

ৰাষ্ট্ৰপতি ট্ৰাম্পে ৭৫খনতকৈও অধিক দেশৰ বাবে পাৰস্পৰিক শুল্কৰ ওপৰত ৯০ দিনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰি কয় যে, “যিসকলে প্ৰতিশোধমূলক শুল্ক আৰোপ নকৰিলে মই তেওঁলোকৰ ওপৰত ৯০ দিনৰ সকাহ দিছো  কাৰণ মই তেওঁলোকক কৈছিলো যে যদি তেওঁলোকে প্ৰতিশোধ লয় তেন্তে আমি ইয়াক দুগুণ কৰিম…আৰু মই চীনৰ সৈতে সেইটোৱেই কৰিলোঁ কাৰণ তেওঁলোকে প্ৰতিশোধ লৈছে ।”

‘টেৰিফ নীতিয়ে দীৰ্ঘকালীনভাৱে আমেৰিকাৰ বাবে আচৰিত কাম কৰিব’

এই বাণিজ্যিক পৰিস্থিতিয়ে দীৰ্ঘম্যাদীভাৱে আমেৰিকাৰ বাবে আচৰিত কাম কৰিব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে । ট্ৰাম্পে লগতে কয় যে বছৰৰ শেষলৈকে বা হয়তো তাৰ আগতেও দেশখনত এনে এক চুক্তি হ’ব যিটো কোনেও কল্পনা কৰা নাছিল ।

চীনৰ ওপৰত ১২৫ শতাংশ শুল্ক আৰোপ কৰিলে ট্ৰাম্পে, ভাৰতসহ আন ৭৫খন দেশেলৈ ৯০ দিনৰ সকাহ

বিশ্বৰ দুই শক্তিশালী দেশ আমেৰিকা আৰু চীনৰ মাজত চলি আছে বৃহৎ বাণিজ্যিক যুদ্ধ । ইয়াৰ পূৰ্বে আমেৰিকাই চীনৰ ওপৰত ১০৪ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল । আমেৰিকাৰ এই সিদ্ধান্তৰ পিছত চীনেও আগ্ৰাসী স্থিতি গ্ৰহণ কৰি আমেৰিকাৰ ওপৰত ৮৪ শতাংশ প্ৰতিশোধমূলক শুল্ক আৰোপ কৰে । অৱশ্যে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এনে পদক্ষেপ গ্ৰহণ কৰিছে য’ত চীন আবদ্ধ হৈ পৰিছে । এতিয়া আমেৰিকাই চীনৰ পৰা অহা প্ৰতিটো বস্তুৰ ওপৰত ১২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে আন ৭৫খন দেশৰ ওপৰত আৰোপ কৰা শুল্ক আগন্তুক ৯০ দিনৰ বাবে সকাহ প্ৰদান কৰিছে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত চীনৰ বিৰুদ্ধে ১২৫ শতাংশ শুল্ক ঘোষণা কৰিছে ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক  নীতি অনুসৰি যদি কোনো দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰে তেন্তে আমেৰিকাইও একে অনুপাতত শুল্ক আৰোপ কৰিব । অৱশ্যে এতিয়া ইয়াৰ বোজা আটাইতকৈ বেছি বহন কৰিছে চীনে ।

আমেৰিকাক লুটপাত কৰাৰ সময় শেষ হ’ল : ট্ৰাম্প

ট্ৰাম্পে চীনক আমেৰিকাৰ বজাৰ শোষণ কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে এতিয়া সময় আহি পৰিছে যেতিয়া চীনে বুজিব লাগিব যে আমেৰিকাক লুটপাতৰ সময় শেষ হৈছে । ট্ৰাম্পে ২ এপ্ৰিলত ৭৫খন দেশৰ ওপৰতো পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল যদিও এতিয়া তেওঁ ৯০ দিনৰ বাবে এই শুল্ক বন্ধ কৰি দিছে । আমেৰিকাই এই কাম কৰিছিল কাৰণ এই দেশসমূহে কোনো প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু শুল্ক বিষয়ত আমেৰিকাৰ সৈতে আলোচনা কৰিবলৈ সাজু হোৱা দেখা গৈছিল । আমেৰিকাই দাবী কৰিছিল যে ভাৰতকে ধৰি বিশ্বৰ ৫০খন দেশে তেওঁলোকৰ সৈতে শুল্ক সন্দৰ্ভত কথা পাতিব বিচাৰে ।

আমেৰিকা-চীনৰ সংঘৰ্ষ-

ট্ৰাম্পৰ নীতিৰ পৰা স্পষ্ট যে আমেৰিকাৰ মূল বিৰোধী চীন । এফালে চীনে নিজকে বিশ্বৰ নেতা হিচাপে উপস্থাপন কৰি থকাৰ বিপৰীতে আনফালে ট্ৰাম্পে পৃথক কৰাৰ পদক্ষেপ লৈছে । আমেৰিকাই গধুৰ শুল্ক আৰোপ কৰাৰ বাবে চীনৰ পৰা সস্তীয়া সামগ্ৰীৰ যোগান বন্ধ হৈ যাব । চীনৰ ৰপ্তানি অৰ্থনীতিত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব ।

আমেৰিকা আৰু চীনৰ মাজত শুল্ক যুদ্ধ! ট্ৰাম্পৰ ১০৪% শুল্কৰ পিছত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত চীনে আৰোপ কৰিছে ৮৪% শুল্ক

চীন আৰু আমেৰিকাৰ মাজত শুল্ক যুদ্ধ এতিয়া যেন তীব্ৰ ভাৱে বৃদ্ধি পাইছে। মঙলবাৰে আমেৰিকাই চীনৰ ওপৰত ১০৪ শতাংশ বৃহৎ শুল্ক আৰোপ কৰে।

ইয়াৰ পিছত আজি বুধবাৰে চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪ শতাংশ শুল্ক আৰোপ কৰিছে।এই শুল্ক ১০ এপ্ৰিলৰ পৰা অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ’ব।

ইয়াৰ বাবেই ট্ৰাম্প আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।বাণিজ্য যুদ্ধৰ পিছত আৰম্ভ হোৱা এই শুল্ক যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে দেখা যায়।

যোৱা মাহলৈকে আমেৰিকাই চীনৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিছিল। ইয়াৰ পিছত ড’নাল্ড ট্ৰাম্পে ২ এপ্ৰিলত ৬০খন দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল।

ইয়াত চীনৰ ওপৰত ৩৪ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছিল। ইয়াৰ ফলত চীনৰ ওপৰত মুঠ ৪৪ শতাংশ শুল্ক আৰোপ কৰা হয়।

ট্ৰাম্পৰ ঘোষণাৰ কিছু সময়ৰ পাছতে হোৱাইট হাউছে সমগ্ৰ বিশ্বৰ ওপৰত অতিৰিক্ত ১০ শতাংশ অপাৰস্পৰিক শুল্ক আৰোপ কৰিব বুলি কয়।ইয়াৰ ফলত চীনৰ ওপৰত শুল্ক ৫৪ শতাংশলৈ বৃদ্ধি পায়।

যাৰ বাবে চীনে ইয়াৰ প্ৰতিশোধ লৈ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ শুল্ক ঘোষণা কৰে।এই ঘোষণাৰ ৪৮ ঘণ্টা নৌহওঁতেই ট্ৰাম্পে চীনৰ সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক বৃদ্ধি কৰি মুঠ শুল্ক ১০৪ শতাংশলৈ বৃদ্ধি কৰি প্ৰতিশোধ লয়।এতিয়া চীনে আজি পুনৰ প্ৰতিশোধ লৈ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক ৮৪ শতাংশলৈ বৃদ্ধি কৰিছে।

চীনৰ ওপৰত ১০৪ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই, ড্ৰেগনৰ ধমকিৰ প্ৰত্যুত্তৰ ড’নাল্ড ট্ৰাম্পৰ

চীনৰ পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ ভাবুকিৰ প্ৰতি সঁহাৰি জনাইছে ড’নাল্ড ট্ৰাম্পে । চীনৰ ওপৰত ১০৪ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাই । হোৱাইট হাউছে জনোৱা মতে, আজি নিশা (আমেৰিকাৰ সময় অনুসৰি) পুৱা ১২.০১ বজাৰ পৰা নতুন শুল্কৰ হাৰ কাৰ্যকৰী হ’ব ।

শেহতীয়াকৈ শুল্ক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । আমেৰিকাই চীনৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰিছিল । ইয়াৰ প্ৰতি সঁহাৰি জনাই চীনেও আমেৰিকাৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰিছিল । এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনক ভাবুকি দিছিল যে যদি চীনে ২০২৫ চনৰ ৮ এপ্ৰিলৰ ভিতৰত ইতিমধ্যে দীৰ্ঘম্যাদী বাণিজ্যিক অপব্যৱহাৰৰ তুলনাত ৩৪% বৃদ্ধি প্ৰত্যাহাৰ নকৰে, তেন্তে আমেৰিকাই চীনৰ ওপৰত ৫০% অতিৰিক্ত শুল্ক আৰোপ কৰিব, যিটো ৯ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব । ইয়াৰ উপৰিও চীনৰ সৈতে হোৱা সকলো আলোচনাও বাতিল কৰা হ’ব ।

ভুলৰ ওপৰত আৰু এটা ভুল: চীন

ইয়াৰ প্ৰতি সঁহাৰি জনাই চীনে ভাবুকি দিছিল যে আমেৰিকাই চীনৰ ওপৰত আৰোপ কৰা তথাকথিত পাৰস্পৰিক শুল্ক সম্পূৰ্ণ ভিত্তিহীন আৰু একপক্ষীয় উত্তেজক আচৰণ । এই কাৰণেই আমি পাৰস্পৰিক শুল্কও আৰোপ কৰিছো । ভৱিষ্যতে অধিক শুল্ক আৰোপ কৰা হ’ব পাৰে । চীনে কয় যে আমাৰ প্ৰতিকাৰ ব্যৱস্থাসমূহ হৈছে নিজৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু উন্নয়নৰ স্বাৰ্থ সুৰক্ষিত কৰা । চীনৰ ওপৰত শুল্ক বৃদ্ধিৰ আমেৰিকাই দিয়া ভাবুকি এটাৰ ওপৰত আন এক ভুল । ইয়াৰ ফলত আমেৰিকাৰ ব্লেকমেইলিং আচৰণ আকৌ এবাৰ উন্মোচিত হৈছে । এই কথা চীনে কেতিয়াও মানি নলয় । যদি আমেৰিকাই নিজৰ পথত অটল থাকে তেন্তে চীনে শেষলৈকে যুঁজিব ।

ট্ৰাম্পৰ পাৰস্পৰিক শুল্কৰ বিষয়ে জানি লওক-

২ এপ্ৰিলত আমেৰিকাই ভাৰতৰ ওপৰত ২৬ শতাংশ পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল । ইয়াৰ লগতে আমেৰিকাই ভিয়েটনামৰ ওপৰত ৪৬ শতাংশ, চীনৰ ওপৰত ৩৪ শতাংশ, টাইৱানৰ ওপৰত ৩২ শতাংশ, দক্ষিণ কোৰিয়াৰ ওপৰত ২৫ শতাংশ, জাপানৰ ওপৰত ২৪ শতাংশ আৰু ইউৰোপীয় সংঘৰ ওপৰত ২০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে । ট্ৰাম্পে কয় যে এই দেশসমূহে আমাৰ ওপৰত অতি উচ্চ শুল্ক আৰোপ কৰে, সেইবাবেই আমি তেওঁলোকৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰিছো । ইয়াৰ পিছত ভাৰতকে ধৰি বহু দেশত মুদ্ৰাস্ফীতি আৰু মন্দাৱস্থাৰ আশংকা বাঢ়িবলৈ ধৰে । আমেৰিকাও ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে ।