“এইটো সঠিক নহয়”  ; ট্রাম্পৰ শুল্ক যুদ্ধ…আমেৰিকাৰ গুণ্ডাগিৰিত ক্ষুব্ধ হৈ পৰিল ৰঙা চীন

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ‘পাৰস্পৰিক শুল্ক’ক লৈ সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি হৈছে।২ এপ্ৰিলত বিশ্বৰ দেশসমূহৰ ওপৰত পাৰস্পৰিক শুল্ক ঘোষণাৰ সমান্তৰালকৈ আমেৰিকাই চীনৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰতো বৃহৎ শুল্ক আৰোপ কৰিছিল।

এতিয়া চীনেও ট্ৰাম্পক নিজৰ ভাষাত উত্তৰ দিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই সোমবাৰে কয় যে ভাবুকি আৰু হেঁচাৰে চীনৰ সৈতে মোকাবিলা কৰাৰ সঠিক উপায় নহয়।

মুখপাত্ৰ লিন জিয়ানে কয় যে এই শুল্কসমূহ হৈছে “সাধাৰণ একপক্ষীয়তাবাদ, সুৰক্ষাবাদ, আৰু অৰ্থনৈতিক গুণ্ডাগিৰি”।তেওঁ আৰু কয় যে পাৰস্পৰিকতাৰ নামত আমেৰিকাৰ শুল্কই আন দেশৰ মূল্যত নিজৰ স্বাৰ্থহে পূৰণ কৰে।

যোৱা সপ্তাহত ট্ৰাম্পে আমেৰিকাৰ বেছিভাগ বাণিজ্যিক অংশীদাৰ দেশৰ ওপৰত গধুৰ শুল্কৰ অংশ হিচাপে চীনৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ৩৪ শতাংশ শুল্ক আৰোপ কৰা হয়, যাৰ বাবে এই বছৰ চীনৰ ওপৰত মুঠ শুল্ক ৫৪% পৰ্যন্ত হয়। প্ৰতিশোধৰ বাবে চীনে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।

চীনে আমেৰিকাৰ সৈতে আলোচনাত মিলিত হ’ব নেকি সেই সন্দৰ্ভত প্ৰশ্ন কৰাত লিনে   তাৰ পৰা আঁতৰি যায়।শনিবাৰৰ পৰা আমেৰিকাৰ শুল্ক এজেণ্টে কেইবাখনো দেশৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ একপক্ষীয় ১০% শুল্ক সংগ্ৰহ কৰি আহিছে।

লিনে কয় যে আমেৰিকাই শুল্কৰ অপব্যৱহাৰ দেশসমূহক বিশেষকৈ বিশ্ব দক্ষিণৰ দেশসমূহক উন্নয়নৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ সমান।

কোনখন দেশৰ ওপৰত কিমান ৰেহাইমূলক পাৰস্পৰিক শুল্ক আৰোপ কৰিলে ট্ৰাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰেহাইমূলক পাৰস্পৰিক শুল্ক ঘোষণা কৰিছে । ভাৰত আৰু চীনকে ধৰি অন্যান্য দেশৰ পৰা আমেৰিকালৈ যোৱা সামগ্ৰীৰ ওপৰত কিমান শুল্ক আৰোপ কৰা হ’ব সেয়া ঘোষণা কৰা হৈছে । এই নতুন শুল্ক তৎক্ষণাত কাৰ্যকৰী হৈছে । এছিয়াৰ কেইবাখনো দেশৰ ওপৰতো ৩০%ৰ পৰা ৪৫%লৈকে শুল্ক আৰোপ কৰা হৈছে ।

ট্ৰাম্পৰ ঘোষণা অনুসৰি আমেৰিকাই ভাৰতৰ পৰা ২৬ শতাংশ শুল্ক আদায় কৰিব । আনহাতে চীনৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰা হৈছে ।

ট্ৰাম্পৰ এই ঘোষণা অনুসৰি ভাৰতৰ পৰা আমেৰিকালৈ যোৱা সামগ্ৰীৰ ওপৰত ২৬% শুল্ক আৰোপ কৰা হ’ব । একে সময়তে চীনৰ পৰা কৰা আমদানিৰ ওপৰত ৩৪% শুল্ক আৰোপ কৰা হৈছে । ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে চীনৰ সৈতে ক্ৰমবৰ্ধমান বাণিজ্যিক ঘাটি হ্ৰাস কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

ইয়াৰ উপৰিও ট্ৰাম্প প্ৰশাসনে ভিয়েটনামৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৪৬% শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে, যিটো সৰ্বোচ্চ হাৰত অন্যতম । ইউৰোপীয় সংঘৰ ওপৰত ২০%, চুইজাৰলেণ্ডৰ ওপৰত ৩১% আৰু টাইৱানৰ ওপৰত ৩২% শুল্ক আৰোপ কৰা হ’ব ।

কিছু আশ্বস্ত কৰা খবৰটো হ’ল যুক্তৰাজ্যৰ পৰা আমদানিৰ ওপৰত মাত্ৰ ১০% শুল্ক আৰোপ কৰা হৈছে, যিটো ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ স্থিতিশীলতাৰ বাবে হ’ব পাৰে ।

আমেৰিকা বনাম বিশ্ব : তীব্ৰতৰ শুল্ক যুদ্ধ

চীনে আমেৰিকাৰ ওপৰত ৬৭% শুল্ক আৰোপ কৰে, কিন্তু এতিয়া আমেৰিকাই ৩৪% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে ।

টাইৱান – আমেৰিকাৰ পৰা ৬৪% শুল্ক লয়, এতিয়া আমেৰিকাই ৩২% শুল্ক আৰোপ কৰিব ।

জাপানে আমেৰিকাৰ পৰা ৪৬% শুল্ক লয়, আৰু এতিয়া আমেৰিকাই ২৪% শুল্ক আৰোপ কৰিবলৈ সাজু হৈছে ।

চুইজাৰলেণ্ড – আমেৰিকাৰ পৰা ৬১% শুল্ক লয়, এতিয়া আমেৰিকাই ৩১% শুল্ক ল’ব ।

ইজৰাইল – আমেৰিকাৰ পৰা ৩৩% শুল্ক লয়, এতিয়া আমেৰিকাই ১৭% শুল্ক আৰোপ কৰিব ।

পাকিস্তানে আমেৰিকাৰ পৰা ৫৮% শুল্ক লয়, আৰু এতিয়া আমেৰিকাই ২৯% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে ।

বাংলাদেশে আমেৰিকাৰ পৰা ৭৪% শুল্ক লয়, এতিয়া আমেৰিকাই ৩৭% শুল্ক আৰোপ কৰিবলৈ ওলাইছে ।

থাইলেণ্ড – আমেৰিকাৰ পৰা ৭২% শুল্ক লয়, এতিয়া আমেৰিকাই ৩৬% শুল্ক আৰোপ কৰিব ।

ভাৰতৰ ওপৰত ২৬% পাৰস্পৰিক শুল্ক আৰোপ ট্ৰাম্পৰ; ক’লে- সিদ্ধান্ত কঠিন আছিল…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাৰস্পৰিক কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছে । ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৬% ৰেহাইমূলক কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছে ট্ৰাম্পে । কম্বোডিয়াৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৪৯% শুল্ক আৰু চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ৩৪% শুল্ক আৰোপ কৰা হ’ব বুলি ঘোষণা কৰিছে তেওঁ । পাৰস্পৰিক কৰ ঘোষণা কৰি ট্ৰাম্পে কয় যে আমাৰ দেশক আন দেশৰ দ্বাৰা লুটপাত কৰা হৈছে । ৫০ বছৰতকৈও অধিক সময় ধৰি আমেৰিকাৰ কৰদাতাসকলক প্ৰতাৰণা কৰা হৈছে । কিন্তু এতিয়া আৰু এনে নহ’ব ।

প্ৰধানমন্ত্ৰী মোদীক এজন ভাল বন্ধু বুলি ক’লে-

মেক আমেৰিকা ৱেলথী এগেইন অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ভাৰত অতি কঠোৰ । ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ আমেৰিকা ভ্ৰমণ কৰিছে আৰু মোৰ অতি ভাল বন্ধু, কিন্তু আপোনালোকে আমাৰ লগত সঠিক ব্যৱহাৰ কৰা নাই । তেওঁলোকে আমাৰ পৰা ৫২ শতাংশ লয় আৰু আমি তেওঁলোকৰ পৰা প্ৰায় একোৱেই লোৱা নাই ।

এই দেশসমূহৰ ওপৰত শুল্ক আৰোপ-

ট্ৰাম্পে ভিয়েটনামৰ পৰা আমদানিৰ ওপৰত ৪৬ শতাংশ, ছুইজাৰলেণ্ডৰ ওপৰত ৩১ শতাংশ, টাইৱানৰ ওপৰত ৩২ শতাংশ, জাপানৰ ওপৰত ২৪ শতাংশ, ব্ৰিটেইনৰ ওপৰত ১০ শতাংশ, ব্ৰাজিলৰ ওপৰত ১০ শতাংশ, ইণ্ডোনেছিয়াৰ ওপৰত ৩২ শতাংশ, ছিংগাপুৰৰ ওপৰত ১০ শতাংশ, আৰু দক্ষিণ আফ্ৰিকাৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰিছে । তেওঁ বহিঃৰাষ্ট্ৰৰ পৰা অটোম’বাইল আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে, একে সময়তে অটো পাৰ্টছৰ ওপৰতো একে শুল্ক ঘোষণা কৰিছে । ৩ এপ্ৰিলৰ পৰা অটোম’বাইলৰ ওপৰত আৰু ৩ মে’ৰ পৰা অটো পাৰ্টছৰ ওপৰত নতুন শুল্ক কাৰ্যকৰী হ’ব ।

ব্যৱসায়ত বন্ধু শত্ৰুতকৈ বেয়া-

পাৰস্পৰিক শুল্ক ঘোষণা কৰি ট্ৰাম্পে কয় যে, বহু সময়ত ব্যৱসায়ৰ ক্ষেত্ৰত মিত্ৰ শত্ৰুতকৈ বেয়া হৈ পৰে । আমি বহু দেশক ৰাজসাহায্য দি তেওঁলোকক সহায় কৰি ব্যৱসায়ত ধৰি ৰাখো । বাণিজ্যিক অংশীদাৰ বিশেষকৈ মেক্সিকো আৰু কানাডাৰ বিষয়ে ট্ৰাম্পে কয়, আমি কিয় তেনে কৰিছোঁ । আমি অৱশেষত আমেৰিকাক প্ৰথম স্থান দিছো । বাণিজ্যিক ঘাটি এতিয়া কেৱল অৰ্থনৈতিক সমস্যা নহয় । এয়া ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা । সংবাদ মাধ্যমৰ সন্মুখত ট্ৰাম্পে এখন ব’ৰ্ড দেখুৱাইছিল য’ত প্ৰায়বোৰ দেশৰ ওপৰত আৰোপ কৰা নতুন কৰ দেখুওৱা হৈছিল । এই ব’ৰ্ডত হাৰ ১০%ৰ পৰা ৪৯%ৰ ভিতৰত আছিল ।

৫ এপ্ৰিলৰ পৰা শুল্ক প্ৰযোজ্য হ’ব-

একে সময়তে হোৱাইট হাউছৰ বিষয়াসকলে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ অংশীদাৰসকলৰ ওপৰত আৰোপ কৰা নতুন শুল্ক ৫ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব । ৫ এপ্ৰিলৰ নিশা ১২:০১ বজাত (০৪০১ জিএমটি) ভিত্তি ৰেখাৰ ১০ শতাংশ শুল্ক কাৰ্যকৰী কৰা হ’ব বুলি হোৱাইট হাউছে জনায় । নিৰ্দিষ্ট অংশীদাৰৰ বাবে বৃদ্ধি কৰা হাৰ ৯ এপ্ৰিলৰ নিশা ১২:০১ বজাৰ পৰা কাৰ্যকৰী হ’ব ।

আজি আমেৰিকাই কাৰ্যকৰী কৰিব নতুন শুল্ক নীতি; ট্ৰাম্পৰ দাবী- ভাৰতে বৃহৎ পৰিসৰত শুল্ক হ্ৰাস কৰিব

বুধবাৰে শুল্ক ঘোষণা কৰিবলৈ সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প । ট্ৰাম্পে দাবী কৰিছে যে তেওঁ লাভ কৰা তথ্য অনুসৰি ভাৰতে আমেৰিকাৰ ওপৰত আৰোপ কৰা শুল্ক বৃহৎ পৰিসৰত হ্ৰাস কৰিবলৈ ওলাইছে । ট্ৰাম্পে কয়, মই সুধিছো বহু আগতে এয়া কিয় কৰা হোৱা নাছিল ?

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দাবী- শুল্কৰ ক্ষেত্ৰত আমাৰ ভাল প্ৰদৰ্শন কৰাৰ সুযোগ আছে-

বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব লগা তেওঁৰ শুল্কই আন দেশসমূহক চীনৰ পক্ষ ল’বলৈ প্ৰেৰণা দিব নেকি বুলি সোধাত ট্ৰাম্পে কয় যে, “মই ইয়াৰ বাবে চিন্তিত নহয় ।  মই ভাবো শুল্কৰ সৈতে আমি ভাল কাম কৰাৰ সুযোগ পাইছো । ই সঁচাকৈয়ে আমাক এক নিৰ্দিষ্ট ধৰণে সহায় কৰিব পাৰে । মই ভাবো সেই দেশবোৰৰ বহুতেই নিজৰ শুল্ক হ্ৰাস কৰিব, কাৰণ তেওঁলোকে বছৰ বছৰ ধৰি আমেৰিকাৰ ওপৰত অন্যায়ভাৱে শুল্ক আৰোপ কৰি আহিছে ।“

প্ৰতিশোধমূলক শুল্ক আৰোপ কৰিব আমেৰিকাই-

নিজৰ কৌশলৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ ইউৰোপীয় সংঘই শেহতীয়াকৈ গাড়ীৰ শুল্ক ২.৫ শতাংশলৈ হ্ৰাস কৰাটোক সফলতাৰ প্ৰমাণ হিচাপে আঙুলিয়াই দিয়ে । ট্ৰাম্পে কয় যে দেশসমূহে আমেৰিকাৰ ওপৰত যি শুল্ক আৰোপ কৰিব, ইয়াৰ ওপৰতো একেধৰণৰ প্ৰতিশোধমূলক শুল্ক আৰোপ কৰা হ’ব ।

‘তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ধেমালি কৰা নাই’; ট্ৰাম্পে ক’লে–  ইয়াৰ বাবে বহু উপায় আছে

চাৰি বছৰৰ পাছত নিৰ্বাচনত জয়ী হৈ আমেৰিকাত পুনৰ ক্ষমতালৈ অহা ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ তৃতীয় কাৰ্যকালৰ সন্দৰ্ভত ধেমালি কৰা নাই । তেওঁ কয়, যদিও এতিয়াই তেনে কৰাৰ কথা ভবাতো সোনকাল হ’ব পাৰে, তথাপিও কৰিব পৰাৰ উপায় আছে । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক সাক্ষাৎকাৰত কয় যে, ‘মই ধেমালি কৰা নাই, কিন্তু এই বিষয়ে চিন্তা কৰাটো এতিয়া সোনকাল হ’ব ।’ উল্লেখ্য যে আমেৰিকাৰ সংবিধানৰ নিয়ম অনুসৰি কোনো নেতাই তৃতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব নোৱাৰে ।

বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ কাৰ্যকাল দুটা, ট্ৰাম্পে ক’লে- বহু উপায় আছে…

এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, “আপুনি জানে যে, আপুনি সেইটো কৰিব পৰা উপায় আছে ।” কিন্তু কোনো পদ্ধতিৰ বিষয়ে বিতংভাৱে ক’বলৈ তেওঁ অস্বীকাৰ কৰে । মন কৰিবলগীয়া যে আমেৰিকাৰ সংবিধানৰ ২২ সংখ্যক সংশোধনী অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সৰ্বাধিক দুটা কাৰ্যকাল লাভ কৰিব পাৰে । যদি কোনো প্ৰাৰ্থীয়ে এটা চাৰি বছৰীয়া কাৰ্যকালৰ অন্তত নিৰ্বাচনত পৰাস্ত হয় তেন্তে পৰৱৰ্তী সময়তো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । বৰ্তমানৰ ট্ৰাম্পৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি আসনত অধিষ্ঠীত হৈছে ।

কোনবোৰ সিদ্ধান্তৰ বাবে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰিছে ট্ৰাম্পে-

উল্লেখ্য যে চলিত বৰ্ষৰ ২০ জানুৱাৰীত ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । দ্বিতীয় আৰু অন্তিম কাৰ্যকালত তেওঁ বহু আগ্ৰাসী সিদ্ধান্ত লৈছে । এনে পৰিস্থিতিত তেওঁৰ নীতিক লৈ বহু জল্পনা-কল্পনা চলি আছে । ট্ৰাম্পৰ কাৰ্যকালৰ প্ৰথম দুমাহত আটাইতকৈ বেছি চৰ্চিত বিষয় হৈছে অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন, আমেৰিকাৰ শুল্ক নীতি, কানাডাক আমেৰিকাৰ ৫১ সংখ্যক ৰাজ্য হিচাপে গঢ়ি তোলা আৰু মেক্সিকো সন্দৰ্ভত ট্ৰাম্পৰ নীতি ।

ইৰাণে নাকচ কৰিলে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰস্তাৱ… আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনা অস্বীকাৰ

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয় যে তেহৰানে আমেৰিকাৰ সৈতে প্ৰত্যক্ষ আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছে । ইৰাণৰ দ্ৰুতগতিত বৃদ্ধি পোৱা পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত লিখা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চিঠিৰ প্ৰতি সঁহাৰি জনাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণে । ৰাষ্ট্ৰপতি পেজেস্কিয়ানে কয় যে, ‘যদিও এই সঁহাৰিত দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ আলোচনাৰ সম্ভাৱনা নাকচ কৰা হৈছে, পৰোক্ষ আলোচনাৰ পথ মুকলি কৰি ৰখা হৈছে ।’

পৰোক্ষ আলোচনা মানি ল’বনে ট্ৰাম্পে ?

অৱশ্যে ট্ৰাম্পে পৰোক্ষ আলোচনা মানি ল’ব নে নাই সেয়া স্পষ্ট হোৱা নাই । ২০১৮ চনত ড’নাল্ড ট্ৰাম্পে প্ৰথম কাৰ্যকালত ইৰাণ পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক আঁতৰাই অনাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে ।

ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু বৃদ্ধি পোৱা উত্তেজনা-

আমেৰিকা আৰু ইজৰাইলে ইতিমধ্যে কৈছে যে তেওঁলোকে ইৰাণক পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰিবলৈ নিদিয়ে । ইফালে ইৰাণে ইউৰেনিয়ামক অস্ত্ৰ গ্ৰেডৰ স্তৰৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত সামৰিক সংঘৰ্ষৰ আশংকা বৃদ্ধি পাইছে । ইৰাণে দাবী কৰিছে যে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে, কিন্তু যোৱা কেইমাহমানৰ পৰা ইয়াৰ বিষয়াসকলে সেই দিশত আগবাঢ়ি যোৱাৰ ইংগিত দিছে । এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষণ সংস্থাৰ ফেব্ৰুৱাৰী মাহৰ প্ৰতিবেদনত কোৱা হৈছে যে ইৰাণে ইউৰেনিয়ামৰ উৎপাদন প্ৰায় অস্ত্ৰ গ্ৰেডৰ স্তৰলৈ ত্বৰান্বিত কৰিছে ।

ড’নাল্ড ট্ৰাম্প আৰু ইৰাণৰ সম্পৰ্ক-

ড’নাল্ড ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত আমেৰিকা আৰু ইৰাণৰ মাজৰ সম্পৰ্ক অতি বেয়া আছিল । ২০১৮ চনত ট্ৰাম্পে ইৰাণৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল, যাৰ ফলত ইৰাণৰ অৰ্থনীতিৰ ব্যাপক ক্ষতি হৈছিল । ইৰানে ইয়াৰ উত্তৰত সাগৰীয় পথত আক্ৰমণ চলাইছিল, ইয়াৰে এটা আক্ৰমণে ছৌদি আৰৱৰ তেল উৎপাদন আধালৈ হ্ৰাস কৰিছিল । ২০২০ চনৰ জানুৱাৰী মাহত ট্ৰাম্পে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি বাগদাদত ড্ৰ’ন আক্ৰমণৰ জৰিয়তে ইৰাণৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষক হত্যা কৰিছিল, যাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছিল ।

ইৰাণে প্ৰকাশ কৰিলে ভূগৰ্ভস্থ ‘মিছাইল চিটি’ৰ ভিডিঅ’… মাটিৰ তলত দেখা গ’ল অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ

ইৰাণে নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰি ভূগৰ্ভস্থ “মিছাইল চিটি”ৰ নতুন ভিডিঅ’ প্ৰকাশ কৰিছে । ইয়াত গধুৰ অস্ত্ৰ-শস্ত্ৰৰ মাজত দীঘলীয়া সুৰংগ এটাৰ মাজেৰে পাৰ হৈ যোৱা দেখা গৈছে । মঙলবাৰে প্ৰকাশ পোৱা এই ভিডিঅ’টোত ইৰাণৰ সশস্ত্ৰ বাহিনীৰ চীফ অফ ষ্টাফ জেনেৰেল মহম্মদ বাঘেৰী আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ এৰোস্পেচৰ ফৰ্চৰ অধিনায়ক আমিৰ আলী হাজিজাদেক সুৰংগৰ ভিতৰত থকা ক্ষেপণাস্ত্ৰ ঘাটি ভ্ৰমণ কৰা দেখা গৈছে ।

ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ফুটেজত দেখা গৈছে যে এই ভূগৰ্ভস্থ গোপন স্থানটো বিভিন্ন ধৰণৰ বেলিষ্টিক মিছাইলেৰে ভৰি আছে । এই ভিডিঅ’টো চৰকাৰী সংবাদ মাধ্যমে মুকলি কৰি বিপজ্জনক বেকগ্ৰাউণ্ড মিউজিকেৰে এই বাৰ্তা দিয়াৰ প্ৰয়াস কৰা হৈছে যে ইৰাণ যিকোনো আক্ৰমণ সহ্য কৰিবলৈ সক্ষম আৰু তীব্ৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম । বিশেষ বাহনত এই জটিল সুৰংগ ব্যৱস্থাটোৰ ভিতৰত বিষয়াসকলে যাত্ৰা কৰা দেখা গৈছে ।

ভিডিঅ’টোত কি দেখুওৱা হৈছিল ?

৮৫ ছেকেণ্ডৰ এই ভিডিঅ’টোত ইৰাণৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী মেজৰ জেনেৰেল মহম্মদ হোছেইন বাঘেৰী আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ (আই আৰ জি চি) এৰ’স্পেচ ফৰ্চৰ অধিনায়ক আমিৰ আলী হাজিজাদে ইৰাণৰ আটাইতকৈ উন্নত ক্ষেপণাস্ত্ৰ আৰু ৰকেটৰ মাজত গৈ থকা দেখা গৈছে । ইয়াৰ ভিতৰত খাইবাৰ শিকান, কাদেৰ-এইচ, চাজিল, হাজ কাছিম আৰু পেভে লেণ্ড এটেক ক্ৰুজ মিছাইল আদি অন্যতম । ইয়াৰে কিছুমান অস্ত্ৰ ইৰাণে যোৱা বছৰ ইজৰাইলৰ ওপৰত আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰিছিল ।

এই সন্দৰ্ভত কমাণ্ডাৰ হাজিজাদে কয়, “আজিৰ পৰা আৰম্ভ কৰিলে প্ৰতি সপ্তাহত এখন নতুন মিছাইল চিটি উদঘাটন কৰিব পাৰিম । এই প্ৰকল্প অহা দুবছৰলৈকে চলি থাকিব ।” এই বক্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে ইৰাণে নিজৰ প্ৰতিৰক্ষা ক্ষমতাক নিৰন্তৰ শক্তিশালী কৰাৰ দিশত আগবাঢ়িছে ।

আমেৰিকাৰ ভাবুকিৰ মাজতে প্ৰকাশ ভিডিঅ’-

এই ভিডিঅ’টো এনে এটা সময়ত পোহৰলৈ আহিছে যেতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা অহৰহ বৃদ্ধি পাইছে । শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেহৰাণক পাৰমাণৱিক চুক্তিৰ পুনৰ আলোচনাৰ বাবে দুমাহৰ বাবে চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰিছে । ইয়াৰ পূৰ্বে ২০১৮ চনত ট্ৰাম্প প্ৰশাসনে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই স্বাক্ষৰিত পাৰমাণৱিক চুক্তিৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰিছিল । ইয়াৰ উপৰিও ট্ৰাম্পে ইংগিত দিছে যে আমেৰিকাই হুথী বিদ্ৰোহীৰ বিৰুদ্ধে চলি থকা সামৰিক অভিযানতো ইৰাণক লক্ষ্য কৰি ল’ব পাৰে, কিয়নো ইৰাণক এই বিদ্ৰোহীসকলৰ মূল সমৰ্থক হিচাপে গণ্য কৰা হয় ।

ফিনলেণ্ড পৃথিৱীৰ আটাইতকৈ সুখী দেশ… উন্নত হ’ল ভাৰতৰ ৰেংকিং

একেৰাহে অষ্টমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে পৰিগণিত হৈছে ফিনলেণ্ড । ১৪৭খন দেশৰ এই ৰেংকিঙত ভাৰতে ১১৮ নম্বৰ স্থান লাভ কৰিছে । যোৱা বছৰ এই ৰেংকিঙত ভাৰত ১২৬ নম্বৰ স্থানত আছিল । এইদৰে ভাৰতৰ ৰেংকিঙত ৮টা স্থান উন্নত হৈছে । অৱশ্যে আশ্চৰ্যজনক কথাটো হ’ল এইবাৰো পাকিস্তানে এই তালিকাত ভাৰতক অতিক্ৰম কৰিছে । এই সূচকাংকত ১০৯ নম্বৰ স্থান লাভ কৰিছে পাকিস্তানে ।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৱেলবিয়িং ৰিচাৰ্চ চেণ্টাৰে প্ৰকাশ কৰা ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট ২০২৫ অনুসৰি সুখ কেৱল অৰ্থনৈতিক বিকাশৰ দ্বাৰা নিৰ্ধাৰিত নহয়, মানুহৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সামাজিক বন্ধনেও ইয়াত ডাঙৰ ভূমিকা পালন কৰে । প্ৰতিবেদন অনুসৰি আন নৰ্ডিক দেশসমূহো পুনৰবাৰ সুখৰ ৰেংকিঙত শীৰ্ষত আছে । ফিনলেণ্ডৰ উপৰিও ডেনমাৰ্ক, আইচলেণ্ড আৰু ছুইডেন শীৰ্ষ চাৰিটা স্থানত আছে । নিজৰ জীৱনৰ ৰেটিং দিবলৈ কোৱাৰ সময়ত মানুহে দিয়া উত্তৰৰ ওপৰত ভিত্তি কৰি দেশসমূহৰ ৰেংকিং কৰা হৈছে । বিশ্লেষণ প্ৰতিষ্ঠান গ্যালাপ আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কৰ সৈতে অংশীদাৰিত্বৰে এই অধ্যয়ন কৰা হৈছে ।

কোনবোৰ দেশে হেপীনেছ ইনডেস্কত আধিপত্য বিস্তাৰ কৰিছে আৰু কোনবোৰ দেশ পিছ পৰি আছে ?

সুখী মানুহৰ ৰেংকিঙত আমেৰিকা এতিয়ালৈকে সৰ্বনিম্ন স্থানত উপনীত হৈছে । ৰেংকিঙৰ শীৰ্ষ ২০ স্থানত ইউৰোপীয় দেশৰ আধিপত্য আছে যদিও ইয়াৰ কিছু ব্যতিক্ৰম আছে । হামাছৰ সৈতে যুদ্ধ হোৱাৰ পিছতো ইজৰাইলৰ স্থান অষ্টম । কোষ্টা ৰিকা আৰু মেক্সিকোৱে প্ৰথমবাৰৰ বাবে সুখী দেশৰ শীৰ্ষ দহখন স্থানত প্ৰৱেশ কৰি ক্ৰমে ষষ্ঠ আৰু দশম স্থান লাভ কৰিছে । এই ৰেংকিঙত আমেৰিকাই ২৪ নম্বৰ স্থানত উপনীত হৈছে । ইয়াৰ পূৰ্বে ২০১২ চনত দেশখন ১১ নম্বৰ স্থানত আছিল ।

প্ৰতিবেদনত কোৱা হৈছে যে বিগত দুটা দশকত আমেৰিকাত অকলে খাদ্য খোৱা লোকৰ সংখ্যা ৫৩ শতাংশ বৃদ্ধি পাইছে । এই তালিকাত যুক্তৰাজ্যৰ স্থান ২৩ । এই ৰেংকিঙত আফগানিস্তানক বিশ্বৰ আটাইতকৈ অসুখী দেশ হিচাপে অভিহিত কৰা হৈছে । আফগান মহিলাসকলে কয় যে তেওঁলোকৰ জীৱন বিশেষভাৱে কঠিন । পশ্চিম আফ্ৰিকাৰ দ্বিতীয় অসুখী দেশ ছিয়েৰা লিয়ন, তাৰ পিছতে তলৰ পৰা তৃতীয় স্থানত আছে লেবানন ।

বিশ্বৰ ২০খন সুখী দেশ-

ফিনলেণ্ড, ডেনমাৰ্ক, আইচলেণ্ড, ছুইডেন, নেদাৰলেণ্ড, কোষ্টা ৰিকা, নৰৱে, ইজৰাইল, লাক্সেমবাৰ্গ, মেক্সিকো, অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, চুইজাৰলেণ্ড, বেলজিয়াম, আয়াৰলেণ্ড, লিথুৱেনিয়া, অষ্ট্ৰিয়া, কানাডা ।

হেপীনেছ ইনডেস্কত আটাইতকৈ বেয়া ৰেংকিং-

আফগানিস্তান (নং ১৪৭) পুনৰবাৰ তালিকাৰ তলত । সুখৰ ক্ষেত্ৰত ছিয়েৰা লিয়ন (১৪৬ নং), লেবানন (১৪৫ নং), মালাউই (১৪৪ নং) আৰু জিম্বাবুৱে (১৪৩ নং) দেশৰ ভিতৰত আছে ।

তুলসী গাবাৰ্ডক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, মহাকুম্ভৰ জল উপহাৰ…এই বিষয়সমূহৰ ওপৰত আলোচনা

ৰাষ্ট্ৰীয় ৰাজধানীত সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ সঞ্চালক তুলসী গাবাৰ্ডক সাক্ষাৎ কৰে । এই সাক্ষাতত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক প্ৰয়াগৰাজত সদ্য সমাপ্ত হোৱা মহাকুম্ভৰ পৰা অনা পবিত্ৰ জলেৰে ভৰা এটা পাত্ৰ উপহাৰ দিয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক কয় যে মহাকুম্ভত ৬৬ কোটিৰো অধিক ভাৰতীয়ই পবিত্ৰ স্নান কৰিছিল ।

কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণৰ অংশ হিচাপে ভাৰতত উপস্থিত হৈছে গাবাৰ্ড । ১৮ মাৰ্চত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাইচিনা ডায়লগত ভাষণেৰে তেওঁৰ এছিয়া ভ্ৰমণৰ সামৰণি পৰিব, য’ত তেওঁক প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু পৰ্যবেক্ষক গৱেষণা ফাউণ্ডেশ্যনৰ উদ্যোগত দশম সংস্কৰণৰ ৰাইচিনা ডায়লগৰ আয়োজন কৰা হৈছে ।

পি এম মোডীক সাক্ষাৎ কৰি কি ক’লে তুলসী গাবাৰ্ডে-

বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে তুলসী গাবাৰ্ডক ভাৰত-আমেৰিকাৰ বন্ধুত্বৰ প্ৰবল সমৰ্থক বুলি অভিহিত কৰে । একে সময়তে গাবাৰ্ডে প্ৰধানমন্ত্ৰী মোদীক লগ পোৱাক এক সন্মান বুলি অভিহিত কৰে । তেওঁ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে । তুলসী গাবাৰ্ডে প্ৰধানমন্ত্ৰী মোদীক মালা উপহাৰ দিয়ে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ-

গবাৰ্ডে প্ৰধানমন্ত্ৰী মোদীৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰে । এই সময়ত ৰাজনাথ সিঙে নিষিদ্ধ খালিস্তানী সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ (এছ এফ জে)ৰ আমেৰিকাত ভাৰত বিৰোধী কাৰ্যকলাপৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে । সূত্ৰ অনুসৰি ভাৰতে ইয়াৰ উদ্বেগ ভাগ কৰি আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকক এই অবৈধ সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । ইয়াৰ লগতে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আৰু চোৰাংচোৱাৰ বিনিময়ৰ দিশসমূহো আলোচনা কৰা হয় ।