আমেৰিকাত ১২ খন দেশৰ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ ট্ৰাম্পৰ…

আমেৰিকাত ১২ খন দেশৰ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক নতুন ঘোষণা কৰিছে । তেওঁ ১২খন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ কৰাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ লগতে আন ৭খন দেশৰ পৰা অহা লোকৰ ওপৰত আংশিক বাধা আৰোপ কৰা হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি ট্ৰাম্পে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, যি ১২খন দেশৰ নাগৰিকক দেশখনত প্ৰৱেশ কৰাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে, তাৰ ভিতৰত আফগানিস্তান, ম্যানমাৰ, চাড, কংগো, ইকুৱেটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, ছোমালিয়া, চুডান আৰু য়েমেন আদি অন্তৰ্ভুক্ত । এই দেশসমূহৰ নাগৰিকে আৰু ইউ এছ এত প্ৰৱেশ কৰিব নোৱাৰিব । সোমবাৰৰ পৰা পুৱা ১২:০১ বজাৰ পৰা কাৰ্যকৰী হ’ব এই নিষেধাজ্ঞা ।

এই ৭ খন দেশৰ ওপৰতো আংশিক নিষেধাজ্ঞা-

ইয়াৰ উপৰিও ট্ৰাম্পে আন ৭খন দেশৰ পৰা অহা লোকৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ ভিতৰত বুৰুণ্ডি, কিউবা, লাওছ, ছিয়েৰা লিয়ন, ট’গো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলা আদি অন্যতম । এই দেশসমূহৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত এতিয়া বিশেষ চৰ্ত আৰু কঠোৰ নিৰীক্ষণ প্ৰযোজ্য হ’ব । অৱশ্যে ড’নাল্ড ট্ৰাম্পে এনে নীতি গ্ৰহণ কৰাটো এয়াই প্ৰথম নহয় । প্ৰথম ৰাষ্ট্ৰপতিৰ কাৰ্যকালত তেওঁ ৭খন মুছলমান সংখ্যাগৰিষ্ঠ দেশৰ পৰা অহা লোকৰ ভ্ৰমণ নিষিদ্ধ কৰিছিল, যিটো পিছলৈ ২০১৮ চনত উচ্চতম ন্যায়ালয়ে অনুমোদন জনায় ।

কাৰণ বুজাই দিলে ট্ৰাম্পে-

ট্ৰাম্পে নিজৰ বিবৃতিত কয় যে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু মোৰ নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে মই এই পদক্ষেপ ল’বলগীয়া হৈছে । তেওঁ কয় যে আমি পুনৰ কাৰ্যকৰী কৰিম যাক একাংশই ‘ট্ৰাম্প ভ্ৰমণ নিষেধাজ্ঞা’ বুলি কয়, যাতে উগ্ৰ ইছলামিক সন্ত্ৰাসবাদীক দেশত প্ৰৱেশ কৰাত বাধা দিব পৰা যায় । এটা পদক্ষেপ যিটো উচ্চতম ন্যায়ালয়েও ন্যায্যতা প্ৰদান কৰিছিল ।

হোৱাইট হাউছে কয় যে যিবোৰ দেশত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে, সেইবোৰ দেশ স্ক্ৰীনিং আৰু নিৰাপত্তা পৰীক্ষণত ব্যৰ্থ হোৱাৰ বাবে ইউ এছ এৰ বাবে এক গুৰুতৰ ভাবুকি হিচাপে বিবেচিত হৈছে । উল্লেখ্য যে এই পদক্ষেপ ট্ৰাম্পৰ নীতিৰ সম্প্ৰসাৰণ, যিটো তেওঁ প্ৰথম কাৰ্যকালত (২০১৭) আৰম্ভ কৰিছিল । তাৰ পিছত তেওঁ ৭ খন মুছলমান সংখ্যাগৰিষ্ঠ দেশ (ইৰাক, ছিৰিয়া, ইৰাণ, চুডান, লিবিয়া, ছোমালিয়া, য়েমেন)ৰ নাগৰিকক আমেৰিকালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰিছিল । হোৱাইট হাউছৰ মুখপাত্ৰ এবিগেল জেকচনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকানক বিপজ্জনক বিদেশী উপাদানৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি পালন কৰি আছে ।

লগতে পঢ়ক : “আমাৰ বাবে সিহঁতৰ কোনো কাম নাই”; আমেৰিকাৰ প্ৰস্তাৱক সমালোচনা খেমেইনীৰ

আমেৰিকালৈ গৈ অধ্যয়ন কৰাটো হৈ পৰিল কঠিন… ছাত্ৰ ভিছাৰ সাক্ষাৎকাৰত নিষেধাজ্ঞা আৰোপ ট্ৰাম্প প্ৰশাসনৰ

ছাত্ৰ ভিছাৰ সাক্ষাৎকাৰত নিষেধাজ্ঞা আৰোপ ট্ৰাম্প প্ৰশাসনৰ

আমেৰিকাত পঢ়িবলৈ পৰিকল্পনা কৰা বিদেশী ছাত্ৰ-ছাত্ৰীসকললৈ বেয়া খবৰ । কিয়নো ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ সকলো দূতাবাস আৰু কনছুলেটক বৰ্তমান নতুনকৈ ছাত্ৰ ভিছাৰ সাক্ষাৎকাৰ গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিছে । এই পদক্ষেপ লোৱা হৈছে কাৰণ প্ৰশাসনে বিদেশী ছাত্ৰ-ছাত্ৰীৰ ছ’চিয়েল মিডিয়া ভেৰিফিকেচন বাধ্যতামূলক কৰাৰ কথা চিন্তা কৰিছে । ২৭ মে’ত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ স্বাক্ষৰিত এখন চৰকাৰী পত্ৰ অনুসৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নতুন গাইডলাইন জাৰি নোহোৱালৈকে ছাত্ৰ ভিছা (এফ এম) আৰু এক্সচেঞ্জ ভিজিটৰ (জে) ভিছাৰ সাক্ষাৎকাৰৰ নতুন তাৰিখ দিয়া নহ’ব ।

এই সমগ্ৰ বিষয়টোৰ ওপৰত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুচে কয়, ‘আমি ব্যক্তিগত ভিছাৰ কথা কোৱা নাই । আমি ব্যক্তিয়ে কৰা বাছনিৰ প্ৰকৃতিৰ কথা নকওঁ । আমি জানো যে আমেৰিকালৈ অহা মানুহক পৰীক্ষা কৰাৰ প্ৰক্ৰিয়াটোক অতি গুৰুত্বসহকাৰে লোৱা হয় । আমি আগলৈও তেনেকুৱাই কৰি যাম । আপুনি ছাত্ৰ হওক বা পৰ্যটক হওক, যাক ভিছাৰ প্ৰয়োজন, আমি তেওঁলোকৰ ওপৰত চকু ৰাখিম । এইটো ইমান বিতৰ্কিত বিষয় যেন লাগে যদিও সেয়া হ’ব নালাগে ।‘

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰশাসনে প্ৰতিজন বিদেশী ছাত্ৰ-ছাত্ৰীৰ বিশেষকৈ ইজৰাইল বিৰোধী প্ৰতিবাদত জড়িত হৈ থকা ছাত্ৰ-ছাত্ৰীৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপৰ পুংখানুপুংখ তদন্ত কৰিব বিচাৰে । ইয়াৰ ফলত ভিছা প্ৰক্ৰিয়া বহু পৰিমাণে লেহেমীয়া হ’ব পাৰে আৰু আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহৰ আৰ্থিক লোকচানও হ’ব পাৰে, কিয়নো তেওঁলোক বিদেশী ছাত্ৰ-ছাত্ৰীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল ।

লগতে পঢ়ক : এই ভুল কৰিলেই বাতিল হ’ব পাৰে ভিছা ! ভাৰতীয় ছাত্ৰ-ছাত্ৰীক সকীয়নি দিলে আমেৰিকাই

এই ভুল কৰিলেই বাতিল হ’ব পাৰে ভিছা ! ভাৰতীয় ছাত্ৰ-ছাত্ৰীক সকীয়নি দিলে আমেৰিকাই

ভাৰতীয় ছাত্ৰক সকীয়নি আমেৰিকাৰ

ভাৰতত থকা আমেৰিকাৰ দূতাবাসে আমেৰিকাত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে । ২০২৫ চনৰ ২৭ মে’ত এক্সত দিয়া এটা পোষ্টত দূতাবাসে ভিছাৰ নিয়ম কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় ছাত্ৰ তথা আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলক সোঁৱৰাই দিয়ে যে তেনে নকৰিলে ভিছা বাতিল হ’ব পাৰে আৰু ভৱিষ্যতে তেওঁলোকৰ বাবে আমেৰিকাৰ ভিছা লাভ কৰাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে । প্ৰতি বছৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে আমেৰিকালৈ যোৱা সেই সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এই বাৰ্তাটো গুৰুত্বপূৰ্ণ ।

দূতাবাসৰ পৰামৰ্শদাতাই গুৰুত্ব আৰোপ কৰে যে ছাত্ৰৰ মৰ্যাদা বজাই ৰখাটো কেৱল অধ্যয়নৰ বাবেই নহয়, আমেৰিকাত শৈক্ষিক আৰু পেছাদাৰী সুযোগ লাভৰ বাবেও গুৰুত্বপূৰ্ণ । দূতাবাসে বিশেষভাৱে সেই বিষয়ে কয় যাৰ বাবে ছাত্ৰজনৰ ভিছা বাতিল কৰিব পৰা যাব পাৰে । যেনে ড্ৰপ আউট, ক্লাছ নকৰা, বা স্কুলক অৱগত নকৰাকৈ পাঠ্যক্ৰম এৰি দিয়া । পোষ্টটোত সকীয়াই দিয়া হৈছে যে যদি আপুনি ড্ৰপ আউট, বাংক ক্লাছ বা অধ্যয়ন মাজভাগত এৰি দিয়ে আৰু বিদ্যালয়ক এই বিষয়ে অৱগত নকৰে তেন্তে ছাত্ৰজনৰ ভিছা বাতিল কৰা হ’ব পাৰে ।

এই উলংঘাৰ পৰিণতি তাৎক্ষণিকভাৱে বাতিল কৰাৰ বহু ওপৰলৈকে বিস্তৃত; ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলে আমেৰিকাৰ ভিছাৰ বাবে আবেদন কৰাৰ সময়ত উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে, যিয়ে তেওঁলোকৰ কেৰিয়াৰ পৰিকল্পনাত সম্ভাৱ্য প্ৰভাৱ পেলাব পাৰে ।

এই সতৰ্কবাণী এফ-১ ভিছাৰ অধীনত জাৰি কৰা কঠোৰ চৰ্তৰ ওপৰত দিয়া হৈছে, য’ত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰ আৰু এছ ই ভি পিৰ অধীনত সম্পূৰ্ণ পাঠ্যক্ৰমৰ বোজা আৰু নিয়মীয়া উপস্থিতি বজাই ৰাখিব লাগিব । এই চৰ্তসমূহ উলংঘা কৰিলে পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিয়া হ’ব পাৰে আৰু দেশত ছাত্ৰজনৰ আইনী মৰ্যাদা বিপন্ন হ’ব পাৰে ।

লগতে পঢ়ক : এই কেইখন হৈছে দেশৰ শীৰ্ষস্থানীয় এম বি এ কলেজ… যদি নামভৰ্তি কৰে তেন্তে কোটি টকাৰ পেকেজ নিশ্চিত !

‘আমেৰিকাৰ ওচৰত বাংলাদেশ বিক্ৰী কৰিছে ইউনুছে’… গুৰুতৰ অভিযোগ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

শ্বেখ হাছিনাৰ অভিযোগ

বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ মাজতে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । শ্বেখ হাছিনাই কয় যে ইউনুছে সন্ত্ৰাসবাদীৰ সহায়ত বাংলাদেশত ক্ষমতা দখল কৰিছে আৰু এই সন্ত্ৰাসবাদী সংগঠনসমূহৰ বহুতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিষিদ্ধ কৰা সংগঠন ।

বাংলাদেশৰ কাৰাগাৰ এতিয়া খালী-

তেওঁৰ ফেচবুক পোষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে ইউনুছে ক্ষমতা দখল কৰিবলৈ নিষিদ্ধ লোকৰ সহায় লৈছে, যাৰ পৰা আমি এতিয়ালৈকে বাংলাদেশৰ নাগৰিকক সুৰক্ষা দি আহিছিলো । মাত্ৰ এটা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলোঁ । বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও এতিয়া বাংলাদেশৰ জেল খালী । ইউনুছে এনে সকলো মানুহক মুকলি কৰি দিলে আৰু এতিয়া সেই সন্ত্ৰাসবাদীয়ে বাংলাদেশত শাসন কৰে ।

শ্বেখ হাছিনাই কয় যে আমাৰ মহান বাঙালী ৰাষ্ট্ৰৰ সংবিধান যি আমি দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু মুক্তিযুদ্ধৰ জৰিয়তে লাভ কৰিছো । অবৈধভাৱে ক্ষমতা দখল কৰা এই উগ্ৰপন্থী নেতাক সংবিধান স্পৰ্শ কৰাৰ অধিকাৰ কোনে দিলে ? তেওঁলোকৰ হাতত ৰাইজৰ আদেশ নাই, তেওঁলোকৰ কোনো সাংবিধানিক ভিত্তি নাই । তেওঁ কয় যে ইউনুছ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত হোৱাৰ কোনো ভিত্তি নাই আৰু ইয়াৰ অস্তিত্বও নাই । এনে পৰিস্থিতিত সংসদ অবিহনে তেওঁ কেনেকৈ আইন সলনি কৰিব, এইটো অবৈধ । তেওঁ দেশত আৱামি লীগ নিষিদ্ধ কৰিছে ।

আমি এক ইঞ্চি মাটিও দিব নোৱাৰো-

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পিতৃৰ সময়ৰ কথা উল্লেখ কৰি কয় যে যেতিয়া আমেৰিকাই ছেইণ্ট মাৰ্টিন দ্বীপ বিচাৰিছিল, তেতিয়া মোৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানে এই কথাত সন্মতি দিয়া নাছিল । তেওঁ প্ৰাণ আহুতি দিব লগা হৈছিল আৰু সেয়াই আছিল মোৰ ভাগ্য । কাৰণ দেশখন বিক্ৰী কৰি ক্ষমতাত থাকিব লাগে বুলি মোৰ মনলৈ কেতিয়াও নাহিল আৰু জাতিৰ পিতা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ আহ্বানত অস্ত্ৰ তুলি লোৱা দেশৰ জনসাধাৰণে ৩০ লাখ মানুহক মুক্ত কৰিবলৈ যুঁজ দি প্ৰাণ আহুতি দিলে । সেই দেশৰ এক ইঞ্চি মাটিও কাকো দিয়াটো কাৰো উদ্দেশ্য হ’ব নোৱাৰে । কিন্তু আজি ইউনুছে আমেৰিকাক বাংলাদেশ বিক্ৰী কৰিছে ।

শ্বেখ হাছিনাই আৰু কয় যে আজি কি দুৰ্ভাগ্য, এনে এজন ব্যক্তি ক্ষমতালৈ আহিল, সমগ্ৰ দেশৰ জনসাধাৰণে বহুত ভালপোৱা এজন ব্যক্তি, সমগ্ৰ বিশ্বই ভালপোৱা এজন ব্যক্তি আৰু আজি যেতিয়া তেওঁ ক্ষমতালৈ আহিল, তেতিয়া সেইজন ব্যক্তিৰ কি হ’ল ?

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক অপসাৰণৰ প্ৰস্তুতি চলি আছে । ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে সেনা আৰু বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে । এই সন্দৰ্ভত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে কৈছে যে যদি তেওঁৰ ওপৰত নিৰ্বাচন বা আন কোনো বিষয়ত অপ্ৰয়োজনীয় হেঁচা প্ৰয়োগ কৰা হয় তেন্তে তেওঁ জনসাধাৰণৰ সৈতে লগ লাগি প্ৰত্যুত্তৰ দিব ।

লগতে পঢ়ক : বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী পদত বাহাল থাকিব মহম্মদ ইউনুছ…

‘যি আমেৰিকাই সহিছিল সেয়া আমিও সহিছো’… নিউয়ৰ্কৰ ৯/১১ স্মৃতিসৌধৰ বাহিৰত সন্ত্ৰাসবাদৰ ওপৰত ক’লে শশী থাৰুৰে

আমেৰিকা

সৰ্বদলীয় প্ৰতিনিধি দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে বিশ্ববাসীক এই বাৰ্তা দিছে যে ভাৰতীয় প্ৰতিনিধি দলটোৱে এই কথা স্পষ্ট কৰি দিবলৈ আহিছে যে ভাৰতক আক্ৰমণ কৰা অপশক্তিৰ বিৰুদ্ধে আমি মৌন হৈ নাথাকো । তেওঁ বিশ্ব সম্প্ৰদায়ক সন্ত্ৰাসবাদৰ এই মহামাৰীৰ বিৰুদ্ধে সংহতি আৰু সামূহিক শক্তিৰে থিয় দিবলৈ আহ্বান জনায় ।

৯/১১ স্মৃতিসৌধৰ বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত থাৰুৰে এই কথা কয় । তেওঁ কয়, ‘৯/১১ স্মৃতিসৌধলৈ এই যাত্ৰা এক গম্ভীৰ সোঁৱৰণ যে আমেৰিকা যেনেকৈ সন্ত্ৰাসবাদৰ চিকাৰ হৈছে, ভাৰতেও বাৰে বাৰে এই আঘাতৰ সন্মুখীন হৈছে । এই মৰ্মস্পৰ্শী স্মৃতিসৌধত যি ঘাঁ দেখা পোৱা গৈছে এনেকুৱা ঘাঁ আমিও সহিছো । আমি ইয়ালৈ আহিছো এক সংহতিৰ অনুভৱ লৈ আৰু এইটোও কৈছো যে এইটো এটা অভিযান ।‘

‘অশুভ শক্তিৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিলে ভাৰতে’

বৰ্তমান এই প্ৰতিনিধি দলটো আমেৰিকাত আছে আৰু তাৰ পিছত গিয়ানা, পানামা, ব্ৰাজিল আৰু কলম্বিয়ালৈ যাত্ৰা কৰিব । থাৰুৰে কয়, ‘এই দেশসমূহত আমি বুজাবলৈ চেষ্টা কৰিম যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হোৱাটো কিমান গুৰুত্বপূৰ্ণ । ৯/১১ৰ পিছত আমেৰিকাই যিদৰে সাহস আৰু সংকল্প দেখুৱাইছিল, আমাৰ দেশেও ২২ এপ্ৰিলৰ আক্ৰমণৰ পিছত অশুভ শক্তিৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছে । আমি আশা কৰোঁ যে এই আক্ৰমণৰ দোষী আৰু তেওঁলোকক প্ৰশিক্ষণ, পুঁজি আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাসকলে ইয়াৰ পৰা কিছু শিক্ষা লৈছে । কিন্তু আমি স্পষ্টকৈ ক’ব বিচাৰো যে যদি পুনৰ এনেকুৱা হয় তেন্তে আমি মৌন হৈ নাথাকো ।‘

তেওঁ কয়, ‘এয়া উদাসীনতাৰ সময় নহয়, বৰঞ্চ পাৰস্পৰিক শক্তি আৰু সহযোগিতাৰ সময়, যাতে আমি একেলগে আমেৰিকাই সদায় মূল্য দিয়া মূল্যবোধৰ পক্ষত থিয় দিব পাৰো- গণতন্ত্ৰ, স্বাধীনতা, বৈচিত্ৰ্য আৰু বিভিন্ন সম্প্ৰদায়ৰ শান্তিপূৰ্ণ সহাৱস্থান । দুৰ্ভাগ্যজনকভাৱে এই সকলোবোৰ মূল্যবোধ এনে আক্ৰমণ সংঘটিত কৰাসকলৰ এজেণ্ডাত নাই ।‘

ভাৰতত বাৰে বাৰে হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি থাৰুৰে কয় যে “সন্ত্ৰাসবাদৰ দোষীক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগিব আৰু আমি শেহতীয়া আক্ৰমণৰ দোষীক ধৰা নপৰালৈকে বিচাৰি উলিওৱাটো বন্ধ নকৰো ।”

তেওঁ কয়, ‘এই লোকসকলে ক’ত লুকাই আছে, ক’ত আশ্ৰয় পায়, ক’ত প্ৰশিক্ষণ পায়, ক’ৰ পৰা অস্ত্ৰ-শস্ত্ৰ, পুঁজি আৰু সহায় পায়, সেই বিষয়ে আমি চিন্তা কৰিব লাগিব । এই ভয়ংকৰ আক্ৰমণ চলাবলৈ সহায় কৰাসকলো জবাবদিহি হ’ব লাগিব ।’

ৰাষ্ট্ৰসংঘই সন্ত্ৰাসবাদী সংগঠনৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মন্তব্য কৰি থাৰুৰে কয়, ‘ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা সমিতিয়ে পাকিস্তানৰ প্ৰায় ৫২ ব্যক্তি আৰু সংগঠনৰ তালিকা প্ৰস্তুত কৰিছে যদিও এতিয়া কেৱল তালিকাভুক্ত কৰা, কূটনীতি বা আন্তঃৰাষ্ট্ৰীয় নথি প্ৰস্তুত কৰাটোৱেই কাম নহ’ব । আমি আত্মৰক্ষাৰ অধিকাৰো প্ৰয়োগ কৰিম, যিটো প্ৰতিখন দেশেই স্বীকৃতি দিয়ে ।‘

লগতে পঢ়ক : ‘দেশ আৰু জনসাধাৰণক ৰক্ষা কৰাৰ অধিকাৰ আমাৰ আছে’… অপাৰেচন সিন্দুৰ সন্দৰ্ভত জাৰ্মানীত ক’লে জয়শংকৰে

বিদেশী ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বিৰুদ্ধে আমেৰিকাৰ কৱচ ‘গোল্ডেন ড’ম’… ঘোষণা কৰিলে ৰাষ্ট্ৰপতি ট্ৰাম্পে

বিদেশী ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰা সুৰক্ষা সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ঐতিহাসিক ঘোষণা কৰে । তেওঁ কয়, ‘গোল্ডেন ড’ম মিছাইল ডিফেন্স শ্বিল্ডৰ বিষয়ে আমি এক ঐতিহাসিক ঘোষণা কৰিছো । এইটো আমি বিচৰা বস্তু । ৰ’নাল্ড ৰেগানে (আমেৰিকাৰ ৪০ সংখ্যক ৰাষ্ট্ৰপতি) বহু বছৰৰ আগতে এই কাম কৰিব বিচাৰিছিল যদিও তেওঁৰ হাতত সেই প্ৰযুক্তি নাছিল ।‘

গোল্ডেন ড’ম মিছাইল ডিফেন্স শ্বিল্ড ঘোষণা কৰি হোৱাইট হাউছে প্ৰকাশ কৰা ভিডিঅ’ বাৰ্তাত ট্ৰাম্পে কয় যে, ‘এইটো আমাৰ হাতত থাকিব । আমি ইয়াক উচ্চতম পৰ্যায়লৈ লৈ যাম… নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই আমেৰিকাৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলো যে বিদেশী ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ভাবুকিৰ পৰা আমাৰ দেশক ৰক্ষা কৰিবলৈ মই এটা অত্যাধুনিক মিছাইল প্ৰতিৰক্ষা ঢাল নিৰ্মাণ কৰিম । আজি আমি এই কাম কৰি আছো । প্ৰশাসনৰ তথ্য অনুসৰি ইয়াৰ বাবে ১৭৫ বিলিয়ন ডলাৰ ব্যয় হ’ব ।

আমেৰিকা আৰু চৌদি আৰৱৰ মাজত সম্পন্ন হ’ল সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তি… ১৪২ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰিত

আমেৰিকা আৰু চৌদি আৰবে প্ৰায় ১৪২ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে । এই বৃহৎ প্ৰতিৰক্ষা চুক্তিৰ বিষয়ে তথ্য দিছে হোৱাইট হাউছে । উপসাগৰীয় দেশখন ভ্ৰমণ আৰম্ভ কৰাৰ সময়তে মঙলবাৰে ছৌদি আৰৱৰ সৈতে কৌশলগত অৰ্থনৈতিক চুক্তি স্বাক্ষৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ছৌদি চৰকাৰে ৰিয়াধত ট্ৰাম্পক আদৰণি জনোৱাৰ বৃহৎ ব্যৱস্থা কৰে । এয়াৰ ফৰ্চ ৱানৰ পৰা নামি অহাৰ সময়ত ট্ৰাম্পে উত্তেজনাত মুঠি ওপৰলৈ তোলে, য’ত তেওঁক আদৰণি জনায় চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে ।

এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা চুক্তি-

শক্তি, প্ৰতিৰক্ষা, খনন আদি খণ্ডত সহযোগিতা সম্পৰ্কে চুক্তি স্বাক্ষৰ কৰে দুয়োগৰাকী নেতাই । চৌদি আৰৱৰ চৰকাৰী টেলিভিছনৰ তথ্য অনুসৰি এই চুক্তিখনে কেইবাটাও ক্ষেত্ৰ সামৰি লৈছে । হোৱাইট হাউছে জনাইছে যে ছৌদি আৰবে আমেৰিকাত মুঠ ৬০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিবলৈ ওলাইছে, য’ত ১৪২ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তিও অন্তৰ্ভুক্ত হৈছে- যিটো দুয়োখন দেশৰ মাজত এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ প্ৰতিৰক্ষা চুক্তি হ’ব ।

ট্ৰাম্পৰ মাস্কৰো চৌদি আৰৱ ভ্ৰমণ-

ৰিয়াধত অনুষ্ঠিত বৈঠকৰ সময়ত ট্ৰাম্পে কয় যে মই সঁচাকৈয়ে ভাবো আমি ইজনে সিজনক বহুত ভাল পাওঁ । কোটিপতি ইলন মাস্ককে ধৰি আমেৰিকাৰ বহু বৃহৎ ব্যৱসায়ীও ট্ৰাম্পৰ সৈতে উপস্থিত আছিল । বুধবাৰে কাটাৰ আৰু বৃহস্পতিবাৰে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) ভ্ৰমণ কৰিব ট্ৰাম্প ।

ভাৰতৰ সন্মুখত সেও মানিলে পাকিস্তানে… ঘোষণা কৰিবলৈ বাধ্য হ’ল যুদ্ধবিৰতি

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে আৰম্ভ কৰা অপাৰেচন সেন্দুৰৰ মাজতে এক ডাঙৰ খবৰ প্ৰকাশ পাইছে । ইতিমধ্যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সেন্দুৰত দিকবিদিগ হেৰুৱাইছে পাকিস্তানে । ভাৰতৰ যোগ্য তথা শক্তিশালী প্ৰত্যাক্ৰমণত এতিয়া সেও মানিবলৈ বাধ্য হৈছে পাকিস্তান । অৱশেষত আমেৰিকাৰ হেঁচাত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে পাকিস্তানে ।

আমেৰিকাৰ মধ্যস্থতাত দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ ওপৰত সহমতত উপনীত হৈছে । এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইট কৰিছে । যিটো সময়ত ভাৰত আৰু পাকিস্তানৰ সীমান্তত ড্ৰ’ন আক্ৰমণ, গোলাবৰ্ষণ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল, যিয়ে আঞ্চলিক আৰু বিশ্ব পৰ্যায়ত উদ্বেগ বৃদ্ধি কৰিছে তেনে সময়তে এই খবৰ প্ৰকাশ পাইছে ।

ইফালে, পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰে ছ’চিয়েল মিডিয়াত অৱগত কৰে যে ভাৰত আৰু পাকিস্তানে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে । তেওঁ কয় যে পাকিস্তানে সদায় এই অঞ্চলত শান্তি আৰু নিৰাপত্তাৰ বাবে চেষ্টা কৰি আহিছে ।

ভাৰত আৰু পাকিস্তানৰ মাজত হঠাৎ ঘোষণা কৰা যুদ্ধবিৰতিৰ আঁৰত এটা ডাঙৰ কূটনৈতিক কাৰণ আছে বুলি এতিযা চৰ্চা চলিছে । কিয়নো ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিগত কেইবাদিনো ধৰি আমেৰিকাৰ সমকক্ষৰ সৈতে ধাৰাবাহিকভাৱে আলোচনাত মিলিত হৈছিল ।

আমেৰিকাৰ পক্ষই ইয়াক দুয়োখন দেশৰ “সাধাৰণ বুজাবুজি আৰু ডাঙৰ বুদ্ধিমত্তাৰ” ফল বুলি অভিহিত কৰে আৰু এই সিদ্ধান্তৰ বাবে দুয়োখন দেশক অভিনন্দন জনায় । এতিয়া আশা কৰা হৈছে যে সীমান্তত শান্তি ঘূৰি হ’ব আৰু দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে আৰু অধিক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হ’ব ।

ট্ৰাম্পে কয় যে, ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰাত মই অতি সুখী হৈছো । সাধাৰণ বুজাবুজি আৰু বুদ্ধিমত্তাৰ প্ৰদৰ্শন কৰাৰ বাবে দুয়োখন দেশলৈ অভিনন্দন ।

একে সময়তে আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে কয় যে বিগত ৪৮ ঘণ্টাৰ ভিতৰত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁ ভাৰত আৰু পাকিস্তানৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈছে । ইয়াৰ ভিতৰত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়া ।

ভাৰতৰ সৈতে আছে সমগ্ৰ বিশ্ব! পাকিস্তানৰ অনুৰোধ নুশুনিলে আমেৰিকাই,ক’লে-‘ইয়াৰ লগত আমাৰ কোনো সম্পৰ্ক নাই…’

ভাৰতৰ অপাৰেচন সিন্দূৰক লৈ বিচলিত পাকিস্তান।ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে অহৰহ চেষ্টা চলাই আছে।কিন্তু প্ৰতিটো মূহুৰ্ততে মুখ ঠেকেছা খাব লগীয়া হৈছে।

ইফালে পাকিস্তানে আমেৰিকাৰ পৰাও সহায়ৰ বাবে অহৰহ অনুৰোধ জনাইছে। তাৰ মাজতে এই সমগ্ৰ ঘটনাৰ প্ৰতি আমেৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমানৰ পৰিস্থিতিত আমেৰিকাই হস্তক্ষেপ নকৰে।এইটো আমেৰিকাৰ কাম নহয়।

এক সাক্ষাৎকাৰত ভ্যান্সে কয় যে ‘আমি দুয়োপক্ষকে উত্তেজনা হ্ৰাস কৰিবলৈ উৎসাহিত কৰিব পাৰো।কিন্তু আমি যুদ্ধৰ মাজত সোমাই নাযাওঁ কাৰণ সেইটো আমাৰ কাম নহয় আৰু আমি ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰো’।

তেওঁ কয় যে ‘আমেৰিকাই ভাৰত বা পাকিস্তান কাকোৱেই তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিবলৈ ক’ব নোৱাৰে। আমি কূটনৈতিক উপায়েৰেহে ইয়াৰ সমাধান কৰিব পাৰো’।

‘আমি আশা কৰোঁ যে বৰ্তমানৰ পৰিস্থিতি কোনো ধৰণৰ পূৰ্ণাংগ আঞ্চলিক যুদ্ধ বা পাৰমাণৱিক যুদ্ধলৈ পৰিণত নহয়।অৱশ্যে এই মুহূৰ্তত আমি নাভাবো যে এনেকুৱা হ’ব’।