লক্ষ্ণৌত ঋষভ পণ্টৰ ধুমুহা… বেংগালুৰুৰ বিৰুদ্ধে ৫৪ টা বলত অৰ্জন কৰিলে শতক

ঋষভ পণ্টৰ বিস্ফোৰক শতক

আই পি এল কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰিছে ঋষভ পণ্টে । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত তেওঁ ৫৪টা বলত শতক সম্পূৰ্ণ কৰে । ইয়াৰ জৰিয়তে আই পি এলত এল এছ জিৰ হৈ আটাইতকৈ দ্ৰুততম শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পণ্ট । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত পণ্টৰ এয়া দ্বিতীয়টো শতক, যাৰ বাবে তেওঁ ২৫৭৪ দিন অপেক্ষা কৰিবলগীয়া হৈছিল । পণ্টে শতক সম্পূৰ্ণ হোৱালৈ নিজৰ ইনিংছত ১০টা চাৰি আৰু ৬টা বিশাল ছয় কোবাই ।

আৰ চি বিৰ বিৰুদ্ধে মেচখনৰ পূৰ্বে চলিত আই পি এলত ঋষভ পন্টৰ ১২ টা ইনিংছত মাত্ৰ ১৫১ ৰানহে আহিছে । বেংগালুৰুৰ বিৰুদ্ধে মেচখনত তৃতীয় স্থানত বেটিং কৰিবলৈ আহিছিল পণ্ট । তেওঁ মিচেল মাৰ্ছৰ সৈতে ১৫২ ৰানৰ এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ি তুলিছিল । ইয়াৰ পিছত তেওঁ নিকোলাছ পুৰাণৰ সৈতে ৪৯ ৰান সংযোজন কৰে । ৬১টা বলত ১১৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে পণ্ট, এই ইনিংছত তেওঁ ১১টা চাৰি আৰু ৮টা ছয় কোবাই ।

২৫৭৪ দিনৰ পিছত শতক-

২০১৮ চনৰ ১০ মে’ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আই পি এলত ঋষভ পণ্টে প্ৰতিযোগিতাখনৰ প্ৰথমটো শতক অৰ্জন কৰিছিল । কিন্তু ইয়াৰ পিছত ২৫৭৪ দিন পাৰ হৈ গ’ল আৰু অৱশেষত প্ৰায় ৭ বছৰ অপেক্ষা কৰাৰ অন্তত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দ্বিতীয়টো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে পন্ট । এই শতকটো অতি বিশেষ কাৰণ আৰ চি বিৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে ২০২৫ চনৰ আই পি এলত পণ্টৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৬৩ ৰান আৰু এতিয়ালৈকে তেওঁ ছিজনটোত মাত্ৰ এটাহে অৰ্ধ শতক কৰিছে ।

এল এছ জিৰ বাবে আটাইতকৈ দ্ৰুততম শতক-

এতিয়ালৈকে এল এছ জিৰ হৈ দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ আছিল কে এল ৰাহুলৰ নামত, যিয়ে ২০২৩ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখনত ৫৬টা বলত শতক সম্পূৰ্ণ কৰিছিল । এতিয়া ঋষভ পণ্টে ৫৪টা বলত শতক অৰ্জন কৰি নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

ঋষভ পন্ত- ৫৪ বল

কে এল ৰাহুল- ৫৬ বল

মাৰ্কাছ ষ্টয়নিছ- ৫৬ বল

মিচেল মাৰ্ছ- ৫৬ বল

কুইণ্টন ডি কক- ৫৯ বল

ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে ঋষভ পন্টৰ অধিনায়কত্বত থকা লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । উল্লেখ্য যে, যে এল এছ জিয়ে ২৭ কোটি টকাত পণ্টক নিলামত ক্ৰয় কৰিছিল যদিও চলিত ছিজনত তেওঁৰ প্ৰদৰ্শনে অনুৰাগীক হতাশ কৰি তোলাৰ লগতে বেটছমেনজনক চোকা সমালোচনা কৰিছিল । অৱশ্যে চলিত ছিজনৰ দলৰ অন্তিমখন মেচত তেওঁ অপৰাজিত শতক অৰ্জন কৰি ফৰ্মলৈ ঘূৰি অহাৰ ইংগিত দিয়াৰ লগতে সমালোচনাৰো উত্তৰ দিয়ে । ইফালে জুনত ইংলেণ্ড ভ্ৰমণ কৰিবলগা ভাৰতীয় টেষ্ট দললৈ নিৰ্বাচিত হৈছে ঋষভ পন্ট । দলৰ সহ-অধিনায়কৰ দায়িত্ব হৈছে তেওঁক । এই টেষ্ট শৃংখলাৰ পূৰ্বে বিস্ফোৰক বেটছমেনগৰাকী ফৰ্মলৈ ঘূৰি অহাটো ভাৰতীয় দলৰ বাবে আশা ব্যঞ্জক খবৰ ।

লগতে পঢ়ক : ‘অপাৰেচন সিন্দুৰ’ৰ নামত আই পি এলৰ সামৰণি অনুষ্ঠান… বি চি চি আইৰ উদ্যোগত ভাৰতীয় সেনাৰ বাবে বিশেষ অনুষ্ঠান

‘অপাৰেচন সিন্দুৰ’ৰ নামত আই পি এলৰ সামৰণি অনুষ্ঠান… বি চি চি আইৰ উদ্যোগত ভাৰতীয় সেনাৰ বাবে বিশেষ অনুষ্ঠান

‘অপাৰেচন সিন্দুৰ’ৰ নামত আই পি এলৰ সামৰণি অনুষ্ঠান

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ সামৰণি অনুষ্ঠান ভাৰতীয় সশস্ত্ৰ বাহিনীৰ নামত উৎসৰ্গা কৰা হ’ব । এই অনুষ্ঠানত ‘অপাৰেচন সিন্দুৰ’ৰ নায়কসকলক সন্মান জনোৱা হ’ব । ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সন্মানত আগন্তুক আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান উচৰ্গা কৰা হ’ব বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে ।

৩ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান । ইয়াতে অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল । এই পদক্ষেপৰ লক্ষ্য হৈছে ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত সন্ত্ৰাসবাদী আত্মগোপন স্থানৰ বিৰুদ্ধে ভাৰতীয় সেনাই গ্ৰহণ কৰা সফল পদক্ষেপক সন্মান জনোৱা ।

বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই কয়- বি চি চি আইৰ হৈ আমাৰ বীৰ জোৱানসকলৰ বীৰত্ব, সাহস আৰু নিস্বাৰ্থ সেৱাক প্ৰণাম জনাইছো । ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত আমাৰ জোৱানসকলে যি সাহস দেখুৱাইছে, সেই সাহসে দেশখনক সুৰক্ষিত ৰখাই নহয়, আমাৰ সকলোকে অনুপ্ৰাণিত কৰিছে । এই সন্মানত আমি আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান সেনাবাহিনীক উৎসৰ্গা কৰাৰ লগতে আমাৰ জোৱানসকলক সন্মান জনোৱাৰ সিদ্ধান্ত লৈছো । ক্ৰিকেট হয়তো দেশৰ প্ৰিয় খেল, কিন্তু দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু নিৰাপত্তা প্ৰথম ।

উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল ।

এই আক্ৰমণৰ পিছত আই পি এল এসপ্তাহৰ বাবে পিছুৱাই দিয়া হয় । প্ৰতিযোগিতাখন পুনৰ আৰম্ভ হোৱাৰ পিছতে বিভিন্ন মেচত খেলুৱৈয়ে ৰাষ্ট্ৰীয় সংগীত গোৱাৰ লগতে ষ্টেডিয়ামত “ধন্যবাদ, সশস্ত্ৰ বাহিনী” আদি বাৰ্তা প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক : ইংলিছ-প্ৰিয়াংশৰ বিস্ফোৰক ইনিংছৰ সন্মুখত মুম্বাইৰ আত্মসমৰ্পণ… পইণ্ট টেবুলৰ শীৰ্ষত পঞ্জাৱ

ইংলিছ-প্ৰিয়াংশৰ বিস্ফোৰক ইনিংছৰ সন্মুখত মুম্বাইৰ আত্মসমৰ্পণ… পইণ্ট টেবুলৰ শীৰ্ষত পঞ্জাৱ

মুম্বাইৰ আত্মসমৰ্পণ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৬৯ সংখ্যক মেচত পঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত কৰে । ইংলিছ-প্ৰিয়াংশৰ বিস্ফোৰক ইনিংছৰ সন্মুখত মুম্বাইৰ আত্মসমৰ্পণ । এই জয়েৰে পঞ্জাবে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হোৱাৰ বিপৰীতে মুম্বাইৰ শীৰ্ষ ২ স্থানত প্ৰৱেশৰ আশা এতিয়া শেষ হৈছে । এই মেচত টছ জয় কৰাৰ পাছত পঞ্জাবে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।

প্ৰথমে বেটিং কৰিবলৈ আহি সূৰ্য কুমাৰ যাদৱৰ অৰ্ধ শতকৰ সহায়ত মুম্বাই দলে পঞ্জাৱক ১৮৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । ইয়াৰ প্ৰত্যুত্তৰত পঞ্জাবে প্ৰিয়াংশ আৰ্য্য আৰু জোছ ইংলিছৰ বিস্ফোৰক বেটিঙৰ সহায়ত ৭ উইকেটত জয়লাভ কৰে ।

পঞ্জাৱৰ ইনিংছ-

১৮৫ ৰানৰ লক্ষ্য অনুসৰণ কৰা পঞ্জাৱৰ আৰম্ভণি ভাল নাছিল । পঞ্চম অভাৰত বুমৰাহে প্ৰভসিমৰনক আউট কৰে । প্ৰভসিমৰণৰ বেটৰ পৰা মাত্ৰ ১৩ ৰানহে আহে । কিন্তু ইয়াৰ পিছত প্ৰিয়াংশ আৰ্য্য আৰু জোছ ইংলিছৰ মাজত ভাল অংশীদাৰিত্ব গঢ় লৈ উঠে । দুয়োজনে ৯ম অভাৰত দলৰ স্ক’ৰ ৮০ৰ ওপৰলৈ লৈ যায় । ১০ অভাৰৰ পাছত পঞ্জাৱৰ স্ক’ৰ ৯০-১ । প্ৰিয়াংশ আৰু ইংলিছ দুয়োজনে বিস্ফোৰক অৰ্ধ শতক অৰ্জন কৰে । কিন্তু ১৪ নং অভাৰত ৬২ ৰান সংগ্ৰহ কৰি আউট হয় প্ৰিয়াংশ আৰ্য্য ।

১৮ অভাৰত ইংলিছৰ উইকেটৰ পতন ঘটে । ইংলিছে ৪২টা বলত ৭৩ ৰানৰ ইনিংছ খেলে । ইংলিছ আউট হোৱাৰ সময়ত পঞ্জাৱক জয়ী হ’বলৈ ১৫টা বলত ১৪ ৰানৰ প্ৰয়োজন হৈছিল । শেষত পঞ্জাবে এই খেলখনত ৭ উইকেটত জয়লাভ কৰে । মুম্বাইক পৰাস্ত কৰি পঞ্জাবে এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে । এতিয়া ১৪খন মেচত ১৯ পইণ্ট লাভ কৰিছে পঞ্জাৱে ।

মুম্বাইৰ ইনিংছ-

প্ৰথমে বেটিং কৰিবলৈ আহি মুম্বাইয়ে এক সুন্দৰ আৰম্ভণি কৰে । ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টনে বিস্ফোৰক আৰম্ভণি কৰে । কিন্তু ষষ্ঠ অভাৰত মুম্বাইয়ে প্ৰথমটো বিপৰ্যয় লাভ কৰে যেতিয়া ৰিয়ান ৰিকেলটনে নিজৰ উইকেট হেৰুৱাই । মুম্বাইৰ দলীয় ৪৫ ৰানত এই আঘাত লাভ কৰে । ৰিয়ানে ২৭ ৰানৰ ইনিংছ খেলে । কিন্তু ইয়াৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু ৰোহিত শৰ্মাৰ মাজত ভাল অংশীদাৰিত্ব গঢ়ি উঠে ।

কিন্তু দশম অভাৰত মুম্বাইয়ে আন এক আঘাত লাভ কৰে যেতিয়া ৰোহিত শৰ্মা ২৪ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছত তিলক বাৰ্মাও ১১ নং অভাৰত আউট হয় । মাত্ৰ এক ৰানহে কৰে তিলকে । একে সময়তে ১৩ নং অভাৰত উইল জেকছো আউট হয় । জেকে ১৭ ৰান সংগ্ৰহ কৰে । আনহাতে, ১৭ নং অভাৰত হাৰ্দিক পাণ্ডিয়াই ২৬ ৰান সংগ্ৰহ কৰি আউট হয় । কিন্তু ইয়াৰ পিছত সূৰ্য্যই ৩৩টা বলত অৰ্ধ শতক অৰ্জন কৰে । একে সময়তে নমন ধীৰেও উজ্জ্বল বেটিং কৰে । নমনে ১১টা বলত ২০ ৰান সংগ্ৰহ কৰে । ইয়াৰ ভিত্তিত মুম্বাইয়ে পঞ্জাৱক ১৮৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।

লগতে পঢ়ক : ‘ৰোহিত-বিৰাট নাই…টিম ইণ্ডিয়াত শূন্যতা..’; হৰভজন সিঙে বিশ্বাসত ল’ব পৰা নাই নেকি শুভমন গীলক?

আজি হ’ব আই পি এল ২০২৫ৰ শীৰ্ষ স্থানৰ সিদ্ধান্ত… এই দলটোৱেই হৈছে মুম্বাইৰ পথত আটাইতকৈ ডাঙৰ বাধা !

আই পি এল ২০২৫

মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, পঞ্জাব কিংছ আৰু গুজৰাট টাইটানছ দলে আই পি এল ২০২৫ৰ প্লে অফত নিজৰ স্থান নিশ্চিত কৰিছে । টেবুল টপাৰ হোৱাৰ বাবে এই চাৰিটা দলৰ মাজত যুঁজ চলি আছে । ইয়াৰ মাজতে আজি মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব পাঞ্জাব কিংছ । এই মেচৰ অন্তত নিশ্চিত হ’ব পইন্ট তালিকাৰ শীৰ্ষত কোন উপনীত হ’ব । প্ৰকৃততে লীগ পৰ্যায়ত মাত্ৰ ২খন মেচ বাকী আছে আৰু এই দুখন মেচৰ ওপৰত নিৰ্ভৰ কৰিব কোনটো দল পইণ্ট টেবুলৰ শীৰ্ষত অৱস্থান কৰিব ।

উল্লেখ্য যে, গুজৰাট টাইটানছে ১৪খন খেলৰ আটাইকেইখন মেচ খেলি বৰ্তমান ১৮ পইণ্ট লাভ কৰিছে । দ্বিতীয় স্থানত থকা পঞ্জাব কিংছৰ বৰ্তমান ১৭ পইণ্ট আছে আৰু তৃতীয় স্থানত থকা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰো বৰ্তমান ১৭ পইণ্ট আছে আৰু দলটোৰ এখন মেচ বাকী আছে । একে সময়তে আজি পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিবলগীয়া মুম্বাই ইণ্ডিয়ানছৰ দলটো চতুৰ্থ স্থানত আছে । যিহেতু মুম্বাইৰ নেট ৰান-ৰেট যথেষ্ঠ ভাল, গতিকে তেওঁলোকে টেবুলত শীৰ্ষস্থান দখল কৰাৰ সম্ভাৱনা অতি প্ৰৱল ।

এম আইৰ পথত আটাইতকৈ ডাঙৰ বাধা-

আই পি এল ২০২৫ত বৰ্তমান ১৬ পইণ্টেৰে চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । যিহেতু মুম্বাইৰ নেট ৰান-ৰেট +১.২৯২, আজিৰ খেলখনত জয়ী হ’লে দলটো পইণ্ট টেবুলৰ শীৰ্ষত উপনীত হ’ব । ইয়াৰ বাবে দলটোৱে পঞ্জাৱ কিংছৰ কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব । পঞ্জাৱ দল নিজেই টেবুল টপাৰ হোৱাৰ দৌৰত আছে । ১৩খন মেচত ৮খনত জয়ৰ পিছত বৰ্তমান পঞ্জাৱৰ ১৭ পইণ্ট আৰু নেট ৰান ৰেট +০.৩২৭ ।

আজি পঞ্জাৱ কিংছক পৰাস্ত কৰিলেহে মুম্বাই টেবুল টপাৰ হ’ব পাৰিব । লগতে দলটোৱে আৰ চি বিয়ে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে তেওঁলোকৰ অন্তিমখন লীগ মেচত পৰাস্ত হোৱাৰ আশা কৰিব লাগিব । ইয়াৰ ফলত আৰ চি বিয়ে ১৭ পইণ্ট লাভ কৰাৰ বিপৰীতে এম আইয়ে ১৮ পইণ্টেৰে শীৰ্ষস্থান দখল কৰিব ।

লগতে পঢ়ক : কামাখ্যা দৰ্শন কৰিলে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে… ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে বিচাৰিলে আশীৰ্বাদ

আই পি এল প্লে অফ: টিকট নিশ্চিত 4টা দলৰ… কিন্তু এতিয়াও আছে উৎকণ্ঠা !

আই পি এল প্লে অফ:

আই পি এল প্লে অফৰ বাবে আকৰ্ষণীয় হৈ পৰিছে যুঁজ । আই পি এল ২০২৫ত ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৫৯ ৰানত পৰাস্ত কৰে । এই জয়ৰ লগে লগে মুম্বাই এতিয়া আই পি এল প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হৈছে । ইতিমধ্যে গুজৰাট, পঞ্জাৱ আৰু আৰ চি বিয়ে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে । এতিয়া ইয়াত মুম্বাইৰ নাম সংযোজন হৈছে । চতুৰ্থ স্থানৰ বাবে দিল্লী আৰু মুম্বাইৰ মাজত প্ৰতিযোগিতা আছিল । কিন্তু মুম্বাইৰ জয়ে দলটোক প্লে অফলৈ লৈ গৈছে । অৱশ্যে এতিয়াও প্লে অফত কোনটো দল কাৰ মুখামুখি হ’ব সেই সন্দৰ্ভত উৎকণ্ঠা অব্যাহত আছে ।

প্লে অফত স্থান নিশ্চিত এই ৪ টা দলৰ-

আই পি এল প্লে অফ ৪ টা দলৰ স্থান নিশ্চিত হৈছে । ইতিমধ্যে গুজৰাট টাইটানছ, পঞ্জাব কিংছ আৰু আৰ চি বিয়ে যোগ্যতা অৰ্জন কৰিছে । চতুৰ্থ স্থানৰ যুঁজখন আছিল মুম্বাই আৰু দিল্লীৰ মাজত । মুম্বাইয়ে ১৪ পইণ্ট লাভ কৰাৰ বিপৰীতে দিল্লীয়ে ১৩ পইণ্ট লাভ কৰি আছিল । দুয়োটা দলৰ মাজত ২-২ মেচ বাকী আছিল । কিন্তু এই মেচত জয়ৰ লগে লগে মুম্বাইয়ে এতিয়া প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে কিয়নো এতিয়া দলটোৱে ১৩খন মেচৰ পৰা ১৬ পইণ্ট লাভ কৰিছে । পৰৱৰ্তী মেচত দিল্লী জয়ী হ’লেও দলটোৰ হাতত থাকিব মাত্ৰ ১৫ পইণ্ট । অৰ্থাৎ মুম্বাই দিল্লীতকৈ আগত আছে । সেয়েহে এতিয়া প্লে অফৰ বাবে গুজৰাট, পঞ্জাৱ, আৰ চি বি আৰু মুম্বাইৰ নাম চূড়ান্ত হৈছে ।

এতিয়া কোন কাৰ মুখামুখি হ’ব ?

যদিও এই চাৰিটা দলৰ তালিকা চূড়ান্ত হৈছে, তথাপিও আই পি এল প্লে অফ তেওঁলোকৰ ক্ৰমৰ (ষ্টেণ্ডিং) সম্পৰ্কীয় পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই । আই পি এলৰ নিয়ম অনুসৰি লীগ পৰ্যায়ত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰা দলসমূহে ফাইনেলত প্ৰৱেশৰ অতিৰিক্ত সুযোগ লাভ কৰে ।

কোৱালিফায়াৰ-১ শীৰ্ষ ২ দলৰ মাজত খেলা হয় আৰু বিজয়ী দলটোৱে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰে । একে সময়তে কোৱালিফায়াৰ-১ৰ পৰাজিত দলটোৱে আৰু এটা সুযোগ লাভ কৰে । এই দলটোৱে কোৱালিফায়াৰ-২ত এলিমিনেটৰ (তৃতীয় আৰু চতুৰ্থ স্থানৰ দলৰ মাজৰ মেচ)ৰ বিজয়ীৰ সৈতে মুখামুখি হয় । ইয়াৰ পিছতে কোৱালিফায়াৰ-২ৰ বিজয়ী দলটোৱে ফাইনেলত কোৱালিফায়াৰ-১ৰ বিজয়ী দলৰ সৈতে মুখামুখি হয় ।

এইদৰে প্ৰথম আৰু দ্বিতীয় স্থানৰ দলে ফাইনেলত প্ৰৱেশৰ দুটা সুযোগ লাভ কৰাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ স্থানৰ দলে ফাইনেলত প্ৰৱেশ কৰিবলৈ প্ৰতিখন মেচতে জয়ী হ’ব লাগে । কিন্তু এতিয়া প্লে অফৰ বাবে ৪ টা দলৰ নাম নিশ্চিত হৈছে ।

প্লে অফত প্ৰৱেশ কৰা দলসমূহৰ বাকী থকা মেচ-

গুজৰাটত এতিয়াও দুখন মেচ বাকী আছে । অৰ্থাৎ দলটোৱে এতিয়াও ২২ পইণ্ট লাভ কৰিব পাৰে । একে সময়তে আৰ চি বিৰো দুখন মেচ বাকী আছে । আনহাতে পঞ্জাৱৰো দুটা সুযোগ আছে আৰু মুম্বাইৰ মাত্ৰ এখন মেচ বাকী আছে । অৰ্থাৎ যেতিয়া প্লে অফত প্ৰৱেশ কৰা এই চাৰিটা দলৰ সকলো মেচ অনুষ্ঠিত হ’ব তেতিয়াহে কোনটো দলে কাৰ বিৰুদ্ধে যুঁজিব সেয়া স্পষ্ট হ’ব ।

লগতে পঢ়ক : প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হ’ল মুম্বাই ইণ্ডিয়ানছ… আশা ভংগ দিল্লীৰ

প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হ’ল মুম্বাই ইণ্ডিয়ানছ… আশা ভংগ দিল্লীৰ

আই পি এল ২০২৫ৰ ৬৩ সংখ্যক মেচত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক পৰাস্ত কৰি প্লে অফৰ টিকট নিশ্চিত কৰে । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত দিল্লীয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । এই মেচত দিল্লীৰ নিয়মীয়া অধিনায়ক অক্ষৰ পেটেলে খেলা নাছিল । তেওঁৰ ঠাইত ফাফ ডু প্লেচিছে দলৰ অধিনায়কত্ব কৰিছিল ।

প্ৰথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে সূৰ্য কুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত দিল্লীৰ বাবে ১৮১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত দিল্লীয়ে মাত্ৰ ১২১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । বুমৰাহ আৰু ছেণ্টনাৰে শক্তিশালী বলিঙেৰে দিল্লীক আৱদ্ধ কৰি ৰাখে । ইয়াৰ ভিত্তিত মুম্বাই ইণ্ডিয়ানছে ৫৯ ৰানত এই মেচত জয়লাভ কৰে ।

দিল্লীৰ বেটিং-

১৮১ ৰানৰ লক্ষ্য অনুসৰণ কৰি খেলপথাৰত নমা দিল্লীৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰতে দীপক চহৰে অধিনায়ক ফাফ ডু পেলেছিছক পেভিলিয়নৰ পথ দেখুৱাই । ফাফৰ বেটৰ পৰা মাত্ৰ ৬ ৰানহে আহে । ইয়াৰ পাছত তৃতীয় অভাৰত ব’ল্টেও কে এল ৰাহুলক আউট কৰে । ইয়াৰ পিছতে অভিষেক পৰেলো ৰান সংগ্ৰহত ব্যৰ্থ হয় আৰু তেওঁক উইল জেকছে আউট কৰে । ইয়াৰ পিছত ছেণ্টনাৰে বিপ্ৰজক আউট কৰে আৰু দশম অভাৰত দিল্লীয়ে পঞ্চমটো আঘাত লাভ কৰে যেতিয়া ষ্টাবছক বুমৰাহে পেভিলিয়নমুখী কৰে ।

ইয়াৰ পিছত সমীৰ ৰিজভি আৰু আশুতোষৰ মাজত ভাল অংশীদাৰিত্ব গঢ়ি উঠিছিল যদিও ১৫ নং অভাৰত ছেণ্টনাৰে এই অংশীদাৰিত্ব ভংগ কৰে । সমীৰৰ বেটৰ পৰা ৩৯ ৰান আহে । একেটা অভাৰতে ছেন্টনাৰে আশুতোষক পেভিলিয়নলৈ পঠিয়াই মুম্বাইৰ দাবী মজবুত কৰে । ইয়াৰ পিছত বুমৰাহেও ১৬ অভাৰত মাধৱক আউট কৰি দিল্লীক অষ্টমটো আঘাত দিয়ে । ইয়াৰ পিছত ১৮ নং অভাৰত কৰ্ণ শৰ্মাই দিল্লীক কুলদীপক আউট কৰে । কুলদীপৰ বেটৰ পৰা মাত্ৰ ৭ ৰানহে আহে ।

মুম্বাইৰ বেটিং-

প্ৰথমে বেটিং কৰিবলৈ আহি মুম্বাইয়ে এক সুন্দৰ আৰম্ভণি কৰে । ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটনে বিস্ফোৰক বেটিং কৰে । কিন্তু তৃতীয় অভাৰতে মুম্বাইয়ে প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হয় যেতিয়া ৰোহিত শৰ্মা ৫ ৰান সংগ্ৰহ কৰি আউট হয় । কিন্তু ইয়াৰ পিছত উইল জেকছ আৰু ৰিকেলটনে ভাল অংশীদাৰিত্ব গঢ়ি তোলে । দলটোৰ স্ক’ৰ ৫ অভাৰত ৪৬ ৰান থকাৰ সময়তে ষষ্ঠ অভাৰত উইল জেকছে নিজৰ উইকেট হেৰুৱাই । জেকছে ২১ ৰানৰ ইনিংছ খেলে । ইয়াৰ পিছত পৰৱৰ্তী অভাৰত ৰিকলটনক কুলদীপ যাদৱে আউট কৰে । ৰিকলটনৰ বেটৰ পৰা ২৫ ৰান আহে । ইয়াৰ লগে লগে কুলদীপ যাদৱে আই পি এলত ১০০টা উইকেটো সম্পূৰ্ণ কৰে ।

ইয়াৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাৰ মাজত ভাল অংশীদাৰিত্ব গঢ়ি উঠে । ১০ অভাৰৰ অন্তত মুম্বাইৰ স্ক’ৰ ৮০-৩ । কিন্তু মুম্বাইয়ে চতুৰ্থটো আঘাত লাভ কৰে যেতিয়া ১৫ অভাৰত তিলক বাৰ্মাই ২৭ ৰান সংগ্ৰহ কৰি মুকেশ কুমাৰৰ বলি হয় । ইয়াৰ পিছত হাৰ্দিক পাণ্ডিয়াই বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হৈ পেভিলিয়নমুখী হয় । কিন্তু সূৰ্য্য এটা মূৰত দৃঢ় হৈ থাকে । তেওঁ এক উজ্জ্বল অৰ্ধ শতক অৰ্জন কৰে । ইফালে নমন ধীৰেও ভাল ইনিংছ খেলে । যাৰ ভিত্তিত মুম্বাইয়ে দিল্লীৰ বাবে ১৮১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । সূৰ্য্যই ৭৩ ৰানৰ অপৰাজিত ইনিংছ খেলে ।

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত দিল্লী কেপিটেলছৰ; প্লেয়িং একাদশৰ পৰা বাহিৰ হ’ল অক্ষৰ পেটেল

আই পি এল ২০২৫ৰ ৬৩ সংখ্যক খেলখন ৱানখেড়ে ষ্টেডিয়ামত দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব।ইয়াৰ বাবে সাজু হৈছে দুয়োটা দল।

আজিৰ খেলখনত যদি মুম্বাই ইণ্ডিয়ানছৰ দলে জয়লাভ কৰে তেন্তে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব। কিন্তু আজি যদি দিল্লী দল জয়ী হয় তেন্তে প্লে অফৰ ওচৰ চাপিব।

কিন্তু বাকী মেচসমূহৰ ওপৰত নিৰ্ভৰ কৰিব দুয়োটা দলৰ ভৱিষ্যত। দিল্লীয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।অক্ষৰ পেটেল অসুস্থ যাৰ বাবে তেওঁ প্লেয়িং একাদশৰ পৰা বাহিৰ হ’ল।

দুয়োটা দলৰ পৰৱৰ্তী মেচ হ’ব পঞ্জাৱৰ বিৰুদ্ধে। আজি যদি দিল্লীয়ে জয়লাভ কৰে তেন্তে তেওঁলোকে আশা কৰিব লাগিব যে পঞ্জাৱ আৰু মুম্বাইৰ মাজত হোৱা খেলখনত মুম্বাই পৰাস্ত হওক।

ইয়াৰ উপৰিও তেওঁলোকে পঞ্জাৱৰ বিৰুদ্ধেও জয় পঞ্জীয়ন কৰিব লাগিব। যদি এনেকুৱা নহয় তেন্তে তেওঁলোকে যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। কাৰণ যদি মুম্বাই দল জয়ী হয় তেতিয়া তেওঁলোকৰ হাতত ১৬ পইণ্ট থাকিব। বৰ্তমান দিল্লীৰ ১৩ পইণ্ট।

ফাফ ডু প্লেছিছে কয় যে যোৱা দুদিন ধৰি অক্ষৰ অতি অসুস্থ হৈ আছে। আজি আমি তেওঁক মিছ কৰিম। আজি আমি এটা ভাল দলৰ বিৰুদ্ধে খেলিছো, তাৰ বাবে আমি সাজু।

যোৱা ৫-৬ খন মেচত আমি সৰ্বোত্তম প্ৰদৰ্শন কৰিব পৰা নাছিলো। প্ৰতিদিনে আমি এটা নতুন সুযোগ পাওঁ।পিটচখন অলপ শুকান যেন লাগিছে, আমি টাৰ্গেটটো খেদি যাম। অক্ষৰ আমাৰ লগত নাই, তেওঁৰ ঠাই লোৱাটো কঠিন। আমি চাম কেনেকৈ হয়।”

আজি আই পি এলত দিল্লী-মুম্বাইৰ যুঁজ… মেচত জয়ী হ’লে প্লে অফত প্ৰৱেশ কৰিব এম আই, ডি চিৰ বাবে জটিল সমীকৰণ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৬৩ সংখ্যক মেচখন আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ’ব । এই মেচখন প্লে অফৰ বাবে আটাইতকৈ কঠিন বুলি বিবেচিত হৈছে । প্ৰকৃততে প্লে অফত মাত্ৰ এটা স্থান বাকী আছে আৰু ইয়াৰ বাবে মাত্ৰ দুই প্ৰতিদ্বন্দ্বী আছে, এটা মুম্বাই আৰু আনটো দল দিল্লী কেপিটেলছ । এই মেচত যি দলেই জয়ী নহওক কিয়, প্লে অফলৈ যোৱাৰ পথ প্ৰায় স্পষ্ট হৈ পৰিব ।

সোমবাৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৬ উইকেটত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰি দিয়ে । ইয়াৰ পিছত এতিয়া কেৱল মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু দিল্লী কেপিটেলছ (ডি চি)য়েহে চূড়ান্ত প্লে অফৰ স্থান নিশ্চিত কৰাৰ সুযোগ লাভ কৰিছে । ইতিমধ্যে গুজৰাট টাইটানছ, পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছে নকআউট পৰ্যায়ত নিজৰ স্থান নিশ্চিত কৰিছে ।

যদিহে দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাস্ত হয় তেন্তে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হ’ব । যদি দিল্লীয়ে মুম্বাইক পৰাস্ত কৰে কিন্তু তাৰ পিছত পাঞ্জাব কিংছৰ হাতত পৰাস্ত হয়, তেন্তে তেওঁলোকৰ প্লে অফলৈ যোৱাটো নিৰ্ভৰ কৰিব পঞ্জাৱৰ বিৰুদ্ধে মুম্বাই পৰাস্ত হয় নে নহয় তাৰ ওপৰত । মুঠৰ ওপৰত ২১ মে’ত দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনে প্লে অফৰ অন্তিম স্থান নিৰ্ণয় কৰিব ।

পইন্ট তালিকাৰ শেহতীয়া অৱস্থান-

বৰ্তমান মুম্বাই ইণ্ডিয়ানছে ১৪ পইণ্ট আৰু দিল্লী কেপিটেলছে ১৩ পইণ্ট লাভ কৰিছে । দুয়োটা দলে নিজৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে যদিও ঘৰুৱা খেলপথাৰ আৰু শেহতীয়া প্ৰদৰ্শনৰ বাবে এম আইৰ সামান্য সুবিধা আছে বুলি বিবেচিত হৈছে । যদি মুম্বাই জয়ী হয় তেন্তে ১৬ পইণ্টেৰে ই দিল্লীত কৈ যথেষ্ঠ আগবাঢ়িব । আনহাতে দিল্লীয়ে বাকী দুয়োখন মেচতে জয়ী হ’ব লাগিব– দ্বিতীয়খন মেচ ২৪ মে’ত পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ৷

যদিও অন্তিমখন মেচত মুম্বাই গুজৰাটৰ হাতত পৰাস্ত হৈছিল, তাৰ পূৰ্বে একেৰাহে ছখন মেচত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ আটাইতকৈ বিপজ্জনক দলৰ ভিতৰত স্থান দখল কৰিছিল দলটোৱে । এই মেচখনত জয়লাভ কৰি এম আইয়ে প্লে অফত প্ৰৱেশ কৰিব বিচাৰিব, আনহাতে পৰাজয়ৰ ক্ষেত্ৰত ডি চি আৰু পি বি কে এছৰ মাজত অনুষ্ঠিত হোৱা মেচখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ।

এই মেচখনত সকলোৰে দৃষ্টি ৰোহিত শৰ্মাৰ ওপৰত থাকিব কাৰণ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছত এইখনেই হ’ব তেওঁৰ প্ৰথমখন মেচ । দিল্লীৰ আশা বহুলাংশে কে এল ৰাহুলৰ ওপৰত নিৰ্ভৰশীল, যিয়ে গুজৰাটৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল যদিও দলটো ১০ উইকেটত পৰাস্ত হৈছিল । ষ্টাৰ্কৰ ঠাইত মুস্তাফিজুৰ ৰহমানে মিতব্যয়িতাৰে বলিং কৰিছিল যদিও বলিঙৰ ক্ষেত্ৰত দিল্লীৰ দুৰ্বলতা উন্মোচিত হৈছিল ।

দিল্লীয়ে ছিজনটো দৰ্শনীয়ভাৱে আৰম্ভ কৰিছিল– প্ৰথম ছখন মেচৰ ভিতৰত পাঁচখন মেচত জয়ী হৈছিল দলটো । কিন্তু তাৰ পিছত দুৰ্বল প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ অভিযান ট্ৰেকৰ বাহিৰলৈ যায় ।

সান্তনাৰ জয়েৰে চলিত আই পি এলৰ যাত্ৰা সমাপ্ত ৰাজস্থানৰ… ৬ উইকেটত পৰাস্ত চেন্নাই

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬২ সংখ্যক মেচত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে । এই ছিজনত ৰাজস্থান ৰয়েলছৰ এইখন অন্তিমখন মেচ আছিল, য’ত তেওঁলোকে শক্তিশালী ৰূপত জয়লাভ কৰি চলিত সংস্কৰণৰ পৰা বিদায় লয় । মাত্ৰ ১৭.১ অভাৰতে ৰাজস্থানে চেন্নাইয়ে দিয়া ১৮৮ ৰানৰ লক্ষ্যত উপনীত হয় ।

ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱাল আৰু বৈভৱ সূৰ্যবংশীয়ে ইনিংছ আৰম্ভ কৰে । দুয়োজনে আক্ৰমণাত্মকভাৱে ৰান সংগ্ৰহ কৰে । যশস্বীয়ে ১৯টা বলত ৩৬ ৰান সংগ্ৰহ কৰে, য’ত ৫টা চাৰি আৰু দুটা ছয় আছিল । তেওঁক পেভিলিয়নৰ বাট দেখুৱাই অংশুল কাম্বোজে । ইয়াৰ পিছতে অধিনায়ক সঞ্জু চেমচনৰ সৈতে বৈভৱ সূৰ্যবংশীয়ে ইনিংছ চম্ভালে । দুয়োজনে একেলগে ১০ অভাৰত দলৰ স্ক’ৰ ৯৫ ৰানৰ ওপৰলৈ লৈ যায় ।

বৈভৱ সূৰ্য্যবংশীয়ে বিস্ফোৰক বেটিং কৰি মাত্ৰ ২৭টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে । তেওঁ চাৰিটা চাৰি আৰু চাৰিটা ৬ কোবাই মুঠ ৫৭ ৰান সংগ্ৰহ কৰে । ১৪ নং অভাৰত তেওঁ আউট হয় । সঞ্জু চেমছনেও ৪১ ৰানৰ বৰঙণি আগবঢ়ায় ।

শীৰ্ষ অৰ্ডাৰ আউট হোৱাৰ পিছত ধ্ৰুৱ জুৰেল আৰু শ্বিমৰন হেটমায়াৰে দায়িত্ব লয় আৰু সংযমেৰে বেটিং কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । ১৮ অভাৰৰ প্ৰথমটো বলত ৰাজস্থানে লক্ষ্য অৰ্জন কৰে । এই জয়ৰ লগে লগে ৰাজস্থান পইণ্ট তালিকাৰ নৱম স্থানত থকাৰ বিপৰীতে চেন্নাই অন্তিম স্থানত উপনীত হয় । চেন্নাইৰ বাবে এতিয়াও এখন মেচ বাকী আছে ।

ইয়াৰ পূৰ্বে ৰাজস্থানে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । চেন্নাই ছুপাৰ কিংছৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰতে যুধবীৰ সিঙে ডেভন কনৱে আৰু উৰভিল পেটেলক আউট কৰাত চেন্নাই আগতীয়াকৈ বিপৰ্যয়ৰ সন্মুখীন হয় । অৱশ্যে আয়ুষ ম্হাত্ৰেই আক্ৰমণাত্মক বেটিং কৰি ২০টা বলত ৪৩ ৰান সংগ্ৰহ কৰে যদিও ষষ্ঠ অভাৰত তেওঁ আউট হয় ।

ৰবিচন্দ্ৰন অশ্বিন (১৩ ৰান) আৰু ৰবীন্দ্ৰ জাডেজা (১ ৰান)ও আগতীয়াকৈ পেভিলিয়নলৈ উভতি আহে । ইয়াৰ পিছতে ব্ৰেভিছ আৰু শিৱম ডুবেই ইনিংছৰ দায়িত্ব লয় আৰু দুয়োজনে ৫৯ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ব্ৰেভিছে ৪২ ৰান কৰাৰ বিপৰীতে ডুবেই ৩৯ ৰান সংগ্ৰহ কৰে ।

অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ধৈৰ্য্যৰে বেটিং কৰি টি-২০ কেৰিয়াৰৰ ৩৫০ সংখ্যক ছয়কে ধৰি ১৬ ৰান সংগ্ৰহ কৰে যদিও অন্তিম অভাৰত আউট হয় । চেন্নাইয়ে নিৰ্ধাৰিত ২০ অভাৰত ১৮৭ ৰান সংগ্ৰহ কৰে ।

ৰাজস্থান প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে যদিও এই জয়ৰ সৈতে দলটোৱে চলিত ছিজনৰ অন্ত পেলায় । একে সময়তে চেন্নাই ছুপাৰ কিংছৰ হাতত এতিয়া মাত্ৰ এখন মেচ বাকী আছে, য’ত তেওঁলোকে নিজৰ সন্মান ৰক্ষাৰ চেষ্টা কৰিব ।