অভিষেক মেচতে উজলিল অশ্বিনী কুমাৰ… কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ বৃহৎ জয়

আই পি এল ২০২৫ৰ দ্বাদশ মেচখন মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হয় । সোমবাৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত মুম্বাই ইণ্ডিয়ানছে ৮ উইকেটত জয়লাভ কৰে । মুম্বাই ইণ্ডিয়ানছে জয়ী হ’বলৈ ১১৭ ৰানৰ সহজ লক্ষ্য লাভ কৰে, যিটো তেওঁলোকে মাত্ৰ ১২.৫ অভাৰতে উপনীত হয় । মুম্বাইৰ জয়ৰ নায়ক আছিল বেগী বলাৰ অশ্বিনী কুমাৰ, যিয়ে আই পি এলত অভিষেক মেচতে ৪টা উইকেট দখল কৰে । মুম্বাইৰ হৈ ৰিয়ান ৰিকেল্টনেও অপৰাজিত অৰ্ধশতক (৬২) অৰ্জন কৰে ।

মুম্বাই ইণ্ডিয়ানছৰ প্ৰথম জয়…

চলিত ছিজনত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ এইটোৱেই প্ৰথমটো জয় । উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু গুজৰাট টাইটানছ (জি টি)ৰ বিৰুদ্ধে প্ৰথম দুখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে মুম্বাই ইণ্ডিয়ানছ । আনহাতে, ডিফেণ্ডিং চেম্পিয়ন কে কে আৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত পৰাস্ত হোৱাৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে একপক্ষীয় জয় লাভ কৰে । এতিয়া দলটো চলিত ছিজনত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ।

লক্ষ্য অনুসৰণ ‘ইমপেক্ট ছাব’ ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টনে মুম্বাই ইণ্ডিয়ানছৰ হৈ ভাল আৰম্ভণি কৰে । দুয়োজনে প্ৰথম উইকেটৰ বাবে ৫.২ অভাৰত ৪৬ ৰানৰ অংশীদাৰিত্ব কৰে । ৰোহিতক ফৰ্মত দেখা গৈছিল যদিও ভাল আৰম্ভণিক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে । আন্দ্ৰে ৰাছেলৰ বলত হৰ্ষিত ৰাণাই ৰোহিতক কেচ আউট কৰে ।

এটা ৬ৰ সহায়ত ১২টা বলত ১৩ ৰান সংগ্ৰহ কৰে ৰোহিত শৰ্মাই । ইয়াৰ পৰা ৰিয়ান ৰিকেল্টনে কলকাতা নাইট ৰাইডাৰ্ছক কোনো সুযোগ নিদি বিস্ফোৰক অৰ্ধ শতক অৰ্জন কৰে । দক্ষিণ আফ্ৰিকাৰ অ’পেনাৰ ৰিকেল্টনে ৫টা চাৰি আৰু চাৰিটা ৬ৰ সহায়ত ৪১টা বলত অপৰাজিত ৬২ ৰান সংগ্ৰহ কৰে । সূৰ্যকুমাৰ যাদৱেও ২৭ ৰানত অপৰাজিত হৈ থাকে । কে কে আৰৰ হৈ আন্দ্ৰে ৰাছেলে দুয়োটা উইকেট দখল কৰে ।

অশ্বিনী কুমাৰে সৃষ্টি কৰিলে ইতিহাস… ৰাছেল, ৰিংকু সকলো ব্যৰ্থ-

টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ বাছনি কৰাৰ পিছত কলকাতা ১৬.২ অভাৰত ১১৬ ৰান সংগ্ৰহ কৰি অল আউট হয় । কলকাতা নাইট ৰাইডাৰ্ছৰ আৰম্ভণি শোচনীয় আছিল আৰু পাৱাৰ প্লে’তেই ৪ উইকেট হেৰুৱাইছিল । ইয়াৰ পূৰ্বে বাওঁহাতৰ পেচাৰ ট্ৰেণ্ট ব’ল্টে ক্লীন বল্ড কৰিছিল সুনীল নাৰিনক (০) । ইয়াৰ পাছতে দীপক চহৰে উইকেটকীপাৰ-বেটছমেন কুইণ্টন ডি ককক আউট কৰে । ইয়াৰ পিছত অশ্বিনী কুমাৰে অভিষেক মেচৰ প্ৰথমটো বলত অধিনায়ক অজিংক্য ৰাহানেক পেভিলিয়নৰ বাট দেখুৱাই । আনহাতে দীপক চহৰে ভেংকটেশ আয়াৰক আউট কৰে (৩) । ভেংকটেশ আউট হোৱাৰ সময়ত কে কে আৰৰ স্ক’ৰ আছিল ৪১ ৰান ।

অংকৃশ ৰঘুবংশীয়ে কিছু চেষ্টা কৰিছিল যদিও হাৰ্দিক পাণ্ডিয়াৰ বলত এটা ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি নমন ধীৰৰ হাতত কেচ তুলি আউট হয় তেওঁ । ৰঘুবংশীয়ে ৩টা চাৰি আৰু এটা ৬ৰ সহায়ত ১৬টা বলত ২৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ পাছতে অশ্বনী কুমাৰে ৰিংকু সিং (১৭), ‘ইমপেক্ট চাব’ মনীষ পাণ্ডে (১৯) আৰু আন্দ্ৰে ৰাছেল (৫)ক আউট কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ বেটিং মেৰুদণ্ড ভাঙি পেলায় । তাৰ পাছত হৰ্ষিত ৰানাক বিগনেশ পুথুৰে পেভিলিয়নমুখী কৰে । আনহাতে ২২ ৰান সংগ্ৰহ কৰি মিচেল ছাণ্টনাৰৰ বলি হয় ৰমনদীপ সিং ।

মুম্বাই ইণ্ডিয়ানছৰ হৈ অশ্বিনী কুমাৰে ২৪ ৰানত ৪টা উইকেট দখল কৰাৰ বিপৰীতে দীপক চহৰে দুটা উইকেট লাভ কৰে । ইয়াৰ উপৰিও ট্ৰেণ্ট ব’ল্ট, হাৰ্দিক পাণ্ডিয়া, ভিগনেশ পুথুৰ আৰু মিচেল ছাণ্টনাৰে এটাকৈ উইকেট লাভ কৰে ।

উল্লেখ্য যে, আই পি এলত অভিষেক ঘটাই চাৰিটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ অশ্বিনী কুমাৰ । আই পি এলত অভিষেক ঘটাই শ্ৰেষ্ঠ বলিঙৰ অভিলেখ অৰ্জন কৰিছে আলজাৰী জোচেফ । ২০১৯ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ হৈ ১২ ৰানত ৬টা উইকেট দখল কৰিছিল তেওঁ । আই পি এলৰ অভিষেক মেচত চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰা অশ্বিনী হৈছে ষষ্ঠজন বলাৰ ।

মেচত জয়লাভ কৰাৰ পিছতো জৰিমনা ভৰিব লাগিব ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে…

আই পি এল-২০২৫ৰ ১১ সংখ্যক মেচত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৬ ৰানত পৰাস্ত কৰি ৰাজস্থান ৰয়েলছে (আৰ আৰ) জয়ৰ একাউণ্ট মুকলি কৰে । কিন্তু এই জয়ৰ পাছতো ৰাজস্থান ৰয়েলছৰ ভাৰপ্ৰাপ্ত অধিনায়ক ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে ।

আচলতে অধিনায়ক পৰাগক লেহেমীয়া অভাৰ ৰেটৰ বাবে এই জৰিমনা আৰোপ কৰা হৈছে । তেওঁ ১২ লাখ টকা জৰিমনা ভৰিব লাগিব । দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা খেলখনত নীতিশ ৰাণাৰ ৩৬ বলত ৮১ ৰানৰ আৰু তাৰ পাছত লেগ স্পীনাৰ ৱানিন্দু হাছাৰাংগাৰ ৪টা উইকেটৰ সহায়ত এই জয় লাভ কৰে ৰাজস্থানে ।

নীতিশে ১০টা চাৰি আৰু ৫টা ছয় কোবাই ৰয়েলছক ৯ উইকেটত ১৮২ ৰানলৈ লৈ যায় । তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ২০১৯ চনৰ পাছতো ১৮০ ৰানৰ ওপৰৰ লক্ষ্যত উপনীত হ’ব নোৱাৰা চেন্নাই ছুপাৰ কিংছ আকৌ এবাৰ ব্যৰ্থ হয় আৰু ২০ অভাৰত ৬টা উইকেট হেৰুৱাই মাত্ৰ ১৭৬ ৰানহে কৰিবলৈ সক্ষম হয় ।

আই পি এলৰ এক বিবৃতিত কোৱা হৈছে যে, ‘আই পি এলৰ আচৰণ বিধি (ধাৰা ২.২২)ৰ অধীনত নূন্যতম অভাৰ ৰেটৰ সৈতে জড়িত এইটো তেওঁৰ দলৰ ছিজনৰ প্ৰথমটো অপৰাধ আছিল, সেয়েহে ৰিয়ান পৰাগক ১২ লাখ টকা জৰিমনা বিহা হৈছে ।’

প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ হাতত পৰাস্ত হোৱা ৰাজস্থানে পৰৱৰ্তী সময়ত ৫ এপ্ৰিলত মুলানপুৰত পঞ্জাব কিংছ (পি বি কে এছ)ৰ বিৰুদ্ধে খেলিব ।

৭ উইকেটত জয়লাভ দিল্লী কেপিটেলছৰ… একেৰাহে দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ছানৰাইজাৰ্ছ হায়দৰাবাদ

আই পি এলৰ এখন মেচত আজি দিল্লী কেপিটেলে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰিছে । চলিত ছিজনত হায়দৰাবাদৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয় । এই মেচখনত এছ আৰ এইচে প্ৰথমে বেটিং কৰি ১৬৩ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিল্লীয়ে ১৬ অভাৰতে বিজয় লক্ষ্যত উপনীত হয় । দিল্লী কেপিটেলছে একেৰাহে দ্বিতীয়টো জয় লাভ কৰিছে, য’ত ফাফ ডু প্লেছিছে অৰ্ধশতক অৰ্জন কৰিছে । ডু প্লেছিছৰ পঞ্চাশ ৰান আৰু অনিকেত বাৰ্মাৰ ৭৪ ৰানৰ সহায়ত দিল্লীয়ে মেচখনত বিজয় সাব্যস্ত কৰে ।

সহজেই লক্ষ্যত উপনীত হয় দিল্লী-

দিল্লী কেপিটেলছে ১৬৪ ৰানৰ লক্ষ্য লাভ কৰে । ইয়াৰ উত্তৰত জেক ফ্ৰেজাৰ মেকগাৰ্ক আৰু ফাফ ডু প্লেছিছে দিল্লীৰ হৈ বিস্ফোৰক আৰম্ভণি কৰে । মেকগাৰ্ক আৰু ডু প্লেছিছৰ মাজত ৮১ ৰানৰ অপেনিং অংশীদাৰিত্ব আছিল । মেকগাৰ্কে ৩৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ডু প্লেছিছে ২৭টা বলত ৫০ ৰানৰ ধুমুহাময় ইনিংছ খেলি দিল্লীৰ জয়ৰ ভেটি স্থাপন কৰে । এই ইনিংছত তেওঁ ৩টা চাৰি আৰু ৩টা ছয় কোবাই ।

দিল্লীৰ হৈ অভিষেক পোৰেলো জিলিকি উঠে, তেওঁ শেষত ছয় কোবাই দিল্লী কেপিটেলছৰ জয় নিশ্চিত কৰে । পোৰেলে ১৮টা বলত ৩৪ ৰানৰ অপৰাজিত ইনিংছ খেলে । একে সময়তে ট্ৰিষ্টান ষ্টাবছেও ১৪টা বলত ২১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । আজি আই পি এল ২০২৫ত প্ৰথমখন মেচ খেলা কে এল ৰাহুলে ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হয় আৰু তেওঁ ৫ টা বলত ১৫ ৰান সংগ্ৰহ কৰি আউট হয় । ৫টা বলৰ চুটি ইনিংছত ৰাহুলে ২টা চাৰি আৰু এটা ছয় কোবাই ।

মিচেল ষ্টাৰ্কৰ পাঁচ উিকেট-

দিল্লী কেপিটেলছৰ জয়ৰ ভেটি স্থাপন কৰে মিচেল ষ্টাৰ্কে । তেওঁ ট্ৰেভিছ হেড, ঈশান কিষাণ আৰু নীতিশ কুমাৰ ৰেড্ডীকে ধৰি ৫ জন ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেনক আউট কৰে । ষ্টাৰ্কৰ উপৰিও দিল্লীৰ হৈ কুলদীপ যাদৱেও ৩টা উইকেট দখল কৰে । উল্লেখ্য যে ৫টা উইকেট দখল কৰি ষ্টাৰ্কে পাৰ্পল কেপৰ দৌৰত প্ৰথম স্থান লাভ কৰিছে ।

আজি বৰ্ষাপাৰাত ৰাজস্থান আৰু চেন্নাইৰ যুঁজ… ৰিয়ান পৰাগৰ সন্মুখত কঠিন প্ৰত্যাহ্বান

আজি আই পি এল ২০২৫ত দুখন ডাঙৰ মেচ অনুষ্ঠিত হ’ব । প্ৰথমখন খেলত দিল্লী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত মুখামুখি হোৱাৰ বিপৰীতে দ্বিতীয়খন খেল ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত হ’ব । এই প্ৰতিবেদনত জানি লওক ৰাজস্থান আৰু চেন্নাইৰ মাজৰ খেলখনৰ সাম্ভাব্য মূল একাদশ, পিটচ ৰিপৰ্ট আৰু মেচৰ ভৱিষ্যদ্বাণী ।

এই পৰ্যন্ত আই পি এল ২০২৫ত চেন্নাই ছুপাৰ কিংছে দুখন মেচ খেলিছে । এই সময়ছোৱাত চেন্নাইয়ে এখন মেচত জয়ী হোৱাৰ লগতে এখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হাতত পৰাস্ত হৈছে চি এছ কে । আনহাতে, ৰাজস্থান ৰয়েলছে এতিয়াও আই পি এল ২০২৫ত জয়ৰ একাউণ্ট খুলিব পৰা নাই । ৰাজস্থানে দুয়োখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে ।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ মেচখন । এইখন ৰাজস্থানৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ । অৱশ্যে এই খেলপথাৰতো ৰাজস্থান দলে জয়ী হ’ব পৰা নাই । এই একেখন খেলপথাৰতে ৰাজস্থানক পৰাস্ত কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে ।

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ খেলপথাৰৰ প্ৰতিবেদন-

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ পিটচ বলাৰৰ বাবে সহায়ক । ইয়াত বলটো পুৰণি হোৱাৰ পিছত ৰৈ যায় । এনে পৰিস্থিতিত এই খেলপথাৰত ডাঙৰ স্ক’ৰ কৰাটো অতি কঠিন । লক্ষ্য অনুসৰণ কৰাটো ইয়াত ভাল বুলি ধৰা হয় । কিন্তু যদি দলটোৱে প্ৰথমে বেটিং কৰাৰ পিছত ১৭৫+ ৰান কৰে তেন্তে লক্ষ্য অনুসৰণ কঠিন হৈ পৰিব পাৰে ।

মেচৰ ভৱিষ্যদ্বাণী-

একাংশ ক্ৰিকেট বিশেষজ্ঞৰ মতে এই মেচ চেন্নাই ছুপাৰ কিংছৰ হাতত আছে । ৰাজস্থানতকৈ চেন্নাইৰ দলটোক অধিক ভাৰসাম্যপূৰ্ণ দেখা গৈছে । লক্ষ্য অনুসৰণ কৰা দলটোৰ জয়ৰ সম্ভাৱনা বেছি ।

ৰাজস্থান ৰয়েলছৰ সাম্ভাব্য মূল একাদশ-

যশস্বী জয়ছোৱাল, সঞ্জু চেমছন, ৰিয়ান পৰাগ (অধিনায়ক), নীতিশ ৰানা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), শ্বিমৰন হেটমায়াৰ, শুভম ডুবে, ৱানন্দু হাছাৰংগা, জোফ্ৰা আৰ্চাৰ, মহেশ তীকছানা, তুষাৰ দেশপাণ্ডে আৰু কুমাৰ কাৰ্তিকেয়া/সন্দীপ শৰ্মা ।

চেন্নাই চুপাৰ কিংছৰ সাম্ভাব্য মূল একাদশ-

ৰাচিন ৰবীন্দ্ৰ, ৰাহুল ত্ৰিপাঠী, ৰুতুৰাজ গাইকোৱাদ (অধিনায়ক), শিৱম ডুবে, দীপক হুদা / বিজয় শংকৰ, ছেম কাৰাণ, ৰবীন্দ্ৰ জাডেজা, এম এছ ধোনী (উইকেটকীপাৰ), আৰ অশ্বিন, নূৰ আহমেদ, খলিল আহমেদ আৰু মথিছা পাথিৰানা ।

কে কে আৰে খুলিলে জয়ৰ একাউণ্ট… ডি ককৰ ধুমুহাত বিধ্বস্ত ৰাজস্থান, একেৰাহে দ্বিতীয়খন মেচত পৰাস্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ ষষ্ঠখন মেচ বুধবাৰে (২৬ মাৰ্চ) ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হয় । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলা এই মেচখনত কে কে আৰে ৮ উইকেটত জয়লাভ কৰে ।

ইয়াৰ লগে লগে অজিংক্য ৰাহানেৰ অধিনায়কত্বত থকা কে কে আৰ দলটোৱে এই আই পি এল ছিজনত জয়ৰ একাউণ্ট মুকলি কৰিছে । এইখন দলটোৰ দ্বিতীয়খন মেচ । প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত ৭ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল কলকাতা ।

এই ছিজনত ৰাজস্থান দলৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয় । দলটোৱে ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল, য’ত ৪৪ ৰানত পৰাজয়ৰ সন্মুখীন হৈছিল । উল্লেখ্য যে প্ৰথম তিনিখন মেচত সঞ্জু চেমচনৰ সলনি ৰাজস্থান দলৰ কমাণ্ড ৰিয়ান পৰাগৰ হাতত আছে ।

ডি ককৰ অপৰাজিত মেচ বিজয়ী ৯৭ ৰান-

টছত পৰাস্ত হৈ মেচখনত প্ৰথমে বেটিং কৰাৰ পিছত ৰাজস্থান দলে ১৫২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ উত্তৰত কে কে আৰে ২টা উইকেট হেৰুৱাই ১৭.৩ অভাৰত ১৫৩ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । মেচখনত কে কে আৰৰ অ’পেনাৰ কুইণ্টন ডি ককে ৩৬টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে ।

ইয়াৰ পিছতে মেচখনত ডি ককে ৬১টা বলত অপৰাজিত ৯৭ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ ৬টা ছয় আৰু ৮টা চাৰিটা কোবাই । অধিনায়ক ৰাহানেই ১৮ ৰান সংগ্ৰহ কৰে । আনহাতে ইমপেক্ট প্লেয়াৰ অংকৃশ ৰঘুবংশীয়ে অপৰাজিত ২২ ৰান সংগ্ৰহ কৰে । ৰাজস্থানৰ হৈ বলাৰসকলে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হয় । মাত্ৰ ৱানিন্দু হাছাৰংগাইহে লাভ কৰে ১টা সফলতা ।

সংগ্ৰামৰ মাজতে ৰাজস্থানে এই স্ক’ৰ কৰে-

মেচখনত ৰাজস্থানে ৯টা উইকেট হেৰুৱাই ১৫১ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে ২৮টা বলত ৩৩ ৰানৰ ইনিংছ খেলে । আনহাতে যশস্বী জয়ছোৱালে ২৪টা বলত ২৯ ৰান সংগ্ৰহ কৰে । অধিনায়ক ৰিয়ান পৰাগে ১৫টা বলত ২৫ ৰান সংগ্ৰহ কৰে । কে কে আৰ দলৰ হৈ বৈভৱ অৰোৰা, হৰ্ষিত ৰাণা, ময়েন আলী আৰু বৰুণ চক্ৰৱৰ্তীয়ে ২-২কৈ উইকেট দখল কৰে ।

ৰাজস্থান নে কলকাতা… আজি কোনে খুলিব বিজয়ৰ একাউণ্ট ? ৰিয়ান পৰাগ আৰু অজিংক্য ৰাহানেৰ সন্মুখত কঠিন প্ৰত্যাহ্বান

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ছিজনৰ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বাবে আজি (২৬ মাৰ্চ) বিশেষ দিন । আজি এই দুয়োটা দল মুখামুখি হ’ব । এই ছিজনত দুয়োটা দলৰ বাবে এইখন দ্বিতীয়খন মেচ । ইতিমধ্যে প্ৰথমখন খেলত পৰাস্ত হৈছে দুয়োটা দল ।

এনে পৰিস্থিতিত কলকাতা বা ৰাজস্থানৰ যিকোনো এটা দলে আজি তেওঁলোকৰ বিজয়ৰ একাউণ্ট খোলাটো নিশ্চিত । এই খেলখন সন্ধিয়া ৭.৩০ বজাৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব । প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত ৭ উইকেটত পৰাস্ত হোৱাৰ বিপৰীতে ৰাজস্থান ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ হাতত ৪৪ ৰানত পৰাস্ত হয় ।

বেটিং আৰু বলিঙত দুৰ্বল দেখা গৈছিল দুয়োটা দলক-

এই দুয়োখন মেচতে নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থানৰ দলে বেটিং আৰু বলিং দুয়োটা বিভাগতে আগ্ৰাসী প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । সুনীল নাৰিনৰ বাহিৰে নাইট ৰাইডাৰ্ছৰ কোনো বলাৰেই আৰ চি বিৰ বেটছমেনক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল ।

এই মেচৰ পূৰ্বে ভাল ফৰ্মত থকা স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে কোনো প্ৰভাৱ পেলাব নোৱাৰাটো দলটোৰ বাবে চিন্তনীয় বিষয় । ইডেন গাৰ্ডেনছৰ খেলপথাৰত চক্ৰৱৰ্তীৰ বিৰুদ্ধে ফিল ছল্ট আৰু বিৰাট কোহলীয়ে সহজে খেলিছিল । এইগৰাকী স্পীনাৰ গুৱাহাটীত পুনৰ ফৰ্মলৈ উভতি অহাত সফল হ’ব বুলি আশা কৰিছে নাইট ৰাইডাৰ্ছ দলে ।

পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ উঠা এনৰিক নৰ্টজেৰ ফিটনেছৰ ওপৰতো চকু ৰাখিব নাইট ৰাইডাৰ্ছে । যদিহে এইগৰাকী দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰক ফিট ঘোষণা কৰা হয় তেন্তে স্পেন্সাৰ জনছনৰ ঠাইত তেওঁক মূল একাদশত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে ।

শেষৰখন মেচত অধিনায়ক অজিংক্য ৰাহানে আৰু নাৰিনক আউট কৰাৰ পাছত নাইট ৰাইডাৰ্ছৰ মিডল অৰ্ডাৰ ভাঙি পৰে । ভেংকটেশ আয়াৰ আৰু আন্দ্ৰে ৰাছেলে ভুল শ্বট খেলি আউট হয় । দল পৰিচালনাই এতিয়া তেওঁলোক নিজৰ শ্বট নিৰ্বাচনত সতৰ্ক হ’ব বুলি আশা কৰিছে ।

ইয়াৰ উপৰিও নাইট ৰাইডাৰ্ছে ৰিংকু সিঙৰ পৰাও ভাল প্ৰদৰ্শন আশা কৰিব । এই গৰাকী বিস্ফোৰক বেটছমেনে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শেষৰ পাঁচটা ইনিংছত মাত্ৰ ১১, ৯, ৮, ৩০, ৯ ৰানহে সংগ্ৰহ কৰিছিল । আনকি আই পি এলৰ প্ৰথমখন মেচতো তেওঁ মাত্ৰ ১২ ৰানহে কৰিবলৈ সক্ষম হয় ।

অতি দুৰ্বল ৰাজস্থানৰ বলিং প্ৰদৰ্শন-

যদি ৰাজস্থানৰ দলটোৱে প্ৰত্যাৱৰ্তন কৰিব লাগে, তেন্তে বলাৰসকলে ভাল প্ৰদৰ্শন কৰিব লাগিব । ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অন্তিমখন খেলত তেওঁলোকৰ মূল ফাষ্ট বলাৰ জোফ্ৰা আৰ্চাৰে চাৰি অভাৰত ৭৬ ৰান দিয়াৰ বিপৰীতে ফজল হক ফাৰুকী আৰু মহেশ তীক্ষনায়ো বেটছমেনক ৰোধ কৰাত ব্যৰ্থ হয় ।

আটাইকেইজনে গুৱাহাটীত ফৰ্মলৈ উভতি অহাৰ সুযোগ পাব । ৰাজস্থানৰ ষ্টেণ্ড-ইন অধিনায়ক ৰিয়ান পৰাগকো পৰীক্ষা কৰা হ’ব কাৰণ প্ৰথমখন মেচত কিছু সিদ্ধান্ত লোৱাৰ সময়ত তেওঁক বিভ্ৰান্তিৰ অৱস্থাত দেখা গৈছিল ।

ৰোমাঞ্চকৰ খেলত পঞ্জাৱ কিংছৰ জয়… শ্ৰেয়াছ আয়েৰৰ দুৰ্দান্ত প্ৰদৰ্শন, ঘৰৰ মাটিতে পৰাস্ত গুজৰাট

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ ছিজনৰ ৫ নম্বৰ মেচখন গুজৰাট টাইটানছ (জি টি) আৰু পঞ্জাব কিংছ (পি বি কে এছ)ৰ মাজত অনুষ্ঠিত হয় । এই মেচখন অতি ৰোমাঞ্চকৰ আছিল । মঙলবাৰে (২৫ মাৰ্চ) আহমেদাবাদত অনুষ্ঠিত হোৱা এই মেচখনত শ্ৰেয়াছ আয়েৰৰ অধিনায়কত্বত থকা পঞ্জাৱ দলটোৱে ১১ ৰানত জয়লাভ কৰে ।

টছ হেৰুৱাই মেচখনত প্ৰথমে বেটিং কৰাৰ পিছত পঞ্জাৱ দলে ২৪৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । প্ৰত্যুত্তৰত গুজৰাট দলে ৫টা উইকেট হেৰুৱাই মাত্ৰ ২৩২ ৰানহে কৰিবলৈ সক্ষম হয় । দলটোৰ হৈ ৪১টা বলত ৭৪ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে ছাই সুদৰ্শনে । আনহাতে জোছ বাটলাৰে ৩৩টা বলত ৫৪ ৰান সংগ্ৰহ কৰে ।

শ্বাৰফেন ৰাদাৰফোৰ্ডে ২৮টা বলত ৪৬ ৰান সংগ্ৰহ কৰিছিল যদিও দলটোক জয়ৰ দিশত আগবঢ়াই নিব নোৱাৰিলে । পাঞ্জাব কিংছে শক্তিশালী বলিং কৰে । অৰ্শদীপ সিঙে ২টা উইকেট দখল কৰে । আনহাতে মাৰ্কো জেনছেন আৰু গ্লেন মেক্সৱেলে ১টাকৈ সফলতা লাভ কৰে ।

প্ৰথমটো আ পি এল শতকৰ পৰা বঞ্চিত শ্ৰেয়াছ-

মেচখনত পঞ্জাব কিংছে ৫টা উইকেট হেৰুৱাই ২৪৩ ৰান সংগ্ৰহ কৰে । শ্ৰেয়াছ আয়েৰে অধিনায়কোচিত ইনিংছ খেলি ২৭টা বলত পঞ্চাশ ৰান কৰে । মেচখনত শ্ৰেয়াছে ৪২টা বলত অপৰাজিত ৯৭ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ ৯টা ছয় আৰু ৫টা চাৰি কোবাই ।

শ্ৰেয়াছে আই পি এলৰ প্ৰথমটো শতক অৰ্জন কৰিবলৈ মাত্ৰ ৩ ৰান দূৰত থাকে । তেওঁৰ বাহিৰেও অ’পেনাৰ প্ৰিয়ংশ আৰ্য্যই ৪৭ ৰান সংগ্ৰহ কৰে । শেষত শশাংক সিঙে ১৬টা বলত ৪৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । গুজৰাটৰ হৈ ছাই কিশোৰে ৩টা উইকেট দখল কৰে ।

বিজয়ৰ লক্ষ্যৰে কাইলৈ বৰ্ষাপাৰাত নামিব কলকাতা আৰু ৰাজস্থান… কোন কোন থাকিব মূল একাদশত

আই পি এল ২০২৫ৰ ছিজনত পৰাজয়ৰ সৈতে অভিযান আৰম্ভ কৰা ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ) কাইলৈ বৰ্ষাপাৰাত মুখামুখি হ’ব । কলকাতা দলটো প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থানক পৰাস্ত কৰে । নিয়মীয়া অধিনায়ক অবিহনে খেলিছে ৰাজস্থান দলে । যোৱা মেচখনত ইমপেক্ট প্লেয়াৰ হিচাপে সঞ্জু চেমছন আহিছিল আৰু দ্বিতীয়খন মেচতো তেওঁ একে ভূমিকা পালন কৰিব পাৰে ।

দুয়োটা দলৰ মাজত সমান প্ৰতিযোগিতা-

ৰাজস্থান আৰু কে কে আৰৰ মাজত সমান প্ৰতিযোগিতা হৈছে । দুয়োটা দলৰ মুখামুখি হোৱাৰ কথা ক’বলৈ গ’লে এতিয়ালৈকে আই পি এলত ৰাজস্থান আৰু কে কে আৰৰ মাজত মুঠ ২৯খন মেচ অনুষ্ঠিত হৈছে য’ত দুয়োটা দলে ১৪-১৪ মেচত জয়লাভ কৰিছে, আনহাতে এখন মেচ নিৰ্ণায়ক আছিল । ৰাজস্থান আৰু কলকাতা দলে এই ছিজনৰ প্ৰথমখন খেলতে বেটিং আৰু বলিং দুয়োটা বিভাগতে আগ্ৰাসী প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । দুয়োটা দলে এতিয়া পুনৰ শক্তিশালী প্ৰত্যাৱৰ্তলৈ উভতিব বিচাৰিব ।

ৰাজস্থান আৰু কে কে আৰ দুয়োটা দলেই এতিয়াও জয়ৰ একাউণ্ট খুলিব পৰা নাই যদিও এই মেচ কলকাতাৰ হাতত আছে যেন লাগে । ৰাজস্থানৰ ষ্টেণ্ড ইন অধিনায়ক ৰিয়ান পৰাগো পৰীক্ষাত অৱতীৰ্ণ হ’ব কাৰণ প্ৰথমখন মেচত কিছু সিদ্ধান্ত লোৱাৰ সময়ত তেওঁক আত্মবিশ্বাসহীন যেন লাগিছিল । ৰাজস্থানৰ হৈ নিয়মীয়া অধিনায়ক ছেমছনে ইমপেক্ট প্লেয়াৰ হিচাপে আহি ভাল বেটিং কৰি দলটোক মেচত ৰাখিছিল যদিও ৰাজস্থানৰ দলটোৱে বিশাল লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় ।

বৰুণৰ দুৰ্বল প্ৰদৰ্শন চিন্তনীয় বিষয়-

কে কে আৰৰ বাবে স্পীনাৰ বৰুণ চক্ৰৱৰ্তীৰ দুৰ্বল প্ৰদৰ্শন চিন্তনীয় বিষয় । ইডেন গাৰ্ডেনছৰ খেলপথাৰত বৰুণৰ বিৰুদ্ধে ফিল ছল্ট আৰু বিৰাট কোহলীয়ে সহজে ৰান সংগ্ৰহ কৰে । ৰাজস্থানৰ বিৰুদ্ধে বৰুণে ভাল প্ৰদৰ্শন কৰিব বুলি কে কে আৰে আশা কৰিব । শেষৰখন খেলত অধিনায়ক অজিংক্য ৰাহানে আৰু সুনীল নাৰিনক আউট কৰাৰ পিছত কে কে আৰৰ মিডল অৰ্ডাৰ ভাঙি পৰে । ভেংকটেশ আয়াৰ আৰু আন্দ্ৰে ৰাছেলে ভুল শ্বট খেলি আউট হয় । দল পৰিচালনাই এতিয়া আশা কৰিব যে তেওঁলোকে নিজৰ শ্বট নিৰ্বাচনত সতৰ্ক হ’ব ।

নৰ্টজেৰ ফিটনেছৰ ওপৰত চকু-

পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ উঠা এনৰিচ নৰ্টজেৰ ফিটনেছৰ ওপৰতো চকু ৰাখিব কে কে আৰে । যদিহে এইগৰাকী দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰক ফিট ঘোষণা কৰা হয় তেন্তে স্পেন্সাৰ জনছনৰ ঠাইত তেওঁক প্লেইং-১১ত অন্তৰ্ভুক্ত কৰিব পৰা যাব । মেচখনত নৰ্টজে খেলাটো তেওঁৰ ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰিব । যদিহে নৰ্টজে ফিট নহয় তেন্তে কে কে আৰে মেচখনৰ বাবে প্লেইং-১১ত কোনো ডাঙৰ পৰিৱৰ্তন কৰাৰ সম্ভাৱনা নাই ।

বলাৰৰ পৰা ৰাজস্থানৰ আশা-

যদি ৰাজস্থানে কামবেক কৰিবলগীয়া হয় তেন্তে বলাৰসকলে ভাল প্ৰদৰ্শন কৰিব লাগিব । ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছৰ বিৰুদ্ধে খেলখনত তেওঁলোকৰ ফ্ৰণ্টলাইন পেচাৰ জোফ্ৰা আৰ্চাৰে চাৰি অভাৰত ৭৬ ৰান দিয়াৰ বিপৰীতে ফজল হক ফাৰুকী আৰু মহেশ তীক্ষনায়ো বেটছমেনক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় । আটাইকেইজনেই গুৱাহাটী মেচত উন্নত প্ৰদৰ্শনৰ সুযোগ পাব ।

এই মেচত কে কে আৰ আৰু ৰাজস্থানৰ সম্ভাৱ্য মূল একাদশ এনেধৰণৰ…

ৰাজস্থান ৰয়েলছ : যশস্বী জয়ছোৱাল, নীতিশ ৰানা, ৰিয়ান পৰাগ (অধিনায়ক), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), শ্বিমৰন হেটমায়াৰ, শুভম ডুবে, জোফ্ৰা আৰ্চাৰ, মহেশ তীক্ষ্ণনা, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা, ফজলহাক ফাৰুকী ।

কে কে আৰ : কুইণ্টন ডি কক (উইকেটকীপাৰ), সুনীল নাৰিন, অজিংক্য ৰাহানে (অধিনায়ক), অংকৃশ ৰঘুবংশী, ভেংকটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমণদ্বীপ সিং, স্পেন্সাৰ জনছন/এনৰিচ নৰ্টজে, হৰ্ষিত ৰানা, বৰুণ চক্ৰৱৰ্তী ।

লক্ষ্ণৌৰ পৰা বিজয় কাঢ়িলে ​​আশুতোষ শৰ্মাই… ৰোমাঞ্চকৰ মেচত দিল্লীৰ জয়

অক্ষৰ পেটেলৰ অধিনায়কত্বত দিল্লী কেপিটেলছে (ডি চি) এক সুন্দৰ আৰম্ভণি কৰিছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ ছিজনত সোমবাৰে (২৪ মাৰ্চ) বিশাখাপট্টনমত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে দিল্লীয়ে ১ উইকেটত জয়লাভ কৰে ।

প্ৰথমে বিস্ফোৰক আৰম্ভণি, তাৰ পিছত লক্ষ্ণৌৰ দলত খহনীয়া-

মেচখনত লক্ষ্ণৌ দলে এক সুন্দৰ আৰম্ভণি কৰিছিল । অ’পেনাৰ মিচেল মাৰ্ছে ২১ ৰান আৰু তিনি নম্বৰ স্থানত অহা নিকোলাছ পুৰানে ২৪টা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰে । পুৰানে ৩০টা বলত ৭৫ ৰান আৰু মাৰ্ছে ৩৬ বলত ৭২ ৰান সংগ্ৰহ কৰে । পুৰানে ৭ আৰু মাৰ্ছে ৬টা ছয় কোবাই । শেষত ডেভিদ মিলাৰে ১৯টা বলত ২৭ ৰান সংগ্ৰহ কৰে ।

এটা সময়ত লক্ষ্ণৌৱে ১৩ অভাৰত ২ উইকেটত ১৬১ ৰান সংগ্ৰহ কৰিছিল । তেতিয়া লক্ষ্ণৌৰ দলটোৱে ২৫০ তকৈ অধিক ৰান কৰিব পাৰিব যেন লাগিছিল যদিও দিল্লীৰ বলাৰসকলে এক উজ্জ্বল প্ৰত্যাৱৰ্তন ঘটাই । ৮টা উইকেট হেৰুৱাই লক্ষ্ণৌ দলটোক ২০৯ ৰানত সীমাবদ্ধ কৰি ৰাখে দিল্লীয়ে । দিল্লীৰ হৈ মিচেল ষ্টাৰকে ৩টা আৰু কুলদীপ যাদৱে ২টা উইকেট দখল কৰে । বিপ্ৰজ নিগম আৰু মুকেশ কুমাৰে ১টাকৈ উইকেট দখল কৰে ।

আশুতোষ শৰ্মা আৰু বিপ্ৰজ নিগমে দিল্লীক পৰাজিত খেলখনত জয়ী কৰি তুলিলে । আশুতোষ শৰ্মাৰ ৩১ বলত ৬৬ আৰু বিপ্ৰজ নিগমৰ ১৫ বলত ৩৯ ৰানে লক্ষ্ণৌৰ পৰা মেচখন কাঢ়ি লৈ ​​যায় । মেচখনত জয়লাভ কৰি অপৰাজিত হৈ উভতি আহে আশুতোষ । তেওঁৰ বেটৰ পৰা ৫টা চাৰি আৰু ৫টা ছয় আহে ।