নাই কোনো ডাঙৰ ক্ৰিকেট মেচ খেলাৰ অভিজ্ঞতা;  অভিষেক মেচত আলোড়নৰ সৃষ্টি অটো চালকৰ পুত্ৰৰ  

দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা আই পি এল মেচত অভিষেক ঘটাই আলোড়নৰ সৃষ্টি কৰে মুম্বাই ইণ্ডিয়ানছৰ (এম আই)ৰ এজন অচিনাকি স্পিনাৰে।

মেচখনত মুম্বাই ইণ্ডিয়ানছ ৪ উইকেটত পৰাস্ত হ’লেও ৰিষ্ট স্পিনাৰ ভিগনেশ পুথুৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এক চমক সৃষ্টি কৰে।

চেন্নাইৰ ইনিংছৰ অষ্টম অভাৰত বলিং কৰিবলৈ আহিছিল ভিগনেশ। সেই অভাৰত তেওঁ চেন্নাইৰ অধিনায়ক ঋতুৰাজ গাইকোৱাড, শিৱম ডুবে আৰু দীপক হুডাৰ উইকেট দখল কৰে ভিগনেশ পুথুৰে।

এই বাওঁহাতৰ ৰিষ্ট স্পিনাৰজনক মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাৰ ঠাইত ইমপেক্ট প্লেয়াৰ হিচাপে খেলিছিল। এই মেচখনত ভিগনেশ পুথুৰে ৪ অভাৰত ৩২ ৰানত ৩টা উইকেট দখল কৰে।

২৪ বছৰীয়া ভিগনেশ পুথুৰ কেৰেলাৰ মালাপ্পুৰামৰ বাসিন্দা। বিগনেশ পুথুৰৰ পিতৃ সুনীল কুমাৰ অটো চালক আৰু মাতৃ কে পি বিন্দু এগৰাকী গৃহিণী। বিগনেশ পুথুৰক মুম্বাই ইণ্ডিয়ানে ৩০ লাখ টকাত ক্ৰয় কৰিছিল।

আৰ্থিক অসুবিধাৰ মাজতো ভিগনেশ পুথুৰক এজন সফল ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাত কোনো ক্ৰুটি কৰা নাছিল পিতৃ-মাতৃয়ে।

এই যুৱ খেলুৱৈগৰাকীয়ে এতিয়াও চিনিয়ৰ পৰ্যায়ত কেৰালাৰ হৈ খেলা নাই যদিও তেওঁ ১৪ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধ পৰ্যায়ত খেলিছে।

বৰ্তমান তেওঁ কেৰালা ক্ৰিকেট লীগত এলেপে ৰিপলছৰ হৈ খেলে। ভিগনেশ পুথুৰ পিটিএম কলেজত সাহিত্য বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে।

ভিগনেশৰ আই পি এল বা কোনো ডাঙৰ ক্ৰিকেট মেচ খেলাৰ অভিজ্ঞতা নাছিল। সেয়ে মুম্বাইয়ে তেওঁক লৈ খৰখেদা কৰিব বিচৰা নাছিল।দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগৰ সময়ত তেওঁক এম আই কেপ টাউনৰ হৈ নেট বলাৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল।

মুম্বাই শিবিৰত হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱক বলিং কৰাৰ পিছতে তেওঁক আই পি এল দলত অন্তৰ্ভুক্ত কৰাৰ চিন্তাচৰ্চা আৰম্ভ হয়।

এই ক্ষেত্ৰত জ্যেষ্ঠ ক্ৰিকেটাৰসকলে আগভাগ লয়। দেওবাৰে নিশা চেন্নাইত সেই আস্থাৰে মূল্য দিলে ভিগনেশে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেচখনৰ পিছত এম এছ ধোনীৰ পৰা ভিগনেশ পুথুৰে লাভ কৰিলে প্ৰশংসা ।

জয়ৰে আৰম্ভণি চেন্নাইৰ… চাৰি উইকেটত পৰাস্ত মুম্বাই, ৰাচিন-গাইকোৱাদৰ অৰ্ধ শতক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ ছিজনৰ তৃতীয়খন খেল দেওবাৰে (২৩ মাৰ্চ) চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মাজত অনুষ্ঠিত হয় । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত চি এছ কেয়ে ৪ উইকেটত দৰ্শনীয় জয় সাব্যস্ত কৰে ।

টছত পৰাস্ত হৈ মেচখনত প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই দলে ১৫৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰত্যুত্তৰত চেন্নাই দলে ৬টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে । দলৰ হৈ ৰাচিন ৰবীন্দ্ৰই সৰ্বাধিক ৬৫ ৰান (অপৰাজিত) সংগ্ৰহ কৰে । অধিনায়ক ৰুতুৰাজ গাইকোৱাডে ৫৩ ৰানৰ দৰ্শনীয় ইনিংছ খেলে ।

নূৰ-খলিলৰ সন্মুখত অসহায় মুম্বাই দল-

মেচখনত মুম্বাইৰ আৰম্ভণি অতি বেয়া আছিল । ৰোহিত শৰ্মা প্ৰথম অভাৰতে একাউণ্ট নোখোলাকৈয়ে আউট হয় । ইয়াৰ পাছতে মুম্বাইয়ে প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল যদিও নিয়মীয়া ব্যৱধানত উইকেটৰ পতন ঘটাত অৱশেষত সৰু স্ক’ৰতে দলটো অল আউট হয় ।

মুম্বাইয়ে ৯টা উইকেট হেৰুৱাই ১৫৫ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ সৰ্বাধিক ৩১ ৰান সংগ্ৰহ কৰে তিলক বাৰ্মাই । আনহাতে এই মেচখনত অধিনায়কত্ব কৰা সূৰ্যকুমাৰ যাদৱ ২৯ ৰান সংগ্ৰহ কৰি আউট হয় । শেষত দীপক চাহাৰে ১৫টা বলত ২৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ বাহিৰেও কোনো বেটছমেনে ২০ৰ সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে । চেন্নাইৰ হৈ ৰিষ্ট স্পীনাৰ নূৰ আহমেদে নিজৰ যাদু দেখুৱাই ৪টা উইকেট দখল কৰে । খলিল আহমেদে ৩টা উইকেট দখল কৰে । আনহাতে নাথান এলিছ আৰু অশ্বিনে ১-১ উইকেট দখল কৰে ।

পাণ্ড্যাৰ ঠাইত অধিনায়কৰ দায়িত্ব ল’লে সূৰ্য্যই-

অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে এই এখন মেচৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ কমাণ্ড সূৰ্যকুমাৰ যাদৱৰ হাতত থাকিল । যোৱা আই পি এল ছিজনত তৃতীয়বাৰৰ বাবে স্লো অভাৰ ৰেট উলংঘা কৰাৰ বাবে মুম্বাইৰ নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়াক এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

এই নিষেধাজ্ঞাৰ বাবে হাৰ্দিকে ২০২৫ চনৰ প্ৰথমখন মেচ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব নোৱাৰিলে । ৪৩ বছৰীয়া ভাৰতীয় প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও খেলখনত অংশগ্ৰহণ কৰে । অনুমান কৰা হৈছে যে এইটো তেওঁৰ কেৰিয়াৰৰ শেষ ছিজন হ’ব পাৰে ।

ঈশান কিষণৰ শতকীয় ইনিংছত নিস্প্ৰভ ৰাজস্থান… জয়েৰে আই পি এলৰ অভিযান আৰম্ভ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ দ্বিতীয়খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হয় । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত এছ আৰ এইচে ৪৪ ৰাণত জয়লাভ কৰে । ৰাজস্থান ৰয়েলছে জয়ী হ’বলৈ ২৮৭ ৰানৰ লক্ষ্য লাভ কৰিছিল । লক্ষ্য অনুসৰণ কৰি দলটোৱে ৬ উইকেটত মাত্ৰ ২৪২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।


লক্ষ্য অনুসৰণ কৰি ৰাজস্থান ৰয়েলছে অতি দুৰ্বল আৰম্ভণি কৰে । দ্বিতীয় অভাৰতে দলটোৱে দুটাকৈ উইকেট হেৰুৱাই শলঠেকত পৰে । পেচাৰ ছিমৰজীত সিঙে প্ৰথমে যশস্বী জয়ছোৱালক আউট কৰে (১) । ইয়াৰ পিছতে তেওঁ অধিনায়ক ৰিয়ান পৰাগ (৪) পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছতে মহম্মদ ছামীয়ে নীতিশ ৰাণাক আউট কৰে আৰু এই সময়ত ৰাজস্থানৰ তিনি উইকেটত ৫০ ৰান আছিল । ইয়াৰ পৰাই ‘ইমপেক্ট চাব’ সঞ্জু চেমচন আৰু ধ্ৰুৱ জুৰেলে একেলগে ইনিংছৰ দায়িত্ব লয় । দুয়োৰে মাজত ১১১ ৰানৰ অংশীদাৰিত্ব আছিল । এই অংশীদাৰিত্ব ভংগ কৰি সঞ্জু চেমছনক পেভিলিয়নৰ বাট দেখুৱাই হৰ্ষল পেটেলে ।

সঞ্জু চেমছনে ৩৭টা বলত ৬৬ ৰান সংগ্ৰহ কৰে, য’ত ৭টা চাৰি আৰু ৪টা ছয় আছে । তাৰ পাছত স্পীনাৰ আডাম জাম্পাই ধ্ৰুৱ জুৰেলৰ ইনিংছ সমাপ্ত কৰে । জুৰেলে ২০০ ষ্ট্ৰাইক ৰেটত ৭০ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত জুৰেলে পাঁচটা চাৰি আৰু ৬টা ছয় কোবাই । পাঁচটা উইকেটৰ পতনৰ পাছত শ্বিমৰন হেটমায়াৰ আৰু শুভম ডুবেৰ মাজত ৮০ ৰানৰ বিস্ফোৰক অংশীদাৰিত্ব আছিল যদিও ডাঙৰ লক্ষ্যৰ বাবে তেতিয়ালৈকে মেচখন ইতিমধ্যে ৰাজস্থানৰ হাতৰ পৰা ওলাই গৈছিল ।

শ্বিমৰন হেটমায়াৰে ২৩টা বলত ৪২ ৰান সংগ্ৰহ কৰে । হেটমায়াৰক আউট কৰে বেগী বলাৰ হৰ্ষল পেটেলে । আনহাতে শুভম ডুবে ১১টা বলত ৩৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । শুভম আৰু হেটমায়াৰ দুয়োজনে নিজৰ ইনিংছত ৪টা ছয় আৰু এটা চাৰিটা কোবাই । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ছিমৰজীত সিং আৰু হৰ্ষল পেটেলে দুটাকৈ উইকেট দখল কৰে ।

দ্বিতীয় সৰ্বাধিক স্ক’ৰ কৰে ছানৰাইজাৰ্ছে, ঈশান কিষণৰ শতক-

মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি ৬ উইকেটত ২৮৬ ৰান সংগ্ৰহ কৰে । আই পি এলৰ ইতিহাসত যিকোনো দলৰ এইটোৱেই আছিল দ্বিতীয় সৰ্বাধিক স্ক’ৰ । উল্লেখ্য যে আই পি এলৰ ইতিহাসত সৰ্বোচ্চ স্ক’ৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নামত আছে । যোৱা বছৰ হায়দৰাবাদে একেখন খেলপথাৰতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে ৩টা উইকেট হেৰুৱাই ২৮৭ ৰান সংগ্ৰহ কৰিছিল ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আৰম্ভণি ভাল আছিল । ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই ১৯টা বলত ৪৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । অভিষেক ১১টা বলত ২৪ ৰান সংগ্ৰহ কৰি আউট হয়, য’ত ৫টা চাৰি আছিল । স্পীনাৰ মহিষ তীক্ষনাৰ বলিংত অভিষেকক কেচ আউট কৰে যশস্বী জয়ছোৱালে । অভিষেক আউট হোৱাৰ পিছত ঈশান কিষানে হেডৰ সৈতে দায়িত্ব লয় আৰু দুয়োজনে ৩৮টা বলত ৮৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । এই সময়ছোৱাত হেডে মাত্ৰ ২১টা বলত নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । তুষাৰ দেশপাণ্ডেই হেডক আউট কৰি এই অংশীদাৰিত্ব ভংগ কৰে ।

৩১টা বলত ৬৭ ৰান সংগ্ৰহ কৰি আউট হয় ট্ৰেভিছ হেড । হেডে তেওঁৰ ইনিংছত ৯টা চাৰি আৰু তিনিটা ছয় কোবাই । হেড আউট হোৱাৰ পিছত ঈশান কিষণৰ সৈতে দায়িত্ব লয় নীতিশ কুমাৰ ৰেড্ডীয়ে । তৃতীয় উইকেটৰ বাবে দুয়োৰে মাজত ৭২ ৰানৰ অংশীদাৰিত্ব গঢ়ে । মহেশ তীক্ষনাৰ বলত ৩০ ৰান সংগ্ৰহ কৰি আউট হয় নীতিশ । নীতিশ আউট হোৱাৰ পিছতো ৰাজস্থানৰ সমস্যা কমি যোৱা নাছিল কাৰণ হেনৰিচ ক্লাচেন ক্ৰীজলৈ আহিছিল । ক্লাচেন আৰু ইষাণে একেলগে ৰান বৰষুণ পেলাইছিল । ১৪টা বলত ৩৪ ৰান সংগ্ৰহ কৰি ক্লাচেনে আউট হয় ।

হেনৰিচ ক্লাচেন আউট হোৱাৰ কিছু সময়ৰ পিছতে ঈশান কিষণে নিজৰ শতক সম্পূৰ্ণ কৰে । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ প্ৰথমখন মেচ খেলা ঈশানে ৪৫টা বলত শতক সম্পূৰ্ণ কৰে । ৪৬টা বলত ১০৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ঈশান । এই সময়ছোৱাত ঈশান কিষানে ১১টা চাৰি আৰু ৬টা ছয় কোবাই । ৰাজস্থান ৰয়েলছৰ হৈ তুষাৰ দেশপাণ্ডেই সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে মহেশ তীক্ষনাই দুটা সফলতা লাভ কৰে । সন্দীপ শৰ্মাই এটা উইকেট লাভ কৰে ।

হায়দৰাবাদত ঈশান কিষণৰ ধুমুহা… চাৰি আৰু ছয়ৰ আতচবাজীৰে অৰ্জন চলিত আই পি এলৰ প্ৰথমটো শতক

ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঈশান কিষণে আই পি এল ২০২৫ৰ দলৰ প্ৰথমখন মেচত বিস্ফোৰক বেটিং কৰি শতক অৰ্জন কৰে । আই পি এলত এয়া তেওঁৰ প্ৰথমটো শতক । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলা ঈশান কিষণে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মাত্ৰ ৪৫টা বলত এই শতক সম্পূৰ্ণ কৰে । তেওঁ ৰাজস্থানৰ প্ৰতিজন বলাৰক নিৰ্দয় প্ৰহাৰ কৰি এই শতক অৰ্জন কৰে । উল্লেখ্য যে এইখন আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ঈশান কিষণৰ অভিষেক মেচ । ঈশানে ৪৭টা বলত ১০৬ ৰানৰ অপৰাজিত ইনিংছ খেলে ।

১১টা চাৰি, ৬টা ছয় আৰু ১০৬ ৰানৰ অপৰাজিত ইনিংছ-

তিনি নম্বৰত বেটিং কৰিবলৈ আহি ঈশান কিষণে প্ৰথম বলৰ পৰাই মাৰমুখী বেটিং কৰে । প্ৰথমে ধুমুহাময় ৰূপত তেওঁ অৰ্ধ শতক সম্পূৰ্ণ কৰে । শতকৰ ওচৰ চাপি অহাৰ লগে লগে সন্দীপ শৰ্মাৰ একেৰাহে দুটা বলত ঈশানে ছয় আৰু তাৰ পিছত ২ ৰান সংগ্ৰহ কৰি আই পি এলৰ ইতিহাসত প্ৰথমটো শতক অৰ্জন কৰে । ১০৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে ঈশান । এই ইনিংছত ঈশানে ১১টা চাৰি আৰু ৬টা ছয় কোবাই । ইয়াৰ পূৰ্বে আই পি এলত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৯৯ ৰান ।

ঈশান কিষানৰ বিস্ফোৰক শতক-

ঈশান কিষণে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কেনেধৰণৰ বেটছমেন । টিম ইণ্ডিয়াৰ বাহিৰত থকা এইগৰাকী বেটছমেনে আই পি এল ২০২৫ৰ প্ৰথমখন মেচতে উজ্জ্বল বেটিং কৰি বলাৰসকলক ব্যতিব্যস্ত কৰি তোলে । একেৰাহে কেইবাটাও ছিজন মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা ঈশান কিষণক আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে মুকলি কৰি দিছিল এম আই ফ্ৰেঞ্চাইজিয়ে । নিলামত ডাঙৰ বাজি খেলি এছ আৰ এইচে ১১.২৫ কোটি টকাত এই বিস্ফোৰক বেটছমেনজনক ক্ৰয় কৰে আৰু ঈশানে প্ৰথমখন মেচতে শতক অৰ্জন কৰি নিজৰ উদ্দেশ্য স্পষ্ট কৰি দিলে ।

জয়েৰে আই পি এল ২০২৫ৰ অভিযান আৰম্ভ আৰ চি বিৰ… ৭ উইকেটত পৰাস্ত  কে কে আৰ

কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰি জয়েৰে আই পি এল ২০২৫ৰ অভিযান আৰম্ভ কৰিছে আৰ চি বিয়ে । কলকাতাৰ ইডেন গাৰ্ডেনছত খেলা এই মেচখনত কে কে আৰে প্ৰথমে বেটিং কৰি ১৭৪ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত বেংগালুৰু দলে ৭ উইকেট বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয় । বিৰাট কোহলী আৰু ফিল ছল্ট আৰ চি বিৰ জয়ৰ নায়ক হিচাপে পৰিগণিত হয় । বলিঙত ক্ৰুনাল পাণ্ডিয়াই বেংগালুৰুৰ হৈ খেলখন আৰ চি বিৰ হাতলৈ ঘূৰাই আনে ।

বিৰাট কোহলী আৰু ফিল ছল্টৰ বিস্ফোৰক বেটিং-

বিৰাট কোহলী আই পি এল ২০২৪ৰ অৰেঞ্জ কেপ বিজয়ী আছিল, আই পি এল ২০২৫তো তেওঁ শক্তিশালীভাৱে আৰম্ভ কৰিছে । প্ৰথমখন মেচতে তেওঁ ৩৬টা বলত ৫৯ ৰানৰ সুপৰিকল্পিত ইনিংছ খেলে । ফিল ছল্টৰ সৈতে তেওঁ ৯৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৩১ বলত ৫৬ ৰানৰ ধুমুহাময় ইনিংছেৰে আৰ চি বিক এক সুন্দৰ আৰম্ভণি দিয়ে ছল্ট । দৰাচলতে দুয়োজনে একেলগে পাৱাৰ প্লে’তেই বেংগালুৰু দলৰ স্ক’ৰ ৮০ ৰানলৈ লৈ যায় ।

আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰেও ১৬টা বলত ৩৪ ৰান সংগ্ৰহ কৰি নিজৰ দলৰ জয়ত ডাঙৰ অৱদান আগবঢ়াই । শেষত লিয়াম লিভিংষ্টনে স্পেন্সৰ জনছনৰ বলত আৰ চি বিৰ বাবে বিজয়ী শ্বটটো মাৰে ।

কে কে আৰৰ বিৰুদ্ধে বিৰাটে সম্পূৰ্ণ কৰে ১০০০ ৰাণ-

কে কে আৰৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ১০০০ ৰান সম্পূৰ্ণ কৰিছে । কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৩৩ সংখ্যক ইনিংছত তেওঁ এই কৃতিত্ব অৰ্জন কৰে । উল্লেখ্য যে আই পি এলত এটা দলৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ বৰ্তমান ডেভিদ ৱাৰ্নাৰৰ হাতত আছে, যিয়ে পঞ্জাব কিংছৰ বিৰুদ্ধে ১১৩৪ ৰান সংগ্ৰহ কৰিছে ।

আই পি এলৰ বিজয়ী দলৰ ওপৰত বৰষিব কোটি কোটি টকা… ফাইনেলত পৰাস্ত হোৱা দলে কিমান লাভ কৰিব ?

২২ মাৰ্চ (শনিবাৰ)ৰ পৰা আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ । ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হৈছে উদ্বোধনী মেচ । এই একেখন খেলপথাৰতে ২৫ মে’ত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব । আই পি এলত প্ৰতিবাৰৰ দৰে এইবাৰো খেলুৱৈৰ ওপৰত টকাৰ বৰষুণ পৰিব । প্ৰতিখন মেচৰ পিছত সৰ্বোত্তম প্ৰদৰ্শন কৰা খেলুৱৈক পুৰস্কাৰ দিয়া হ’ব ।

প্ৰতিবেদন অনুসৰি এইবাৰো আই পি এলৰ পুৰস্কাৰৰ ধন যোৱা ছিজনৰ দৰেই থাকিব । এইবাৰো চেম্পিয়ন দলটোৱে ২০ কোটি টকা লাভ কৰাৰ বিপৰীতে ফাইনেলত পৰাস্ত হোৱা দলটোৱে লাভ কৰিব ১২.৫ কোটি টকা । তৃতীয় স্থানত থকা দলটোৱে লাভ কৰিব ৭ কোটি আৰু চতুৰ্থ স্থানত অহা দলটোৱে লাভ কৰিব ৬.৫ কোটি টকা । পঞ্চম স্থানৰ পৰা দশম স্থানত থকা দলসমূহৰ বাবে পুৰস্কাৰৰ ধনৰ কোনো আনুষ্ঠানিক ব্যৱস্থা নাই । ইয়াৰ উপৰিও প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলক চূড়ান্ত খেলৰ পিছত বঁটা প্ৰদান কৰা হ’ব ।

আই পি এল ২০২৫ পুৰস্কাৰৰ ধন-

– বিজয়ী দল- ২০ কোটি টকা

-ৰানাৰ্ছ আপ – ১২.৫ কোটি টকা

-তৃতীয় স্থানৰ দল – ৭ কোটি টকা

-চতুৰ্থ স্থানৰ দল – ৬.৫ কোটি টকা

-এটা ছিজনত সৰ্বাধিক উইকেট (পাৰ্পল কেপ) – ১০ লাখ টকা

-এটা ছিজনত সৰ্বাধিক ৰান (অৰেঞ্জ কেপ) – ১০ লাখ টকা

-ছিজনৰ উদীয়মান খেলুৱৈ – ১০ লাখ টকা

-ছিজনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ – ১০ লাখ টকা

-এটা ছিজনত সৰ্বাধিক ছয় – ১০ লাখ টকা

-ছিজনৰ শ্ৰেষ্ঠ কেচ – ১০ লাখ টকা

-এটা ছিজনত সৰ্বাধিক চাৰি: ১০ লাখ টকা

-পিটচ এণ্ড গ্ৰাউণ্ড এৱাৰ্ডঃ ৫০ লাখ টকা

হেটট্ৰিক, ৰাণ আৰু দ্ৰুততম শতক… আই পি এলৰ এই ১০টা অভিলেখ ভংগ কৰাটো কেৱল কঠিনেই নহয়, প্ৰায় অসম্ভৱ !

আজিৰে পৰা ​​(২২ মাৰ্চ) আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ । এই ১৮ সংখ্যক ছিজনৰ অন্তিমখন খেল ২৫ মে’ত অনুষ্ঠিত হ’ব । ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ ।

আই পি এল ২০২৫ ছিজনত ৬৫ দিনত ১০টা দলৰ মাজত ফাইনেলকে ধৰি মুঠ ৭৪খন খেল অনুষ্ঠিত হ’ব । ক’ব পাৰি যে আই পি এলৰ ইতিহাস যিমানেই আমোদজনক সিমানেই অভিলেখেৰে ভৰপূৰ । এই প্ৰতিযোগিতাৰ প্ৰথম ছিজনৰ পৰা ১৭ সংখ্যক ছিজনলৈকে বহু ডাঙৰ অভিলেখ সংযোজন হৈছে । এইবোৰৰ ভিতৰত ১০টা বিশেষ আৰু ডাঙৰ ৰেকৰ্ডৰ বিষয়ে জানো আহক…

১/ ৯ বছৰে অটুট আছে কোহলীৰ এই অভিলেখ-

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে আই পি এলত এনে এক অভিলেখ গঢ়ি থৈছে যে ইয়াক স্পৰ্শ কৰাটোও অসম্ভৱ যেন লাগে । এই অভিলেখ ৯ বছৰ ধৰি অটুট আছে । আই পি এলৰ ছিজনত সৰ্বাধিক ৰান অৰ্থাৎ ৯৭৩ ৰান সংগ্ৰহ কৰাৰ অভিলেখ কোহলীৰ হাতত আছে । এই কৃতিত্ব ২০১৬ চনত অৰ্জন কৰিছিল তেওঁ । তেতিয়া কোহলীয়ে ৪টা শতক আৰু ৭টা অৰ্ধশতক অৰ্জন কৰিছিল । অৱশ্যে গুজৰাট টাইটানছৰ হৈ খেলি থকাৰ সময়ত ২০২৩ চনৰ ছিজনত শুভমন গীলে ৮৯০ ৰান সংগ্ৰহ কৰিছিল । তেওঁ এই অভিলেখৰ অতি ওচৰ চাপি আহিছিল ।

২/ কোহলী-ডি ভিলিয়াৰ্ছৰ হাতত অংশীদাৰিত্বৰ অভিলেখ-

আই পি এলৰ ইতিহাসত সৰ্ববৃহৎ অংশীদাৰিত্বৰ অভিলেখ বিৰাট কোহলী আৰু এ বি ডি ভিলিয়াৰ্ছে আৰ চি বিৰ হৈ খেলি থকাৰ সময়তে গঢ়ি তুলিছিল । ২০১৬ চনৰ ছিজনত দুয়োজনে উজ্জ্বল বেটিং কৰিছিল আৰু একেলগে গুজৰাট লায়ন্সৰ বিৰুদ্ধে খেলখনত ২২৯ ৰান সংযোজন কৰিছিল । এই মেচখনত কোহলী আৰু ডি ভিলিয়াৰ্ছ দুয়োজনে শতক অৰ্জন কৰে । কোহলীয়ে ৫৫টা বলত ১০৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ডি ভিলিয়াৰ্ছে ৫২টা বলত ১২৯ ৰান সংগ্ৰহ কৰে ।

৩/  ক্ৰীছ গেইলৰ নামত দ্ৰুততম শতক-

আই পি এল ২০১৩ ছিজনত আৰ চি বিৰ অংশ আছিল ক্ৰীছ গেইল । তেওঁ পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে এখন খেলত ৩০টা বলত শতক অৰ্জন কৰে । আজিও অটুট থকা আই পি এলৰ এইটোৱেই হৈছে আটাইতকৈ দ্ৰুততম শতক । তেওঁৰ পিছত দ্বিতীয় স্থানত আছে ডেভিদ মিলাৰ, যিয়ে ২০১৩ চনৰ একেটা ছিজনতে পঞ্জাব কিংছৰ হৈ খেলি থকাৰ সময়ত আৰ চি বিৰ বিৰুদ্ধে ৩৮টা বলত শতক অৰ্জন কৰিছিল ।

৪/ আই পি এলত দ্ৰুততম অৰ্ধ শতক অৰ্জন কৰে যশস্বীয়ে-

আই পি এলত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ ৰাজস্থান ৰয়েলছৰ (আৰ আৰ)ৰ অ’পেনাৰ যশস্বী জয়ছোৱালৰ হাতত আছে । ২০২৩ চনৰ ১১ মে’ত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ বিৰুদ্ধে খেলখনত ১৩টা বলত অৰ্ধ শতক অৰ্জন কৰে তেওঁ । এই মেচখন অনুষ্ঠিত হৈছিল ইডেন গাৰ্ডেনত । অৰ্ধশতক অৰ্জন কৰাৰ সময়ত যশস্বীয়ে ৬টা চাৰি আৰু ৩টা ছয় কোবাই ।

৫/ গেইলৰ ধুমুহাৰ সময়ত ৬ৰ অভিলেখ-

ক্ৰীছ গেইলে আন এক অভিলেখ গঢ়ি থৈছে যিটো ভংগ কৰিবলৈ বহু কষ্টৰ প্ৰয়োজন হ’ব । ২০১৩ চনৰ ছিজনত আৰ চি বিৰ হৈ খেলি থকাৰ সময়ত ক্ৰীছ গেইলে এখন মেচত ১৭টা ছয় কোবাইছিল । পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে খেলখনত ১৭৫ ৰানৰ ইনিংছ খেলি তেওঁ এই কৃতিত্ব অৰ্জন কৰে । এইটোৱেই আছিল কোনো বেটছমেনে এটা ইনিংছত সৰ্বাধিক আঘাত কৰা ছয় । ইয়াৰ উপৰিও ই আই পি এলৰ যিকোনো বেটছমেনৰ সৰ্বাধিক স্ক’ৰ ।

৬/ এটা অভাৰত সৰ্বাধিক ৰান-

আই পি এলত এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ ক্ৰীছ গেইল আৰু ৰবীন্দ্ৰ জাডেজাৰ হাতত আছে । ২০১১ বৰ্ষৰ ছিজনত কোচি টাস্কাৰছৰ বলাৰ প্ৰশান্ত পৰমেশ্বৰনৰ অভাৰত ৩৭ ৰান সংগ্ৰহ কৰিছিল আৰ চি বিৰ ক্ৰীছ গেইলে । এই অভাৰত দুটা ন’ বল আছিল আৰু গেইলে একেৰাহে তিনিটা ছয় কোবাইছিল । আনহাতে, ২০২১ চনৰ আই পি এল ছিজনত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হৈ খেলা জাডেজাই আৰ চি বিৰ বলাৰ হৰ্ষল পেটেলৰ এটা অভাৰত ৩৭ ৰান সংগ্ৰহ কৰে ।

৭/ অভিষেক মেচত ৬ উইকেট

আই পি এলত অভিষেক ঘটোৱাৰ লগে লগে ৱেষ্ট ইণ্ডিজৰ পেচাৰ আলজাৰী জোচেফে আলোড়নৰ সৃষ্টি কৰে । ২০১৯ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি তেওঁ অভিষেক ঘটায় । তাৰ পিছত প্ৰথমখন মেচতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৩.৪ অভাৰত ১২ ৰানত ৬ উইকেট দখল কৰে তেওঁ । এই অভিলেখ এতিয়াও অটুট আছে ।

৮/ সৰ্বাধিক তিনিবাৰ হেট্ৰিকৰ অভিলেখ-

আই পি এলৰ ইতিহাসত এবাৰ বা দুবাৰ নহয় তিনিবাৰ হেট্ৰিক কৰা এজন বলাৰ আছে । তেওঁ হৈছে অমিত মিশ্ৰ । ভাৰতীয় দলৰ তাৰকা স্পীনাৰ অমিত মিশ্ৰই আই পি এলত তিনিবাৰকৈ হেট্ৰিক কৰা একমাত্ৰ বলাৰ । তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ), ডেকান চাৰ্জাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ।

কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫ৰ বৰ্ণিল উদ্বোধনী অনুষ্ঠান… কলকাতাত বৰষুণৰ সম্ভাৱনা

আই পি এলৰ ১৮ সংখ্যক ছিজন আৰম্ভ হ’বলৈ মাত্ৰ কিছু ক্ষণ বাকী । শনিবাৰে এই প্ৰতিযোগিতাৰ বৰ্ণিল উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব । ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ উদ্বোধনী মেচ । এই খেলখন কলকাতাৰ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । অৱশ্যে খেলখনৰ পূৰ্বে এক মুকলি অনুষ্ঠানৰ আয়োজন কৰা হ’ব য’ত বলীউডৰ একাংশ তাৰকাই গীত-নৃত্য প্ৰদৰ্শন কৰিব ।

মেচখনত বৰষুণৰ সম্ভাৱনা-

ক্ৰিকেট এছ’চিয়েশ্যন অৱ বংগৰ সভাপতি স্নেহাশীষ গাংগুলীয়ে কয় যে মেচ আৰম্ভ হোৱাৰ পূৰ্বে ৩৫ মিনিটৰ বাবে মুকলি অনুষ্ঠান অনুষ্ঠিত হ’ব । টছৰ পূৰ্বেই কাৰ্যসূচী আৰম্ভ হ’ব । খেলৰ সময়ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, গতিকে মুকলি অনুষ্ঠান বা খেলখনত কোনো ধৰণৰ ব্যাঘাত জন্মিব নেকি সেয়া লক্ষণীয় হ’ব । গাংগুলীয়ে কয়, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আমাক মুকলি অনুষ্ঠানৰ বাবে ৩৫ মিনিট সময় দিছে । এই সময়ছোৱাত আমি সমগ্ৰ কাৰ্যসূচীটো আয়োজন কৰিব লাগিব, যিদৰে প্ৰতি বছৰে হয় ।

খিতাপ অক্ষুণ্ণ ৰখাৰ প্ৰত্যাহ্বানৰ সন্মুখীন ৰাহানে-

এইবাৰ কে কে আৰৰ অধিনায়ক হ’ব অজিংক্য ৰাহানে, আনহাতে আৰ চি বিৰ নেতৃত্বত থাকিব ৰজত পাটিদাৰ । যোৱা ছিজনত কে কে আৰে ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি খিতাপ দখল কৰিছিল । ৰাহানেই খিতাপ অক্ষুণ্ণ ৰখাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বিপৰীতে পাটিদাৰে যিটো কাম তেওঁৰ পূৰ্বৰ কোনো আৰ চি বিৰ অধিনায়কে কৰিব পৰা নাছিল, সেই কাম কৰাৰ সুযোগ আছে ।

বেংগালুৰু দলটোৱে কেতিয়াও আই পি এলত জয়ী হোৱা নাই আৰু পাটিদাৰে ফ্ৰেঞ্চাইজিক প্ৰথম খিতাপ দিয়াৰ সুযোগ পাব । কে কে আৰ আৰু আৰ চি বিৰ মাজত এই মেচখন সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু তাৰ আধা ঘণ্টা পূৰ্বে অৰ্থাৎ সন্ধিয়া ৭.০০ বজাত টছ অনুষ্ঠিত হ’ব ।

আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানৰ সৈতে জড়িত সকলো তথ্য জানক…

কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ?

২২ মাৰ্চ শনিবাৰে সন্ধিয়া ৬.০০ বজাৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ।

ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ?

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ।

আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানৰ টিকট ক’ত উপলব্ধ হ’ব ?

আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানৰ সুকীয়াকৈ টিকট ক্ৰয় কৰিব নালাগে । যিসকলৰ হাতত কে কে আৰ আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৫ৰ প্ৰথমখন খেলৰ টিকট আছে তেওঁলোকে এই অনুষ্ঠান উপভোগ কৰিব পাৰিব ।

আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানত কোনে কোনে অংশগ্ৰহণ কৰিব ?

বলীউডৰ বিখ্যাত কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল, পাঞ্জাবী কণ্ঠশিল্পী কৰণ আউজলা, আৰু বলীউডৰ অভিনেত্ৰী দিশা পাটানিয়ে অংশগ্ৰহণ কৰিব আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠানত ।

কোনটো টিভি চেনেলত আমি আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান চাব পাৰিব ?

আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান ষ্টাৰ স্প’ৰ্টছ চেনেলত চাব পাৰিব ।

৬৫ দিন…৭৪ খন মেচ… আজিৰে পৰা আৰম্ভ হ’ব ক্ৰিকেট মহোৎসৱ, কে কে আৰ আৰু আৰ চি বিৰ মাজত প্ৰথমখন মেচ

শনিবাৰৰ পৰা আৰম্ভ হ’ব বিশ্বৰ সৰ্ববৃহৎ টি-২০ লীগ আই পি এল । এতিয়া ৬৫ দিনীয়া এই ক্ৰিকেট উৎসৱত চাৰি-ছয়ৰ বৰষুণ হ’ব আৰু দৰ্শকৰ পৰা হ’ব হৰ্ষোল্লাস । শনিবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব লীগৰ ১৮ সংখ্যক ছিজনৰ প্ৰথমখন মেচ । ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত এই মেচ অনুষ্ঠিত হ’ব । এই সংস্কৰণত পুৰণি তাৰকাসকলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব, আনহাতে একাংশ যুৱ খেলুৱৈয়েও নিজৰ প্ৰতিভা আৰু প্ৰদৰ্শনেৰে জাতীয় দলৰ বাবে নিজকে দাবী কৰাৰ চেষ্টা কৰিব । এতিয়া ১০টা দলৰ মাজত হ’বলগীয়া মহা যুদ্ধৰ বাবে সাজু হৈছে ক্ৰিকেট প্ৰেমী । ১৩খন ষ্টেডিয়ামত ৭৪খন খেলৰ অন্তত ২৫ মে’ত নতুন বিজয়ীৰ সিদ্ধান্ত লোৱা হ’ব ।

কলকাতা আৰু বেংগালুৰুৰ মাজত প্ৰথমখন মেচ-

এইবাৰ আই পি এলত বহু দলৰ অধিনায়ক নতুন, গতিকে নতুন নিয়মো কাৰ্যকৰী হ’ব । দলবোৰো সলনি হ’ব আৰু আৱেগো শিখৰত থাকিব, কেৱল আই পি এলৰ জিলিকনি সলনি নহয় ৷ এই সময়ছোৱাত ১২খন ডাবল হেডাৰ মেচো অনুষ্ঠিত হ’ব । দিনৰ খেল বিয়লি ৩:৩০ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ বিপৰীতে সন্ধিয়াৰ খেল সন্ধিয়া ৭:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব । অৱশ্যে শনিবাৰে অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনত বৰষুণৰ সম্ভাৱনা আছে । ইয়াৰ পিছতো ক্ৰিকেটৰ ৰঙত মনোৰঞ্জনৰ স্পৰ্শ যোগ কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলিছে ।

দেখা যাব ৰিভাৰ্ছ ছুইঙৰ যাদু –

আই পি এল-১৮ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে লাৰ নিষেধাজ্ঞা আঁতৰোৱা । অধিনায়কসকলৰ বৈঠকত একমত হোৱাৰ পাছত এতিয়া আই পি এলত বলাৰসকলে লাৰ ব্যৱহাৰ কৰি বল জিলিকাব পাৰিব । ক’ৰ’নাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে বলাৰসকলে ৰিভাৰ্ছ ছুইঙৰ বাবে লাৰ ব্যৱহাৰ কৰিব পাৰিব । লক্ষ্যণীয় যে এইবাৰ ৰিভাৰ্ছ ছুইঙে বিশাল স্ক’ৰ ৰোধ কৰিব নে প্ৰথমবাৰৰ বাবে ৩০০ স্ক’ৰ দেখা যাব ।

নিশাৰ মেচত সলনি কৰিব পাৰিব বল-

লাৰ বাহিৰেও আন পৰিৱৰ্তিত নিয়মত আম্পায়াৰৰ দ্বিতীয়টো বল দিয়াৰো অধিকাৰ থাকিব । সন্ধিয়া খেলা মেচত যদি আম্পায়াৰসকলে অনুভৱ কৰে যে নিয়ৰে খেলত প্ৰভাৱ পেলাইছে তেন্তে তেওঁলোকে দ্বিতীয় ইনিংছৰ ১১ নং অভাৰৰ পৰা নতুন বলৰ ব্যৱহাৰৰ অনুমতি দিব পাৰে । বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হোৱা মেচত এই নিয়ম প্ৰযোজ্য নহ’ব । ইয়াৰ উপৰিও দলসমূহে উচ্চতা আৰু অফছাইডৰ বাবে ৱাইডৰ বাবেও সিদ্ধান্ত পৰ্যালোচনা ব্যৱস্থা (DRS) ব্যৱহাৰ কৰিব পাৰে । অৱশ্যে ইমপেক্ট প্লেয়াৰৰ নিয়ম আগৰ দৰেই থাকিব ।

১৩ বছৰীয়া বৈভৱৰ ওপৰত সকলোৰে দৃষ্টি-

ধোনীতকৈ ঠিক ৩০ বছৰ সৰু ১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীও এইবাৰ আই পি এলৰ অংশ হ’ব । তেওঁ ৰাজস্থান ৰয়েলছৰ সৈতে জড়িত । তেওঁ কিমান মেচ খেলাৰ সুযোগ পায় সেয়া হ’ব লক্ষ্যণীয় । মুস্তাক আলী ট্ৰফীত মুম্বাইৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সূৰ্যাশ শ্বেডজে পঞ্জাৱৰ হৈ জিলিকি উঠিব । দিল্লী প্ৰিমিয়াৰ লীগত এটা অভাৰত ছটা ছয় অৰ্জন কৰা প্ৰিয়ংশ আৰিয়াইও পঞ্জাৱৰ হৈ খেলিব ।

বহু নতুন অধিনায়কে নিজৰ শক্তি দেখুৱাব-

এইবাৰ বহু দলে নতুন অধিনায়কৰ সৈতে খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব । ইয়াৰ ভিতৰত আশ্চৰ্যজনক নামটো হ’ল আৰ চি বিৰ ৰজত পাটিদাৰ । অক্ষৰ পেটেলে দিল্লী কেপিটেলছৰ অধিনায়কত্ব লাভ কৰাৰ বিপৰীতে ২০২৪ চনৰ চেম্পিয়ন কে কে আৰৰ প্ৰাক্তন অধিনায়ক শ্ৰেয়াছ আয়াৰে এইবাৰ পঞ্জাৱ কিংছৰ নেতৃত্ব দিব । কলকাতা দলৰ অধিনায়কত্ব অজিংক্য ৰাহানেৰ হাতত অৰ্পণ কৰা হৈছে । এই ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্ট ।